Home Blog Page 2342

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰৰ ৬ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ১০ স্থানৰ ভিতৰত ৬ টা স্থান দখল কৰিবলৈ সক্ষম হৈছে

আজি ঘোষণা কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ ফলাফল সন্তোষজনক।হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২২ত অসমৰ ভিতৰতে দশম স্থান লাভ কৰি শিৱসাগৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে – জিলা খনৰ ৬ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ১০ স্থানৰ ভিতৰত ৬ টা দখল কৰিবলৈ সক্ষম হৈছে।জিলা খনৰ পৰা সপ্তম স্থান দখল কৰিছে দুগৰাকী মেধাৱীয়ে।শিৱসাগৰ নগৰৰ নিউ লুক একাডেমীৰ ছাত্ৰ প্ৰিয়নুজ বৰদলৈ আৰু ডিমৌ ছোৱালী হাইস্কুলৰ দীপশিক্ষা বৰুৱাই ৫৯১ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰে।

আনহাতে শিৱসাগৰ নগৰৰ হোলিনেম স্কুলৰ আৰিন ভূঞা আৰুনিতাইপুখুৰীৰ শ্রীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ জ্যোৰ্তিৰময় দত্তই ৫৮৯ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিছে।দশম স্থান লাভ কৰে জিলা খনৰ দুগৰাকী শিক্ষার্থীয়ে।শিৱসাগৰ নগৰৰ শ্ৰীসুন্দৰ মল মৰ্ডান স্কুলৰ ছাত্ৰ হিমাংশু দাস আৰু ৰক্তোপল বৰুৱাই ৫৮৮ নম্বৰৰ সৈতে দশম স্থান দখল কৰিছে।জিলা খনৰ পৰা এইবাৰ এই পৰীক্ষাত সৰ্বমুঠ ৮৭০১ পৰীক্ষাৰ্থী অৱৰ্তীন হৈছিল।ইয়াৰে ২৬৩০ গৰাকীয়ে প্ৰথম বিভাগ,২৯৫৮ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১৪৭৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীণ হৈছে।উত্তীণৰ শতকৰা হাৰ ৮১.১৭ শতাংশ।সুফল ফলাফল পোৱা বাবে স্কুলৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষত্ৰী আৰু অভিভাৱক সকলৰ লগতে শুভাকাংশী সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

ধিঙৰ সৃষ্টিনন্দা কাশ্যপে নৱম আৰু উদিতি দাসে দশম স্থান দখল কৰিবলৈ সক্ষম

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধিং খ্ৰীষ্ট জ্যোতি স্কুলৰ পৰা দুগৰাকীকৈ ছাত্ৰীয়ে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ সৃষ্টিনন্দা কাশ্যপে নৱম আৰু উদিতি দাসে দশম স্থান দখল কৰিবলৈ সক্ষম হয়৷ সৃষ্টি নন্দা কাশ্যপে মুঠ ৫৮৯ নম্বৰ লাভ কৰে৷ ধিং থানা ৰোডৰ নিবাসী মৃগাংক শইকীয়া আৰু ৰুঞ্জুন শইকীয়াৰ সন্তান সৃষ্টি নন্দা কাশ্যপ৷ পিতৃ মৃগাঙ্ক শইকীয়া নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক৷ভবিষ্যতে এজন সু চিকিৎসক হোৱাৰ আশা মনতে পুহি ৰখা সৃষ্টিয়ে নিতৌ ৮ ঘণ্টাকৈ পঢ়ি আজৰি সময়ত ছবি অকাৰ লগতে নৃত্য কৰি ভাল পাইছিল৷তদুপৰি মবাইল ছাইয়ো আনুসাংগিক জ্ঞান আহৰন কৰিচিল৷তেওঁ বিজ্ঞান ,গণিত আৰু advanced ত ঘৰুৱা শিক্ষকৰ সহায় লৈছিল৷তেওঁ অসমীয়া বিষটো আইতাকে দেখুৱাই দিছিল৷ৰাতি সোনকালেই শুই দিছিল৷এই সফলতাৰ বাবে পিতৃ মাতৃৰ লগতে শিক্ষক সকলক ধন্যবাদ জনায়৷

আনহাতে দশম স্থান লাভ কৰা অডিতি দাসেও ৷তেওঁ লাভ কৰে মুঠ ৫৮৮ নম্বৰ৷ভবিষ্যতে এজন ভাল প্ৰেডিটিচিয়ান কৰি গঢ়ি তোলাৰ আশা মনতে পুহি ৰাখিছে৷নিতৌ ৯ ঘণ্টাকৈ পঢ়া অডিটিয়ে আজৰি সময়ত ছবি আকি সময় পাৰ কৰিছিল৷ধিং তলিবৰ পাৰৰ উজ্জয়ন্ত দাস আৰু বিপাশা দাসৰ সন্তান৷তেওঁৰ পিতৃ ধিং মহাবিদ্যালয়ৰ প্ৰবাক্তা৷গণিত আৰু বিজ্ঞানত ঘৰুৱা টিউচন লৈছিল৷

গাড়ী চালকৰ কন্যা স্নেহা শইকীয়াই ৫৯৪ নম্বৰে চতুৰ্থ স্থান দখল কৰি ধনশিৰি মহকুমালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

সৰুপথাৰত আনন্দৰ ঢল, এজন গাড়ী চালকৰ কন্যাৰ সফলতা। আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল সৰুপথাৰৰ স্নেহা শইকীয়া। দয়ানন্দ বিদ্যা নিকেটনৰ ছাত্ৰী স্নেহাই অসমৰ ভিতৰতে ৫৯৪ নম্বৰেৰে চতুৰ্থ স্থান দখল কৰি ধনশিৰি মহকুমাৰ লগতে গোলাঘাট জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সৰুপথাৰ নগৰৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা স্নেহাৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ তথা ভাতৃৰ উপৰিও বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান পাবলৈ সক্ষম হোৱা স্নেহাৰ।

ইপিনে পুৱাৰে পৰা স্থানীয় ৰাইজ, দল-সংগঠনৰ লগতে বিভিন্ন লোকে আহি অভিনন্দন জনোৱাৰ বাবে ভিৰ কৰিছেহি ছাত্ৰী গৰাকীৰ বাসগৃহত। উল্লেখ্য যে স্নেহাৰ পিতৃ ত্ৰিদিপ শইকীয়াই কন্যাই অধ্যয়ন কৰা বিদ্যালয় খনত গাড়ী চালক হিচাপে কৰ্মৰত।

১৯৮৪ খ্ৰীষ্টাব্দৰ পৰা ২০২২ খ্ৰীষ্টাব্দ লৈ উচ্চ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰী সকল ক্ৰমে :-

১৯৮৪ খ্ৰীষ্টাব্দৰ পৰা ২০২২ খ্ৰীষ্টাব্দ লৈ উচ্চ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰী সকল ক্ৰমে :-

*১/ ১৯৮৪ চন = ৰীতা ডেকা গুৱাহাটী

*২/ ১৯৮৫ চন= দিপাঙ্কৰ বৈৰাগী, গুৱাহাটী

*৩/ ১৯৮৬ চন=

*৪/ ১৯৮৭ চন= অভিজিৎ বৰুৱা, যোৰহাট

*৫/ ১৯৮৮ চন=

*৬/ ১৯৮৯ চন= মৃণাল কলিতা, বামুন্দী

*৭/ ১৯৯০ চন=

*৮/ ১৯৯১ চন= গৌৰাঙ্গ লাল দাস, বৰপেটা

*৯/ ১৯৯২ চন= শঙ্কৰাচাৰ্য লস্কৰ, গুৱাহাটী

*১০/ ১৯৯৩ চন= দেৱাশিষ বৰা, জামুগুৰিহাট

*১১/ ১৯৯৪ চন= ক) অম্লান জ্যোতি গোস্বামী, গুৱাহাটী
*খ) অনুপম দত্ত= গুৱাহাটী

*১২/১৯৯৫ চন= চিৰঞ্জীৱ দত্ত, তিনিচুকীয়া

*১৩/ ১৯৯৬ চন= পল্লৱ গোস্বামী, মৰিগাঁও

*১৪/ ১৯৯৭ চন= নিলাক্ষী গোস্বামী, পাটাছাৰকুছি

*১৫/ ১৯৯৮চন= ত্ৰিনয়ন বৰা, দেৰগাঁও

*১৬/ ১৯৯৯ চন= মোজ্জামিল হুছেইন

*১৭/ ২০০০চন= বন্দিতা ফুকন, তেজপুৰ

*১৮/ ২০০১= অৰিজিৎ ফুকন, বিহপুৰীয়া

*১৯/ ২০০২ চন= নিৰঞ্জনা ডেকা, তেজপুৰ

*২০/ ২০০৩ চন= বিশ্বজিৎ বৰা, গুৱাহাটী

*২১/ ২০০৪ চন= দেৱাঙ্গ ৰাজ নেওগ= গুৱাহাটী

*২২/ ২০০৫ চন= অনুপম মজুমদাৰ= নগৰবেৰা

২৩/ ২০০৬ চন= অৰিন্দম নাথ= নলবাৰী

*২৪/ ২০০৭ চন= ফাৰহানা অঞ্জুমান হাছান, যোৰহাট

*২৫/ ২০০৮ চন= মণিময় বুজবৰুৱা, গুৱাহাটী

*২৬/ ২০০৯ চন= প্ৰিয়ানুজ ভূঞা, নগাঁও

*২৭/ ২০১০ চন= যুগল তালুকদাৰ, বৰপেটা

*২৮/ ২০১১চন= প্ৰকাশ জ্যোতি কলিতা, পাঠশালা

*২৯/ ২০১২ চন= ক) জ্ঞান দ্বীপ শৰ্মা, বোকাখাট
*খ) ভাস্বতী ডেকা= মালিগাঁও
*গ) স্ততি খাউণ্ড= বিশ্বনাথ চাৰিআলি

*৩০/ ২০১৩ চন= ইজাজ আহমেদ, বৰপেটা

*৩১/ ২০১৪ চন= অচ্যুত ৰঞ্জন গগৈ, শিৱসাগৰ

*৩২/ ২০১৫ চন= ৰিপুঞ্জয় কলিতা, বৰপেটা

*৩৩/ ২০১৬ চন= ছৰফৰাছ হুছেইন, গুৱাহাটী

*৩৪/ ২০১৭ চন= পাৰ্থ প্ৰতিম ভূঞা, টিহু

*৩৫/ ২০১৮ চন= ৰক্তিম ভূঞা, শোণিতপুৰ

*৩৬/ ২০১৯ চন= মেঘালী বৰা, লক্ষীমপুৰ

*৩৭/ ২০২০ চন= ধৃতিৰাজ বাস্তৱ কলিতা, মঙ্গলদৈ

*৩৮/ ২০২১ চন= পৰীক্ষা অনুষ্ঠিত নহ’ল ক’ৰণাৰ বাবে

*৩৯/ ২০২২ চন= ৰক্তোপল শইকীয়া, উত্তৰ লক্ষীমপুৰ

বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট মঞ্চায়ন,ৰবীন্দ্ৰ ভৱনত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিলে ‘বীৰাংগনা’ই

অসমীয়া নাৰীসমাজৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট বীৰাংগনাই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

গুৱাহাটী মহানগৰীত বসবাস কৰা চুতীয়া সমাজৰ উদ্যোগত আৰু অসমৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত যোৱা দেওবাৰে মঞ্চায়ন হোৱা ‘বীৰাংগনা’ শীর্ষক নাটখনেই ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা
চুতীয়া ৰাজশাসনৰ ওপৰত আধাৰিত প্ৰথমখন নাট।

ফলত মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান চুতীয়া ৰাজশাসনৰ শেষৰগৰাকী ৰাণী তথা বীৰাংগনা সাধনীৰ জীৱন আধাৰিত নাটখন প্ৰায় চাৰি শতাধিক লোকে উপভোগ কৰাৰ লগতে নাটখনৰ কলা-কৌশলীসকলে দুৰ্দান্ত অভিনয়ৰ মাজৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড৹ দেৱজিৎ খনিকৰে উদ্ধোধন কৰা তথা শস্য উদ্যান বিভাগৰ সঞ্চালক তৰংগ ভাৰতী বৰা, প্ৰজোযক গৰিমা শইকীয়া গাৰ্গ, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়াৰ সাধনীৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্জলনে আৰম্ভ হোৱা এই অনুষ্ঠানত নাট মঞ্চস্থৰ পূৰ্বে অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়োৱা তথা চুতীয়া জনগোষ্ঠীৰ সু-সন্তানৰ বতাহঘূলিৰ অৱসৰপ্ৰাপ্ত অবৰ সচিব গগন চন্দ্ৰ চুতীয়া, সৰুমটৰিয়াৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়া, সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক গিৰীন ভূঞা, বিশিষ্ট বৈজ্ঞানিক ড৹ জয়ন্তী চুতীয়া, হাতীগাঁৱৰ বোপাৰাম ভাজনী, এবিচিৰ ভৰত শইকীয়া আৰু কাহিলীপাৰাৰ অনন্ত নেওগক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখ্য যে মঞ্চস্থ হোৱা নাটখনৰ নাট্যদলটো মৰাণ লেঙেৰীৰ তথা বহু কেইগৰাকী প্ৰতিভাবান অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা নাটকখনৰ সংগীত সুভাষ গগৈ, নাট্যকাৰ লীলা চুতীয়া আৰু পৰিচালনা ভৈৰৱ কুমাৰ ফুকনৰ। বীৰাংগনা সতী সাধনীৰ জীৱন আধাৰিত নাট ‘বীৰাংগনা’ ত মূল চৰিত্ৰ-ধৰ্মধ্বজপাল অভিনয় কৰে পবিত্ৰ বুঢ়াগোহাঁই, সাধনীৰ চৰিত্ৰত অভিনয় কৰে পাহাৰী গগৈয়ে, নীতিপাল চৰিত্ৰত হীৰকজ্যোতি গগৈ আৰু কনচেং বৰপাত্ৰগোঁহাই চৰিত্ৰত অভিনয় কৰে যতীন বুঢ়াগোহাঁইয়ে।

নাটখনৰ সুন্দৰ দৃশ্যৰূপ আৰু প্ৰতি গৰাকী অভিনেতা অভিনেত্ৰীৰ সুন্দৰ অভিনয়ৰে প্ৰতি গৰাকী দৰ্শকক আপ্লুত কৰাৰ লগতে উদ্যোক্তাসকল ক্ৰমে যুৱ সাংবাদিক ৰন্টু নেওগ, অগপ নেতা দিব্য ৰাজখোৱা, জ্ঞানেন চুতীয়া আৰু কুণ্ডিল চুতীয়াৰ প্ৰচেষ্ঠাক সকলোৱে শলাগ লয়। লগতে বীৰাংগনা সাধনীৰ ত্যাগ আৰু পৰাক্ৰমী ইতিহাসৰ বহু নজনা কথা নাটক খনৰ জৰিয়তে সফল ভাবে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে নাট্য দল।

আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মন্ত্ৰী বিমল বৰাৰ

দুবছৰীয়া সুদীৰ্ঘ অপেক্ষাৰ অন্তত, পৱিত্ৰ অম্বুবাচী মেলা অহা ২২-২৬ জুন, ২০২২ পৰ্যন্ত নীলাচলৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কামাখ্যা ধামত অনুষ্ঠিত হ’ব। আজি গুৱাহাটীত পৰ্যটন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ সম্পৰ্কে পৰ্যালোচনা কৰে মন্ত্ৰী বিমল বৰাই ।

অনুষ্ঠানটো সৰ্বতোপ্ৰকাৰে সফল কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ মন্ত্ৰী বিমল বৰাৰ ।তদুপৰি, অসমৰ সেউজীয়া চাহ বাগিচাবোৰত পৰ্যটনৰ অপৰিসীম সম্ভাৱনাৰ প্ৰতি দৃষ্টি ৰাখি সমগ্ৰ ৰাজ্যতে চাহ পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰৰ ওপৰত চিন্তা-চৰ্চা কৰা হয়।

উক্ত পৰ্যালোচনা সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা, আয়ুক্ত সচিব ৰাণী কাথাৰ্পি, সচিব প্ৰভাতী থাওচেন, অসম পৰ্যটনৰ সঞ্চালক মধুমিতা ভাগৱতী আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ।

যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত বৈঠক মন্ত্ৰী অতুল বৰাৰ

অসমৰ প্ৰতিখন জিলাত কেন্দ্ৰীয় চৰকাৰৰ অন্যতম আঁচনি “প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি”ৰ সফল ৰূপায়ণৰ বাবে তৎপৰতাৰে কাম অব্যাহত ৰাখিছে মন্ত্ৰী অতুল বৰাই । গোলাঘাটৰ পিছতে যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত এক বৈঠকযোগে আজি যোৰহাট জিলাখনত আঁচনিখনৰ ৰূপায়ণ স্থিতিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰেমন্ত্ৰী অতুল বৰাই ।

আঁচনিখনৰ অধীনত এজনো যোগ্য কৃষক যাতে বঞ্চিত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিয়ে মন্ত্ৰী অতুল বৰাই ।

লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাকে ধৰি বিভিন্ন কৃষি আঁচনিৰো ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়।যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়া, অৰুণ ব্ৰহ্ম প্ৰমুখ্যে মহকুমাধিপতিসকল, চক্ৰ বিষয়াসকল, জিলা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়া তথা কৃষি বিভাগৰ আন বিষয়াসকল বৈঠকত উপস্থিত থাকে ।

গায়ক কে.কেৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি অধিবক্তা ৰবি শংকৰ চেটাৰ্জীয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰিলে আবেদন

কলকাতাত বিখ্যাত গায়ক কে.কেৰ মৃত্যুৰ গোচৰটো এতিয়া ৰাজনৈতিক বিতৰ্কত সোমাই পৰিছে। শেহতীয়াকৈ এই বিতৰ্ক গৈ পাইছে আদালত।সোমবাৰে অধিবক্তা ৰবি শংকৰ চেটাৰ্জীয়ে উচ্চ ন্যায়ালয়ত গায়ক কে.কেৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি এখন আবেদন দাখিল কৰে।

কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱৰ খণ্ড বিচাৰপীঠত এই আবেদন দাখিল কৰে অধিবক্তা ৰবি শংকৰ চেটাৰ্জীয়ে।যোৱা মঙলবাৰে নিশা কলকাতাৰ নজৰুল মঞ্চত অনুষ্ঠান পৰিৱেশনৰ সময়ত বলিউডৰ মহান শিল্পী কে.কে অসুস্থ হৈ পৰিছিল আৰু তাৰ পিছত মৃত্যু বৰণ কৰিছিল।মৃত্যুৰ পিছত কলকাতাৰ নিউ মাৰ্কেট আৰক্ষী চকীত অপ্ৰাকৃতিক মৃত্যুৰ এটা গোচৰ ৰুজু কৰা হৈছিল।

কলকাতা আৰক্ষীয়ে গায়ক কেকেৰ মৃত্যুৰ তদন্ত কৰি আছে। যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছিল যে কেকেৰ মৃত্যুৰ কাৰণ হৃদজনিত ৰোগ আছিল,ৰাজনৈতিক দলৰ পৰা ৰাজ্যপাললৈ অনুষ্ঠানটোৰ সময়ত পৰিচালনা সম্পৰ্কে যথেষ্ট প্ৰশ্ন উত্থাপন কৰিছিল।এতিয়া আদলতে কি ৰায় প্ৰদান কৰে তাৰ ওপৰত থাকিব সকলোৰে দৃষ্টি।

শিৱসাগৰৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী

শিৱসাগৰৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন । পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী, ৰোগীৰ বাবে চিকিৎসালয়ত বিচনাৰ অভাৱ ।

ৰাজ্যত শাসকীয় চৰকাৰখনে উন্নয়ন আৰু বিকাশৰ মাজেৰে আগুৱাই গৈছে । তাৰ মাজতে চিকিৎসা বিভাগৰ নমুনা চাওক । চৰকাৰ তথা চিকিৎসা বিভাগে চিকিৎসালয়ত ৰোগীৰ বাবে যাৱতীয় ভাৱে বিচনা যোগান ধৰিব নোৱাৰাত হাহাকাৰ লাগিছে ৰোগী আৰু ৰাইজৰ মাজত ।

ঠিক তেনে এক বাস্তৱ ঘটনা সংঘটিত হৈছে স্থান নাজিৰা । নাজিৰাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তেই হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী । বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ তিনিগৰাকীকৈ ছাত্ৰী ক্ৰমে জেচমিন বেগম, চুমচুমি গগৈ আৰু চুলতানা আহমেদ বুলি জানিব পৰা গৈছে ।

ততাতোয়াকৈ ছাত্ৰী কেইগৰাকীক নাজিৰা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয়খনত বিচনাৰ অভাৱত পকা মজিয়াত এগৰাকী ছাত্ৰী চটফটাই থকা দেখা পোৱা গ’ল । নাজিৰা মহকুমা চিকিৎসালয়ত বিচনাৰ বিপৰীতে অক্সিজেনৰো অভাৱ এই গুৰুত্বৰ অভিযোগ আনিছে বিদ্যালয়ৰখনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ।

যাৰ বাবে তিনিগৰাকী ছাত্ৰীয়ে উন্নত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হ’ব লগা হ’ল । অৱশেষত ছাত্ৰী কেইগৰাকীক জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

নিয়মিত গাখীৰৰ লগত কিচমিচ সেৱন কৰিলে কি হয় জানেনে আপুনি ?

১) কিচমিচত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। সেয়েহে ৰক্তহীনতাত ভোগা লোকৰ বাবে কিচমিচ বৰ উপকাৰী।
২) নিয়মিয়াকৈ কিচমিচ খালে চুলি আৰু চালৰ বহু ৰোগৰ পৰা বাচি থাকিব পৰা যায়।
৩) কিচমিচ ভিজাই সেই পানী আৰু কিচমিচ খালে লিভাৰৰ সক্ৰিয়তা বৃদ্ধি পায়।
৪) কিচমিচ কেইটামান ৰাতি গৰম পানীত তিয়াই ৰাতিপুৱা খালীপেটত পানী আৰু কিচমিচ খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয় , পেট পৰিষ্কাৰ হয়, কৌষ্ঠকাঠিন্যৰ সমস্যা নোহোৱা হয়,পাচন শক্তি বৃদ্ধি হয়,ভোক লাগে ।


৫) এনেদৰে গৰম পানীত কিচমিচ তিয়াই নিয়মিত খালে এচিডিটি বা পেটৰ দুষিত বায়ু ,পিত্ত ৰোগৰ সমস্যা নোহোৱা হয় ।
৬) ই শৰীৰৰ ওজন বৃদ্ধি কৰাত সহায় কৰে । সেয়েহে ক্ষীণ মানুহে দৈনিক ৰাতি কিচমিচ কল আৰু গাখীৰৰ লগত খালে সুফল পাব।
৭) কিচমিচত যথেষ্ট পৰিমানে কেলচিয়াম থকাৰ বাবে দাঁতৰ বিভিন্ন ৰোগ, গাঁঠি বিষ আৰু হাড়ৰ সমস্যা দূৰীকৰণৰ বাবে উপকাৰী।

৮) নিয়মিত গাখীৰৰ লগত কিচমিচ সেৱন কৰিলে যৌন দুৰ্বলতা দূৰ হয়। বিশেষকৈ পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি পায়।

৯) নাৰীৰ সৌন্দৰ্য্য কিচমিচে বৃদ্ধি কৰে।যি সকল নাৰীৰ স্তনৰ আকাৰ সৰু তেঁওলোকে নিয়মীয়াকৈ কিচমিচ ৰাতি গৰম পানীত তিয়াই পুৱা সেই পানী আৰু কিচমিচ খোৱাৰ অভ্যাস কৰক। স্তনৰ আকাৰ বাঢ়িব আৰু বুকুৰ সৌন্দৰ্য্য বৃদ্ধি পাব।
১০) কিচমিচত অন্যান্য উপাদান বোৰৰ লগতে যথেষ্ট পৰিমাণে আইৰণ পোৱা যায় সেয়েহে গৰ্ভৱতী মহিলাৰ বাবে ই বৰ উপকাৰী।
১১) নিয়মীয়া সেৱনে শৰীৰৰ অকাল বাৰ্ধক্যকো ৰুধিব পাৰে।