Home Blog Page 2353

গুগলৰ বিশেষ ডুডলৰ জৰিয়তে ভাৰতীয় পদাৰ্থবিজ্ঞানীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গুগলে বিশেষ ডুডলৰ জৰিয়তে ভাৰতীয় পদাৰ্থবিজ্ঞানীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে
১৯২৪ চনৰ আজিৰ দিনটোতে, সন্তয়েন্দ্ৰ নাথ বসুৱে তেওঁৰ কোৱাণ্টাম ফৰ্মুলেচনজাৰ্মান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনলৈ প্ৰেৰণ কৰিছিল যিয়ে ইয়াক কোৱাণ্টাম বলবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হিচাপে স্বীকৃতি দিছিল।

গুগলে শনিবাৰে পদাৰ্থ বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ অৱদানৰ বাবে এক বিশেষ ডুডলৰ জৰিয়তে প্ৰখ্যাত ভাৰতীয় গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী সতীন্দ্ৰ নাথ বসুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

১৯২৪ চনৰ আজিৰ দিনটোতে ১৯২০ ৰ দশকৰ আৰম্ভণিতে কোৱাণ্টাম বলবিজ্ঞানৰ ওপৰত কৰা কামৰ বাবে সৰ্বাধিক পৰিচিত সতীন্দ্ৰ নাথ বসুৱে তেওঁৰ কোৱাণ্টাম ফৰ্মুলেচনজাৰ্মান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনলৈ প্ৰেৰণ কৰে যিয়ে ইয়াক কোৱাণ্টাম বলবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হিচাপে স্বীকৃতি দিয়ে।

তত্যেন্দ্ৰ নাথ বসু: গুগলে বিশেষ ডুডলৰ জৰিয়তে ভাৰতীয় পদাৰ্থবিজ্ঞানীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে
কোৱা হয় যে বসুৱে এলবাৰ্ট আইনষ্টাইনক তেওঁৰ পৰামৰ্শদাতা হিচাপে লৈছিল।

পদাৰ্থ বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে গুগলে শনিবাৰে প্ৰখ্যাত ভাৰতীয় গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী সতীন্দ্ৰ নাথ বসুক এক বিশেষ ডুডলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
১৯২৪ চনৰ আজিৰ দিনটোতে, ১৯২০ ৰ দশকৰ আৰম্ভণিতে কোৱাণ্টাম বলবিজ্ঞানৰ ওপৰত কৰা কামৰ বাবে সৰ্বাধিক জনাজাত সতীন্দ্ৰ নাথ বসুৱে তেওঁৰ কোৱাণ্টাম ফৰ্মুলেচনজাৰ্মান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনলৈ প্ৰেৰণ কৰিছিল যিয়ে ইয়াক কোৱাণ্টাম বলবিজ্ঞানত এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হিচাপে স্বীকৃতি দিছিল।

কোৱা হয় যে বসুৱে এলবাৰ্ট আইনষ্টাইনক তেওঁৰ পৰামৰ্শদাতা হিচাপে লৈছিল।

১৮৯৪ চনত কলকাতাত জন্মগ্ৰহণ কৰা বসুৰ পদাৰ্থ বিজ্ঞান, গণিত, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান, খনিজ বিজ্ঞান, দৰ্শন, কলা, সাহিত্য আৰু সংগীতকে ধৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ আগ্ৰহ আছিল।

বসুৱে কলিকতাৰ হিন্দু বিদ্যালয়ত পঢ়িছিল আৰু পিছত প্ৰেচিডেন্সি কলেজত পঢ়িছিল— প্ৰতিটো প্ৰতিষ্ঠানত সৰ্বাধিক নম্বৰ অৰ্জন কৰিছিল।

১৯২৪ চনত বসুৱে ধ্ৰুপদী পদাৰ্থ বিজ্ঞানৰ কোনো প্ৰসংগ অবিহনে প্লেংকৰ কোৱাণ্টাম বিকিৰণ আইন আহৰণ কৰা এখন কাকত লিখিছিল।

1954 চনত, বসুক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়

গুৱাহাটীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ

গুৱাহাটীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ।সমগ্ৰ ৰাজ্যতে বাছসমূহ বিদ্যুত চালিত কৰা হ’ব।পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য ।

গুৱাহাটী মহানগৰৰ ৰাজপথত ৰাজ্যৰ পৰিবহন বিভাগে বন্ধ কৰিব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ ৷আনকি সমগ্ৰ ৰাজ্যতে বাছসমূহ বিদ্যুত চালিত কৰিব ৰাজ্যৰ পৰিবহন বিভাগে৷ৰাজ্য চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি এই কথা জানিবলৈ দিয়ে৷

বিটিচিৰ কোকলাবাৰীত পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয় যে,”গুৱাহাটী মহানগৰৰ ৰাজপথত চলিব বিদ্যুত চালিত বাছ৷ সম্প্ৰতি মহানগৰীত বিশ খন বিদ্যুত চালিত বাছ চলি আছে৷অচিৰেই গুৱাহাটী মহানগৰলৈ আহিব দুশখন বিদ্যুত চালিত বাছ৷ এই বাছ সমূহ আহিলেই মহানগৰীত বন্ধ কৰিম পেট্ৰল আৰু ডিজেল চালিত বাছ। প্ৰদূষণ মুক্ত কৰাৰ বাবে সকলোৱে বাছসমূহ চিএচজি নাইবা বিদ্যুত চালিত কৰিব লাগিব৷” উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে বাছসমূহ বিদ্যুত চালিত কৰা হ’ব বুলিও তেওঁ কয়৷

১৪টাকৈ ৱেবছাইটত লাভ কৰিব মেট্ৰিকৰ ফলাফল

১৪টাকৈ ৱেবছাইটত লাভ কৰিব মেট্ৰিকৰ ফলাফল।৭ জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ডাউনলোড কৰিব পাৰিব নম্বৰৰ তালিকা।জুনত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।

পুৱা ১০ বজাৰ লগে লগেই ঘোণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪১৯৮৮৭ গৰাকী।ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।১৪টাকৈ ৱেবছাইটত মেট্ৰিকৰ ফলাফল লাভ কৰিব।ছেবাই মুকলি কৰিছে ১৪ টাকৈ ৱেবছাইট।

৭ জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব।পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল নং আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰি ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ ফলাফল লাভ কৰিব।

ৱেবছাইট কেইটা হৈছে——–1.results.sebeonline,org

2.resultsassam.nic.in

3.www.indiaresults.com4.www.results.shiksha

5.www.assamshiksha

6.www.asssamonline.in7.exametc.com

8.www.schools9.com

9.https://iresults.net

10.assamjobalerts,com

11.assamresults.in

12.necareer.com

13.www.jagranjosh.com

14.www.vidyavision.com

অৱশেষত বিতৰ্কিত এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ গড়মূৰ আৰক্ষীৰ

তিনিদিনৰ জেৰাৰ অন্তত বিতৰ্কিত এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ।পোহৰলৈ আহিছিল ভাবী স্বামী ৰাণা প’গাগৰে ধনৰ লেনদেনৰ তথ্যবহু বিতৰ্কিত এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ।তিনিদিনৰ জেৰাৰ অন্তত গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জোনমণি ৰাভাক।আৰক্ষী অধীক্ষক গৌতম বৰাই সদৰি কৰিলে এই কথা।তিনিদিন ধৰি আৰক্ষীয়ে মাজুলীৰ গড়মুৰ থানাত মাৰাথন জেৰা চলাইছিল ৰাভাক।প্ৰৱঞ্চনাৰ গোচৰত ভাবি স্বামী ৰাণা পাগাগৰ সৈতে নাম সাঙোৰ খাইছিল জোনমণিৰ।উল্লেখযোগ্য যে, প্ৰৱঞ্চনাৰ ঘটনাত জোনমণি ৰাভাৰ বিৰুদ্ধে আৰক্ষীয়ে বিভিন্ন ধৰণৰ তথ্য প্ৰমাণ লাভ কৰিছিল।

বিগত দুদিন ধৰি জোনমণি ৰাভাক আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত বহু নতুন তথ্য লাভ কৰিছিল আৰক্ষীয়ে।আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছিল ভাবী স্বামী ৰাণা প’গাগৰে ধনৰ লেনদেনৰ তথ্য।জোনমণি ৰাভাৰ একাউণ্টত সোমাইছিল লাখে লাখে টকা।ধনৰ লেনদেনৰ তথ্য পোহৰলৈ অহাৰ পাছতে জোনমণি ৰাভাৰ ওপৰত সন্দেহ বৃদ্ধি পাইছিল আৰক্ষীৰ।জোনমণিৰ দুটাকৈ বেংক একাউণ্টত সোমাইছিল প্ৰায় ২০ লক্ষাধিক টকা।জোনমণি ৰাভাৰ কানাড়া বেংকৰ একাউন্টত ১১,৩৩,১৭৪ টকাৰ লেনদেন হৈছিল।জোনমণিৰ এক্সিছ বেংকৰ একাউন্টটো সোমাইছিল ৯,১৪,২৬৯ টকা।আজি আৰক্ষীয়ে পুনৰ জেৰা চলাই এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰে।

অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা

আজি অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা তথা এক যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা।

দলটোক সেৱাৰ মাধ্যম হিচাপে লৈ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ কাষ চপাৰ লগতে দলৰ সাংগঠনিক ভেটি শক্তিশালীকৰণত হাত-কামে লাগিবলৈ সকলোকে আন্তৰিক আহ্বান জনায় মন্ত্ৰী অতুল বৰাই ।আজিৰ সভাতেই কেইবাটাও ৰাজনৈতিক-অৰাজনৈতিক দলৰ প্ৰাক্তন বিষয়ববীয়া, যুৱ নেতা তথা বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত শতাধিক লোকে দলত যোগদান কৰে।

মন্ত্ৰী অতুল বৰাই সকলোকে জাতি তথা আঞ্চলিক স্বাৰ্থ সুৰক্ষিত ৰখাৰ হকে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আহ্বান জনায় আৰু সকলোকে আন্তৰিকতাৰে দললৈ স্বাগতম জনায়।

অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপৰ কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত উপ-সভাপতি, সাধাৰণ সম্পাদক, দলৰ কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, সদস্য/সদস্যা আৰু ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল সভাত উপস্থিত থাকে।

কোটি টকাৰ সম্পত্তিৰ গৰাকী আছিল কে কে, গানেৰে জয় কৰিছিল অনুৰাগীৰ হৃদয়

মঙলবাৰে কলকাতাত এক লাইভ কনচাৰ্টৰ পিছত বলীউডৰ গায়ক কে কে (কৃষ্ণ কুমাৰ কুন্নাথ)ৰ ৫৩ বছৰ বয়সত মৃত্যু হয়। নেপথ্য গায়ক কে কেৰ মৃত্যুত সকলোৱে হতবাক হৈ পৰিছে। তেওঁৰ মৃত্যুৱে সমগ্ৰ বলীউডক শোকৰ ঢৌত ডুবাই দিছে। কেকেয়ে জিংগল গাই তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। কে.কে.-ক এ.আৰ. ৰহমানে চলচ্চিত্ৰত গানৰ বিৰতি দিছিল, যাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল। কেকেৰ শক্তিশালী গানৰ বাবে তেওঁৰ যথেষ্ট অনুৰাগী আছিল। ৯০ ৰ দশকৰ পৰা, তেওঁ নিজৰ গানেৰে মানুহক পাগল কৰি তুলিছিল।

এতিয়া কে.কে.-ৰ প্ৰস্থানৰ পিছত, মানুহে তেওঁক সামাজিক মাধ্যমত অনুপস্থিত কৰিছে। এনে পৰিস্থিতিত, সকলোৱে কে.কে.-ৰ বিষয়ে জানিব বিচাৰে। গতিকে এই খণ্ডটোত কেকেৰ জীৱনশৈলী আৰু তেওঁৰ মুঠ মূল্যৰ বিষয়ে কওঁ আহক -লাইভ কনচাৰ্টৰ বাবে 10 টকাৰ পৰা 15 লাখ টকালৈকে মাচুল লোৱা হৈছিল । কেকেয়ে তেওঁৰ কেৰিয়াৰত ২৫০০ তকৈও অধিক গান গাইছে। কেকেয়ে এটা গানৰ বাবে ৫ ৰ পৰা ৬ লাখ টকালৈকে মাচুল আদায় কৰিছিল। কেকেয়ে সংগীতানুষ্ঠানত প্ৰদৰ্শন কৰি এক বৃহৎ পৰিমাণৰ উপাৰ্জন কৰিছিল। এটা লাইভ কনচাৰ্টৰ বাবে, কে.কে.-য়ে প্ৰায় 10 ৰ পৰা 15 লাখ টকা লৈছিল। কেকেৰ মুঠ মুঠ মূল্য প্ৰায় ৮ কোটি টকা, কে.কে.-ৰ মৃত্যুৰ পিছত, তেওঁ কোটি কোটি টকাৰ সম্পত্তি এৰি গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কেকেৰ মুঠ মুঠ সম্পত্তি আছিল প্ৰায় ৮ নিযুত ডলাৰ অৰ্থাৎ ৬২ কোটি টকা ।

তেওঁ গাড়ীৰ প্ৰতিও ভাল পাইছিল। কেকে উদ্যোগটোৰ আটাইতকৈ ব্যয়বহুল গায়কসকলৰ মাজৰ এজন আছিল। কেকেৰ ওচৰত কোটি কোটি টকাৰ দামী গাড়ীও আছিল। তেওঁৰ গাড়ী সংগ্ৰহত অডিকে ধৰি বহুতো ডাঙৰ ব্ৰেণ্ডৰ গাড়ী অন্তৰ্ভুক্ত আছিল।

বিলাসী ঘৰটোৰ গৰাকী আছিল কে কে, কেকেয়ে তেওঁৰ কণ্ঠস্বৰৰ বলত এটা বিলাসী জীৱন যাপন কৰিছিল। কে.কে.-ৰ জন্ম দিল্লীত হৈছিল, কিন্তু মুম্বাইত তেওঁৰ এটা বিলাসী ঘৰ আছে, য’ত তেওঁ তেওঁৰ পত্নী আৰু দুই সন্তানৰ সৈতে বাস কৰিছিল। কেকেৰ ঘৰৰ ভিতৰভাগ অতি ধুনীয়া।

অনিয়মীয়া মাহেকীয়া  হলে মানি চলক এইবোৰ নিয়ম

১) দৈনিক যোগাসন বা শৰীৰচৰ্চাই হৰমনৰ অসন্তুলনৰ ফলত হোৱা মাহেকীয়া অনিয়মীয়া প্ৰতিৰোধ কৰিব পাৰে৷ যোগাসনে মাহেকীয়াত হোৱা পেটৰ বিষো নিৰাময় কৰিব পাৰে৷

(২) দৈনিক আদা সেৱন কৰিলে মাহেকীয়া সম্বন্ধীয় যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ইয়াৰ বাবে আদা পানীত উতলাই সেই পানী সেৱন কৰিলে উপকৃত হ’ব পাৰি৷

(৩) কেইটামান ৰঙা জবাফুলৰ পাত পিচি একেৰাহে খালে সুফল পোৱা যায়৷

(8) ডালচেনিয়ে মাহেকীয়া নিয়মীয়া কৰাৰ লগতে পেটৰ বিষ, অত্যধিক ৰক্তক্ষৰণ, বমি আদি ভাব দূৰ কৰে৷ ইয়াৰ বাবে আপুনি ডালচেনি আৰু মৌ মিশ্ৰণ কৰি এগিলাচ গৰম পানীৰ লগত মাহেকীয়া হোৱাৰ প্ৰথম দুদিনত খাব লাগে৷

(৫) মাহেকীয়া অনিয়মীয়াত পেটৰ বিষ হ’লে সৰিয়হ বটি লৈ গৰম কৰি পেটত প্ৰলেপ দিলে বিষৰ উপশম ঘটে৷

(৬) অশোক গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে ঋতুস্ৰাৱ নিয়মীয়া হয় আৰু জৰায়ুৰ ক্ৰিয়া ভাল হয়৷

৭) মাহেকীয়াৰ সময়ত অত্যধিক ৰক্তক্ষৰণ হ’লে শৰীৰত তেজৰ পৰিমাণ কমিবলৈ ধৰে৷ এনে সময়ত আইৰন আৰু ভিটামিন-C যুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খোৱা উচিত৷ অধিক চৰ্বিজাতীয় খাদ্য পৰিহাৰ কৰা উচিত৷

মচুৰ দাইলৰ আছে বহু ঔষধি গুণ

মচুৰ দাইলত এনে কি গুণ আছে জানো আহক–

(১) গৱেষণাৰ পৰা গম পোৱা গৈছে যে মচুৰ দাইলত থকা ফাইবাৰে তেজত থকা বেয়া কলেষ্টৰেলৰ মাত্ৰা কমোৱাত বিশেষ ভূমিকা লয়৷ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কমাৰ লগতে ষ্ট্ৰ’কৰ সম্ভাৱনাও কমে৷
(২) মচুৰ দাইলত ফাইবাৰৰ উপৰিও ফলেট, মেগনেচিয়াম পোৱা যায়৷ এইবোৰে হাৰ্টৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ ফলত হাৰ্টৰ সমস্যা হোৱাৰ সম্ভাৱনা নোহোৱা হয়৷ উল্লেখ্য যে ফলেটে শৰীৰত হমোছিষ্টেনিনৰ মাত্ৰা কমায়৷


(৩) প্ৰচুৰ পৰিমাণে ফাইবাৰ মচুৰ দাইলত থকা বাবে হজমৰ সহায়ত এচিডৰ ক্ষৰণ বঢ়াই তোলে৷ ফলত বদহজম, গেছৰ সমস্যা আদি কমাই ৰাখে৷
(৪) মচুৰ দাইলত থকা চলেবল ফাইবাৰে ব্লাড ছুগাৰৰ লেভেল নিয়ন্ত্ৰণ ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ বাবে ডায়েবেটিছ ৰোগত ভোগাৰ সম্ভাৱনা কমে৷
(৫) মচুৰ দাইল খালে আমাৰ শৰীৰে ৪% কেলৰি প্ৰ’টিন হিচাপে গ্ৰহণ কৰে৷ ফলত শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানৰ ঘাটি দূৰ কৰে৷ সেয়ে শৰীৰটো নানাবিধ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমে৷
(৬) মচুৰ দাইলত থকা কাৰ্বহাইড্ৰেট, প্ৰ’টিন, উপকাৰী খনিজ, ফাইবাৰে বহুসময় ধৰি পেটটো ভৰাই ৰাখে৷ ফলত কিছু সময়ৰ মূৰে মূৰে খোৱাৰ প্ৰৱণতা নাইকিয়া হয়৷ সেয়ে এইবিধ দাইলে শৰীৰৰ ওজন হ্ৰাসত উল্লেখনীয় অৰিহণা যোগায়৷

গোগামুখত সদৌ ঙাটে বংশাৱলীৰ সভা, বংশাৱলীৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

মিচিং সকলৰ অন্যতম গোত্ৰ ঙাটে অপেঃ অৰ্থাৎ ঙাটে বংশাৱলীৰ এখন সভা কালি অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত অনুষ্ঠিত হোৱা উক্ত সভাত ঙাটে বংশাৱলীৰ বিশিষ্ট ব্যক্তি মিচিং সমাজৰ লগতে বৃহত্তৰ অসমীয়া সমাজলৈ শিক্ষা,সামাজিক, সাংস্কৃতিক, প্ৰশাসনিক, ৰাজনৈতিক আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বহুকেইজন লোকক সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানটোত বিশেষভাৱে ঙাটে বংশাৱলীৰ প্ৰথমগৰাকী বিধায়ক তথা মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন ঙাটে গাম, ভূৱন গামৰ পত্নী পূন্যৱতী ঙাটে, সুদক্ষ প্ৰশাসনিক বিষয়া তথা বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰনাথ ঙাটে, মুনীন্দ্ৰনাথ ঙাটেৰ পত্নী মীনা ঙাটে, মাজুলী ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱ কুমাৰ ঙাটে গাম, অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ উচ্চ বৰ্গৰ সহায়ক লয়কান্ত ঙাটে, চিলাপথাৰ অকাজানৰ পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক মৃনাল ঙাটে, অৱসৰপ্ৰাপ্ত বিদ্যালয় সমূহৰ জিলা ডি আই নন্দনাথ ঙাটে গাম, আদী-মিচিং পৰিণ কৗবাঙৰ সভাপতি তুষাৰ ঙাটে, জীয়াভৰলী বোকাগাঁও মিলিৰ লাটগাঁওবুঢ়া কালিচৰণ ঙাটে, জোনাই বাহিৰ চিলেৰ লাটগাঁওবুঢ়া অশোক ঙাটে আদিৰ লগতে বহু বয়োজেষ্ঠ লোককো সম্বৰ্ধনা জনোৱা হয় ৷

সম্বৰ্ধিত ব্যক্তিসকলক মিবু গালোগ, গেৰঃ, য়ক্‌ছা, অৗৰকগ আৰু মানপত্ৰ আদি প্ৰদান কৰা হয় ৷ সভাখনত সভাপতিত্ব কৰে সদৌ ঙাটে অপেঃৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কিশোৰ ঙাটেই ৷ সভাখন আঁত ধৰে ৰাজেশ ঙাটে আৰু দিলীপ ঙাটে গামে ৷ উল্লেখনীয় যে, উক্ত সভাত সম্বৰ্ধিত ব্যক্তিসকলে ঙাটে বংশাৱলীৰ পৰা সম্বৰ্ধনা লাভ কৰি আনন্দ প্ৰকাশ কৰে আৰু বংশাৱলীৰ প্ৰতিগৰাকী লোকক দায়িত্ব সহকাৰে কাম কৰি শিক্ষা-সাংস্কৃতিক, অৰ্থনৈতিক আদি দিশত আগুৱাই যাবলৈ আহ্বান জনায় ৷

গোলাঘাটৰ কাবৰুগাঁওত ভয়ংকৰ অগ্নিকাণ্ড

গোলাঘাটৰ কাবৰুগাঁওত ভয়ংকৰ অগ্নিকাণ্ড; কথমপি প্ৰাণৰক্ষা এটি পৰিয়ালৰ । বৃহস্পতিবাৰে নিশা প্ৰায় ১ মান বজাত গোলাঘাটৰ কাবৰুগাঁওত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। জানিব পৰা মতে ভবেন ভৰালীৰ পৰিয়ালটো শুই থকা অৱস্থাতে বৈদ্যুতিক বিজুতিৰ ফলত জুইৰ সুত্ৰপাত হয়।

জুই লেলিহান শিখাই আগুৰি ধৰা পূৰ্বেই দুৰ্ভগীয়া পৰিয়ালটো ঘৰৰ পৰা ওলাই যোৱাত কথমপি প্ৰাণ ৰক্ষা পৰে। উল্লেখযোগ্য যে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও ইতিমধ্যে ঘৰটোৰ লগতে সকলো সা-সম্পত্তি সম্পূৰ্ণৰূপে জুইত জাহ যায়।

অনুমান কৰা মতে প্ৰায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ। পৰিতাপৰ কথা ঘৰৰ বাহিৰত থকা এখন বাইক আৰু চাইকেলো জুইত ভস্মীভূত হয়। পৰিয়ালটোৰ এনে দুৰ্ঘটনাত একেবাৰে বিধ্বস্ত হৈ পৰাৰ লগতে এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।