Home Blog Page 2478

প্ৰাক্তন পত্নীৰ ভাতৃয়ে ইমৰান খানক সমৰ্থন কৰিছিল

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত, পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত ভোটদান কৰা হয়। এই ভোটত, ইমৰান চৰকাৰৰ পতন ঘটিছিল।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত, পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত ভোটদান কৰা হয়। ইমৰানৰ বিৰুদ্ধে ১৭৪ টা ভোট দিয়া হৈছিল। এই ভোটদানৰ লগে লগে পাকিস্তানত ইমৰান খানৰ চৰকাৰৰ পতন ঘটিছে।পাকিস্তানৰ এই বিকাশৰ পিছত, ব্ৰিটিছ ফাইনেন্সাৰ আৰু পৰিৱেশবিদ বেন গোল্ডস্মিথ তেওঁৰ সমৰ্থনত ওলাই আহিছে। তেওঁ টুইট কৰিছিল যে ইমৰান খানে ভাল কাম কৰিছে। বেন গোল্ডস্মিথে টুইট কৰি কয়, “মোৰ ভায়েক এজন ভাল আৰু সন্মানীয় ব্যক্তি যি কেৱল তেওঁৰ দেশৰ বাবে ভাল কাম কৰিব বিচাৰে৷ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ অভিলেখ অসাধাৰণ৷” তেওঁ লগতে কয় যে ইমৰান খানৰ অভিলেখ অসাধাৰণ, বিশেষকৈ পাৰিপাৰ্শ্বিক সমস্যাৰ ক্ষেত্ৰত।

ইমৰান খানৰ সমৰ্থনত ওলাই অহা বেন গোল্ডস্মিথৰ পিছত, তেওঁ অৱশেষত কিয় এনে কৈছিল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। সোণোৱাল জেমিমা হৈছে সোণোৱালৰ ভায়েক, যি ১৯৫৫ চনত ইমৰান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অৱশ্যে, জেমিমা আৰু ইমৰান খান ২০৪৪ চনত পৃথক হৈছিল। ইমৰান খানৰ প্ৰাক্তন পত্নী জেমিমা গোল্ডস্মিথে এতিয়ালৈকে এই বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ গৰ্ভগৃহত হাতুৰীৰ কোব

শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ গৰ্ভগৃহত হাতুৰীৰ কোব।উঠাই দিয়া হ’ল শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি।দলৰ গৰ্ভভাগৰ মজিয়া চুৰ্ণ বিচুৰ্ণ কৈ ভাঙি দিয়া হৈছে কিন্তু কিয় ?সামাজিক মাধ্যমত খলকনি লগোৱা প’ষ্টটত বিভ্ৰান্ত নহ’বলৈ আহ্বান দল উন্নয়ন সমিতিৰ ফিৰোজ খান ১০ এপ্ৰিল শিৱসাগৰ। শিৱসাগৰ বুলি ক’লেই আমাৰ মানস পটত জিলিকি উঠা ঐতিহাসিক শিৱ মন্দিৰ উজ্বলি উঠে । আহোমৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চুপৰীয়া গোঁহাই গাঁৱত এক বৃহৎ পুখুৰী খন্দোৱাই নিৰ্মাণ কৰাইছিল তিনিটা দ’ল।মাজত সুউচ্চ সোণৰ কলচি খচিত শিৱ দ’ল নিৰ্মাণ কৰি দুয়োকাষে নিৰ্মাণ কৰাইছিল আন দুটা দ’ল ক্ৰমে দেৱী দ’ল আৰু বিষ্ণু দ’ল।এই দ’ল তিনিটাক কেন্দ্ৰ কৰি প্ৰতি বছৰে ভিন ভিন সময়ত ভক্ত ৰাইজৰ লগতে পৰ্যটকৰ আগমণ ঘটি আহিছে। তাহানিৰ দিনৰে পৰা শিৱক সেৱা পূজা অৰ্চনা কৰি অহা হৈছে। বছৰৰ মাথোন চাৰিটা দিনৰ বাহিৰে সকলো সময়তে পুৱা গধূলি সেৱা পূজা অৰ্চনা কৰি অহা হৈছে দেৱাদি দেৱ মহাদেৱৰ । এই চাৰিটা দিন হৈছে প্ৰতি বছৰে অসমীয়া আহাৰ মাহৰ ৭ তাৰিখে আৰম্ভ হোৱা অম্বুবাচী প্ৰবৃতিৰ পৰা অম্বুবাচী নিবৃত্তিলৈ । অসমীয়াৰ আবেগ অনুভূতি জৰিত হৈ থকা শিৱ দলত শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ গৰ্ভগৃহত হাতুৰীৰ কোব ।উঠাই দিয়া হ’ল শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি।


দলৰ গৰ্ভভাগৰ মজিয়া চুৰ্ণ বিচুৰ্ণ কৈ ভাঙি দিয়া হৈছে ।কিন্তু কিয় ? শিৱসাগৰ নগৰক হেৰিটেজ চাইট হিচাপে ঘোষণা কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ পণ লৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে । যাৰ বাবে বিভিন্ন সময়ত ভক্ত প্ৰাণ ৰাইজে দ’ললৈ উৎসৰ্গা কৰা শিৱ লিংগ,ত্ৰিশূল, ফেনা,বৃষভ ঈত্যাদি উঘালি বাহিৰ কৰি দিয়া হৈছে দলৰ গৰ্ভগৃহৰ পৰা । আহোম ৰজাই প্ৰতিষ্ঠা কৰি যোৱা কেৱল মাত্ৰ কুণ্ডভাগ হে ৰখা হ’ব দলৰ ভিতৰত । সমান্তৰাল ভাৱে সকলো টাইল্স ভাঙি পুনৰ এবাৰ আহোম ৰজাই নিৰ্মাণ কৰি মূল সুঁতিলৈ ঘূৰি যোৱাৰ প্ৰয়াস কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ । কিছুদিন পূৰ্বে শিৱদলত উপস্থিত হৈ ষ্টেট ইনোভেচন এণ্ড ট্ৰেন্সফৰ্মেচন আয়োগ চমুকৈ SITA ৰ সহ-উপাধ্যক্ষ ৰমেন ডেকাই এই সন্দৰ্ভত সদৰি কৰি গৈছিল উক্ত বিষয়টো।

প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰি থাকিব পৰাকৈ তাহানিৰ দিনতে নিৰ্মাণ দল জনাত থলুৱা উপাদান যেনে হাঁহ কণী,বড়া চাউল,মাটি মাহ ইত্যাদিৰ যি গুণাগুণ সেইয়া এতিয়াও অক্ষুন্ন ৰখাৰ প্ৰয়াস । আধুনিকতাৰ প্ৰলেপ সানি চিমেন্ট তথা অন্যান্য ৰাসায়নিক পদাৰ্থৰ বাবে যাতে দলৰ আয়ুস ৰেখাত ব্যাঘাত নজন্মে আৰু কোনো ধৰণৰ আঘাত নহয় এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ লোৱা হৈছে এই পদক্ষেপ বুলি জানিবলৈ দিছে দল উন্নয়ন সমিতিৰ সম্পাদক বসন্ত গগৈয়ে ।

মাণিকপুৰত টেম্পুুসহ ভি আই পি ছাগলী চোৰ আটক

বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিকপুৰৰ পৰা দুটা ছাগলী চুৰ কৰি লৈ গৈ থাকোতে ছাগলীৰ গৰাকীয়ে পিছে পিছে খেদি গৈ চাপৰাকাত আগভেটি দিয়াত টেম্পু দখাইত বাগৰি পৰে। স্থানীয় ৰাইজে চোৰক কৰায়ত্ব কৰি নৰ্ড বঙাইগাঁও থানাত সমজায় দিয়ে।ছাগলী দুটা মাণিকপুৰ থানাৰ অন্তৰ্গত মৌখোৱা আৰু বৰবিলা গাৱৰ ছাগলী হোৱা বাবে চোৰসহ ছাগলী মাণিকপুৰ থানালৈ হস্তান্তৰ কৰে। মাণিকপুৰ আৰক্ষীয়ে ছাগলীৰ গৰাকী বৰবিলাৰ চন্দন নাথ আৰু মৌখোৱাৰ অমৃত ৰায়ক ছাগলী সমজায় দিয়ে।উল্লেখ্য যে ইয়াৰ কিছু দিন পূৰ্বেও চন্দন নাথৰ ফাৰ্মৰ পৰা ছাগলী চোৰ কৰা বুলি স্বীকাৰ কৰে। এই সংক্ৰান্তত MPS/506/under section 380 IPC গোচৰ ৰুজু হৈ আছে।

আটকাধীন চোৰ দুইজন ক্ৰমে আব্দুল হুছেইন, ঢালি গাওঁৰ ছাতিপুৰ তিনিআলি। ফকৰুদ্দিন, দলাইগাও উজানপাৰাৰ বুলি জানিব পৰা গৈছে। চুৰি কাৰ্যত ব্যৱহৃত হোৱা টেম্পু খনৰ নম্বৰ AS 26, C4048. ইতিমধ্যে দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে।

বৰক্ষেত্ৰীৰ চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

নলবাৰী জিলাৰ বৰক্ষেত্ৰীত টুলুঙা নাওৰে ব্ৰহ্মপুত্ৰ নৈ পাৰ হবলৈ গৈ সন্ধানহীন হৈ পৰিছিল ৩৫ বছৰীয়া এজন যুৱক৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভাংনামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ছৈয়েদ আলী চৰত সংঘটিত হৈছিল এই কৰুণ ঘটনাটো ৷ পত্নীৰ স’তে টুলুঙা নাৱেৰে নৈ পাৰ হ‌বলৈ ধৰোতে নাৱৰ পৰা পৰি সন্ধানহীন হৈছিল যুৱকজন। ভাংনামাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন দাস ঘটনাস্থলীত উপস্থিত হৈ নলবাৰীৰ SDRF আৰু NDRF বাহিনীক খবৰ দিছিল ৷

যুৱকজন ভাংনামাৰী নিবাসী কালু মিঞাৰ জ্যেষ্ঠ পুত্ৰ ফাইজুৰ ৰহমানৰ সন্ধানত নামি পৰিছিল স্থানীয় ৰাইজৰ লগতে SDRF ,NDRF বাহিনীয়ে। আজি ৰাতিপুৱা ভাগত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

ৰণবীৰ কাপুৰ-আলিয়া ভট্টৰ বিয়াৰ আগতে, অয়ন মুখাৰ্জীয়ে ব্ৰহ্মাস্ত্ৰৰ ‘প্ৰেমৰ পোষ্টাৰ’ মুকলি কৰে

ৰণবীৰ কাপুৰ-আলিয়া ভট্টৰ বিয়াৰ আগতে, অয়ন মুখাৰ্জীয়ে ব্ৰহ্মাস্ত্ৰৰ ‘প্ৰেমৰ পোষ্টাৰ’ মুকলি কৰেএফালে, য’ত বি-টাউনত আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ বিষয়ে আলোচনা হৈছে, ইয়াৰ মাজতে, অয়ন মুখাৰ্জীয়ে ব্ৰহ্মাস্ত্ৰৰ পৰা আন আৰু ৰণবীৰৰ তীব্ৰ প্ৰেমৰ পোষ্টাৰ ভাগ বতৰা কৰি অনুৰাগীসকলৰ হৃদয় জয় কৰিছে। পোষ্টাৰত, প্ৰেমিক যুগলক ইজনে সিজনৰ প্ৰেমত দেখা গৈছে।বি-টাউনৰ আটাইতকৈ আকৰ্ষণীয় দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিয়া চহৰখনৰ চৰ্চাৰ বিষয় হৈ আছে। #Raalia সপোনৰ বিবাহৰ আগতে, অয়ন মুখাৰ্জীয়ে দম্পতীহালৰ অনুৰাগীসকলক এক বিশেষ আহাৰ প্ৰদান কৰিছে। আয়ন মুখাৰ্জীয়ে ব্ৰহ্মাস্ত্ৰৰ আলিয়া আৰু ৰণবীৰৰ তীব্ৰ প্ৰেমৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে। ব্ৰহ্মাস্ত্ৰৰ নতুন পোষ্টাৰত ৰণবীৰ আৰু আলিয়াক ইজনে সিজনৰ প্ৰেমত নিমজ্জিত হোৱা দেখা গৈছে। চলচ্চিত্ৰখনৰ পোষ্টাৰত, দুয়োজনে আনজনক যি তীব্ৰতাৰে বাহুত ধৰি আছে, সেইটোৱে যিকোনো লোকৰ হৃদয় সুখী কৰিব পাৰে। অন্যান্য আৰু ৰণবীৰৰ তীব্ৰ প্ৰেম দেখি, এইটো ইমান স্পষ্ট যে তেওঁলোক দুয়োছবিখনত…

আয়ন মুখাৰ্জীয়েও পোষ্টাৰৰ সৈতে এটা মৰমৰ শিৰোনাম শ্বেয়াৰ কৰিছিল। আয়ন মুখাৰ্জীয়ে শিৰোনামটোত লিখিছিল, “ব্ৰহ্মাস্ত্ৰৰ প্ৰেমৰ পোষ্টাৰ শ্বেয়াৰ কৰাৰ এইটো সঠিক সময়। আজিকালি বতাহত যথেষ্ট মৰম আছে। আয়ানৰ শিৰোনামটোৱে স্পষ্টভাৱে ৰণবীৰ আৰু আলিয়াৰ বিয়াৰ ইংগিত দিছে।  আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ অভিনীত ব্ৰহ্মাস্ত্ৰ এই বছৰৰ ছেপ্টেম্বৰ মাহত মুক্তি পাব। ব্ৰহ্মাস্ত্ৰ ই ২০২২ চনৰ ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব। ছবিখন ৫ টা ভিন্ন ভাষাত মুক্তি দিয়া হ’ব হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম। আলিয়া আৰু ৰণবীৰৰ উপৰিও ছবিখনত অমিতাভ বচ্চন, মৌনী ৰয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। দম্পতীহালৰ বিয়াৰ আলোচনাৰ মাজতে ৰণবীৰ আৰু আলিয়াৰ ছবি ব্ৰহ্মাস্ত্ৰৰ এই তীব্ৰ পোষ্টাৰে অনুৰাগীসকলৰ দিনটো তৈয়াৰ কৰিছে। 

চিয়াগীত,লোকগীত আৰু গোৱালপৰীয়া গীত অনুশীলনত ব্যস্ত লক্ষীমপুৰৰ ডেকা-বুঢ়়া

সমগ্ৰ বিশ্ববাসীক বিগত ২টাবৰ্ষত কৰুনা মহামাৰীৰ বিভিষীকাই জনজীৱন ব্যাহত কৰি আহিছে যদিও বৰ্তমান আমাৰ দেশ তথা ৰাজ্যত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰে সমৃদ্ধ হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ প্ৰতিজন অসমীয়াৰ লগতে শিল্পী সমাজো ব্যস্তহৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে ঐতিহাসিক দৰঙৰ লক্ষীমপুৰতো চিয়াগীত,লোকগীত আৰু গোৱালপৰীয়া গীতৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ডেকাবুঢ়া সকলো ৷

বিগত ২টা বৰ্ষই স্তব্ধকৰি দিয়া হেপাহৰ ৰঙালীক এইবাৰ হিয়াউজাৰি উপভোগ কৰিব শিল্পী তথা অসমৰ ৰাইজে।

শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্টিষ্ট মণ্ডলীৰ উদ্যোগত পাম ছান ডে উৎসৱ পালন

সমগ্র মানৱ জাতিক প্ৰেম আৰু ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধি বিশ্ব শান্তি হেতু নিজৰ প্ৰাণ বিসৰ্জন দিয়া প্ৰভু যীচুৰ মৃত্যুটো পবিত্ৰ গুডফ্ৰাইডে হিচাপে পালন কৰি আহিছে বিশ্বৰ সমগ্র খ্ৰীষ্ট ধৰ্মাৱলম্বী লোক সকল ।বিশ্বৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী সকলৰ বাবে যীচুৰ জন্মদিন যিদৰে এক ডাঙৰ উৎসৱ সেইদৰে তেওঁৰ মৃত্যুৰ দিনটোও গুৰুত্বপূৰ্ণ।জন্মদিন দিন বৰদিনৰূপে পালন কৰাৰ লগতে মৃত্যুৰ দিনটো গুড ফ্ৰাই ডে ৰূপে পালন কৰা হয়।পৰৱৰ্তী শুক্ৰবাৰে খ্ৰীষ্টিয়ান সকলে পালন কৰিব গুড ফ্ৰাই ডে।এই গুড ফ্ৰাই ডেৰ আগৰটো দেওবাৰত খ্ৰীষ্টিয় বিশ্বাসী সকলে পাম ছান ডে উৎসৱ পালন কৰে।এই দিনটোত আজিৰ পৰা প্ৰায় দুহেজাৰ বছৰৰ আগত যীচু খ্ৰীষ্টক তেওঁৰ অনুগামী সকলে বৈঠনিয়া গাঁৱৰ পৰা জেৰুচালেম নগৰলৈ শোভাযাত্ৰা কৰি আগবঢ়াই নিছিল।হাতে হাতে খেজুৰ পাত লৈ যীচুক এটা গাধৰ পিঠিত বহাই এই শুভাযাত্ৰা বাহিৰ কৰা হৈছিল।

এই দিনটোকে আজি শিৱসাগৰৰ খ্ৰীষ্টিয়ান সমাজে সোঁৱৰণ কৰি এক শুভাযাত্ৰা বাহিৰ কৰে।তেতিয়াৰ দিনৰ যীচুৰ জয়যাত্ৰা সোঁৱৰণ কৰি গাধৰ পিঠিত উঠি যাত্ৰা কৰাৰ দৰে আজিৰ শুভাযাত্ৰাত যীচু গাধৰ পিঠিত উঠা দৃশ্য এই শুভাযাত্ৰাত প্ৰদৰ্শন কৰে।সেইদৰে ক্ৰুচত মৃত্যু হোৱাৰ আগত যীচুয়ে কালবাৰী পাহাৰলৈ তেওঁৰ ক্ৰুচ কঢ়িয়াই নিছিল।এই শুভাযাত্ৰাত সেই দৃশ্যও প্ৰদৰ্শন কৰে।ইয়াৰোপৰি মৃত্যুৰ তিনি দিনৰ পাছত মৃত্যুক জয় কৰি যীচুৱে পুনৰ উত্থাপন কৰা দৃশ্যও প্ৰদৰ্শন কৰা হয়।

আজি শিৱসাগৰৰ কেন্দ্ৰীয় ৱাপ্সিট মণ্ডলীৰ গীৰ্জা ঘৰৰ পৰা পুৱা ১১:৩০ বজাত নগৰৰ মাজেৰে প্ৰায় দুই শতাধিক লোকে ধৰ্মীয় আস্থা আৰু ভক্তিৰে সুন্দৰ শোভাযাত্ৰা কৰি প্ৰভু যীচুক স্মৰণ কৰাৰ লগতে তেওঁৰ ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পবিত্ৰ গুডফ্ৰাইডে প্ৰাকক্ষণত আজি খেজুৰ পৰ্ববৰ পালন কৰে ।পবিত্ৰ পাম ছান ডে ৰ যি মহৎ উদ্দেশ্য সেইয়া সফল হোৱাৰ লগতে সমগ্ৰ মানৱ জাতি সকলো ৰোগ আৰু পাপৰ মুক্ত হৈ উদ্ধাৰ হওঁক এইয়ে কামনা কৰিছে ৱাপ্সিট মণ্ডলীৰ সমূহ ভক্তই ।

বিহু পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে পর্যটন বিভাগৰ উদ্যোগত টিংখঙত ৰঙালী উৎসৱ ২০২২

বিহুক লৈ যাতে ৰঙালী বিহৰ সাত দিনত বিহু পৰ্যটনৰ এক ধাৰণা গঢ় দিব পৰা যায় এই উদ্দেশ্য আগত ৰাখিয়েই ডিব্ৰুগড় জিলাৰ টিংখঙত দুদিনীয়াকৈ ১১ আৰু ১২এপ্ৰিলত ৰঙালী উৎসৱ ২২ নামেৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্দ্যোগত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে-ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই আজি দিছপুৰত অনুষ্ঠিত এক সংবাদ মেলত এই কথা অৱগত কৰে৷ টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিতব্য এই ৰঙালী উৎসৱত ১১এপ্ৰিলত অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই প্ৰদৰ্শনীৰ বিপণী আনুষ্ঠানিকভাবে উন্মোচন কৰিব বুলি উল্লেখ কৰি মন্ত্রী বড়াই এই অনুষ্ঠানত অসমৰ সত্ৰীয়া পৰম্পৰাৰ এক বৈভৱ মুখা শিল্প আৰু চিত্র কলাৰ কৰ্মশালা, থলুৱা খেল ধেমালি, বিহু বিষয়ক কুইজ প্ৰতিযোগিতাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ তৰফৰ পৰা লোক আৰু সত্ৰীয়া পৰম্পৰাৰ নৃত্য পৰিৱেশন কৰিব বুলিও জানিবলৈ দিয়ে| অনুষ্ঠানৰ দ্বিতীয়দিনা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি টিংখঙত অনুষ্ঠিত বিহু কৰ্মশালাত অংশগ্রহণ কৰা পাচ হেজাৰ বিভিন্ন বয়সৰ ঢুলীয়া-নাচনীয়ে বিহু নাচ পৰিৱেশন কৰিব।

এই অনুষ্ঠানত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্রী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ মন্ত্রী বিমল বড়া উপস্হিত থাকিব। সিদিনাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ, অংগৰাগ মহন্ত, প্ৰিয়ংকা ভড়ালী, নিল আকাশ, সীমান্ত শেখৰ আদি শিল্পীৰ সংগীতানুষ্ঠানৰ লগতে বৰপেটাৰ আটচ বাজি প্ৰদৰ্শন কৰা হ’ব বুলিও মন্ত্রী গৰাকীয়ে সংবাদ মেলত জনায়।

বৰক্ষেত্ৰী সমষ্টিৰ উন্নয়নৰ নমুনা

সৱকা সাথ সৱকা বিকাশ কিমান হ’ল নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত? আজি আমি আপোনালোকক দেখুৱাম বৰক্ষেত্ৰী সমষ্টিত বিগত দিনবোৰত হোৱা উন্নয়নৰ ফোঁপোলা স্বৰূপ।বাৰিষা আহিলেই এনেদৰে নিজৰ জীৱন হাতৰ মুঠিত লৈ নিজৰ নিজৰ বিদ্যালয়লৈ বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় চৰাঞ্চলৰ এইসমূহ ছাত্ৰ-ছাত্ৰীয়ে।

সকলো সময়তে উন্নয়নৰ ফটাঢোল কোবোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত কিয় এখন দলং নিৰ্মান নহল অঞ্চলটোত?

ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ বিবাহৰ তাৰিখ সলনি কৰা হৈছে নেকি? ভট্টৰ পৰিয়ালে বিভ্ৰান্তি সৃষ্টি কৰিছে

আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ বিয়াৰ বিষয়ে সকলোতে চৰ্চা চলি আছে।দম্পতীহালৰ বিবাহৰ বিষয়ে নতুন তথ্য প্ৰতিদিনে ওলাই আহিছে। এতিয়া ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ তাৰিখ সলনি হৈছে বুলি চৰ্চা চলি আছে।আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ বিয়া আজিকালি বলীউডৰ কৰিডৰত আটাইতকৈ চৰ্চিত। বিবাহৰ তাৰিখৰ বিষয়ে বহুতো অনুমান আছে, বিশেষকৈ। যদিও ৰণবীৰৰ গোটেই পৰিয়ালে বিবাহৰ তাৰিখৰ বিষয়ে নীৰৱ হৈ আছে, তথাপিও আলিয়াৰ পৰিয়ালত বিবাহৰ তাৰিখ সম্পৰ্কে বিভ্ৰান্তিত আছে।আলিয়াৰ খুৰাক ৰবীন ভাটে বিবাহৰ তাৰিখত মোহৰ লগোৱাৰ সময়ত এক বিশেষ বাৰ্তালাপত কৈছিল যে দম্পতীহালে ১৩ তাৰিখে মেহেন্দি কৰিব আৰু বিবাহ ১৪ তাৰিখে ঠিক কৰা হ’ব।

এতিয়া আলিয়াৰ ভাতৃ ৰাহুল ভাটে ৰণবীৰ আৰু আলিয়াৰ বিয়াৰ এটা বেলেগ তাৰিখ কৈআছে। আজি তকৰ সৈতে এক বিশেষ বাৰ্তালাপত ৰাহুলে কৈছিল যে বিবাহৰ তাৰিখ আগতে১৩ আৰু ১৪ ৰখা হৈছিল, কিন্তু সংবাদ মাধ্যমত প্ৰত্যক দিনেই বেলেগ বেলেগ দিন চৰ্চা হৈ আছে।