Home Blog Page 2344

পতি-পত্নীৰ মিল থাকিলে কি কৰিব নোৱাৰি , এইবাৰ অত্যাধিক মদ্যপান কৰি পতি -পত্নীয়ে মিলি যুৱকক কৰিলে হত্যা

বিহালীত নিশা সংঘটিত হ’ল চাঞ্চল্যকৰ হত্যাকাণ্ড, অত্যাধিক মদ্যপান কৰি পতি-পত্নীয়ে মিলি হত্যা কৰিলে ৰাজু গোৱালা নামৰ এজন লোকক।

বিহালীত নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙাগড়ৰ ৩ নং লাইনত সংঘটিত হ’ল এই ঘটনা । অত্যাধিক সুৰাপান কৰি হোৱা কাজিয়াৰ সূত্ৰপাতত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ ।

ৰঙাগড় অসম চাহ মজদুৰ সংঘৰ এজন শক্তিশালী নেতা ৰাজু গোৱালাক তেওঁৰ ঘৰৰ কাষতেই আশ্ৰয় দিয়া বাবুল টংলা আৰু সুনীতা বৰাইক নামৰ পতি-পত্নীহালে মিলি হত্যা কৰে । ঘটনা সংক্ৰান্তত বৰগাং আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী পতী-পত্নী দ্বয়ক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

ধনশিৰিত ভয়ংকৰ পথ দূৰ্ঘটনা

ধনশিৰি মহকুমাৰ নাওজানৰ বেতনি পথাৰত সোমবাৰে দিনত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। নাওজানৰ পৰা সৰুপথাৰ অভিমুখে আহি থকা এখন স্কুটী আৰু সৰুপথাৰৰ পৰা নাওজানৰ দিশে গৈ থকা এখন শিল ভৰ্তি ডাম্পাৰৰ মুখামুখী সংঘৰ্ষৰ ফলত স্কুটী চালকজনৰ থিতাতে নিহত হয় আৰু আনজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসালয়ত মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

মৃত্যু হোৱা লোক দুজনৰ নাম মিঠুন ঘোচ আৰু উজ্জ্বল দেৱ। ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ দূৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ হৈছে AS09D 7508 আৰু ডাম্পাৰখনৰ নম্বৰ হৈছে AS05C 9329। ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ডাম্পাৰৰ চালকজন।

গুগলৰ এচপ্ৰেছ’ যন্ত্ৰৰ গডফাদাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গুগলে সোমবাৰে (6 জুন, 2022) এচপ্ৰেছ’ যন্ত্ৰৰ গডফাদাৰ এঞ্জেলো মৰিয়ণ্ডোক তেওঁৰ 171 তম জন্মদিনত এক বিশেষ ডুডলৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ১৮৫১ চনৰ ৬ জুনত ইটালীৰ তুৰিনত জন্ম গ্ৰহণ কৰা মৰিয়ণ্ডো আছিল প্ৰথম জনা জাত এচপ্ৰেছ’ যন্ত্ৰৰ পেটেন্ট লোৱা ব্যক্তি।

মৰিয়ণ্ডোউদ্যোগী সকলৰ এটা পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল কিয়নো তেওঁৰ ককাদেউতাক এটা সুৰা উৎপাদন কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল আৰু তেওঁৰ দেউতাকে জনপ্ৰিয় চকলেট কোম্পানী – “মৰিয়ণ্ডো আৰু গেৰিগ্লিঅ” নিৰ্মাণ কৰিছিল। তেওঁৰ পৰিয়ালৰ পদাংক অনুসৰণ কৰি, মৰিয়ণ্ডোৱে দুটা প্ৰতিষ্ঠান ক্ৰয় কৰিছিল: চহৰৰ কেন্দ্ৰ পিয়াজ্জা কাৰ্লো ফেলিচত গ্ৰেণ্ড-হোটেল লিগুৰ আৰু ভায়া ৰোমাৰ গেলেৰিয়া নাজিওনেলৰ আমেৰিকান বাৰ।

ইটালীত কফী জনপ্ৰিয় হোৱাৰ সৈতে, কফীৰ বাবে অপেক্ষা কৰি অতিবাহিত কৰা সময়বোৰে গ্ৰাহকসকলক অসুবিধাত পেলাইছিল আৰু মৰিয়ণ্ডোৱে ভাবিছিল যে একেলগে একাধিক কাপ কফি তৈয়াৰ কৰিলে তেওঁ দ্ৰুত গতিত অধিক গ্ৰাহকক সেৱা আগবঢ়াব পাৰিব, যাৰ ফলত তেওঁ তেওঁৰ প্ৰতিযোগীসকলৰ তুলনাত এক প্ৰান্ত লাভ কৰিব।

১৭সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’

অসমীয়া ছবি জগতলৈ আন এক সুখবৰ ৷ অসমৰ ডিমাচা জনগোষ্ঠীৰ ছবি চেমখৰৰ জৰিয়তে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৰাজ্যলৈ একাধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা-সন্মান কঢ়িয়াই অনাৰ পাছত এইবাৰ এখন তথ্যচিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়৷

১৭সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ নামৰ তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ ৬০ মিনিটতকৈ কম সময়ৰ তথ্যচিত্ৰৰ শিতানত আইমী বৰুৱাই পৰিচালনা কৰা তথ্যচিত্ৰখনে শ্ৰেষ্ঠ বিবেচিত হয়৷


উল্লেখযোগ্য যে আন্তঃধৰ্মীয় বিবাহৰ ভুক্তভোগীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই তথ্যচিত্ৰখন৷ তথ্যচিত্ৰখনৰ প্ৰযোজনা পৰিছে মালা বৰুৱাই৷ বঁটাৰ সৈতে ট্ৰফী আৰু নগদ প্ত লাখ টকা প্ৰদান কৰা হয়৷

হাতত প্লে’কাৰ্ড লৈ বিহালীৰ এখন বিদ্যালয় ছাত্র-ছাত্রী উলাই আহিল ৰাজপথলৈ

হাতত প্লে’কাৰ্ড লৈ বিহালীৰ এখন বিদ্যালয় ছাত্র-ছাত্রী উলাই আহিল ৰাজপথলৈ । কিন্ত্ত কিয় ৰাজপথলৈ উলাই আহিল এইসকল ছাত্র-ছাত্রী ।

পৰিবেশ সুৰক্ষিত , প্লাষ্টিল বৰ্জন কৰা বাবে বিহালী সমষ্টি বৰগাঙৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্র-ছাত্রী সকলে হাতত প্লেকাৰ্ড লৈ পৰিবেশ সুৰক্ষা প্লাষ্টিক বৰ্জন কৰি সমাজ সজাগতা বাবে বিভিন্ন শ্লো’গান দি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ৰেলী কৰা দেখা যায় ।

বিদ্যালয়খনৰ পৰা ছাত্র-ছাত্রী সকলে এই ৰেলী আৰম্ভ কৰি বৰগাঙ আদৰ্শ চিকিৎসালয় , বৰগাঙ চেন্টাৰৰ মাজমজিয়াৰে ঘুৰি আহি পুনৰ বিদ্যালয়খনত সমাপ্ত কৰে । ছাত্র-ছাত্রী সকলে এই ৰেলীৰ মাজেৰে বৰগাঙ গাঁও পঞ্চায়ত, বৰগাঙ চেন্টাৰ, বৰগাঙ আদৰ্শ চিকিৎসালয় , বিহালী খণ্ড উন্নয়ন কাৰ্যালয় , বৰগাঙ আৰক্ষী চকী , আৰু বৰগাঙ শংকৰদেৱ শিশু নিকেতনত বিভিন্ন প্ৰকাৰৰ বৃক্ষ ৰোপন কৰাওঁ দেখা যায় ।

চালমান খানে পালে হত্যাৰ ভাবুকিৰ চিঠি…

চলমান খান আৰু চেলিম খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে, তেওঁক হত্যা কৰাৰ ভাবুকি দিয়া চিঠি । চলমান খানে তেওঁক হত্যা কৰাৰ ভাবুকি দিয়া এখন পত্ৰ পাইছিল।

তেতিয়াৰ পৰা, তেওঁলোকৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। বলীউডৰ ভাইজান চলমান খানে দেওবাৰে তেওঁক হত্যা কৰাৰ ভাবুকি দিয়া এখন পত্ৰ পাইছিল। চিঠিখন চলমানৰ দেউতাক চেলিম খানে জগিং কৰিবলৈ যোৱাৰ সময়ত পাইছিল। পত্ৰখন পোৱাৰ পিছত, আৰক্ষীয়ে অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল আৰু তদন্ত আৰম্ভ কৰিছিল। সূত্ৰঅনুসৰি, এতিয়া মুম্বাই আৰক্ষীয়ে এই গোচৰটোত চলমান খান আৰু তেওঁৰ দেউতাক চেলিম খানৰ নিৰাপত্তা বৃদ্ধি কৰিছে । পাঞ্জাৱী গায়ক সিদ্ধু মিউজেৱালাৰ মৃত্যুৰ পিছত চলমানলৈ পত্ৰখন প্ৰেৰণ কৰা হৈছে।

যেতিয়া চেলিম খানে ৰাতিপুৱা জগিং কৰিবলৈ গৈছিল, তেওঁ তেওঁৰ আৰু তেওঁৰ পুত্ৰ চলমান খানৰ নামত এটা ভাবুকিপূৰ্ণ পত্ৰ পাইছিল য’ত তেওঁ বেঞ্চত বহি আছিল। এই পত্ৰখনত লিখা হৈছিল যে চলমান খানৰ সিদ্ধুকো এটা মিউজৱালা বনোৱা হ’ব। চলমান খানৰ অনুৰাগীসকলে ভাবুকিপূৰ্ণ পত্ৰ পোৱাৰ পিছৰে পৰা বিচলিত হৈ আছে। যাৰ বাবে তেওঁলোকৰ নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। শেহতীয়াকৈ, পাঞ্জাৱী গায়ক সিদ্ধু মোচেৱালাক দিনৰ পোহৰত গুলীয়াই হত্যা কৰা হৈছিল।

তেতিয়াৰ পৰা উদ্যোগটোত শোক প্ৰকাশ কৰি আহিছে। চলমান খানে অলপতে আইফা ২০২২ অনুষ্ঠানৰ পৰা মুম্বাইলৈ উভতি আহিছে। অনুষ্ঠানটো আবু ধাবিত অনুষ্ঠিত হৈছিল। চলমানে আইফা ২০২২ আয়োজন কৰিছে। অনুষ্ঠানটো আয়োজন কৰাৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, চলমান খানক শীঘ্ৰেই কেটৰিনা কাইফৰ সৈতে টাইগাৰ 3-ত দেখা যাব। চলচ্চিত্ৰখন অহা বছৰ ছবিগৃহত মুক্তি পাব।

নিকৰ বুকুত শুব নোৱাৰা হৈছে প্ৰিয়ংকা , ডায়েনাই কৰিছে আশান্তি , পিছে কোন এই ডায়েনা ?

প্ৰিয়ংকা চোপ্ৰা লছ এঞ্জেলছৰ এটা বিলাসী ঘৰত বাস কৰে। এই ঘৰটো লছ এঞ্জেলছৰ আটাইতকৈ ধুনীয়া ঘৰ হিচাপে গণ্য কৰা হয়। প্ৰিয়ংকাই তাত তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰে আৰু তেওঁৰ বহুতো পোহনীয়া জন্তু এই পৰিয়ালৰ অংশ।

প্ৰিয়ংকা চোপ্ৰা বৰ্তমানৰ সময়ত বিশ্বব্যাপী তাৰকা হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়ে কেৱল বলীউডতে নহয় হলীউডতো নিজৰ প্ৰতিভাৰে সকলোকে মোহিত কৰিছে। প্ৰিয়ংকা তেওঁৰ পেশাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনতো বহুত সুখী।

কিন্তু কিছু সময় আগতে প্ৰিয়ংকা চোপ্ৰাই নিজেই কৈছিল যে, “মোৰ আৰু নিকৰ মাজত কোনোবা আহিছে, যাৰ বাবে মই গোটেই ৰাতি শান্তিৰে শুব নোৱাৰো।”

ইয়াৰ লগতে, অভিনেত্ৰীগৰাকীয়ে পোহনীয়া জন্তু ডাঙৰ-দীঘল কৰিবলৈ খুব ভাল পায় আৰু তেওঁৰ ঘৰত, তেওঁ পোহনীয়া জন্তুবোৰক পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰে।
ডায়েনা হৈছে নিকে প্ৰিয়ংকাক দিয়া বিশেষ উপহাৰ।

নিশা গুৱাহাটীৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দেওবাৰে নিশা গুৱাহাটীৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । পৰিভ্ৰমণ কৰি মুখ্য়মন্ত্ৰীয়ে বিভিন্ন সমস্যাসমূহ, বিশেষকৈ ষ্ট্ৰীট লাইটৰ সমস্যাটোৰ বুজ লয়। যিবোৰ ৰাস্তাত পৰ্যাপ্ত বা কোনো ষ্ট্ৰীট লাইট নাই, সেইবোৰত ষ্ট্ৰীট লাইট স্থাপনৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয় মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তদুপৰি ইয়াৰ লগতে মহানগৰীত চলি থকা বিভিন্ন কামৰ অগ্ৰগতিৰ বুজ লয়।

মহানগৰীত চলি থকা উৰণ সেতু নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব বুলি কয় মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই পৰিদৰ্শন কালত সতীৰ্থ মন্ত্ৰী শ্ৰীঅশোক সিংহল, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ায়ো সংগ দিয়ে ।

সেস্বাসেৱী গোটৰ সৌজন্যত দৃষ্টিহীন পৰিয়ালৰ বাসগৃহ মেৰামতি আৰু চকু চিকিৎসাৰ দায়িত্ব গ্ৰহন

“ মানুহে মানুহৰ বাবে “ নামৰ এটি সেস্বাসেৱী গোটৰ সৌজন্যত টেঙাখাতৰ দৃষ্টি হীন পৰিয়ালৰ বাসগৃহ মেৰামতিৰ লগতে তিনি সন্তানৰ চকু চিকিৎসাৰ দায়িত্ব গ্ৰহন ৷

মানৱ সমাজত বিভিন্ন দিশত পিছপৰি থকা তথা সমাজত অৱহেলিত হৈ থকা দূৰ্গত সকলক বিভিন্ন ধৰনে সহায় সহযোগিতা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখি এচাম সমাজ সচেতক তথা মানৱ দৰদী ব্যক্তিৰ দ্বাৰা গঠন কৰা হৈছে এটি গোট নাম “ মানুহে মানুহৰ বাবে “ ৷ হয় ,এই গোটটিৰ তৰফৰ পৰা এটা সজাতি দল দেওবাৰে টেঙাখাতৰ টিংৰাই কঠালগুৰি গাৱঁৰ দৃষ্টিহীন শ্যাম সোনোৱালৰ ঘৰত আহি উপস্থিত হয়।

উল্লেখ্য যে জন্মগত ভাৱে দৃষ্টিহীন পিতৃ শ্যাম সোনোৱালৰ লগতে দৃষ্টিহীন পুত্ৰ কলিয়া,টিকু আৰু জীয়ৰী পম্পী সোনোৱালে শাৰীৰিক অক্ষমতাৰ বাবে কেৱল আনৰ ঘৰত খুজি মাগি এটা পানী পৰা ঘৰৰ কৰ্দযময় পৰিবেশত দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে ৷

ঠিক তেনে সময়তে সামাজিক মাধ্যমৰ যোগেদি অৱগত হৈ দেওবাৰে এই গোটটোৰ সভাপতি যোগেশ গগৈ,সাধাৰণ সম্পাদক কণ্ঠশিল্পী লোহিত গগৈ,মুখ্য উপদেষ্টা অৰুন কুমাৰ চৌধৰীৰ লগতে অনান্য সদস্য- সদস্যা সকল শ্যাম সোনোৱালৰ কাষত উপস্থিত হয় আৰু তেওঁলোকৰ দুখৰ সমভাগী হৈ অতিশীঘ্ৰে ঘৰটো মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ৷

ইয়াৰ সমান্তৰালভাৱে ভাৱে মুখ্য উপদেষ্টা তথা অৰুনাচল প্ৰদেশৰ এ কে মচাং মেমোৰিয়েল চ’চাইটিৰ সঞ্চালক অৰুপ কুমাৰ চৌধৰীয়ে অতিশীঘ্ৰে নিজাববীয়াকৈ দৃষ্টিহীন কলিয়া, টিকু আৰু পম্পী সোনোৱালৰ চকুৰ চিকিৎসা কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি ঘোষণা কৰে ৷

ইয়াৰ লগতে গোটৰ সদস্য সকলৰ সৈতে উপস্হিত হোৱা শিল্পী ইউৰেকা বৰুৱাই নিজস্ব ভাৱে পাৰ্যমানে পৰিয়ালটিক বস্ত্ৰ প্ৰদান কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ৷

এই “ মানুহে মানুহৰ বাবে “ গোটটিৰ তৰফৰ পৰা এনে ধৰণৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰাত স্বাভাৱিকতে দৃষ্টিহীন শ্যাম সোনোৱালে সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷

এই সজাতি দলটিত সভাপতি যোগেশ গগৈ, সম্পাদক লোহিত গগৈ,মুখ্য উপদেষ্টা অৰুপ কুমাৰ চৌধৰী,উপদেষ্টা শৈলেন বৰুৱাকে ধৰি ইউৰেকা বৰুৱা, পৰমা ফুকন, হিৰণ্য সোনোৱাল, গায়ত্ৰী সোনোৱাল ,জিষ্ণু ফুকন,বলিত ফুকন,অচিন্ত ফুকন,বৰ্নালী আৰনধৰা, ঝৰ্ণা ৰবীন দিহিঙীয়া, সঞ্জীৱ শইকীয়া,ববী চেতিয়া আৰু বৰ্নালী গগৈকে ধৰি অনান্য বহু কেইজন সদস্য- সদস্যা আৰু শুভাকাংক্ষী উপস্থিত থাকে ৷

চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ! জুৰী বৰা বৰগোহাঞিৰ নতুন উপন্যাস ‘চিঞৰ’

উচ্চ শিক্ষা প্ৰতিষ্ঠানত যৌন-শোষণ ক্ৰমাৎ বাঢ়ি আহিছে। ‘মিটু’ আন্দোলনৰ প্ৰভাৱে বৰ্তমানেও না না গোপন কাহিনী আমাৰ সমুখত উন্মোচিত কৰি আছে। বাতৰি কাকত, নিউজ চেনেলত আজিকালি শৈক্ষিক প্ৰতিষ্ঠান কিছুমানৰ এনে ঘটনাবোৰ বেনাৰ হেডলাইন, ব্ৰেকিং নিউজ হৈ প্ৰচাৰ হৈ আছে। প্ৰায় প্ৰতিদিনেই এনেধৰণৰ বাতৰি প্ৰচাৰ হোৱা দেখা যায়। শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ভিতৰচ’ৰাত ঘটা এনে কাণ্ডই বহু চিন্তাশীল লোকৰ মনত উদ্বেগ সৃষ্টি কৰিছে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা অন্যান্য শিক্ষাৰ প্ৰতিষ্ঠানসমূহতো নাৰীসকল যেন সুৰক্ষিত নহয় তেনে এক পৰিৱেশ সৃষ্টি হৈছে। আনহাতে বিশ্ববিদ্যালয় পৰ্যায়ত কেৰিয়াৰৰ জখলাত বগাই যোৱাৰ প্ৰতিযোগিতাত সকলো বস্তু পণ্য হৈ যোৱাৰ দৰে সন্মানজনক শৈক্ষিক ডিগ্ৰীও পণ্য হৈ গৈছে নেকি? পি এইচ ডি বা ডক্তৰেট ডিগ্ৰী আমাৰ সমাজৰ বাবে আটাইতকৈ সন্মানজনক ডিগ্ৰী। চাকৰি, পদোন্নতি, বিদ্যায়তনিক স্বীকৃতি বা অন্য গৱেষণাৰ বাবে এই ডিগ্ৰী দৰকাৰী। সমাজত সন্মানজনক স্থান এটাৰ অধিকাৰী হ’বলৈও কোনো কোনোৱে ডক্তৰেট ডিগ্ৰী লয়। অন্বেষনমূলক গবেষণাই নতুনত্বৰ সম্ভেদ দিয়ে, ন ন চিন্তাৰ বিকাশত সহায় কৰে। আমি এনে এজন গৱেষকলৈ আশাকৰো যাৰ গৱেষণা কৰ্মই চিন্তাৰ পৰিধি বহল কৰিব, সমাজক উপকৃত কৰিব আৰু সমাজৰ সঠিক পৰিৱৰ্তনত সহায় কৰিব। কিন্তু বাস্তৱত এই মহান বুলি বিবেচনা কৰা গৱেষণা ক্ষেত্ৰখনত সংঘটিত হৈ আহিছে নানা অপকৰ্ম। তাৰ ভিতৰত যৌন শোষণো অন্যতম। কিছুৱে তিলমানো কষ্ট নকৰাকৈ শৈক্ষিক আৰু কৰ্মক্ষেত্ৰত জখলা বগোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এচামে এই ডিগ্ৰীটোক লৈ ব্যৱসায় কৰিছে। কিছু গাইদ তথা তত্বাৱধায়কে গবেষকক নানা ধৰণে ব্যৱহাৰ কৰি আহিছে। কিছুমান লোভী আৰু সুবিধাবাদী চৰিত্ৰৰ মানুহে এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিলেও কিছুমান প্ৰতিবাদী সত্বাই এনেকুৱা আচৰণৰ বিপক্ষে সোচ্চাৰ হৈ পৰে। গাইডৰ এনে ধৰণৰ আচৰণক লৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা যে সেই প্ৰতিবাদকো উফৰাবলৈ এই শৈক্ষিক মহলৰে প্ৰভাৱশালী কিছু লোক ব্যস্ত হৈ পৰে।


এনে কিছুমান কাহিনীক লৈ জনপ্ৰিয় ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ নৱতম উপন্যাস ‘চিঞৰ’। ঔপন্যাসিক গৰাকীৰ ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’, ‘আপোনজনৰ ঠিকনা’, ‘অভিলাষী যাত্ৰা’, ‘ৰাগ… ইমন’, ‘লিড’লাম’, ‘নাংফা’, ‘ভোক’, ‘আংকুশ’, ‘সিহঁত’ উপন্যাসৰ পাছতে এই দশম সংখ্যক উপন্যসখন প্ৰকাশ কৰিছে ‘বনলতা’ প্ৰকাশনৰ প্ৰকাশক প্ৰদু্যৎ হাজৰিকাই। বিগত সময়ছোৱাত শিক্ষা জগতত ক্ৰমাৎ বাঢ়ি অহা যৌন-নিৰ্যাতন, সুবিধাবাদ, কষ্ট, মানসিক উৎপীড়ন আদিক কেন্দ্ৰ কৰি লিখা ‘চিঞৰ’ সমসাময়িক সমাজ-বাস্তৱৰ এখনি জীৱন্ত দলিল। সমাজ-বাস্তৱৰ চেতনা আৰু ৰ্নিৰ্ভীক প্ৰতিবাদক মূল আধাৰ হিচাপে লৈ লিখা কেইবাখনো মানবিশিষ্ট উপন্যাসৰ পিছত লেখিকাৰ এইখনো মূলত প্ৰতিবাদী উপন্যাস। শৈক্ষিক প্ৰতিষ্ঠানৰ এই সৰ্বনাশী চৰিত্ৰই যে সমাজখনৰো কিছু বিপৰ্য্যয় ঘটায় আহিছে তাত সন্দেহ নাই। কাল্পনিক হলেও উপন্যাসখনৰ কাহিনীত যিবোৰ চৰিত্ৰ দেখা গৈছে তাৰ কিছুমান চৰিত্ৰক আমাৰ সকলো সমাজতে কম-বেছি পৰিমাণে পোৱা যায়। সেইসকল আমাৰ চিনাকি পৰিমণ্ডলৰ মানুহ। ‘চিঞৰ’ৰ মূল প্ৰটাগনিষ্ট গৰাকীও এনেধৰণৰ অনাকাংখিত পৰিৱেশৰ সন্মুখীন হৈছে। যি নিজৰ ধৰণে সমস্যাটোক প্ৰত্যাহ্বান জনাবলৈ সাহ আৰু শক্তি গোটাইছে। বিভিন্ন মহলৰ পৰা অহা চাপত প্ৰটাগনিষ্ট হাৰি যোৱাৰ উপক্ৰম হ’লেও উপন্যাসখনৰ মূল কথনে সমাজলৈ গুৰুত্বপূৰ্ণ বাৰ্তা দিছে।


উপন্যাসখনত প্ৰটাগনিষ্টৰ মুখত প্ৰকাশ হোৱা তাৎপৰ্য বহন কৰা দুটামান কথা হ’ল– ‘মেম। মই ছাৰৰ দৈহিক সম্পৰ্কৰ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিলোহেঁতেন। ইমানকৈ হুলস্থূল নকৰিলোহেঁতেন। কিন্তু মোৰ আটাইতকৈ বেয়া লাগিছিল মোক থেছিছ লিখি দিম বুলি কোৱাটোত। চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ কেনেকৈ সম্ভৱ! ড০ লিখা মানুহক সমাজে কিমান সন্মান কৰে! বা ছাৰে এই কথাটো কেনেকৈ ভাবিব পাৰিলে যে দেহ দি মই পি.এইচ.ডি.ৰ দৰে সন্মানীয় গৱেষণাৰ ডিগ্ৰী এটা ল’ম! বৰ অসহ্যকৰ। মই ভি.চি.ৰ ওচৰলৈ সেই কাৰণেই গৈছিলো যে মোৰ দৰে আন কাৰোবাৰ লগত এনেকুৱা নহওক। হায়াৰ এডুকেশ্যনত যদি এইবোৰ হয়…।’
এনেধৰণৰ কথাবোৰেৰে এই সমাজতে অৱস্থিতি থকা এটা শক্তিশালী, আপোচবিহীন প্ৰতিবাদী চৰিত্ৰ নিৰ্মাণত লেখিকাই গুৰুত্ব আৰোপ কৰিছে। লগতে সুবিধাজনক স্থানত থকা স্বাৰ্থপৰ কিছু লোকৰ চৰিত্ৰ পাঠকৰ সমুখত উন্মোচিত কৰিছে। লেখিকাই যদিও কাহিনীটো কাল্পনিক বুলি কৈছে প্ৰকৃতাৰ্থত উপন্যাসখন বাস্তৱৰ এক দলিল স্বৰূপ হোৱাৰ বাবে পাঠকে একাত্ম অনুভৱ কৰিব পাৰিব। ডিব্ৰুগড়ৰ ডি’ প্ৰিমলেণ্ডত ‘চিঞৰ’ প্ৰসংগত আজি ‘বনলতা’ই সংবাদ মেল আৰু ঔপন্যাসিকৰ স’তে আন্তৰিক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। তাতেই সাংবাদিকসকলৰ সন্মুখত জুৰী বৰা বৰগোহাঞিয়ে ‘চিঞৰ’ উপন্যাসখন নিজৰ হাতেৰে দাঙি ধৰি আনুষ্ঠানিক ভাবে পাঠক সমাজলৈ আগবঢ়াই দিয়ে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি দত্ত, সাংবাদিক বিভাষ দুৱৰা, যাদৱ গগৈ, ৰাতুল বুঢ়াগোহাঁই, মুক্তামণি হাজৰিকা, চন্দন ফুকন, ধনটি শইকীয়া, কৰুণা ফুকন, জ্যোতিষ কুমাৰ পাতিৰ, দ্বীপজয় শইকীয়া, দেৱজিৎ চুতীয়া, দীপু বৰা, সাংবাদিক ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ডৰ লগতে কবি অমিতাভ ফুকন, কৃতি আৰু অৱসৰী প্ৰধান শিক্ষয়িত্ৰী পুণ্য বৰগোহাঞি, কবি আৰক্ষী বিষয়া ভাস্কৰ ফুকন. শক্তিশালী নাৰীবাদী কৰ্মী অৰ্পনা বৰা আৰু সুদক্ষিণা দাস বৰদলৈ, লেখক-অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, ফটোগ্ৰাফাৰ সঞ্জীৱ বসুমতাৰীয়ে অন্তৰংগ আলাপ কৰে। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰি কয়– আমাৰ বিনম্ৰ প্ৰয়াস যাতে সমাজৰ পৰা এনে ধৰণৰ চৰিত্ৰ, সামাজিক আৰু শৈক্ষিক শোষণৰ অন্ত হওক।