Home Blog Page 2228

নীলা চিকুইন লেহেঙ্গাত ফাল্গুনি আৰু শ্বেন পিককৰ বাবে ৰেম্পত খোজ চাৰা আলী খানৰ…

চাৰা আলী খানক নীলা চিকুইন লেহেঙ্গাত দেখা গৈছে , যেতিয়া তেওঁ ফাল্গুনি আৰু শ্বেন পিককৰ বাবে ৰেম্পত খোজ দিছিল ।
চাৰাই অলপতে ইণ্ডিয়ান কাউচাৰ সপ্তাহত ডিজাইনাৰ যুটি ফাল্গুনি আৰু শ্বেন পিককৰ বাবে অনুষ্ঠানটো বন্ধ কৰিছিল ।

চাৰা আলী খানৰ ব্যক্তিগত শৈলী অতি ৰঙীন, উদ্ভট আৰু আমোদজনক আৰু আমি নিশ্চিত যে সকলোৱে ইয়াৰ সৈতে সন্মত। চাৰাই অলপতে ইণ্ডিয়ান কাউচাৰ সপ্তাহত ডিজাইনাৰ যুটি ফাল্গুনি আৰু শ্বেন পিককৰ বাবে অনুষ্ঠানটো বন্ধ কৰিছিল আৰু ইণ্টাৰনেটৰ দায়িত্ব লৈছিল।

আকৰ্ষণীয় ভাৱে ধুনীয়া দেখাত, চাৰাই নতুন দিল্লীত ফাল্গুনি আৰু শ্বেন পিককৰ বাবে ৰেম্পত খোজ কাঢ়িছিল।

এটা ধুনীয়া গধুৰ ভাৱে সুসজ্জিত নীলা চিকমিকীয়া লেহেঙ্গা পিন্ধি, চাৰাই বগা-ফৰাচী নৱজাগৰণ-থিমযুক্ত ৰেম্পত জুই লগাই দিছিল!

চাৰাই জটিল চিকুইন কামৰ সৈতে এটা জিলিকি থকা নীলা ৰঙৰ পোছাকত খোজ কাঢ়িছিল। আত্মবিশ্বাসী আৰু ধুনীয়া, তাই এক মনোমোহা ‘আদাব’ আৰু তাইৰ স্বাক্ষৰ ‘নমস্কাৰ’ৰ সৈতে খোজ কাঢ়ি শেষ কৰিছিল।

ডিজাইনাৰ যুটিটোৱে শুক্ৰবাৰে তেওঁলোকৰ শেহতীয়া সংগ্ৰহ ‘লাভ ফৰেভাৰ’ উপস্থাপন কৰিছিল

আৰ্ট ন্যুৱে আৰু ফৰাচী স্থাপত্যৰ পৰিমাণৰ দ্বাৰা অনুপ্ৰাণিত হৈ য’ত উপাদানবোৰ মিনাৰ, আৰ্কৱে আৰু গম্বুজৰ দৰে ভাৰতীয় স্থাপত্যৰ দিশবোৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, ডিজাইনাৰ যুটিটোৱে এক সপোনপূৰ্ণ, নান্দনিকভাৱে আনন্দদায়ক প্ৰদৰ্শনী একত্ৰিত কৰিছিল।

প্ৰতিটো চিলুৱেটত ইণ্ডো-পেৰিছিয়ান সংস্কৃতি প্ৰতিফলিত হৈছিল।

কৰ্মক্ষেত্ৰত, ধনুষ আৰু অক্ষয় কুমাৰৰ সৈতে শেষবাৰৰ বাবে ‘আত্ৰংগী ৰে’ত ডাঙৰ পৰ্দাত দেখা পোৱা অভিনেত্ৰীগৰাকীক পৰৱৰ্তী সময়ত বিক্ৰান্ত মেছীৰ সৈতে ‘গেছলাইট’ত দেখা যাব আৰু শেহতীয়াকৈ বিকি কৌশলৰ কাষত এটা শিৰোনামবিহীন প্ৰকল্পৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰিছে।

কমনৱেলথ গেমছ ২০২২ ত ৰূপৰ পদক লাভ সংকেত চাৰ্গাৰ মহাদেৱৰ …

কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ প্ৰথমটো পদক । ভাৰোত্তোলনত পুৰুষৰ ৫৫ কিলোগ্ৰামৰ যুটীয়া লিফ্টৰ সৈতে ২৪৮ কিলোগ্ৰাম উত্তোলনেৰে ৰূপৰ পদক অৰ্জন কৰিলে সংকেত চাৰ্গাৰে । ১ কিলোগ্ৰামৰ বাবে সোণৰ পদকৰ পৰা বঞ্চিত ।

চাৰ্গাৰ মহাদেৱক লৈ গৌৰৱান্বিত দেশবাসী ।

ভাৰতে (৩০ জুলাই) বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ ত প্ৰথমটো পদক জিকিছিল, সংকেত সাৰগৰ মহাদেৱ নামৰ যুৱ ভাৰোত্তোলকৰ সৌজন্যত। মালয়েছিয়াৰ বিব আনিকে ২৪৯ কিলোগ্ৰাম (স্নেচত ১০৭ আৰু ক্লিন এণ্ড জাৰ্কত ১৪২) ৰেকৰ্ডৰ সৈতে শেষ কৰি চাংকেটৰ পৰা সোণৰ পদক কাঢ়ি লোৱাৰ লগে লগে ২১ বছৰীয়া যুৱকজনে ৰূপৰ পদক অৰ্জন কৰে। ২১ বছৰীয়া ভাৰতীয় লিফ্টাৰে ১৪৩ কিলোগ্ৰাম উত্তোলন কৰি নিজকে আঘাত প্ৰাপ্ত কৰিছিল। তেওঁ ২৪৮ কিলোগ্ৰামত (স্নেচত ১১৩ আৰু ক্লিন এণ্ড জাৰ্কত ১৩৫ ত) শেষ কৰিছিল। শ্ৰীলংকাৰ দিলংকা ইয়োডেজে ব্ৰঞ্জৰ পদক ২২৫ কিলোগ্ৰামৰ সৈতে শেষ কৰে ।

ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে ভাৰতৰ ২১ বছৰীয়া ভাৰোত্তোলকজনৰ বাবে প্ৰশংসা কৰিছিল কিয়নো তেওঁক আঘাতৰ পিছত অস্বস্তিত দেখা গৈছিল। সংকেতৰ মুখখনে ৰূপ জিকাৰ পিছতো তেওঁ অনুভৱ কৰি থকা হতাশা দেখুৱাইছিল কিয়নো তেওঁ এক কিলোগ্ৰাম সোণৰ পৰা বঞ্চিত হৈছিল ।

অসম গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যেগত মানকাচৰৰ কাকৰীপাৰাত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি…

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ উন্নয়ন খণ্ডৰ অধিনৰ কাকৰীপাৰা গাঁৱ পঞ্চায়তত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি হয়।

ঘৰে ঘৰে ত্ৰিৰঙ্গা আঁচনি: আজাদী কা অমৃত মহোৎসৱ পালনৰ বাবে আজি কাকৰীপাৰা ইউ কো বেংকৰ শাখা প্ৰৱন্ধক শ্ৰী ডি . লিয়েনথাংকে উক্ত বিক্ৰী কেন্দ্ৰটো মুকলি কৰে। আজিৰ কাৰ্য্যসূচীত জীৱিকা সখী নুৰাণী বেগমৰ উদ্যেগত আত্মসহায়ক গোটৰ বিভিন্ন সদস্য/ সদস্যা, স্থানীয় ৰাইজ তথা গাঁৱ প্ৰধান উপস্থিত হোৱা পৰিলক্ষিত হয়।


বিক্ৰী কেন্দ্ৰটো মুকলি হোৱাৰ লগে লগে আত্মসহায়ক গোটৰ সদস্যা আৰু সাধাৰণ নাগৰিকে স্বত: স্ফুত ভাৱে ত্ৰিৰঙ্গা পতাকা ক্ৰয় কৰা দেখা যায়

গৌৰীপুৰত জব্দকৃত নিচাযুক্ত ড্ৰাগছ বিনষ্টকৰণ অভিযান…

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ গাঁও পঞ্চায়তৰ ৰঙামাটি গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ শিবিৰৰ সমীপতত ধুবুৰী আৰক্ষীয়ে ড্ৰাগছ বিনষ্টকৰণ অভিযান কাৰ্যসূচী পালন কৰে ৷

এই বিনষ্টকণ অভিযানত উপস্থিত থাকে ধুবুৰী জিলা আৰক্ষী অধীক্ষক , উপ -আৰক্ষী অধীক্ষক , অতিৰিক্ত আৰক্ষী অধীক্ষক , দুগৰাকীকৈ দণ্ডাধীশ, বিভিন্ন আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু বিভিন্ন সাংবাদিক , বাতৰি কাকতৰ সাংবাদিকসকল ৷ উল্লেখ্য যে জব্দকৃত কফ ছিৰাপ , হিৰোইন , নিচা জাতীয় টেবলেট , আদিকে ধৰি বিভিন্ন নিচা জাতীয় সামগ্ৰী দাহ কৰে ৷

উক্ত নিচাযুক্ত সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিকৰ আগত কয় যে সকলোৱে মিলি নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব আৰু আগবাঢ়ি আহিব লাগিব ৷ বৰ্তমান স্কুল – কলেজীয়া ছাত্ৰ সকলে দ্ৰব্য সেৱন কৰা পৰিলক্ষিত হৈছে।

গৰমত কঁঠাল খাই ভাল নেকি আপুনি ? তেন্তে জানক ইয়াৰ উপকাৰিতা …

১) কেঁচা কঁঠাল খালে কফ আৰু বাতৰ বিষ নোহোৱা হয়।
২) কঁঠাল খালে শক্তি বাঢ়ে আৰু ছালৰ ৰোগ ভাল হয়।
৩) পকা কঁঠাল খালে কুকুৰীকণা ৰোগ ভাল হয়।


৪) পকা কঁঠালে ৰক্ত বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য নোহোৱা কৰে।
৫) কঁঠাল কৰ্কট ৰোগৰ প্ৰতিৰোধক আৰু এইচ আই ভি নাশক হিচাপে কাম কৰে।
৬) কঁঠালৰ গুটি পুষ্টিকৰ আৰু বিভিন্ন ৰোগ প্ৰতিৰোধক।
৭) কঁঠালৰ পকা পাত জুইত পুৰি তাৰ ছাই নাৰিকল তেলৰ লগত জুৱে পোৰা ঘাত লগালে ঘা ভাল হয় আৰু দাগ নাইকীয়া হৈ ছাল স্বাভাৱিক হয়।


৮) পকা কঁঠালৰ ৰসত জালুকৰ গুড়ি মিহলি কৰি খালে অৰুচি নোহোৱা হয়।

৯) পকা কঁঠালৰ ৰস নিয়মীয়াকৈ এশ গ্ৰাম মাত্ৰাত খালে ৰক্তস্ৰাৱ আৰু শৰীৰৰ সকলো প্ৰকাৰৰ দুৰ্বলতা দূৰ হয়।
১০) কঁঠাল গছৰ শিপাৰ ৰস খুন্দি মূৰত লাহে লাহে ঘহিলে মূৰৰ বিষ ভাল হয়।

নিখিল ৰাভা মহিলা পৰিষদৰ ২৯তম প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি এতিয়া তুংগত …

অসমৰ অন্যতম ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীৰ ভগ্নী সংগঠন নিখিল ৰাভা মহিলা পৰিষদৰ ২৯তম প্ৰতিষ্ঠা দিৱসৰ আয়োজন।
তিনিচুকীয়া জিলা নিখিল ৰাভা মহিলা পৰিষদৰ উদ্যোগত জাগুন সোণালী জনজাতি ৰাভা গাঁৱত অহা ৭ আৰু ৮ আগষ্ট তাৰিখে অনুষ্ঠিত হব এই প্ৰতিষ্ঠা দিৱস।


প্ৰায় ১০ লক্ষাধিক টকা বাজেটেৰে আয়োজন হব লগা এই প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি এতিয়া তুংগত। জাগুনৰ ৰাভা জনগোষ্ঠীৰ বুঢ়া মেঠা,পুৰুষ মহিলা, কিশোৰ কিশোৰী সকলো ব্যস্ত এতিয়া প্ৰস্তুতি কাৰ্য্যত। প্ৰতি দিনাই বিভিন্ন ৰাভা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ লগতে নিজা কৃষ্টি সংস্কৃতিৰ গীত নিত্যৰ আখৰাৰে উদুলি – মুদুলি পৰিৱেশ জাগুন সোণালী জনজাতি ৰাভা গাঁৱৰ বাকৰি।

চালাকাটিত আক্ৰাছুৰ ক্ষীটিছ বৰ্মন গোটৰ প্ৰতিষ্ঠা দিৱস পালন…

অসম পশ্চিমবংগ ৰাজ্যৰ একাংশকলৈ কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি অহা সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ৰ ক্ষীটিশ গোটে আজি নামনি অসম তথা বিটিএডি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ ছালাকাটি এম ই স্কুল খেলপথাৰত ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে।


প্রাপ্ত বাতৰিমতে আক্ৰাছু য়ে আজি ৰাতিপুৱা ৮:৪৫বজাত মুখ্যদ্বাৰ মুকলি কৰে কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি কমল বৰ্মনে ।ইয়াৰ পিছত ৯:০০বজাত পতাকা উত্তোলন কৰে আক্ৰাছু ৰ কেন্দ্ৰীয় সভাপতি ক্ষীতিশ বৰ্মনে।তাৰ পিছত আৰম্ভ হয় সভাপতি ক্ষীতিশ বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক আলোচনা চক্ৰত ভাষণ দিয়ে কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি কমল বৰ্মন ,কেএচি ৰ সভাপতি গকুল বৰ্মন,কে এ চি ৰ সদস্য ক্ৰমে জীবেশ ৰায়,কামেশ্বৰ ৰায়,মন্ত্ৰী পিয়ুষ হাজৰিকা আদিয়ে।ইয়াৰ আগতে শ্বহীদ বেদীত মাল্যৰ্পণ কৰে সভাপতি ক্ষীতিশ বৰ্মনে।উক্ত প্ৰতিষ্ঠা দিৱসত দ্বীপেন ৰায় গোট আৰু পুৰেন ৰায় গোট একত্ৰিত হোৱাৰ কথা।

খাৰুপেটীয়াত দলগাঁও 210 cobra কেম্পৰ গছপুলি ৰোপন…

দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ত 210 COBRA কেম্পৰ উদ্যোগত MEGHA PLANTATION. প্ৰায় ৫০০ গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে দলগাঁওস্থিত 210 Cobra কেম্পৰ CRPF বাহিনীয়ে। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্য্যসূচী হাতত লৈছে।

বৃক্ষ ৰোপণ কাৰ্যসূচীৰ অন্তত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত ছাত্ৰ -ছাত্ৰী ,শিক্ষক শিক্ষয়ত্ৰীৰ উপস্থিতিত অতিথিসকলে বৃক্ষ ৰোপণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ।সভাত উপস্থিত থাকে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান , 210 Cobra Campৰ Commandant অশোক কুমাৰ । Deputy comamdent শিব কুমাৰ ৰাও ।

খাৰুপেটীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মৌচুমী সাহা কলিতা , অধ্যাপক আছমানাৰা বেগম , জেষ্ঠ চিকিৎসক শ্ৰোট গুপ্তা । একাংশ লোকে গছ গছনি কাটি তহিলং কৰাত পৃথিৱীৰ জলবায়ু তথা উত্তাপ বৃদ্ধি পাইছে বুলি ভাষণত ক্ষোভ প্ৰকাশ কৰে বিধায়ক মজিবুৰ ৰহমানে । আনহাতে উপস্থিত সকলোকে বৃক্ষ ৰোপনত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় বিধায়ক মজিবুৰ ৰহমানে ।

শিৱসাগৰত বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে আটাছুৰ উত্তাল প্ৰতিবাদ…

আঙুৰলতা ডেকাসহ কেইবাগৰাকী বিজেপি নেতা কৰ্মীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ আটাছুৰ। কংগ্ৰেছৰ বিৰুদ্ধে গুৱাহাটীত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত ” আহোম জাতি মুৰ্দাবাদ” শ্লোগান দিয়া বুলি অভিযোগ উত্থাপন কৰি এই‌ প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাৰ।

প্ৰকৃততে “ৰাহুল গান্ধী মুৰ্দাবাদ ” কৈছিল নে “আহোম জাতি মুৰ্দাবাদ” কৈছিল তাক লৈ বিবুধিত একাংশ। ইয়াৰ মাজতে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি লিটল বুঢ়াগোহাঁইৰ নেতৃত্বত শিৱসাগৰত উত্তাল প্ৰতিবাদ ।

বৰপেটাৰ বাৰাদি সত্ৰ পৰিদৰ্শন ৰূপক শৰ্মা আৰু মৃণাল শইকীয়াৰ …

সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ নেতৃত্বত দুই সদস্য ৰূপক শৰ্মা আৰু মৃনাল শইকীয়াৰ বৰপেটাৰ বাৰাদি সত্ৰ পৰিদৰ্শন ৷শ্ৰীশ্ৰীমাধৱদেৱ গুৰু স্থাপিত বাৰাদি সত্ৰ পৰিদৰ্শণ কৰি সত্ৰ সমিতিৰ সৈতে বাৰ্তালাপ ৷

বাৰাদি সত্ৰত উপস্থিত সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ মন্তব্য- অসমৰ প্ৰতিখন সত্ৰৰ মাটি বেদখল হৈছে ৷ বেদখলকাৰীয়ে সত্ৰসমুহৰ মৰ্যাদা হানি কৰিছে ৷পূৰ্ববংগীয় মুলৰ মুছলমানে সত্ৰৰ ভূমি বেদখল কৰা বুলিও মন্তব্য ৷

অসমীয়া মানুহে শুই থাকোতেই সত্ৰৰ মাটি বেদখল হৈছে ৷অসমীয়া জাতিটেক পৰিকল্পিতভাৱে নিশেঃষ কৰাৰ ষড়যন্ত্ৰ চলিছে ৷পূৰ্বৰ চৰকাৰসমুহে সত্ৰসমুহ ৰক্ষাৰ কোনো চেষ্টা নকৰিলে ৷ কোনো কোনো সত্ৰৰ নিজৰ নামত থকা ৪ হাজাৰ বিঘা ভূমিৰ পৰা ৫০ বিঘালৈ সংকুচিত হৈ পৰাৰ কথাও প্ৰকাশ কৰে প্ৰদীপ হাজৰিকাই ৷স্বৰ্গদেউ আৰু ব্ৰিটিছ সকলেহে সত্ৰসমুহ ৰক্ষাৰ চেষ্টা কৰিছিল ৷

ইপিনে ৰাজ্যৰ সত্ৰৰ ভূমি বেদখলত বংগমুলীয় মুছলমানসকল জড়িতৰ দাবী মৃনাল শইকীয়াৰ ৷বংগমুলীয় মুছলমানসকলে বেদখল কৰিছে সত্ৰৰ ভূমি ৷বাংলাদেশত মাটি হেৰোৱা সকলে অসমলৈ আহি সত্ৰৰ ভূমি বেদখল কৰিছে ৷সত্ৰৰ ভূমি বেদখলক লৈ সত্ৰাধিকাৰো হত্যাৰ বলি হবলগা হোৱাৰ লগতে বহু লোক নিপীড়িত হৈছে ৷নে বহু ঘটনা সত্ৰ আয়োগৰ প্ৰতিবেদনত উন্মোচিত হব বুলি মন্তব্য মৃনাল শইকীয়াৰ ৷

লক্ষ্যণীয়ভাৱে সত্ৰৰ ভকতে সত্ৰত প্ৰসংগ কৰি থকাৰ সময়তে এইসকলে সত্ৰৰ ভূমিসমুহত বেদখল চলাই যোৱাৰ কথা উল্লেখ কৰে মৃনাল শইকীয়াই ৷