Home Blog Page 2301

কলা শাখাত অষ্টম স্থান লাভ কৰা নিখিল দাসৰ বাসগৃহত উৎসৱমুখৰ পৰিবেশ

আজি ঘোষিত উচ্চতৰ মাধ্যমমিক কলা শাখাত অষ্টম স্থান লাভ কৰা নিখিল দাসৰ বাসগৃহত এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়।

শতকৰা ৯৫% নম্বৰ লাভ কৰিব সক্ষম হয়।নিম্ন মধ্যবিত্য পৰিয়ালৰ লৰা নিখিল দাসহে ভৱিষ্যতে এগৰাকী সু প্রশাসনিক বিষয়া হোৱাৰ।

উল্লেখযোগ্য যে বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীৰ পৰা অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয়।

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰা ৰজি ৰৌচনাৰ লক্ষ্য এগৰাকী ভাল প্ৰশাসনীয় বিষয়া হোৱাৰ

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰা ৰজি ৰৌচনাৰ লক্ষ্য এগৰাকী ভাল প্ৰশাসনীয় বিষয়া হোৱাৰ। ৰজি ৰৌচনাই বাইহাটা চাৰিআলিৰ গেটওৱে একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ন হৈছিল।

ছাত্ৰী গৰাকীৰ এই ফলাফল খবৰ পোৱা মাত্ৰেই শৈক্ষিক প্ৰতিষ্ঠান খনত এক উৎসৱমূখৰ পৰিবেশ দেখিবলৈ পোৱা যায়।

ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে ছাত্ৰী গৰাকীয়ে।

নাজিৰাৰ মঠিয়াছিগাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ, অজগৰ চাবলৈ শতাধিক লোকৰ সমাগম

নাজিৰাৰ মঠিয়াছিগা কোঁৱৰ গাঁওত প্ৰায় ১২ ফুট দৈৰ্ঘ্যৰ এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। মঠিয়াছিগাৰ ভাগেশ্বৰ গগৈ নামৰ লোকজনৰ ঘৰৰ ধানৰ ভঁৰালৰ ভিতৰত উদ্ধাৰ হয় এই অজগৰটো।

এই অজগৰটো শিৱসাগৰ জিলাৰ বন বিভাগৰ সহযোগত জয়সাগৰৰ প্ৰকৃতিপ্ৰেমি বিশ্বজিৎ বৰুৱা আৰু আকাশ দাস নামৰ যুৱক দুজনে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই প্ৰকাণ্ড অজগৰটো।

অৱশেষত যুৱক দুজনে অজগৰটো শিৱসাগৰ বন বিভাগৰ কাৰ্যালয়ত চমজাই দিব বুলি জানিব পৰা গৈছে।

শিৱসাগৰৰ ৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসমীয়া মাধ্যমৰ বিদ্যালয়তো আনন্দ উল্লাহ।ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল।

ছাত্ৰ-ছাত্ৰীসকলে ১৬ টাকৈ ৱেবছাইট যোগে লাভ কৰিছে পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শিৱসাগৰ জিলাৰ তিনি গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিলে । পুৱাৰে পৰা শিৱসাগৰত আনন্দ উচাহ।উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা ফলাফলে আনন্দ কঢ়িয়াই আনিলে শিৱসাগৰলৈ। শিৱসাগৰৰ চিনিয়ৰ ছেকেণ্ডাৰী (শিৱসাগৰ জুনিয়ৰ কলেজ) পঞ্চম স্থান প্ৰথম আগৰৱাল আৰু সপ্তম স্থান বন্দনা বলদাৱা লাভ কৰে।

শিৱসাগৰ শলগুৰি উচ্চতৰ মাধ্যমিকৰ ছাত্রী দেৱীশ্ৰুতি হাজৰিকা দশম স্থান লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিৱসাগৰ জিলাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা আন এগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিছে।

প্ৰেৰক ফাৰহান লস্কৰ, জয়সাগৰ

বৰক্ষেত্ৰীৰ শিক্ষাবিদ মনোজ কুমাৰ মহন্তই গাঁঠিৰ ধন ভাঙি আগবঢ়লে বান সাহাৰ্য

বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ মহন্তই আগবঢ়লে বান সাহাৰ্য।বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ সমস্যা সমাধানকল্পে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা তথা সমষ্টিটোৰ ৰাইজৰ সুখে – দুখে সমভাগী হোৱা মনোজ কুমাৰ মহন্তক বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গ’ল।নিজৰ কৰ্মব্যস্ত জীৱনৰ মাজতো ঢৌতে খৰ মাৰি যোৱা কিছুদিন ধৰি সমষ্টিটোৰ বান বিধস্ত বৰভাগ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কুৰিহা, গলদিঘলা, চুঙৰবড়ী আৰু কেকানকুছি, জয়সাগৰ আদি অঞ্চলৰ বান শিবিৰত থকা বানপীড়িত লোকসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ সুখ-দুখৰ সমভাগী হোৱাৰ উপৰিও বান সাহায্য প্ৰদান কৰে।

উল্লেখ্য যে বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনঃ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ লগতে আটাইৰে মংগল কামনা কৰে মহন্তই।

মুকালমুৱাৰ পৰা শংকৰ দাসৰ প্ৰতিবেদন

কলাকুছিত বান সাহাৰ্য আগবঢ়াই বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে

কলাকুছিত বান সাহাৰ্য প্ৰদান।চাংসাৰিৰ সমীপবৰ্তী কলাকুছিত আজি বানপীড়িত লোকসকলক সাহাৰ্য আগবঢ়াই বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে।

উল্লেখ্য যে এটি পৰিয়ালে প্ৰায় ১০ দিন নিশ্চিন্ত মনে চলিব পৰাকৈ খাদ্য সামগ্ৰী প্ৰদান কৰে ট্ৰাষ্টটোৱে।

উল্লেখ্য যে উক্ত অনুষ্ঠানটোত উপস্থিত থাকে কমলপুৰ ৰাজহ চক্ৰ বিষয়া পৰীক্ষিত ফুকন।

কলা শাখাত মুঠ 97.4% নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰে বাইহাটা চাৰিআলিস্হিত ৰামানুজন একাডেমীৰ সাধনা দেৱীয়ে

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ কলা শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে বাইহাটা চাৰিআলিস্হিত ৰামানুজন একাডেমীৰ সাধনা দেৱীয়ে।শতকৰা মুঠ 97.4% নম্বৰ লাভ কৰিব সক্ষম হৈছে সাধনা দেৱীয়ে।

ভৱিষ্যতে এগৰাকীৰ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মেধাৱী ছাত্ৰী গৰাকীৰ।লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ ছাত্ৰী গৰাকী।

কলা শাখাত প্ৰথম স্থান সাধনা দেৱী, বাণিজ্য শাখাত প্ৰথম স্থান সাগৰ আগৰৱাল আৰু বিজ্ঞান শাখাত প্ৰথম স্থান ধৃতিৰাজ বাস্তৱ কলিতা

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে ফলাফল

কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত প্ৰথম দহটা স্থানত জিলিকিল এইসকল

কলা শাখাত প্ৰথম স্থান
সাধনা দেৱী (৪৮৭)
কামৰূপা গাৰ্লছ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ (গ্ৰাম্য)

চেৰী গোহাঁই (৪৮৭)
অ’মেনছ কলেজ, তিনিচুকীয়া

দ্বিতীয় স্থান
বিদিশা মিশ্ৰ (৪৮৬)
শংকৰদেৱ একাডেমী (ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল), নলবাৰী

তৃতীয় স্থান
সুদীপ্ত দেৱনাথ (৪৮৩)
শংকৰদেৱ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল,

নিলয় কুৰ্মী (৪৮৩)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

চতুৰ্থ স্থান
প্ৰিয়ংকা বৈশ্য (৪৮১)
আছাম ভেলী একাডেমী (ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল), নলবাৰী

পঞ্চম স্থান
মধুস্মিতা বেজবৰুৱা (৪৮০)
আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা

প্ৰত্যোষ প্ৰতিম বৰুৱা (৪৮০)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

ষষ্ঠ স্থান
দৈৱিক দেৱ (৪৭৮)
ৰামানুজ গুপ্তা ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাছাৰ

মহম্মদ ছহিদ আহমেদ খণ্ডকাৰ (৪৭৮)
আব্দুল হাছিব এইচ এছ স্কুল, হোজাই

ৰ’জী ৰৌচন (৪৭৮)
কামৰূপা গাৰ্লছ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ (গ্ৰাম্য)

উপাসনা শইকীয়া (৪৭৮)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

সপ্তম স্থান
বিশাল বিকাশ বৈশ্য (৪৭৭)
আনন্দৰাম বৰুৱা একাডেমী (ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল), বৰপেটা

অষ্টম স্থান
ৰিয়া শইকীয়া (৪৭৫)
কৃষ্ণ কান্ত সন্দিকৈ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, বৰপেটা

দিক্ষিতা চহৰীয়া (৪৭৫)
পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং

অভিনন্দা হাজৰিকা (৪৭৫)
কটন বিশ্ববিদ্যালয়, কামৰূপ (ম)

নিখিল দাস
কামৰূপা গাৰ্লছ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ (গ্ৰাম্য)

নৱম স্থান
ৰস্না গগৈ (৪৭৪)
ফৰকাটিং ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, গোলাঘাট

দশম স্থান
অনন্যা সূত্ৰধৰ (৪৭৩)
বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও

মেঘনা বৰা (৪৭৩)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

দেৱীস্তুতি হাজৰিকা (৪৭৩)
সালাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ

বাণিজ্য শাখা প্ৰথম স্থান
সাগৰ আগৰৱাল (৪৮২)
বিবেকানন্দ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাছাৰ

দ্বিতীয় স্থান
মানস জ্যোতি বৰঠাকুৰ (৪৭৬)
ক্ৰিচেণ্ট একাডেমী (ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল), যোৰহাট

তৃতীয় স্থান
নিখিল গুপ্তা (৪৭৪)
আৰ ডি ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, তিনিচুকীয়া

চতুৰ্থ স্থান
নেন্সী খেটাৱট (৪৭৩)
পি বি কলেজ, ধুবুৰী

প্ৰিয়াক্ষী ঘোষ (৪৭৩)
পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল, গোৱালপাৰা

পঞ্চম স্থান
প্ৰথম আগৰৱালা (৪৭২)
শিৱসাগৰ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, শিৱসাগৰ

ষষ্ঠ স্থান
মৃণাল ৰয় (৪৬৮)
পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল, গোৱালপাৰা

দীপিকা লোঢা (৪৬৮)
কে চি দাস কমাৰ্চ কলেজ, কামৰূপ (ম)

সপ্তম স্থান
বন্দনা বলদেৱা (৪৬৬)
শিৱসাগৰ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, শিৱসাগৰ

অষ্টম স্থান
ছিমৰন সুৰানা (৪৬৫)
নগাঁও গভৰ্ণমেণ্ট এইচ এছ স্কুল, নগাঁও

নৱম স্থান
চন্দন বৰা (৪৬১)
গীতাঞ্জলি ছেনিয়ৰ ছেকেণ্টেৰী স্কুল, নগাঁও

দশম স্থান
প্ৰিয়াংশু দাস (৪৬০)
সোণাৰি কমাৰ্চ কলেজ, চৰাইদেউ

বিজ্ঞান শাখাত প্ৰথম স্থান
ধৃতিৰাজ বাস্তৱ কলিতা (৪৯১)
দেওমৰনৈ এইচ এছ স্কুল, দৰং

দ্বিতীয় স্থান
অলংকৃতা গৌতম বৰুৱা (৪৮৮)
ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়

তৃতীয় স্থান
সুৰজিৎ সূত্ৰধৰ (৪৮৬)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

চতুৰ্থ স্থান
ঋত্বিক কুমাৰ সুত (৪৮২)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

এলড্ৰিন নাথ (৪৮২)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

পঞ্চম স্থান
আয়মান ছোৱেইব (৪৮১)
ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়

ৰোহন শইকীয়া (৪৮১)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

ষষ্ঠ স্থান
অভিলাষা দত্ত (৪৭৮)
ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড়

সপ্তম স্থান
দেবব্ৰত কলিতা (৪৭৭)
দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ (গ্ৰাম্য)

বৈভৱ সোণোৱাল (৪৭৭)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

অষ্টম স্থান
গৌৰাংগ ভূঞা (৪৭৬)
প্ৰজ্ঞা একাডেমী, যোৰহাট

নৱম স্থান
সপ্তঋষি কলিতা (৪৭৫)
কৃষ্ণ কান্ত হেণ্ডিক ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, বৰপেটা

দেৱাশিস শৰ্মা (৪৭৫)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

বিকিৰণ নাথ (৪৭৫)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

প্ৰীতম সৰকাৰ (৪৭৫)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

দশম স্থান
সুপ্ৰজিৎ সাহা (৪৭৪)
ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা

অন্তৰীক্ষ মজুমদাৰ (৪৭৪)
ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড়

দেৱজ্ঞান বৰদলৈ (৪৭৪)
প্ৰজ্ঞা একাডেমী, যোৰহাট

কিষাণ হৰলালকা (৪৭৪)
প্ৰজ্ঞা একাডেমী, যোৰহাট

বেদান্ত শৰ্মা (৪৭৪)
কটন বিশ্ববিদ্যালয়, কামৰূপ (ম)

গৌৰীপুৰৰ গধাদৰ নৈত যুৱকৰ মূত্যুদেহ উদ্ধাৰ

গৌৰীপুৰ আৰক্ষী থানাৰ পুৱ টিয়ামাৰীৰ গদাধৰ নৈত এগৰাকী যুৱকৰমূত্যুদেহ উদ্ধাৰ হৈছে৷ মৃত যুৱকজন হৈছে গৌৰীপুৰৰ ১১ নং ওৱাৰ্ডৰ পিন্টু তেৱাৰী বুলি জানিৱ পৰা গৈছে ৷ যুৱক পিন্টু তেৱাৰী যোৱা কালি নিজ বাসগৃহৰ পৰা ৰাতিৰ ভাগত হঠাত নিৰুদ্দেশ হৈছিল৷ তাৰ পিছত পৰিয়ালৰ লোকে বিভিন্ন স্থানত খৱৰ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল৷আজি দুপৰীয়াৰ ভাগত এগৰাকী মাছমৰীয়াই মাছ মাৰিবলৈ গৈ গদাধৰ নৈত দেখা পায় এগৰাকী লোকৰ মূত্যুদেহ ওপঙি আছে৷তাৰ পিছত মাছমৰীয়া জনে নৈখনৰ পৰা আহি পূৱ টিয়ামাৰী গাঁৱৰ লোকক সেই বিষয় অৱগত কৰায়৷


পিছত পিন্টু তেৱাৰীৰ পৰিয়ালৰ লোকে খৱৰ লাভ কৰি ঘটনাস্হলীত উপস্থিত হৈ মূত্যুদেহটো পিন্টু তেৱাৰীৰ বুলি চিনাক্ত কৰে । ইপিনে গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে খৱৰ পাই ঘটনাস্থলীত উপস্থিত হৈ পিন্টু তেৱাৰীৰ মৃত্যুদেহ মৰোণাত্ত পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে ৷পিন্টু তেৱাৰীৰ পৰিয়ালে সাংবাদিকৰ আগত কয় পিন্টু তেৱাৰীক কোনোবা দুষ্কৃতিৰীয়ে মাৰি গদাধৰ নৈ খনত পেলাই দিয়ে বুলি অভিযোগ তোলে ৷ বৰ্তমান যুৱকজনৰ পৰিয়ালত উঠিছে কান্দোনৰ ৰোল ৷


গৌৰীপুৰৰ পৰা ছামচুল হক প্ৰতিবেদন

বানাক্ৰান্তৰ কাষত নগাঁৱৰ এদল যুৱক-যুৱতী

শিবিৰে শিবিৰে বান সাহায্য বিতৰণ। নগাঁৱৰ বিভিন্ন অঞ্চল প্ৰকৃতিৰ ৰুষ্ট ৰূপী বানপানীয়ে ছিন্ন ভিন্ন কৰিলে বহু লোকৰ ঘৰ-বাৰী, খেতি বাতি,পশুধন।সৰ্বস্থ হেৰুৱাই আত্তজনে এতিয়া শিবিৰত আশ্ৰয় লৈছে । দেখা দিছে খাদ্য আৰু স্বাস্থ্য সংকট।যি সময়ত চৰকাৰী বান সাহাৰ্য লৈ চলিছে বিভিন্ন সমালোচনা । তেনে সময়ত নগাঁৱৰ এদল যুৱক যুৱতীৰ মহানুভৱতা।

বানপীড়িতৰ ওচৰ চাপি আগবঢ়ায় সহানুভূতি। বাট কুৰি বাই উপস্থিত হয় চাপৰমুখত । চাপৰমুখত থকা কেইবাটাও শিবিৰত খাদ্য সামগ্ৰী ৰ লগতে প্ৰায় ১০/১২ বিধ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। এই বিতৰণ কাৰ্য্যক ধন্যবাদ জনায় স্থানীয় কিছুমান বিশিষ্ট ব্যক্তিয়ে।