Home Blog Page 2468

বৰপেটা জিলাৰ সৰভোগৰ কিচমৎ দ্বাৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটা জিলাৰ সৰভোগৰ কিচমৎ দ্বাৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহ লোড কৰাৰ বাবে ৰৈ থকা ট্ৰাকত এ এছ ১৪ কে ৩ ৫৫১ নম্বৰৰ বাইকৰ খুন্দা।ঘটনাস্থলীতে নিহত হয় দুই বাইক আৰোহী।নিহত বাইক আৰোহী অনচুমা ৰামচিয়াৰী আৰু মোহা বৰো দুয়োৰে ঘৰ নলবাৰী জিলাৰ বেঞ্চিমাৰী জোপাগাওত বুলি জানিব পৰা গৈছে।দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এন এল ০১ এ এ ৪১৪১ নম্বৰৰ ট্ৰাকৰ পলায়ন।ৰাইজৰ অভিযোগ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মজুত ৰখা বাহ উঠাবলৈ ৰৈ আছিল ট্ৰাকখন।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও এনেদৰে ট্ৰাক. বাহ লোড কৰাৰ পথৰ কাষত ৰৈ থকাৰ বাবে এই স্হানত বহু দুৰ্ঘটনা সংঘটিত হৈছে। পালেংবাৰীৰ কৰিম নামৰ বাহৰ বেপাৰী এজনে প্ৰশাসনক মেনেজ কৰি ৰাষ্ট্ৰীয় ঘাইপথত দুই তিনি বছৰ ধৰি চলাই আছে এই বাহৰ ব্যৱসায়।

লাহৰীঘাট বৰছলাত বুজন পৰিমাণৰ ড্ৰাগছ সহ ১ ড্ৰাগছ সৰবৰাহকাৰী আটক

মৰিগাঁও জিলাৰ  বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মামনি কুমাৰীৰ নেতৃত্বত গৰৈমাৰীৰ পৰা গোপন সূত্ৰৰ পম খেদি মফিদুল ইছলাম নামৰ(৩০) ড্ৰাগছ সৰবৰাহ কাৰীক  ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়ত কৰায়ত্ত কৰে ৷ 

উক্ত ড্ৰাগছ সৰবৰাহ কাৰীজনৰ পৰা ৮ টা ড্ৰাগচ ভৰ্তি চাদাৰ টেমা লগত ১২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ ৪ টা খালী কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা মতে বিয়লি ২ বজাত  এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰে। সম্প্রতি ধৃত ড্ৰাগছ সৰবৰাহ কাৰী জনক আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে। খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

বঙাইগাঁৱৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ত ‘ জ্ঞানোদয়ৰ বাকৰিত ৰঙালীৰ ধেমালি’ শীৰ্ষক অনুষ্ঠান 

আজি বঙাইগাঁও চহৰৰ  উত্তৰ বঙাইগাঁওস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ত ” জ্ঞানোদয়ৰ বাকৰিত ৰঙালীৰ ধেমালি ” শীৰ্ষক এক  অনুষ্ঠান আয়োজন কৰা হয়। বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দ্বীপ ৰায়ৰ ঢোল বাদনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত ৰঙালী বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে বিহু আদৰণি কবিতাটো আবৃত্তি কৰে সৌৰভজ্যোতি চৌধুৰীয়ে।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ লগতে অভিভাৱকসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ অনুষ্ঠানত কণ কণ ছাত্ৰ – ছাত্ৰীৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণীৰ ছাত্ৰীসকল, শিক্ষয়িত্ৰীসকল আৰু অভিভাৱিকাসকলে বিহু নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ 

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকা। অনুষ্ঠানৰ শেষত সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ছাত্ৰসকলৰ মাজত প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়।

গাঁতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ….

তামাৰহাটত ঠিকাদাৰে খন্দা গাতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ । ঘটনাক গাপ দিবলৈ উঠি পৰি লাগিছে এটা দালাল চক্ৰই ।স্বয়ম্ভূ ঠিকাদাৰৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবে প্ৰাণ গল এটি চাৰি বছৰীয়া শিশুৰ । ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মুছলমানপাৰা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । উল্লেখ্য যে, গাঁওখনৰ মাজেৰে যোৱা পথ এটা  নিৰ্মানৰ কাম চলি আছে আৰু সেই কামত নিয়োজিত হৈ থকা শ্ৰমিক সকল থকাৰ বাবে ঠিকাদাৰে অস্থায়ী ভাবে স্থাপন কৰিছে এটা কেম্প । সেই কেম্পত ব্যৱহৃত হোৱা দমকলৰ লেতেৰা পানী জমা হোৱাৰ বাবে কাষতে ঠিকাদাৰে খান্দিছে এটা দ গাত ।

জনবসতিপূৰ্ণ অঞ্চলৰ মাজত স্থাপন কৰা কেম্পৰ গাতটোৰ চাৰিওফালে বেৰ নথকাৰ বাবে ওচৰৰে এঘৰৰ এটি শিশু গাতৰ পানীত পৰি প্ৰাণ দিব লগা হৈছে । উল্লেখ্য যে, উক্ত গাতটো খন্দাৰ পিছৰে পৰা স্থানীয় ৰাইজে গাতটোৰ চাৰিওফালে বেৰ দিয়াৰ বাবে কামৰ লগত জড়িত আৰু নিজকে ঠিকাদাৰ বুলি পৰিচয় দিয়া জাকিৰ হুছেইন নামৰ ব্যক্তি জনক বাৰংবাৰ কোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত আৰীফ শ্বেখ নামৰ অতি চাৰি বছৰীয়া শিশুৰ জীৱন হেৰুৱাব লগা হৈছে । বিবৰণী মতে, গাঁওখনৰে ৰফিকুল শ্বেখ নামৰ যুৱক এজনৰ সন্তান আৰীফ শ্বেখ নামৰ চাৰি বছৰীয়া শিশুটি বুধবাৰ আবেলিৰ ভাগত ঘৰৰ চোতালত খেলিবলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ পৰে । পিছত পৰিয়ালৰ লগতে আত্মীয় সজনে শিশুটিক বিচাৰি হাহাকাৰৰ সৃষ্টি কৰে ।

সন্ধিয়াৰ ভাগত বিচাৰি থাকতে ঠিকাদাৰে খন্দা গাতৰ পানীত পৰি মৃত অৱস্থাত শিশুটিক প্রত্যক্ষ কৰাত পৰিয়ালৰ লগতে গাঁওবাসীয়ে ঠিকাদাৰ বিৰুদ্ধে উত্তেজিত হৈ পৰাৰ লগতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় । লক্ষণীয় বিষয় যে, গোপন সূত্ৰে পোৱা খবৰ মতে, ঘটনাটো পোহৰলৈ অহাৰ লগে লগে দালাল চক্ৰ এটাই ঠিকাদাৰৰ পক্ষ লৈ মৃতকৰ পৰিয়ালক টকাৰ লোভ দেখুৱাই সমগ্ৰ ঘটনাটক গাপ দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও ভুক্তভোগীয়ে খবৰ দিয়াত সাংবাদিক আৰু তামাৰহাট আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হোৱাত ঘটনাক গাপ দিব বিচৰা দালাল চক্ৰটো ব্যৰ্থ হয় ।

ইপিনে দীৰ্ঘদিন ধৰি নিম্নমানৰ কাম কৰি টকা উপাৰ্জনত পাকৈত ঠিকাদাৰ ৰাজনানা ব্ৰহ্ম আৰু কামৰ দায়িত্বত থকা অৰ্থাৎ নিজকে ঠিকাদাৰ হিচাপে পৰিচয় দিয়া স্বয়ম্ভূ ঠিকাদাৰ জাকিৰ হুছেইনৰ গুৰুত্ব হীনতাৰ বাবে সংঘটিত হোৱা এই ঘটনাৰ বিৰুদ্ধে প্ৰশাসনে উচিত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজে প্ৰশাসনৰ ওপৰত দাবী জনাইছে যদিও আৰক্ষী প্ৰশাসনে জাকিৰৰ  বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয় বিষয় । আনহাতে তামাৰহাট আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ লগতে তদন্ত আৰম্ভ কৰিছে । ইপিনে, যিটো গাতৰ পানীত পৰি এটি শিশুৱে জীৱন দিব লগা হৈছে সেই গাতটো পিছদিনাও ঠিকাদাৰে বন্ধ বা বেৰ নিদিয়াৰ ফলত স্থানীয় ৰাইজ ক্ষোভ প্ৰকাশ কৰে যদিও স্বয়ম্ভূ ঠিকাদাৰ জাকিৰ হুছেইনে এই ক্ষেত্ৰত এতিয়ালৈকে অৰ্থাৎ বাতৰি লিখা লৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । 

কোঁচ ৰজাৰ দিনৰে পৰম্পৰা ৰক্ষা দীঘলী বিলত সমূহীয়া মাছ ধৰা পৰ্ব….

তাহানিৰ কোঁচ ৰজাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে বিহুৰ উৰুকাৰ দিনা চলি অহা ৰীতি সাৰোগত কৰি আজি নগাঁও জিলাৰ হাতীচোং মৌজাৰ ঐতিহাসিক দীঘলী বিলত কেবাশতাধিক গঞাই সমূহীয়া মাছ ধৰা উৎসৱত ভাগ লয়।

হাতে -হাতে জাকৈ-খালৈ, জুলুকী, জাল, প’ল লৈ দীঘলি বিলত অঞ্চলটোৰ প্ৰায় ২০ খন গাঁৱৰ ৰাইজে এই সমূহীয়া মাছ ধৰা উৎসৱত অংশ লৈ মাছ ধৰে।আজি  পুৱাৰ ভাগতেই হাতীচোং মৌজাৰ মাজগাঁও, ৰজাগাঁও , দীঘলপাৰ ,কুজীডাঁহ, মেধিচুক,  ক্ষেত্ৰীগাঁও, গজপুৰীয়া, চাউলখোৱা, খাটোৱাল, দৰঙীয়াল, বৰডুবীয়া, পুখুৰীপাৰ, নমাটি, ৰাইডঙীয়া, আইভেটি ,কাছমাৰী আদি ঠাইৰ পৰা গঞাৰাইজ সদলবলে ওলাই আহি দীঘলবিলৰ পাৰত সমবেত হয় ৷

দীঘলী বিলৰ দুয়োপাৰে সমূহীয়া মাছ ধৰা পৰ্ব উপলক্ষে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। কোনোবাই শ’ল-বৰালিকে ধৰিলে আৰু কোনোবাই আকৌ মোৱা- পুঠি-খলিহনাতে সন্তুষ্ট থাকিব লগা হ’ল। আনহাতে, মাছ ধৰাৰ সমান্তৰালভাৱে বিলৰ পাৰতে বিহুগীত জুৰি, নৃত্য কৰি  উৰুকাৰ আনন্দত  আত্মহাৰা হৈ পৰা দেখা যায় ৷

গৰুৰ বিহুৰ দিনা শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ঐক্যৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজমণি কণী যুঁজ প্ৰতিযোগীতা

গৰুৰ বিহুৰ দিনা শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ঐক্যৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজমণি কণী যুঁজ প্ৰতিযোগীতা আয়োজন কৰা হয়। অসমৰ জাতীয় জীৱনত গৰুৰ বিহু দিনা পৰম্পৰাগত খেল ধেমালীৰ লগতে কণী যুঁজ অনুষ্ঠিত হৈ আহিছিল যদিও বৰ্তমানৰ যান্ত্ৰিকতা যুগত বিলুপ্তি প্ৰায় হৈছে এই কণী যুঁজ। ঐক্যৰ উদ্যোগত এই পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগীতা কেইবা বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে। এই কণী যুঁজ প্ৰতিযোগীতাখনী উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালে।

প্ৰথম উদ্বোধনী কণী যুজঁ খেল খন শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালে আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননিগোপাল মহন্ত মাজত অনুষ্ঠিত হয়।উক্ত অনুষ্ঠান লগত সংগতি ৰাখি ‘ঐক্য’ নামৰ এখন স্মৃতি গন্থ উন্মোচন কৰে।এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী প্ৰধান ব্যক্তিগত সচিব প্ৰশান্ত প্ৰতিম কটকটীয়া আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননিগোপাল মহন্ত।

আজি গৰু বিহু,গৰু বিহুৰ বাবে বজাৰত উপলব্ধ হৈছে বিভিন্ন পঘা

হেঁপাহৰ ৰঙালী বিহুটি এতিয়া প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে ।সাত বিহুৰ পৰম্পৰা ৰক্ষাৰ্থে সাজু হৈছে সকলো। পৰম্পৰা অনুসৰি আজিৰে পৰা ৰাজ্যখনত উদযাপন হব গৰু বিহু ৷ইতিমধ্যে গৰু বিহু উদযাপনৰ বাবে সাজু হৈ পৰিছে প্ৰতিজন অসমীয়াই । গৰু বিহুৰ পূৰ্বে বজাৰত উপলব্ধ হৈছে ভিন্ন ধৰণৰ পঘা ।বাক্সা জিলাৰ মুছলপুৰৰ লগতে বিভিন্ন ঠাইৰ বজাৰত উপলব্ধ হৈছে ভিন্ন ধৰণৰ পঘা। ডাঙৰ গৰু, দামুৰী তথা ছাগলী আদিৰ বাবে উভৈনদী হৈ পৰিছে পঘা ।

বাক্সাৰ দীঘলদঙাৰ অজয় শীল নামৰ এজন ব্যৱসায়ীয়ে বিহুৰ পূৰ্বে তৈয়াৰ কৰিছে পঘা। নিজ হাতেৰে তৈয়াৰ কৰা এই সমূহ পঘা বিশৰ পৰা পচিশ টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে ৷ অৱশ্যে পূৰ্ৱৰ তুলনাত পঘাৰ বিক্ৰী কম বুলি জানিব দিয়ে অজয় শীলে৷

হাইলাকান্দি আৰক্ষীয়ে অভিযান চলাই ২ কোটি মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ কৰে

হাইলাকান্দিত জব্দ ২ কোটি মূল্যৰ বাৰ্মিজ চুপাৰি, মিজোৰামৰ পৰা অহা ৰে’লত উদ্ধাৰ।হাইলাকান্দি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুই ৱাগন ভৰ্তি বাৰ্মিজ চুপাৰি । হাইলাকান্দি জিলাৰ জামিৰা ৰে’ল ষ্টেচনত আৰক্ষীয়ে জব্দ কৰে এই চুপাৰি। মিজোৰামৰ ভৈৰৱীৰ পৰা শিলচৰ অভিমুখে যোৱা ০৫৫৬৮ নম্বৰৰ যাত্ৰীবাহী ট্ৰেইনৰ লগতে যুক্ত আছিল এই দুটা ৱাগন। জব্দকৃত চুপাৰিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি অনুমান কৰা গৈছে ।

অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দিত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। মিজোৰামৰ পৰা স্থলপথেৰে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ পিছতে এতিয়া ৰে’লযোগে এই অবৈধ বেহা আৰম্ভ কৰিছে ক’লা ব্যবসায়ীসকলে।

বঙাইগাঁৱৰ নোৱাগাঁৱত এটি বিহুসুৰীয়া আধুনিক গীতৰ শুভমুক্তি

বাপোতি সাহোন ৰঙালী বিহুৰ উখল মাখল আগমূহুৰ্তত বঙাইগাঁও জিলাৰ নোৱাগাঁৱত এটি বিহুসুৰীয়া আধুনিক গীতৰ শুভমুক্তি দিয়ে।”মিঠা সপোন” শীৰ্ষক গীতটিত কণ্ঠ নিগৰাইছে প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী ধীৰু জুহিয়ে।গীতটিৰ কথা দেৱৰ, সুৰ আৰু সঙ্গীত সিদ্ধাৰ্থ পাপ্লুৰ।ইতিমধ্যে “মেঘৰ ডেউকা”, “হায়ৈ কলিজা” গীতেৰে ৰাইজৰ মাজত সমাদৃত হৈছে ধীৰু জুহি।

“মিঠা সপোন” গীতটিও ৰাইজে আকোঁৱালি ল’ব বুলি ধীৰু জুহি আশাবাদী হৈ সংগীত প্ৰেমী সকলোৰ সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিছে।

সকলো জল্পনা কল্পনাৰ অন্তত নিৰ্দলীয়ই গঠন কৰিলে মৰিয়নি পৌৰসভা

মৰিয়নি পৌৰসভাৰ শপত গ্ৰহন অনুষ্ঠানত পৌৰপতি আৰু উপ পৌৰপতি নিৰ্বাচনক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।তিতাবৰ মহকুমাৰ মহকুমাধিপতি গায়ত্ৰী হাৰ্লিঙ্গ, কাৰ্য্যবাহি দণ্ডাধীশ ৰাজা বৈশ্য, মৰিয়নি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া বিশ্বজিৎ বৰাৰ উপস্থিতিত পৌৰপতি নিৰ্বাচনৰ বাবে মৌখিক ভোটৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।বিজেপিৰ পৌৰপতি পদৰ দাবীদাৰ কস্তুৰি আগৰৱালা গগৈয়ে ৩ টা মৌখিক ভোট লাভ কৰাৰ পিছতে প্ৰশাসনে নিৰ্বাচনী প্ৰক্ৰিয়া স্থগিত ৰাখে।

মহকুমাধিপতি গায়ত্ৰী হাৰ্লিঙ্গাই পুনৰ গোপন ভোট গ্ৰহন কৰাত বিজেপিৰ পৌৰপতিৰ প্ৰাৰ্থী কস্তুৰি আগৰৱালা গগৈয়ে তিনিতা আৰু উপ পৌৰপতিৰ প্ৰাৰ্থী গায়ত্ৰী চক্ৰৱৰ্তীয়ে তিনিতা ভোট পোৱাৰ বিপৰিতে নিৰ্দলীয় পৌৰপতিৰ প্ৰাৰ্থী বিশ্বপ্ৰভা শইকিয়াই ৭টা আৰু উপ পৌৰপতিৰ প্ৰাৰ্থী প্ৰদীপ দাসে ৭টা ভোট লাভ কৰি মৰিয়নি পৌৰসভা গঠন কৰে।