Home Blog Page 2627

বিদ্যাৰ আৰাধ্যা, দেৱী সৰস্বতীৰ কিছুকথা….

কবিতা ৰ্শমা৷ দিল্লী ।

দেৱী সৰস্বতী হিন্দু ধৰ্মৰ প্ৰমুখ দেৱী সকলৰ অন্যতম। মাঘ মাহৰ শুক্লা পঞ্চমী (জানুৱাৰী – ফেব্ৰুৱাৰী ) মাহৰ পবিত্ৰ তিথিত এই পূজা  কৰা হয়৷ বসন্ত ঋতুৰ সুআগমনৰ  বতৰা অনাৰ বাবে এই পূজাক “ বসন্ত পঞ্চমী ” বুলিও জনা যায় ৷ সাধাৰণতে সকলো শিক্ষানুষ্ঠানত বিদ্যাৰ্থী  আৰু শিক্ষক – শিক্ষয়িত্ৰী সকলোৱে  অতি  মহত্ত্বপূৰ্ণ  আৰু ভক্তি ভাবেৰে এই পূজা বিধি পালন কৰে ৷ কেবল বিদ্যাৰ্থী সকলেই কিয়? প্ৰতিজন ব্যক্তি, যি বিদ্যা , বুদ্ধি  আৰু জ্ঞানৰ পূজাৰী , সাহিত্য আৰু সঙ্গীতৰ অনুৰাগী , কলাৰ ব্ৰতী সেই সকলোৱে ঘৰে ঘৰে সৰস্বতী পূজা কৰে ৷ পূজাৰ দিনা  প্ৰতিমা  স্থাপন কৰি, ফলমূল – পৰমান্ন ভোগৰ নৈবদ্য আগবঢ়োৱা হয়৷ পূজাৰ শেষত  প্ৰসাদ বিতৰণ কৰা হয় ৷  লৰা ছোৱালী বিলাকৰ বিদ্যাৰ প্ৰাৰম্ভণি এই দিনটোতে কৰা হয় ৷

কথিত আছে যে এই দিনটোতে ব্ৰহ্মাৰ মুখৰ পৰা  সৰস্বতীৰ জন্ম হৈছিল। সেই সময়ত  পৃথিৱীৰ জলধাৰাত কোলাহল ব্যপ্ত হৈ পৰিছিল , বতাহৰ সো -সোৱনীৰ শব্দত প্ৰকৃতি মুখৰ হৈ পৰিছিল ৷ নিৰস পৃথিৱী ৰসাল হৈ পৰিছিল ৷ দেৱতা সকলে তেতিয়াই শব্দ আৰু ৰসৰ সঞ্চাৰ কৰিব পৰা  জ্ঞান ,বিদ্যা , সঙ্গীত , সাহিত্য আৰু কলাৰ অধিষ্ঠাত্ৰী দেৱীৰ ৰূপত সৰস্বতী নাম দিলে ৷ ইয়াৰ বাহিৰেও শতৰূপা , বীণাপাণি , বাগদেৱী , ভাৰতী , বাণী ,  কৌশিকী , মহাশ্বেতা , হংসবাহিনী আদি শত নামেৰে সৰস্বতী দেৱীক জনা যায় ৷ সৰস্বতী দেৱীক সদায়  এগৰাকী  শুভ্ৰবসনা   লাৱণ্যময়ী শান্ত সৌম্য  নাৰীৰ ৰূপত  চিত্ৰিত কৰা হয় ৷ দেৱীৰ আসনঃ শ্বেত কমল , বাহনঃ শ্বেত ৰাজহংস৷ দেৱীয়ে চাৰিখন হাতত বেদ -পুস্তক , স্ফটিকৰ মালা  , বীণা  আৰু কমণ্ডলু  ধাৰণ কৰে।সৰস্বতীৰ শুভ্ৰ ৰং পবিত্ৰতা আৰু শান্তিৰ প্ৰতীক ৷ শিক্ষা প্ৰাপ্তিৰ বাবে পবিত্ৰতা সকলোতকৈ প্ৰয়োজনীয় ৷ পবিত্ৰতাৰ পৰা শ্ৰদ্ধা আৰু একাগ্ৰতাৰ জন্ম হয় ৷

আজি গণেশ চতুৰ্থীঃ মন্দিৰত ভক্তৰ দীঘলীয়া শাৰী

সমগ্ৰ দেশৰ লগতে অসমতো সিদ্ধিদাতা গণেশৰ পূজা-অৰ্চনা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহনগৰীতো গণেশ চতুৰ্থী উপলক্ষে দেখা গৈছে উখল-মাখল পৰিৱেশ। শুকুৰবাৰৰ পুৱাৰে পৰা গণেশ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ দীঘলীয়া শাৰী। মন্দিৰ পৰিচালনা সমিতিয়ে সম্পূৰ্ণ কোভিড প্ৰট’ক’ল মানি চলা দেখা গৈছে।

লতাশিল গণেশ মন্দিৰ, গণেশগুৰিৰ গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে কৰিছে পূজা-অৰ্চনা, জ্বলাই ধূপ, চাকি। উল্লেখ্য যে, হিন্দু ধৰ্মৰ দেৱতাসকলৰ ভিতৰত গণেশকেই মুখ্য স্থান দিয়া হয় অৰ্থাৎ আদি পূজা কৰা। বিঘ্নি বিনাশক, প্ৰথমপূজ্য গণেশক পূজা কৰি সকলোৱে কৰিছে মংগল কামনা।

২৪ ঘন্টাত দেশত প্ৰায় ১.৫ লাখ লোক আক্ৰান্ত ক’ৰণাত

ভাৰতত নতুনকৈ ক’ৰনাত আক্ৰান্তৰ সংখ্যা সামান্য পৰিমানে হ্ৰাস পাইছে। দেশত যোৱা ২৪ ঘন্টাত ১,৪৯,৩৯৪ জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। বৰ্তমান সময়ত দেশত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৪,৩৫,৫৬৯গৰাকী ৰোগী। অৱশ্যে নতুনকৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাৰ তুলনাত অধিক লোক সুস্থ হৈছে এই যোৱা ২৪ ঘন্টাৰ সময়চোৱাত।

এই সময়চোৱা ভাৰতত সুস্থ হৈছে ২৪৬৬৭৪ জন লোক। ইয়াৰ বিপৰীতে এই সময়চোৱাত দেশত সহস্ৰাধিক লোক অৰ্থাৎ ১০৭২জনে হেৰুৱাইছে প্ৰাণ। বৰ্তমান সময়লৈকে দেশত ১.৬৮ কোটিৰো অধিক লোকক দিয়া হৈছে কোভিড ভেকচিন। যোৱা ২৪ ঘন্টাত ৫৫,৫৮,৭৬০ ড’জ ভেকচিন প্ৰদান কৰা হৈছে।

ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ পয়ালগা অৱস্থা

অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃত আৰু ওদালগুৰি জিলাৰ অন্যতম শাখা সাহিত্য সভা ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ দুৰবস্থাই এতিয়া সাহিত্য প্ৰেমি,সাহিত্যনুৰাগি, বৌদ্ধিক সমাজ আৰু সচেতন মহলৰ চকু কপালত উঠিছে।বিগত ২০১৩ বৰ্ষত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাৰ সাংসদ উন্নয়ন পুজিৰে নিৰ্মিত ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক ৰঙ্গমঞ্চটি ধুমুহাত বিধ্বস্ত হয়।সাংসদ উন্নয়ন পুজিৰ১লাখ ৫০হাজাৰ টকাৰে নিৰ্মিত সাংস্কৃতিক মঞ্চখনৰ সুৰ্দীঘসাত বছৰৰ মূৰত ধুমুহাই বিধ্বস্ত কৰাৰ পিছত ইয়াক পুনৰ মেৰামতিৰ বাবে বিভিন্ন জনৰ ওচৰত সহায়ৰ হাত বিছাৰি আবেদন -নিবেদন কৰি অহা হৈছে যদিও কাৰো পৰা সহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

বিশেষকৈ কলাইগাও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো, সাংসদ দিলীপ শইকীয়া আৰু প্ৰধানত খৈৰাবাৰী পৰিষদীয সমষ্টিৰ এম চি এল এক বাৰে বাৰে আবেদন আৰু সমিতিৰ কৰ্মকৰ্তা, বিষয় ববিয়াই যোগাযোগ কৰি আহিছে যদিও সহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই।এম চি এল এ ভবেন বড়োই পালমৰা কথা কৈয়ে দায়িত্ব বোধৰ পৰা হাত সাৰি আহিছে।কোনো কাৰণতেই গুৰুত্ব আৰোপ নকৰা কায্যত এম চি এল এ গৰাকীৰ ওপৰত ইতিমধ্যে বিশ্বাস হেৰুৱাই পেলাইছে ৰাইজে।উল্লেখযোগ্য যে বিগত বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কেইবাখনো ভাৰতীয় জনতা পাৰ্টিৰ দলটিয়ে উক্ত সাংস্কৃতিক মঞ্চখনত ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছিল।তাৰ পিছতো কিন্তু উক্ত দলৰ জনপ্ৰতিনিধি কিম্বা জননেতা সকলে ধুমুহাত বিধ্বস্ত হোৱা ভূঞাখাট সাহিত্য সভাৰ দৰে বৃহৎ জাতীয় অনুষ্ঠান এটিৰ পয়ালগা অৱস্থাটোৰ প্ৰতি অকনো গুৰুত্ব নিদিয়া কায্যত দুখ প্ৰকাশ কৰিছে।স্থানীয় তথা সাহিত্য প্ৰেমী ৰাইজৰ বৃহত্তৰ জাতীয় অনুষ্ঠানটিৰ প্ৰতি লক্ষ্য কৰি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ খৈৰাবাৰী পৰিষদীয সমষ্টিৰ এম চি এল এ গৰাকীৰ ওচৰত দাবী জনাইছে।

ওৰাঙত চোৰাং গৰু ভৰ্তি বাহন জব্দ আৰক্ষীৰ

ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্টীয় ঘাই পথত ৩ফেব্ৰুৱাৰীৰ  পুৱা  চোৰাং গৰু ভৰ্তি বাহন এখন জব্দ কৰিবলৈ সক্ষম হৈছে ওৰাং আৰক্ষীয়ে। আৰক্ষী সুত্ৰে জানিব পৰা মতে ৩ফেব্ৰুৱাৰী ৰাতিপুৱা থানা সন্মুখতে নিয়মীয়া তালাচী চলাই আছিল ওৰাং আৰক্ষী থানাৰ এটা আৰক্ষী দলে। আৰক্ষী দলটোৱে তালাচী চলাই থকাৰ সময়তে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা নম্বৰবিহীন এখন গৰু ভৰ্তি বলে’ৰ গাড়ী দেখা পাই ৰবলৈ কয়। 

নিয়মীয়া তালাচীৰ কিছু নিলগত চালক জনে গাড়ী খন ৰখাই যদিও চালক জনৰ সৈতে আন দুজন ব্যক্তি গৰু বৰ্তি বাহন খন এৰি থৈ পলাই যায় । পাছত ওৰাং আৰক্ষীয়ে ছয়টা চোৰাং প্ৰকাণ্ড  বলধ  গৰুৰ সৈতে বাহন খন জব্দ কৰি থানালৈ লৈ আহে । ওৰাং আৰক্ষীয়ে নম্বৰবিহীন চোৰাং গৰু ভৰ্তি বাহন খনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত  গোচৰ নং -২০/২২ ইউ এচ- ৩৭৯/৪১১ এটি গোচৰ পঞ্জীয়ন কৰাৰ উপৰিও গো সুৰক্ষা আইন ১৩ (১) ২০২১,আন এটা গোচৰ ৰুজু কৰি  তদন্ত  অব্যাহত ৰাখিছে ।

নগৰবেৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কৰ্ম বিৰতি অব্যাহত

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকা ভিত্তিক অস্থায়ী কৰ্মচাৰী সকলৰ কৰ্ম বিৰতি অব্যাহত আছে। পহিলা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা কৰ্মচাৰী সকলৰ কৰ্ম বিৰতিয়ে আজি তৃতীয় দিনত ভৰি দিয়াৰ পাছতো বিষয়টো ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ণ বিভাগৰ লগতে চৰকাৰী পক্ষই গুৰুত্বাৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আন্দোলনকাৰী সকলে।

চাকৰি নিয়মীয়াকৰণ, ৬০ বছৰ বয়সলৈকে চাকৰি বাহাল ৰখা, আৰ অ পিৰ ব্যৱস্থা কৰা, সম কামৰ সম বেতন প্ৰদান কৰা, চৰকাৰী কৰ্মচাৰীৰ দৰে  সুবিধা প্ৰদান কৰা, খালি হোৱা পদত অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি ঠিকা ভিত্তিক কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰাৰ দাবীত ছমৰীয়া উন্নয়ণ খণ্ডৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে কাৰ্যালয় চৌহদত কৰ্ম বিৰতি আন্দোলন অব্যাহত ৰাখিছে।

ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ কৰ্ম বিৰতিত একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে উন্নয়ণ খণ্ডৰ বিভিন্ন কামকাজ। কৰ্মচাৰী সকলৰ ন্যায্য দাবীৰ প্ৰতি গুৰুত্ব নিদিলে কৰ্ম বিৰতি অনিৰ্দিষ্টকালীন হোৱাৰো হুংকাৰ দিয়ে কৰ্মচাৰী সকলে। সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰি কৰ্মচাৰী সকলৰ দাবী পূৰণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে আন্দোলনকাৰী কৰ্মচাৰী সকল।

এপাটৰ অৰ্থসাহাৰ্যত গুনগত মীনপোনা উৎপাদনৰ প্ৰশিক্ষণৰ শুভাৰম্ভ

ৰাজ্যখনৰ মীন উৎপাদনৰ অন্যতম উপাদান গুণগত মীনপোনা উৎপাদনৰ বাবে ‘ অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প ‘ ( এপাট ) ৰ সৌজন্যত  মীন মহাবিদ্যালয় ,ৰহাই মীন বিভাগ , অসমৰ সহযোগত এলানি বিশেষ গুণগত মীন পোনা উৎপাদন শীৰ্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । ৰাজ্যখনৰ আগশাৰীৰ প্ৰায় দুশ মীনপোনা উৎপাদন হেচ্ছাৰীৰ  স্বত্বাধিকাৰীক সামৰি আয়োজন কৰা এই লানি বিশেষ প্ৰশিক্ষণ কাৰ্যসুচীৰ শুভাৰম্ভ কৰা হয় মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ণ খণ্ডৰ ভেহগুৰি  এম ভি স্কুল প্ৰাঙ্গঁনত । জিলাখনৰ প্ৰায় ৫০ জন মীনপোনা উৎপাদনকাৰী  আৰু আগশাৰীৰ পোনা প্ৰতিপালনকাৰীয়ে অংশগ্ৰহণ কৰা  এই প্ৰশিক্ষণৰ  শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি অংশগ্ৰহণ কৰি ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ডঃ বিনোদ কলিতাই এপাৰ্টৰ জৰিয়তে গুণগত মীনপোনা উৎপাদনত লোৱা এই পদক্ষেপৰ শলাগ লয় ।

ভাষণত ডঃকলিতাই  মীন পোনা উৎপাদনকাৰী সকলে একমাত্ৰ অধিক লাভৰ বাবে মনোযোগ নিদি উন্নত মানৰ পোনা উৎপাদন কৰি মীন পালকসকলৰ লগতে ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায় । বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দলংঘাট উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া সমীপ কুমাৰ ডেকাই মীন পালনৰ বাবে লবলগীয়া সাৱধানতাৰ লগতে অধিক গুণগত মাছৰ পোনা উৎপাদৰ কাৰ্যব্যৱস্থাৰ আহ্বান জনায় ।  মৰিগাঁও জিলা মীন উন্নয়ণ বিষয়া ভাস্কৰ জ্যোতি নাথে   জিলাখনত মাছ উৎপাদনৰ খতিয়ান দাঙি ধৰি মাছ উৎপাদন বৃদ্ধিৰ বাবে গুণগত মানদণ্ডৰ মীনপোনাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰে আৰু এই সন্দৰ্ভত ‘মীন পোনা বেংক’ স্হাপনৰ পোষকতা কৰে । অনুষ্ঠানত এপাৰ্ট( মীন)ৰ ৰাজ্যিক কতৃত্বশীল বিষয়া ডঃ ধ্ৰুৱজ্যোতি শৰ্মা আৰু বিশ্ববেংকৰ  অৰ্থসাহাৰ্যত ৰূপায়িত এপাৰ্টৰ মীন সমন্বয়ক ডঃ সঞ্জয় শৰ্মাই গুণগত মীনপোনা উৎপাদনৰ বিভিন্ন কৌশল যেনে হৃষ্ট-পুষ্ট গাভিৰ্নী মাছহে প্ৰজননৰ বাবে ব্যৱহাৰ কৰা , একেটা’ ব্ৰিডিং’ পুলত একে সময়তে এটা প্ৰজাতিৰ মাছ প্ৰজনন কৰা আৰু প্ৰতিবছৰে প্ৰজননৰ বাবে ব্যৱহাৰ কৰা মাছখিনি সালসলনি কৰাত গুৰুত্ব প্ৰদান কৰে ।

তেওঁলোকে  গুণগত গাভিৰ্নী মাছক ‘টেপিং’ কৰাৰ বিভিন্ন কৌশলো  সভাত অৱগত কৰে । অনুষ্ঠানত বিশ্ব মৎস্য সন্থা(WORLD FISH) ৰ কাৰিকৰী নিৰ্দেশনাত প্ৰকাশ কৰি উলিওৱা “গুণগত মাছপোনা  উৎপাদনৰ বাবে উত্তম ব্যৱস্থাপনা অনুশীলন” পুস্তিকা খনি উন্মোচন কৰা হয় । অন্যান্য বিষয়া কৰ্মচাৰীৰ লগতে মীন মহাবিদ্যালয়ৰ অধ্যাপক ড‍ঃ প্ৰদীপ চন্দ্ৰ ভূঞা ,মীন উন্নয়ণ বিষয়া আনোৱাৰ হুছেইন খানে অংশগ্ৰহণ কৰি মীন পোনা উৎপাদনকাৰী সকলৰ মাজত সঘনাই যোগাযোগ অক্ষুন্ন ৰাখিবলৈ এটা একত্ৰিত গ্ৰুপ খোলাৰ পৰামৰ্শ আগবঢ়ায় । প্ৰশিক্ষণৰ শেষত মীনপোনা উৎপাদনকাৰী সকলে ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকৰ হেচ্ছাৰীবোৰত অকল গুণগত মানদণ্ডৰ মীনপোনাহে উৎপাদন কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

২৪ ঘন্টাত দেশত ক’ৰণাত আক্ৰান্ত ১.৭২ লাখ লোক

যোৱা কিছুদিনৰ পৰা দেশত নতুনকৈ ক’ৰনাত আক্ৰান্তৰ তুলনাত সুস্থ হোৱা লোকৰ সংখ্যা অধিক দেখা পোৱা গৈছে। চৰকাৰী তথ্য অনুসৰি  যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ১৭২৪৩৩ জন লোক। ৰাষ্ট্ৰীয় টীকাকৰণ অভিযান মতে, বৰ্তমানলৈ দেশত ১৬৭.৮৭ কোটি লোকক ভেকচিন প্ৰদান কৰা হৈছে।

ইফালে, ভাৰতত বৰ্তমানেও ক’ৰনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৫৩৩৯২১ জন ৰোগী। আনহাতে, যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ২৫৯১০৭জন লোক। বৰ্তমান সময়ত আৰোগ্যৰ হাৰ ৯৫.১৪ শতাংশ। দুখৰ খবৰ যে এই সময়চোৱাত ভাৰতত ক’ৰনাত আক্ৰান্ত ১০০৮জন লোকে প্ৰাণ হেৰুৱায়।  

স্থগিত নহয় GATE ২০২২ পৰীক্ষাঃ উচ্চতম ন্যায়ালয়

GATE 2022 Exam

গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং চমুকৈ গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি স্পষ্ট কৰি দিছে। আইআইটি খৰগপুৰে ক’ৰনা সৃষ্ট পৰিৱেশৰ বাবে এই পৰীক্ষা পিচুৱাবলৈ আৱেদন দাখিল কৰিছিল। কিন্তু অৱশেষত উচ্চতম ন্যায়ালয়ে এই পৰীক্ষা স্থগিত বা পিচুওৱা নহয় বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে, দুদিন পাছত অৰ্থাৎ ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব গেট ২০২২। ৫, ৬ ফেব্ৰুৱাৰী, ২০২২ত অনুষ্ঠিত হ’ব এই পৰীক্ষা। ইফালে, আইআইটি খৰগপুৰে ইতিমধ্যে ট্ৰেভেল পাছ পৰীক্ষাৰ্থীসকলৰ বাবে উপলব্ধ কৰিছে যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব নালাগে।

গেলাবিল হাইস্কুলত ফ্ল’ৰ’ছিছৰ প্ৰতিৰোধ-নিয়ন্ত্ৰণৰ সজাগতা সভা

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ বিশেষ আয়োজনত জিলাখনৰ শিক্ষানুষ্ঠান সমূহত চলি আহিছে ফ্ল’ৰ’ছিছ ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সন্দৰ্ভত বিশেষ সজাগতা সভা । এই অভিযানৰ সফল অংশ ৰূপে আজি (২ফেব্ৰুৱাৰী) ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয়ত অনুৰূপ সজাগতা সভা অনুষ্ঠিত হয় । বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰীৰ উৎসাহজনক উপস্থিতিত অনুষ্ঠিত সভাত জিলা স্বাস্থ্য বিভাগৰ স্বাস্থ্য বিষয়া ডাঃ মৃদুল চৰেণ ,কাণ-নাক-ডিঙিৰ বিশেষজ্ঞ ডাঃ হিৰণ্য কুমাৰ গয়াৰী,ওৰাং ব্ল’ক পিএইচিৰ সহকাৰী আচনি প্ৰৱন্ধক জুমিশ্ৰী শৰ্মা সমন্বিতে কেইবাগৰাকী স্বাস্থ্য কৰ্মী উপস্থিত থাকে । স্বাস্থ্য বিষয়াদ্বয়ে পৃথিৱীৰ ভূ-গৰ্ভত থকা ফ্ল’ৰাইড নামৰ এবিধ ৰাসায়নিক পদাৰ্থ অত্যধিক মাত্ৰাত পানী বা খাদ্যৰ মাধ্যমেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ফ্ল’ৰ’ছিছ ৰোগে দেখা দিয়ে বুলি উল্লেখ কৰে ।

দাত হালধীয়া পৰা ,হাত বা ভৰি বেকা হোৱা, ভৰি ভিতৰ -বাহিৰ বা সন্মুখৰ ফালে হালি পৰা , আঠুৰ ওপৰত ফুলি উঠা ,কম বয়সতে বৃদ্ধাৱস্থাৰ লক্ষণ দেখা দিয়া , পেট গধুৰ লাগি থকা ইত্যাদি ফ্ল’ৰ’ছিছৰ লক্ষণ বুলি সকলোকে অৱগত কৰে ।ফ্ল’ৰ’ছিছৰ উপস্থিতি পানীৰ পৰীক্ষা ,তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা ,হাড়ৰ এক্সৰেৰ দ্বাৰা কৰিব পৰা সন্দৰ্ভতো সাৱলীল ব্যাখ্যা কৰে তেওঁলোকে ।বিশেষ ফিল্টাৰৰ ব্যৱহাৰ ,বৰষুণৰ পানী সংগ্ৰহ, অন্যান্য ফ্ল’ৰাইডমুক্ত পানীৰ ব্যৱহাৰৰ দ্বাৰা ফ্ল’ৰাইডবিহীন পানী কেনেকৈ পাব পাৰি তাৰো মনোজ্ঞ বিশ্লেষণ আগবঢ়ায় স্বাস্থ্য বিষয়াদ্বয়ে ।ফ্ল’ৰ’ছিছৰ পৰা পৰত্ৰাণ পাবলৈ কেলছিয়াম ,মেগ্নেছিয়াম ,ভিটামিন-চি, প্ৰটিন যুক্ত আহাৰ যেনে গাখীৰ ,আমলখি ,নেমু ,ভেণ্ডি ,সেউজীয়া শাক-পাচলি ,তিলৰ লাড়ু বা পিঠা ,কণী ছয়াবিন আদি খাবলৈ ছাত্ৰ-ছাত্ৰীসকলৈ পৰামৰ্শ আগবঢ়ায় ।

এই মনোজ্ঞ সজাগতা সভাৰ প্ৰাৰম্ভতে বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেই চমু আদৰণি ভাষণ আগবঢ়ায় ।বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা দুই গৰাকী স্বাস্থ্য বিষয়াক ফুলাম গামোচাৰে সন্মান যছা হয় ।ইয়াৰ মাজতে শিক্ষাৰ্থী জুমনজ্যোতি হাজৰিকা , কুহি বৰা ,ভাগ্যশ্ৰী মাহাতোৱে সভাত বোধগম্য হোৱা বিষয়বস্তুৰ ওপৰত সুন্দৰ ব্যাখ্যা আগবঢ়ায় ।