Home Blog Page 2314

চিকিৎসালয়ত চোৰে চলালে লুটপাট ….

বঙাইগাঁও : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ৰ গ্ৰীল আৰু ছিলিং ভাঙি চিকিৎসক-নাৰ্চৰ কোঠালিৰ পৰা চুৰি কৰি নিলে ১১ টা বৈদ্যুতিক ফেন । উল্লেখ্য যে চিকিৎসালয়ৰ চিকিৎসক-নাৰ্ছৰ থকাৰ বাবে চৰকাৰে ৰুমৰ ব্যবস্থা কৰি দিছে যদিও কোনোৱে ৰুমত নাথাকে।

কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে ছাফাই আভিযান।চিকিৎসক নুৰ আলমৰ বিৰুদ্ধে ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ স্হানীয় লোকৰ ।চিকিৎসক নুৰ আলমৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন কৰে স্থানীয় লোকে।

সেয়ে স্বাস্থ্য মন্ত্ৰী তথা মূখ্যমন্ত্ৰীক চিকিৎসকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ দাবী কৰাৰ লগতে চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ৰ পৰা বদলি কৰাৰ দাবী জনায়।

প্ৰেৰক – কোকিলাৰ পৰা জেহেৰুল ইছলাম

গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ৰশ্মিন মানহৰভী ছায়াই

গুৱাহাটী : ৰাজভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ৰশ্মিন মানহৰভী ছায়াই শপত গ্ৰহণ কৰে। অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড০ বিশিষ্ট বিশ্ব শৰ্মা, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৰশ্মিন এম ছায়াক ৷ গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা ৰশ্মিন এম ছায়াক পদোন্নতিসহ নিযুক্তি দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত ৷

উল্লেখযোগ্য যে অলপতে দেশৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ছয়খন উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ পদৰ বাবে বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল ৷

সেই অনুসৰি গুজৰাটৰ পৰা ৰশ্মিন এম ছায়াক পদোন্নতিসহ গুৱাহাটীলৈ বদলি কৰাৰ লগতে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে অসম সন্তান উজ্জ্বল ভূঞাক ৷ আনহাতে গুৱাহাটী আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ উপৰি আৰু চাৰিখন উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে সতীশ চন্দ্ৰ শৰ্মাক ৷

তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আনহাতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপিন সাংঘীক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৷ একেদৰে ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এছ সিন্ধেক নিযুক্তি দিয়া হৈছে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে ৷

আকাশীযানেৰে কাছাৰ জিলাৰ বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

কাছাৰ : বানে বিস্তৰ ক্ষতি কৰা কাছাৰ জিলাৰ শিলচৰ আৰু কাষৰীয়া

অঞ্চলসমূহৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে আজি আকাশী জৰীপ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

শিলচৰত বানপীড়িত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰি সাহায্য ব্যৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। পৰিস্থিতি বুজ লোৱা পাছত জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি বানপীড়িতক সকলো সা-সুবিধা প্ৰদানৰ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ দিশতো নিৰ্দেশনা প্ৰদান কৰে ।

ভ্ৰমণকালত সাংসদ ডা: ৰাজদীপ ৰায়, কাছাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, দক্ষিণ অসম মণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শকে সংগ প্ৰদান কৰে।

শিৱসাগৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ লালিগুড় জব্দ ,তিনিজনক আটক….

শিৱসাগৰ : শিৱসাগৰ নগৰৰ সমীপৰ বাইপাছত বৃহৎ পৰিমাণৰ লালিগুড় জব্দ।AS 04 BC 7415 নম্বৰৰ মহিন্দ্ৰ পিকাপ গাড়ীত নিষিদ্ধ লালিগুড় ৮০ বেগ কঢ়িয়াই নিয়াৰ অৱস্থাত জব্দ কৰে শিৱসাগৰ আৰক্ষীয়ে।শিৱসাগৰ নগৰৰ ব্যৱসায়ী ভোলা চাহু নাই মৰ এজন লোকে এই সমূহ লালিগুড় বাইপাছৰ পৰমেশ্বৰ নামৰ এজন লোকৰ গুদামত মজুত কৰিছিল।দুদিন পূৰ্বে এখন দহ চকাৰ ট্ৰাকে এই সমূহ লালিগুড় ভোলাৰ নিৰ্দেশত পৰমেশ্বৰৰ গুদামত মজুত কৰিছিল।

এক সূত্ৰৰ পৰা আৰক্ষীয়ে এই অবৈধ সৰৱৰাহৰ তথ্য লাভ কৰি গাড়ী সহিত সমস্ত লালিগুড় জব্দ কৰে।ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে লালিগুড় সৰৱৰাহ কৰা ভোলা চাহু,গাড়ী চালক নিতুল বৰা আৰু পৰমেশ্বৰৰ গুদামৰ চকীদাৰ আলি হুছেইনক অধিক তদন্তৰ বাবে আটক কৰিছে।উল্লেখযোগ্য যে শিৱসাগৰ জিলা প্ৰশাসনে লালিগুড়ৰ সৰৱৰাহ নিষিদ্ধ ৰখাৰ পাছতো এক অবৈধ চক্ৰই এই নিষিদ্ধ সামগ্ৰীৰ সৰৱৰাহ অব্যাহত ৰাখিছে।

মূলতঃ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ হোৱা লালিগুড়ৰ সৰৱৰাহৰ বিৰুদ্ধে ৰাইজক সজাগ হ’বলৈ শিৱসাগৰ আৰক্ষীয়ে আহবান জনাইছে।

প্ৰেৰক : ফিৰোজ খান

২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধ…..

গুৱাহাটী : আগুৱাই দিয়া হ’ল গৰমৰ বন্ধ । ৰাজ্যৰ বান পৰিস্থিতিৰ বাবেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত

২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধ ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে এই কথা

যি সমূহ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হৈ আছে সেই সমূহ বিদ্যালয়ক

২৫ তাৰিখৰ ভিতৰত পৰীক্ষা সমূহ শেষ কৰি ২৫ তাৰিখৰ পৰা

গৰমৰ বন্ধ দিবলৈ কৈছে শিক্ষামন্ত্ৰী গৰাকীয়ে

শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানে শীঘ্ৰেই বলীউডত আত্মপ্ৰকাশ কৰিব …

বিনোদন : সুহানা খানে সোনকালেই বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। ইয়াৰ বাবে, তেওঁলোকে নিৰন্তৰ কঠোৰ পৰিশ্ৰম কৰি আছে। শেহতীয়াকৈ, তাইক ডান্স ষ্টুডিঅ’ৰ বাহিৰত দেখা গৈছিল আৰু এই সময়ছোৱাত তাইৰ চটিবোৰ চৰ্চালৈ আহিছিল।

শ্বাহৰুখ খানৰ আজিকালি বহুত বাতৰিত আছে, কিয় আহি বলীউডত সুহানাৰ আত্মপ্ৰকাশ নকৰে। তাইৰ দেউতাকৰ পদাংক অনুসৰণ কৰি, সুহানাই এতিয়া ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে আৰু সুহানাইও ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। সুহানাৰ অভিনয় তাইৰ দেউতাকৰ দৰে উজ্জ্বল হ’ব নে নহয়, কেৱল সময়হে ক’ব, কিন্তু তাইক বহুত আকৰ্ষিত কৰা এটা কথা হ’ল তাইৰ পোছাক পৰিধানৰ অনুভূতি। শেহতীয়াকৈ, সুহানাক নৃত্যৰ ৰিহাৰ্চেলৰ বাবে যোৱা দেখা গৈছিল আৰু এই সময়ছোৱাত তাইৰ জোতা পিন্ধি বাতৰিলৈ আহিছিল।

সুহানা খানে সোনকালেই ‘দ্য আৰ্চিছ’ বোলছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব। তেওঁৰ লগত বহুতো ষ্টাৰকিড আছে যিয়ে তেওঁৰ সৈতে বলীউডৰ পৃথিৱীত ভৰি দিবলৈ গৈ আছে। সুহানাই আৰ্চিছ চলচ্চিত্ৰখনৰ বাবে বহুত কঠোৰ পৰিশ্ৰম কৰি আছে। শেহতীয়াকৈ তেওঁলোকক এটা নৃত্য ষ্টুডিঅ’ৰ বাহিৰত দেখা গৈছিল। সুহানাৰ চেহাৰাটো বেশ নৈমিত্তিক লাগছিল, সে একটা সাধাৰণ চেহাৰাৰ স্লাইডাৰদিয়ে তাইৰ চেহাৰাটো সম্পূর্ণ কৰিছে। কিন্তু এই সাধাৰণ চেহেৰাৰ চটিবোৰ অতি ব্যয়বহুল।

সুহানা খানৰ ফটোছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইয়াত, তেওঁ গুচি ব্ৰেণ্ডৰ স্লাইডাৰ পিন্ধি আছিল, যাৰ মূল্য প্ৰায় 20 হাজাৰ টকা। শেহতীয়াকৈ, সুহানা খানৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, যাৰ বাবে তেওঁক যথেষ্ট ট্ৰ’ল কৰা হৈছে। দৰাচলতে, ভিডিঅ’টোত, সুহানা খানক তেওঁৰ গাড়ীৰ পৰা ওলাই অহা দেখা গৈছিল। যেতিয়া ফটোগ্ৰাফাৰসকলে তাইক ভংগীমা দিবলৈ ৰ’বলৈ কৈছিল, সুহানা লগে লগে গুচি গ’ল। এজন ফটোগ্ৰাফাৰে কৈছিল, “সুহানাজী, অপেক্ষা কৰক, এতিয়া কি উত্তেজনা আছে, এতিয়া আপোনাৰ চিনেমাও আহি আছে। আমাৰ মুখবোৰ মনত ৰাখিব আৰু আমি প্ৰতিদিনে লগ পাম।” ইয়াৰ পাছতো সুহানাই কাকো একো নোকোৱাকৈ গুচি গ’ল।

কিয়নো সুহানা খানে পাপাৰাজ্জিৰ বাবে পোজ নিদিয়াকৈ ঠাইএৰি গৈছিল, এইকাৰণে নেটিজেনসকলে তাইৰ আচৰণৰ বাবে খং কৰিছে। তেওঁৰ ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘ইমান লেতেৰা উপেক্ষা’। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- ‘এটিটিউড কুইন এণ্ড আন একো নহয়।’ আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্যটোত লিখিছিল- ‘প্ৰথম খন চিনেমা অহা নাছিল আৰু ইমান মনোভাৱ আছিল, আনকি ১ মিনিটৰ বাবেও কথা পতা নাছিল।’ যেতিয়া ই এটা ডাঙৰ তাৰকা হৈ পৰে তেতিয়া আপুনি কি কৰিব? মই আনকি মোৰ দেউতাক ফোনন নকৰো।” ঠিক আছে, এই ভ্ৰমণৰ বাবে সুহানা খানে লেগিংছ আৰু স্লিং বেগৰ সৈতে বগা ক্ৰপ টপ পিন্ধিছিল। সুহানাক এই নৈমিত্তিক চেহেৰাটোত যথেষ্ট শীতল লাগিছিল। আমি আপোনাক কওঁ যে সুহানাই অলপতে উটিত ‘দ্য আৰ্চিছ’ৰ শ্বুটিং অনুসূচী সম্পূৰ্ণ কৰিছে। চলচ্চিত্ৰখনে অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দা আৰু স্বৰ্গীয় শ্ৰীদেৱীৰ জীয়ৰী সুখী কাপুৰেও বলীউডত আত্মপ্ৰকাশ কৰাটো চিহ্নিত কৰিছে। ছবিখন ২০২৩ চনত নেটফ্লিক্সত মুক্তি পোৱাৰ কথা আছে।

ক’ভিডত আক্ৰান্ত বিৰাট কোহলী, কিন্তু ভাৰত ইংলেণ্ডৰ পঞ্চম পৰীক্ষাত ক’ভিডৰ ভাবুকি ডাঙৰ হৈ পৰিছে…

ভাৰত ইংলেণ্ডৰ পঞ্চম পৰীক্ষাত ক’ভিডৰ ভাবুকি।অশ্বিনৰ পিছত এইবাৰ ক’ভিডত আক্ৰান্ত বিৰাট কোহলী । বাৰ্মিংহামত অনুষ্ঠিত ভাৰত বনাম ইংলেণ্ডৰ পঞ্চম টেষ্টৰ তৎপৰতা পুনৰ আৰম্ভ হৈছে।

কিন্তু ভাৰত ইংলেণ্ডৰ পঞ্চম পৰীক্ষাত ক’ভিডৰ ভাবুকি ডাঙৰ হৈ পৰিছে।এদিন পূৰ্বে ক’ভিড পজিটিভ হোৱা বাবে ইংলেণ্ডলৈ যাব নোৱাৰিলে ভাৰতৰ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন।দলৰ বাকী সদস্যৰ দেহলৈ যাতে ভাইৰাছ নিবিয়পে তাৰ প্ৰতিও নজৰ ৰাখিছে ভাৰতীয় টীম মেনেজমেণ্টে।প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়েও ইংলেণ্ডত উপস্থিত হোৱাৰ আগতে ক’ভিড পৰীক্ষা কৰিছিল।

এইবাৰ বিৰাট কোহলী ক’ভিডত আক্ৰান্ত হৈছে।ছচিয়েল মিডিয়াত বিৰাট কোহলীয়ে সেই পোষ্ট শ্বেয়াৰ কৰিছে।তথাপি বিৰাটক লৈ ৰিস্ক ল’ব খোজা নাই ৰাহুল দ্ৰাবিড়ে।কোহলীক অনুশীলন কৰিবলৈ দিলেও চিকিৎসকৰ পৰ্যবেক্ষণত ৰাখিছে।প্ৰেকটিছ মেচত তেওঁক সম্ভৱত কোহলীক খেলিবলৈ দিয়া নহ’ব।লণ্ডনলৈ বিমানত উঠাৰ আগতে কোহলী মালদ্বীপত বন্ধত আছিল।

মালদ্বীপলৈ গৈছিল বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা।মুম্বাইলৈ উভতিয়ে চিকিৎসকক দেখুৱাবলৈ গৈছিল দুই তাৰকাই।বহুতেই ভাবিছিল কিবা সুখবৰ।কিন্তু সেয়া নহয়।আচলতে তেতিয়াৰে পৰাই দুয়ো ক’ভিডত আক্ৰান্ত।

দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত কেন্দ্ৰই প্ৰদান কৰিছে জেড+ শ্ৰেণীৰ নিৰাপত্তা

এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।দ্ৰৌপদী মুৰ্মুক কেন্দ্ৰৰ জেড+ শ্ৰেণীৰ নিৰাপত্তা আৱৰণ প্ৰদান । ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত কেন্দ্ৰই তেওঁক জেড+ শ্ৰেণীৰ নিৰাপত্তা আৱৰণ প্ৰদান কৰিছে।

সশস্ত্ৰ কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) দ্বাৰা তেওঁ চব্বিশ ঘণ্টা জেড+ শ্ৰেণীৰ নিৰাপত্তা আৱৰণ লাভ কৰিব।পিটিআইৰ এক প্ৰতিবেদন অনুসৰি বুধবাৰে পুৱা ৬৪ বছৰীয়া মুৰ্মুৰ নিৰাপত্তাৰ দায়িত্ব সশস্ত্ৰ দলটোৱে গ্ৰহণ কৰে।মুৰ্মুৱে তেওঁৰ ৰায়ৰংপুৰৰ বাসভৱনত সাংবাদিকক কয়,””মই আচৰিত হোৱাৰ লগতে আনন্দিত।

দূৰৱৰ্তী ময়ূৰভঞ্জ জিলাৰ এগৰাকী জনজাতীয় মহিলা হিচাপে, মই শীৰ্ষ পদৰ প্ৰাৰ্থী হোৱাৰ কথা ভবা নাছিলো।এন ডি এ চৰকাৰে এতিয়া শীৰ্ষ পদৰ বাবে এগৰাকী জনজাতীয় মহিলাবাছনি কৰি বিজেপিৰ “সব কা সাথ, সব কা বিশ্বাস” শ্লোগান প্ৰমাণ কৰিছে।”প্ৰণিধানযোগ্য যে,ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে,দ্ৰৌপদী মুৰ্মু ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি আৰু দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি হ’ব।ইয়াৰ উপৰিও,তেওঁ উৰিষ্যাৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতিও হ’ব।

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম ?

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম ? জিলাই জিলাই এল আই চিৰ এজেণ্ট, সাংবাদিক, ৰাজনৈতিক দলৰ কামত জড়িত বহু শিক্ষক।শাস্তিমূলক বদলিও হ’ব পাৰে এইসকল শিক্ষকৰ।অন্য বৃত্তিত নিয়োজিত হৈ কেৱল উপাৰ্জনৰ পাছত দৌৰা একাংশ শিক্ষকৰ বাবে চৰকাৰী বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ নিম্নগামী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।জিলাই জিলাই এল আই চিৰ এজেণ্ট, সাংবাদিক, ৰাজনৈতিক দলৰ বিষয়ববীয়া আদি বিভিন্ন কামত জড়িত হৈ আহিছে বহু শিক্ষক।

একাংশ শিক্ষকে সাংবাদিক হোৱাৰ দোহাই দি তথা আন একাংশই ৰাজনৈতিক নেতাৰ আশিসধন্য হোৱাৰ সুবাদত প্ৰায়েই বিদ্যালয়ত অনুপস্থিত থাকে।শ্ৰেণীকোঠাত পাঠদানক পিঠি দি অন্য বৃত্তিত জড়িত ৰাজ্যৰ মাধ্যমিক শিক্ষকৰ তালিকা ২৫ জুনৰ ভিতৰত জমা দিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকে বিদ্যালয় পৰিদৰ্শকসকলক নির্দেশ দিছে।ইতিমধ্যে শ্ৰেণীকোঠাত পাঠদানক পিঠি দি এল আই চিৰ এজেণ্ট হিচাপে কৰ্মৰত ১১ জন সহকাৰী শিক্ষকলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

অন্য বৃত্তি বাধ্যতামূলকভাৱে বাদ দিব লাগিব এইসকল শিক্ষকে।এইসকল শিক্ষকৰ শাস্তিমূলক বদলিও হ’ব পাৰে বুলি শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম?ৰঙিয়াৰ হৰদত্ত বীৰদত্ত হাইস্কুলৰ নৱজ্যোতি চক্ৰৱৰ্তী।

পুঠিমাৰীৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰুণ চন্দ্ৰ কলিতা।তামুলপুৰ ছোৱালী হাইস্কুলৰ দীপাংকৰ চক্ৰৱৰ্তী।গোৰেশ্বৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ তৰুণ চন্দ্ৰ বড়ো।মাগুৰমাৰী কলবাৰী হাইস্কুলৰ ধনেশ্বৰ বসুমতাৰী।দেউলকুছি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ লোহিত চন্দ্ৰ কলিতা।বাৰঘুলি নেহৰু হাইস্কুলৰ নূৰ মহম্মদ চৌধুৰী।দৌংগাবাৰু বি এম হাইস্কুলৰ নলিনী কুমাৰ দাস।গান্ধীবাৰী হাইস্কুলৰ ধীৰেন চৌধুৰী।লতিবাৰী হাইস্কুলৰ জয়ন্ত নাৰায়ণ কোঁৱৰ।বতিয়ামাৰী হাইস্কুলৰ মুকুল ৰাজবংশী।

শিৱসেনা বিদ্ৰোহী নেতা একনাথ চিন্দেৰ সৈতে যোগদান…

চাৰিজন বিধায়ক গুৱাহাটীত উপস্থিত । শিৱসেনা বিদ্ৰোহী নেতা একনাথ চিন্দেৰ সৈতে যোগদান । চন্দ্ৰকান্ত পাটিল, যোগেশ কদম, মঞ্জুলা গাভিট আৰু গুলাব্ৰাও পাটিল নামৰ চাৰিজন বিধায়কে । গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত উপস্থিত হৈ একনাথ চিন্দে আৰু সহযোগী বিধায়কসকলৰ সৈতে শিবিৰ পাতিছে ।

মহাৰাষ্ট্ৰৰ পৰা আৰু চাৰিজন বিধায়ক আজি গুৱাহাটীত উপস্থিত হৈ । বিদ্ৰোহী শিৱসেনাৰ নেতা একনাথ চিন্দে আৰু অন্যান্য বিধায়কসকলৰ সৈতে যোগদান কৰে ।

চাৰিজন বিধায়ক – চন্দ্ৰকান্ত পাটিল, যোগেশ কদম, মঞ্জুলা গাভিট আৰু গুলাব্ৰাও পাটিল । অভিযোগত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । মুখ্যমন্ত্ৰীৰ আৱাস এৰিলে উদ্ধৱ থাকৰেই । চৰকাৰী আৱাসৰ পৰা পোনে পোনে নিজ বাসগৃহ মাতাশ্ৰীলৈ উদ্ধৱ থাকৰে ৰাওনা