Home Blog Page 2302

গৌৰীপুৰ আৰক্ষীৰ সফল অভিযান। চাৰি জুৱাৰীক আটক

গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সফল অভিযান। চাৰি গৰাকী কৈ জুৱাৰীক আটক কৰি জেল হাজোত লৈ প্ৰেৰণ কৰা কাৰ্যই গৌৰীপুৰত চলিছে সৰৱ চৰ্চা। গৰুৰ চোৰাং বেহা, ড্ৰাগছ, মদ – ভাং আদিৰ পাছত এইবাৰ আৰক্ষীৰ চকু জুৱাৰীৰ ওপৰত।গৌৰীপুৰৰ মলাতী খামাৰত দীৰ্ঘদিন ধৰি চলি আহিছিল অবাধ জুৱাৰ খেল। এক গোপন সূত্ৰৰ পমখেদি গৌৰীপুৰ থানাৰ আৰক্ষীৰ এক বৃহৎ সঁজাতীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ চাৰি গৰাকী কৈ জুৱাৰীক আটক কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে। উক্ত জুৱাৰী কেইজন এলাপেচা ব্যক্তি নহয়।

এজন হৈছে ধুবুৰী E.N.D বিভাগৰ কৰ্মচাৰী তথা বৰাইবাৰী গাওঁৰ প্ৰাক্তন আঞ্চলিক সভাপতি মীৰ মনোৱাৰ হোসেন, আলমগঞ্জ ৰঙা মাটি অৱস্থিত দক্ষিণ শালমাৰা আই টি আইৰ কৰ্মচাৰী মনজুৰ আলী, শিক্ষক দুগৰাকী হৈছে গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেলৱাৰ হুছাইন আৰু প্ৰতাপগঞ্জ হাই স্কুলৰ শিক্ষক বিবেশ চন্দ্ৰ ৰায়। চৰকাৰী কৰ্মচাৰীৰ অসামাজিক কাম কাজক লৈ লজ্জানত কৰিছে সচেতন মহলক।

চাপৰ জিলা জমিয়ত উলামা হিন্দ গোটে বান বিধস্ত অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ লৈ খাদ্য সামগ্রী বিতৰণ কৰে

অসম ৰাজ্যিক জমিয়ত উলামা হিন্দ মৌলানা মস্তাক আনফৰ গোটৰ চাপৰ জিলা জমিয়তৰ সজাতি দল এটাই গৰাখহনীয়া তথা বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰে আৰু কোনো ৰাজনৈতিক নেতা, কৰ্মী নোহোৱা কৈ দুই শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰাও দেখা যায়।


উল্লেখ্য যে দুৰ্যোগৰ সময়ত তাৎক্ষণিক ভাবে কাষত থিয় দিয়া মানৱ দৰদি মৌলানা মস্তাক আনফৰ গোটৰ চাপৰ জিলা জমিয়তৰ এই মহানুভবতাক সকলোৱে প্ৰশংসা কৰে।

হাটশিঙিমাৰীত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ মুক্ত দিৱস পালন

আজি আন্তৰাষ্ট্ৰীয় ড্ৰাগছ মুক্ত দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে আজি দুপৰীয়া জিলা খনৰ ৰামভোলা পাৰা হেলিপেটত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ মুক্ত দিৱস পালন কৰে। প্ৰায় ৬ লাখ টকাৰ ড্ৰাগছ জুইত ভষ্মীভূত কৰি উক্ত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ মুক্ত দিৱস পালন কৰে আৰক্ষীয়ে। উক্ত দিৱস পালনত জিলা খনৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়া, জিলা খনৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলোৰ লগতে আবকাৰী বিভাগৰ উপ-অধীক্ষকৰ ৰিপ্ৰেজেণ্টেটিভ ৰাকিবুল ইছলাম আৰু চিকিৎসক ছামছুল হক উপস্থিত থাকে।

উক্ত দিৱসৰ লগত সংগতি ৰাখি সৰ্বসাধাৰণ ৰাইজক ড্ৰাগছ সেৱনৰ পৰা বিৰোধ থাকিবলৈ আহ্বান জনাই এনেদৰে মন্তব্য প্ৰকাশ কৰে জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সনোৱালে।

মানকাচৰৰ পৰা আশিক ইকবাল হোচেইনৰ ৰিপ’ৰ্ট

টীয়কৰ এখন খেতিৰ পথাৰৰ পৰা ৰাজ্যৰ বণ্যাৰ্তলৈ একাৱন্ন হাজাৰ (৫১,০০০) টকা

ভোট জলকীয়া বিক্ৰী কৰি পোৱা লাভ্যাংশৰে মুখ্যমন্ত্ৰী সাহায্য পুুঁজিলৈ টীয়কৰ ভাস্কৰৰএই অনুদান।ৰাজ্যত প্ৰলয়ংকৰী বানৰ কালৰূপ, কেওফালে দিশহাৰ জনতা তাৰ মাজতে উজনি অসমৰ বিশেষকৈ টীয়কৰ পৰা আহিছে এটা অতি ভাল লগা খবৰ। এজন যুৱ শিক্ষিত কৃষক নাম ভাস্কৰ হাজৰিকা ৷ ৰাজ্যত ভয়াৱহ বনৰ সেই হৃদয় বিদাৰক ছবিয়ে কন্দুৱাইচে এই কৃষক জনক যাৰ বাবেই কৃষিৰ পথাৰৰ কষ্টোপাৰ্জিত ধনৰে ৫১,০০০ হাজাৰ টকা আগবঢ়াইছে মূখ্যমন্ত্ৰীৰ সাহৰ্য্য পুঁজিলৈ ৷ সততে অসমৰ কৃষিৰ পথাৰৰ পৰা এনে সমূহ ছবি কম দেখিবলৈ পোৱা যায় ৷ টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ চৌহদত গঢ়ি তুলা এইখন কৃষি পামতএই জন যুৱ কৃষকে চলিত বৰ্ষতে কেৱল ভোটজলকীয়া বিক্ৰী কৰি উপাৰ্জিছে প্ৰায় ১৫ লাখ কৈ টকা ৷

যি সময়ত ৰাজ্যত যুৱচাম কৰ্মসংস্থাপিনতাৰ বাবে হাবাথুৰি খাইছে ৷ কাম বিচাৰি বহিঃ ৰাজ্যলৈ গতি কৰিছে সেই সময়ত ভূতজলকীয়া ,নেমুটেঙাৰ খেতি কৰি নিজৰ লগতে আন পোন্ধৰটাকৈ পৰিয়ালক স্বাৱলম্বী কৰা ভাস্কৰ হাজৰিকা আজি উঠি অহা চামৰ বাবে হৈ ৰৈছে এক আদৰ্শ। ৷

মোবাইল ফোন চার্জত দিবলৈ গৈ যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ৰূপহীহাটৰ পুৱ আমৰাকান্দাত শনিবাৰে মোবাইল ফোন চাৰ্জ দিবলৈ গৈ মৃত্যু হ’ল এজন যুৱকৰ। মৃত্যু হোৱা যুৱকজনৰ নাম।


ছাদ্দাম হুছেইন। ২৬ বছৰীয়া এই যুৱকজনে মোবাইল ফোন চার্জত লগাওঁতে মোবাইলৰ বেটাৰী ফুটি মৃত্যু হয় ছাদ্দাম হুছেইনৰ। যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

পশ্চিম নলবাৰীৰ বণ্যাৰ্তৰ কাষত শিল্পী অংগৰাগ পাপন মহন্ত

নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ কুৰিখনতকৈও অধিক গাঁও বুঢ়াদিয়া, মৰাপাগলদিয়া আৰু কানাইখুণ্ডাৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰি কেইবাহেজাৰ পৰিয়ালে নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে । খোৱাপানী, খাদ্য, চিকিৎসা সেৱাৰ অভাৱে জুৰুলা কৰিছে বন্যাৰ্তসকলক । এনে এক দুৰ্যোগৰ সময়তে কালি পশ্চিম নলবাৰীৰ বন্যাৰ্তৰৰ মাজত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত । পাপনৰ স্বেচ্ছাসেৱী সংস্থা আৰ্থফুল ফাউণ্ডেচনৰ উদ্যোগত পূৱ পখুৰা গাঁৱৰ ৬৩ টা বন্যাৰ্ত পৰিয়ালক বান সাহায্য হিচাপে খাদ্য-সামগ্ৰীৰ টোপোলা প্ৰদান কৰে ।

উক্ত অনুষ্ঠানত স্বেচ্ছাসেৱী সংস্থাটোৰ ভালেকেইজন কৰ্মকৰ্তাই উপস্থিত থাকি পাপনক সংগ দিয়ে ।গাঁৱৰ মানুহৰ সৰলতাৰ কথা কৈ গাঁৱখনলৈ আহি খুব ভাল লগা বুলি মত প্ৰকাশ কৰি বানপানী হ’বই কিন্তু তাৰ মাজতে হাঁহিমুখে থাকিব পৰাটোহে আচল কথা বুলিও কয় ৷

প্ৰেৰক, দিগন্ত বৰ্মণ।

‘গুৱাহাটীত কিমানদিন লুকাই থাকিবি শিৱসেনা এদিন নহয় এদিন মুম্বাইলৈ উভতিবই লাগিব’। কোনে কলে?

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট ৰাজ্যিক মন্ত্ৰী একনাথ চিন্দেৰ দ্বাৰা আৰম্ভ হৈছিল।একনাথ শিন্দে হাছে ৩৮ সেনা মালাৰ সমৰ্থন দাবী কৰিছিল। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক নাটকত পাক-পাকৰ মাজতে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে দেওবাৰে বিদ্ৰোহী বিধায়কসকলৰ একনাথ চিন্দে নেতৃত্বাধীন গোটৰ ওপৰত এক প্ৰত্যাহ্বান জনাই সুধিছিল যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি শাসিত অসমত গুৱাহাটীত কিমান দিন লুকাই থাকিব অৱশেষত তেওঁলোকে মুম্বাইলৈ উভতি আহিব লাগিব। মন্ত্ৰী একনাথ চিন্দে কিছুবিধায়কৰ সৈতে চুৰাটলৈ আৰু তাৰ পিছত গুৱাহাটীলৈ উৰা মাৰিলে, য’ত তেওঁ দলটোৰ ৩৮ জন বিধায়কৰ সমৰ্থন থকাবুলি দাবী কৰাৰ পিছত শিৱসেনাত গোট যুদ্ধৰ ফলত মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হৈছিল, এনেদৰে শিৱসেনাত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল।

সূত্ৰঅনুসৰি, মহাৰাষ্ট্ৰৰ উপাধ্যক্ষ নাৰহাৰী জিৰৱালে শিৱসেনাৰ ১৬ জন বিদ্ৰোহী বিধায়কলৈ জাননী প্ৰেৰণ কৰিছে। বিধায়কসকলে অযোগ্যতাৰ শুনানিৰ বাবে সোমবাৰে মুম্বাইত উপস্থিত থাকিব লাগিব। লক্ষণীয়ভাৱে, জিৰৱালে ইয়াৰ পূৰ্বে শিৱসেনানেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ৰাজ্যিক কেবিনেট মন্ত্ৰী চিন্দেৰ ঠাইত অজয় চৌধুৰীক শিৱসেনা বিধায়িনী দলৰ নেতা হিচাপে নিযুক্তি দিয়াত অনুমোদন জনাইছে। জিৰৱালে বিদ্ৰোহী শিৱসেনাৰ বিধায়ক ভাৰত গোগাৱালেক সুনীল প্ৰভুৰ ঠাইত বিধায়িনী দলৰ মুখ্য হুইপ হিচাপে নিযুক্তি দিয়াৰ শিন্দে শিবিৰৰ পৰামৰ্শও প্ৰত্যাখ্যান কৰিছিল।

ধুবুৰী ফকিৰগঞ্জৰ বালাটাৰীত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ভাসানীপাৰা নতুন বালাটাৰী গাৱৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰৰ খেতি পথাৰত উদ্ধাৰ হয় এটি অচিনাক্ত লোকৰ মৃতদেহ।প্ৰায় ৪০/৪৫ বছৰীয়া অচিনাক্ত ব্যক্তি জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ।ব্ৰহ্মপুত্ৰৰ পাৰত খেতি পথাৰত উদ্ধাৰ হোৱা লোক জনক কোনোৱা দুষ্কৃতিকাৰীয়ে হত্যা কৰি পেলাই থৈ যায় ।স্হানীয় একাংশ লোকে অচিনাক্ত ব্যক্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছত ফকিৰগঞ্জ আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে ঘটনাস্হলীত উপস্হিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে ।এতিয়ালৈকে মৃতদেহটো চিনাক্ত কৰিবপৰা হোৱা নাই ।এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ প্ৰতিবেদন

ৰসগোল্লাক ইংৰাজীত কি বুলি কয় জানেনে? জানে যদি কমেণ্ট বক্সত মন্তব্য কমেণ্ট কৰক…

সকলোৰ ব্যক্তিৰে প্ৰিয় মিঠাই ৰসগোল্লা।আপুনি জানেনে ৰসগোল্লাক ইংৰাজীত কি বুলি কোৱা হয়?

ৰসগোল্লা খাই ভালপোৱা সকলে আমাৰ কমেণ্ট বক্সত জনাওক।আপুনি জানি আচৰিত হ’ব যে ৰসগোল্লাক ইংৰাজীত চিৰাপ ভৰ্তি ৰোল বুলি কোৱা হয়।

বহলপুৰৰ আইৰমাৰীত সংঘটিত এগৰাকী বোৱাৰী হত্যাৰ ঘটনাৰ লগত জড়িত ৪ অভিযুক্তত গ্ৰেপ্তাৰ চাপৰ আৰক্ষীৰ

চাপৰ আৰক্ষীৰ সফলতা।শুক্ৰবাৰে আবেলি বহলপুৰৰ আইৰমাৰীত সংঘটিত হোৱা বোৱাৰী হত্যাৰ ঘটনাৰ লগত জড়িত ৪ অভিযুক্তত গ্ৰেপ্তাৰ চাপৰ আৰক্ষীৰ।২৪ ঘন্টা পাৰ নোহোওতেই চাৰিজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম চাপৰ আৰক্ষীয়ে।বোৱাৰী হত্যাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ অভিযুক্ত কেইগৰাকীক।

হত্যাকাণ্ডৰ লগত জড়িত থকা ৪ অভিযুক্ত ক্ৰমে ইব্রাহিম খলিল, ইছমাইল হক, খালেদা খাতুন আৰু আব্দুল ওৱাহাবক চাপৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ।