Home Blog Page 2531

চতুৰ্থ বাৰলৈ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন তালুকদাৰৰ…

১০ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হংজাওত অনুষ্ঠিত হ’ব ঊনবিংশতিতম এছিয়ান গেমছ। এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰ ‘এছিয়ান গেমছ’লৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে। দেওবাৰে অভিলেখ সৃষ্টি কৰি এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে অসমৰ সুযোগ্য সন্তান অলিম্পিয়ান জয়ন্ত তালুকদাৰে।

উল্লেখযোগ্য যে জয়ন্ত তালুকদাৰে ইয়াৰ পূৰ্বে ২০০৬ চনৰ ডোহা, ২০১০ চনৰ গুৱাঞ্জাও, ২০১৪ চনৰ ইনচিয়নৰ এছিয়ান গেমছতো অংশ লৈছিল। কেৱল অংশ লোৱাই নহয় জয়ন্ত তালুকদাৰে দুবাৰৰ এছিয়ান গেমছত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ২০১২ চনৰ লণ্ডন অলিম্পিক গেমছত অংশ লোৱা জয়ন্ত তালুকদাৰে ২০১০ চনৰ নতুন দিল্লীৰ কমনৱেলথ গেমছতো পদক অৰ্জন কৰিছিল। অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে নিজৰ অনবদ্য খেলৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ সন্মানীয় অৰ্জুন বঁটা লাভ কৰে। চতুৰ্থ বাৰৰ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰা জয়ন্ত তালুকদাৰক ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে অভিনন্দন জনাইছে।

চিলাপথাৰত সতী জয়মতী স্মৃতি দিৱস উদযাপন…

অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালিৰ  মাদুৰিপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনৰ লাচিত ক্ষেত্ৰত মাদুৰিপথাৰ মহিলা সমাজ আৰু ধেমাজি জিলা লেখিকা সমাজৰ যৌথ উদ্যোগত  আজি  চতুৰ্থ বাৰ্ষিক সতী জয়মতী স্মৃতি দিৱস উদযাপন কৰে | কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত সামূহিক চাফাই কাৰ্যসূচী আঁত ধৰে  জানমনি গগৈ আৰু মাদুৰিপথাৰ মহিলা সমাজে , ৮ বজাত পতাকা উত্তোলন  কৰে উদযাপন সমিতিৰ সভানেত্ৰী চুনুমনি বৰুৱাই , ৮-৩০ বজাত শ্বহীদ তৰ্পন কৰে ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈয়ে , ৯ বজাত লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা চাও দুলাল বৰুৱাই , ৯.৩০ জয়মতীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে চিলাপথাৰ মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সোনপাহি ফুকনে , ১০ বজাত জয়মতীৰ ফলক উন্মোচন কৰে মাদুৰিপথাৰ মহিলা সমাজৰ সম্পাদিকা যোগ গগৈয়ে , ১০.৩০ বজাত স্বৰ্গীয়া কল্পনা শইকীয়াৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান , আঁত ধৰে মাদুৰিপথাৰ মহিলা সমাজে , ১১.৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন  কৰে ধেমাজি জিলা লেখিকা সমাজৰ সভানেত্ৰী জয় জ্যোতি চুতীয়াই , ১২ বজাত চিলাপথাৰ ভক্তি মন্থন দিহা নাম দলৰ মঞ্চ উদ্ধোধনৰ পাাাছতেই  ১২.৩০ বজাৰ পৰা মুকলি সভাখনিত সভাপতিত্ব কৰে খনামুখ হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীন লাহনে , সভাখনি উদ্ধোধন কৰে অসম লেখিকা সমাজৰ উপসভানেত্ৰী ঊষা বৰগোহাঁয়ে, নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক  চিত্ৰ বৰগোহাঁই |

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নীলিমা গগৈ , কুঞ্জ বৰা , কুমুদ ৰাজখোৱা , লক্ষেশ্বৰ গগৈ , বিখেশ্বৰ বৰুৱা , কমল শৰ্মা , শুভকান্ত বৰা, দিবাকৰ নাথ , ৰাজেশ নাথ , প্ৰৱিত্ৰ গগৈ , লক্ষীকান্ত নাথ , কুলধৰ গগৈ  , দিন গগৈ , ভদ্ৰ কুমাৰ গগৈ , আনন্দৰাম দাধৰা আৰু নন্দকিশোৰ গুপ্তা | আমন্তিত অতিথি হিচাপে উপস্থিত থাকে জিতু দত্ত , ভূৱন দাস , জোনাকী প্ৰধান , গৌতম কৃষ্ণ গোস্বামী , জেউতি ভূঞা দেউৰী , ৰোহিত প্ৰধান , কৃষ্ণ উপাধ্যায় , বিনোদ শৰ্মা , বীৰু প্ৰধান , গোপাল প্ৰধান , ধনীৰাম বৰা , দীপক দত্ত  , বিনোদ ছেত্ৰী , বাসুদেৱ দুলাল , ৰাজীৱ গগৈ | বিভিন্ন  গীত , নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানটি উপভোগ্য কৰি তোলে । সন্ধ্যা ৫ বজাত জয়া প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন  কৰে  দময়ন্তী গগৈ , শকুন্তলা ৰাজখোৱা , বুদ্ধেশ্বৰী বৰুৱা , অঞ্জনা ৰায় , মইনা ফুকন , অনিমা চেতিয়া , বিজু কাকতি আৰু অঞ্জু বৰাই তেখেত লোকক সহযোগ  কৰে মাদুৰিপথাৰ মহিলা সমাজে | এই স্মৃতি দিৱস কাৰ্যসূচীৰ বিশেষ আকৰ্ষন হিচাপে  গোগামুখৰ পল্লৱী চমুৱা আৰু গীতাৰ্থী শইকীয়াৰ নৃত্য প্ৰদৰ্শন লগতে বৰদলনিৰ কল্ল্যানী চাংমাইৰ কণ্ঠত সুমধুৰ কবিতা আবৃত্তি 

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ আম আদমি পাৰ্টীয়ৰ প্ৰথমখন প্ৰাৰ্থী তালিকা….

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীয়ে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা। ১০টা ৱাৰ্ডৰ বাবে আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ১নং ৱাৰ্ডত ফাৰুক আহমেদ, ২নং ৱাৰ্ডত বিতুৰাজ দাস, ১১নং ৱাৰ্ডত চিনু বড়ো, ২০নং ৱাৰ্ডত কাৰ্তিক সৰকাৰ, ২৬নং ৱাৰ্ডত জয়ন্ত বৰুৱা,।

২৭নং ৱাৰ্ডত দেৱব্ৰত বসুমতাৰী, ২৯নং ৱাৰ্ডত দিতুল চন্দ্ৰ বৰুৱা, ৩৮নং ৱাৰ্ডত সৌমিক সেনগুপ্ত, ৫৯নং ৱাৰ্ডত সুদীপ্ত শৰ্মা আৰু ৬০নং ৱাৰ্ডত মিণ্টু মণি শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে। 

আজিৰ দিনত আটাইতকৈ ডাঙৰ বৃত্তি হৈছে ৰাজনীতিঃ মুখ্যমন্ত্ৰী

এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘অসম তথা উত্তৰ–পূবত উগ্ৰপন্থীৰ সংঘাতে জুৰুলা কৰিছে। চাহৰ ক্ষেত্ৰত অসম একক আৰু অনন্য আছিল। কিন্তু শেহতীয়াকৈ বাহিৰৰ পৰা অসমলৈ চাহ অহা আৰম্ভ হৈছে। অসমৰ তেলেৰে অসমৰ চাহিদা পূৰণ নহয়। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বাবে অসমত বৃদ্ধি পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য।’’ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৭৮ চনৰ পৰা অসমত আৰম্ভ হৈছিল আন্দোলন–প্ৰতিবাদ। আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্য স্থিৰ কৰা নহ’ল। বিগত ৭৫ বছৰ পূৰ্বে অসমৰ থকা সুবিধাসমূহ পুনৰ গ্ৰহণ কৰিব লাগিব। অহা ৫ বছৰত অসমৰ ৰাজহ বৃদ্ধি কৰিব লাগিব। বিগত ১০ বছৰত কিছু উন্নয়নৰ বাট দেখুওৱা হৈছে।

‘‘কৰ্ম সংস্কৃতিৰ বাহিৰে একো হ’ব নোৱাৰে। মুখ্যমন্ত্ৰী কেতিয়াও অৰ্থনীতিবিদ নহয়, মুখ্যমন্ত্ৰী বুদ্ধিজীৱী নহয়। অসমৰ উন্নয়নৰ বাবে প্ৰতিগৰাকী অসমীয়াই চিন্তা কৰিব লাগিব। আমাৰ মানুহে চিন্তা কৰিব নিবিচাৰে। আমাৰ মানুহক চৰকাৰৰ পৰা মাথোঁ দিব লাগে। অসমলৈ অহা ট্ৰাক সমূহ ভৰ্তি, কিন্তু অসমৰ পৰা ট্ৰাকসমূহ খালী যায়। মাথোঁ মেঘালয়ৰ কয়লাভৰ্তি ট্ৰাক যায় বাহিৰলৈ।’’ – মন্তব্য মুখ্যমন্ত্ৰীৰ।কেন্দ্ৰৰ পৰা টকা নাহিলে আমি চলাব নোৱাৰো বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, আমি কোন, আমি ক’ত আছো, আত্মবিশ্লেষণ কৰিব লাগিব। আমি এখন নতুন অসম গঢ় দিব বিচাৰো। কিন্তু এয়া কেতিয়াও চান্দা সংস্কৃতি হ’ব নোৱাৰে।

মুখ্যমন্ত্ৰীয়ে কয়, আজিৰ দিনত আটাইতকৈ ডাঙৰ বৃত্তিটো হৈছে ৰাজনীতি। ৰাজনীতিকে প্ৰতিটো দিনত পৰীক্ষা দিব লাগে। ৰাজনীতিকে পৌৰ সভা, পৌৰ নিগমৰ পৰীক্ষা দিব লাগে। সবাতোকৈ ডাঙৰ পৰীক্ষা হ’ব ৫ বছৰত। IAS এবাৰ পৰীক্ষা দিলে জীৱন ভৰ পৰীক্ষা শেষ। ৰাজনীতিৰ পৰীক্ষা সদায় হয়। অসমত এচাম নতুন ৰাজনীতিক লাগে। খুব কাম কৰা বাবে হাবিয়াস থাকিব লাগিব। সদায় পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ হাবিয়াস থাকিব লাগিব।

বিনা বেতনে অৱসৰী শিক্ষাগুৰুক স্ব-গৃহত সম্বৰ্ধনা…

চৰাইদেউ জিলাৰ নিজখালৈঘোগুৰা পঞ্চায়তৰ ১৯৮৪ চনতে স্হাপিত অথচ  প্ৰাদেশিকৰণৰ মুখ নেদেখা এখন বিদ্যালয় হ’ল বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গদেশ্বৰ বৰুৱাই বিনা বেতনে অৱসৰ লোৱাৰ পিছত ৰোগাক্ৰান্ত হৈ পৰাত বিদ্যালয় তৰফে বিদায় সম্বৰ্ধনা জনোৱা নাছিল যদিও আজি ৰোগাক্ৰান্ত শিক্ষাগুৰুজনৰ স্ব-গৃহত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু স্হানীয় ৰাইজ উপস্হিত হৈ ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়।

শিক্ষক লক্ষীপ্ৰসাদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত সহকৰ্মী শিক্ষক ক্ৰমে সুৰেশ মহন, মাখন লাহন, জনেশ্বৰ মহন, চৰকজ্যোতি মহন, প্ৰতিভা ফুকন আৰু  যুগলতা বৰুৱাৰ লগতে ২০০১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল উপস্হিত থাকে। সভাত মানপত্ৰ, শৰাই, জাপি আৰু গামোচাৰে শিক্ষকজনক আন্তৰিক সম্বৰ্ধনা জনোৱা হয়। 

সদৌ অসম উকীল সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি…

ডিব্ৰুগড়ত  তিনিদিনিয়াকৈ অনুষ্ঠিত সদৌ অসম উকীল সন্থাৰ সপ্তদশতম দ্বি- বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰে । ডিব্ৰুগড় উকীল সন্থাৰ কাৰ্যালয় চৌহদত তিনিদিনীয়াকৈ অনুষ্ঠিত অধিবেশনৰ আজি মুকলি সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইন, বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ কাৰ্যবাহী অধ্যক্ষ অপূৰ্ব কুমাৰ শৰ্মা আদি । সদৌ অসম উকীল সন্থাৰ সভাপতি ডেভিদ লেজাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত বক্তব্য ৰাখে বিশিষ্ট ব্যক্তিসকলে ।বিশেষকৈ উকীলসকলৰ ভৱিষ্যতনিধি পুঁজিৰ, নিগাজিকৈ কাৰ্যালয়ৰ বাবে ভূমি আবন্টন, এখন উকীল প্ৰশিক্ষণ একাডেমী আৰু ডিব্ৰুগড়ত এখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডেক্স স্থাপনৰ দিশ সমূহ আলোচনা কৰি চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে।ইফালে বাজেটত চৰকাৰে ৫ কোটি টকা উকীলৰ পুঁজিৰ বাবে ধাৰ্য্য কৰাত উপস্থিত অধিবক্তাসকলে শলাগ লয়।

ভাষন প্ৰসংগত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই কয়,  ন্যায় আইনৰ অধীনত নহয় । ন্যায় আইনৰ উৰ্ধতহে আছে‌ । উকালতি কোনো কাৰিকৰী বিদ্যা নহয়। ই হৈছে জনহিতৈষী সংস্থা। যদিও ই এটা পেচা, কিন্তু জনহিতৈষী স্বাৰ্থ জড়িত কামবোৰ সুচাৰুৰূপে কৰি গলে এখন সুস্থ সৱল সমাজ গঠন কৰিব পাৰি । সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে অনাগত সময়ত কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুসৈতে আলোচনা কৰি অধিবক্তাসকলৰ সৰ্বাঙ্গীন বিকাশ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। মুকলি সভাতে অধিৱেশনৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বাৰ এচ’ছিয়েছনৰ দ্বাৰা প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “ডিব্ৰুপমা”উন্মোচন কৰে।আনহাতে সপ্তদশতম সদৌ অসম উকীল সন্থাৰ অধিৱেশনৰ মুল স্মৃতিগ্ৰন্থ “ন্যায়জ্যোতি” কালি উন্মোচন কৰা হয়।আজি শেষত শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট অধিবক্তাৰ বিজন মহাজনে।মুকলি সভাৰ পাছত সদৌ অসম উকীল সন্থাৰ নতুন কমিটি গঠন কৰা হয় । এই নিৰ্বাচন প্ৰক্ৰিয়াত অসমৰ প্ৰতিখন জিলাৰ EXECUTIVE আৰু DELEGATE সদস্যই ভোটদান কৰে। বাতৰি যুগুত কৰা লৈকে ভোট গণনা চলি আছে ।

গ্ৰেপ্তাৰ হ’ব পাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান!

 প্ৰধানমন্ত্ৰী হিচাপে আজিয়েই শেষ দিন ইমৰান খানৰ। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়া কেৱল বিদায়ৰ ক্ষণ গনিছে। তেওঁ যিকোনো মুহূৰ্তে পদত্যাগ কৰিব পাৰে বুলি চৰ্চা চলিছে। প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা তেওঁৰ আসন্ন বিদায়ৰ চৰ্চাক তীব্ৰতা দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ অফিচিয়েল ইউটিউব চেনেলৰ নাম পৰিৱৰ্তনক লৈ। বিৰোধীৰ অনাস্থা, দলৰ নেতা-মন্ত্ৰীয়ে তেওঁৰ সংগ এৰাৰ পাছত এতিয়া ইমৰাণ খানৰ পতন প্ৰায় নিশ্চিত হৈ পৰা বুলি চৰ্চা চলিছে।

শনিবাৰে নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ নাম সলনি কৰা হয়। ‘প্ৰধানমন্ত্ৰীৰ কৰ্যালয়’ বুলি নামাংকিত প্ৰধানমন্ত্ৰীৰ ইউটিউব চেনেলৰ নাম ‘ইমৰান খান’লৈ সলনি কৰা হৈছে। তেন্তে সঁচাকৈয়ে ইমৰাণ খানৰ পৰা প্ৰধানমন্ত্ৰীৰ পদ কাঢ়ি নিয়া হ’ল নেকি তাক লৈ গুণাগঁঠা আৰম্ভ হৈছে। জানিব পৰা মতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ইছলামাবাদৰ এটা ৰেলীৰ পৰাই পদত্যাগৰ কথা ঘোষণা কৰিবলৈ গৈ আছে। ইফালে, শুনা গৈছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী দেওবাৰে গ্ৰেপ্তাৰো কৰা হ’ব পাৰে। বিদেশী মুদ্ৰাৰ জালিয়াতিৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলিও চাঞ্চল্যকৰ দাবী কৰা হৈছে। তেনে ক্ষেত্ৰত, গ্ৰেপ্তাৰ পৰিহাৰ কৰিবলৈ ইমৰান খানে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিব নেকি বুলিও চৰ্চা চলিছে?

উল্লেখ্য যে, ২৮ মাৰ্চত পাকিস্তানত আস্থাৰ ভোট অনুষ্ঠিত হ’ব। আস্থাৰ ভোটৰ দিন ওচৰ চাপি অহাৰ লগে লগে উত্তেজনা বাঢ়ি আহিছে। এই পৰিস্থিতিত, চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছিল। বাতৰি অনুসৰি, পাকিস্তানৰ শাসকীয় দল তেহৰিক-ই-ইনচাফৰ নেতাসকল প্ৰায় “অদৃশ্য” হৈ গৈছে। যিহেতু তেওঁলোক সম্পূৰ্ণৰূপে পৰ্দাৰ পিছফালে গৈছে, বহুলোকে কৈছে যে ইমৰানৰ বিধায়কসকল পলাই গৈছে কাৰণ তেওঁৰ পতন ওচৰ চাপি আহিছে। শাসকীয় দলৰ মুঠ ৫০ জন নেতা ‘হেৰোৱা’ৰ খবৰ পোৱা গৈছে। মই তেওঁলোকক কোনো ৰাইজৰ ক্ষেত্ৰত দেখা নাপাওঁ। সন্ধানহীন ৰাজনীতিবিদসকলৰ তালিকাত ২৫ জন ফেডাৰেল আৰু প্ৰাদেশিক উপদেষ্টা আৰু বিশেষ সহায়ক অন্তৰ্ভুক্ত আছে। দলটোত চাৰিজন মন্ত্ৰীও আছে। ইয়াৰ উপৰি, চাৰিজন পৰামৰ্শদাতাও “অদৃশ্য” হৈছে।

শেহতীয়াকৈ, পাকিস্তান পিপলছ পাৰ্টিৰ (পি) নেতা বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে কয়, “ইমৰান খান এতিয়া এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী। কিয়নো বিৰোধীয়ে ঐক্যবদ্ধভাৱে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে। আস্থাৰ ভোটত তেওঁৰ পৰাজয় নিশ্চিত। “ইমৰান খানে কেৱল ৰিগিংৰ জৰিয়তে কেনেকৈ ভোট জিকিব লাগে জানে। অৱশ্যে, এইবাৰ আৰু কোনো বাছনি নহ’ব। কোনেও আপোনাৰ সৈতে হাত মিলাবলৈ ইচ্ছুক নহয়। কোনো ৰিগিংৰ কোনো অৱকাশ নাই। সাধাৰণ মানুহে এইবাৰ তেওঁক আঁতৰাব লাগে বুলি মত পোষণ কৰিছে।”

এটা ন’ বলে কাঢ়িলে বিশ্বকাপৰ স্বপ্ন…

ৰুদ্ধশ্বাস অন্তিম অ’ভাৰ। এটা ন’ বলৰ বাবেই জয়ী হ’ল দক্ষিণ আফ্ৰিকা। দীপ্তি শৰ্মাৰ এটা ন’ বলৰ বাবে সামৰণি পৰিল বিশ্বকাপৰ যাত্ৰা। বিশ্বকাপৰ পৰা বাহিৰ হ’ল মিতালী ৰাজ বাহিনী। ছেমিফাইনেলত প্ৰৱেশৰো বাট ৰুদ্ধ হৈ পৰিল ভাৰতৰ। মন কৰিবলগীয়া যে, দক্ষিণ আফ্ৰিকাক ২ টা বলত ৩ ৰানৰ প্ৰয়োজন আছিল। ডুপ্ৰিজে দীপ্তি শৰ্মাৰ বলত এটা ছয় মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ শ্বট গৈ পৰে হৰমনপ্ৰীতৰ হাতত। ভাৰতীয় ক্ৰিকেটাৰসকলে কৰিবলৈ লৈছিল চেলিব্ৰেছন।

ডুপ্ৰিজেও হতাশ মনে ড্ৰেছিং ৰুমলৈ বাট লৈছিল। তেতিয়াই খেলপথাৰত থকা আম্পায়াৰে তেওঁক ৰবলৈ কয়। তৃতীয় আম্পায়াৰৰ সৈতে কথা পতাৰ পাছত ন’ বল ঘোষণা কৰে। ৰিপ্লে চোৱাৰ পাছত, ধাৰাভাষ্যকাৰসকলে কয়, তৃতীয় আম্পায়াৰে এটা অতি কঠিন সিদ্ধান্ত লৈছে। অন্তিম বলত দলটোক ১ ৰানৰ প্ৰয়োজন আছিল। ডুপ্ৰিজে মিড-উইকেটত বলটো মাৰি দলটোক জয়ৰ সোৱাদ দিয়ে।

এই পৰাজয়ৰ লগে লগে সামৰণি পৰে ভাৰতৰ বিশ্বকাপ যাত্ৰা। গুৰুত্বপূৰ্ণ মেচখনত দক্ষিণ আফ্ৰিকাৰ হাতত ৩উইকেটত পৰাস্ত হয় ভাৰত। প্ৰথমে বেট কৰি ভাৰতে ৭ উইকেট হেৰুৱাই নিৰ্ধাৰিত অ’ভাৰত ২৭৪ৰান কৰে। স্মৃতি-মিতালীৰ চমকপ্ৰদ বেটিং প্ৰদৰ্শনে ভাৰতক দিছিল অগ্ৰগতি। বেটিং প্ৰদৰ্শনত উজলি উঠিল ছেফালী বাৰ্মা আৰু হৰমনপ্ৰীত কৌৰ। বিপৰীতে, ভাৰতে বান্ধি দিয়া লক্ষ্যৰ চোঁচা লোৱা দক্ষিণ আফ্ৰিকাই ৭উইকেট হেৰুৱাই জয় লাভ কৰে।

দেশৰ নাগৰিকক ‘দ্য কা‌শ্মীৰ ফাইলছ’ চোৱাৰ আহ্বান অমিত শ্বাহৰ…

‘দ্য কাশ্মীৰ ফাইলছ’। পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ছবিখনে বক্স অফিচত তোলপাৰ লগাইছে। ইতিপূৰ্বে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছিল। মোদীৰ পাছত এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সকলো নাগৰিককে ছবিখন চাবলৈ আহ্বান জনাইছে। কংগ্ৰেছৰ শাসনকালত কাশ্মীৰ উপত্যকাত কি ধৰণৰ অত্যাচাৰ আৰু সন্ত্ৰাসবাদৰ ঘটনাৰ সৃষ্টি হৈছিল তাক বুজিবলৈ ছবিখন চোৱাতো জৰুৰী বুলিৰ কয় অমিত শ্বাহে। শনিবাৰে আহমেদাবাদ পৌৰ নিগমৰ এক অনুষ্ঠানত উপস্থিত হৈছিল অমিত শ্বাহ। তাত তেওঁক ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিষয়ে মন্তব্য কৰা দেখা গৈছিল। তেওঁ কয়, ‘যিসকলে এতিয়ালৈকে দেখা নাই তেওঁলোকে কংগ্ৰেছৰ শাসনকালত কিমান সন্ত্ৰাস আৰু গণহত্যাই কাশ্মীৰক গ্ৰাস কৰিছিল তাক জানিবলৈ ছবিখন চাবলৈ আহক।’

একে সময়তে, গৃহমন্ত্ৰীয়ে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ বাবেও নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে। অমিত শ্বাহে কয়, ‘যেতিয়া আপোনালোকে দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ ভাইক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল, তেতিয়া তেওঁ ৫ আগষ্ট, ২০১৯ ত অনুচ্ছেদ ৩৭০ বাতিল কৰিছিল। নৰেন্দ্ৰ ভাইয়ে এনে কৰাৰ লগে লগে সমগ্ৰ দেশৰ মানুহে উপলব্ধি কৰিলে যে যেতিয়া তেওঁৰ দৰে শক্তিশালী মনোবলৰ নেতাই দেশক নেতৃত্ব দিয়ে, অসম্ভৱ বুলি একো নাথাকে।’ মোদীৰ নেতৃত্বত দেশখনে কেনেকৈ ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ দেশসমূহৰ সৈতে নিজকে এখন আসনত ৰাখিবলৈ সক্ষম হৈছে সেয়াও উল্লেখ কৰে অমিত শ্বাহে। ’৯০ ৰ দশকৰ আৰম্ভণিতে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে বিবেক অগ্নিহোত্ৰীয়ে এনেদৰে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন নিৰ্মাণ কৰা বাবে প্ৰশংসা কৰিছিল।

মোদীয়ে ছবিখন সমৰ্থন কৰিবলৈ দলৰ সাংসদ সকললৈ বাৰ্তা প্ৰেৰণ কৰিছিল। একে সময়তে, কিছুমান লোকে গৱেষণা কৰা আৰু সত্য ঘটনাৰ ওপৰত আধাৰিত ছবিখনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰম্ভ কৰিছে। ইফালে, বিৰোধীয়ে মোদীকে ধৰি বিজেপি নেতাসকলক এনে এখন ছবিক লৈ তেওঁলোকৰ উত্তেজনা প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী আপৰ নেতা অৰবিন্দ কেজৰিৱালে গেৰুৱা শিবিৰত পোনপটীয়াকৈ আক্ৰমণ কৰিছে। স্মৰ্তব্য যে, ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ চলি থকা প্ৰথা আৰু বিতৰ্ক অব্যাহত আছে। ছবিখনে ইতিমধ্যে প্ৰায় ২২০ কোটিতকৈ অধিক টকা উপাৰ্জন কৰিছে। জীৱনলৈ অহা ভাবুকিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তাও প্ৰদান কৰিছে বিবেক অগ্নিহোত্ৰীক।

চানমাৰীস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত মাংগলিক কাৰ্যৰ মাজেদি বিহুৰ লাইখুঁটা স্থাপন

পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন। দেওবাৰে দিনৰ ১১বজাত চানমাৰীস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এক মাংগলিক কাৰ্যৰ মাজেদি বিহুৰ লাইখুঁটা স্থাপন কৰা হয়। বিহুৰ লাইখুঁটা স্থাপন কৰে পূৱ গুৱাহাটী বিহু সন্মিলনৰ উপদেষ্টা তথা আজীৱন সভ্য মৃদুল বেজবৰাই। লাইখুঁটা স্থাপনৰ জৰিয়তে সমাৰোহৰ শুভাৰম্ভণি কৰে উপদেষ্টা মৃদুল বেজবৰাই। অহা ১এপ্ৰিল তাৰিখে বিয়লি ৪বজাত শুভাৰম্ভণি কৰা হ’ব পূৱ গুৱাহাটী বিহু সন্মিলনৰ বিহু কৰ্মশালা। ১৪এপ্ৰিলৰ পৰা ১৭এপ্ৰিললৈ চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে এই চাৰিদিনীয়া কাৰ্যসূচীৰে পূৱ গুৱাহাটী বিহু সন্মিলনে অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰিছে ৬১সংখ্যক বিহু সমাৰোহ। ১৪এপ্ৰিলৰ দিনা পুৱা ৯.৩০বজাত বিহুৰ পতাকা উত্তোলন কৰিব বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে।