Home Blog Page 2476

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ হ’ব পাৰে, বিলাৱাল ভুট্টো বৈদেশিক মন্ত্ৰী হ’ব পাৰে; সম্পূৰ্ণ তালিকাখন চাওক

পাকিস্তানৰ চৰকাৰ সলনি হৈছে। ইমৰান খানৰ চৰকাৰৰ পতন ঘটিছে, এতিয়া বিৰোধীয়ে চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত আছে। বিৰোধী দলবোৰে শ্বাহবাজ শ্বৰীফক তেওঁলোকৰ নেতা হিচাপে বাছনি কৰিছে, অৰ্থাৎ তেওঁ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হ’ব পাৰে। একে সময়তে, বিলাৱাল ভুট্টো বৈদেশিক মন্ত্ৰী হ’ব পাৰে। চাওঁ আহক আৰু কোন নেতা হ’ব পাৰে।পাকিস্তানত, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে ক্ষমতা হেৰুৱালে। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত তেওঁলোকে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে। এতিয়া চৰকাৰ গঠনৰ প্ৰস্তাৱ বিৰোধীয়ে স্থানান্তৰ কৰিব। এইটো বিশ্বাস কৰা হয় যে পাকিস্তান মুছলিম লীগৰ (পিএমএল) নেতা শ্বাহবাজ শ্বৰীফ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হ’ব পাৰে। ইয়াৰ উপৰিও, পিৰ মুৰব্বী বিলাৱাল ভুট্টো বৈদেশিক মন্ত্ৰী হ’ব পাৰে।এইটো কোৱা হৈছে যে শ্বাহবাজ শ্বৰীফ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হ’ব পাৰে। ইয়াৰ উপৰিও নাভিদ কামাৰ শ্বাহৰ অধ্যক্ষ বিলাৱাল ভুট্টোৱে বৈদেশিক মন্ত্ৰী, ৰাণা ছানাউল্লাহগৃহ মন্ত্ৰী, শাজিয়া মুৰিক তথ্য মন্ত্ৰী, খাজা আচিফক প্ৰতিৰক্ষা মন্ত্ৰী, ফৈজল সুবজাৱাৰী বন্দৰ আৰু জাহাজ মন্ত্ৰী, মৰিয়াম ঔৰঙ্গজেব প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰ আৰু আজম তাদাৰক আইন মন্ত্ৰী হিচাপে শপত ল’ব পাৰে।আনহাতে, ইমৰান খানৰ আবেদনত দেওবাৰে বহু সংখ্যক পিটিআই সমৰ্থকে বিৰোধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহে। ইমৰান খানেও তেওঁৰ সমৰ্থকসকলক ধন্যবাদ জনাইছিল।

তেওঁ টুইট কৰে, “স্থানীয় মীৰ জাফৰ্ছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থন ৰখাৰ পিছত ক্ষমতালৈ অহাৰ পদক্ষেপ লৈছিল। পাকিস্তানৰ মানুহে ইয়াৰ বিৰোধিতা কৰিছে। তেওঁ লগতে লিখিছিল, “জনসাধাৰণৰ সমৰ্থন আৰু আৱেগ প্ৰদৰ্শনৰ বাবে সকলোকে ধন্যবাদ। ইমৰানে কৈছিল যে পাকিস্তানীসকলৰ বিৰোধীয়ে দেখুৱায় যে তেওঁলোকে ইয়াক তীব্ৰভাৱে প্ৰত্যাখ্যান কৰিছে।

মধ্য পূব গুৱাহাটী বিহু সন্মিলনীৰ সৌজন্যত আয়োজন কৰা বিহুৰ কৰ্মশলা আজি সামৰণি অনুষ্ঠান

মধ্য পূব গুৱাহাটী বিহু সন্মিলনীৰ সৌজন্যত আয়োজিত হৈছে বিহুৰ কৰ্মশলা
১এপ্ৰিলৰ পৰা আৰম্ভ হৈছে । আজি সামৰণি অনুষ্ঠান
প্ৰশিক্ষক অৰুণ জ্যোতি শইকীয়া, বিউটি বৈশ্য, চিকি শৰ্মা, অৰুণীমা আৰু পংকজৰ নেতৃত্বত প্ৰায় ১২৪ গৰাকী ছাত্ৰ ছাত্ৰী তথা যুৱক

যুৱতীৰে বিশেষ কৰ্মশলাৰ প্ৰস্তুতি
কৰ্মশলা দুটা ভাগত ভাগ কৰা হৈছে
আজি সকলোকে একোখনকৈ মানপত্ৰ বিতৰণ কৰে

মানকাচৰত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি

মানকাচৰত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি ।আওপুৰণীয়া বিদ্যুৎৰ তাঁৰে বিপদ মাতিছে ৰাইজক।বিদ্যুৎৰ আওপুৰণীয়া তাঁৰৰ বাবে ৰাতিপুৱাই সংগঠিত হ’ল এক ভয়ংকৰ ঘটনা।মানকাচৰৰ বাতাপাৰা গাওঁৰ জহিৰ উদ্দিনৰ ঘৰৰ চালত বিদ্যুৎৰ তাঁৰ সংযোগ হৈ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।অগ্নিকাণ্ডৰ ফলত দুটা পশুধনৰ মৃত্যু হয়।মানকাচৰৰ বিদ্যুৎ বিভাগক বহু দিনৰ পৰাই ছেদেলী ভেদেলী বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই মানকাচৰৰ বিদ্যুৎ বিভাগে।যাৰ ফলত আজি ৰাতিপুৱাই সংগঠিত হয় এই ভয়ংকৰ ঘটনা।এতিয়ালৈকে বিদ্যুৎ বিভাগৰ ফালৰ পৰা কোনো কৰ্মচাৰী উপস্থিত হোৱা নাই ভুক্তভোগী জহিৰ উদ্দিনৰ ঘৰত ।

উল্লেখযোগ্য যে মানকাচৰ বিদ্যুৎ বিভাগৰ SDO আব্দুল্লা সেখৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া এক অভিযোগ আছে ৰাইজে তেওঁক জৰুৰীকালীন অৱস্থাত যোগাযোগ কৰিব বিচাৰিলে তেওঁ বেয়া পাই। যাৰ ফলত প্ৰায় এনেকুৱা ঘটনা সংঘটিত হয় বুলি অভিযোগ ৰাইজৰ।

ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম ঘোষণা…

বহু জল্পনা-কল্পনাৰ অন্তত আজি (দেওবাৰে) সন্ধিয়া ঘোষণা কৰে ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম।ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি হিচাপে ডাঃ চৈকত পাত্ৰ আৰু উপ-পৌৰপতি হিচাপে উজ্জ্বল ফুকনৰ নাম ঘোষণা কৰে।উল্লেখযোগ্য যে ২২ টা ৱাৰ্ডেৰে গঠিত ডিব্ৰুগড় পৌৰসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰিছিল ২১ খন আসন।আনহাতে কংগ্ৰেছে দখল কৰিছিল এখন আসন।একক সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে পৌৰসভা দখল কৰা পাছতো পৌৰপতি আৰু উপ-পৌৰপতি ঘোষণা কৰাত ঐক্যমতত উপনিত হব পৰা নাছিল।

অৱশেষত ৰাজ্যিক নেতৃত্বই আজি ঘোষণা কৰে।ৰাজ্যিক নেতৃত্বৰ হৈ প্ৰভাৰী গোবিন শইকীয়াই ঘোষণা কৰে বিজেপিৰ জিলা কাৰ্যলয়ত।আনহাতে নামৰূপ পৌৰসভাৰ পৌৰপতি প্ৰশান্ত গগৈ আৰু উপ পৌৰপতি নিতু সোনোৱাল বৰগোঁহাই, চাবুৱা পৌৰসভাৰ পৌৰপতি ব্ৰজেন বৰুৱা আৰু উপ-পৌৰপতি লক্ষী সোনোৱাল।নাহৰকটীয়া পৌৰসভাৰ পৌৰপতি পম্পী সাহা আৰু উপ-পৌৰপতি হিচাপে উদয় ৰঞ্জন সোনোৱালৰ নাম ঘোষণা কৰিছে।

আহোম স্বৰ্গদেউক অপমান! শিৱসাগৰ ৰুদ্ৰ সিংহ উদ্যানত ভয়ংকৰ ঘটনা…

কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ চুড়ান্ত অকমৰ্ণ্যতা আৰু অদৰ্ক্ষ্যতাৰ বাবেই ঐতিহাসিক শিৱসাগৰ জিলাখনৰ ইটোৰ পিছত সিটো পৌৰাণীক সম্পদ জহি খহি যোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তেই এইবাৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পাৰৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যাণত সংঘটিত হল এক নাভ্ৰুত নাশ্ৰুত ঘটনা ৷একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত ৰুদ্ৰসিংহ উদ্যাণত থকা স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ বৃহত আৱক্ষ্য মূৰ্তিত জোতা চেণ্ডেল পিন্ধি কেইজন মান উদণ্ড যুৱকৰ দলে দিনৰ পোহৰতেই ভাঙ, সুৰাৰ আড্ডা পতাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম স্বৰ্গদেউ হিচাবে পৰিচিত ৰুদ্ৰ সিংহৰ আৱক্ষ্য মুৰ্তিত  জোতা চেণ্ডেল পিন্ধি এনেদৰে মদ, আৰু ভাঙৰ মজলিছ অনুস্থিত কৰাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷ জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ নিলগতেই অৱস্থিত উদ্যাণ খনত থকা আহোম স্বৰ্গদেউ গৰাকীৰ আৱক্ষ্য মুৰ্তিক এনেদৰে ঘোৰ অপমান কৰাৰ কাৰ্য্যত স্তম্ভিত শিৱসাগৰৰ সচেতন মহলো ৷যি সময়ত ৰাজ্যৰ মূখ্যমন্ত্ৰী গৰাকীয়ে অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে সেই সময়তেই আৰক্ষী চকীৰ নাতি দূৰৈত এনেদৰে সুৰা, জুৱা, ড্ৰাগছত আসক্ত উদণ্ড যুৱকৰ দলে ৰুদ্ৰ সিংহৰ প্ৰতিমুৰ্তিত জোতা চেণ্ডেল পিন্ধি উঠি হাতে হাতে ভাং, চিগাৰেট সেৱন কৰি থকাৰ ঘটনাই আৰক্ষী প্ৰশাসনৰ নিৰন্তৰ অসামাজিক কাৰ্য্যকলাপ বিৰোধী অভিযানক কাৰ্য্যত অসাৰ কৰি তুলিছে ৷

উল্লেখ্য যে, কংগ্ৰেছৰ আমোলত ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পশ্ছিম দিশত কেইবাকোটি টকা ব্যয় সাপেক্ষে এই বৃহত উদ্যাণ খন নিৰ্মাণ কৰাৰ লগতে  স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ  প্ৰকাণ্ড আৱক্ষ্য মূৰ্তি প্ৰতিস্থা কৰা হৈছিল ৷নিপূৰ্ণ খনিকৰৰ হতোৱাই নিৰ্মাণ কৰা প্ৰকাণ্ড আৱৰ্ক্ষ্য মূৰ্তি আৰু খোদিত ভাস্কৰ্য্যই  দেশী, বিদেশী পৰ্য্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে আহোম স্বৰ্গদেউ গৰাকীৰ নিৰ্ভেজাল দেশ প্ৰেম, সাহস, শৌৰ্য্য, বিৰ্য্য প্ৰকাশ কৰিছিল ৷একে সময়তেই উদ্যাণৰ লগত সংযোজন ঘটাই আটক ধূনীয়াকৈ পানীৰ ফোঁৱাৰ, বিভিন্ন ৰঙ বিৰঙৰ এখন বাগিছাও নিৰ্মাণ কৰা হৈছিল ৷কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে পৰিচাৰ্য্যাৰ অভাৱ, নিম্ন মান দণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰা আৱৰ্ক্ষ্য প্ৰতিমুৰ্তিৰ বেদীৰ লগতে সমগ্ৰ প্ৰতিমূৰ্তিটোত চিৰাল ফাট মেলি এক কৰ্দয্যময় ৰুপ ধাৰণ কৰিলে ৷ আৰ, বেৰ বিহীন ভাৱে এৰাপলীয়া হাবি জংঘলেৰে আৱৰি ধৰা প্ৰতিমূৰ্তিটোৰ বেদী সম্প্ৰতি অসামাজীক কাৰ্য্যকলাপৰ এক নিৰাপদ ঘাটীলৈ ৰুপান্তৰিত হবলৈ ধৰিছে৷কোনো নিৰাপত্তাৰ ব্যৱস্থা নথকা ৰুদ্ৰ সিংহৰ আৱৰ্ক্ষ্য প্ৰতিমূৰ্তিত উঠি পুৱাৰ পৰা নিশা লৈকে উদণ্ড যুৱকৰ দলে সুৰা, ড্ৰাগছ, ভাং সেৱনৰ  মজলিচ অনুস্থিত কৰি আহিবলৈ সক্ষম হৈছে ৷ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ নান্দনিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ অহা দেশী, বিদেশী পৰ্য্যটকে পশ্ছিম দিশত থকা উদ্যাণ আৰু ঘনশ্যাম খনিকৰৰ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গলেই এই লাজ লগা, ভয়ংকৰ দৃষ্টিকটূ দৃশ্য অনিচ্ছাকৃত ভাৱে হলেও চাৱ লগীয়া হৈছে ৷ সচেতন মহলে এই ক্ষেত্ৰত তাৎক্ষণিক ভাৱে জিলা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰাৰ লগতে  অপমান জনক কাৰ্য্যৰ লগত জড়িত চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কামনা কৰিছে ৷

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “সহস্ৰনাদ” কাৰ্যক্ৰম সম্পন্ন…

অসমৰ শিক্ষাখণ্ডৰ মাতৃভাষাৰ জৰিয়তে পাঠদান কৰা বৃহত্তম সংস্হাটো হৈছে বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি, অসম । বৰ্তমান সমগ্ৰ ভাৰততে ৭৫ সংখ্যক  স্বাধীনতা দিৱস অমৃত মহোৎসৱ হিচাপে উদযাপন কৰা হৈছে। শিশু শিক্ষা সমিতি অসমেও এই মহোৎসৱৰ লগত সংগতি ৰাখি আজি ১০ এপ্ৰিলত “সহস্ৰনাদ” কাৰ্যক্ৰম উদযাপন কৰা হয় । আজিৰ অনুষ্ঠান আনুষ্ঠানিক ভাৱে মুকলি কৰে শিশু শিক্ষা সমিতি অসমৰ সভাপতি ড০ দিব্যজ্যোতি মহন্তই । এই অমৃত মহোৎসৱ উদযাপন কাৰ্যক্ৰমৰ মুখ্য আকৰ্ষণ  শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা গুৱাহাটী মহানগৰত ৭৫ টা ঘোষ দলৰ পথ সঞ্চালন। দিঘলীপুখুৰীৰ চাৰিওফালে পথ সঞ্চালন কৰাৰ অন্তত “অমৰ জোৱান” ত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।

ইয়াৰ উপৰিও আজি  গুৱাহাটীৰ যুদ্ধ স্মাৰক উদ্যান আৰু লতাশিল খেলপথাৰত আকৰ্ষণীয় ঘোষ প্ৰদৰ্শন কৰা হয়।  প্ৰতিকূল বতৰৰ মাজতো অনুষ্ঠানত  মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে । শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে এই মহান উদ্দেশ্যেৰে আয়োজিত কাৰ্যসূচীৰ প্ৰতিটো অনুষ্ঠানেই উপভোগ কৰি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উপস্থিত সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় সম্পাদক ব্ৰক্ষ্মাজী ৰাও, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰত সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰী আৰু বিগ্ৰেদিয়াৰ দামোদৰ যোশী ।

শ্ৰীলংকাৰ দৰে ভাৰতবৰ্ষৰ যে নহব নুই কৰিব নোৱাৰিঃ ৰকিবুল হুছেইন

দিনক দিনে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ প্ৰতিদিনেই মূল্য বৃদ্ধি হৈ আছে ৷ এই মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰুধী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ যোৱা নিশা হঠাত ডবকাত উপস্থিত হৈ তেওঁ কয় যে এই চৰকাৰৰ দিনত নিতৌ প্ৰতিবিদ অত্যৱস্যকীয় সা সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ আছে ৷ অসমৰ ৰাইজে শাসনাধিস্থ চৰকাৰখনক শাসনৰ বাঘজৰি হাতত তুলি দিছে , তাকে লৈ চৰকাৰে জনতাৰ ফালে নাচায় নিজ ইচ্ছামতে সকলো বস্তুৰ দাম বৃদ্ধি কৰি়য়েই আছে ৷এনে হৈ থাকিলে এদিন শ্ৰী লংকাৰ দৰে অৱস্থা হোৱাটো একেবাৰে নিশ্চিত ৷ তেওঁ চৰকাৰক অত্যাৱস্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে ঋণ কমকৈ লোৱাৰ বাবে চৰকাৰৰ আহবান  জনায় ৷

আনহাতে অসমত দশম শ্ৰেনীলৈকে হিন্দী ভাষা বাধ্যতামূলক কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে  কয় যে শাসনৰ বাঘজৰী তেওঁলোকৰ হাতত দিয়াৰ বাবেই নিজ খেয়াল খুচিমতে সকলো কাম কৰি গৈছে ৷ প্ৰথমে অসমৰ ৰাইজৰ ওপৰত কা’ জাপি দিলে এতিয়া আকৌ হিন্দী ভাষাটোক জাপি দিছে ৷ এনেদৰেই অসমীয়া ভাষা সংস্কৃতিক বি,জে,পি য়ে  বিলুপ্ত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে  ৷ এনেকাৰ্যৰ পৰা বিৰত থাকিবলৈ চৰকাৰক তেওঁ অনুৰোধ জনায় ৷আনহাতে ডবকা পৌৰ সভা গঠনৰ ক্ষেত্ৰত কংগ্ৰেছে ,এ আই ইউ ডি এফৰ সহায় লব নেকি সাংবাদিকে কৰা প্ৰশ্নৰ  উত্তৰত তেওঁ বিষয়টোৰ পৰা ফালৰি কাটি কয় যে নগাওঁ,কৰিমগঞ্জ আৰু দৰং জিলা পৰিষদ গঠনত BJP য়ে  এ আই ইউ জি এফৰ সহায় লৈছে ৷ সেই প্ৰশ্ন আজিলৈকে কোনো কৰা নাই ৷

বকোৰ সৰ্বমঙ্গলা দুৰ্গাবাড়িত বাসন্তী পূজাৰ প্ৰস্তূতি…

সমাজত শান্তি শৃংখলা প্ৰতিষ্ঠা কৰিবলৈ আৰু ধৰ্মীয় সত্তা গঢ়ি তুলিবলৈ বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোত,বকোস্থিত সৰ্বমঙ্গলা দুৰ্গাবাড়িত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা বাসন্তী পূজাৰ। বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং ডাকুৱাপাৰাৰ সৰ্বমঙ্গলা দুৰ্গাবাড়িৰ পূজক তথা ধৰ্মপ্ৰাণ ব্যক্তি কৃষ্ণ কান্ত ব্যানাৰ্জীৰ একক তৎপৰতাত আয়োজন কৰা হয় এই মা বাসন্তী পূজা ভাগী। এই বেলি পঞ্চদশ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে দেৱী পূজাৰ।পূজক কৃষ্ণ কান্ত ব্যানাৰ্জীয়ে জনোৱা মতে ২৩ চ’ত অৰ্থাৎ ৭ এপ্ৰিলৰ পৰা ২৭ চ’তলৈ তথা ১১ এপ্ৰিললৈ বিধি বিধান অনুসৰি মাংগলিক নিয়মৰে পালন কৰা হ’ব পূজা ভাগী।

সৰ্বমঙ্গলা দুৰ্গাবাড়িৰ পৰিয়ালৰ কিশোৰ কুমাৰ ব্যানাৰ্জী আৰু তাপশ কুমাৰ ব্যানাৰ্জীয়ে জনোৱা মতে মা বাসন্তী পূজাৰ কাৰ্য্যক্ৰমণিকা অনুসৰি ৭ এপ্ৰিলৰ সন্ধিয়া দেৱী মাৰ আমন্ত্ৰণ ও অধিবাস আৰু পূজা শুভাৰম্ভ হয়। ৮ এপ্ৰিলত যথা ৰীতি বিধি মতে বিহিত সপ্তমী পূজা। ইফালে বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বেদ বেদান্তৰ ৰীতি-নীতি মতে আজি মহা অষ্টমী পূজা পৰ্ব সম্পন্ন হয়। লগতে নৱমী পূজা সমাপন কৰাৰ পিছত অৰ্থাৎ ১১ এপ্ৰিলত দেৱী মাৰ দশমী বিহিত পূজা ৰূপায়ণ কৰা হ’ব। ইফালে পূজাৰ আটাইকেইদিনতে পূষ্পাঞ্জলী ; নাম প্ৰসংগ ; আয়তি নাম ; আৰতি প্ৰদৰ্শন ; প্ৰসাদ ও ভোগ বিতৰণ আদি কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় বুলি জনায় কৃষ্ণ কান্ত ব্যানাৰ্জীয়ে। 

ৰহাত নাথ যোগীৰ ৰাজনৈতিক পৰ্যালোচনা সভা…

নগাঁও জিলা যোগী সন্মিলনী আৰু সদৌ মৰিগাঁও নাথ-যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ সহযোগত আজি ৰহা মহাবিদ্যালয়ত’ অসম নাথ যোগী জাতীয় পৰিষদৰ’ এখন প্ৰতিনিধি মূলক ‘ৰাজনৈতিক পৰ্যালোচনা  সভা ‘অনুষ্ঠিত হয় । অসম প্ৰাদেশিক যোগী সন্মিলনী ,  মহিলা সন্মিলনী , সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাকে ধৰি বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰা সভাখনত সভাপতিত্বত কৰে অসম নাথ-যোগী জাতীয় পৰিষদৰ সভাপতি কীৰ্তি নাথে সভাপতিত্বত কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জাতীয় পৰিষদৰ সম্পাদক পবন নাথে। অসম প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা ধীৰেন নাথ , বি জেপি  অ বি চি মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক ডাঃ বীৰেন্দ্ৰ কুমাৰ নাথে বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ পাছতে সভাত নিজৰ বক্তব্য প্ৰদান কৰি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে নিজৰ মতামত ব্যক্ত কৰি কয় -” অসমত নাথ যোগী সংগঠন সমূহৰ কৰ্মকৰ্তাৰ মতপ্ৰাৰ্থক্যৰ বাবেই  আজিও নাথ যোগী সকল যোগ্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ।

আজিৰ প্ৰেক্ষাপটত জাতীয় সকলো সংগঠন এক নহলে দিশপুৰে ভয় নকৰে , ৰাজনৈতিক ক্ষেত্ৰ দখল কৰাটো অসম্ভব হৈ পৰিব । জাতিটোৰ নিজা লোকপিয়ল কৰি সঠিক তথ্য সহ চৰকাৰ , ৰাজনৈতিক দলক আমি বাধ্য কৰিব লাগিব । ভাৰতৰ স্বাধীনতাৰ পাছত অসমত মাত্ৰ ৭ জন নাথ যোগীৰ বিধায়ক হল । গোৱালপাৰাৰ খগেন্দ্ৰ নাথ , নগাঁৱৰ গুনেন্দ্ৰ নাথ পণ্ডিতহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ । জাতিটোৰ পৰি ৰাজনৈতিক দলে কৰি অহা অবহেলাৰ আমি প্ৰত্তোত্বৰ দিবৰ হ’ল ।  সভাত মৰিগাঁৱৰ  নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ লক্ষজ্যোতি নাথ  আৰু জিতুমণি নাথ ,  দুমুনীচকীৰ কিৰণ কাকতি , হোজাইৰ আষ্ট্ৰিক নাথ , বৈঠালাংছৰ নৃপেন নাথ ,ৰহাৰ মনিৰাম নাথ , নাথ সাহিত্য পৰিষদৰ মুখ্য সম্পাদক  ডঃ হৰ কুমাৰ নাথ , মহিলা সন্মিলনীৰ  সভানেত্ৰী চিত্ৰলেখা চৌধুৰী ,নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰশান্ত নাথ আদিয়ে বক্তব্য প্ৰদান কৰা সভাত ছয়টা প্ৰস্তাৱ গ্ৰহন কৰা হয় । আগন্তুক ২০২৪ চনত নগাঁও লোকসভা সমষ্টি আৰু ২০২৬ চনৰ বিধানসভাৰ কেইবাটাও  সমষ্টিত সম্প্ৰদায়টোৰ উপযুক্ত লোকক প্ৰাৰ্থীত্ব দিবলৈ প্ৰস্তাৱ গ্ৰহন কৰি কাৰ্যপন্থাৰ বাবে “চিন্তন কোষ ” গঠনৰ সিদ্ধান্ত গ্ৰহন কৰে । পঞ্চায়তৰ ভিত্তিত সম্প্ৰদায়টোৰ নিজাকৈ লোকপিয়ল কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰে ।অসমৰ জিলা সমূহক কেইবাটাও মণ্ডলত ভাগ কৰি  ৰাজনৈতিক চিন্তা চৰ্চাৰ বাবে অভিবৰ্তন আৰু মণ্ডল কমিটি গঠনৰ পোষকতা কৰা হয় । অসমত থকা নাথ-যোগী সকলক প্ৰতিনিধিত্ব কৰা আটাইকেইটা সংগঠনক একগোট কৰি “চিন্তন কোষ” গঠনৰ এক প্ৰস্তাৱ গ্ৰহন কৰা হয় ।সভাৰ শেষত হোৱা এক অনুষ্ঠানত নাথ সাহিত্য পৰিষদৰ সাহিত্য, সংস্কৃতি আৰু সমাজ- বিষয়ক ছয়মহীয়া বহুভাষিক গবেষণা পত্ৰিকা ” সংহতি” উন্মোচন কৰে সদৌ অসম নাথ- যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে । সংহতিৰ সম্পাদক হিৰন্য কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানত  যোগী সন্মিলনীৰ বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

বঙাইগাঁৱত অবৈধ কাঠফলা মিলসহ লক্ষ্যাধিক টকাৰ কাঠ জব্দ…

আজি বঙাইগাঁও জিলাৰ আই ভেলি বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ অভিযানত বঙাইগাঁও জিলাৰ মাণিকপুৰ খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ১ নং ছালাবিলাত অবৈধ কাঠ ফলা মিলসহ প্ৰায় লক্ষাধিক টকাৰ কাঠ, কূণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । এক বিশেষ সূত্ৰৰ পোম খেদি আজিৰ এই অবৈধ কাঠ মিল সহ বহু কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত কাঠ খিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হব বুলি বন সুৰক্ষা বাহিনীৰ বিষয়া শোশীমোহন সিংহই জানিবলৈ দিয়ে। জব্দ কৰা কাঠ ফলামিলটো আৰু কাঠ সমুহ মাণিকপুৰ উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত লৈ আহ অবৈধ কাঠফলা মেলৰ মালিক, কাঠ বেপাৰী কাকো কৰায়ত্ব কৰিব পৰা নাই।

এই সংক্ৰান্তত বিভাগীয় ভাবে এক গোচৰ ৰুজু কৰি দোষীক কৰায়ত্ব কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। অবৈধ কাঠফলা মেল উচ্ছেদ কৰাৰ ক্ষেত্ৰত স্থানীয় এজন সাংবাদিক জড়িত বুলি অপ্ৰচাৰ কৰি, সাংবাদিক জনক কিছু সময় আবদ্ধ কৰি ৰাখে। সাংবাদিক এজনক অপমান কৰা, শাৰীৰিক ভাৱে আক্ৰমণ কৰা ঘটনাত ক্ষুব্ধ হৈ পৰিছে কোকিলা প্ৰেছ ক্লাৱৰ সাংবাদিক সকল। দুষ্কৃতিকাৰী সকলোৰ বিৰুদ্ধে এক গোছৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।