Home Blog Page 2351

আম আদমী পাৰ্টিত যোগদান কৰিব নেকি অখিল গগৈয়ে ?সামাজিক মাধ্যমত ব্যাপক চৰ্চা

অখিল গগৈৰ আম আদমি পাৰ্টিত যোগদানৰ সম্ভাবনা । সামাজিক মাধ্যমত ব্যাপক চৰ্চা। একেমুখে অস্বীকাৰ অখিল গগৈৰ। মই অথবা মোৰ দলে এই সন্দৰ্ভত কোনো চিন্তা কৰা নাই ।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ‘আম আদমী পাৰ্টি’ত যোগদান কৰি বুলি প্ৰচাৰ হোৱা বাতৰি সম্পূৰ্ণ মিছা।ইতিমধ্যে সামাজিক মাধ্যমত এই বাতৰি বিয়পি পৰাৰ লগতে বহু ৰাজনৈতিক নেতাই এনে যোগদানৰ সন্দৰ্ভত সামাজিক মাধ্যমত মতামত প্ৰদান কৰিছিল।

কিন্তু আজি শিৱসাগৰত সংবাদ মহলৰ আগত এনে প্ৰচাৰ ভিত্তিহীন বুলি ঘোষণা কৰে অখিল গগৈয়ে।বিধায়ক গৰাকীয়ে কয় যে আম আদমী পাৰ্টিৰ নেতৃত্বৰ সৈতে এক ভাল ব্যক্তিগত সম্পৰ্ক আছে যদিও এই সম্পৰ্ক কেতিয়াও ৰাজনৈতিক হোৱা নাই।

যদিও আম আদমি পাৰ্টিৰ জন্মলগ্নৰ পৰা মই তেওঁলোকৰ লগত আছিলো যদিও কেতিয়াও ৰাজনৈতিক ভাৱে তেওঁলোকৰ লগত একত্ৰিত হোৱাৰ চিন্তা কৰা নাই। ৰাইজৰ দল এক আঞ্চলিক-জাতীয়তাবাদী শক্তি আৰু আমাৰ লক্ষ্য বিজেপিক উৎখাত কৰা। এনে স্বাৰ্থত দৰকাৰ হ’লে সকলোৰে সহায় লম কিন্তু ৰাইজৰ দল এৰি কোনো দলত যোগদান কৰাৰ চিন্তা নাই কৰা।

আনহাতে ৰাজ্যৰ পিপিই কিট কেলেংকাৰীক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক গগৈ।তেওঁ এই কেলেংকাৰীৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰি কয় যে কভিডৰ নামত হোৱা সকলো বিত্তীয় অনিয়মৰ তদন্ত হোৱ উচিৎ ।

কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰম ভাৱে উদযাপন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস।

কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমভাৱে উদযাপন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস।

৫ জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্বজুৰি উদযাপিত হৈছে বিভিন্ন ধৰণে । গোলাঘাট জিলাৰ দেৰগাঁও উত্তৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমভাৱে উদযাপন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস। গাঁওখনৰ আইতাসকলে ৰোপন কৰিছে গছপুলি ।

আইতাসকলক ছাত্ৰ-ছাত্ৰীসকলে প্ৰদান কৰিছে মূল্যৱান গছ পুলিকে ধৰি বিশেষ উপহাৰ । ইয়াৰোপৰি পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা । ২০২২ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ বাণী ‘এখনেই মাত্ৰ পৃথিৱী’ ক লৈ অলংকৰণ কৰা হৈছে প্ৰাচীৰ পত্ৰিকাকেইখন। কণ কণ ছাত্ৰ-ছাত্ৰীৰ হাতৰ চাপ দি, পৰিৱেশ সজাগতামূলক বিভিন্ন চিত্ৰ, শ্ল’গান সুন্দৰ ৰূপত উপস্থাপন কৰিছে প্ৰাচীৰ পত্ৰিকাখনত।

তদুপৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলৰ সহযোগত প্ৰস্তুত কৰিছে পৰিৱেশ সম্পৰ্কীয় বিভিন্ন প্ৰকল্প। শিক্ষক-শিক্ষাৰ্থীয়ে পৰিৱেশন কৰিছে পৰিৱেশ সম্পৰ্কীয় সমবেত সংগীতো। বিদ্যালয়খনিৰ লগত জড়িত স্থানীয় ৰাইজ, মাতৃগোট, পৰিচালনা সমিতিৰ উপস্থিতিত ব্যতিক্ৰমীভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিৱেশ দিৱসক লৈ আনন্দিত ছাত্ৰ-ছাত্ৰীসকল।

১০খন ৰাজ্যত পুনৰ বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা

১০খন ৰাজ্যত পুনৰ বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা।

২৪ ঘণ্টাত দেশত ৪,৫১৮ টা নতুন ক’ভিড সংক্ৰমণৰ ঘটনা।দেশত পুনৰ বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা।কেৰালা,মহাৰাষ্ট্ৰ, তামিলনাডুকে ধৰি ১০খন ৰাজ্যত হঠাতে বাঢ়িছে ক’ভিড আক্ৰান্তৰ সংখ্যা।৩০ মে’ৰ পৰা ৫ জুনলৈ দেশত মুঠ ২৫,৩০০জন লোক ক’ভিডত আক্ৰান্ত হৈছিল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৪,৫১৮ টা নতুন সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।কেৰালা আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে।

দেওবাৰে দিল্লীত দৈনিক আক্ৰান্তৰ সংখ্যা ৩৪৩ জনলৈ বৃদ্ধি পাইছে।মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী আদিত্য থাকৰে কয় যে ক’ভিডৰ চতুৰ্থ ঢৌ হয়তো আহিছে,কিন্তু আতংকিত হ’বলগীয়া একো নাই।স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ভাৰতে যোৱা ২৪ ঘণ্টাত ২,৭৮,০৫৯ টা ক’ভিড-১৯ পৰীক্ষা সম্পন্ন কৰিছে।

দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ১৯৪.১২ কোটিতকৈও অধিক ভেকছিন পালি প্ৰদান কৰিছে।

আপুনি গুৰ খাব বেয়া পায় নেকি ? গুৰত আছে বহুতো উপকাৰি গুণ

উপকাৰিতা

শীতকালত গুৰ খোৱাটো উপযোগী কিয়নো ই শিৰা সম্প্ৰসাৰিত কৰাত সহায় কৰে আৰু শৰীৰত উষ্ণতা সৃষ্টি কৰে। গুৰ, চেনী বা খেজুৰ ব্যৱহাৰ কৰি খালে দেহৰ বাবে ভাল আৰু ইয়াত উচ্চ কেল’ৰি পদাৰ্থৰ দ্বাৰা উষ্ণতা সৃষ্টি হয়।  

লগতে, গুৰত অত্যাধিক পৰিমাণে পুষ্টি আৰু খনিজ থাকে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, শৰীৰক গৰম কৰে, লগতে ঠাণ্ডা, কাহ আদি প্ৰতিৰোধ কৰে আৰু শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে বুলি জনা যায়। শীতকালত গুৰ অসমীয়া সমাজত যথেষ্ট খোৱা হয় কিয়নো এই সময়ত বজাৰত সহজে উপলব্ধ হয়।” 

গুৰৰ কেইবাটাও চিকিৎসা গুণ আছে, যেতিয়া আপুনি ইয়াক গৰম পানীত মিহলি কৰে আৰু খালী পেটত খায় তেতিয়া দেহৰ ওজন হ্ৰাস আৰু হজম উন্নত কৰাৰ উপৰি বহুতো সমম্যা দুৰ কৰে।  

গুৰৰ ভিতৰত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন C- অত্যাধিক পৰিমাণে লো পোৱা যায়, সেয়েহে এই মিঠা গৰম পানী খোৱাই শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু কণ্ঠৰ সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। 

অচিন দেশলৈ গুছি গ’ল এজন প্ৰতিভাৱানৰ ফটো সাংবাদিক বিদ্যুত মণি কলিতা

এটি খবৰ পালে,এটি ফোন পালে তেওঁ আৰু নাহে।অচিন দেশলৈ গুছি গ’ল এজন প্ৰতিভাধৰ ফটো সাংবাদিক বিদ্যুত মণি কলিতাএটি খবৰ পালে,এটি ফোন পালে সময়-পৰিবেশ বিষয়বস্তুক লৈ এছ এল আৰৰ চাটাৰত ক্লিক কৰি আশা কৰাৰ দৰে এখন ফটো দিব পৰা বিদ্যুৎ মণি কলিতা আৰু নাই৷কিছুদিনৰ পূৰ্বে আমি লিখিছিলোঁ নব্বৈৰ দশকৰ এজন প্ৰতিভাধৰ ফটো সাংবাদিক বিদ্যুত মণি কলিতাৰ দুৰ্বিসহ জীৱনৰ কথা।

কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিদ্যুত মণি কলিতাই।অচিন দেশলৈ গুছি গ’ল তেওঁ।দেওঁবাৰে নিশা ১১-৪০ বজাত নগাঁও জিলাৰ ধিঙৰ বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰিলে ফটো সাংবাদিক বিদ্যুত মণি কলিতাই।সোমবাৰে পুৱা ধিঙৰ ৰাজহুৱা স্মশানত কলিতাৰ শেষকৃত সম্পন্ন কৰা হয়।অবিবাহিত বিদ্যুত মণি কলিতাই মৃত্যুৰ সময়ত পিতৃ,ভাতৃক এৰি থৈ গৈছে।

কেইবামাহ ধৰি ধিঙৰ বাসগৃহত অসুস্হ হৈ বিচনাতে থাকিব লগা হৈছিল কলিতাই।ফটো সাংবাদিক বিদ্যুত মণি কলিতাৰ মৃত্যুত ধিঙৰ লগতে নগাঁৱত শোকৰ ছাঁ পৰিছে।উল্লেখযোগ্য যে, নব্বৈৰ দশকৰ এজন প্ৰতিভাধৰ ফটোগ্ৰাফাৰ আছিল বিদ্যুৎ মণি কলিতা।এসময়ত একমাত্ৰ এখন ফটোৱে খলকনিৰ সৃষ্টি কৰিছিল বিদ্যৎমণিয়ে।তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,মহাপ্ৰতাপী মন্ত্ৰী দ্বীগেন চন্দ্ৰ বৰা,অসম আৰক্ষীৰ শীৰ্ষ বিষয়া,ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়া আনকি কেন্দ্ৰীয় চোৰাংচোৱায়েও সঘন খবৰ লৈছিল বিদ্যুতৰ৷ দিছপুৰৰ পৰা বিদ্যুতৰ খবৰ লবলৈ দৌৰিছিল এম্বেচাডৰ৷ আলফাৰ পৰা আৰম্ভ কৰি ছালফা সকলোৰে বিদ্যুত আছিল নয়নৰমণি৷

অসম আৰক্ষীয়ে চকু ৰাখিছিল বিদ্যুৎ মণিৰ ওপৰত৷সংবাদপত্ৰৰ সম্পাদক, সম্পাদনা কক্ষৰ পৰা সঘনে ফোন গৈছিল বিদ্যুতৰ কাষলৈ।সকলোকে লাগে বিদ্যুতক৷অনবৰতে হাতত কেমেৰা লৈ ফুৰা বিদ্যুৎ মণিৰো সময় নাছিল৷সকলোকে সময় দিব লাগে৷দিনবোৰ বৰ ব্যস্ততাৰে পাৰ কৰিছিল বিদ্যুতে৷কিন্তু ধিঙৰ পৰা যাত্ৰ আৰম্ভ কৰি এদিন মধ্য অসমত ফটো সাংবাদিকতাৰ লগতে বিভিন্ন কাকতত ধিঙৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰি ৰাজ্যজুৰি জনপ্ৰিয়তা অৰ্জন কৰা বিদ্যুৎ মণি কলিতা যেন সকলোৰে মানসপতৰ পাহৰনিৰ গৰ্ভত৷

পতি-পত্নীৰ মিল থাকিলে কি কৰিব নোৱাৰি , এইবাৰ অত্যাধিক মদ্যপান কৰি পতি -পত্নীয়ে মিলি যুৱকক কৰিলে হত্যা

বিহালীত নিশা সংঘটিত হ’ল চাঞ্চল্যকৰ হত্যাকাণ্ড, অত্যাধিক মদ্যপান কৰি পতি-পত্নীয়ে মিলি হত্যা কৰিলে ৰাজু গোৱালা নামৰ এজন লোকক।

বিহালীত নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙাগড়ৰ ৩ নং লাইনত সংঘটিত হ’ল এই ঘটনা । অত্যাধিক সুৰাপান কৰি হোৱা কাজিয়াৰ সূত্ৰপাতত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ ।

ৰঙাগড় অসম চাহ মজদুৰ সংঘৰ এজন শক্তিশালী নেতা ৰাজু গোৱালাক তেওঁৰ ঘৰৰ কাষতেই আশ্ৰয় দিয়া বাবুল টংলা আৰু সুনীতা বৰাইক নামৰ পতি-পত্নীহালে মিলি হত্যা কৰে । ঘটনা সংক্ৰান্তত বৰগাং আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী পতী-পত্নী দ্বয়ক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

ধনশিৰিত ভয়ংকৰ পথ দূৰ্ঘটনা

ধনশিৰি মহকুমাৰ নাওজানৰ বেতনি পথাৰত সোমবাৰে দিনত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। নাওজানৰ পৰা সৰুপথাৰ অভিমুখে আহি থকা এখন স্কুটী আৰু সৰুপথাৰৰ পৰা নাওজানৰ দিশে গৈ থকা এখন শিল ভৰ্তি ডাম্পাৰৰ মুখামুখী সংঘৰ্ষৰ ফলত স্কুটী চালকজনৰ থিতাতে নিহত হয় আৰু আনজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসালয়ত মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

মৃত্যু হোৱা লোক দুজনৰ নাম মিঠুন ঘোচ আৰু উজ্জ্বল দেৱ। ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ দূৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ হৈছে AS09D 7508 আৰু ডাম্পাৰখনৰ নম্বৰ হৈছে AS05C 9329। ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ডাম্পাৰৰ চালকজন।

গুগলৰ এচপ্ৰেছ’ যন্ত্ৰৰ গডফাদাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গুগলে সোমবাৰে (6 জুন, 2022) এচপ্ৰেছ’ যন্ত্ৰৰ গডফাদাৰ এঞ্জেলো মৰিয়ণ্ডোক তেওঁৰ 171 তম জন্মদিনত এক বিশেষ ডুডলৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ১৮৫১ চনৰ ৬ জুনত ইটালীৰ তুৰিনত জন্ম গ্ৰহণ কৰা মৰিয়ণ্ডো আছিল প্ৰথম জনা জাত এচপ্ৰেছ’ যন্ত্ৰৰ পেটেন্ট লোৱা ব্যক্তি।

মৰিয়ণ্ডোউদ্যোগী সকলৰ এটা পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল কিয়নো তেওঁৰ ককাদেউতাক এটা সুৰা উৎপাদন কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল আৰু তেওঁৰ দেউতাকে জনপ্ৰিয় চকলেট কোম্পানী – “মৰিয়ণ্ডো আৰু গেৰিগ্লিঅ” নিৰ্মাণ কৰিছিল। তেওঁৰ পৰিয়ালৰ পদাংক অনুসৰণ কৰি, মৰিয়ণ্ডোৱে দুটা প্ৰতিষ্ঠান ক্ৰয় কৰিছিল: চহৰৰ কেন্দ্ৰ পিয়াজ্জা কাৰ্লো ফেলিচত গ্ৰেণ্ড-হোটেল লিগুৰ আৰু ভায়া ৰোমাৰ গেলেৰিয়া নাজিওনেলৰ আমেৰিকান বাৰ।

ইটালীত কফী জনপ্ৰিয় হোৱাৰ সৈতে, কফীৰ বাবে অপেক্ষা কৰি অতিবাহিত কৰা সময়বোৰে গ্ৰাহকসকলক অসুবিধাত পেলাইছিল আৰু মৰিয়ণ্ডোৱে ভাবিছিল যে একেলগে একাধিক কাপ কফি তৈয়াৰ কৰিলে তেওঁ দ্ৰুত গতিত অধিক গ্ৰাহকক সেৱা আগবঢ়াব পাৰিব, যাৰ ফলত তেওঁ তেওঁৰ প্ৰতিযোগীসকলৰ তুলনাত এক প্ৰান্ত লাভ কৰিব।

১৭সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’

অসমীয়া ছবি জগতলৈ আন এক সুখবৰ ৷ অসমৰ ডিমাচা জনগোষ্ঠীৰ ছবি চেমখৰৰ জৰিয়তে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৰাজ্যলৈ একাধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা-সন্মান কঢ়িয়াই অনাৰ পাছত এইবাৰ এখন তথ্যচিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়৷

১৭সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ নামৰ তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ ৬০ মিনিটতকৈ কম সময়ৰ তথ্যচিত্ৰৰ শিতানত আইমী বৰুৱাই পৰিচালনা কৰা তথ্যচিত্ৰখনে শ্ৰেষ্ঠ বিবেচিত হয়৷


উল্লেখযোগ্য যে আন্তঃধৰ্মীয় বিবাহৰ ভুক্তভোগীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই তথ্যচিত্ৰখন৷ তথ্যচিত্ৰখনৰ প্ৰযোজনা পৰিছে মালা বৰুৱাই৷ বঁটাৰ সৈতে ট্ৰফী আৰু নগদ প্ত লাখ টকা প্ৰদান কৰা হয়৷

হাতত প্লে’কাৰ্ড লৈ বিহালীৰ এখন বিদ্যালয় ছাত্র-ছাত্রী উলাই আহিল ৰাজপথলৈ

হাতত প্লে’কাৰ্ড লৈ বিহালীৰ এখন বিদ্যালয় ছাত্র-ছাত্রী উলাই আহিল ৰাজপথলৈ । কিন্ত্ত কিয় ৰাজপথলৈ উলাই আহিল এইসকল ছাত্র-ছাত্রী ।

পৰিবেশ সুৰক্ষিত , প্লাষ্টিল বৰ্জন কৰা বাবে বিহালী সমষ্টি বৰগাঙৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্র-ছাত্রী সকলে হাতত প্লেকাৰ্ড লৈ পৰিবেশ সুৰক্ষা প্লাষ্টিক বৰ্জন কৰি সমাজ সজাগতা বাবে বিভিন্ন শ্লো’গান দি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ৰেলী কৰা দেখা যায় ।

বিদ্যালয়খনৰ পৰা ছাত্র-ছাত্রী সকলে এই ৰেলী আৰম্ভ কৰি বৰগাঙ আদৰ্শ চিকিৎসালয় , বৰগাঙ চেন্টাৰৰ মাজমজিয়াৰে ঘুৰি আহি পুনৰ বিদ্যালয়খনত সমাপ্ত কৰে । ছাত্র-ছাত্রী সকলে এই ৰেলীৰ মাজেৰে বৰগাঙ গাঁও পঞ্চায়ত, বৰগাঙ চেন্টাৰ, বৰগাঙ আদৰ্শ চিকিৎসালয় , বিহালী খণ্ড উন্নয়ন কাৰ্যালয় , বৰগাঙ আৰক্ষী চকী , আৰু বৰগাঙ শংকৰদেৱ শিশু নিকেতনত বিভিন্ন প্ৰকাৰৰ বৃক্ষ ৰোপন কৰাওঁ দেখা যায় ।