Home Blog Page 2570

গোসাইগাঁ‌ও মহকুমাৰ আহমেদপুৰ গাঁৱত নৃশংস হত্যাকাণ্ড

যৌতুকৰ দাবীত বোৱাৰীয়েকক শহুৰেকৰ আক্ৰমণ।দেওবাৰে সন্ধিয়া সংঘটিত হয়এই হত্যাকাণ্ড।শহুৰেকৰ প্ৰহাৰত মৃত্যু হয় মহিলা গৰাকী।গোসাইগাঁ‌ও থানাৰ অন্তৰ্গত ২নং বুঢ়ীচাটাম গাঁৱৰ নুৰজিমা বেগম বিগত দুটা বছৰ পুৰ্বেই গোসাইগাঁও মহকুমাৰ আহমেদপুৰ গাঁৱৰ বাসিন্দা মফিজুল আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল৷

সম্প্ৰতি ভাওৰাগুৰী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ উপৰিও স্মামী মফিজুল আলীক আটক কৰিছে৷আনহাতে হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছে শহুৰেক কোৰবান আলীয়ে৷

নগৰবেৰাৰ ৰংগেশ্বৰীত কংগ্ৰেছৰ নেতাৰ গুণ্ডাগিৰি।

একাংশ কংগ্ৰেছীৰ যেন অতপালি এতিয়াও চলিয়েই আছে।এইবাৰ নগৰবেৰাৰ ৰংগেশ্বৰীত কংগ্ৰেছৰ পোৱালী নেতাৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ। দেওবাৰে নগৰবেৰাৰ ৰংগেশ্বৰীত যুৱ কংগ্ৰেছৰ নেতাই চলালে গুণ্ডাগিৰি। ঘটনাৰ বিৱৰণি মতে, ৰংগেশ্বৰী পঞ্চায়তৰ কাউন্সিলৰ মনিকা সৰকাৰৰ লগত একেলগে কাম কৰিছিল ছমৰীয়া ব্লক যুৱ কংগ্ৰেছৰ সম্পাদক আৰিফ শ্বাহ সমন্বিতে কেইবাজন কংগ্ৰেছীয়ে। দেওবাৰ যুৱ কংগ্ৰেছৰ সম্পাদক আৰিফ শ্বাহ আৰু আন এজন যুৱ কংগ্ৰেছী মিজানুৰ ৰহমানে কাউঞ্চিলৰ মনিকা সৰকাৰৰ ঘৰলৈ যায় টকা বিচাৰি।

সেই সময়ত কাউঞ্চিলৰ মনিকা সৰকাৰ ঘৰত নাছিল যদিও আৰিফ শ্বাহ আৰু মিজানুৰ ৰহমান নামৰ যুৱ কংগ্ৰেছীদ্বয়ে কাউঞ্চিলৰ মনিকা সৰকাৰৰ স্বামী কদম আলীক টকা দিবলৈ কয়। কদম আলীয়ে টকা দিব নোৱাৰাত ৰুগীয়া ব্যক্তিজনক বেয়াকৈ মাৰধৰ কৰে দুয়োজন যুৱ কংগ্ৰেছীয়ে।

ইতিমধ্যে ভুক্তভোগীয়ে অভিযুক্ত যুৱ কংগ্ৰেছী আৰিফ শ্বাহ আৰু মিজানুৰ ৰহমানৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। বকোৰ বিধায়িকা নন্দিতা দাসৰ অতি ঘণিষ্ঠ যুৱ কংগ্ৰেছী আৰিফ শ্বাহ, মিজানুৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস পাবনে নগৰবেৰা আৰক্ষীয়ে?

মাণিকপুৰৰ শিলগাগৰীত মানাহ নৈত অবৈধ খনন।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলগাগৰীত মানাহ নৈত অবৈধ খনন অব্যাহত ৰখাত নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। শিক্ষক ছফিয়াৰ ৰহমানৰ নেতৃত্বত দিনে নিশাই ট্ৰেক্টৰৰে অবৈধ খনন কাৰ্য্য অব্যাহত থকাৰ পিছতো বন বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই। বন বিভাগে খনন কৰা ঠাইত উপস্থিত হৈ পুনৰ গুচি যোৱাৰ পিছত আকৌ খনন কাৰ্য্য অব্যাহত ৰাখে।

এনেদৰে খনন কাৰ্য্য অব্যাহত ৰাখিলে বাৰিষাৰ সময়ত নৈপৰীয়া ৰাইজৰ ঘৰবাৰীৰ লগতে সেউজীয়া কৃষিভূমি নৈৰ বুকুত বিলীন হোৱাটা নিশ্চিত ।

মৈৰাবাৰীৰ পাতেকীবড়ী সত্ৰত হিন্দু মুছলমানে মিলি ৰংমেলা আয়োজনৰ ব্যাপক প্ৰস্তুতি।

সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি অহা মৰিগাঁও জিলাৰ হিন্দু মুছলমানৰ মিলনভূমি হিচাপে পৰিচিত মৈৰাবাৰী পাতেকীবড়ি সত্ৰত দৌল উৎসৱ উপলক্ষে ৰংমেলা আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যখনৰ অন্যান্য সত্ৰৰ তুলনাত এক ব্যতিক্ৰম ধৰ্মী পদক্ষেপ হিচাপে হিন্দু মুছলমানে মিলি গঠন কৰিলে “ৰংমেলা”পৰিচালনা কমিটী।মৈৰাবাৰীৰ পাতেকীবড়ি সত্ৰ পৰিচালনা সমিতিৰ সম্পাদকে জনোৱা মতে অহা ১৬ মাৰ্চৰ পৰা ২১মাৰ্চলৈ চলিবলগীয়া দৌল উৎসৱ উপলক্ষে আয়োজন কৰিব লগীয়া ৰ্ংমেলাত ক্ষুদ্ৰ চাৰ্কাছকে ধৰি ৰাইজক আনন্দ দিব পৰাবিভিন্ন ধৰণৰ আকৰ্ষনীয় অনুষ্ঠান পৰিবেশন কৰা হ’ব। মেলাত যাতে কোনো দুষ্ট চক্ৰই পৰিৱেশ বিনষ্ট কৰি বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজৰ সহযোগ কৰাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


সা্ংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সম্পাদক সত্যনাৰায়ন বৰাই কয় যে গুৰুজনাৰ জন্মস্থান পাতেকীবড়ী সত্ৰ সম্পূৰ্ণ ৰূপে বেদখলমুক্ত।সত্ৰখনৰ চাৰিও ফালে বসবাস কৰা মুছলমান লোক সকলে জগত গুৰুৰ জন্মস্থান পাতেকীবড়ি সত্ৰখন সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে।

অসম গোৰ্খা সন্মিলনৰ ২২ সংখ্যাক ত্ৰি বাৰ্ষিক অধিবেশন সুকলমে অনুষ্ঠিত হৈ যায়।

অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্দোগত ২২ সংখ্যাক ত্ৰি বাৰ্ষিক অধিবেশন সুকলমে অনুষ্ঠিত হৈ যায় ।অধিবেশনৰ দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা ই দিনটো কাৰ্য্যসূচী আৰম্ভণ কৰে৷সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্মোচন কৰে
দুলিয়াজানৰ অসম প্লাৱিক হাইস্কুল স্বতাধীকাৰী জাপান থাপাই ৷এই শোভাযাত্ৰা গায়ন বায়ন, বিহু ,লেচেৰি নৃত্য ,জিকিৰ ,গোৰ্খা নৃত্য আদি বহুতো দলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হল ৷

ইয়াৰ পিছত মুকলি সভা অনুস্তিত হয় ৷মুকলি সভা সভাপতি কৰে গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ নব নিৱাচিত সভাপতি মোহন উপাধ্যায় ৷এই সভাতে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

পুৰণিগুদামৰ প্ৰগতিশীল কৃষক শৰৎ চন্দ্ৰ চমুৱাক সেউজ সৌৰভ বঁটা প্ৰদান

গ্ৰাম্য অৰ্থনীতিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে স্বৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰাৰ লগতে বহুতৰে জীৱন আৰু জীবিকাৰ প্ৰশ্ন জড়িত হৈ আছে । দেওবাৰে নগাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে নগাঁও জিলা সন্থাৰ এটি নৱ নিৰ্মিত ভৱন পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভড়াল প্ৰাংগণত উদ্বোধন কৰাৰ লগতে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নগাঁও জিলা সমিতিৰ এখন মুকলি সভা অনুষ্ঠিত হৈ যায়। সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপক বৈৰাগীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি ,সম্পাদক,বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী,জিলা কৃষি বিষয়াৰ উপৰিও নগাঁও জিলাৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ক উপস্থিত থাকে ৷অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহন কৰিছে যদিও অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উচিত মূল্য নোপোৱাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ সময়ত বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হয় ৷

সন্থাৰ বিষয়ববীয়া কুলপ্ৰদীপ দাসে আত ধৰা সভাতে পৰম্পৰাগত পদ্ধতিৰ লগত আধুনিক পদ্ধতি সংমিশ্ৰণ ঘটাই বিভিন্ন কৃষি কৰ্ম কৰি ইতিমধ্যে স্বাৱলম্বী হোৱা তথা ৰাজ্য চৰকাৰৰ পৰা বঁটাৰে সন্মানীত হোৱা পুৰণিগুদামৰ কৃষক শৰৎ চন্দ্ৰ চমুৱাক সন্থাৰ তৰফৰ পৰা সেউজ সৌৰভ বঁটা প্ৰদান কৰে। সন্থাৰ নৱ নিৰ্মিত ভৱনটো শুভ উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁৱৰ এজন আগশাৰীৰৰ চাহ খেতিয়ক ৰাজেন গোহাঁইয়ে।

ফেচবুক ষ্টেটাছক লৈ গাজীপুৰত সংঘৰ্ষত তিনিজন নিহত

ঢাকাৰ ওচৰৰ গাজীপুৰৰ কাপাছিয়াত ফেচবুকৰ স্থিতিক লৈ গাওঁবাসীৰ দুটা গোটৰ মাজত সংঘৰ্ষত তিনিজন লোক নিহত হৈছিল। আৰক্ষীয়ে কৈছিল যে ঘটনাটোৰ আঁৰত ফেচবুকৰ স্থিতি আছিল। অৱশ্যে, স্থানীয় সাংবাদিকসকলৰ মতে, ঘটনাটো এটা টিকটক ভিডিঅ’ৰ সৈতে আৰম্ভ হৈছিল।

কাপাছিয়া আৰক্ষী থানাৰ অ’চি নঈম হোছেইনে কয় যে শনিবাৰে নিশা প্ৰায় ১১.৩০ বজাত কাপাচিয়া উপজিলাৰ চানমানিয়া ইউনিয়নৰ দক্ষিণগাঁও চাৰপাৰা গাঁৱত এই ঘটনা সংঘটিত হয়।

“শনিবাৰে নিশা প্ৰায় ১১.৩০ বজাত, যেতিয়া দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল, ৭/৮ জন লোক আহত হৈছিল। চিকিৎসালয়লৈ নিয়াৰ সময়ত তিনিজন লোকৰ মৃত্যু হৈছিল। তেওঁলোকক চুৰি বা চোকা অস্ত্ৰৰ দ্বাৰা হত্যা কৰা হৈছিল। ”

“প্ৰথমতে, আমি গম পাইছিলো যে এজনী ছোৱালীৰ চাৰিওফালে ফেচবুক ষ্টেটাছৰ বাবে সংঘৰ্ষটো সংঘটিত হৈছিল। আমি এইটো কিয় বা কি উদ্দেশ্যৰ বাবে দিয়া হৈছিল তাৰ অনুসন্ধান আৰম্ভ কৰিছো। ”

তেওঁ কৈছিল যে সংঘৰ্ষৰ সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ কৈছিল যে এটা হত্যাৰ গোচৰ ৰুজু কৰাৰ প্ৰস্তুতি চলি আছে।

গাজীপুৰৰ এজন সাংবাদিক নাছিৰ আহমেদে কয় যে টিকটকত এটা ভিডিঅ’ আপলোড কৰাক লৈ দক্ষিণগাঁও চাৰপাৰা আৰু নৰসিংদিগাঁৱৰ মনোহৰদী গাঁৱৰ দুয়োটা পক্ষৰ মাজত বিবাদ আৰম্ভ হয়। অৱশ্যে, আৰক্ষীয়ে কৈছিল যে ফেচবুক ষ্টেটাছক লৈ এটা বিবাদ আৰম্ভ হৈছিল।

পিছত, দুয়োটা পক্ষৰ মাজত এক আপোচ মূলক বৈঠক হৈছিল। শনিবাৰে নিশা চাৰপাৰা গাঁৱত সভাখন অনুষ্ঠিত হৈছিল। সেই বৈঠকৰ শেষত, যেতিয়া পুনৰ বাৰ্তালাপ আৰম্ভ হৈছিল, দুয়োপক্ষৰ মাজত কাজিয়া আৰম্ভ হৈছিল। তেতিয়া হতাহত হৈছিল।ঘটনাটোৰ সৈতে জড়িত সকলোকে কিশোৰ বা যুৱক বুলি কোৱা হৈছিল। সংঘৰ্ষৰ পিছত তেওঁলোকে দুয়োখন গাঁৱৰ পৰা পলাই গৈছিল।

অৱশ্যে, ফেচবুক ষ্টেটাছৰ বাবে বাংলাদেশত হিংসাত্মক ঘটনা সংঘটিত হোৱাটো প্ৰথম বাৰৰ বাবে নহয়। শুকুৰবাৰে নিশা চিলেটৰ বিয়ানিবজাৰত জলকুকুৰাসম্পৰ্কে ফেচবুকৰ মন্তব্যক লৈ সংঘৰ্ষত কমেও ছয়জন লোক আহত হয়। যোৱা বছৰৰ ২৬ নৱেম্বৰত গোপালগঞ্জৰ কাশিয়ানীত ফেচবুক ষ্টেটাছক লৈ হোৱা সংঘৰ্ষত ৩০ জন লোক আহত হৈছিল। ইয়াৰ পূৰ্বে, ব্ৰহ্মনব্ৰিয়াৰ এটা পোষ্টৰ চাৰিওফালে সংঘৰ্ষত 15 জন লোক আহত হৈছিল।ফেচবুকত মন্তব্য বা পোষ্টৰ বাবে বাংলাদেশত কেইবাবাৰো সাম্প্ৰদায়িক হিংসাত্মক ঘটনাও সংঘটিত হৈছে।

দৰঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়ম।

দৰঙৰ পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাঁও গাঁওপঞ্চায়তত  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকা প্ৰস্তুত কৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।পশ্চিম ওজাগাঁৱৰ দুই শতাধিক দুখীয়া দৰিদ্ৰ পৰিয়াল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী তালিকাৰ পৰা বঞ্চিত হৈছে ।অভিযোগ মতে গাওঁ খনৰ বহু ধনীলোকৰ নাম তালিকাভূক্ত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ হিতাধিকাৰী হিচাপে ।

দু-তিনিখনকৈ পকী গৃহ থকা , গাড়ী মটৰ থকা , ১০/১৫ বিঘাকৈ মাটি থকা পৰিয়ালৰ নাম তালিকাভূক্ত হোৱাৰ অভিযোগ উঠিছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ তালিকাৰ পৰা বঞ্চিত হৈছে গাওঁ খনৰ প্ৰায় তিনিশ দুখীয়া দৰিদ্ৰ পৰিয়াল ।যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পশ্চিম ওজাগাঁৱত ।উল্লেখযোগ্য যে , ওজাগাঁও গাওঁ পঞ্চায়তৰ কৰ্মচাৰী সকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ হিতাধীকাৰী ভেৰিফিকেচন  কৰাৰ সময়ত প্ৰতিটো পৰিয়ালৰ পৰা পাঁচশৰ পৰা এহেজাৰ কৈ  টকা লোৱাৰ পাছতো তালিকাৰ পৰা বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰিছে দুখীয়া দৰিদ্ৰ পৰিয়ালসমূহে ।সঠিক তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰাৰ লগতে যোগ্য পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ গৃহ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ আহ্বান জনাইছে দুখীয়া দৰিদ্ৰ পৰিয়ালসমূহে ।

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত Innovative Ecosystem in Academic Institution” শীৰ্ষক দুদিনীয়া কৰ্মশালা

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ Technology Enabling Centre ৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগত “Innovative Ecosystem in Academic Institution” শীৰ্ষক দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় । উক্ত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট বিজ্ঞানী ড৹ প্ৰদীপ শইকীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড৹ উৎপল বৰা, তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ সহকাৰী অধ্যাপক ড ৹ নবীন শৰ্মা, Yantrabot Technologies Pvt. Ltd. ৰ প্ৰতিষ্ঠাপক অৰুণজ্যোতি বৰগোহাঁই আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন জৈৱিক চাহ খেতিয়ক গোবিন হাজৰিকা।

কৰ্মশালাখনে শিক্ষানুষ্ঠান এখনত প্ৰয়োগিক শিক্ষাৰ আৰু অভিনৱ সৃজনশীলতাৰ প্ৰসাৰৰ ওপৰত আলোকপাত কৰে। চিলাপথাৰ মহাবিদ্যালয়, পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ দিলীপ শইকীয়াৰ নেতৃত্বত মহাবিদ্যালয়খনৰ ছাত্ৰ প্ৰাঞ্জল কৰ্মকাৰ, লক্ষীন্দ্ৰ বৰপাত্ৰগোঁহাই, মুকেশ যাদৱ, সত্যজিত চুতীয়া, হেমন্ত নেৱাৰ আৰু নিবাৰণ কুম্বাং ৰ ছজনীয়া দলটোৱে অভিনৱ বুদ্ধিৰ প্ৰতিযোগিতাত ৯ টা দলৰ ভিতৰত প্ৰথম পুৰস্কাৰ বুটলি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিৱলৈ সক্ষম হয়।

দেশ তথা ৰাজ্যৰ মঙ্গলৰ বাবে শালমাৰা বামুন্দি সত্ৰত শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ

দেশ তথা ৰাজ্যৰ মঙ্গলৰ বাবে কামৰূপ জিলাৰ শালমাৰা বামুন্দি সত্ৰত শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ কাৰ্যসূচী ৰূপায়ণ ৷শালমাৰাৰ ঐতিহাসিক বামুন্দি সত্ৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠান ।

বামুন্দি সত্ৰ পৰিচালনা সমিতি আৰু শালমাৰাৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক শ্ৰীশ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানৰ শনিবাৰৰ কাৰ্যসূচীত পুৱা বন্ত্বি প্ৰজ্জ্বলন কৰে কৃপামনি দেৱ গোস্বামীয়ে ৷

শ্ৰীশ্ৰীমদ্ভাগৱত স্থাপন কৰে তিলক নাথ মহন্তই । ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰনেতা তথা সমাজকৰ্মী বনজিৎ ডেকাই ৷ ধৰ্মধ্বজা উত্তোলনৰ পিছতে শ্ৰীশ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ কৰে যাদৱ গোস্বামীয়ে । দেওবাৰে দৈব্য দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া ধৰ্মালোচনী সভাৰে সামৰণি পৰে ।