Home Blog Page 2413

ইলোৰা বিজ্ঞান মঞ্চৰ মহানুভৱতা…

বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছি সমন্বয় সাহিত্য গোষ্ঠীৰ কাৰ্যালয়ত কালি  উপস্থিত হয় ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাতি দল ।  সজাতি  দলটোৱে ইতিমধ্যে ইলোৰা বিজ্ঞান মঞ্চৰ কয়াকুছি শাখাৰ  সম্পাদক ছাহেদ আলী আহমেদে হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী জিএমচিএইচ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ বৰ্তমান ঘৰত থকা অাহমেদৰ স্বাস্থ্যৰ বুজ লয়।  বিভিন্ন সামাজিক কামৰ লগত জড়িত ছাহেদ আলী আহমেদক আৰ্থিক সকাহ দিয়াৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ তৰফৰ পৰা ৫৯,১০০(উনষাঠি হাজাৰ একশ)টকাৰ এখন চেক্  প্ৰদান কৰে । এই কাৰ্যসূচীত ক্ৰমে ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মুকুট মণি দাস¸ কোষাধ্যক্ষ  বাসুদেৱ দাস, বাগোদীৰ  বিষয় শিক্ষক মতলেপ  উদ্দিন ¸ ৰাইজৰ দলৰ বৰপেটা জিলা আহ্বায়ক আব্দুল জলিল, চিপিআইএমৰ কয়াকুছি লোকেল কমিটিৰ সম্পাদক পিয়াৰুল ইছলাম,  বিশিষ্ট শিক্ষাবিদ নুৰুল হক, ইলােৰা বিজ্ঞান মঞ্চ কয়াকুছি শাখাৰ সভাপতি  জয়নাল আবেদিন আহমেদ ¸ শাখাৰ সহকাৰী সম্পাদক নুৰ হোছেইন¸ আজীৱ সদস্য তথা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক আব্দুছ ছাত্তাৰ চৌধুৰী, আজীৱন সদস্য ছিদ্দিকুৰ ৰহমান ¸ সদস্য মনিৰ উদ্দিন অাহমেদ ¸  বৰপেটা জিলা সাহিত্য সন্মিলনীৰ সভাপতি সেখ ৰহমতুল্লা, আজীৱন সদস্য তথা  উৰ্মিমালা মণ্ডল সংগঠনৰ সভানেত্ৰী হামিদা খাতুন ¸ কলগাছিয়াৰ মহিলা নেতৃ হাছিনা আহমেদ  ¸ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামান ¸ ৰাইজৰ দলৰ সৰুক্ষেত্ৰীৰ নেতা মনিৰ উদ্দিন ¸ সৰভোগ বৰনগৰ কলেজৰ অধ্যাপক ড০ জেহেৰুল ইছলাম ¸ অধ্যাপক মইদুল ইছলাম ¸  কয়াকুছি মহাবিদ্যালয়ৰ অধ্যাপক ড০ হান্নান আলী আহমেদ ¸ অধ্যাপক ছাদেক আলী আহমেদ ¸  কয়াকুছি কুৰিহা ছিনিয়ৰ মাদ্ৰাছাৰ  শিক্ষক সাজিম উদ্দিন আহমেদ ¸ সম্প্ৰীতি সাহিত্য মঞ্চৰ সভাপতি শিক্ষক প্ৰদীপ কুমাৰ দাসকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যাক্তি উপস্থিত থাকে ।

সাংবাদিক তথা ইলোৰা বিজ্ঞান মঞ্চৰ কয়াকুছি শাখাৰ সম্পাদক ছাহেদ আলি আহমেদৰ চিকিৎসা সাহায্যৰ বাবে সংগৃহীত মুঠ ধন আছিল ৫৯,১০০ টকা  ইলোৰা বিজ্ঞান মঞ্চৰ কোষাধ্যক্ষ ডঃ বাসুদেৱ দাস আৰু কেন্দ্ৰীয় কমিটিৰ সদস্য মুকুটমণি দাসে  ৮ মে’ত কয়াকুছিলৈ গৈ মঞ্চৰ শাখা কাৰ্যালয়ত সংগৃহীত পুঁজিৰ চেক্ খন ছাহেদ আলি আহমেদৰ হাতত আৰু তেওঁৰ পৰিয়াল তথা  স্থানীয় ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে প্ৰদান কৰি  এক বিবৃতিত জনায় যে ¸ ইলোৰা বিজ্ঞান মঞ্চই  ছাহেদৰ পৰিয়ালবৰ্গ আৰু ৰাইজে বিজ্ঞান মঞ্চৰ উদ্যোগ আৰু মানৱদৰদী সদাশয় দাতাসকলৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

অনুষ্ঠানত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আলি হুছেইন আৰু ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থকাত ইলোৰা বিজ্ঞান মঞ্চই আন্তৰিক ধন্যবাদ জনায় ।  সম্প্ৰতি  ইলোৰা বিজ্ঞান মঞ্চৰ এই কাৰ্যত বিভিন্ন জনে শলাগ লয় । স্মৰ্তব্য যে, মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাৰ বাবে সচেতন ব্যক্তি সকলক আগুৱাই আহিবলৈ সজাতি দলটোৱে আহ্বান জনায়  । ইলোৰা বিজ্ঞান মঞ্চৰ এনে মহানুভৱতাক ছাহেদ আলী আহমেদৰ লগতে তেখেতৰ সহধৰ্মিনী ছানিয়াৰা আহমেদ ¸ জ্যেষ্ঠ ভাতৃ পিয়াৰুল ইছলাম আহমেদ ¸ কনিষ্ঠ ভাতৃ চান মামুদ আহমেদে পৰিয়ালৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে । অনুদান গ্ৰহণ কৰি ছাহেদ আলী আহমেদে কয় যে ¸ এনে মহানুভৱতাই মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে আৰু অধিক সামাজিক কাম-কাজ কৰিবলৈ দায়বদ্ধ কৰি তুলে । তেওঁ আগন্তুক দিনত প্ৰেৰণা পুথিভঁৰাল ¸ সমন্বয় সাহিত্য গোষ্ঠী আৰু সাহেব এণ্ড ছনছ্ চেৰিটেবল’ ফাউণ্ডেশ্বনৰ উদ্যোগত নাইটিংগেল অৰফানচ্ এণ্ড মাদাৰ টেৰেছা অ’ল্ড এজ হোম পৰিচালনা কৰি  আৰু অধিক সামাজিক কামত দায়বদ্ধতাৰে আগবাঢ়ি যাব বুলি উপস্থিত সকলোৰে আগত নিজৰ মত ব্যক্ত কৰে ।

ৰাজ্যত পুনৰ ডাইনীৰ সন্দেহত মহিলাক নৃশংস হত্যা…

  • অন্ধবিশ্বাৰ পৰা মুক্ত হোৱা নাই অসমৰ সমাজ

  • ৰাজ্যত পুনৰ ডাইনী বুলি মহিলাক নৃশংস হত্যা

  • গোসাঁইগাঁৱৰ মোহনপুৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা

  • নিহত মহিলাগৰাকী ৪৫ বছৰীয়া অঞ্জলী মুৰ্মু

  • হত্যাৰ অভিযোগত ৩জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

  • ধৃত সুনীল মাৰ্ডি, হোপনা হেমব্ৰম আৰু প্ৰবীনচন কিস্কু

অৰ্থনৈতিক সংকটৰ মাজতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ…

স্বাধীনতাৰ পিছত দেশখনে দেখা আটাইতকৈ বেয়া অৰ্থনেতিক সংকটৰ সময়তে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাই পদত্যাগ কৰিছে। লগতে শ্ৰীলংকাৰ স্বাস্থ্য মন্ত্ৰী অধ্যাপক চান্না জয়সুমানাইও তেওঁৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে।

সোমবাৰে প্ৰধানমন্ত্ৰী ৰাজাপাকছাই পদত্যাগৰ প্ৰস্তাৱ দিব বুলি বাতৰি প্ৰকাশ কৰাৰ পিছতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছা কাৰ্যালয়ৰ সন্মুখত এক হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘৰ্ষত শাসনাধিষ্ঠিত এজন সাংসদ নিহত হয় আৰু শতাধিকলোক আহত হয়।

প্ৰায় এমাহ ধৰি শ্ৰীলংকাই ইন্ধন, বিদ্যুত আৰু অৰ্থনৈতিক সংকটত ভুগি আছে। ইয়াৰ উপৰি সম্পূৰ্ণ দেশখনতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশচুম্বী মুল্যবৃদ্ধি হৈছে। এই সংকট আংশিকভাৱে বিদেশী মুদ্ৰাৰ অভাবৰ ফলতো দেখা দিছে।

মঙলবাৰৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ, ধুমুহা হোৱাৰ সম্ভাৱনা!

বৰ্তমান ৰাজ্যজুৰি বাঢ়িছে গৰমৰ প্ৰকোপ। এনে অসহ্যকৰ পৰিস্থিতিৰ মাজতে মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে বতাহ-ধুমুহা হোৱাৰো সম্ভাৱনা। বতৰ বিজ্ঞানীসকলৰ মতে ৰাজ্যত কাইলৈৰ পৰা প্ৰায় এসপ্তাহ ধৰি ঠায়ে ঠায়ে বৰষুণৰ লগতে বতাহ-ধুমুহা অহাৰ সম্ভাৱনা আছে।

বৰষুণৰ ফলত ৰাজ্যত হ্ৰাস পাব তাপমাত্ৰা। মঙলবাৰে সৰ্বোচ্চ তাপমাত্ৰা ২৯ ডিগ্ৰী ছেলচিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২৩ ডিগ্ৰী চেলছিয়াছলৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আনহাতে বৰ্তমান সকলোকে আতংকিত কৰি তুলিছে সামুদ্ৰিক ঘূৰ্ণী অশনিয়ে। এক তীব্ৰ ঘূৰ্ণী বতাহে মঙলবাৰে অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগ আৰু উৰিষ্যাৰ উপকুলৰ উত্তৰ-পশ্চিম দিশে আগবাঢ়িব বুলি পূৰ্বানুমান কৰিছে বতৰ বিজ্ঞান বিভাগে।

উত্তৰ অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আৰু দক্ষিণ উৰিষ্যা উপকূলৰ ওচৰলৈ এই ঘূৰ্ণী বতাহ অহাৰ লগে লগে এই বতাহে দিশ সলনি কৰাৰো সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান বিভাগে। উত্তৰ-পশ্চিম দিশ এৰি এই ঘূৰ্ণী বতাহে উত্তৰ আৰু উত্তৰ-পূবৰ ফালে আগবাঢ়িব। আৰু লাহে লাহে ই উত্তৰ-পশ্চিম বংগোপসাগৰত প্ৰৱেশ কৰিব বুলিও বতৰ বিজ্ঞানীসকলে জানিবলৈ দিয়ে।

সোমবাৰে অমিত শ্বাহে ক’ত কি কৰিলে? অসমত নতুনকৈ কি দিলে?

দুদিনীয়া অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ উপৰিও তামুলপুৰ আৰু আমিনগাঁৱত তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছতে গুৱাহাটীস্থিত জি এম চি এইছত নৱ নিৰ্মিত ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, জি এম চি এইছত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কৃষিমন্ত্ৰী অতুল বৰা, লোকনিৰ্মাণ মন্ত্ৰী অজন্তা নেওগ, শিক্ষামন্ত্ৰী ৰণোজ পেগু, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, ইউ জি ব্ৰহ্ম, অশোক সিংঘাল, বিমল বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, সাংসদ কুইন ওজা, বৈজয়ন্ত পাণ্ডা আদি। এই অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আগন্তুক ৫ বছৰত অসমত ২৫ খন মেডিকেল কলেজ স্থাপন হ’ব বুলি ঘোষণা কৰে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি ৰাজ্যৰ পুৰণি প্ৰতিখন জিলাতে একোখনকৈ মেডিকেল কলেজ স্থাপন হ’ব বুলি কোৱাৰ লগতে জাপানৰ বেংকে ইয়াৰ হাহে ৪০০০ কোটি লোণ দিছে বুলিও উল্লেখ কৰে। তেওঁ কয়, জাইকাৰ ধনেৰে শিলচৰ, দৰং, হোজাই, দিমাহাছাওত মেডিকেল কলেজ নিৰ্মাণ কৰিব। এই ৪০০ কোটিৰ ভিতৰত অসম চৰকাৰে ১০০০ কোটি টকা ঘূৰাই দিলেই হ’ব। তেওঁ কয়, অসমক চিকিৎসা খণ্ডৰ মডেল ৰাজ্য হিচাপে গঢ়ি তুলিব বিচৰা হৈছে। আনহাতে, ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন উদ্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, উত্তৰ পূৱ চিকিৎসা কেন্দ্ৰ হোৱাৰ সপোন দেখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে জি এম চি এইছত শ্বাহে মুকলি কৰা এই ছুপাৰ স্পেচিয়েলিটি হাস্পতালত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্র মুকলি কৰিলে গৃহমন্ত্রীয়ে। এই চিকিৎসালয়ত আছে ১৬৮ খন বিছনাৰ সুবিধা। ৰোগীৰ বাবে আছে ৩৮টা কেবিন, আছে ICUৰ ব্যৱস্থা। ইয়াত অত্যাধুনিক প্রযুক্তিৰে কৰা হ’ব চিটি স্কেন, এম আৰ আই, এক্সৰে’। ইয়াৰ উপৰিও হাস্পতালখনত আছে ইউ এছ জি, ই চি জি, ইক’ কাৰ্ডিঅ’গ্ৰাফি, টি এম টি।হাস্পতালখনত থাকিব হল্টাৰ, ২০ টা অ’ পি ডি কনচাল্টেচন কক্ষ। প্রায় ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে হাস্পতালখন।

সোমবাৰে পুৱা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে গৃহমন্ত্ৰীগৰাকীয়ে। এই সময়ছোৱাত তেওঁক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বি এছ এফৰ শীৰ্ষ বিষয়া আদিয়ে সংগ দিয়ে। এই সময়তে তেওঁ সীমান্তৰ ভাৰতীয় লোকৰ সৈতে মত বিনিময়তো লিপ্ত হোৱা দেখা যায়। ইয়াৰ পিছতে মানকাচৰৰ গৃহমন্ত্ৰীগৰাকী তামুলপুৰৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰে।তামুলপুৰত নিৰ্মাণ কৰা হ’ব বি এছ এফৰ অস্ত্ৰাগাৰ নিৰ্মাণ আৰু মেৰামতিৰ এটা কাৰখানা। ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ জিলাৰ গীতানগৰ কালচেনীত অমিত শ্বাহে উত্তৰ-পূবৰ সৰ্ববৃহৎ অস্ত্ৰভাণ্ডাৰ আৰু কাৰখানাৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ বৰনদীৰ পাৰৰ ২০০ বিঘা মাটিত স্থাপন হ’ব এই অস্ত্ৰভাণ্ডাৰ।

এই অনুষ্ঠানতে গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ বাবে উগ্ৰপন্থী গোটসমূহৰ সৈতে শান্তি আলোচনা সম্পন্ন হোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয়, ৭ বছৰ পূৰ্বে অসমলৈ আহিছিলোঁ। তেতিয়া যুৱকসকলে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ সংঘৰ্ষ কৰি আছিল। তেতিয়া ইয়াত হিংসাৰ ৰাজনীতি চলি আছিল। বহু যুৱকৰ হত্যা হৈছিল। তাৰ পিছতেই আমি প্ৰতিশ্ৰুতি দিছিলোঁ সন্ত্ৰাসবাদক অসমৰ পৰা বাহিৰ কৰি দিয়া হ’ব। আৰু ৭ বছৰ পাছত মই ইয়ালৈ আহিছোঁ। এতিয়া অসমত শান্তি স্থাপন হোৱা দেখিছোঁ। ইয়াৰ পিছতে অমিত শ্বাহ আহি উপস্থিত হয় আমিনগাঁৱত। আমিনগাঁৱত তেওঁ শুভ উদ্বোধন কৰে লোকপিয়ল সঞ্চালকায় গৃহ। এই লোকপিয়ল সঞ্চালকালয়ৰ গৃহক উত্তৰ-পূবৰ ষ্টোৰ আৰু স্কেনিং কেন্দ্র হিচাপে ব্যৱহাৰ হ’ব। ভৱনটো নিৰ্মাণত ব্যয় হৈছে ৩২ কোটি টকা। এই অনুষ্ঠানত অমিত শ্বাহে কয়, পৰিয়াল নিয়ন্ত্রণৰ ক্ষেত্রত অসম চৰকাৰে কাম কৰা উচিত। লগতে তেওঁ ইয়াতেই ঘোষণা কৰে যে আগন্তুক সময়ত লোকপিয়ল ডিজিটেল মাধ্যমত হ’ব। মৃত্যু হোৱা লোকৰ সংখ্য ইয়াৰ পৰা ডিলিট হ’ব। আনহাতে জনবসতি ঘন থকা ৰাজ্যত জনসংখ্যা গণনা কৰাটো অতি আৱশ্যক বুলি উল্লেখ কৰি তেওঁ কয়, পৰিকল্পনা সঠিক নহ’লে উন্নয়ন তথা বিকাশ অসম্ভৱ।

সাংবাদিক ৰাজু বৰুৱাক প্ৰয়োজন আপোনাৰ অলপ সহায়ৰ…

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে এগৰাকী সাংবাদিক। ৰাজু বৰুৱা নামৰ সাংবাদিক গৰাকী বৰ্তমান অসুস্থ। ৰাজু বৰুৱা নিউজ-18 অসম নৰ্থ ইষ্টত কৰ্মৰত অৱস্থাত আছিল। ৰাজু লিভাৰ চিৰোছিছত আক্ৰান্ত হৈ গুৱাহাটীৰ আয়ুৰসন্দ্ৰা হস্পিতালত চিকিৎসাধীন হৈ আছে।

চিকিৎসকে জনাইছে যে তাৎক্ষণিক ভাৱে তেওঁৰ লিভাৰ ট্ৰান্সপ্লান্ট কৰা আৱশ্যক। উল্লেখ্য যে, গুৱাহাটীত লিভাৰ ট্ৰান্সপ্লান্টৰ ব্যৱস্থা নাই। সেয়ে তেওঁক এয়াৰ এম্বুলেঞ্চ যোগেৰে চেন্নাইলৈ নিব লাগিব। কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত তেওঁৰ চিকিৎসাৰ বাবে প্ৰায় ৪০ লাখ টকাৰ প্ৰয়োজন। এই সময়চোৱাত পৰিয়ালটোক আৰ্থিক সহায়ৰ অত্যন্ত প্ৰয়োজন। কোনোৱে যদি ৰাজুলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে তলত বেংক একাউন্টৰ তথ্য দিয়া হ’ল-

RAJU BARUAH
SBI TEZPUR
AC— 32823336143
IFSC— SBIN0000195
Google pay No. 9706245425

বৰপেটাত ছাত্ৰৰ মৃত্যুক লৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিবাদ…

বৰপেটাত ছাত্ৰৰ মৃত্যুক লৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিবাদ ৷বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃত্যুৰ ঘটনাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত প্ৰতিবাদ ৷ দেওবাৰে বেকী নৈৰ পৰা উদ্ধাৰ হৈছিল মহাবিদ্যালয় খনৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃতদেহ ৷ ৬ মেৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰজনৰ মৃত্যুৰ ঘটনাৰ সৈতে জৰিত সকলক বিচাৰি উলিয়াবলৈ দাবী আৰক্ষীক ৷

বৰপেটা চহৰৰ মাজেৰে সমদল কৰি আহি বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰক্ষীক স্মাৰকপত্ৰ প্ৰদান কৰি হিমজ্যোতি দাসৰ মৃত্যুৰ তদন্তৰ দাবী জনায় ৷ইপিনে ছাত্ৰজনৰ আত্মহত্যাৰ ঘটনাৰ সৈতে পাঠশালাৰ এগৰাকী যুৱক জৰিত থকা বুলি উঠা অভিযোগৰ ওপৰতো তদন্তৰ দাবী জনায় ছাত্ৰ- ছাত্ৰীসকলে ৷

উল্লেখ্য যে, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কলা শাখাৰ ষষ্ঠ সান্মাষিকৰ ছাত্ৰ হিমজ্যোতি দাসে প্ৰেমজনিত কাৰনত ৬ মেত আত্মহত্যা কৰিছিল ৷সন্ধিয়া ঘৰৰ পৰা বৰপেটালৈ ওলাই অহা ছাত্ৰজনৰ মৃতদেহ ৮ মেত বেকী নৈত উদ্ধাৰক লৈ বৰপেটাত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

নিজ মাতৃৰ ন্যায় বিচাৰি ৰাজপথত কন্যাৰ প্ৰতিবাদ …

নিজ মাতৃৰ ন্যায় বিচাৰি ৰাজপথত কন্যাৰ প্ৰতিবাদ ৷ গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। উন্মত্ত লোকৰ এটা দলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল এগৰাকী মহিলাক। বৰ্তমান উক্ত ঘটনাৰ লগত জড়িত ১১ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাটোৰ লগত জড়িত পাঁচগৰাকী ব্যক্তিক এতিয়াও গ্ৰেপ্তাৰ নকৰাত ক্ষোভ প্ৰতিবাদকাৰীসকলৰ ৷

হাতত মাতৃৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী কন্যাই হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ ৷ গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰ দ-বাৰিচোৱা গাঁৱত হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম জোনমনি বৰা। গাঁওখনৰে দিলীপ গগৈ নামৰ লোকজন আৰু তেওঁৰ পৰিয়ালবৰ্গই একেগাঁৱৰে মালিৰাম বৰাৰ গৃহত বলপূৰ্বক প্ৰবেশ কৰি মৰিয়াই মৰিয়াই হত্যা কৰিছিল মালিৰাম বৰাৰ পত্নী জোনমনি বৰাক। লগতে মৃত জোনমনি বৰাৰ কন্যা পৰিস্মিতা বৰাও উন্মত্ত দলটোৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল। ভূমিকেন্দ্ৰিক এক সংঘাতৰ বাবে কাজিয়াৰ সূত্ৰপাত হৈছিল অভিযুক্ত দিলীপ গগৈ আৰু মালিৰাম বৰাৰ পৰিয়ালৰ মাজত।

অৱশেষত সেই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে ৩০ মাৰ্চৰ সন্ধিয়া। গৃহস্থ মালিৰাম বৰা ঘৰত নথকা অৱস্থাত দিলীপ গগৈ আৰু পৰিয়ালৰ লোকসকলে হাতে হাতে লাঠি লৈ ঘৰৰ দুৱাৰ ভাঙি মালিৰাম বৰাৰ গৃহত প্ৰবেশ কৰি লুটপাট আৰম্ভ কৰে।দলটোৱে ঘৰৰ আচবাব ভাঙি চুড়মাৰ কৰি অচেতন অৱস্থাত জোনমনি বৰাক এৰি সেই স্থান ত্যাগ কৰাৰ পাছত গাঁৱৰ একাংশ লোকে মুমুৰ্ষ অৱস্থাত জোনমনি বৰাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গোলাঘাটৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পাছত জোনমনি বৰাক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও অৱশেষত চিকিৎসালয়তে মৃত্যুক আকোৱালি লয় মহিলাগৰাকীয়ে।

আনহাতে ঘটনাৰ লগত জড়িত ১১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে যদিও পাঁচগৰাকীক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ পাঁচগৰাকী অভিযুক্ত ক্ৰমে নুমলী গগৈ, পূৰবী নেওঁগ গগৈ, বন্তি গগৈ, চিবানী গগৈ আৰু দিপান্ত গগৈক গ্ৰেপ্তাৰ কৰাৰ দাবীত সোমবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শতাধিক গাঁওবাসীয়ে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাই ৷

বৰপেটাৰোডত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ উদ্যোগত দুদিনীয়াকৈ ৰবীন্দ্ৰ জয়ন্তী উদযাপন…

বৰপেটাৰোডত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ উদ্যোগত দুদিনীয়াকৈ ৰবীন্দ্ৰ জয়ন্তী উদযাপন । কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ অংশগ্ৰহণ ।

আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটা ৰোডত ৰবীন্দ্ৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে।ৰাতিপুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হোৱা অনুস্থানত পতকা উত্তোলনৰ পিছতে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় যত অংশগ্ৰহণ কৰে কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ চৰণীয়াই।এই শুভাযাত্ৰাত বাৰে বিভিন্ন জন গোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।আজি আৰু কালি নিশা অনুষ্ঠিত হব সাংস্কৃতিক কাৰ্য্যসূচী যত অংশগ্ৰহণ কৰিব শ্ৰীলংকা ,বাংলাদেশ আৰু শান্তি নিকেটন পশ্চিম বংগৰ শিল্পী বৃন্দৰ দ্বাৰা পৰিবেশিত ৰবীন্দ্ৰ অনুস্ঠান।

হাইলাকান্দিত স্বাস্থ্য পৰিসেৱা বিচাৰি ৰাইজৰ হাহাকাৰ

হাইলাকান্দিত স্বাস্থ্য পৰিসেৱা বাবে হাহাকাৰ। হাইলাকান্দিত স্বাস্থ্য পৰিসেৱা বিচাৰি ৰাইজৰ হাহাকাৰ ।কৰ্মৰত চিকিৎসক ব্যস্ত প্ৰাইভেট প্ৰেকটিচত । চিকিৎসালয়ত মৃত্যুৰ লগত যুঁজ ৰোগীৰ ।


হাইলাকান্দি জিলাৰ লালা স্বাস্থ্য কেন্দ্ৰৰ দৃশ্য এইয়া। বিষ পান কৰাৰ ফলত সংকটজনক এজনী ৰোগী । কিন্তু , এই সংকটজনক ৰোগীৰ স্বাস্থ্য পৰিসেৱাৰ নাই কোনো চিকিৎসক । নাই নাৰ্ছ আন চিকিৎসা কৰ্মীও ।
ৰোগীৰ আত্মীয় উপায় অন্তৰ হৈ অৱশেষত প্ৰাইভেট প্ৰেকটিচত ব্যস্ত চিকিৎসকক ঘৰৰ পৰা মাতি আনিলে । এই চিকিৎসকজনৰ নাম ডঃ অমলেন্দু দাস । পিছে চিকিৎসক জনৰ কৰ্তব্যত গাফিলতিৰ কাৰন ও আছে । কিন্তু, ৰাইজৰ অধীকাংশ চৰকাৰী চিকিৎসালয়ৰ কৰুণ চিত্ৰ লালাৰ এই ঘটনায় উদঙাই দিছে ।