Home Blog Page 2397

জন সমুদ্ৰত পৰিণত যোগীঘোপাৰ ঐতিহাসিক আশোকাষ্টমী স্নান- মহামেলা…

বঙাইগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ যোগীঘোপাৰ পুৰনী ফেৰী ঘাটৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অশোকাষ্টমী মেলা উপলক্ষে আজি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতে জন সমুদ্ৰত পৰিণত কৰে মেলাস্হলী । আজি পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি অশোকাষ্টমী উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ পুণ্যস্নান কৰে । কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অশোকাষ্টমী উপলক্ষ্য ব্ৰহ্মপুত্ৰ স্নান আৰু মহামেলাত আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি-নিছিগা  সোঁত বোৱা পৰিলক্ষিত হৈছে। বঙাইগাঁও জিলাৰ উপৰি কাষৰীয়া বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ লোকে অশোকাষ্টমীৰ বিভিন্ন ধৰ্মীয় কাম সম্পূৰ্ণ কৰে। পুৱাই একাংশ ভক্তই ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ‘মুণ্ডদান” কৰাৰ  লগতে  “পিণ্ডদান” কৰি ব্ৰহ্মপুত্ৰ নৈত স্নান কাৰ্য সম্পন্ন কৰে । 

নিজৰ পিতৃ মাতৃৰ লগতে আত্মীয়ৰ বিয়োগৰ পাছত অস্তি বিসৰ্জন দিয়া মংগলীক কাৰ্য্য সম্পন্ন কৰে বহু লোকে। ধৰ্মীয় বিশ্বাস মতে-নিদিৰ্ষ্ট সময়ত ব্ৰহ্মপুত্ৰ নৈত স্নান কাৰ্য সম্পন্ন  কৰিলে গংগা স্নানতুল্য লাভ কৰে।আনহাতে কাইলৈ অৰ্থাৎ অন্তিম দিনাও অনুৰূপ ভাবে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হব বুলি আশা প্ৰকাশ কৰে পৰিচলনা সমিতিয়ে।  ইপিনে মেলাৰ  নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি  আৰক্ষী- প্ৰশাসনেও যথেষ্ট সংখ্যক আৰক্ষী-অৰ্ধসামৰিক জোৱান মোতায়েন কৰাৰ লগতে চিকিৎসা কৰ্মী, এছ ডি আৰ এফ , অগ্নিনিৰ্ব্বাপক বাহিনী সষ্টম হৈ থকা পৰিলক্ষিত হয় ।

চিৰাঙত প্ৰাক্তন এনডিএফবি সদস্যৰ আত্মসমৰ্পণ…

অপৰাধ চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ ধাৰাবাহিক এনকাউণ্টাৰ আৰু অভিযানৰ পিছত জিলাখনত অপৰাধ কাৰ্যৰ সৈতে জড়িত সকলৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে । যাৰ ফলত কিছুদিন পূৰ্বে ডকাইতি কাৰ্যত জড়িত তিনিজন অভিযুক্তই অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে ৷ উল্লেখ্য যে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটা এলেকাৰ  দুঘৰত ২৯ মাৰ্চত শূন্যলৈ পাঁচজাই গুলীচালনাৰে ভয় ভাবুকি প্ৰদান কৰি পাঁচ লক্ষাধিক টকা আৰু সোণৰ অলংকাৰ লুট কৰি নিছিল ৷ এই ঘটনাৰ পিচতে চিৰাং আৰক্ষী সক্ৰিয় হৈ পৰিছিল আৰু উক্ত ঘটনাৰ সৈতে জড়িতসকলক কৰায়ত্ত কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছিল ৷ সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনা ৷

আৰক্ষীৰ এনে কঠোৰ স্থিতি দেখি ত্ৰাসিত হৈ পৰিছে যেন অপৰাধৰ সৈতে জড়িতসকল ৷ ফলত উক্ত লুট পাতৰ ঘটনাৰ সৈতে জড়িত তিনি  অভিযুক্তই অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ জিলাখনৰ আমগুৰি থানাত শনিবাৰে আত্মসমৰ্পণ কৰা অভিযুক্ত তিনিজন ক্ৰমে দেবানন্দ নাৰ্জাৰী (৩৭), মদন দৈমাৰী (২৯) আৰু বিশ্ব মুছাহাৰী (২২) ৷ মনকৰিবলগীয়া যে বিগত দহ দিনে পলাতক হৈ থকা অভিযুক্ত তিনিজনক চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ জোৰদাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল। বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ উপস্থিতিত আত্মসমৰ্পণ কৰা আত্মসমৰ্পণকাৰী  তিনিওজন প্ৰাক্তন এনডিএফবি সদস্য বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে৷ লক্ষ্যণীয় আত্মসমৰ্পণ কৰা তিনিওজনে চৰকাৰৰ পুনঃসস্থাপন আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহাৰ্য লাভ কৰিছিল । এসময়ত অইনক মৃত্যুৰ ভাবুকি দি লুন্ঠন চলোৱা অপৰাধী এতিয়া নিজেই মৃত্যুৰ ভয়ত ত্ৰাসিত বুলি চৰ্চা চলিছে ৷

হাফিজ চৈয়ীদৰ পুত্ৰক সন্ত্ৰাসবাদী ঘোষণা ভাৰত চৰকাৰৰ…

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ মুৰব্বী হাফিজ চয়ীদৰ পুত্ৰক সন্ত্ৰাসবাদী ঘোষণা কৰিছে ভাৰত চৰকাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী হাফিজ চয়ীদৰ পুত্ৰ হাফিজ তালহা চয়ীদক বেআইনী (কাৰ্যকলাপ) প্ৰতিৰোধ আইন(ইউএপিএ)ৰ অধীনত “সন্ত্ৰাসবাদী” হিচাপে ঘোষণা কৰাৰ কথা আজি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহ দপ্তৰে এতিয়ালৈকে মুঠ ৩২ জন লোকক উক্ত আইনৰ অধীনত সন্ত্ৰাসবাদী হিচাবে ঘোষণা কৰিছে। ২০১৯ চনত সংশোধন কৰা বেআইনী (কাৰ্যকলাপ) প্ৰতিৰোধ আইন(ইউএপিএ)ৰ অধীনত ইতিমধ্যে ভাৰতে লস্কৰ ই তৈবাৰ মুৰব্বী হাফিজ চয়ীদক সন্ত্ৰাসবাদী ঘোষণা কৰি থৈছে। উল্লেখ্য পূৰ্বে এই ব্যৱস্থা কেৱল সন্ত্ৰাসবাদী সংগঠনক বে-আইনী ঘোষণাৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল । কিন্তু শেহতীয়া সংশোধনৰ জৰিয়তে আইন খনৰ অধীনত কোনো ব্যক্তিকো নিষিদ্ধ কৰা বা সন্ত্ৰাসবাদী ঘোষণা কৰাটো সম্ভৱ হৈছে।


কেন্দ্ৰীয় গৃহ দপ্তৰে কয় যে “হাফিজ তালহা চয়ীদে ভাৰতত লস্কৰ ই তৈবাৰ হৈ পুঁজি সংগ্ৰহ, কূটাঘাতৰ পৰিকল্পনা আৰু সেয়া কাৰ্যকৰী কৰাত সক্ৰিয়ভাৱে জড়িত হৈ আছে”। ভাৰত, ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে চয়ীদে পশ্চিমীয়া দেশত অপপ্ৰচাৰ চলাই অহা বুলিও ভাৰতে মন্তব্য কৰিছে। উল্লেখ্য ১৯৭৫ চনৰ ২৫ অক্টোবৰত জন্মগ্ৰহণ কৰা তালহা চয়ীদ পাকিস্তানৰ লাহোৰৰ বাসিন্দা।
তেওঁ ভাৰতত লালকিল্লা আক্ৰমণ (২০০০), ৰামপুৰ আক্ৰমণ (২০০৮), ২৬/১১ মুম্বাই আক্ৰমণ (২০০৮) আৰু জম্মু-কাশ্মীৰৰ উধামপুৰত বিএছএফৰ কনভয়ত আক্ৰমণ (২০১৫)ৰ ঘটনাৰ সৈতে জৰিত আছিল বুলি গৃহ দপ্তৰৰ সূত্ৰই প্ৰকাশ কৰিছে।

অসম সাহিত্য সভাৰ উদ্যোগত ডিফুত সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ…

কাৰ্বি আংলং জিলাৰ ডিফুত জয়সিং দলৈৰ প্ৰেক্ষাগৃহত শণিবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে প্ৰথম বাৰৰ বাবে ‘সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ’ অনুষ্ঠিত হৈছে ৷ অসম সাহিত্য সভাৰ উদ্যোগত কাৰবি সাংস্কৃতিক সমাজ আৰু কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত এই সমাৰোহত ভিন্ন জাতি-জনগোষ্ঠীৰ সাহিত্য আৰু সাংস্কৃতিক বিনিময় ঘটিছে ৷ সমাৰোহৰ কাৰ্যসূচী অনুসৰি–আজি পুৱা ৮.৪৫ বজাত কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিদুঙে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে আৰু স্মৃতি তপৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰে কাৰবি লাম্মেত আমেইৰ সভাপতি বাৰিম ইংতিয়ে৷ দিনৰ ১০.৩০ বজাত চিত্ৰ-ভাস্কৰ্য প্ৰদৰ্শনী দ্বাৰউদ্‌ঘাটন কৰে বিশিষ্ট শিল্পী ৰবিৰাম ব্ৰহ্মই৷ দিনৰ ১১ বজাৰ পৰা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতি ডঙ্ম কুলধৰ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৷ ভাষণ প্ৰসংগত ড° শইকীয়াই কয় – : “ফলে ফুলে জাতিস্কাৰ, অসম এখনি সুন্দৰ ফুলনি ৷ ভিন্ন জাতি জনগোষ্ঠীৰ মহামিলনত গঢ় লৈ উঠা এই ফুলনিৰ সৌন্দৰ্য্যই সকলোকেই মোহিত কৰে ৷“ কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰা এই সমাৰোহত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাং উপস্থিত থাকে ৷ বিয়লি দুই বজাৰ পৰা লোক কৃষ্টি সমাৰোহ অনুষ্ঠিত হয় ৷উক্ত সমাৰোহ উদ্বোধন কৰে কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰসিং ক্ৰ’য়ে৷


কাইলৈ অৰ্থাৎ ১০ এপ্ৰিলৰ পুৱা ১০ বজাৰ পৰা বিশিষ্ট কবি¸ ছাৰ য়েৎ হান্সেৰ সঞ্চালনাত অনুষ্ঠিত হ’ব বহুভাষিক কবি সন্মিলন৷ প্ৰায় ৩০ গৰাকী কবিয়ে অংশগ্ৰহণ কৰিব লগা উক্ত কবি সন্মিলন উদ্বোধন কৰিব পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে৷ উক্ত কবি সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্ৰাগ্‌ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু৷ বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ‘সম্প্ৰীতি সমাৰোহ’ উদ্বোধন কৰিব কাৰবি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে৷ উল্লেখ্য, আজি মাটি আখৰা নৃত্য, ভোৰতাল নৃত্য, ওজাপালি, কাৰবি নৃত্য, ডিমাছা নৃত্য, নেপালী নৃত্য, বেংগলী নৃত্য, আদিবাসী নৃত্য, মান চাই নৃত্য, বডো. নৃত্য, মেছ কছাৰী নৃত্য, বিহু নৃত্য, জেং বিহু, আদি অসমৰ ভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলসমূহে পৰিৱেশন কৰাৰ উপৰি জীনা ৰাজকুমাৰী, তৃষ্ণা দেৱী, বুবুমণি আৰু মৃদুল বৰুৱাকে ধৰি কেবাজনো শিল্পীয়ে গীত পৰিবেশনো কৰে ৷ বৰ্ষৰ বাবে জয়সিং হাঞ্চে সোঁৱৰণি বঁটা বিশিষ্ট সাহিত্যিক লুনছে তিমুঙক সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই প্ৰদান কৰে৷ তদুপৰি ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা প্ৰদান কৰে বিশিষ্ট শিশু সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱাক৷


আনহাতে সমাৰোহৰ সৈতে সংগতি ৰাখি সাংবাদিক সঞ্জু বৰাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘ডিফু’ উন্মোচন আৰু বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙক লৈ গীতিকাৰ দেৱেন কাকতিয়ে ৰচনা কৰা আৰু হিমাক্ষি বৰাই গোৱা এটা গানৰ ভিডিঅ’ অনুৰাগীৰ বাবে আগবঢ়াই দিয়ে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে৷

চিৰাঙত শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্ত…

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই শুকুৰবাৰে চিৰাং জিলাৰ বড়োবজাৰ আৰু চিদলী শিক্ষা খণ্ডৰ অন্তৰ্গত বল্লমগুৰি আৰু দোলোগাঁৱত নিৰ্মাণ হৈ থকা দুখন আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে। ভ্ৰমণকালত তেওঁৰ লগতে চিদলী সমষ্টিৰ স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিটিচিৰ পাৰিষদ মাধৱ চন্দ্ৰ চেত্ৰী, বিজনীৰ মহকুমাধিপতি ৰাহুল গুপ্তা, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা অৱনী শৰ্মা আৰু স্থানীয় সাধাৰণ ৰাইজৰ সৈতে আলোচনা কৰি এই দুয়োখন বিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ লয়।

তেওঁ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকক আন্তঃগাঁথনিমূলক কামবোৰ সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে এই বছৰৰ এপ্ৰিল মাহৰ ভিতৰতেই শ্ৰেণী আৰম্ভ কৰিব পাৰে।

পালাহপাৰা যুৱক সংঘৰ উদ্যোগত বিহু নৃত্য আৰু ঢোল বাদন কৰ্মশালা…

অসমী আইৰ প্ৰাণ বাপতি সাহোন ৰঙালী বিহু আদৰাৰ প্ৰস্তূতি আৰু নতুন প্ৰজন্মৰ মাজত বিহুৰ বৈশিষ্ট্য প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে বকোৰ শিংৰাত আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা। কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত শিংৰাত শিংৰা – পালাহপাৰা যুৱক সংঘৰ উদ্যোগত যোৱা ২ এপ্ৰিলৰ পৰা আজি ৯ এপ্ৰিললৈ আঠ দিনীয়া কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছিল বিহুৰ কৰ্মশালা। ইফালে শিংৰা – পালাহপাৰা যুৱক সংঘৰ সভাপতি জীৱেশ্বৰ পাঠক আৰু সম্পাদক কৈলাশ ঠাকুৰীয়াই জনোৱা মতে ; বিহুৰ মাদকতা ৰক্ষা কৰিবলৈ আৰু নতুন প্ৰজন্মক বিহুৰ তাৎপৰ্য্যৰ জ্ঞান দিবলৈ আয়োজন কৰা হৈছে বিহুৰ প্ৰশিক্ষণ কৰ্মশালাৰ।

জানিব পৰা মতে শিংৰা – পালাহপাৰা যুৱক সংঘৰ বিহু কৰ্মশালাত বৃহত্তৰ অঞ্চলটোৰ মুঠ ১০২ গৰাকী নাচনী য়ে বিহু নৃত্যৰ আৰু মুঠ ২০ গৰাকী শিশুৰ মাজত ঢোল বাদন প্ৰশিক্ষণ দিয়া হৈছে। জানিব পৰা মতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিহুৱা বাবা কোঁৱৰ আৰু ঋতুপন কছাৰী লগতে নৃত্য শিল্পী দিপামণি চুতীয়া ; হিমাদ্ৰী গগৈ আৰু বৰ্ষা গোহাঁইয়ে প্ৰশিক্ষক হিচাপে উপস্থিত আছিল। আজি এক আড়ম্বৰপূৰ্ণ অনুস্থানৰ আয়োজনেৰে বিহু কৰ্মশালাৰ সামৰণি পেলায়। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট অতিথি আৰু অবিভাৱক অবিভাৱিকা উপস্থিত থাকে।

চাবুৱাত বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিহু বিচাৰকৰ সমাৰোহ সম্পন্ন…

বিহু সুৰক্ষা সমিতি ,অসম চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা বিহু সুৰক্ষা সমিতিৰ তত্বাৱধানত  জিলা ভিত্তিত এখনি বিহু বিচাৰকৰ সমাৰোহ আজি চাবুৱাত সফলতাৰে অনুষ্ঠিত হৈ যায়। চাবুৱা নগৰস্থিত নৰ্থ ইষ্টাৰ্ণ ইঞ্জিনিয়াৰিং ইন্সটিটিউটত দিনজোৰা কাৰ্যসূচীৰে এই সমাৰোহখনি অনুষ্ঠিত হয়।  পূৱা ৯ বজাৰ পৰা ১০ বজাৰ পৰা চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সভাপতি প্ৰশান্ত নেওগৰ পৌৰোহিত্যত উক্ত সমাৰোহত আঞ্চলিক, জিলাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।

আঞ্চলিকৰ সম্পাদক পুৰন্দৰ গোহাঁইয়ে আঁতধৰা অনুষ্ঠানত কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য বিশ্বজনীন দত্ত, উপদেষ্টা নৰেণ চেতিয়া, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক কৃপাল ফুকন, জিলাৰ সভাপতি পিতাম্বৰ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ উৎপাদনী বিভাগৰ সম্পাদক ৰমণী দিৰিয়াল,কাৰ্যকৰী সভাপতি বীৰেন গগৈ, সম্পাদক দীনেশ বৰগোহাঁইকে ধৰি অন্যান্য বহুতো গন্যমান্য ব্যক্তি। অন্যহাতে অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে দিলীপ শইকীয়া আৰু ভবেন হাজৰিকাই। সমল ব্যক্তিৰ ভাষণৰ প্ৰাক্ মূহুৰ্তত বন্তি প্ৰজ্বলন কৰে বিশ্বজনীন দত্তই। দত্তদেৱে তেখেতৰ চমু বক্তব্যত বিহু সুৰক্ষা সমিতিৰ লক্ষ্য-উদ্দেশ্যৰ সম্পৰ্কত চমু বক্তব্য আগবঢ়ায়।উক্ত সমাৰোহখনিত চাবুৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক লোকে অংশগ্ৰহণ কৰে। 

ডেবিট কাৰ্ড অবিহনেও এটিএমৰ পৰা উলিয়াব পাৰিব ধন! কিন্তু কেনেকৈ?

দ্ৰুতগতিত ডিজিটেল হৈ আছে দেশৰ বেংকিং ব্যৱস্থা। পূৰ্বতে আপুনি বেংকলৈ গৈ টকা উলিয়াইছিল, তাৰ পিছত এটিএম কাৰ্ডে ব্যৱহাৰ কৰি টকা উলিয়াব পাৰিছিল। কিন্তু এতিয়া দেশৰ সকলো বেংকতে নতুন ব্যৱস্থা কাৰ্যকৰী হৈছে। এতিয়া আপুনি যিকোনো বেংকতে ইউ.পি.আই. ব্যৱহাৰ কৰি ডেবিট কাৰ্ড অবিহনে দেশৰ যিকোনো এটিএমৰ পৰা উলিয়াব পাৰিব ধন।

আৰম্ভণিতে, ভাৰতীয় ষ্টেট বেঙ্ক (এছবিআই), আইচিআইচিআই বেংক, কোটাক মহিন্দ্ৰা বেংক, বেংক অফ বৰোদা (বিঅ’বি) আৰু আৰবিএল বেঙ্কে তেওঁলোকৰ গ্ৰাহকসকলক ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰাকৈ এটিএমৰ পৰা নগদ ধন উলিওৱাৰ সুবিধা প্ৰদান কৰিছিল। এই সুবিধাটো দৈনিক লেনদেনৰ সীমাৰ সৈতে ১০,০০০ টকাৰ পৰা ২০,০০০ টকাৰ ভিতৰত।

কাৰ্ড নোহোৱাকৈ নগদ ধন কেনেদৰে উলিয়াব?

  • এছবিআইৰ গ্ৰাহকসকলে। এছবিআই একাউণ্ট ধাৰকে ইয়োনো এপ্পত লগ ইন কৰাৰ পিছত ইয়োনো কেছত ক্লিক কৰিব লাগিব।

  • এটিএম শাখালৈ যোৱাৰ পিছত, আপুনি এটিএমৰ পৰা উলিয়াব বিচৰা পৰিমাণটো প্ৰবিষ্ট কৰক।

  • এছ.বি.আই.-য়ে তেতিয়া আপোনাৰ পঞ্জীভুক্ত ম’বাইলত এটা ইয়োনো নগদ লেনদেন নম্বৰ প্ৰেৰণ কৰিব।

  • নগদ ধন উলিওৱাৰ বাবে এছ.বি.আই.-ৰ যিকোনো কাৰ্ডবিহীন লেনদেনৰ এটিএমত এই নম্বৰ আৰু পিন ব্যৱহাৰ কৰক।

  • এটিএমত এটিএমৰ প্ৰথম পৃষ্ঠাৰ কাৰ্ড লেছ বিকল্পটো বাছনি কৰক আৰু তাৰ পিছত ইয়োনো নগদ ধন আৰু বিৱৰণ প্ৰবিষ্ট কৰক।

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদক ৩১বছৰৰ কাৰাদণ্ড…

2018 AFP FILE PHOTO: Hafiz Saeed, head of Pakistani militant organisation Jamaat-ud-Dawa (JuD), attending a campaign meeting with members of his newly-formed political party Allah-o-Akbar Tehreek in Islamabad. Islamic fundamentalist parties fielded more than 1,500 candidates in Pakistan's provincial and national elections last week that were won by cricket hero turned politician Imran Khan. Extremists were a major talking point going into the contest with politicians, including Khan, accused of pandering to their vote base by trumpeting hardline issues such as blasphemy.—AFP FILE

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদক পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে ৩১বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। ইয়াৰ লগতে, আদালতে ছাইদক ৩লাখ ৪০হাজাৰ টকাৰ জৰিমনাও বিহে। বাতৰি অনুসৰি, হাফিজ ছাইদক আদালতে ২ টা সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত দণ্ডিত কৰিছে। জামাত-উদ-দাৱা (জেইউডি)ৰ মুৰব্বী হাফিজ ছাইদক ৰাষ্ট্ৰসংঘই বিশ্বসন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই হাফিজৰ ওপৰত ১০নিযুত আমেৰিকান ডলাৰৰ পুৰস্কাৰও দিছে। ২০০৮ চনত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বৃহৎ সংখ্যক বিদেশী নাগৰিকসহ মুঠ ১৬১জন লোক নিহত হৈছিল। পাকিস্তানত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে ছাইদৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে নেচনেল এচেম্বলী ভংগ কৰাৰ উপাধ্যক্ষৰ সিদ্ধান্তক বজাই ৰাখিছিল, যাৰ পিছত পুনৰ বিধানসভা স্থাপন কৰা হৈছিল। এতিয়া শনিবাৰে প্ৰধানমন্ত্ৰী ইমৰান খানে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লাগিব।

বিগত বৰ্ষৰ জুন মাহত লাহোৰত হাফিজ ছাইদৰ ঘৰৰ বাহিৰত এটা ভয়ংকৰ বোমা বিস্ফোৰণ হৈছিল, সেই বিস্ফোৰণত তিনিজন লোক নিহত আৰু ২১ জন আহত হৈছিল। আক্ৰমণৰ পিছত, পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মোইদ ইউছুফে অভিযোগ কৰিছিল যে লাহোৰত হাফিজ ছাইদৰ বাসগৃহৰ ওচৰত হোৱা বিস্ফোৰণত ভাৰত জড়িত আছিল। অৱশ্যে, ভাৰতে পাকিস্তানৰ অভিযোগৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল। পাকিস্তানৰ এনএছএৰ দাবীৰ প্ৰতি ক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কৈছিল, “ভাৰতৰ বিৰুদ্ধে “ভিত্তিহীন প্ৰচাৰ”ত লিপ্ত হোৱাটো পাকিস্তানৰ বাবে নতুন কথা নহয়। পাকিস্তানে নিজৰ ঘৰমেৰামতি কৰা উচিত আৰু নিজৰ মাটিৰ পৰা উদ্ভৱ হোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰমাণীকৰণযোগ্য পদক্ষেপ লোৱা উচিত। তেওঁ কৈছিল যে যেতিয়া সন্ত্ৰাসবাদৰ কথা আহে, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে পাকিস্তানৰ বিশ্বাসযোগ্যতা ভালদৰে জানে। বাগচীয়ে কৈছিল যে এইবোৰ কথা তেতিয়াই স্পষ্ট হৈ পৰে যেতিয়া ইয়াৰ নেতাসকলে ওচামা বিন লাদেনক শ্বহীদ বুলি আখ্যা দিয়ে।

এখন চহৰত নিষিদ্ধ লাউডস্পীকাৰ! কিন্তু কিয় জানেনে?

ভাৰতৰ ৰাজস্থানৰ এখন চহৰত নিষিদ্ধ কৰা হ’ল লাউডস্পীকাৰ। ৰাজস্থানৰ আজমেৰ প্ৰশাসনে সকলো ধৰ্মীয় অনুষ্ঠান আৰু সকলো ৰাজহুৱা স্থানত নিষিদ্ধ কৰিলে লাউডস্পীকাৰ। শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত লৈছে ৰাজস্থান প্ৰশাসনে। চলিত মাহৰ ৭ এপ্ৰিলৰ পৰা এই আদেশ কাৰ্যকাৰী কৰিছে আজমেৰ প্ৰশাসনে। শেহতীয়াকৈ আজান বিৰ্তকই ব্যাপক চৰ্চা লাভ কৰা বাবেই আজমেৰ প্ৰশাসনে ধৰ্মীয় অনুষ্ঠানত পতাকা আৰু ধৰ্মীয় চিহ্নিও নিষিদ্ধ কৰিছে। যদি কোনো ব্যক্তি বা কোনো অনুষ্ঠানে লাউডস্পীকাৰ ব্যবহাৰ কৰিব বিচাৰে তেন্তে আগতিয়াকৈ প্ৰসাশনৰ অনুমতি ল’ব লাগিব। অৱশ্যে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ এই অনুমতি প্ৰদান কৰা নহ’ব।

বৰ্তমান আজমেৰত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। প্ৰশাসনে জাৰি কৰা এই আদেশ অনুসৰি কোনো ব্যক্তিগত ধৰ্মীয় অনুষ্ঠানতো উত্তোলন কৰিব নোৱাৰিব পতাকা। কিয়নো ইয়াৰ ফলত ৰাজহুৱা শান্তি ভংগ হ’ব পাৰে, আইন-শৃংখলা আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতিও ভাবুকি আহিব পাৰে। আজমেৰৰ আৰক্ষী অধিক্ষকে লগতে জনাই যে, যদি কোনো ব্যক্তিয়ে প্ৰশাসনৰ এই আদেশ উলংঘা কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা লাৱা হ’ব।