Home Blog Page 2478

বিশ্বনাথত ৪৫ বছৰ বয়সৰ শিক্ষাৰ্থী অৱতীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত

বিশ্বনাথ চাৰিআলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ইয়াৰে এগৰাকী হ’ল বিশ্বনাথ ঘাটৰ গড়ভীতৰ গাওঁৰ শিক্ষক আলতাফ হুছেইনৰ পত্নী বুলবুলি খাতুন।বুলবুলি খাতুনে ৪৫ বছৰ বয়সত বিশ্বনাথ হাইস্কুল কেন্দ্ৰত অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত।বুলবুলি খাতুনৰ জেষ্ঠ কন্যা অহা শিক্ষা বৰ্ষত অৱতীৰ্ণ হব ক’লা শাখাৰ স্নাতকোত্তৰৰ অন্তিম ষান্মাসিক পৰীক্ষাত।তথাপিও কিন্তু প্ৰৱল ইচ্ছা শক্তি থকাৰ বাবে এইদৰে আজিৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে শিক্ষাৰ্থী গৰাকী।


কেৱল এই গৰাকী শিক্ষাৰ্থীয়ে নহয়,বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ত ৪৫ বছৰ বয়সৰ মুঠ তিনি গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বিশ্বনাথ জিলাতো মুঠ ২৪ টা পৰীক্ষা কেন্দ্ৰত ১০৮২৩ গৰাকী ছাত্ৰ ছাত্ৰী  হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে।কিন্তু তাৰ মাজতে ৪৫ বছৰ বয়সৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ বিষয় হৈ পৰিছে। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স কেতিয়াও অন্তৰায় যে হ’ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিলে বিশ্বনাথৰ এই তিনিগৰাকী মহিলাই।উল্লেখযোগ্য যে,এই তিনিগৰাকী শিক্ষাৰ্থী অংগনবাড়ী কৰ্মী।

নগাঁৱৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰত অনিয়মৰ অভিযোগ

আজিৰে পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ কে’বাটাও পৰীক্ষা কেন্দ্ৰত ব্যাপক অনিয়ম আৰু খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আজি অনুষ্ঠিত প্ৰথম দিনাৰ পৰীক্ষাত নগাঁও  চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ এটি কোঠাত নিয়োজিত এগৰাকী নিৰীক্ষকৰ দায়িত্ব জ্ঞানহীনতাই ছাত্ৰ- ছাত্রী আৰু অভিভাৱকক চিন্তিত কৰি তোলাৰ লগতে উক্ত কোঠাৰ পৰীক্ষাৰ্থীসকলে অনিশ্চয়তাত ভুগাইছে। উত্থাপিত অভিযোগ অনুসৰি, পৰীক্ষা কেন্দ্ৰটোৰ ৫ নম্বৰ কোঠাত আজি ইংৰাজী বিষয়ৰ পৰীক্ষাত নিয়োজিত নিৰীক্ষক গৰাকীয়ে পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত মূল উত্তৰ বহীৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰী সকলক অতিৰিক্ত উত্তৰবহীৰ পৃষ্ঠা সমূহহে প্ৰদান কৰে।

আনহাতে ছাত্ৰ- ছাত্ৰীসকলে উক্ত অতিৰিক্ত পৃষ্ঠাত প্ৰশ্নৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰে। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় আধাঘন্টা পাচত কোঠাটোলৈ অহা আন এগৰাকী নিৰীক্ষকৰ বিষয়টো চকুত পৰাত তেতিয়াহে ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাৰ মূল উত্তৰ বহী প্ৰদান কৰে ।ইতিমধ্যে ছাত্ৰ-ছাত্ৰী সকলে অতিৰিক্ত পৃষ্ঠা চাৰিটাত উত্তৰ লিখি প্ৰায় সম্পূৰ্ণ কৰে। আনহাতে পৰৱৰ্তী সময়ত বাকী প্ৰশ্নৰ উত্তৰ মূল বহীত লিখি সম্পূৰ্ণ কৰাৰ পাচত একাংশ ছাত্ৰ-ছাত্ৰীৰ মূল উত্তৰ বহীৰ তিনি চাৰিটাকৈ পৃষ্ঠা একো নিলিখাকৈ অৱশিষ্টভাৱে থাকি যায়।

তেনে অৱস্হাত আৰম্ভণিতে লিখি আদায় কৰা অতিৰিক্ত উত্তৰ বহীৰ পৃষ্ঠা চাৰিটা মূল বহীৰ লগত সংলগ্ন কৰি দিয়া  হয়। ফলত মূল উত্তৰ বহীৰ পিচৰ ফাললৈ তিনি চাৰিটাকৈ পৃষ্ঠা একো নিলিখাকৈ খালী হৈ থকাৰ পাচত অতিৰিক্ত চাৰিটা পৃষ্ঠাৰ উত্তৰ সমূহ সংলগ্ন হৈ পৰে। এই বিষয়টোক লৈ চিন্তিত একাংশ অভিভাৱকে সমগ্ৰ বিষয়টো নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ লগতে পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়কক অৱগত কৰে। অৱশ্যে এই অৱাঞ্চিত বিষয়টো সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰি নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীয়ে। আনহাতে, নগাঁও চহৰত থকা হয়বৰগাঁও হাইস্কুলত থকা পৰীক্ষা কেন্দ্ৰত নীতি বহি:ভূত ভাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাংশ শিক্ষকক পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিভাগীয় নিয়ম অনুসৰি, নিজৰ বিদ্যালয়ৰ পৰীক্ষাৰ্থী থকা পৰীক্ষা কেন্দ্ৰটোত সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে পৰীক্ষা- নিৰীক্ষকৰ দায়িত্ব পালন কৰিব নোৱাৰে যদিও সহকাৰী পৰীক্ষা ব্যৱস্থাপকে ধৰি নগাঁও চহৰৰ এখন বিতৰ্কিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুজনকৈ শিক্ষকক পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে। তদুপৰি, পৰীক্ষা কেন্দ্ৰটোৰ দুটা কোঠালীত একেখন ব্যক্তিগত বিদ্যালয়ৰ পৰীক্ষাৰ্থীক একেলগে বহুৱাই অসৎ উপায় অবলম্বন কৰাৰ সুবিধা দিয়াৰো অভিযোগ উঠিছে। অকল এইকেইখন পৰীক্ষা কেন্দ্ৰ‌ই জিলাখনৰ লাওগাঁও হাইস্কুল পৰীক্ষা কেন্দ্ৰ, বেছামাৰী এম আই পৰীক্ষা কেন্দ্ৰ, আব্দুল আৱাল হাইস্কুল, ডুুমডুমীয়া উচ্চতৰ  মাধ্যমিক বিদ্যালয়কে কেবাটাও পৰীক্ষা কেন্দ্ৰত নীতি বহি:ভূত ভাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীক পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব দিয়াৰ অভিযোগ উঠিছে। আন একাংশ পৰীক্ষা কেন্দ্ৰত আজি অনুষ্ঠিত ইংৰাজী বিষয়ৰ পৰীক্ষাত নিৰ্দিষ্ট বিষয়টোৰ শিক্ষকক পৰীক্ষা -নিৰীক্ষকৰ দায়িত্ব দিব নোৱাৰে যদিও এই দায়িত্ব দিয়াৰ কথাও চৰ্চা চলিছে। এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিদ্যালয় সমুহৰ পৰিদৰ্শক গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

দক্ষসকলৰ বাবে উপযুক্ত মঞ্চ হুনাৰ হাট

হুনাৰ হাটে দেশৰ দক্ষ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকলক উৎসাহিত কৰি আহিছে। তেওঁলোকৰ কলাক এখন মঞ্চ দিয়াৰ উপৰিও, কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে হুনাৰ হাটৰ জৰিয়তে তেওঁলোকক সন্মান জনোৱাৰ বাবেও কাম কৰি আছে। যি সকলৰ মাজত প্ৰতিভা লুকাই আছে আৰু সফলতাত ঊৰ্ধলৈ উৰিব বিচাৰে তেওঁলোকে হুনাৰ হাটৰ অংশীদাৰ হৈ নিজৰ সপোনবোৰ বাস্তৱায়িত কৰিব পাৰে।


কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা সাত বছৰ ধৰি সমগ্ৰ দেশতে হুনাৰ হাট আয়োজন কৰি দক্ষ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকলক বৃহৎ পৰিমাণৰ বজাৰ প্ৰদান কৰি আহিছে। ইয়াৰ জৰিয়তে সামগ্ৰীবোৰ বিভিন্ন চহৰত বিক্ৰী কৰাৰ সুযোগ দিছে, যি বৃহৎ সংখ্যক লোকক উপকৃত কৰিছে।


গুৱাহাটীৰ খানাপাৰাত চলি থকা হুনাৰ হাটলৈ অহা সমগ্ৰ দেশৰ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকল দৰ্শন কৰিবলৈ অহা লোকসকলৰ সঁহাৰিত অতিশয় সুখী হৈছে। গুৱাহাটীৰ ৰাইজেও বৃহৎ সংখ্যাত সুস্বাদু ব্যঞ্জন উপভোগ কৰি তেওঁলোকক উৎসাহিত কৰিছে। বহু সংখ্যক লোকে প্ৰতিদিনে সন্ধিয়া অনুষ্ঠিত হোৱা সংগীত আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি শিল্পীসকলক তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন প্ৰদান কৰিছে।


দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা গুৱাহাটীলৈ অহা দোকানীসকলে তেওঁলোকৰ নিজ নিজ অঞ্চলত এমাহত যিমান সামগ্ৰী বিক্ৰী কৰে, তাতোকৈ অধিক টকাৰ সামগ্ৰী তেওঁলোকে হুনাৰ হাটত বিক্ৰী কৰিব পাৰিছে ৷বিভিন্ন ডাঙৰ চহৰৰ দোকানীসকলক দিয়া সুযোগৰ বাবে তেওঁলোকৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নত হৈছে । যিসকল শিল্পী আৰু তেওঁলোকৰ পৰিয়ালে সামগ্ৰী তৈয়াৰ কৰাৰ কাম কৰি আছে তেওঁলোকেও লাভান্বিত হৈছে। তাৰোপৰি, হুনাৰ হাটে অনলাইন বজাৰৰ সুবিধাও প্ৰদান কৰিছে। উন্নত সামগ্ৰীবোৰ হুনাৰ হাটৰ ৱেবছাইট আৰু জিইএম পৰ্টেলত আপলোড কৰা হয় য’ৰ পৰা মানুহে অনলাইনত ক্ৰয় কৰে।


হুনাৰ হাট অনুষ্ঠিত হোৱা চহৰখনত, শিল্পী তেওঁলোকৰ যাতায়াতৰ ব্যয়ৰ পৰা আৰম্ভ কৰি বিনামূলীয়া বিপণী প্ৰদান কৰা আৰু হুনাৰ হাট অনুষ্ঠানৰ সময়ত প্ৰতিদিনে এক হাজাৰ টকা দিয়ালৈকে সুবিধাৰ বাবে বৃহৎ সংখ্যক শিল্পী আৰু কাৰিকৰসকলে এক বৃহৎ সঁকাহ লাভ কৰিছে ।

গুৱাহাটীৰ পিছত চণ্ডীগড়ত পৰৱৰ্তী হুনাৰ হাট অনুষ্ঠিত কৰা হ’ব ৷ গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা যিসকলক শিল্পী, কাৰিকৰ আৰু শিল্পকাৰে তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ বাবে এখন ভাল মঞ্চ বিচাৰি আছে আৰু ভৱিষ্যতে হুনাৰ হাটৰ অংশীদাৰ হ’ব বিচাৰে, তেওঁলোকে www.hunarhaat.orgত হুনাৰ হাটৰ ৱেবছাইট পৰিদৰ্শন কৰি অনলাইনত আবেদন কৰিব পাৰে।

মটৰ বাইক-স্কুটি কিনোতে সাৱধান !

মটৰ বাইক-স্কুতি কিনোতে সাৱধান স্কুটি ক্ৰয় কৰি  প্ৰবঞ্ছনাৰ সন্মুখীন হৈছে টীয়ক ৰজাবাৰীৰ যুৱক । যি সময়ত ৰাজ্যৰ যান-বাহন আইন কঠোৰ কৰি জৰিমনা বিহিছে প্ৰশাসনে ঠিক সেই সময়ত হয় আপুনিও ঠগ প্ৰবঞ্ছনাৰ ভৰি দিব পাৰে নতুন জালত।বহুতৰে আশা এখন দুচকীয়া ক্ৰয় কৰা ,পিছে ৰ’ব এতিয়া দুচকীয়া কিনি ঠগ প্ৰবঞ্ছনাৰ সন্মুখীন হ’ব পাৰে আপুনি ।আপুনি কষ্টপাৰ্জিত ধনেৰে আধা মূল্য দি ঋণত ক্ৰয় কৰিছে হেঁপাহৰ বাহন খন । কিন্তু মাহেকৰ মূৰত তাৰিখ অনুযায়ী আদায় দিছে বেংকৰ ঋণ  ।

কিন্তু ঋণ প্ৰদান সঠিক ভাবে কৰি গৈছে যদিও আপোনাৰ দুচকীয়া বাহনৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ নিদিয়াত এজন যুৱক হতাশাত পৰা পৰিলক্ষিত হৈছে । জানিব পৰা মতে টীয়ক কহাৰ  গাঁৱৰ ৰূপম কলিতাই টীয়ক হস্পিতেল তিনি আলিত অৱস্থিত দত্ত টি,ভি এছ ৰ পৰা দুবছৰ পূৰ্বে ক্ৰয় কৰা দুচকীয়া স্কুটি জুপিতাৰ বাহনত আজিও দিব পৰা নাই ৰেজিষ্টেচন কাৰ্ড( আৰ চি) যুৱকজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি সদায় কাৰ্ড বিচাৰি প্ৰবঞ্ছনাৰ সন্মুখীন হৈছে ৰূপম ।আজিলৈকে নম্বৰ প্লেট বিহীন বাহন খন লৈ কেইবাবাৰো জৰিমনা ভৰাৰ  লগতে আইনী জাননী আহি পৰাত হতাশ হৈ পৰিছে ৰূপম ,উপায় বিহীন হৈ সংবাদ মাধ্যমৰ কাষ চাপি ঘটনা বিৱৰিছে ৰূপমে।তেওঁ জানিবলৈ দিয়া অনুসৰি ৪০-৪৫ গ্ৰাহক বৰ্তমানো এই দত্ত প্ৰতিষ্ঠানৰ পৰা দুচকীয়া কিনি উপায়ন্তৰ হৈছে । এতিয়া প্ৰশ্ন হয় যি সময়ত হিমন্ত বিশ্ব নেতাধীন চৰকাৰ খনে যান বাহনৰ ওপৰত নীতি আৰোপ কৰিছে টীয়কৰ দৰে চহৰত এনে অবৈধ প্ৰতিষ্ঠান কি দৰে গঢ়ি উঠিছে  সেয়া সময়তে হ’ব লক্ষণীয় বিষয় ।

ডাম্পাৰৰ দৌৰাত্ম্যত জহি খহি যাব ধৰিছে পলাশবাৰী-গুমী মথাউৰিৰ পথ



চৰকাৰে পলাশবাৰীত ২০১২ বৰ্ষৰপৰা এডিবিৰ আৰ্থিক সাহাৰ্যত পলাশবাৰী গুমী প্ৰকল্পৰ অধীনত ফ্ৰেমাৰ তত্বাৱধানত বান খহনীয়া প্ৰতিৰোধৰ কাৰণে আঁচনি গ্ৰহণ কৰে। ২০১৭ বৰ্ষতে এক প্ৰকাৰ এই বিয়াগোম আঁচনিখনৰ কাম সমাপ্ত কৰে। চৰকাৰী হিচাপ অনুযায়ী ৯০ কৌটি টকা ব্যয় সাপেক্ষে ৫.৩ কি:মি: দৈৰ্ঘৰ পলাশবাৰীৰপৰা চিমিনা ফটুৰী মকাধূজ অঞ্চললৈ মথাউৰি নিৰ্মাণ কৰা হয়। কিন্তু এই আঁচনিখনৰ নামত থকা পলাশবাৰী পৌৰসভাৰ সমীপৰ মথাউৰিৰ পথটো নিশাৰ ভাগত ব্ৰহ্মপুত্ৰৰ মাজিৰগাঁও ঘাটৰ পৰা পলসুৱা মাটি কঢ়িওৱা একাংশ ট্ৰাক ডাম্পাৰৰ দৌৰাত্ম্যত জহি-খহি যাব ধৰা ঘটনাই নৈপৰীয়া ৰাইজৰ চকুকপালত তোলাই নহয়, এনে দৌৰাত্ম্যৰ কাৰণে নিশা ৰাইজে উজাগৰে কটাবলগীয়া হৈছে।

এনে ঘটনাত খৰ্গহস্ত হৈ একাংশ নৈপৰীয়ালোকে পলসুৱা মাটি কঢ়িওৱা ট্ৰাক ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰাৰ বাবে নিশা মথাউৰিলৈ ওলাই আহে যদিও এনে দৌৰাত্ম্য ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। কিয়নো মাটি কঢ়িওৱা একাংশ ব্যৱসায়ীয়ে ওলোটাই ৰাইজক আক্ৰমণ কৰিবলৈ উদ্যত হয়।

যাৰবাবে এই দৌৰাত্ম্য অঞ্চলটোত তীব্ৰ হাৰত অব্যাহত আছে। এইক্ষেত্ৰত ৰাইজে আৰক্ষী প্ৰশাসন তথা বনবিভাগকো এই ঘটনা সন্দৰ্ভদ অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। কেতিয়াবা আৰক্ষী প্ৰশাসন তথা বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও তেওঁলোকৰ সৈতেও  মাটি ব্যৱসায়ীৰ বাকবিতণ্ডা হোৱাৰ খবৰ আহে। প্ৰশ্ন হয় জনজীৱন বিপদাপন্ন কৰি ব্ৰহ্মপুত্ৰৰ মাজিৰগাঁওৰ পৰা মাটি কঢ়িওৱা এনে ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্য কোনে নিয়ন্ত্ৰণ কৰিব। আনহাতে এই দৌৰাত্ম্য ৰোধ কৰিব নোৱাৰিলে এই বিয়াগোম বান খহনীয়া আঁচনিখনৰো বিফল হব বুলি মত প্ৰকাশ কৰে স্থানীয় লোকে ।

ডিব্ৰুগড় বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে ভূমি অধিগ্ৰহণ কৰাকলৈ ডিব্ৰুগড় উপায়ুক্ত কাৰ্য্যালয় ঘেৰাও আটছা’ৰ

ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে মিৰিপথাৰ চাহ শ্ৰমিকে ভোগদখল কৰি থকা ১৭৫ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ প্ৰতিবাদত আজি অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ । ডিব্ৰুগড় শাখা উদ্যোগত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যলয়ত দুঘণ্টা ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।মোহনবাৰী বিমান বন্দৰ সম্প্ৰসাৰণৰ দোহাই দি মনোহাৰী চাহ বাগিচাৰ শ্ৰমিকে ভোগদখল কৰি থকা মিৰিপথাৰ গ্ৰাণ্টৰ ১৬ নং এফ এচত ভূমি অধিগ্ৰহণ কৰাপ্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰা।

মনোহাৰী চাহ বাগিচাৰ যিসকল শ্ৰমিকে দশক দশক ধৰি মিৰিপথাৰ গ্ৰাণ্টৰ ভূমি দখল কৰি আহিছে তেওঁলোকক ভূমি পট্টা প্ৰদান কৰা। মিৰিপথাৰ  গ্ৰাণ্টৰ ১৬ নং এফ এচৰ ৫৫০ বিঘাতকৈ অধিক ভূমি উচ্চ পৰ্যায়ৰ তদন্ত কৰি শীঘ্ৰেই চক্ৰ বিষয়া ওপৰত বিহিত ব্যৱস্থা গ্ৰহন কৰা।মনোহাৰী চাহ বাগিচাৰ মিৰিপথাৰ গ্ৰাণ্টৰ ১৬ নং এফ এচৰ ভূমিত ব্যক্তিগত ৰিজট খোলাক কাৰ্যত উচিত তদন্ত কৰি ৰিজটখন বন্ধ কৰা আদি দাবীসমূহ চৰকাৰে যদি মানি নলয় তেন্তে অনাগত দিনত অধিক গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আটছাই।

দ্য কাশ্মীৰ ফাইলছ ছবিখনৰ প্ৰশংসা কৰিলে মোডীয়ে

‘দ্য কাশ্মীৰ ফাইলছ’ চতুৰ্থ দিনত বক্স অফিচত ছবিখনৰ উপাৰ্জন যথেষ্ট ভাল প্ৰধানমন্ত্ৰী মোডীয়েও প্ৰশংসা কৰি কয় যে এনে ধৰণৰ চলচ্চিত্ৰই সত্য উন্মোচন কৰে ।

অভিনেতা অনুপম খেৰ অভিনীত ‘দ্য কাশ্মীৰ ফাইলছ’ আজিকালি বাতৰিলৈ আহিছে। প্ৰধানমন্ত্ৰী মোডীয়ে আজি বিজেপি সংসদীয় দলৰ বৈঠকত ছবিখনৰ প্ৰশংসা কৰে। তেওঁ কৈছিল যে এনে ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা উচিত। তেওঁলোকে সত্যটো প্ৰকাশ কৰে। একে সময়তে, এই ছবিখনে বক্স অফিচত নিৰন্তৰ নতুন অভিলেখ গঢ়ি আছে। বাণিজ্য বিশ্লেষক তৰণ আদৰ্শেও ছবিখনক ব্লকবাষ্টাৰ বুলি অভিহিত কৰিছে। মুক্তিৰ চতুৰ্থ দিনা (সোমবাৰে) ছবিখনে ১৫ কোটি টকা উপাৰ্জন কৰি বহুতো ডাঙৰ চলচ্চিত্ৰক অতিক্ৰম কৰিছে।

বৈঠকত মোডীয়ে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসা কৰে। তেওঁ কৈছিল যে আজিকালি ছবিখনৰ বিষয়ে আলোচনা হৈছে। মত প্ৰকাশৰ স্বাধীনতাৰ পতাকা লৈ গোটেই জনজাতিটো ইয়াৰ দ্বাৰা হতবাক হৈ পৰিছে। এনে ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা উচিত। তেওঁলোকে সত্যটো প্ৰকাশ কৰে। চলচ্চিত্ৰখনত যি দেখুওৱা হৈছে, কাশ্মীৰৰ সেই সত্যক দমন কৰাৰ চেষ্টা কৰা হৈছে। সমগ্ৰ বিশ্বই মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু নেলচন মেণ্ডেলাৰ বিষয়ে কথা পাতিছিল। কিন্তু পৃথিৱীখন গান্ধীৰ বিষয়ে খুব কম আছিল।

প্ৰথমবাৰৰ বাবে যেতিয়া এজন বিদেশীয়ে (ৰিচাৰ্ড এটেনবৰো) গান্ধী (১৯৮২ চনৰ ‘গান্ধী’ চলচ্চিত্ৰ)ৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল, বিশ্বই জানিব পাৰিছিল যে গান্ধী কিমান মহান আছিল। সকলোৱে বাক স্বাধীনতাৰ কথা কয়। এই দেশত জৰুৰীকালীন অৱস্থাৰ দৰে এটা ডাঙৰ ঘটনা ঘটিছিল, কিন্তু ইয়াত কোনো চলচ্চিত্ৰ নিৰ্মাণ কৰা হোৱা নাছিল। কাৰণ সঁচা কথা কোৱাৰ নিৰন্তৰ প্ৰয়াস কৰা হৈছিল। ভাৰতে বিভাজন কেনেকৈ পাহৰিব পাৰে, দেশখনে কেতিয়াবা ইয়াৰ পৰাও শিকিব পাৰে। ইয়াত কোনো প্ৰামাণিক চলচ্চিত্ৰ নাছিল।

কাশ্মীৰী পণ্ডিতসকলৰ বেদনাৰ কাহিনী
বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনত কাশ্মীৰী পণ্ডিতসকলৰ বেদনাবৰ্ণনা কৰা হৈছে। ছবিখনপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, দৰ্শক, সমালোচক, অক্ষয় কুমাৰ, কংগনা ৰাণাৱট আৰু অন্যান্যকে ধৰি বহুতো চেলিব্ৰেটীয়ে যথেষ্ট প্ৰশংসা কৰিছে। চিনেমাখন চোৱা দৰ্শকৰ কান্দোনৰ ভিডিঅ’বোৰো ভাইৰেল হৈ আছে, টিকট খিৰিকীত ভিৰ হোৱা যেন লাগিছে। চলচ্চিত্ৰখনে ছ’চিয়েল মিডিয়াত প্ৰচণ্ড প্ৰশংসা লাভ কৰিছে, যি ছবিখনৰ বাবে জনসাধাৰণৰ কৌতূহল বৃদ্ধি কৰিছে।

ছবিখনত
অনুপম খেৰৰ অভিনয়ৰ উপৰিও ছবিখনত মিথুন চক্ৰৱৰ্তী, দৰ্শন কুমাৰ, পল্লৱী যোশী, পুনিত ইছাৰ, মৃণাল কুলকাৰ্ণী আৰু অন্যান্যসকলেমুখ্য চৰিত্ৰত অভিনয় কৰিছে। ‘দ্য কাশ্মীৰ ফাইলছ’ত কাশ্মীৰী পণ্ডিতসকলৰ কাহিনী বৰ্ণনা কৰা হৈছে যেতিয়া তেওঁলোকক ৯০ ৰ দশকত তেওঁলোকৰ নিজৰ ৰাজ্যৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ছবিখন অভিষেক আগৰৱালে প্ৰযোজনা কৰিছে।

এন এফ ৰেলৱে অবিচি কৰ্মচাৰী সংস্থাৰ ৰেলৱে কাৰখানা সমিতি গঠন।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অবিচি কৰ্মচাৰী সংস্থাৰ তিনিচুকীয়া মণ্ডলৰ ‌সম্পাদক  গণেশ গগৈৰ নেতৃত্বত ডিব্ৰুগড় ৰেলৱে কাৰখানাৰ সভা কক্ষত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত এন. এফ. ৰেলৱে অবিচি কৰ্মচাৰী সংস্থাৰ ডিব্ৰুগড় ৰেলৱে কাৰখানা সমিতি গঠন কৰা হয়।

এই নতুন সমিতিখনত মাধুৰ্য্য বৰুৱাক‌ সভাপতি  আৰু  অনন্ত গগৈক সম্পাদক হিচাপে লৈ মুঠ ১৬ জনীয়া কমিটি গঠন কৰে।  ভাৰত‌ চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ে অন্যান্য পিচপৰা জাতিৰ কল্যাণৰ অৰ্থে বিভাগৰ নিয়োজিত লোকৰ সা-সুবিধা প্ৰদানৰ ব্যৱস্থা ৰাখিছে যদিও তেনে সুবিধা লাভৰ‌ পৰা জাতিটো বঞ্চিত হৈ আহা বুলি সভাখনিত আলোচনা কৰা হয়। আনহাতে বিভাগটোৰ আবাসিক গৃহ , চিকিৎসালয় , কাৰ্যালয়ৰ শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ মেৰামতি তথা উন্নয়ন সাধনত বিভাগে ব্যৱস্থা লোৱাৰ ওপৰতো  গুৰুত্ব আৰোপ কৰা হয় সভাত। ইফালে আগন্তুক সময়ত জাতিটোৰ প্ৰজন্ম তথা শিক্ষিত যুৱক-যুৱতীক চাকৰি দিয়াৰ দিশত ৰে’ল মন্ত্ৰালয়ত সংৰক্ষণ ব্যৱস্থাৰ লগতে বিভাগৰ বিষয়া কৰ্মচাৰীক পদোন্নতিৰ বিষয়টোয়ে গুৰুত্ব লাভ কৰে সভাত।

আনহাতে নতুন সমিতিখনে আগন্তুক দিনত সম্প্ৰীতি সমন্বয় আৰু একতা গঢ় দিয়াত সক্ষম হোৱাৰ আশা প্ৰকাশ কৰে সভাৰ বিশিষ্ট ব্যক্তিসকলে। সভাত ৰে’ল বিভাগৰ মহা প্ৰবন্ধকগৰাকীক অভাৱ অসুবিধাৰ সম্পৰ্কে জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এন. এফ. ৰেলৱে অবিচি কৰ্মচাৰী সংস্থা তিনিচুকীয়া মণ্ডলৰ সভাপতি  অনিল কুমাৰ মৌৰিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে অনন্ত গগৈয়ে । সভাত  উপস্থিত থাকে  মালিগাঁৱৰ ক্ৰমে  ৰভিকান্ত গুপ্তা,  ৰমেশ পল আৰু তিনিচুকীয়া মণ্ডলৰ যুটীয়া সম্পাদক  অনন্ত আৰান্ধৰা লগতে তিনিচুকীয়া মণ্ডলৰ উপদেষ্টা  মলয় চেন্নাল সহ ডিব্ৰুগড় ৰেলৱে কাৰখানা বহুতো সদস্য-সদস্যা ।

টুপামাৰীত চাৰিগৰাকীকৈ মুকবধিৰ পৰীক্ষাৰ্থীৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ

বহু উৎকণ্ঠাৰ অন্তত নিৰ্ধাৰিত সময়সূচী মতে আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰটোতো  আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা। উল্লেখিত পৰীক্ষা কেন্দ্ৰটোত  ছয় খন বিদ্যালয়ৰ মুঠ ৪২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰ উপৰিও নগৰবেৰাৰ সমীপৰ ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত সাত খনকৈ বিদ্যালয়ৰ সৰ্বমুঠ ৫২৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ।

ইয়াৰে ২০৫ গৰাকী ছাত্ৰ আৰু ৩২২ গৰাকী ছাত্ৰী। পৰীক্ষা কেন্দ্ৰটোত অৱতীৰ্ণ হৈছে চাৰি গৰাকীকৈ মুকবধিৰ পৰীক্ষাৰ্থী।পৰীক্ষা কেন্দ্ৰটোৰ ফিডাৰ স্কুল বৰপেটাৰ আজগৰ আলী মেমোৰিয়েল হাইস্কুলৰ ছাত্ৰী চাৰিগৰাকী মুকবধিৰ পৰীক্ষাৰ্থীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।প্ৰথম দিনটোতে পৰীক্ষা কেন্দ্ৰটোৰ সন্মুখত শ শ লোকৰ সমাগম হয় যদিও শান্তিপূৰ্ণভাৱেই চলিল পৰীক্ষা।আনহাতে বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত চাৰি খন বিদ্যালয়ৰ পৰা মুঠ ৫৭৯ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে বাঘমাৰাচৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰতো পাঁচ খন বিদ্যালয়ৰ মুঠ ৪০৩ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি জনা গৈছে ।

উল্লেখ্য যে, কামৰূপ আৰু বৰপেটা জিলাৰ চৰাঞ্চলৰ উল্লেখিত প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে ৰাতিপুৱাৰ ভাগত শ শ লোকৰ সমাগম ঘটে যদিও পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে পৰীক্ষা কেন্দ্ৰসমূহৰ বাহিৰত নিয়োজিত হৈ থকা আৰক্ষীয়ে ৰাইজক আতৰাই দি সুকলমে পৰীক্ষা পৰিচালনা কৰাৰ ক্ষেত্ৰত সহ সহযোগিতা আগবঢ়ায় ।ইপিনে জীৱনৰ প্ৰথমটো পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী সকল চিন্তিত যদিও ভাল ফলাফলৰ আশা বুকুত বান্ধি লৈ পৰীক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হৈছে।পৰীক্ষাথীসকলৰ অভিভাৱক সকলেও ভাল ফলাফলৰ কামনা কৰি নেদেখা জনৰ ওচৰত নিজৰ লৰা -ছোৱালীৰ বাবে প্ৰাৰ্থনা কৰিছে।উল্লেখিত প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে শান্তিপূৰ্ণ ভাৱে পৰীক্ষা অনুষ্ঠিত হৈ যায়

বাক্সাৰ বাগানপাৰাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ লাই খুটা স্হাপন

বাক্সাৰ বাগানপাৰাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ লাই খুটা স্হাপন। ৰাজ্যৰ অন্য জনগোষ্ঠীসমুহৰ দৰে শৰণীয়া জনগোষ্ঠীৰো জাতীয় উৎসৱ বাঁহ গোসাঁই উৎসৱ । কছাৰী জনগোষ্ঠীটোয়ে অইন বছৰৰ দৰে এইবাৰো বহাগ মাহৰ পাঁচ আৰু ছয় তাৰিখে কেন্দ্ৰীয় ভাবে বাগানপাৰাত পালন কৰিব বাঁহ গোসাঁই উৎসৱ ।

সেয়েহে আজি বাগানপাৰাত লাই খুটা স্হাপন কৰে বিটিআৰৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সভাপতি কাতি ৰাম বড়োয়ে।কাৰ্যসূচীটোত জনগোষ্ঠীৰ বিভিন্ন নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ৰাইজৰ পৰা সহায় -সহযোগিতা কামনা কৰে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক দ্বীপজোতি শৰণীয়াই। অনুষ্ঠানত জিলাখনৰ বিভিন্ন দল সংগঠনৰ লোক উপস্থিত থাকে ।