Home Blog Page 2558

অগপৰ পৌৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰিৰ প্ৰলোভন : অশোক বৰা

পৌৰনিৰ্বাচনৰ ৮০ পৌৰসভাৰ প্ৰায় ৭৮ পৌৰসভাই দখল কৰিছে বিজেপিয়ে ৷ বোকাখাত আৰু বৰপেটাক বাদ দি ৰাজ্যৰ সকলো পৌৰসভাই বিজেপিৰ দখলত ৷পিছে এয়াও যেন সহ্য হোৱা নাই বিজেপিৰ ৷

আজি বৰপেটাত অগপৰ জিলা মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধনেৰে অগপই বিজেপিৰ বিৰুদ্ধে আনিলে হ’ৰ্ছ ট্ৰেডিঙৰ অভিযোগ ৷বৰপেটা পৌৰসভা নিৰ্বাচনৰ অগপৰ পৰ্যবেক্ষক অশোক বৰাই আজি বৰপেটাত সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তথা বৰপেটা জিলা বিজেপিৰ প্ৰভাৰী জয়ন্ত দাসৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ ৷
অগপৰ অভিযোগ— অগপৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰি আদিৰ লোভ দেখুৱাই, ফুচুলাই বিজেপিত যোগদানৰ চেষ্টা চলাই আছে বিজেপিয়ে ৷ আনকি বিজেপিৰ নেতা জয়ন্ত দাসৰ উচতনিতে এনেদৰে হ’ৰ্ছ ট্ৰেডিঙৰ চেষ্টা চলাই থকা বুলি অভিযোগ তুলিছে অগপ নেতা অশোক বৰাই ৷

ইপিনে বিজেপিৰ বাবেই বৰপেটাত নিৰ্বাচনী মিত্ৰতা সম্ভৱ নহ’ল বুলিও মন্তব্য অগপৰ ৷ বৰপেটাত ২০ বছৰ পৌৰসভা দখল কৰা অগপক বিজেপিয়ে মাথো ৪ খন আসন এৰি দিব বিচৰাৰ বাবেই মিত্ৰতা সম্ভৱ নহ’ল বুলি মন্তব্য অগপৰ ৷

দিছপুৰত মিত্ৰদল অগপৰ সমৰ্থনত চৰকাৰ চলাই থকাৰ পিচতো মিত্ৰতাৰ ধৰ্ম ৰক্ষা নকৰি অগপৰ মাজত বিভাজন আনি বিজেপিয়ে বৰপেটা পৌৰসভা দখল কৰিবলৈ চেষ্টা চলোৱা বুলি বিজেপি নেতাৰ বিৰুদ্ধে অনা অভিযোগে এইমুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে ৷এইক্ষেত্ৰত বিজেপি নেতা জয়ন্ত দাসৰ প্ৰতিক্ৰীয়া কি হয় সেয়া লক্ষ্যনীয় হব ৷

বৰপেটাত হেৰোইনসহ আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী৷

বৰপেটাত অব্যাহত আছে ড্ৰাগছৰ বেহা ৷বৰপেটাত ড্ৰাগছ ব্যৱসায় ৰোধৰ বাবে চলি আছে আৰক্ষীৰো ব্যাপক অভিযান ।বৰপেটাত হেৰোইনসহ আৰক্ষীৰ জালত দুটাকৈ ড্ৰাগছ ব্যৱসায়ী ৷

ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা বাঘবৰৰ আগ মন্দিয়া গাঁৱৰ আকিবুল হুছেইন আৰু ছমেজ উদ্দিন আহমেদ ৷ৰূপাকুছি গাঁৱত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুটাক গ্ৰেপ্তাৰৰ লগতে প্ৰায় ৪০ গ্ৰাম হেৰোইন জব্দ কৰে ৷

গ্ৰাহকৰ বাবে অপেক্ষা কৰি থকা অৱস্থাতে আৰক্ষীয়ে হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী দুটা ৷ইপিনে ড্ৰাগছ ব্যৱসায়ৰ সৈতে কোন জড়িত আছে সেই সম্পৰ্কে আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

পথ সুৰক্ষা সজাগতা উপলক্ষে চাইকেল ৰেলী

পথ সুৰক্ষা সজাগতা উপলক্ষে যোৱা ১১ মাৰ্চত দুলীয়াজানত এক চাইকেল ৰেলী বাহিৰ কৰা হয়৷ অইল ইণ্ডিয়া লিমিটেডৰ লজিষ্টিকচ্‌ বিভাগৰ উদ্যোগত আয়োজন কৰা চাইকেল ৰেলীৰ ফ্লে’গ অফ কৰে অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক এছ পি ডেকাই৷

পুৱা ৬ বজাত আৰম্ভ কৰা চাইকেল ৰেলীত লজিষ্টিকচ্‌ বিভাগৰ মুৰব্বী তথা চি জি এম অৰুনাভ বৰুৱা, জি এম অতনু কুমাৰ ভাগৱতী, জি এম শুভ্ৰ ৰঞ্জন ছামাদ্দাৰ, ডি জি এম অপূৰ্ব আৰন্ধৰা, বেদান্ত বৰঠাকুৰকে মুখ্য কৰি লজিষ্টিকচ্‌ বিভাগৰ অভিযন্তা-বিষয়া, কৰ্মচাৰীসকলৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ অভিযন্তা, বিষয়া, কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া-কনিষ্টবল, বিদ্যালয়ৰ-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

চাইকেল ৰেলীত মুঠ ১২০ গৰাকীয়ে অংশগ্ৰহণ কৰে৷ দুলীয়াজানৰ নেহৰু মৈদানৰ পৰা প্ৰতিখন চাইকেলত পথ সুৰক্ষাৰ শ্ল’গানৰ প্লে কাৰ্ড ওলমাই আৰম্ভ কৰা চাইকেল ৰেলী প্ৰায় ৯ কিলোমিটাৰ পথ অতিক্ৰম কৰি পুনৰ নেহৰু মৈদানত সমাপ্ত হয়৷ অনুষ্ঠানটো আঁতধৰে কনিষ্ঠ অভিযন্তা প্ৰকাশ ৰায়ে৷ উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডৰ লজিষ্টিকচ্‌ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী আয়োজন কৰি আহিছে৷

ডাম্পিং গ্ৰাউণ্ডত পৰিণত নুমলীগড়ৰ ঐতিহাসিক দেওঁপাহাৰ

বন্যপ্ৰাণীৰ জীৱন আৰু বনজ সম্পদৰ প্লাষ্টিকে কি ভয়াৱহ সংকট কঢ়িয়াই আনিছে, তাৰ নিদৰ্শন দেখা পোৱা গৈছে গোলাঘাট জিলাৰ নুমলীগড়ৰ দেওঁপাহাৰ সংৰক্ষিত বনাঞ্চলত৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ যদিও এই বনাঞ্চলক লৈ চূড়ান্ত ভেঙুচালী কৰিছে বন‌ বিভাগৰ এচাম বিষয়া আৰু কৰ্মচাৰীয়ে। মুক্তভাৱে এচাম অসাধুৱে প্লাষ্টিকৰ আৱৰ্জনা পেলাইছে দেওপাহাৰত আৰু এই আৱৰ্জনা ভক্ষণ কৰিছে বন্যপ্ৰাণীয়ে। দেওপাহাৰৰ হাতীৰ পেটৰ পৰা বৰ্জিত পদাৰ্থৰ লগত বৃহৎ পৰিমাণৰ পলিথিন ওলোৱা খৱৰে হতবম্ব কৰি তুলিছে৷

অন্যহাতে গোলাঘাটৰ ৰাইজৰ দীৰ্ঘদিনৰ দাবীৰ প্ৰতি আংশিক সঁহাৰি জনাই দেওপাহাৰক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ পৰা সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা দিয়া হৈছিল যদিও দেওপাহাৰলৈ প্ৰকৃতাৰ্থত একো পৰিৱৰ্তন নাহিল৷দেওঁপাহাৰৰ তিনিও দিশে নতুনকৈ  গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান তথা বজাৰৰ পৰা সকলো বৰ্জিত পদাৰ্থ পেলাবৰ বাবে গোলাঘাট জিলা প্ৰশাসনে যেন ডাম্পিং গ্ৰাউণ্ড হিচাপে দেওঁপাহাৰ সংৰক্ষিত বনাঞ্চলকে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ব্যৱসায়ীসকলক৷প্ৰশাসনৰ চকুৰ সমুখতে দেওঁপাহাৰৰ কাষৰীয়া বজাৰৰ বৰ্জিত পদাৰ্থবোৰ পেলাবলৈ ডাম্পিং গ্ৰাউণ্ড হিচাপে সকলোৱে ব্যৱহাৰ কৰি আহিছে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক৷

বন্যপ্ৰাণীৰ বিচৰণভূমিত জাৱৰ পেলোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ কোনো নিষেধাজ্ঞা আৰু নিৰ্দেশনা নাই৷ আনহাতে কাষতেই নুমলীগড় বন খণ্ডৰ কাৰ্যালয়টো থকা স্বত্বেও দেওঁপাহাৰ সংৰক্ষিত বনাঞ্চললৈ দৃষ্টি দিবলৈ আহৰি নাপায় কোনো বনকৰ্মীয়ে৷ বন বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত বন কৰ্মীসকল ব্যস্ত কেৱল চৌদিশে চলি থকা অবৈধ বালি খননৰ পৰা কমিশ্যন সংগ্ৰহত৷ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত প্লাষ্টিক-জাবৰ আদি পেলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ভাবিবলৈ আহৰি নাই বিয়াগোম বন বিভাগটোৰো৷দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক জিলা প্ৰশাসন আৰু বন বিভাগে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হ’বলৈ এৰি দিয়াটোৱে সচেতন মহলৰ চকু কপালত তুলিছে৷

তীৰ্থনগৰী হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত পাই দিৱস উদযাপন

তীৰ্থনগৰী হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত পাই দিৱস উপলক্ষে গনিত বিষয়ক বক্তৃতা অনুষ্ঠান সম্পণ্ণ । কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত অগ্ৰণী শৈক্ষিক – প্ৰতিষ্ঠান সুৰেন দাস মহাবিদ্যালয়ত আজি পাই দিৱস উপলক্ষে মহাবিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত আন্তৰ্জাতিক গণিত দিৱস উদযাপন কৰা হ’য়। সেই মৰ্মে আজি মহাবিদ্যালয়ৰ সভাকক্ষত এখনি গণিত বিষয়ক বক্তৃতা অনুষ্ঠান সম্পণ্ণ হ’য়।

অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকে আই আই টি গুৱাহাটীৰ অধ্যাপক ড° ভূপেন ডেকা,সুৰেন দাস মহাবিদ্যালয় অধ্যক্ষ ড° হিৰণ্য কুমাৰ শৰ্মা ,ৰাজনীতি বিভাগৰ অধ্যাপিকা ড° ৰিপীমা বুজৰবৰুৱা,গণিত বিভাগৰ অধ্যাপক ৰাজীৱ দাস,ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত কুমাৰ দাস,ভাৰতী মেধি,অসমীয়া বিভাগৰ অধ্যাপিকা ড° ৰঞ্জু ঠাকুৰীয়া,ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আলি ড° আকবৰ হুছেইনক,হাজো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ৰাজীৱ বৰুৱাকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা,ছাত্ৰ -ছাত্ৰীবৃন্দ ও বিশিষ্ট গণ্য মান্য ব্যক্তি।তদুপৰি আজিৰ অনুষ্ঠানত গণিত বিষয়ত শ্ৰেণীগত শিক্ষাৰে শৈক্ষিক বাতাবৰণ সৃষ্টিৰ ওপৰত গঠনমূলক বক্তৃতা প্ৰদান কৰা হ’য়।

গো-শালাৰ উচিত তদন্ত বিচাৰি জিলা উপায়ুক্ত লৈ আমছুৰ স্মাৰক পত্ৰ প্ৰদান

ৰঙামাটিস্থিত DHAYAN FOUNDATION নামৰ N.G.O.ৰ গো-শালাৰ উচিত তদন্ত বিচাৰি চাপৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্ত লৈ ৰঙামাটি আঞ্চলিক আমছুয়ে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি হলদিবাৰীত চৰকাৰীভাৱে DHAYAN FOUNDATION নামৰ NGO ৰ দ্বাৰা স্থাপন কৰা গো-শালাত প্ৰায় প্ৰতিদিনেই মৃত্যু হৈ আছে গৰু,। মৃত গৰুবোৰ ওচৰতে গাত খান্দি পুতি থোৱা পৰিলক্ষিত হয় যদিও গাতৰ পৰা দুৰ্গোন্ধ ওলাই পৰিৱেশ দুষিত হৈ পৰাও দেখা যায়। এই সম্পর্কে প্ৰকৃত কাৰণ জানিব বিচৰাত হিন্দি ভাষী তত্বাৱধায়কে ওলোটাকৈ সাংবাদিকৰ পৰিচয় লয় আৰু সাংবাদিককেই নানা ধৰণৰ কথাৰে ভয় খুৱাবলৈ হে চেষ্টা কৰে । ইপিনে স্থানীয় আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিলে জিলা উপাুক্তৰ দোহাই দিয়া পৰিলক্ষিত হয় । 

এতিয়া প্ৰশ্ন হয় যদি জিলা উপায়ুক্তৰ তত্বাৱধানতেই গো-শালাখন নিয়ম -নীতিৰ মাজত চলিছে তেন্তে গো-শালাৰ ভিতৰৰ নিৰ্ভৰযোগ্য বাতৰি সম্প্ৰচাৰ কৰিবলৈ সাংবাদিকক বাধা আৰোপ কৰা হয় কিয়? ইপিনে গো-শালাত খাদ্যৰ অভাৱত গৰুৰ শাৰীৰিক অৱস্থা দুৰ্বল হৈ দৈনিক গো-মাতাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে কিয় ? প্ৰকৃত তথ্য লুকাই ৰখাৰ আঁৰৰ ৰহস্য কি ? এই ক্ষেত্রত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি চাপৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰঙামাটি আঞ্চলিক আমছু এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

টাই আহোম জনগোষ্ঠীৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত নিৰবছিন্ন ভাবে সংগ্ৰাম অব্যাহত

টাই আহোম জনগোষ্ঠীৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত, জনগোষ্ঠীৰ ভুমিৰ অধিকাৰ,ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক,ভাষিক,সামাজিক আৰু সম্পদ আৰু ঐতিহ্য সুকীয়া পৰিচয়ৰ সুৰক্ষাৰ স্বাৰ্থত বিগত তিনিটা দশক ধৰি অনুসুচিত জনজাতিৰ মৰ্য্যদা বিচাৰি জনগোষ্ঠীটোৰ সংগঠন কেইটাই নিৰবছিন্ন ভাবে সংগ্ৰাম অব্যাহত ৰাখিছে যদিও ৰাজনৈতিক সদিচ্ছাৰ অভাৱহত আজিকো পৰ্য্যন্ত ছৰকাৰে জনজাতিৰ মৰ্য্যদা দিয়া নাই। কৌশলগত ভাবে বিষয় টো কেৱল নিৰ্বাচন কেন্দ্রীক ইছুলৈ পৰ্য্যাবেশিত কৰি এই দীৰ্ঘ দিনৰ নাৰ্য্য দাবীটো চৰকাৰে উলমাই ৰাখিছে ।সেয়েহে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত দিল্লীৰ যন্তৰ মন্তৰত জনগোষ্ঠীটোৰ কেইবাটোও সংগঠনৰ সহযোগত তিনি 15 মাৰ্চত ঘন্টীয়া অৱস্থান ধৰ্মগত কাৰ্য্যসুচী ৰূপায়ন কৰি দিল্লী কপোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।।

আহোম জাতীয় মহাসভাৰ কেন্দ্রীয় সমিতিয়ে এই অবস্থান ধৰ্মগতৰ কাৰ্যলৈ নৈতিক সমৰ্থন আগবঢ়াইছে। আজি আহোম জাতীয় মহাসভাৰ কেন্দ্রীয় সমিতিৰ সধাৰণ সম্পাদক অনন্ত গগৈয়ে টাইপাৰ উদ্যোগত ৰূপায়ন কৰিব লগীয়া সংগ্ৰামী কাৰ্য্যসুচীটিলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰি টাই আহোম জনঘোষ্ঠীৰ জন জাতিৰ মৰ্য্যদা এক indigenous justified right বুলি কয় আৰু আহোম জাতীয় মহাসভাৰ কেন্দ্রীয় সমিতিৰ পৰিয়ালৰ তৰফৰ পৰা সংগ্ৰামী ভাতৃ সকললৈ সফল সমাপ্তিৰ হেতু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছে

সুৰাৰ বিৰুদ্ধে অভিযান চলালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে

সুৰাৰ দোকানলৈ শিল নিক্ষেপ উমা ভাৰতী।মধ্যপ্ৰদেশত সুৰাৰ বিৰুদ্ধে অভিযান চলালে কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে।সুৰাৰ দোকানত শিল নিক্ষেপ কৰিলে উমা ভাৰতীয়ে।মধ্য প্ৰদেশত সুৰা নিষিদ্ধকৰাৰ দাবী জনাই মন্ত্ৰী গৰাকীয়ে।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে দেওবাৰে ভূপালৰ বৰখেৰা পাঠানী অঞ্চলৰ এখন সুৰাৰ দোকানলৈ শিল নিক্ষেপ কৰে।বিজেপি নেতাগৰাকীয়ে এখন সুৰাৰ দোকানলৈ গৈছিল আৰু সুৰাৰ বটললৈ শিল দলিয়াইছিল।তেওঁ দাবী কৰিছিল যে দোকানখনে অঞ্চলটোৰ মহিলাসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰি আহিছে।নিজৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপি নেতাগৰাকীয়ে কয় যে “ভূপালৰ আজাদ নগৰত শ্ৰমিকসকলে বাস কৰা এই বস্তিৰ লোকসকলক কেইবাখনো দোকানত দোকানে সুৰা বিক্ৰী কৰে শ্ৰমিকসকলৰ সম্পূৰ্ণ সঞ্চয় সুৰাৰ ওপৰত অপচয় হয়। মহিলাসহ আৱাসীসকলে চৰকাৰী নিয়মৰ বিৰুদ্ধে স্থাপন কৰা দোকানবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।প্ৰশাসনে বাৰে বাৰে এই দোকানসমূহ বন্ধ কৰাৰ আশ্বাস দিছিল, কিন্তু বছৰ বছৰ ধৰি কোনো ব্যৱস্থা লোৱা হোৱা নাছিল আজি মই নাগৰিক কৰ্তৃপক্ষক এসপ্তাহৰ ভিতৰত এই সুৰাৰ দোকান আৰু বন্ধ কৰিবলৈ কৈছো”এইদৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্থানীয় প্ৰশাসনক এসপ্তাহৰ ভিতৰত সুৰাৰ দোকানবন্ধ কৰিবলৈ সতৰ্ক কৰি দিছে। যোৱা ছয় মাহ ধৰি, ভাৰতীয়ে সুৰা সেৱন আৰু বিক্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মকভাৱে প্ৰচাৰ চলাই আহিছে। বিজেপি নেতাগৰাকীয়ে সুৰাৰ দোকানত কৰা আক্ৰমণটো তেওঁ এই দিশত গ্ৰহণ কৰিব লগা “বহুতো পদক্ষেপৰ ভিতৰত প্ৰথম” আছিল।

তিনিদিনীয়া কাৰ্য্যসূচীৰে সুৰজিৎ একাডেমীৰ “উত্তৰ-পূৱ পুতলা নাচ সমাৰোহ ২০২২”

উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ মানদণ্ডৰ সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ সুৰজিৎ একাডেমীয়ে লোক কলা সমূহৰ ওপৰত প্ৰাধান্যতা দি অহৰহ কাম কৰি আহিছে। একাডেমীৰ সভাপতি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মা আৰু অধ্যক্ষা তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীয়ে হেৰাই যাব ধৰা কলা পুতলা নাচকো পুন:ৰ্জীৱিত কৰাৰ প্ৰচেষ্টা চলাই আহিছে। ন-প্ৰজন্মক কলা সমুহৰ প্ৰতি আকৰ্ষণ কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে । ইতিমধ্যে বহু শিক্ষিত বহু যুৱক যুৱতী কলা সমূহ পৰিৱেশন কৰিবলৈ ওলাই অহাটো অসমৰ বাবে শুভ লক্ষন । শিক্ষাৰ ক্ষেত্ৰত মনোগ্ৰাহী কৰিবলৈও বিদ্যালয়-মহাবিদ্যালয় -বিশ্ববিদ্যালয়ত সুৰজিৎ একাডেমীয়ে পুতলা নাচ পৰিবেশন কৰাৰ লগতে কৰ্মশালা-আলোচনা চক্ৰ কৰি আহিছে ।

অসমত পোন প্ৰথম বাৰৰ বাবে সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত ১১, ১২ আৰু ১৩ মাৰ্চ তাৰিখে তিনিদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড. বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” অনুষ্ঠিত হৈ যায়। “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” ৰ মূল বিষয় বস্তু ৰামায়নৰ কাহিনীৰ ওপৰত আছিল। প্ৰতিটো নাট্য দলে ৰামায়নৰ কাহিনীৰ বিষয় লৈ পুতলা নাট পৰিৱেশন কৰে।সমাৰোহৰ প্ৰথম দিনাৰ কাৰ্য্যসূচী ১১ মাৰ্চ তাৰিখে আবেলি ৩ বজাত “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা শিক্ষাবিদ অধ্যাপক ড. ননী গোপাল মহন্তই। বিশিষ্ট অতিথি হিচাপে থাকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। উদ্ধোধনী ভাষণত নতুন শিক্ষা নীতিত ভাৰত চৰকাৰে পুতলা নাচৰ মাধ্যমৰ জৰিয়তও কিছু পাঠ্যক্ৰমত সংলগ্ন কৰি শিক্ষা প্ৰদান কৰিছে লগতে অসম চৰকাৰে ও যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু পুতলাৰ জৰিয়তে শিক্ষা প্ৰদানত ছাত্ৰ ছাত্ৰী সকল অতি মনোগ্ৰাহী হৈ পৰিব। বিনীতা দেৱীয়ে ন- প্ৰজন্মক লোক কলাৰ প্ৰতি আগ্ৰহী কৰাতো অসমৰ বাবে শুভ কাৰ্য্য। সমাৰোহৰ কাৰ্য্যসূচীত অসমৰ নটৰাজ পুতলা থিয়েটাৰে অজয় শৰ্মাৰ পৰিচালনাত পুতলা নাট “ৰাম বনবাস” আৰু ত্ৰিপুৰাৰ মা তৃপুৰীস্বৰিয়ে সুৰেশ চন্দ্ৰ দাসৰ পৰিচালনাত “সীতা হৰণ” পুতলা নাট পৰিবেশন কৰে ।নাট দুখনে লোক বাদ্য-নৃত্য-সংগীতেৰে হৃদয়ঙ্গম কৰি তুলিছে। পুতলা সমুহৰ সঞ্চালনত কোনো জড়তা নাছিল। অতি সুন্দৰ ভাৱে দুয়োটা দলে পুতলা নাট পৰিৱেশন কৰিছে।

দ্বিতীয় দিনা ১২ মাৰ্চ তাৰিখে পুতলা নাচ সমাৰোহ উদ্ধোধন কৰে শিক্ষাবিদ তথা যশস্বী কণ্ঠশিল্পী ড. অনিমা চৌধুৰীয়ে। উদ্ধোধনী ভাষণত অসমৰ অতি পুৰণি কলাক নাট সমাৰোহ কাৰ্যৰে শিল্পী সকলক উৎসাহিত কৰাৰ লগতে ন-প্ৰজন্মক কলাটোৰ প্ৰতি আকৰ্ষিত কৰিব। শিক্ষাৰ ক্ষেত্ৰত পুতলা নাচ অতি উত্তম পথ। শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মৰ আগৰ এই কলা জীৱিত ৰূপ আগ বঢ়াই নিয়া বাবে একাডেমীক শলাগ লয়। লোককলা বিধক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰমত সন্নিবিষ্টও কৰিছে। সমাৰোহত ম’হখুলি পুতলা নাচ সমিতিয়ে বাণীকান্ত বৰ্মনৰ পৰিচালনাত “সীতাৰ সয়ম্বৰ” পৰিবেশন কৰে। নাট খনত অসমৰ লোক বাদ্য সংগীতৰ লগতে পৌৰাণিক দিনৰ পৰা চলি অহা পেপাৰ জৰিয়তে পুতলাৰ কথোপকথন সুন্দৰ ভাবে পুতলাৰ জৰিয়তে পৰিৱেশত হয়। নাটত ২৫০ বছৰীয়া পুতলা ৰাৱণ পৰিবেশন কৰে। অসমৰ আটাইতকৈ পুৰণা দলটোৱে হৈছে ম’হখুলি পুতলা নাচ সমিতি । তৃতীয় দিনা ১৩মাৰ্চ তাৰিখে “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” উদ্ধোধন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য তথা শিক্ষাবিদ ড. মৃণাল কুমাৰ বৰা । বিশিষ্ট অতিথি হিছাপে থাকে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ তথা অসমৰ যশস্বী কণ্ঠশিল্পী জিতুল সোণোৱাল আৰু অসমৰ যশস্বী কথাছবি পৰিচালক ৰাজেন ৰাজখোৱা। উদ্ধোধনী ভাষণত ড. মৃণাল কুমাৰ বৰাই সমাৰোহ কাৰ্যৰে অসমৰ হেৰাই যোৱা কলাক প্ৰচাৰ আৰু প্ৰসাৰত যথেষ্ট অৱদান আগ বঢ়াব। বিনীতা দেৱীৰ অহোপুৰুষাৰ্থ কষ্টত পুতলা নাচ পুন:জীৱন পাইছে আৰু ন-প্ৰজন্মক কলাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিছে। তাৰোপৰি “অংকীয়া নাট ৰাম বিজয়” পুতলাৰ জৰিয়তে পৰিবেশন কৰা


পৰিচালক বিনীতা দেবী অসমত প্ৰথম। পুতলাক ভাওনাৰ ৰূপ দিয়াটো প্ৰশংসাৰ যোগ্য। জিতুল সোণোৱালে সমাৰোহ আয়োজন কৰা কাৰ্য্যক শলাগ লয়। সমাৰোহ কাৰ্য অসমৰ বাবে শুভ কাৰক । লোক কলাক এইদৰে আগ বঢ়াই নিয়া বাবে সীমান্ত শৰ্মা আৰু বিনীতা দেৱীক প্ৰশংসা কৰে। শিক্ষিত ব্যক্তি লোক কলা সমূহ আগ বঢ়াই নিয়া কাৰ্য উত্তৰ পূৰ্বাঞ্চলৰ বাবেই শুভ ক্ষণ। অংকীয়া নাট পুতলাৰ জৰিয়তে পৰিবেশন কৰিব ওলোৱা বাবে বিনীতা দেৱী ধন্যবাদৰ পাত্ৰ।সমাৰোহৰ শেষৰ দিনা বিনীতা দেৱীৰ পৰিচালনাত অসমৰ মুকাক পাপেট থিয়েটাৰে পৰিৱেশন কৰে “অংকীয়া নাট ৰাম বিজয়” পৰিবেশন হয় । অংকীয়া নাট খনৰ প্ৰতিটো দিশ পুতলাৰ জৰিয়তে পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে। নাট খনত পুতলা সমূহৰ সঞ্চালন মানৱৰ জৰিয়তে কৰা যেন অনুভৱ হৈছিল দৰ্শকৰ। ভাওনাৰ সম্পূৰ্ণ তাল লয় সুন্দৰ ভাবে পুতলা সমূহ নিয়ন্ত্ৰণ কৰি পৰিৱেশন কৰে। পুতলা সমুহৰ সঞ্চালন তথা আঙ্গিক সঞ্চালন অতি সুন্দৰ। পুতলা সমূহ বনোৱা কাৰ্য, সাজ সজ্জা আদি সুন্দৰ হৈছে। বিনীতা দেৱীৰ পৰিচলনা প্ৰসংসাৰ যোগ্য। প্ৰতিটো খণ্ড সুন্দৰ ভাৱে উপস্থাপন কৰিছে। অংকীয়া নাট খনত ১৮ জনে পুতলা সমূহ সঞ্চালন কৰে। বিনীতা দেৱীয়ে পৰিচলনা কৰা অংকীয়া নাটত প্ৰায় আঠ গৰাকী শিশু ও পুতলা নাট পৰিৱেশন কৰা কাৰ্যত উপস্থিত থকা শিক্ষাবিদ, শিল্পী, সাহিত্যিক, দৰ্শক সকলে মুগ্ধ হৈ পৰে। সকলোৱে শিশু সকলক মৰমেৰে আঁকোৱালি লয়। বিনীতা দেৱীৰ এনে পদক্ষেপ সকলোৱে শলাগ লয়। বৰ্তমান আধুনিকতাৰ যান্ত্ৰিক যুগত এইদৰে শিশু, শিক্ষিত যুৱক-যুৱতীক লৈ “অংকীয়া নাট ৰাম বিজয়” পুতলাৰ জৰিয়তে কৰি অসমৰ কলাক আগবঢ়াই নিয়া কাৰ্য সমাৰোহত উপস্থিত থকা কাৰ্য শলাগ লয়। ভবিষ্যতে ও
সুৰজিৎ একাডেমীৰ বিনীতা দেৱী আৰু সীমান্ত শৰ্মাই ন -প্ৰজন্মক লোক কলা সমূহ প্ৰশিক্ষণ প্ৰদান কৰি এইদৰে আগবঢ়াই নিয়াৰ লগতে ভবিষ্যতে এনে ধৰণৰ সমাৰোহ পাতিবলৈ অনুৰোধ কৰে ।

দৌল উৎসৱক লৈ উখল -মাখল পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত

ৰঙৰ উৎসৱ ফাকুৱা তথা হোলীলৈ মাজত মাথো কেইটিমান দিন বাকী। সমগ্ৰ ৰাজ্যৱাসীয়ে অহা ১৮ মাৰ্চ তাৰিখে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা।কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম সত্ৰ নগৰী বৰপেটাৰ লগতে এই সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি অহা ওদালগুৰি চহৰৰ সত্ৰ-নামঘৰসমূহ। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ওদালগুৰিৰ গৰিষ্ঠ সংখ্যক স্থানত ১৯ মাৰ্চ শনিবাৰে ফাকুৱা উৎসৱ তথা সুৱেৰী উৎসৱ পালন কৰিব। যাৰ বাবে এতিয়াৰে পৰা ওদালগুৰি চহৰৰ লগতে বিভিন্ন প্ৰান্তত হোলীক লৈ উখল মাখল পৰিৱেশৰ সূচনা হৈছে।

এইক্ষেত্ৰত এই বিশেষ পদক্ষেপ হাতত লৈছে ওদালগুৰিৰ শংকৰী নাম ধৰ্ম প্ৰচাৰ সমিতি চমুকৈ নামসঙ্ঘই। নতুন প্ৰজন্মৰ মাজত হোলী আৰু হোলীগীতক চিনাকী কৰি দিয়াৰ উদ্দেশ্যে নামসঙ্ঘই নিজৰ কাৰ্যালয় চৌহদত হোলীগীতৰ আখৰ চলোৱা দেখা গৈছে। উক্ত আখৰাত শিশুৰ পৰা ডেকা যুৱক-যুৱতী তথা মহিলাসকলে হোলীগীত পৰিৱেশন কৰাৰ লগতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ওদালগুৰি নামসঙ্ঘৰ সম্পাদক মণ্টু দাসে উক্ত কাৰ্যসূচীত উপস্থিত থাকি বৰ্তমান হেৰাই যাব বিচৰা আমাৰ সংস্কৃতিক উজ্জীৱিত কৰি ৰখাৰ স্বাৰ্থৰ লগতে নতুন প্ৰজন্মৰ মাজত এই সংস্কৃতিৰ প্ৰভাৱ বিলাই দিয়াৰ স্বাৰ্থতেই এনে কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে।

আগন্তুক দিনবোৰতো এনে কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। ১৯৫১ চনতে স্থাপিত ওদালগুৰি শংকৰী নামধৰ্ম প্ৰচাৰ সমিতিয়ে ইতিমধ্যে ইয়াৰ পূৰ্ৱেও ওদালগুৰিত বহু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰিছে। ইফালে বিভিন্ন হোলী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বিভিন্ন হোলীৰ দলসমূহে আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। চহৰখনৰ গাঁৱে-গাঁৱে এতিয়া হোলী গীতৰ মধুৰ ধ্বনিয়ে দুগুণে বৃদ্ধি কৰিছে উৎসৱটিৰ মাদকতা। চহৰখনৰ কন -কন শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী তথা পুৰুষ-মহিলাসকলে নিজৰ ব্যস্ততাৰ জীৱনৰ মাজতো কিছু সময় উলিয়াই এতিয়া হোলীগীতৰ আখৰাত ব্যস্ত হৈ পৰিছে। অৱশ্যে সমাগত পৰীক্ষাসমূহৰ বাবে এইবেলি কিছু পৰিমাণে অংশগ্ৰহণকাৰীৰ সংখ্যা হ্ৰাস পাব বুলি সন্দেহ কৰা হৈছে। ইয়াৰ মাজতো একপ্ৰকাৰ কবলৈ গ’লে ফল্গুৎসৱ তথা দৌল উৎসৱক লৈ উখল -মাখল পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত।