আজি বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বাগানপাৰাত প্ৰয়াত ভবানী ঠাকুৰীয়াৰ সোৱৰনত এখন স্মৃতিচাৰন সভাৰ আয়োজন কৰা হয়। এই সভা খনৰ লগত সংগতি ৰাখি “কালপ্ৰবাহত বালিচন্দা”নামৰ স্মৰনিকা গ্ৰন্থ এখন উন্মোচন কৰা হয়। কালপ্ৰবাহত বালিচন্দা গ্ৰন্থখনৰ সভাপতি বিনোদ কলিতাই সভাপতিত্ব কৰা আজিৰ এই স্মৃতিচাৰন সভা খনৰ উদ্বোধন কৰে কালপ্ৰবাহত বালিচন্দা গ্ৰন্থখনৰ সম্পাদক জনে।কালপ্ৰবাহত বালিচন্দা নামৰ গ্ৰন্থ খন উন্মোচন কৰে বাগানপাৰাৰ স্হানীয় প্ৰাক্তন শিক্ষক ধৰ্মেশ্বৰ বৰ্মনে।
বৰক্ষেত্ৰী সমষ্টিৰ কৰিয়াত কি ক’লে লুৰিনজ্যোতি গগৈয়ে?
নলবাৰী কৰিয়াত আজি ২৭মাৰ্চ ৰবিবাৰে অসম জাতীয় পৰিষদ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সহযোগত বৃহৎ যোগদান সমাৰোহ অনুষ্ঠিত হৈ যায়।আজিৰ এই বৃহৎ যোগদান সমাৰোহ অনুষ্ঠানতে বৰক্ষেত্ৰীৰ যুৱ নেতা শান্তনু কলিতাই অনুষ্ঠানিকভাবে অসম জাতীয় পৰিষদ দলত যোগদান কৰে। নলবাৰী জিলাৰ কৰিয়াস্থিত সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ প্ৰাংগণত অনুষ্ঠিত যোগদান সমাৰোহ সভাত উপস্থিত আছিল অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰিন জ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, নগেন ডেকা, অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদ, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান প্ৰমুখ্যে দলীয় বিষয়ববীয়াৰ উপস্থিত ত অসম জাতীয় পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে বৰক্ষেত্ৰী সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা শান্তনু কলিতাই।শান্তনু কলিতাই মন্তব্য কৰে এনেদৰে।ভাষণ প্ৰসংগত বৰক্ষেত্ৰীৰ পৰাই পঞ্চায়তৰ ৰণডংকা ঘোষণা কৰা হব বুলিও মত পোষণ কৰে দুলু আহমেদে।
আনহাতে, সাম্প্ৰদায়িক বিজেপি দল সম্পৰ্কত দুলু আহমেদে মন্তব্য কৰে এনেদৰে।আনহাতে, অসম জাতীয় পৰিসদৰ নগেন ডেকাই বিজেপি দল আৰু চৰকাৰৰ সাম্প্ৰদায়িকতা সম্পৰ্কে মন্তব্য কৰে এনেদৰে।
সীমান্ত ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত অসম প্ৰদেশৰ সংবাদমেল
সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন। দেওবাৰে সৰুসজাই ষ্টেডিয়ামৰ কনফাৰেন্স হ’লত সীমান্ত ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত অসম প্ৰদেশৰ সাধাৰণ সম্পাদক সুজল বৰদলৈ, সভাপতি ড° বিনীতা ভাগৱতী আৰু প্ৰকাশন সচিব প্ৰিয়ংকা পালিতে এখন সংবাদমেল সম্বোধন কৰে। এই ক্ৰীড়া মহোৎসৱত সীমান্ত অঞ্চলৰ ৯খন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলা অৰ্থাৎ ধুবুৰী, দক্ষিণ শালমাৰা মানকাছাৰ, চিৰাং, ওদালগুৰি, তামুলপুৰ, বাক্সা, কোকৰাঝাৰ, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ পৰা সৰ্বমুঠ ৩৫০গৰাকী খেলুৱেৈয়ে অংশগ্ৰহণ কৰিব।
ইতিমধ্যে এই ৯খন জিলাতে ৪মাৰ্চৰ পৰা ১১মাৰ্চলৈ কোৱালিফায়িং ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল। ৪এপ্ৰিলৰ পৰা ৬এপ্ৰিললৈ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাখন ৪এপ্ৰিল তাৰিখে বিয়লি ৪.৩০বজাত উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাৰ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকিব। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই খেল মহোৎসৱত ১০০/২০০/৮০০/১৫০০ মিটাৰ দৌৰ, ৪×১০০মিটাৰ ৰিলে দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট, জেভেলিন থ্ৰ’, দিচকাচ থ্ৰ’, ভলীবল আৰু কাবাডী খেল অনুষ্ঠিত কৰা হ’ব। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই খেল মহোৎসৱৰ খেল সমূহ ৰাতিপুৱা ৯বজাৰ পৰা বিয়লি ৫বজালৈকে চলিব।
অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অহা-যোৱা, থকা-খোৱাৰ লগতে খেলত ব্যৱহৃত হোৱা জাৰ্চীকে ধৰি সকলোবোৰ সা-সামগ্ৰী সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ তৰফৰ পৰা যোগান ধৰা হ’ব। সমান্তৰালভাৱে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমে সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ৰ সুচল ৰূপায়ণৰ বাবে তেওঁলোকৰ তৰফৰ পৰা ৰেফাৰী আৰু কাৰিকৰী দলৰ সহযোগিতা প্ৰদান কৰিব। খেল অনুসৰি থকা পুৰস্কাৰ সমূহৰ উপৰিও ক্ৰীড়া মহোৎসৱৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাখনক নগদ এক লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে।
এই ক্ৰীড়া অনুষ্ঠানটো নতুন দিল্লীৰ হন্স ফাউণ্ডেশ্যন আৰু অইল ইণ্ডিয়াৰ সহ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত/শূন্য ৰেখাৰ ১৫কিলোমিটাৰৰ ভিতৰৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰা এইটো হৈছে প্ৰথম ক্ৰীড়া প্ৰতিযোগিতা। এই ক্ৰীড়া মহোৎসৱৰ অভ্যৰ্থনা সমিতিত সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সহ সংযোজক শ্ৰী প্ৰদীপন উপদেষ্টা আৰু ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰা সভাপতি হিচাপে আছে। এই খেৱ সমাৰোহ ৬এপ্ৰিল তাৰিখে বিয়লি ৫বজাত সামৰণি পৰিব। সামৰণি অনুষ্ঠানত উপস্থিত থাকিব সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক গোপাল কৃষ্ণণ আৰু ৰাজ্যৰ পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব।
চিলাপথাৰৰ মাদুৰিপথাৰত সতী জয়মতী স্মৃতি দিৱস উদযাপন
অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালি মাদুৰিপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনৰ লাচিত ক্ষেত্ৰত মাদুৰিপথাৰ মহিলা সমাজ আৰু ধেমাজি জিলা লেখিকা সমাজৰ যৌথ উদ্যোগত আজি চতুৰ্থ বাৰ্ষিক সতী জয়মতী স্মৃতি দিৱস উদযাপন কৰে | কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্ৰী চুনুমনি বৰুৱাই , শ্বহীদ তৰ্পন কৰে ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈয়ে ।
ইয়াৰ পাছত লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা চাও দুলাল বৰুৱাই , জয়মতীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে চিলাপথাৰ মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সোনপাহি ফুকনে ,জয়মতীৰ ফলক উন্মোচন কৰে মাদুৰিপথাৰ মহিলা সমাজৰ সম্পাদিকা যোগ গগৈয়ে , স্বৰ্গীয়া কল্পনা শইকীয়াৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আঁত ধৰে মাদুৰিপথাৰ মহিলা সমাজে , বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে ধেমাজি জিলা লেখিকা সমাজৰ সভানেত্ৰী জয় জ্যোতি চুতীয়াই । ইয়াৰ পাছতেই চিলাপথাৰ ভক্তি মন্থন দিহা নাম দলৰ নাম পৰিবেশনেৰে মঞ্চ উদ্ধোধন কৰা হয় ।
কন্যাৰ মৃতদেহ কান্ধত তুলি পদব্ৰজে আগবাঢ়িছে পিতৃ
এক হৃদয় বিদাৰক ঘটনা।চকুত চকুপানী, কান্ধত কন্যাৰ নিষ্প্ৰাণ দেহ।এনেদৰে কন্যাৰ মৃতদেহ কান্ধত তুলি পদব্ৰজে আগবাঢ়িছে তেওঁ।এই দৃশ্য চাই হয়তো চকু সেমেকি উঠিব আপোনাৰো।
এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ছত্ৰিশগড়ৰ সুৰগুজা জিলাত।ঈশ্বৰ দাস নামৰ এই গৰাকী ব্যক্তিয়ে তেওঁৰ ৭ বছৰীয়া কন্যা কিছুদিনৰ পৰা জ্বৰত ভূগি থকাৰ বাবে শুকুৰবাৰে পুৱতি নিশা লক্ষণপুৰস্থিত সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে লৈ যায় কিন্তু চিকিৎসা চলি থকাৰ সময়তে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত প্ৰায় ৭.৩০ মিনিটত মৃত্যু হয় কন্যা গৰাকীৰ।তাৰ পিছতেই কন্যাৰ মৃতদেহ ঘৰত নিবলৈ কোনো বাহন নাপায় এনেদৰেই কান্ধত তুলি ১০ কিঃমিঃ দূৰত্বৰ ঘৰলৈ ৰাওনা হয় ঈশ্বৰ দাসে।
বৰ্তমান এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উল্লেখযোগ্য যে চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি সেই সময়ত চিকিৎসালয়খনত মৃতদেহ কঢ়িওৱা কোনো বাহন নাছিল আৰু হস্পিটেল কৰ্তৃপক্ষই প্ৰায় ৯.৩০ বজাত বাহন আহি পাব বুলি পৰিয়ালৰ লোকক জনাইছিল। কিন্তু কন্যাৰ আকস্মিক মৃত্যুৰ শোঁক সহিব নোৱাৰি বাহনলৈ অপেক্ষা নকৰি কন্যাৰ মৃতদেহ এনেদৰেই কান্ধত তুলি ঘৰলৈ ৰাওনা হয় ঈশ্বৰ দাসে। ছ’চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই ছত্ৰিশগড়ৰ স্বাস্থ্য মন্ত্ৰী T.S Singh Deo য়ে এক তদন্তৰ নিৰ্দেশ দিয়ে।
শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি ,খাকী পোচাকত কলংকৰ দাগ ৷
মুখ্যমন্ত্ৰীৰ আহব্বানক কুঠাৰ ঘাত ৷চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তাণ্ডৱ ।নিশা সুৰাৰ ৰাগীত মাতাল হৰদেব সিঙৰ নিৰ্বিচাৰ মাৰপিট ,মহিলাসহ বহুজন আহত । উল্লেখ্য যে চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ ব্যক্তিজনৰ ঘৰত চুৰি হৈছিল পানী মটৰৰাইজে মুহিবুল আলি নামৰ এজনক সন্দেহবশত কৰায়ত্ত কৰি লৈ গৈছিল চেৰেকাপাৰ আৰক্ষী চকীলৈ ।
কিন্তু আৰক্ষী চকীখনৰ সুৰাসক্ত আৰক্ষী বিষয়া হৰদেব সিঙ খৰ্গহস্তহৈ পৰে ৰাইজৰ ওপৰত । পুৰুষ মহিলা নিৰ্বিশেষে আৰক্ষী বিষয়াজনে মাৰপিট কৰে গোচৰীয়া পদকীয়া দুয়ো পক্ষকআৰক্ষী বিষয়াজনৰ মাৰত গুৰুতৰভাৱে আহত হয় ৰেণু ৰবি দাস, বাসু ৰবি দাস, পিটল গগৈ, ৰাহুল গগৈ,সুখদেৱ ৰবি দাসকে ধৰি দহজনৰো অধিক লোকগোচৰীয়া ৰাজীৱ গগৈও আহত। পিষ্টল দেখুৱাই সকলোকে প্ৰাণে মৰাৰ ভাবুকি আৰক্ষী বিষয়া হৰদেব সিঙৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ৰাইজৰ এজাহাৰ ।
হিছাৰত পথ দুৰ্ঘটনাত চালকৰ মৃত্যু
নিশা টোছাম ৰোডৰ গুঞ্জাৰৰ ওচৰত ট্ৰলীৰ খুন্দাত কেণ্টাৰ হাৰিয়ানাত । নিশা হিছাৰৰ টোছাম ৰোডত এখন ট্ৰলীয়ে এটা কেণ্টাৰত খুন্দা মাৰে। কেণ্টাৰ চালক সুনীলৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। দুৰ্ঘটনাটোৰ পিছত ট্ৰলী চালকজন ঘটনাস্থলীৰ পৰা পলাই গৈছিল। সদৰ আৰক্ষী থানাই দেওবাৰে মৃতকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি উত্তৰাধিকাৰীসকলক গতাই দিয়ে।
তোছামৰ পৰা ঘৰলৈ আহি আছিলে। খবৰ অনুসৰি হিছাৰৰ বুদাক গাঁৱৰ বাসিন্দা সুনীল কুমাৰে চালক হিচাপে কাম কৰিছিল। শনিবাৰে ৰাতি, তেওঁ টোছামৰ পৰা হিছাৰলৈ তেওঁৰ কেণ্টাৰলৈ লৈ গৈছিল। তেওঁ এইমাত্ৰ গুঞ্জাৰ গাঁৱৰ ওচৰ পাইছিল যেতিয়া সন্মুখৰ পৰা অহা ট্ৰলী এখনে তেওঁৰ আইছাৰ কন্টৰক পোনপটীয়াকৈ খুন্দা মাৰিছিল। তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু ঘটনাস্থলীতে মৃত্যু বৰণ কৰিছিল। দুৰ্ঘটনাটোৰ পিছত, ট্ৰলীখনৰ চালকজনে ইয়াক তাত এৰি ঘটনাস্থলীৰ পৰা পলাই যায়।
লিডুত অসম ক্ষুদ্ৰ-বিত্তীয় উদগণি আৰু সাহায্য আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ শুভ উদ্ধোধন
আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত অসম ক্ষুদ্ৰ-বিত্তীয় উদগণি আৰু সাহায্য আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ শুভ উদ্ধোধন। ডিগবৈ সমষ্টিৰ তিনিখন আৰু মাৰ্ঘেৰিটা সমষ্টিৰ ১৩খন গাঁও পঞ্চায়তৰ প্ৰায় ৪৫০০ হিতাধীকাৰিক আজি চেক প্ৰদান কৰা হয়।
উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ আৰ্থিক ভাৱে দুৰ্বল যি সকল মহিলাৰ বন্ধন বেংক ঋণ মাফ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়াই পূৰণ কৰাৰ উদ্দেশ্যৰে আজি এই শোভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমত প্ৰায় বাৰ হেজাৰ কোটি টকাৰ এক বৃহৎ ঋণ মাফ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰে মূখ্য মন্ত্ৰীয়ে। যি সকল মহিলায় নিয়মীতভাৱে বন্ধন বেংক ঋণ পৰিশোধ কৰি আহিছে সেই সকল মহিলাকেই আজি এই অনুষ্ঠানত চেক প্ৰদান কৰা হয়।
আজিৰ এই অনুষ্ঠানত মূখ্য অতিথি ৰূপে উপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সূৰেন ফুকন, লগতে মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ বিষয়া উৰ্বশী চেতিয়া, আঞ্চলিক পঞ্চায়ত সদস্য সুখদেব শৰ্মা, জিলা পৰিষদ সদস্য দিবাকৰ ঠাকুৰ, পঞ্চায়তৰ সভাপতি-সভানেত্ৰীকে ধৰি বহু গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে।
মহুৰামুখ জাতীয় বিদ্যালয়ত গীত-মাতৰ এদিন আৰু বিজ্ঞান প্ৰদৰ্শনী সম্পন্ন
বোকাখাত প্ৰয়াস অধ্যয়ন চক্ৰ অন্যতম নিবেদন মহুৰামুখ জাতীয় বিদ্যালয় তথা শিল্পী মোহিনী ৰাজকুমাৰী ক্ষেত্ৰত গীত-মাতৰ এদিন আৰু বিজ্ঞান প্ৰদৰ্শনি আয়োজন কৰা হয়।বিদ্যালয়ৰ জেষ্ঠ শিক্ষক জীতেন দত্তই আঁত ধৰা প্ৰথম কাৰ্যসূচী শিল্পী মোহিনী ৰাজকুমাৰী প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে সাংস্কৃতিক কৰ্মী তথা বিদ্যালয়ৰ অভিভাৱক স্বৰূপ প্ৰাক্তন ভাৰতীয় সেনা বাহিনীৰ জোৱান লৱন ফুকনে আৰু বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে বুধবাৰী বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলৰ্ভ ডেকাই।দ্বাৰ উদ্মোচন কৰি ডেকাই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে কয় যে ছাত্ৰ অৱস্থাপৰাই বিজ্ঞান শিক্ষা প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ আৰু সচেতনতাৰ হোৱাটো অত্যন্ত জৰুৰী আৰু বাস্তৱ জীৱনৰ লগত ইয়াৰ সফল প্ৰয়োগ কৰিলে সমাজ তথা দেশ উন্নতিপথত আগুৱাব পাৰি।
মহুৰামুখ জাতীয় বিদ্যালয়ে এই ধাৰা ২০১৫ চনৰ পৰাই অব্যাহত ৰখা বাবে তেখেতে বিদ্যালয়ৰ শিক্ষকসকলক প্ৰশংসা কৰে।বিজ্ঞান প্ৰদৰ্শনিত ১১ টা প্ৰকল্পত মুঠ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।বিজ্ঞান প্ৰদৰ্শনীৰ তত্ত্বৱধায়কদ্বয় অনুৰাজ লয়িং আৰু দীপশিখা দৈমাৰী বড়িৰ প্ৰচেষ্টাক অভিভাৱক তথা উপস্থিত ৰাইজে শলাগ লয়।বিজ্ঞান প্ৰদৰ্শনী পিছতেই গীত-মাতৰ এদিন অনুষ্ঠানৰ মঞ্চ মুকলি কৰে বিদ্যালয়ৰ প্ৰধান তথা সমগ্ৰ মহুৰামুখ অঞ্চলৰ তিনিটা প্ৰজন্মক শিক্ষা প্ৰদান কৰা ইন্দ্ৰেশ্বৰ বৰুৱাই।বৰুৱাই ভাষণত কয় “অসমত মাতৃভাষা সংকটৰ সময়ত চৰকাৰী বিদ্যালয়ৰ সমান্তৰালকৈ অসম জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গই ভাষাৰ চৰ্চা লগতে কৃষ্টি-সংস্কৃতি ধৰি ৰখা প্ৰয়াস কৰিছে তাৰ ফলশ্ৰুতিতেই আজি ২০১৫ চনৰ পৰাই মহুৰামুখ জাতীয় বিদ্যালয়ে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক ভাৱে সাৰ -পানী যোগান ধৰি আছে।”গীত-মাতৰ এদিন অনুষ্ঠানটোৰ পৰিচালনা কৰে বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী প্ৰতিমা ভৰালী আৰু প্ৰাক্তন সংগীত শিক্ষয়িত্ৰী সন্ধানী ৰাজখোৱা গগৈয়ে।অনুষ্ঠানত অংকুৰ প্ৰাক-প্ৰাথমিকৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ভংগিমা গীত ,কবিতা আবৃত্তিত অংশগ্ৰহণ কৰে আৰু প্ৰাক-প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীসকলক পৰিচালনা কৰে শিক্ষয়িত্ৰী ৰেখা দত্ত দুৱৰা আৰু ঊষা বৰুৱাই।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাংস্কৃতিক কৰ্মী পৱন গগৈ উপস্থিত থাকে। বিজ্ঞান প্ৰদৰ্শনি আৰু গীত-মাতৰ এদিন অনুষ্ঠানৰ পিছতেই বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা ফলাফল ঘোষণা কৰা হয় আৰু বিদ্যালয়ত এশ শতাংশ উপস্থিত থকা দ্বিতীয় শ্ৰেণী ছাত্ৰ শশাঙ্কৰ পাঠৰীক এখন গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ সম্পাদকে শলাগৰ শৰাই আগবঢ়াই আৰু সকলো ছাত্ৰ-ছাত্ৰী আৰু অভভিভাৱকসকলে ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মাৰে।
লামডিঙ ষ্টেচনত বৃহত পৰিমাণৰ গাঞ্জা জব্দ আটক ১
লামডিঙ ষ্টেচনত বৃহত পৰিমাণৰ গাঞ্জা জব্দ লগতে এজনক আটক।আটকাধিন গাঞ্জা সৰবৰাহকাৰীৰ নাম মতিন আলি ঘৰ হোজাই হাবাইপুৰ। আকৌ লামডিঙ ৰেল আৰক্ষীৰ বৃহত সফলতা।আজি নামনিমুৱা নং 15666 বি জি এক্সপ্ৰেছ ট্ৰেইনত 11 সময়ত লামডিঙ ৰেল আৰক্ষীয়ে অভিযান চলাই বৃহত পৰিমাণৰ গাঞ্জা জব্দ কৰে ।
লগতে মতিন আলি নামৰ এজনক আটক কৰে।গাঞ্জা খিনিৰ বজাৰ মূল্য আনুমানিক 3 লক্ষ্য টকা হব বুলি কয়।জব্দ কৃত গাঞ্জা খিনি ডিমাপুৰৰ পৰা লৈ অনা হৈ্ছে আৰু গুৱাহাটী লৈ যোৱাৰ কথা আছিল কিন্ত লামডিঙ ৰেল আৰক্ষীয়ে বি জি এক্সপ্ৰেছ ট্ৰেইনত অভিযান চলাই গাঞ্জা খিনি জব্দ কৰিবলৈ সক্ষম হৈছে।প্ৰায় 30 কেজি গাঞ্জা জব্দ কৰে ৰেল আৰক্ষী চলিত মাহত প্ৰায় অষ্টআশি (88) কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈ্ছে।











