Home Blog Page 2431

বদমকাকুৱে বলীউডৰ ৯০ দশকৰ সংবেদনশীল মাধুৰীৰ মনতো স্থান লাভ

ভুৱনৰ ডিঙিত থকা কেঁচা বাদামৰ ধুমুহাই ‘ঢকধক ছোৱালী’ৰ হৃদয়তো আঘাত কৰিছিল। দুদিন আগতে পোষ্ট কৰা ভিডিঅ’টো এতিয়া কেৱল তেওঁৰ সামাজিক মাধ্যমত আবদ্ধ হৈ থকা নাই।

‘কেঁচা বাদাম, দাদা কেঁচা বাদাম’… ঘৰৰ পৰা বাহিৰলৈ, স্কুলৰ পৰা কলেজলৈ, ইনষ্টাৰ পৰা ফেচবুকলৈ। যোৱা কেইবামাহধৰি, সমগ্ৰ বিশ্বৰ লোকসকল কেঁচা বাদাম জ্বৰৰ দ্বাৰা ‘প্ৰভাৱিত’ হৈছে। বংগৰ মাটিৰ লোকসকল হৈছে ভুৱন বিদ্যাকাৰ। আপুনি ইতিমধ্যে এই বলীউড এ লিষ্টাৰৰ গানটোৰ সৈতে ভাইৰেল ৰিলটো দেখিছে ?

এইবাৰ মাধুৰীয়েও সেই ধাৰাটোত তাইৰ নাম লিখিছে। ভুৱনৰ ডিঙিত থকা কেঁচা বাদামৰ ধুমুহাই ‘ঢকধক ছোৱালী’ৰ হৃদয়তো আঘাত কৰিছিল। দুদিন আগতে পোষ্ট কৰা ভিডিঅ’টো এতিয়া কেৱল তেওঁৰ সামাজিক মাধ্যমত আবদ্ধ হৈ থকা নাই। এইটো ইতিমধ্যে ভাইৰেল হৈছে। এইটোও এটা নেট। সংগীজন আন এজন অভিনেতা ৰিতেশ দেশমুখ। তেওঁ নীলা পোছাকত উজ্জ্বল। কাষত ক’লা পোছাক পিন্ধি ৰীতেশ বৰ শেঁতা। তেওঁ নাচিছিল, ভাগ বতৰা কৰিছিল, আৰু তেওঁ আনন্দ কৰিছিল। মুম্বাইৰ ষ্টুডিঅ’টো আকৌ এবাৰ বেংগলৰ ভুৱনৰ সুৰত উত্তেজিত হৈ পৰিছিল।

বেংগলৰ বদমকাকু ভুৱন বিদ্যাকাৰে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে। ভুৱন বাদয়কাৰে ইতিমধ্যে কলকাতাৰ নামজাদা পঞ্চতাৰাত এটা অনুষ্ঠান কৰিছে। তেওঁ এখন চেকেণ্ড হেণ্ড গাড়ীও কিনিছিল। গাড়ী চলাবলৈ শিকাৰ এটা দুৰ্ঘটনাও হৈছিল। তেওঁ এটা অনুষ্ঠান কৰিবলৈ মুম্বাইলৈ গৈছিল। তেওঁ উভতি আহিছে আৰু বেংগলৰ নতুন ৰিয়েলিটি শ্ব’ ইস্মাৰ্ট জোৰীতো অংশগ্ৰহণ কৰিছে। পত্নীৰ সৈতে।

তেওঁৰ ৰাতিটোৰ সফলতা মন্তব্যৰ সৈতে আহিছিল। কিছুমান লোকে কৈছে যে এই নামটো দীঘল নহয় আৰু বীৰভূমৰ এই মাটিৰ কোনোবা বা মানুহে তেওঁলোকক সন্মান জনাইছে। কোনেও ভৱিষ্যত নাজানে, কিন্তু এতিয়াৰ বাবে বদমকাকুৱে বলীউডৰ ৯০ দশকৰ সংবেদনশীল মাধুৰীৰ মনতো স্থান লাভ কৰিছে। সেইটোও কম গুৰুত্বপূৰ্ণ নহয় নেকি?

উৰিষ্যাৰ ভূৱনেশ্বৰত পেৰা এথলীটৰ মুখত জয় আই অসম ধ্বনি

ৰাষ্ট্ৰীয় পেৰা এথলেটিকছত অসমৰ পাঁচটা পদক ।আনিস্মিতা এছিয়ান পেৰা গেমছলৈ বাছনি হোৱাৰ সম্ভাৱনা । উৰিষ্যাৰ ভূৱনেশ্বৰত পেৰা এথলীটৰ মুখত জয় আই অসম ধ্বনি । কলিংগ ষ্টেডিয়ামত অসমৰ পেৰা খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ।ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত উৰিল অসমৰ বিজয় নিচান । অৰ্জন কৰিলে স্বৰ্ণসহ মুঠ পাঁচটাকৈ পদক ।

বিগত মাহৰ ২৮ ৰ পৰা ৩১ মাৰ্চলৈ উৰিষ্যাৰ ৰাজধানী চহৰ ভূৱনেশ্বৰত অনুষ্ঠিত হ’ল ২০ সংখ্যক ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ । দেশৰ ২৯ খন ৰাজ্যৰ প্ৰায় ৯০০ প্ৰতিযোগীয়ে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত। অসমৰ পৰা অংশ ল’লে ৭ জনীয়া পেৰা এথলীটৰ দলে । অসমক প্ৰতিনিধিত্ব কৰা দলটোৱেও ট্ৰেকত দেখুৱালে পৰাক্ৰম । অসমৰ দুগৰাকী পেৰা এথলীটে আজুৰি আনিলে ৫ টাকৈ পদক ।

ইয়াৰে ২ টা স্বৰ্ণ, ১ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক । চিৰঞ্জীতা ভৰালীয়ে লং জাম্পত ১ টা স্বৰ্ণ, ১০০ মিটাৰ দৌৰত ১ টা ব্ৰঞ্জ, আৰু ২০০ মিটাৰত লাভ কৰিছে ১ টা ব্ৰঞ্জসহ মুঠ ৩ টা পদক । সেইদৰে , আনিস্মিতা কোঁৱৰে ১০০ মিটাৰত স্বৰ্ণ আৰু ৪০০ মিটাৰত দখল কৰিছে ৰূপৰ পদক । স্বৰ্ণজয়ী আনিস্মিতাৰ টাইমিং আছিল অতি সন্তোষজনক । মাত্র ১৭.৮১ ছেকেণ্ডত সাফল্য লাভ কৰিছে কণমাণি পেৰা দৌৰবিদ গৰাকীয়ে । যিহেতু,অক্টোবৰত চীনত অনুষ্ঠিত হ’ব লগা আগন্তুক এছিয়ান পেৰা গেমছৰ বাবে প্ৰয়োজনীয় সময় আছিল ১৮.০০ ছেকেণ্ড । সেয়েহে, এছিয়ান পেৰা গেমছলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পালে আনিস্মিতাৰ বাবে ।

মৰিগাঁৱৰ ভূৰাগাঁৱত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আজি বিনামূলীয়া চকু  চিকিৎসা শিবিৰ  অনুষ্টিত কৰা হয় ।

Bosco Reach Out গুৱাহাটীৰ উদ্যোগত ,মৰিগাঁও জাগৰণ  আত্ম সহায়ক গোট আৰু ভূৰাগাঁও মহাবিদ্যালয়ৰ সৌজন্যত ভূৰাগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা হয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিশেষজ্ঞ চিকিৎসক হিমাদ্ৰী কুৰ্মী, মুনমুন ৰয় আৰু ৰিংচাৰ বাগলাৰীয়ে  শিবিৰত চিকিৎসা সেৱা আগবঢ়ায় ।এই শিবিৰত প্ৰায় চাৰি শতাধিক লোকৰ চকু পৰীক্ষা আৰু চিকিৎসা প্ৰদান কৰা হয় ।

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে দুই সংগঠনৰ উত্তাল প্ৰতিবাদ

শিৱসাগৰত মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি দুই সংগঠনৰ উত্তাল প্ৰতিবাদ।ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই আজি শিৱসাগৰ নগৰত মূল্যবৃদ্ধৰ বিৰুদ্ধে পৃথকে পৃথকে প্ৰতিবাদ সাৱস্ত্য কৰে।

পেট্ৰ’ল – ডিজেল সহ প্ৰায় বিলাক সামগ্ৰীৰে মূল্য অত্যাধিক বৃদ্ধি হোৱাত শিৱসাগৰ দৌলমুখ চাৰি আলিত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে।সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে সমিতিয়ে। সাধাৰন জনতা মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত চৰকাৰে টেস্কফ্ৰী কাশ্মীৰ ফাইলচ চাবলৈ কৈছে। সংগঠনটোৱে বিৰোধী বিধায়কসকলক বিধান সভাত মূল্যবৃদ্ধিৰ বাবে বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ দাবী ।

কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ শতাধিক সদস্য তথা বিষয়ববীয়াই মূল্য বৃদ্ধি ৰোধ কৰক, জনতাক শোষণ কৰা বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি উত্তাল কৰে পৰিৱেশ।আনহাতে আছুৰ শিৱসাগৰ জিলা আৰু আঞ্চলিক সমিতিয়ে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে।

১২ ৰাণতে ক্ষান্ত বিৰাট কোহলি : ডু প্লেছিছ বাহিনীৰ জয়

মহাৰাষ্ট্ৰত সগৌৰৱেৰে অব্যাহত আছে এই ছিজনৰ ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্ণামেন্ট আই পি এল ।বুধবাৰে আই পি এলৰ ষষ্ঠ খন মেচত অৱতীৰ্ণ হ’ল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছ ।ল স্কৰিং মেচত জয়ৰ মালা পিন্ধিলে প্লেছিছৰ নেতৃত্বৰ দল আৰ চি বিয়ে । প্ৰথমে বেটিং কৰে শ্ৰেয়াস আয়াৰ বাহিনীয়ে । পিছে বিপক্ষ দল আৰ চি বিৰ বলিং ত্রাসত সেও মানিলে কলকাতা নাইট ৰাইডাৰ্ছে। খহিলে এটাৰ পাছত আনটো উইকেট । ৱানিনডু হাছৰাংগাৰ দৰে দুৰ্দান্ত বলেৰে ৪ উইকেটৰ পতন ঘটালে । ফলত অল আউট হৈ ১৮ অভাৰ ৫ টা বলত কলকাতাই সংগ্ৰহ কৰে মাত্র ১২৮ ৰাণ । কলকাতাৰ হৈ আণ্ড্ৰে ৰাছেলে ২৫, উমেশ যাদৱে ১৮ ছাম বিলিংছে ১৪ ৰাণৰ বৰঙণি যোগায় । অধিনায়ক হিচাপে ১০ টা বলত ১৩ ৰাণ কৰিয়েই আউট হয় শ্ৰেয়াস আয়াৰ ।

জয়ৰ বাবে সহজ লক্ষ্য লৈ বেটিঙত নামি পৰিল আৰ চি বি । পিছে বলিঙত কলকাতাই দেখুৱালে পৰাক্ৰম । আৰ চি বিৰো পতন ঘটিল এটাৰ পাছত আনটো উইকেট । বলিঙত কলকাতাৰ হৈ টীম ছাউথিয়ে অকলেই ললে তিনিটা উইকেট । আৰ চি বিৰ হৈ ছেৰফান ৰাডাৰফৰ্ডে ২৮, ছাহবাজ আহমেদে ২৭ আৰু ডেভিদ উইলিয়ে ১৮ ৰাণৰ বৰঙণি যোগায় । পূৰ্বৰ আৰ চি বিৰ অধিনায়ক বিৰাট কোহলীয়ে ২ টা চাৰিসহ ৭ টা বলত ১২ ৰাণ সংগ্ৰহ কৰি পেভেলিয়নলৈ উভতে ।

জয়ৰ বাবে ৰণক্ষেত্রত মৰণপণ যুঁজ দিলে শ্ৰেয়াস আয়াৰ বাহিনীয়ে । অন্তিম পৰ্যায়লৈকে দৰ্শকে ধৰিব পৰা নাছিল কোনটো দল জিকিব । ইতিমধ্যেই ৭ টা উইকেটৰ পতন ঘটাইছিল কলকাতাই । অৱশেষত বহু যুজঁৰ নায়ক তথা পূৰ্বতে নাইট ৰাইডাৰ্ছৰ হৈ খেলা দীনেশ কাৰ্তিকৰ বিক্ৰমত জয়ী হ’ল দলটো । দীনেশে ৭ টা বলত ১ টাকৈ চাৰি আৰু ছয় কোবাই ১৪ ৰাণত অপৰাজিত হৈ ৰয় । কলকাতাৰ আশাত চেঁচা পানী ঢালি ১৯ অভাৰ ২ টা বলত ১৩২ ৰাণ কৰি ৩ উইকেটত জয়ী হয় আৰ চি বি ।
এককথাত অধিনায়ক হিচাপে আৰ চি বিৰ অধিনায়ক ফাফ ডু প্লেছিছ হ’ল সফল । আনহাতে, এই ছিজনত নিজা প্ৰথমখন মেচত জয়ী হ’লেও দ্বিতীয় মেচত উজুতি খালে আয়াৰ বাহিনীয়ে ।

বিখ্যাত অভিনেতা অনিল কাপুৰৰ নতুন ফটো ছচিয়েল মিডিয়াত ভাইৰেল

65 বছৰ বয়সত, অনিল কাপুৰে এনে ফটো শ্বেয়াৰ কৰিছিল, অনুৰাগীসকলে ধেমেলীয়া মন্তব্য কৰিছে।
বিখ্যাত অভিনেতা অনিল কাপুৰৰ নতুন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ছবিবোৰত, অভিনেতাজন এনেধৰণে দেখা গৈছিল যে তেওঁ ‘ৱেলকাম’ বোলছবিখনৰ মজনু ভাইক মনত পেলাইছিল।

অনিল কাপুৰ বলীউডৰ এজন উপযুক্ত অভিনেতা। অনিল কাপুৰলৈ চাই ক’ব পাৰি যে তেওঁৰ ফালে চাই তেওঁৰ বয়স অনুমান কৰা কঠিন। ইফালে, অনিল কাপুৰে ছ’চিয়েল মিডিয়াত এনে এখন ফটো শ্বেয়াৰ কৰিছে, কোনবোৰ মানুহে ধেমেলীয়া মন্তব্য কৰিছে।

ছবিবোৰত, অনিল কাপুৰক ক’লা চেহেৰাত দেখা গৈছিল। অভিনেতাজনে ক’লা টি-চাৰ্টৰ ওপৰত একে ৰঙৰ চাৰ্ট আৰু জিন্স পিন্ধিছিল। ইয়াৰ সৈতে ক’লা জোতা পিন্ধি। তেওঁৰ চেহেৰাটো সম্পূৰ্ণ কৰিবলৈ, অভিনেতাজনে ক’লা গগলচ পিন্ধিছিল।

অনিল কাপুৰে বহি আছে আৰু দেৱালৰ ফালে মূৰটো পিছফালে ৰাখিছে। এই ছবিবোৰ শ্বেয়াৰ কৰোঁতে, অনিল কাপুৰে এটা আকৰ্ষণীয় শিৰোনাম লিখিছে। অভিনেতাজনে লিখিছিল- “মই সপ্তাহান্তৰ বাবে সাজু। কিন্তু কেৱল বৃহস্পতিবাৰৰ বাবে।”

অনুৰাগীসকলে ধেমেলীয়া মন্তব্য কৰিছে
অনুৰাগীসকলে অনিল কাপুৰৰ এই আকৰ্ষণীয় ছবিবোৰৰ ওপৰত নিৰন্তৰ মন্তব্য কৰি আছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- “ফায়াৰ ছাৰ আগ।” আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- “হেই! মজনু ভাই’। তৃতীয় ব্যৱহাৰকাৰীজনে লিখিছিল – ‘আমেজিং।’ চতুৰ্থ ব্যৱহাৰকাৰীজনে লিখিছিল – ‘এভাৰগ্ৰীণ লুক।’ আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল – ‘ছাৰ, আপোনাক 35 ৰ দৰে দেখাইছে’।

ছিপাঝাৰৰ দুই নিঠৰুৱা কণমানিলৈ ক্ৰীড়া সন্থাৰ গেছ, আৰ্থিক সাহায্য, সামগ্ৰী মণ্ডল বিজেপিৰ

ছিপাঝাৰৰ গোৱালঝাৰত পিতৃ মাতৃক অকালতে হেৰুৱাই নিঠৰুৱা হৈ পৰা ঘাটমাউৰা দুই কণমানি বাৰবছৰীয়া জ্যোতিষ্মান শৰ্মা আৰু আঠ বছৰীয়া কৰিশ্মাৰ দেৱীৰ দুখত সমভোগী হৈ সহায়ৰ হাত আগবঢ়ালে ছিপাঝাৰ মণ্ডল বিজেপি। ইতিমধ্যে স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে শিশু দুজনৰ ভৱিষ্যতৰ কথা চিন্তা কৰাৰ দৃঢ়তা প্ৰকাশ কৰাৰ পিছত বহু হৃদয়বান লোকে নিঠৰুৱা হৈ জীৱনৰ দিকবিদিক হেৰুৱাই পেলোৱা দুই শিশুৰ ওচৰত থিয় দদিয়াৰ পিছত ছিপাঝাৰ মণ্ডল বিজেপিৰ সভাপতি দীপক কুমাৰ নাথ, সম্পাদক, মহিলা মৰ্চা, সংখ্যা মৰ্চা, কৃষক,যুৱ মৰ্চাৰ এটা দলে কণমানি দুগৰাকীৰ গোৱালঝাৰস্থিত গৃহত উপস্থিত হৈ এক আৰ্থিক সাহায্যৰ লগতে কিছু খাদ্য সামগ্ৰীও প্ৰদান কৰে।

আনহাতে যোৱা কালি সন্ধিয়া ছিপাঝাৰৰ হাজৰিকাপাৰা ক্ৰীড়া সন্থাই ছিপাঝাৰ মণ্ডল বিজেপিৰ জৰিয়তে আহুকালত উৱাদিহ হেৰুৱাই পেলোৱা দুই ঘাটমাউৰা কণমানিলৈ আগবঢ়ায় ৰন্ধন গেছ।অকালতে পিতৃ -মাতৃ হেৰুৱা দুৰ্ভগীয়া দুই নিঠৰুৱা কণমানিৰ প্ৰতি দেখুওৱা সহমৰ্মিতাত সকলোৱে প্ৰশংসা কৰিছে।

অৱসৰৰ টকাৰে ৰহাত এখন বৃদ্ধাশ্ৰম গঢ়িম :পুতুলী মূদৈ

অৱসৰ গ্ৰহণৰ দিনাই আজি ৰহাৰ কপিলী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এগৰাকী শিক্ষয়িত্ৰীক পেন্সনৰ নথিপত্ৰ প্ৰদান কৰা হয়।এই উপলক্ষে আজি কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়।ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখা কৰে পৰিষদৰ সম্পাদক লক্ষীপ্ৰসাদ ডেকাই।

সভাত  আজি অৱসৰ গ্ৰহণ কৰা চাপৰমুখ ৰেলৱে মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পুতলী মুদৈক আনুষ্ঠানিকভাৱে বিভাগৰ জৰিয়তে পেন্সনৰ নথিপত্ৰসমূহ প্ৰদান কৰে কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমৰ বৰুৱাই । নথিপত্ৰ প্ৰদান কৰি শিক্ষা বিষয়া বৰুৱাই অৱসৰৰ দিনাই এনেদৰে নথিপত্ৰ দিব পৰাত অতিশয় আনন্দিত হোৱা বুলি উল্লেখ কৰি অনাগত সময়ত অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী সকলকো এনেদৰে যাতে পেন্সনৰ নথিপত্ৰ দিব পাৰে তাৰ বাবে প্ৰচেষ্টা চলাব বুলি কয়।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক শ্যামন্ত দাসে এনেদৰে পেন্সনৰ নথি পত্ৰ দিয়াৰ ব্যৱস্থা কৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ কৰ্মৰত কৰ্মচাৰীসকলৰ লগতে পেন্সনাৰ সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিখনো

তৎকালীনভাৱে কাৰ্যকৰী কৰি কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে চৰকাৰক দাবী জনায়। সভাত সদৌ অসম ছাত্র সন্হাৰ তথ্য সম্পাদক মৃদুল হাজৰিকা, নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰঙ, কপিলী প্ৰাথমিক শিক্ষক সন্মিলণীৰ সভাপতি ৰঞ্জিত পাটৰ,ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক নীলোৎপল হাজৰিকা, ৰহা আঞ্চলিক সাংবাদিক সন্হাৰ সভাপতি দীপক কুমাৰ শৰ্মা,শিক্ষা খণ্ড কাৰ্যালয়ৰ সহায়ক লক্ষদেৱ বড়ো ,জয়ন্ত দাস আদি উপস্থিত থাকে।সভাত অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী পুতলী মুদৈক ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা গামোছা, প্ৰশস্তি পত্ৰ,চেলেং আৰু কলম আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। সভাত বিদায়ী প্ৰধান শিক্ষয়িত্ৰী পুতুলী মুদৈয়ে কয়  অৱসৰৰ পাছত পাবলগা ধনেৰে ৰহা টোলগেটৰ কাষত গঢ়ি তুলিম এখন বৃদ্ধাশ্ৰম গঢ়ি তুলিম বুলিও কয় ।

চাপৰমুখত শোৱাপাটিৰ পৰাই কিশোৰ সন্ধানহীন।

চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত চাপৰমুখ কৃষ্ণনগৰৰ এজন কিশোৰ আজি পুৱাৰ পৰাই নিৰুদ্দেশ  হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে কৃষ্ণনগৰৰ মুকুট বৰাৰ পুত্ৰ তথা চাপৰমুখৰ চেন্ট বেচিলছ একাডেমীৰ নৱমমান শ্ৰেণীৰ ছাত্র গৌৰৱজ্যোতি বৰা(বাবু) (১৬)ই কালিও আন দিনাৰ দৰেই  নিশা খোৱা বোৱা কৰি শুবলৈ যায়।কিন্তু আজি পুৱা শোৱাপাটিৰ পৰাই নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।

ইতিমধ্যে পৰিয়ালৰ লোকে চাপৰমুখ আৰক্ষী চকীত এক গোচৰ দিয়াৰ ওপৰিও বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সম্ভেদ লাভ কৰিব পৰা নাই ‌।অতি অমায়িক কিশোৰজন হঠাতে শোৱাপাটিৰ পৰাই  সন্ধানহীন হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।কোনো সদাশয় লোকে কিশোৰজনৰ সম্ভেদ পালে মবাইল ৯১০১৬৫৭৪২২ আৰু মবাইল ৯৮৬৪৬৩০১৫১ নম্বৰ অথবা ওচৰৰ আৰক্ষী থানাত যোগাযোগৰ বাবে অনুৰোধ জনোৱা হৈছে।

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচী।

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচী। সকলো শিক্ষাৰ্থীৰ লগতে অভিভাৱকক অংশগ্ৰহণ । তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আৱাসিক এলেকাত অৱস্থিত নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত আজি “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে বিদ্যালয় কৰ্তৃপক্ষই এই কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও অভিভাৱকসকলকো অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে “পৰীক্ষা পে চৰ্চা” শীৰ্ষক এই অনুষ্ঠানটোত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰে । পৰীক্ষাৰ দিন চমূ চাপি অহাৰ সময়ত পৰীক্ষাৰ্থীৰ মনত সৃষ্টি হোৱা মানসিক চাপ আৰু হতাশা নিৰাময় কৰাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা পদক্ষেপক প্ৰশংসা কৰি এই কাৰ্যসূচীয়ে আগন্তুক দিনত বিদ্যালয়খনৰ শিক্ষাৰ্থীক লাভাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান অখিলেশ্বৰ ঝাই।

ইপিনে “পৰীক্ষী পে চৰ্চা” শীৰ্ষক এইবাৰৰ অনুষ্ঠানটোত বিগত সময়ৰ দৰে কেৱল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে সকলো শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰ্হণ কৰিবলৈ কৰে। ই এক উল্লেখযোগ্য দিশ বুলি দোহাৰে বিদ্যালয় কৰ্তৃপক্ষই।