Home Blog Page 2477

হাজোত ৰাম নৱমী মহোৎসৱ উদযাপন…

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত জাপিয়া কালি মন্দিৰ প্ৰাংগনত  উত্তৰ কামৰূপ জিলা বিশ্ব হিন্দু পৰিষদ ও বজৰংগ দল হাজো প্ৰখণ্ডৰ উদ্যোগত দিনযোৰা বৰ্নাধ্য কাৰ্যসূচীৰে ৰাম নৱমী মহোৎসৱ পালন কৰা হ’য়।সেই অনুসৰি পুৱা মাল্যাৰ্পন, বন্তি প্ৰজালন,ওম কাৰ ধ্বনি আৰু বিজয় মহামন্ত্ৰৰে অনুষ্ঠানটিৰ শুভাৰম্ভ হ’য়।ইয়াৰ পিছতে এখনি সভা অনুষ্ঠিত হ’য়। সভাৰ সভাপতিত্ব কৰে হাজো প্ৰখণ্ডৰ ধৰ্ম প্ৰচাৰক জিতেন্দ্ৰ ভাগৱতীয়ে।সভাত হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ ৰাম ভগৱানৰ জীৱন পৰিক্ৰমাৰ এক অৱলোকন বাখ্যাৰে সমাজত ন্যায় প্ৰতিষ্ঠাৰ লগতে দেশ ,জাতি, ধৰ্মৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ বাবে সদায় যুৱ সমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে ভগৱান শ্ৰীৰাম’ৰ আদৰ্শৰে সমাজত আমি সকলোৱে সদায় ধৈৰ্য,শান্ত আৰু স্থিৰ গতিৰে নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰিব লাগে বুলিওঁ এক গঠনমূলক বাখ্যা আগবঢ়োৱা হ’য়।

সভাত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক তথা মনসা সাধক প্ৰমোদ বেজবৰুৱা,জ্যোষ্ঠ বিজেপি নেতা বিষ্ণু পাঠক,নগেন মালাকৰ,হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এমব্ৰাৱেল দৈমাৰী,ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ উত্তৰ কামৰূপ জিলাৰ বৌদ্ধিক প্ৰমূখ প্ৰবীন মেধি,দিনমণি ডেকা,উত্তৰ কামৰূপ জিলা বজৰংগ দলৰ সহ-সংযোজক ৰিংকু কলিতা,কিশোৰ ডেকা,উত্তৰ কামৰূপ জিলা বজৰংগ দলৰ ধৰ্ম প্ৰচাৰক হিৰক কলিতা,জোন ৰাজবংশী,হাজো প্ৰখণ্ডৰ মিলন কেন্দ্ৰ প্ৰমূখ সদানন্দ দাস,সুৰক্ষা প্ৰমূখ হেমন্ত দাসকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি ।

বঙাইগাঁৱত তিনিদিনীয়া অসমী বহাগী মেলা – ২০২২ 

সমাগত ৰঙালী বিহুৰ প্ৰাকমূহুৰ্তত দেওবাৰৰ পৰা বঙাইগাঁও চহৰৰ গান্ধী ময়দানত তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসমী বহাগী মেলা- ২০২২ ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁও জিলা পৰিচালনা শাখাৰ উদ্যোগত আয়োজন কৰা এই অসমী বহাগী মেলাখন স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰি উদ্বোধন কৰে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁও জিলাৰ প্ৰকল্প প্ৰৱন্ধক প্লোৰাজ মুছাহাৰীয়ে আদৰণি ভাষণ ৰখা অনুষ্ঠানৰ  আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷

অনুষ্ঠানত বিধায়কগৰাকীয়ে বক্তব্যত এই বহাগী মেলাৰ জৰিয়তে আত্ম সহায়ক গোটসমূহ উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে ৷ লগতে আত্ম সহায়ক গোটসমূহ উপকৃত হোৱাৰ লগে লগে গোটৰ সদস্যাসকলো পৰিয়ালকেন্দ্ৰিক উপকৃত হ’ব বুুুলিও কয় ৷ অনুষ্ঠানত জিলা উপায়ুগৰাকীয়েও বক্তব্য ৰাখে ৷ উল্লেখ্য যে এই মেলাখনত জিলাখনৰ বিভিন্ন আত্ম সহায়ক গোটৰ দ্বাৰা উৎপাদিত থলুৱা সা- সামগ্ৰী, গামোচা, বস্ত্ৰ শিল্প,  পিঠা – লাডু, শাক পাচলি আদি উপলব্ধ ৷ মেলাখনত মুঠ ৩০ টা ষ্টল আছে ৷ মেলাৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠিত হ’ব ৷ মেলাখন ১২ এপ্ৰিলত সামৰণি পৰিব ৷

ধুবুৰীত পিৰামল ফাউণ্ডেশ্যনৰ উদ্যোগত এনজিঅ কনক্লেভ …

নীতি আয়োগৰ দেশৰ ১১৭ খন আশাবাদী জিলাৰ তালিকাভূক্ত ধুবুৰী  জিলাতো পীৰামল ফাউণ্ডেছনে যোৱা কেইটামান বছৰৰ পৰা সেৱা আগবঢ়াই আছে আৰু এইবাৰ এছপ্রেচনাল ডিষ্ট্ৰিক্ত কলাবৰেচন প্ৰগ্ৰেমৰ অধীনত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত জিলাখনক শিক্ষা, স্বাস্থ্য , নাগৰিকৰ আৰ্থসামাজিক আৰু আন আন দিশ সমূহত আগবঢ়াই নিয়াৰ উদ্দেশ্যে আন এক পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। নাগৰিকৰ জীৱন ধৰণৰ মান উন্নীতকৰণ অৰ্থে স্থানীয় স্বেচ্ছাসেৱী সংগঠন , কলেজ, আত্মসহায়ক গোট, পঞ্চায়ত সদস্য আৰু বিশ্বাসযোগ্য নেতা সকলক লগত লৈ একেলগে কাম কৰাৰ উদ্দেশ্যে শনিবাৰে  স্বেচ্ছাসেৱী সংগঠন সমূহৰ সৈতে এখনি এন. জি.অ. কনক্লেভ নামেৰে আলোচনা সভা অনুষ্ঠিত কৰা হয়।

সভাখনত জিলাখনৰ ২৩টা কৈ স্বেচ্ছাসেৱী সংগঠনে যোগদান কৰি একেলগে কামকৰাৰ অংগীকাৰ বদ্ধ হয়। উল্লেখ্য যে পীৰামল ফাউণ্ডেশ্যনৰ প্লে ষ্টোৰত পোৱা মেৰা যোগদান এপ্ ৰ যোগেদি  দেশৰ কেইবা শতাধিক স্বেচ্ছাসেৱী সংগঠনে সেৱা দিয়াৰ উদ্দেশ্যে একত্ৰিত হৈছে আৰু  ধুবুৰী জিলাখনৰ আৰু অধিক স্বেচ্ছাসেৱী সংগঠনে যোগদান কৰিব বিচাৰিলে পিৰামল ফাউণ্ডেশ্যনৰ ডিষ্ট্ৰিক্ট লীড সৌৰভ শইকীয়াৰ saurav.saikia@piramalfoundation.org মেইলত যোগাযোগ  কৰিবলৈ আহব্বান জনায়। আলোচনা সভাখনত পিৰামল ফাউণ্ডেশ্যনৰ তইয়োবা চুলতানা,সৌৰভ শইকীয়া, হিৰেন ঠাকুৰীয়া , নেহা ভট্ৰাচাৰ্জি, স্পৃহা গায়ন, সিৰাজুল ইছলাম, জ্যোতি মেধি, মণীষা পাণ্ডে, বিবেক মাহাতো আৰু গোবিন্দ মণ্ডল উপস্থিত থাকে।

১৩ হাজাৰ ফুট উচ্চতাৰ পৰা পৰিল এগৰাকী যুৱতী! পিছত কি হ’ল?

স্কাইড্ৰাইভিং কৰা এগৰাকী দুৰ্দান্ত সাহসী মহিলা। ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা মাটিত জপিয়াইও মৃত্যুৰ মূখৰ পৰা উভতি আহিছে যুৱতীগৰাকীয়ে। বৰ্জেনিয়াৰ বাসিন্দা ৩৫ বয়সীয়া এই যুৱতীগৰাকীৰ নাম জৰ্ডান হাতমাকেৰ। ‘দ্যা ছান’ৰ বাতৰি অনুসৰি এমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পিছত, তেওঁ সুস্থ হৈ পুনৰ স্কাইডাইভিং কৰিবলৈ সাজু হৈছে। তেওঁৰ লগত সংঘটিত হোৱা ঘটনাটোৰ বিষয়ে জনায় যে, এই ঘটনাটো কেৱল ৩০ ছেকেণ্ডৰ ভিতৰত সংঘটিত হৈছিল। তেওঁ প্ৰায় ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা জপিয়াইছিল। কিন্তু অলপদূৰ তললৈ অহাৰ পিছত যুৱতীগৰাকীয়ে পেৰাছ্যুট খোলাত যুৱতীগৰাকীৰ ভৰিৰ মাজত পেৰাছ্যুটখন ওলমি ৰৈছিল। যাৰ ফলত তেওঁ ২০০ কিঃমিঃ/ঘন্টাত তললৈ সৰি পৰিছিল।

কেইছেকেণ্ডৰ ভিতৰতে জৰ্ডান আকাশৰ পৰা তললৈ সৰি পৰিছিল আৰু বিষত হাহাকাৰ কৰিছিল। তেওঁ নিশ্চিত আছিল যে তেওঁ আৰু জীয়াই নাথাকিব। জৰ্ডানে মাটিত সৰিপৰাৰ লগে লগে তেওঁৰ ভৰি, মেৰুদণ্ডো ভাঙি গৈছিল। লগতে তেওঁ জনায় যে তেওঁৰ শৰীৰৰ এনে কোনো অংশ নাই য’ত তেওঁ আঘাতপ্ৰাপ্ত হোৱা নাই। ইমান উচ্চতাৰ পৰা সৰিপৰাৰ পিছতো এই যুৱতীগৰাকী মূৰ্চা নগ’ল আৰু তেওঁৰ সেই ভয়ংকৰ বিষবোৰ অনুভৱ কৰিছিল।এই ঘটনাটোৰ পিছত যুৱতীগৰাকী ২৫দিন চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু তেওঁ নিজৰ ভৰিত থিয় হ’বলৈ প্ৰায় ৩মাহ সময় লাগিছিল। মহিলাগৰাকীয়ে এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। তেওঁ জনায় যে, স্কাইড্ৰাইভিং কৰাতো তেওঁৰ সপোন, স্কাইড্ৰাইভিং তেওঁ কেতিয়াও এৰিব নোৱাৰে। অতিসোনকালে তেওঁ পুনৰ আকাশৰ পৰা জপিয়াব।

ক’ভিডৰ সংক্ৰমণ শেষ হ’ব কেতিয়া?

ক’ভিডৰ সংক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে প্ৰকাশ কৰে যে, কৰ’না ভাইৰাছ এতিয়ালৈকে শেষ হোৱা নাই, ই পুনৰ উদ্ভৱ হৈছে। কৰ’না ভাইৰাছে মানুহক মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ সতৰ্ক কৰি দিছে। কোনেও নাজানে এই ‘বহুৰূপী’ ক’ভিড-১৯ পুনৰ কেতিয়া উদ্ভৱ হ’ব। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে, কৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় ১৮৫ কোটি ভেকছিনৰ পালি প্ৰদান কৰা হৈছে আৰু ৰাইজৰ সমৰ্থনৰ বাবে ই সম্ভৱপৰ হৈছে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ জুনাগড় জিলাত মা উমিয়া ধামৰ এক কাৰ্যসূচী সম্বোধন কৰি মোদীয়ে মা উমিয়াৰ ভক্তসকলক ৰাসায়নিক সাৰৰ সংকটৰ পৰা পৃথিৱী মাতৃক বচাবলৈ প্ৰাকৃতিক ভাবে খেতি কৰিবলৈ আহ্বান জনায়।

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বকে জোকাৰি গৈছিল। আৰু আমি কোৱা নাই যে এই সংকট এতিয়ালৈ শেষ হৈছে। আমি কেতিয়াও নাজানো যে এইটো কেতিয়া পুনৰ দেখা যাব। তেওঁ কয় যে ই এক ‘বহুৰূপী’ ৰোগ৷ ইয়াক প্ৰতিৰোধ কৰিবলৈ প্ৰায় ১৮৫ কোটি পালি প্ৰদান কৰা হৈছে৷ তেওঁ কয় ধৰিত্ৰীক বচাবলৈ গুজৰাটৰ প্ৰতিখন গাঁৱৰ কৃষকে প্ৰাকৃতিক কৃষিৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷

৮ বছৰ আগৰ এটা ঘটনাঃ কৌতুহল ভাৰতীয় ক্ৰিকেটত!

৮ বছৰ আগৰ এটা ঘটনাই কৌতুহলৰ সৃষ্টি কৰি আহিছে ভাৰতীয় ক্ৰিকেট মহলত। ২০১৩ চনৰ পৰা IPLত যুজৱেন্দ্র চাহালে ধাৰাবাহিক বাবে স্থান পাবলৈ সক্ষম হৈছে। বেঙ্গালুৰত অনুষ্ঠিত এখন মেচত জয় লাভ কৰি পাৰ্টি কৰি আছিল মুম্বাই ইণ্ডিয়ানছৰ ক্রিকেটাৰ সকলে। যুজৱেন্দ্র চাহালক পাৰ্টিৰ পৰা ১৫ তলাৰ বেলকনিত মাতি নিছিল মুম্বাই ইণ্ডিয়ানছৰ এজন শীৰ্ষ সদস্যই। বেলকনিৰ পৰা যুজৱেন্দ্র চাহালক তললৈ পেলোৱাৰ চেষ্টা কৰিছিল এজন শীৰ্ষ সদস্যই। ঘাতকৰূপী ক্রিকেটাৰ জনৰ চেষ্টা বিফল হৈছিল কাৰণ সেই স্থানত কিছু মানুহৰ সমাগম হৈছিল। ঘটনাটোৰ পিছত যুজবেন্দ্র চাহাল সম্পূৰ্ণ ৰূপে অসুস্থ হৈছিল। আই পি এল কেৰিয়াৰত মাত্ৰ এবাৰ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল লেগস্পিনাৰ চাহালে। বেছিভাগ সময় ৰয়েল চ্যালেঞ্জার্স বাঙ্গালোৰৰ হৈ খেলি আহিছে চাহালে। ৰাজস্থানৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি পুনৰ ৰাজস্থানৰ হৈ খেলি আছে ক্ৰিকেটাৰজনে। এক বিজ্ঞপ্তিৰ জৰিয়তে জীৱনৰ সমস্ত অভিজ্ঞতাৰ বিষয়ে কৈ চাহালে এনে কিছুমান অভিজ্ঞতাৰ কথা ব্যক্ত কৰে, যাৰ ৰহস্য আজিলৈকে ৰহস্যহৈয়ে আছে। চাহালৰ এনে গম্ভীৰ্যপূৰ্ণ কথাত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে ক্ৰিকেট মহলত।

কোন সেই ঘাতকৰূপী ক্ৰিকেটাৰ জন? তাক লৈ এতিয়াও খলকনিৰ সৃষ্টি হয় ক্ৰিকেট মহলৰ লগতে অনুৰাগীসকলৰ মাজত। অৱশ্য়ে ঘাতকৰ নাম উল্লেখ কৰা নাই ক্ৰিকেটাৰ জনে। অকল ৰবি শাস্ত্রীৰ দৰে প্ৰাক্তন বুলি উল্লেখ কৰিছে। কিন্তু ৰবি শাস্ত্ৰীৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে জনায় যে, তেওঁ যিয়েই নহওঁক, বিচিচিআইয়ে তেওঁক চিৰদিনৰ বাবে নিষিদ্ধ কৰা উচিত। যাতে ক্ৰিকেটাৰজন আই পি এলৰ ওচৰলৈ পুনৰ আহিব নোৱাৰে। শাস্ত্ৰীয়ে কয়, “ঘটনাটোত জড়িত ক্ৰিকেটাৰজনৰ কোনো পৰিচয় নাছিল। এইটো আটাইতকৈ চিন্তাশীল কথা। প্ৰথমবাৰৰ বাবে মই এনেকুৱা ভয়ংকৰ কথা শুনিছো। ক্ৰিকেটাৰজনক আজীৱন বহিস্কাৰ কৰা উচিত যাতে তেওঁ কোনো ধৰণে আই পি এলৰ কাষ চাপিব নোৱাৰে। ক্ৰিকেট মহলত এটাই প্ৰশ্ন, যদি ভাৰতীয় দলত খেলি থকা চাহালৰ দৰে ক্ৰিকেটাৰে তেওঁৰ জীৱনত সংঘটিত তিক্ত ঘটনাবোৰৰ বিষয়ে দীৰ্ঘ দিনৰ পিছত ব্যক্ত কৰিছে, তেন্তে আই পি এলত আৰু কিমানজন ক্ৰিকেটাৰ থাকিব পাৰে যি কেতিয়াও মুকলিকৈ ক’বলৈ সাহস কৰা নাই? ক্ৰিকেটত সংঘটিত শাৰীৰিক আক্ৰমণৰ ঘটনা, ইয়াত কোনো সন্দেহ নাই যে, যিসকলে এইবোৰ ঘটনা কৰে তেওঁলোকৰ বেছিভাগেই বিদেশী ক্ৰিকেটাৰ। এই বছৰৰ আৰম্ভণিতে চাহালে কৈছিল যে, তেওঁ ২০১১ চনতো শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈছিল। এণ্ড্ৰিউ চাইমণ্ডছ, জেমছ ফ্ৰেংকলিনৰ ক্ৰিকেটাৰসকল এই ঘটনাত জড়িত আছিল। ২০১৩ চনত চাহালৰ ঘটনাৰ সৈতে জড়িত ক্ৰিকেটাৰজনো বিদেশী নেকি? কোনো উত্তৰ নাই! ক্ৰিকেট বোৰ্ডে ঘটনাৰ তদন্ত কৰা উচিত ।

গাদীচ্যুত ইমৰাণ! পাকিস্তানৰ নেতৃত্ব ল’ব শ্বেহবাজ শ্বৰীফে…

শাসনৰ গাদীত থাকিও পলকতে ক্লীন বল্ড হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। মাজনিশা প্ৰায় মুহূৰ্তত আস্থাৰ ভোটত পৰাজয় লাভ কৰিলে ইমৰান খানে। তাৰ পাছতে প্ৰধানমন্ত্ৰীৰ আবাস ত্যাগ কৰিলে ইমৰাণ খানে। গাদীচ্যুত ইমৰাণ খানে ইছলামাবাদ ত্যাগৰ পাছতে দেশখনৰ ৰাজনৈতিক ইতিহাসত এক নতুন পৃষ্ঠাৰ সংযোজন ঘটিল। আস্থাৰ ভোটত পৰাজিত হৈ গাদীচ্যুত হোৱা প্ৰথমজন পাক প্ৰধানমন্ত্ৰীত পৰিণত হৈছে ইমৰাণ খান। শনিবাৰে মাজনিশা উচ্চতম ন্যায়ালয় পালেগৈ আস্থাৰ ভোটৰ প্ৰসংগ। আস্থাৰ ভোটক বাধা দিবলৈ খান চৰকাৰে কৰা সকলো চেষ্টা ব্যৰ্থ হ’ল আৰু নিশা প্ৰায় ১২.৩০বজাত অনুষ্ঠিত আস্থাৰ ভোটত ইমৰাণ খানক ক্ষমতাৰ পৰা অপসাৰিত কৰা হ’ল। ইমৰাণ খানৰ এই পৰিণতিৰ পাছত এতিয়া তেওঁ ভৱিষ্যতক লৈও সংশয়ৰ সৃষ্টি হৈছে। তেওঁ গ্ৰেপ্তাৰ হ’ব পাৰে বুলিও চৰ্চা চলিছে। 

উল্লেখ্য যে, ইমৰাণ খানৰ বিপক্ষে সংসদত ১৭৪গৰাকী সাংসদে ভোটদান কৰিছিল। আৰু তাৰ পাছতে ইমৰাণ খানৰ বিদায় অৱধাৰিত হৈ পৰে। ইফালে এতিয়া পাকিস্তান চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে শ্বেহবাজ শ্বৰীফ। বিৰোধী নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজৰ (পিএমএল-এন) নেতা শ্বেহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিবলৈ দেওবাৰে ২ বজাত সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।  শ্বেহবাজ শ্বৰীফ হৈছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ। উল্লেখ্য যে, ইমৰাণ খানৰ বিৰুদ্ধে সংসদত অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পাছৰে পৰাই শ্বেহবাজ খান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব বুলি চৰ্চা চলি আহিছিল। আৰু এই চৰ্চাই সচাঁ হবলৈ গৈ আছে।

কাজিৰঙা ভ্ৰমণ কৰিলে লোক সভাৰ অধ্যক্ষ ওম বিৰলায়ে…

দেওবাৰে কাজিৰঙা দৰ্শন কৰিলে লোক সাভাৰ অধ্যক্ষ ওম বিৰলায়ে। কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত ঝুমুৰ নৃত্যৰে উষ্ম আদৰণি লোক সাভাৰ অধ্যক্ষ ওম বিৰলাক। অধ্যক্ষ গৰাকীক সংগ দিয়ে মন্ত্ৰী অতুল বৰাই। বাগিচা খনত উপস্থিত হৈ অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অসমৰ চাহৰ ওপৰত গুৰুত্ব পূৰ্ণ মন্তব্য কৰাৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টো ইতিমধ্যে লোক সাভাত উপস্থাপন কৰা হৈছে বুলিও মন্তব্য কৰে ।

ইয়াৰ পিছতে বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰে অধ্যক্ষ গৰাকীয়ে।বাগৰি বনাঞ্চল দৰ্শন কৰি আপ্লুত হৈ পৰে অধ্যক্ষ গৰাকী। বাগৰি বনাঞ্চল দৰ্শন কৰি কাজিৰঙাৰ বন্য জন্তুৰ ওপৰতো গুৰুত্ব পূৰ্ণ মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে।

বৰপেটাত চোৰৰ লক্ষ্য এনফিল্ড বুলেটলৈ

বৰপেটাত চোৰৰ লক্ষ্য এনফিল্ড বুলেট ৷দুদিনত দুখনকৈ এনফিল্ড বুলেট চুৰি ৷অৱশেষত বৰপেটা আৰক্ষীৰ জালত পৰিল দুই মটৰ চাইকেল চোৰ৷আনহাতে চোৰদুটাৰ পৰা উদ্ধাৰ দুখনকৈ এনফিল্ড বুলেট৷বৰপেটা আৰক্ষীয়ে জনোৱামতে- ধৃত চোৰ দুটা পাটবাউসীৰ চিন্ময় কলিতা আৰু কেওটপাৰাৰ ছফিকুল ইছলাম৷পাটবাউসীৰ চিন্ময় কলিতা নামৰ চোৰটোৱে মটৰ চাইকেল চুৰি কৰি জমা দিয়ে কেওটপাৰাৰ ছফিকুলক৷আৰু ছফিকুলে বিভিন্ন স্থানত বিক্ৰী কৰে চুৰি মটৰ চাইকেল ৷অৱশ্যে বৰপেটা আৰক্ষীয়ে মটৰ চাইকেল চুৰিৰ গেংটোক আটক কৰাৰ পিচতে পোহৰলৈ আহিছে চুৰিৰ বহু তথ্য ৷

যোৱা ৪ আৰু ৫ এপ্ৰিলত বৰপেটাৰ বিলৰতাৰী হাটীৰ আৰু বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পৰা চুৰি হৈছিল দুখনকৈ এনফিল্ড বুলেট মটৰচাইকেল ৷বৰপেটাত মটৰ চাইকেল চুৰিৰে সন্ত্ৰাস চলোৱা দুটাকৈ চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিচতে চোৰ দুটাৰ পৰা আৰু অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

দক্ষিন শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাস্থিত উইচডম স্কুল প্ৰাঙ্গনত আজি “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী শুভ উন্মোচন আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২

দক্ষিন শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাস্থিত উইচডম স্কুল প্ৰাঙ্গনত আজি “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী শুভ উন্মোচন আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২ অনুষ্ঠান অনুষ্ঠিত হয়৷এই উপলক্ষে পুৱা ১১ বজাত উইচডম স্কুলৰ ওৱাল মেগাজিন ” Cataly Reflection” শুভ উন্মোচন কৰা হয়। উন্মোচক হিচাপে অনুষ্ঠানটোত উপস্থিত আছিল খাৰুৱাবান্ধ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ওৱালিউল ইছলাম। অসম জাতীয় সংগীতৰে আৰাম্ভ হোৱা “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী শুভ উন্মোচন আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২ অনুষ্ঠান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমাজ কৰ্মী লেখক তথা হাটশিঙিমাৰী কলেজৰ অধ্যক্ষ জহিৰুল ইছলাম।তেখেতে “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী উন্মোচনক হিচাপে উপস্থিত থাকি ভাষণ প্ৰসঙ্গত কয় যে, এটা সময়ত আমি জানিছিলো টিহু পাটশালা অসমৰ বহল শিক্ষা জগতত হচপট কেন্দ্ৰ। আমি আজিৰ প্ৰেক্ষাপটত কেৱল পিচপৰা অঞ্চল বুলি ভাবি থকাৰ সময় উকলিল কাৰণ আমি এতিয়া ভাবিব পাৰো আমাৰ
হাটশিঙিমাৰী খন আনুষ্ঠানিক শিক্ষাৰ হছটপ কেন্দ্ৰ তথা হছপট কেন্দ্ৰ বুলি কলে ভুল নহব। কিন্তু আমি লক্ষ্য কৰিছো অনা-আনুষ্ঠানিক শিক্ষাৰ ফালৰ পৰা অতিপিছ পৰা। কলা,সংস্কৃতি,সাহিত্য আদিৰ চৰ্চা নাই বুলি কলেও ভুল নহব। লগতে কয় যে আমি আশাবাদী এই “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী খনে যাতে অনা-আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সৃষ্টি কৰে। সভাত উপস্থিত থকা বিশিষ্ট অতিথি অধ্যক্ষ ওৱালিউল ইছলামে যে আগৰ দিন উকলিল এতিয়া আমি আৰ্থিক দৰিদ্ৰ নহয় কিন্তু আমি এতিয়াও কলা সংস্কৃতিত বহুত বহুত দৰিদ্ৰ।

সভাত উপস্থিত থকা আনগৰাকী অতিথি অৱসৰ প্ৰাপ্ত শিক্ষক ইমদাদূল ইছলাম মণ্ডলে কয় যে, জিলা খনত প্ৰথম বাৰৰ বাবে মহিবুল মণ্ডলৰ সম্পাদনাত শৈক্ষিক দিশৰ “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী প্ৰকাশ পোৱাত জিলা খনৰ মান নিশ্চত ভাবে অনাগত দিনত যে শিক্ষাৰ মান আৰু উন্নত হ’ব এয়া তাৰ শুভ আৰাম্ভ মাথোঁ।শৈক্ষিক ভাৱনা” আলোচনীৰ সম্পদক
মহিবুল মণ্ডলে কয় যে , এই আলোচনী খনৰ জড়িয়তে অঞ্চলটোৰ সাহিত্যৰ ৰচনা অথবা আলোচনী আদিৰ প্ৰণয়ন প্ৰকাশন আদিৰ বিষয়ে অঞ্চলটোৰ নতুন লেখক- লেখিকা,কলা-কুশলীসকলৈ এক নতুন বাট মুকলি হ’ব। লগতে সভাত উপস্থিত থাকে অঞ্চলটোৰ ভালে সংখ্যক বিদ্যালয়ৰ অধ্যক্ষ সকল।উল্লেখ্য যে, অনুষ্ঠানটোত কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২ হিচাপে অঞ্চলটোৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক মেহেৰুন নেছা’ছ আদৰ্শ শিক্ষক- শিক্ষয়িত্ৰী বঁটা প্ৰদান কৰা হয়।