Home Blog Page 2394

গাদীচ্যুত ইমৰাণ! পাকিস্তানৰ নেতৃত্ব ল’ব শ্বেহবাজ শ্বৰীফে…

শাসনৰ গাদীত থাকিও পলকতে ক্লীন বল্ড হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। মাজনিশা প্ৰায় মুহূৰ্তত আস্থাৰ ভোটত পৰাজয় লাভ কৰিলে ইমৰান খানে। তাৰ পাছতে প্ৰধানমন্ত্ৰীৰ আবাস ত্যাগ কৰিলে ইমৰাণ খানে। গাদীচ্যুত ইমৰাণ খানে ইছলামাবাদ ত্যাগৰ পাছতে দেশখনৰ ৰাজনৈতিক ইতিহাসত এক নতুন পৃষ্ঠাৰ সংযোজন ঘটিল। আস্থাৰ ভোটত পৰাজিত হৈ গাদীচ্যুত হোৱা প্ৰথমজন পাক প্ৰধানমন্ত্ৰীত পৰিণত হৈছে ইমৰাণ খান। শনিবাৰে মাজনিশা উচ্চতম ন্যায়ালয় পালেগৈ আস্থাৰ ভোটৰ প্ৰসংগ। আস্থাৰ ভোটক বাধা দিবলৈ খান চৰকাৰে কৰা সকলো চেষ্টা ব্যৰ্থ হ’ল আৰু নিশা প্ৰায় ১২.৩০বজাত অনুষ্ঠিত আস্থাৰ ভোটত ইমৰাণ খানক ক্ষমতাৰ পৰা অপসাৰিত কৰা হ’ল। ইমৰাণ খানৰ এই পৰিণতিৰ পাছত এতিয়া তেওঁ ভৱিষ্যতক লৈও সংশয়ৰ সৃষ্টি হৈছে। তেওঁ গ্ৰেপ্তাৰ হ’ব পাৰে বুলিও চৰ্চা চলিছে। 

উল্লেখ্য যে, ইমৰাণ খানৰ বিপক্ষে সংসদত ১৭৪গৰাকী সাংসদে ভোটদান কৰিছিল। আৰু তাৰ পাছতে ইমৰাণ খানৰ বিদায় অৱধাৰিত হৈ পৰে। ইফালে এতিয়া পাকিস্তান চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে শ্বেহবাজ শ্বৰীফ। বিৰোধী নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজৰ (পিএমএল-এন) নেতা শ্বেহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিবলৈ দেওবাৰে ২ বজাত সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।  শ্বেহবাজ শ্বৰীফ হৈছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ। উল্লেখ্য যে, ইমৰাণ খানৰ বিৰুদ্ধে সংসদত অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পাছৰে পৰাই শ্বেহবাজ খান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব বুলি চৰ্চা চলি আহিছিল। আৰু এই চৰ্চাই সচাঁ হবলৈ গৈ আছে।

কাজিৰঙা ভ্ৰমণ কৰিলে লোক সভাৰ অধ্যক্ষ ওম বিৰলায়ে…

দেওবাৰে কাজিৰঙা দৰ্শন কৰিলে লোক সাভাৰ অধ্যক্ষ ওম বিৰলায়ে। কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত ঝুমুৰ নৃত্যৰে উষ্ম আদৰণি লোক সাভাৰ অধ্যক্ষ ওম বিৰলাক। অধ্যক্ষ গৰাকীক সংগ দিয়ে মন্ত্ৰী অতুল বৰাই। বাগিচা খনত উপস্থিত হৈ অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অসমৰ চাহৰ ওপৰত গুৰুত্ব পূৰ্ণ মন্তব্য কৰাৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টো ইতিমধ্যে লোক সাভাত উপস্থাপন কৰা হৈছে বুলিও মন্তব্য কৰে ।

ইয়াৰ পিছতে বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰে অধ্যক্ষ গৰাকীয়ে।বাগৰি বনাঞ্চল দৰ্শন কৰি আপ্লুত হৈ পৰে অধ্যক্ষ গৰাকী। বাগৰি বনাঞ্চল দৰ্শন কৰি কাজিৰঙাৰ বন্য জন্তুৰ ওপৰতো গুৰুত্ব পূৰ্ণ মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে।

বৰপেটাত চোৰৰ লক্ষ্য এনফিল্ড বুলেটলৈ

বৰপেটাত চোৰৰ লক্ষ্য এনফিল্ড বুলেট ৷দুদিনত দুখনকৈ এনফিল্ড বুলেট চুৰি ৷অৱশেষত বৰপেটা আৰক্ষীৰ জালত পৰিল দুই মটৰ চাইকেল চোৰ৷আনহাতে চোৰদুটাৰ পৰা উদ্ধাৰ দুখনকৈ এনফিল্ড বুলেট৷বৰপেটা আৰক্ষীয়ে জনোৱামতে- ধৃত চোৰ দুটা পাটবাউসীৰ চিন্ময় কলিতা আৰু কেওটপাৰাৰ ছফিকুল ইছলাম৷পাটবাউসীৰ চিন্ময় কলিতা নামৰ চোৰটোৱে মটৰ চাইকেল চুৰি কৰি জমা দিয়ে কেওটপাৰাৰ ছফিকুলক৷আৰু ছফিকুলে বিভিন্ন স্থানত বিক্ৰী কৰে চুৰি মটৰ চাইকেল ৷অৱশ্যে বৰপেটা আৰক্ষীয়ে মটৰ চাইকেল চুৰিৰ গেংটোক আটক কৰাৰ পিচতে পোহৰলৈ আহিছে চুৰিৰ বহু তথ্য ৷

যোৱা ৪ আৰু ৫ এপ্ৰিলত বৰপেটাৰ বিলৰতাৰী হাটীৰ আৰু বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পৰা চুৰি হৈছিল দুখনকৈ এনফিল্ড বুলেট মটৰচাইকেল ৷বৰপেটাত মটৰ চাইকেল চুৰিৰে সন্ত্ৰাস চলোৱা দুটাকৈ চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিচতে চোৰ দুটাৰ পৰা আৰু অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

দক্ষিন শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাস্থিত উইচডম স্কুল প্ৰাঙ্গনত আজি “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী শুভ উন্মোচন আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২

দক্ষিন শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাস্থিত উইচডম স্কুল প্ৰাঙ্গনত আজি “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী শুভ উন্মোচন আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২ অনুষ্ঠান অনুষ্ঠিত হয়৷এই উপলক্ষে পুৱা ১১ বজাত উইচডম স্কুলৰ ওৱাল মেগাজিন ” Cataly Reflection” শুভ উন্মোচন কৰা হয়। উন্মোচক হিচাপে অনুষ্ঠানটোত উপস্থিত আছিল খাৰুৱাবান্ধ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ওৱালিউল ইছলাম। অসম জাতীয় সংগীতৰে আৰাম্ভ হোৱা “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী শুভ উন্মোচন আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২ অনুষ্ঠান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমাজ কৰ্মী লেখক তথা হাটশিঙিমাৰী কলেজৰ অধ্যক্ষ জহিৰুল ইছলাম।তেখেতে “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী উন্মোচনক হিচাপে উপস্থিত থাকি ভাষণ প্ৰসঙ্গত কয় যে, এটা সময়ত আমি জানিছিলো টিহু পাটশালা অসমৰ বহল শিক্ষা জগতত হচপট কেন্দ্ৰ। আমি আজিৰ প্ৰেক্ষাপটত কেৱল পিচপৰা অঞ্চল বুলি ভাবি থকাৰ সময় উকলিল কাৰণ আমি এতিয়া ভাবিব পাৰো আমাৰ
হাটশিঙিমাৰী খন আনুষ্ঠানিক শিক্ষাৰ হছটপ কেন্দ্ৰ তথা হছপট কেন্দ্ৰ বুলি কলে ভুল নহব। কিন্তু আমি লক্ষ্য কৰিছো অনা-আনুষ্ঠানিক শিক্ষাৰ ফালৰ পৰা অতিপিছ পৰা। কলা,সংস্কৃতি,সাহিত্য আদিৰ চৰ্চা নাই বুলি কলেও ভুল নহব। লগতে কয় যে আমি আশাবাদী এই “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী খনে যাতে অনা-আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সৃষ্টি কৰে। সভাত উপস্থিত থকা বিশিষ্ট অতিথি অধ্যক্ষ ওৱালিউল ইছলামে যে আগৰ দিন উকলিল এতিয়া আমি আৰ্থিক দৰিদ্ৰ নহয় কিন্তু আমি এতিয়াও কলা সংস্কৃতিত বহুত বহুত দৰিদ্ৰ।

সভাত উপস্থিত থকা আনগৰাকী অতিথি অৱসৰ প্ৰাপ্ত শিক্ষক ইমদাদূল ইছলাম মণ্ডলে কয় যে, জিলা খনত প্ৰথম বাৰৰ বাবে মহিবুল মণ্ডলৰ সম্পাদনাত শৈক্ষিক দিশৰ “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী প্ৰকাশ পোৱাত জিলা খনৰ মান নিশ্চত ভাবে অনাগত দিনত যে শিক্ষাৰ মান আৰু উন্নত হ’ব এয়া তাৰ শুভ আৰাম্ভ মাথোঁ।শৈক্ষিক ভাৱনা” আলোচনীৰ সম্পদক
মহিবুল মণ্ডলে কয় যে , এই আলোচনী খনৰ জড়িয়তে অঞ্চলটোৰ সাহিত্যৰ ৰচনা অথবা আলোচনী আদিৰ প্ৰণয়ন প্ৰকাশন আদিৰ বিষয়ে অঞ্চলটোৰ নতুন লেখক- লেখিকা,কলা-কুশলীসকলৈ এক নতুন বাট মুকলি হ’ব। লগতে সভাত উপস্থিত থাকে অঞ্চলটোৰ ভালে সংখ্যক বিদ্যালয়ৰ অধ্যক্ষ সকল।উল্লেখ্য যে, অনুষ্ঠানটোত কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২ হিচাপে অঞ্চলটোৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক মেহেৰুন নেছা’ছ আদৰ্শ শিক্ষক- শিক্ষয়িত্ৰী বঁটা প্ৰদান কৰা হয়।

প্ৰাক্তন পত্নীৰ ভাতৃয়ে ইমৰান খানক সমৰ্থন কৰিছিল

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত, পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত ভোটদান কৰা হয়। এই ভোটত, ইমৰান চৰকাৰৰ পতন ঘটিছিল।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত, পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত ভোটদান কৰা হয়। ইমৰানৰ বিৰুদ্ধে ১৭৪ টা ভোট দিয়া হৈছিল। এই ভোটদানৰ লগে লগে পাকিস্তানত ইমৰান খানৰ চৰকাৰৰ পতন ঘটিছে।পাকিস্তানৰ এই বিকাশৰ পিছত, ব্ৰিটিছ ফাইনেন্সাৰ আৰু পৰিৱেশবিদ বেন গোল্ডস্মিথ তেওঁৰ সমৰ্থনত ওলাই আহিছে। তেওঁ টুইট কৰিছিল যে ইমৰান খানে ভাল কাম কৰিছে। বেন গোল্ডস্মিথে টুইট কৰি কয়, “মোৰ ভায়েক এজন ভাল আৰু সন্মানীয় ব্যক্তি যি কেৱল তেওঁৰ দেশৰ বাবে ভাল কাম কৰিব বিচাৰে৷ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ অভিলেখ অসাধাৰণ৷” তেওঁ লগতে কয় যে ইমৰান খানৰ অভিলেখ অসাধাৰণ, বিশেষকৈ পাৰিপাৰ্শ্বিক সমস্যাৰ ক্ষেত্ৰত।

ইমৰান খানৰ সমৰ্থনত ওলাই অহা বেন গোল্ডস্মিথৰ পিছত, তেওঁ অৱশেষত কিয় এনে কৈছিল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। সোণোৱাল জেমিমা হৈছে সোণোৱালৰ ভায়েক, যি ১৯৫৫ চনত ইমৰান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অৱশ্যে, জেমিমা আৰু ইমৰান খান ২০৪৪ চনত পৃথক হৈছিল। ইমৰান খানৰ প্ৰাক্তন পত্নী জেমিমা গোল্ডস্মিথে এতিয়ালৈকে এই বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ গৰ্ভগৃহত হাতুৰীৰ কোব

শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ গৰ্ভগৃহত হাতুৰীৰ কোব।উঠাই দিয়া হ’ল শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি।দলৰ গৰ্ভভাগৰ মজিয়া চুৰ্ণ বিচুৰ্ণ কৈ ভাঙি দিয়া হৈছে কিন্তু কিয় ?সামাজিক মাধ্যমত খলকনি লগোৱা প’ষ্টটত বিভ্ৰান্ত নহ’বলৈ আহ্বান দল উন্নয়ন সমিতিৰ ফিৰোজ খান ১০ এপ্ৰিল শিৱসাগৰ। শিৱসাগৰ বুলি ক’লেই আমাৰ মানস পটত জিলিকি উঠা ঐতিহাসিক শিৱ মন্দিৰ উজ্বলি উঠে । আহোমৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চুপৰীয়া গোঁহাই গাঁৱত এক বৃহৎ পুখুৰী খন্দোৱাই নিৰ্মাণ কৰাইছিল তিনিটা দ’ল।মাজত সুউচ্চ সোণৰ কলচি খচিত শিৱ দ’ল নিৰ্মাণ কৰি দুয়োকাষে নিৰ্মাণ কৰাইছিল আন দুটা দ’ল ক্ৰমে দেৱী দ’ল আৰু বিষ্ণু দ’ল।এই দ’ল তিনিটাক কেন্দ্ৰ কৰি প্ৰতি বছৰে ভিন ভিন সময়ত ভক্ত ৰাইজৰ লগতে পৰ্যটকৰ আগমণ ঘটি আহিছে। তাহানিৰ দিনৰে পৰা শিৱক সেৱা পূজা অৰ্চনা কৰি অহা হৈছে। বছৰৰ মাথোন চাৰিটা দিনৰ বাহিৰে সকলো সময়তে পুৱা গধূলি সেৱা পূজা অৰ্চনা কৰি অহা হৈছে দেৱাদি দেৱ মহাদেৱৰ । এই চাৰিটা দিন হৈছে প্ৰতি বছৰে অসমীয়া আহাৰ মাহৰ ৭ তাৰিখে আৰম্ভ হোৱা অম্বুবাচী প্ৰবৃতিৰ পৰা অম্বুবাচী নিবৃত্তিলৈ । অসমীয়াৰ আবেগ অনুভূতি জৰিত হৈ থকা শিৱ দলত শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ গৰ্ভগৃহত হাতুৰীৰ কোব ।উঠাই দিয়া হ’ল শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি।


দলৰ গৰ্ভভাগৰ মজিয়া চুৰ্ণ বিচুৰ্ণ কৈ ভাঙি দিয়া হৈছে ।কিন্তু কিয় ? শিৱসাগৰ নগৰক হেৰিটেজ চাইট হিচাপে ঘোষণা কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ পণ লৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে । যাৰ বাবে বিভিন্ন সময়ত ভক্ত প্ৰাণ ৰাইজে দ’ললৈ উৎসৰ্গা কৰা শিৱ লিংগ,ত্ৰিশূল, ফেনা,বৃষভ ঈত্যাদি উঘালি বাহিৰ কৰি দিয়া হৈছে দলৰ গৰ্ভগৃহৰ পৰা । আহোম ৰজাই প্ৰতিষ্ঠা কৰি যোৱা কেৱল মাত্ৰ কুণ্ডভাগ হে ৰখা হ’ব দলৰ ভিতৰত । সমান্তৰাল ভাৱে সকলো টাইল্স ভাঙি পুনৰ এবাৰ আহোম ৰজাই নিৰ্মাণ কৰি মূল সুঁতিলৈ ঘূৰি যোৱাৰ প্ৰয়াস কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ । কিছুদিন পূৰ্বে শিৱদলত উপস্থিত হৈ ষ্টেট ইনোভেচন এণ্ড ট্ৰেন্সফৰ্মেচন আয়োগ চমুকৈ SITA ৰ সহ-উপাধ্যক্ষ ৰমেন ডেকাই এই সন্দৰ্ভত সদৰি কৰি গৈছিল উক্ত বিষয়টো।

প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰি থাকিব পৰাকৈ তাহানিৰ দিনতে নিৰ্মাণ দল জনাত থলুৱা উপাদান যেনে হাঁহ কণী,বড়া চাউল,মাটি মাহ ইত্যাদিৰ যি গুণাগুণ সেইয়া এতিয়াও অক্ষুন্ন ৰখাৰ প্ৰয়াস । আধুনিকতাৰ প্ৰলেপ সানি চিমেন্ট তথা অন্যান্য ৰাসায়নিক পদাৰ্থৰ বাবে যাতে দলৰ আয়ুস ৰেখাত ব্যাঘাত নজন্মে আৰু কোনো ধৰণৰ আঘাত নহয় এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ লোৱা হৈছে এই পদক্ষেপ বুলি জানিবলৈ দিছে দল উন্নয়ন সমিতিৰ সম্পাদক বসন্ত গগৈয়ে ।

মাণিকপুৰত টেম্পুুসহ ভি আই পি ছাগলী চোৰ আটক

বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিকপুৰৰ পৰা দুটা ছাগলী চুৰ কৰি লৈ গৈ থাকোতে ছাগলীৰ গৰাকীয়ে পিছে পিছে খেদি গৈ চাপৰাকাত আগভেটি দিয়াত টেম্পু দখাইত বাগৰি পৰে। স্থানীয় ৰাইজে চোৰক কৰায়ত্ব কৰি নৰ্ড বঙাইগাঁও থানাত সমজায় দিয়ে।ছাগলী দুটা মাণিকপুৰ থানাৰ অন্তৰ্গত মৌখোৱা আৰু বৰবিলা গাৱৰ ছাগলী হোৱা বাবে চোৰসহ ছাগলী মাণিকপুৰ থানালৈ হস্তান্তৰ কৰে। মাণিকপুৰ আৰক্ষীয়ে ছাগলীৰ গৰাকী বৰবিলাৰ চন্দন নাথ আৰু মৌখোৱাৰ অমৃত ৰায়ক ছাগলী সমজায় দিয়ে।উল্লেখ্য যে ইয়াৰ কিছু দিন পূৰ্বেও চন্দন নাথৰ ফাৰ্মৰ পৰা ছাগলী চোৰ কৰা বুলি স্বীকাৰ কৰে। এই সংক্ৰান্তত MPS/506/under section 380 IPC গোচৰ ৰুজু হৈ আছে।

আটকাধীন চোৰ দুইজন ক্ৰমে আব্দুল হুছেইন, ঢালি গাওঁৰ ছাতিপুৰ তিনিআলি। ফকৰুদ্দিন, দলাইগাও উজানপাৰাৰ বুলি জানিব পৰা গৈছে। চুৰি কাৰ্যত ব্যৱহৃত হোৱা টেম্পু খনৰ নম্বৰ AS 26, C4048. ইতিমধ্যে দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে।

বৰক্ষেত্ৰীৰ চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

নলবাৰী জিলাৰ বৰক্ষেত্ৰীত টুলুঙা নাওৰে ব্ৰহ্মপুত্ৰ নৈ পাৰ হবলৈ গৈ সন্ধানহীন হৈ পৰিছিল ৩৫ বছৰীয়া এজন যুৱক৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভাংনামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ছৈয়েদ আলী চৰত সংঘটিত হৈছিল এই কৰুণ ঘটনাটো ৷ পত্নীৰ স’তে টুলুঙা নাৱেৰে নৈ পাৰ হ‌বলৈ ধৰোতে নাৱৰ পৰা পৰি সন্ধানহীন হৈছিল যুৱকজন। ভাংনামাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন দাস ঘটনাস্থলীত উপস্থিত হৈ নলবাৰীৰ SDRF আৰু NDRF বাহিনীক খবৰ দিছিল ৷

যুৱকজন ভাংনামাৰী নিবাসী কালু মিঞাৰ জ্যেষ্ঠ পুত্ৰ ফাইজুৰ ৰহমানৰ সন্ধানত নামি পৰিছিল স্থানীয় ৰাইজৰ লগতে SDRF ,NDRF বাহিনীয়ে। আজি ৰাতিপুৱা ভাগত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

ৰণবীৰ কাপুৰ-আলিয়া ভট্টৰ বিয়াৰ আগতে, অয়ন মুখাৰ্জীয়ে ব্ৰহ্মাস্ত্ৰৰ ‘প্ৰেমৰ পোষ্টাৰ’ মুকলি কৰে

ৰণবীৰ কাপুৰ-আলিয়া ভট্টৰ বিয়াৰ আগতে, অয়ন মুখাৰ্জীয়ে ব্ৰহ্মাস্ত্ৰৰ ‘প্ৰেমৰ পোষ্টাৰ’ মুকলি কৰেএফালে, য’ত বি-টাউনত আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ বিষয়ে আলোচনা হৈছে, ইয়াৰ মাজতে, অয়ন মুখাৰ্জীয়ে ব্ৰহ্মাস্ত্ৰৰ পৰা আন আৰু ৰণবীৰৰ তীব্ৰ প্ৰেমৰ পোষ্টাৰ ভাগ বতৰা কৰি অনুৰাগীসকলৰ হৃদয় জয় কৰিছে। পোষ্টাৰত, প্ৰেমিক যুগলক ইজনে সিজনৰ প্ৰেমত দেখা গৈছে।বি-টাউনৰ আটাইতকৈ আকৰ্ষণীয় দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিয়া চহৰখনৰ চৰ্চাৰ বিষয় হৈ আছে। #Raalia সপোনৰ বিবাহৰ আগতে, অয়ন মুখাৰ্জীয়ে দম্পতীহালৰ অনুৰাগীসকলক এক বিশেষ আহাৰ প্ৰদান কৰিছে। আয়ন মুখাৰ্জীয়ে ব্ৰহ্মাস্ত্ৰৰ আলিয়া আৰু ৰণবীৰৰ তীব্ৰ প্ৰেমৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে। ব্ৰহ্মাস্ত্ৰৰ নতুন পোষ্টাৰত ৰণবীৰ আৰু আলিয়াক ইজনে সিজনৰ প্ৰেমত নিমজ্জিত হোৱা দেখা গৈছে। চলচ্চিত্ৰখনৰ পোষ্টাৰত, দুয়োজনে আনজনক যি তীব্ৰতাৰে বাহুত ধৰি আছে, সেইটোৱে যিকোনো লোকৰ হৃদয় সুখী কৰিব পাৰে। অন্যান্য আৰু ৰণবীৰৰ তীব্ৰ প্ৰেম দেখি, এইটো ইমান স্পষ্ট যে তেওঁলোক দুয়োছবিখনত…

আয়ন মুখাৰ্জীয়েও পোষ্টাৰৰ সৈতে এটা মৰমৰ শিৰোনাম শ্বেয়াৰ কৰিছিল। আয়ন মুখাৰ্জীয়ে শিৰোনামটোত লিখিছিল, “ব্ৰহ্মাস্ত্ৰৰ প্ৰেমৰ পোষ্টাৰ শ্বেয়াৰ কৰাৰ এইটো সঠিক সময়। আজিকালি বতাহত যথেষ্ট মৰম আছে। আয়ানৰ শিৰোনামটোৱে স্পষ্টভাৱে ৰণবীৰ আৰু আলিয়াৰ বিয়াৰ ইংগিত দিছে।  আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ অভিনীত ব্ৰহ্মাস্ত্ৰ এই বছৰৰ ছেপ্টেম্বৰ মাহত মুক্তি পাব। ব্ৰহ্মাস্ত্ৰ ই ২০২২ চনৰ ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব। ছবিখন ৫ টা ভিন্ন ভাষাত মুক্তি দিয়া হ’ব হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম। আলিয়া আৰু ৰণবীৰৰ উপৰিও ছবিখনত অমিতাভ বচ্চন, মৌনী ৰয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। দম্পতীহালৰ বিয়াৰ আলোচনাৰ মাজতে ৰণবীৰ আৰু আলিয়াৰ ছবি ব্ৰহ্মাস্ত্ৰৰ এই তীব্ৰ পোষ্টাৰে অনুৰাগীসকলৰ দিনটো তৈয়াৰ কৰিছে। 

চিয়াগীত,লোকগীত আৰু গোৱালপৰীয়া গীত অনুশীলনত ব্যস্ত লক্ষীমপুৰৰ ডেকা-বুঢ়়া

সমগ্ৰ বিশ্ববাসীক বিগত ২টাবৰ্ষত কৰুনা মহামাৰীৰ বিভিষীকাই জনজীৱন ব্যাহত কৰি আহিছে যদিও বৰ্তমান আমাৰ দেশ তথা ৰাজ্যত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰে সমৃদ্ধ হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ প্ৰতিজন অসমীয়াৰ লগতে শিল্পী সমাজো ব্যস্তহৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে ঐতিহাসিক দৰঙৰ লক্ষীমপুৰতো চিয়াগীত,লোকগীত আৰু গোৱালপৰীয়া গীতৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ডেকাবুঢ়া সকলো ৷

বিগত ২টা বৰ্ষই স্তব্ধকৰি দিয়া হেপাহৰ ৰঙালীক এইবাৰ হিয়াউজাৰি উপভোগ কৰিব শিল্পী তথা অসমৰ ৰাইজে।