Home Blog Page 2343

আপুনি জানেনে কুঁহিয়াৰৰ ৰসে কেঞ্চাৰ প্ৰতিৰোধ কৰে …

কুঁহিয়াৰৰ ৰসত যথেষ্ট পৰিমাণে আইৰণ থাকে। ৰক্তহীনতাত ভুগা মানুহে কুঁহিয়াৰ ৰস খালে যথেষ্ট উপকাৰ লাভ কৰে।
কুঁহিয়াৰ ৰসে শৰীৰৰ ৰোগ নিৰাময়ৰ ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে। গৰমৰ দিনত শৰীৰত যথেষ্ট পৰিমাণে পানীৰ অভাৱ হোৱা দেখা যায়। কুঁহিয়াৰ ৰস পুষ্টিকৰো। কুঁহিয়াৰ ৰসে এই পানীৰ অভাৱ দূৰ কৰাৰ লগতে ইয়াত থকা পুষ্টিয়ে শৰীৰত ৰোগ নিৰাময় আৰু প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

গৰমত কুঁহিয়াৰ ৰস খালে শৰীৰৰ লগতে মনো যথেষ্ট সতেজ হয়। আনহাতে কুঁহিয়াৰ ৰস খালে আমাৰ শৰীৰৰ বহু উপকাৰ হয়।

কুঁহিয়াৰ ৰসে কেঞ্চাৰ প্ৰতিৰোধ কৰে। কেঞ্চাৰৰ কোষ বা বীজাণু বৃদ্ধি হোৱাত কুঁহিয়াৰ ৰসে বাধা প্ৰদান কৰে। যদি আপুনি এই ৰোগত ভুগি আছে তেনে কুঁহিয়াৰ ৰস খালে ইয়াৰ বৃদ্ধিক প্ৰতিহত কৰিব পাৰিব।
কিডনীৰ পাথৰ হোৱা ৰোগীক চিকিৎসকে কুঁহিয়াৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে। কুঁহিয়াৰ ৰসত যথেষ্ট পৰিমাণে অম্ল গুণ থাকে, আৰু ইয়ে কিডনীত হোৱা পাথৰৰ আকাৰ ক্ৰমশঃ হ্ৰাস কৰি অনাৰ লগতে পাথৰক কিডনীৰ পৰা বাহিৰ কৰি দিয়ে।


প্ৰস্ৰাৱ ইনফেকচন থকা লোকৰ বাবে কুঁহিয়াৰ ৰস অতি উপকাৰী। প্ৰসাৱৰ ইনফেকচনত ভুগা লোকে কুঁহিয়াৰ ৰস খালে শৰীৰৰ দূষিত পানী ভাগ উলাই যায়। ফলত প্ৰস্ৰাৱৰ ইনফেকচনৰ পৰা উপশম পাব পাৰি। কুঁহিয়াৰ ৰসে প্ৰস্ৰাৱ ইমফেকচন সম্পৰ্কীয় বহু সমস্যা দূৰ কৰে।

গৌৰীপুৰত CPI(M)ৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন

গৌৰীপুৰত CPI(M)ৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন।

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীৰ গৌৰীপুৰতো আজি CPI(M) দলে অসম আৰক্ষীৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

গৌৰীপুৰৰ শিলাইপাৰ আঞ্চলিক CPI(M) কমিটিয়ে গৌৰীপুৰৰ মাটিয়াবাগস্থিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে নামৰ জিৰণি চৰাত এইদৰে অৱস্থান ধৰ্মঘট পালন কৰে।

প্ৰতিবাদী CPI M কৰ্মী সকলে আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, অসম চৰকাৰ হুচিয়াৰ, আইন – গণতন্ত্ৰ ৰক্ষা কৰক,এনকাউণ্টাৰৰ নামত হত্যাযজ্ঞ বন্ধ কৰক আদি শ্লগানৰে আকাশ বতাহ কঁপাই তোলে।

জানিলে আচৰিত হব আপুনি , সুগন্ধি নার্জী ফুলৰ মাজত লুকাই আছে বহু ওষধি গুণ

নার্জী ফুলৰ পাত খুন্দি তাৰ লেপন কীট-পতংগই কামােৰা অংশত লগালে বিষ নির্মূল কৰাৰ লগতে বীজাণু নাশ কৰিব পাৰে। নার্জী ফুলৰ পাত খুন্দি তাৰ দুটোপাল ৰস নাকত দিলে নাকৰ পৰা তেজ ওলােৱা বন্ধ হয় ।

অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস উপকাৰী। কটা-ছিঙাত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু সোনকালে শুকায়। শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ পৰে । নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে।

নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষৰ পৰাও পৰিত্ৰাণ পোৱা যায়। শৰীৰৰ বিভিন্ন স্থানত হোৱা খজুৱতিত নাৰ্জী ফুলৰ পাত থেতেলিয়াই সেই স্থানত লেপ লগাই ক্ষন্তেক সময়ৰ পাছত পৰিষ্কাৰ কাপোৰেৰে মোহাৰি দিব লাগে। এনে ধৰণে লেপ লগালে আৰাম পোৱা যায়।

পূৰঠ এচামুচ নাৰ্জী ফুলৰ গুটিত চেনি মিহলাই প্ৰতিদিন এচামুচকৈ অলপ দিন খালে স্বপ্নদোষ নিৰাময় হয়।
নার্জী ফুলৰ পাতৰ ৰস ৰাতিপুৱা খালি পেটত সেৱন কৰিলে পাথৰ হােৱা ৰােগ নিৰাময় হয়।

নার্জী ফুলৰ পাত খুন্দি তাৰ ৰস উলিয়াই সেইখিনি দুগিলাচ পানীত ভালদৰে উতলাই সেইখিনি চেকি লৈ গাৰগোল কৰিলে মুখৰ দুর্গন্ধ দূৰ হােৱাৰ লগতে দাঁতত থকা বীজাণু নাশ হয় আৰু লগতে টনচিল ৰােগাে নােহােৱা হয়।

হাজো ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সমীপত এটি ৰাজহুৱা শৌচালয় মুকলি বিধায়িকা সুমন হৰিপ্ৰীয়াৰ

কামৰূপ জিলাৰ অন্তৰ্গত হাজো ৰাজহ চক্ৰ কাৰ্যলয়ৰ সমীপত ২০২১-২২ বৰ্ষৰ বিধায়ক পুজিৰ আবণ্টিত ধনৰে ৰাইজৰ সুবিধাৰ্থে নিৰ্মিত ৰাজহুৱা শৌচালয়টি আজি আনুষ্ঠানিকভাৱে মুকলি কৰে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰীয়াই।

অৱশ্যে প্ৰতিদিনেই ৰাজহ চক্ৰ কাৰ্যলয়লৈ অহা যোৱা কৰা মানুহখিনি বিশেষকৈ মহিলাখিনিৰ বাবে অতিকৈ প্ৰয়োজনীয় এটা দীৰ্ঘদিনীয়া অভাৱ পূৰনাৰ্থে আজি ৰাজহুৱা শৌচালয়টি মুকলি কৰি বিধায়িকা সুমন হৰিপ্ৰীয়াই অত্যন্ত সুখী অনুভৱ কৰে।

আজিৰ মুকলি অনুষ্ঠানটিত হাজো চক্ৰ বিষয়া জাহ্নৱী সোণোৱাল ,খণ্ড উন্নয়ন বিষয়া নন্দিতা চহৰীয়া ,হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক,উত্তৰ কামৰূপ জিলা বিজেপিৰ উপ সভাপতি নগেন মালাকাৰ ,হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা, ২ নং হাজো গাওঁ পঞ্চায়তৰ সভানেত্ৰী তিলমা মেধি ,কুলহাটী পাচগাওঁ পঞ্চায়তৰ সভানেত্ৰী পদুমী দাস, বিজেপি নেতা জিতেন্দ্ৰ পাটোৱাৰী,বিষ্ণু প্ৰসাদ পাঠক,ভাস্কৰ ভৰালী,ব্ৰজেন্দ্ৰ ভৰালী,কিশোৰ ডেকা,অপূৰ্ব মজুমদাৰকে ধৰি বহু সংখ্যক দলীয় কাৰ্যকৰ্তা তথা ৰাইজ উপস্থিত থাকে ।

সোণতলী ফুটবল একাডেমিতো পালন কৰা হল বিশ্ব পৰিৱেশ দিৱস

সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ কামৰূপৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী ফুটবল একাডেমীৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়৷ সোণতলী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত দিনযোৰা কাৰ্যসুচীৰে উদযাপিত হৈছে পৰিৱেশ দিৱস৷ দেওবাৰে পুৱাৰে পৰা ছাফাই অভিযান কাৰ্যসূচী, সজাগতা অভিযানৰ লগতে গছপুলি ৰোপন কাৰ্যসূচী লৈছে সচেতন ৰাইজে৷

তাৰ ব্যতিক্ৰম নহয় সোণতলী ফুটবল একাডেমী৷ ৰাতিপুৱাই ছাফাই অভিযান কাৰ্যসূচী লৈ অনুষ্টপীয়াকৈ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাঙ্গনত বিশ্ব পৰিৱেশ দিৱস পাল কৰে সোণতলী ফুটবল একাডেমীয়ে৷

উক্ত কাৰ্যসূচীত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আশ্ৰাফ উদ্দিন আহমেদ, সোণতলী আঞ্চলিক মহাবিদ্যালয় ৰাজনীতি বিজ্ঞানৰ সহ অধ্যাপক দোস্ত খলিলুৰ ৰহমান লগতে সোণতলী ফুটবল একাডেমীৰ বিষয়ববীয়া শতাধিক ছাত্ৰ উপস্থিত থাকে।

আম আদমী পাৰ্টিত যোগদান কৰিব নেকি অখিল গগৈয়ে ?সামাজিক মাধ্যমত ব্যাপক চৰ্চা

অখিল গগৈৰ আম আদমি পাৰ্টিত যোগদানৰ সম্ভাবনা । সামাজিক মাধ্যমত ব্যাপক চৰ্চা। একেমুখে অস্বীকাৰ অখিল গগৈৰ। মই অথবা মোৰ দলে এই সন্দৰ্ভত কোনো চিন্তা কৰা নাই ।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ‘আম আদমী পাৰ্টি’ত যোগদান কৰি বুলি প্ৰচাৰ হোৱা বাতৰি সম্পূৰ্ণ মিছা।ইতিমধ্যে সামাজিক মাধ্যমত এই বাতৰি বিয়পি পৰাৰ লগতে বহু ৰাজনৈতিক নেতাই এনে যোগদানৰ সন্দৰ্ভত সামাজিক মাধ্যমত মতামত প্ৰদান কৰিছিল।

কিন্তু আজি শিৱসাগৰত সংবাদ মহলৰ আগত এনে প্ৰচাৰ ভিত্তিহীন বুলি ঘোষণা কৰে অখিল গগৈয়ে।বিধায়ক গৰাকীয়ে কয় যে আম আদমী পাৰ্টিৰ নেতৃত্বৰ সৈতে এক ভাল ব্যক্তিগত সম্পৰ্ক আছে যদিও এই সম্পৰ্ক কেতিয়াও ৰাজনৈতিক হোৱা নাই।

যদিও আম আদমি পাৰ্টিৰ জন্মলগ্নৰ পৰা মই তেওঁলোকৰ লগত আছিলো যদিও কেতিয়াও ৰাজনৈতিক ভাৱে তেওঁলোকৰ লগত একত্ৰিত হোৱাৰ চিন্তা কৰা নাই। ৰাইজৰ দল এক আঞ্চলিক-জাতীয়তাবাদী শক্তি আৰু আমাৰ লক্ষ্য বিজেপিক উৎখাত কৰা। এনে স্বাৰ্থত দৰকাৰ হ’লে সকলোৰে সহায় লম কিন্তু ৰাইজৰ দল এৰি কোনো দলত যোগদান কৰাৰ চিন্তা নাই কৰা।

আনহাতে ৰাজ্যৰ পিপিই কিট কেলেংকাৰীক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক গগৈ।তেওঁ এই কেলেংকাৰীৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰি কয় যে কভিডৰ নামত হোৱা সকলো বিত্তীয় অনিয়মৰ তদন্ত হোৱ উচিৎ ।

কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰম ভাৱে উদযাপন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস।

কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমভাৱে উদযাপন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস।

৫ জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্বজুৰি উদযাপিত হৈছে বিভিন্ন ধৰণে । গোলাঘাট জিলাৰ দেৰগাঁও উত্তৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমভাৱে উদযাপন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস। গাঁওখনৰ আইতাসকলে ৰোপন কৰিছে গছপুলি ।

আইতাসকলক ছাত্ৰ-ছাত্ৰীসকলে প্ৰদান কৰিছে মূল্যৱান গছ পুলিকে ধৰি বিশেষ উপহাৰ । ইয়াৰোপৰি পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা । ২০২২ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ বাণী ‘এখনেই মাত্ৰ পৃথিৱী’ ক লৈ অলংকৰণ কৰা হৈছে প্ৰাচীৰ পত্ৰিকাকেইখন। কণ কণ ছাত্ৰ-ছাত্ৰীৰ হাতৰ চাপ দি, পৰিৱেশ সজাগতামূলক বিভিন্ন চিত্ৰ, শ্ল’গান সুন্দৰ ৰূপত উপস্থাপন কৰিছে প্ৰাচীৰ পত্ৰিকাখনত।

তদুপৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলৰ সহযোগত প্ৰস্তুত কৰিছে পৰিৱেশ সম্পৰ্কীয় বিভিন্ন প্ৰকল্প। শিক্ষক-শিক্ষাৰ্থীয়ে পৰিৱেশন কৰিছে পৰিৱেশ সম্পৰ্কীয় সমবেত সংগীতো। বিদ্যালয়খনিৰ লগত জড়িত স্থানীয় ৰাইজ, মাতৃগোট, পৰিচালনা সমিতিৰ উপস্থিতিত ব্যতিক্ৰমীভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিৱেশ দিৱসক লৈ আনন্দিত ছাত্ৰ-ছাত্ৰীসকল।

১০খন ৰাজ্যত পুনৰ বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা

১০খন ৰাজ্যত পুনৰ বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা।

২৪ ঘণ্টাত দেশত ৪,৫১৮ টা নতুন ক’ভিড সংক্ৰমণৰ ঘটনা।দেশত পুনৰ বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা।কেৰালা,মহাৰাষ্ট্ৰ, তামিলনাডুকে ধৰি ১০খন ৰাজ্যত হঠাতে বাঢ়িছে ক’ভিড আক্ৰান্তৰ সংখ্যা।৩০ মে’ৰ পৰা ৫ জুনলৈ দেশত মুঠ ২৫,৩০০জন লোক ক’ভিডত আক্ৰান্ত হৈছিল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৪,৫১৮ টা নতুন সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।কেৰালা আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে।

দেওবাৰে দিল্লীত দৈনিক আক্ৰান্তৰ সংখ্যা ৩৪৩ জনলৈ বৃদ্ধি পাইছে।মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী আদিত্য থাকৰে কয় যে ক’ভিডৰ চতুৰ্থ ঢৌ হয়তো আহিছে,কিন্তু আতংকিত হ’বলগীয়া একো নাই।স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ভাৰতে যোৱা ২৪ ঘণ্টাত ২,৭৮,০৫৯ টা ক’ভিড-১৯ পৰীক্ষা সম্পন্ন কৰিছে।

দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ১৯৪.১২ কোটিতকৈও অধিক ভেকছিন পালি প্ৰদান কৰিছে।

আপুনি গুৰ খাব বেয়া পায় নেকি ? গুৰত আছে বহুতো উপকাৰি গুণ

উপকাৰিতা

শীতকালত গুৰ খোৱাটো উপযোগী কিয়নো ই শিৰা সম্প্ৰসাৰিত কৰাত সহায় কৰে আৰু শৰীৰত উষ্ণতা সৃষ্টি কৰে। গুৰ, চেনী বা খেজুৰ ব্যৱহাৰ কৰি খালে দেহৰ বাবে ভাল আৰু ইয়াত উচ্চ কেল’ৰি পদাৰ্থৰ দ্বাৰা উষ্ণতা সৃষ্টি হয়।  

লগতে, গুৰত অত্যাধিক পৰিমাণে পুষ্টি আৰু খনিজ থাকে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, শৰীৰক গৰম কৰে, লগতে ঠাণ্ডা, কাহ আদি প্ৰতিৰোধ কৰে আৰু শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে বুলি জনা যায়। শীতকালত গুৰ অসমীয়া সমাজত যথেষ্ট খোৱা হয় কিয়নো এই সময়ত বজাৰত সহজে উপলব্ধ হয়।” 

গুৰৰ কেইবাটাও চিকিৎসা গুণ আছে, যেতিয়া আপুনি ইয়াক গৰম পানীত মিহলি কৰে আৰু খালী পেটত খায় তেতিয়া দেহৰ ওজন হ্ৰাস আৰু হজম উন্নত কৰাৰ উপৰি বহুতো সমম্যা দুৰ কৰে।  

গুৰৰ ভিতৰত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন C- অত্যাধিক পৰিমাণে লো পোৱা যায়, সেয়েহে এই মিঠা গৰম পানী খোৱাই শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু কণ্ঠৰ সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। 

অচিন দেশলৈ গুছি গ’ল এজন প্ৰতিভাৱানৰ ফটো সাংবাদিক বিদ্যুত মণি কলিতা

এটি খবৰ পালে,এটি ফোন পালে তেওঁ আৰু নাহে।অচিন দেশলৈ গুছি গ’ল এজন প্ৰতিভাধৰ ফটো সাংবাদিক বিদ্যুত মণি কলিতাএটি খবৰ পালে,এটি ফোন পালে সময়-পৰিবেশ বিষয়বস্তুক লৈ এছ এল আৰৰ চাটাৰত ক্লিক কৰি আশা কৰাৰ দৰে এখন ফটো দিব পৰা বিদ্যুৎ মণি কলিতা আৰু নাই৷কিছুদিনৰ পূৰ্বে আমি লিখিছিলোঁ নব্বৈৰ দশকৰ এজন প্ৰতিভাধৰ ফটো সাংবাদিক বিদ্যুত মণি কলিতাৰ দুৰ্বিসহ জীৱনৰ কথা।

কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিদ্যুত মণি কলিতাই।অচিন দেশলৈ গুছি গ’ল তেওঁ।দেওঁবাৰে নিশা ১১-৪০ বজাত নগাঁও জিলাৰ ধিঙৰ বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰিলে ফটো সাংবাদিক বিদ্যুত মণি কলিতাই।সোমবাৰে পুৱা ধিঙৰ ৰাজহুৱা স্মশানত কলিতাৰ শেষকৃত সম্পন্ন কৰা হয়।অবিবাহিত বিদ্যুত মণি কলিতাই মৃত্যুৰ সময়ত পিতৃ,ভাতৃক এৰি থৈ গৈছে।

কেইবামাহ ধৰি ধিঙৰ বাসগৃহত অসুস্হ হৈ বিচনাতে থাকিব লগা হৈছিল কলিতাই।ফটো সাংবাদিক বিদ্যুত মণি কলিতাৰ মৃত্যুত ধিঙৰ লগতে নগাঁৱত শোকৰ ছাঁ পৰিছে।উল্লেখযোগ্য যে, নব্বৈৰ দশকৰ এজন প্ৰতিভাধৰ ফটোগ্ৰাফাৰ আছিল বিদ্যুৎ মণি কলিতা।এসময়ত একমাত্ৰ এখন ফটোৱে খলকনিৰ সৃষ্টি কৰিছিল বিদ্যৎমণিয়ে।তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,মহাপ্ৰতাপী মন্ত্ৰী দ্বীগেন চন্দ্ৰ বৰা,অসম আৰক্ষীৰ শীৰ্ষ বিষয়া,ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়া আনকি কেন্দ্ৰীয় চোৰাংচোৱায়েও সঘন খবৰ লৈছিল বিদ্যুতৰ৷ দিছপুৰৰ পৰা বিদ্যুতৰ খবৰ লবলৈ দৌৰিছিল এম্বেচাডৰ৷ আলফাৰ পৰা আৰম্ভ কৰি ছালফা সকলোৰে বিদ্যুত আছিল নয়নৰমণি৷

অসম আৰক্ষীয়ে চকু ৰাখিছিল বিদ্যুৎ মণিৰ ওপৰত৷সংবাদপত্ৰৰ সম্পাদক, সম্পাদনা কক্ষৰ পৰা সঘনে ফোন গৈছিল বিদ্যুতৰ কাষলৈ।সকলোকে লাগে বিদ্যুতক৷অনবৰতে হাতত কেমেৰা লৈ ফুৰা বিদ্যুৎ মণিৰো সময় নাছিল৷সকলোকে সময় দিব লাগে৷দিনবোৰ বৰ ব্যস্ততাৰে পাৰ কৰিছিল বিদ্যুতে৷কিন্তু ধিঙৰ পৰা যাত্ৰ আৰম্ভ কৰি এদিন মধ্য অসমত ফটো সাংবাদিকতাৰ লগতে বিভিন্ন কাকতত ধিঙৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰি ৰাজ্যজুৰি জনপ্ৰিয়তা অৰ্জন কৰা বিদ্যুৎ মণি কলিতা যেন সকলোৰে মানসপতৰ পাহৰনিৰ গৰ্ভত৷