Home Blog Page 2635

খাগ্ৰাবাৰীত ১৯সংখ্যক সৰ্বভাৰতীয় অন্ঠাইগৌৰা বডোছা ভলীবল স্বৰ্ণ কাপ চেম্পিয়নশ্বিপ

ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু খাগ্ৰাবাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সহযোগত ওদালগুৰি জিলা খাগ্ৰাবাৰী জনতা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে ১৯ সংখ্যক সৰ্বভাৰতীয় অন্ঠাইগৌৰা বডোছা  স্বৰ্ণ কাপ ভলিবল চেম্পিয়নশ্বিপ।বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা এগৰাকী মহান নেতা অন্ঠাইগ্ৰা বডোছাৰ স্মৃতি সোঁ‌ৱৰণিত বিগত ১৮ বছৰে  ৯ জানুৱাৰী দিনটোত খাগ্ৰাবাৰী অঞ্চলত ভলিবল খেল অনুষ্ঠিত কৰি আহিছে। যাৰ পৰিপেক্ষিতত এইবেলিও ৭ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ৯ জানুৱাৰীলৈ তিনিদিনিয়া কাৰ্যসূচীৰে ওদালগুৰি জিলা খাগ্ৰাবাৰীত অনুষ্ঠিত কৰা হৈছে ১৯ সংখ্যক সৰ্বভাৰতীয় অন্ঠাইগৌৰা ভলীবল চেম্পিয়নশ্বিপ।

 
বিভিন্ন ঠাইৰ পৰা প্ৰায় ১২ টা দলে অংশ গ্ৰহণ কৰা  উক্ত ভলিবল প্ৰতিযোগিতাখন আজি ৮ জানুৱাৰী শনিবাৰ দিনা সুভ মুকলি কৰে  বিটিআৰ ক্ৰীড়া, আৰু সাংস্কৃতিক  বিভাগৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়োয়ে।


লগত উপস্থিত থাকে ক্ৰমে সদৌ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়ো, ওদালগুৰি জিলা বিদ্যালয় উপ পৰিদৰ্শক ভূমিধৰ বড়ো,অসম ফুটবল সন্থাৰ উপসভাপতি লক্ষী ৰাম বড়ো, ভেৰগাঁ‌ও জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি খৰ্গেশ্বৰ বৰা, টংলা ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰত ৰাভাৰ লগতে  ক্ৰীড়া সন্থা আৰু এবছুৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।

বিগত বছৰত এই খেল প্ৰতিযোগিতা দেশৰ বিভিন্ন ৰাজ্যৰ পৰা খেলুৱৈ আহি অংশ গ্ৰহণ কৰিছিল কিন্তু এইবেলি কৰ’না আৰু অমিক্ৰণৰ প্ৰতি লক্ষ্য ৰাখি আৰু সম্পূৰ্ণ চৰকাৰী নিৰ্দেশনা অনুযায়ী কিছু সিথিলভাৱে খেল খন অনুষ্ঠিত কৰিছে আৰু সম্পূৰ্ণভাৱে ক’ভিডৰ সতৰ্কতা অৱলম্বন কৰা হৈছে বুলি উদ্যোগক্তা সকলে জানিব দিয়ে ।

পিতৃ মাতৃ স্বদেশী, পুত্ৰ বিদেশী!

কামৰূপ জিলাৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বদলা পথাৰ গাৱৰ এটা পৰিয়াললৈ বিদেশী ন্যায়াধীকৰণৰ এটা ৰায়দানে নমাই আনিছে ঘোৰ অমানিশা। জানিব পৰা মতে বদলা পথাৰ গাওঁৰ ৪৭ বছৰীয়া সমেজ আলী নামৰ লোক জনক যোৱা  ৫ জানুৱাৰীত বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰি প্ৰেৰণ কৰে গোৱালপাৰা জিটেনশ্বন কেম্পলৈ। উক্ত ঘটনাই বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। পৰিয়ালৰ মতে সমেজ আলী এজন বৈধ ভাৰতীয় নাগৰিক, সকলো বৈধ নথি পত্ৰ থকা স্বত্বেও অন্যায় ভাৱে সমেজ আলীক বিদেশী সজোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজ তথা ভোক্তভোগী পৰিয়ালৰ লোকে। সমেজ আলীৰ পত্নীয়ে প্ৰকাশ কৰা মতে বদলা পথাৰ গাৱৰ হাচেন আলীৰ পুত্ৰ  সমেজ আলী (৪৭) বিগত ২০০৪ চনত গুৱাহাটীত দিন হাজিৰা কাম কৰিবলৈ গৈছিল তাতে সীমান্ত আৰক্ষীয়ে তেওঁক সোধপোচৰ বাবে  নাম ঠিকনা লিখি লৈছিল।

ইমানতে সকলো ঠিকেই আছিল, পিছত ২০১৫ চনত তেওঁৰ নামত বিদেশী বুলি গোচৰ পঞ্জীয়ন হৈছিল আৰু সেই গোচৰৰ ভিত্তিত ৫ জানুৱাৰী তাৰিখে উপস্থিত হৈছিল বিদেশী ন্যায়াধীকৰণ আদালতত। তাতেই তেওঁক বিদেশী ঘোষণা কৰি বিদেশী ন্যায়াধীকৰণে প্ৰেৰণ কৰে ডিটেনশ্বন কেম্পলৈ। এতিয়া সচেতন ৰাইজৰ মাজত প্ৰশ্ন উদ্ৰেক হৈছে  পিতৃৰ ১৯৫১ চনৰ এন আৰ চি ১৯৬৬ চনৰে পৰা ভোটাৰ তালিকাত  নাম সন্নিবিষ্ট হৈ থকাৰ বিপৰীতে সমেজ আলীয়েও  ১৯৯৭ চনৰে পৰা সাব্যস্ত কৰি আছে ভোটদান। ইয়াৰ ওপৰিও তেওঁৰ আছে ভোটাৰ কাৰ্ড, পেন কাৰ্ড আধাৰ কাৰ্ড আদি বিভিন্ন বৈধ প্ৰমাণ পত্ৰ। তেনে অৱস্থাত কিহৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণে বিদেশী সজাই তেওঁক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰিলে তাকলৈ ৰাইজে শুকুৰবাৰে  সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। বিনাচৰ্তে সমেজ আলীক মুক্তিৰ দাবী জনায় ৰাইজ তথা পৰিয়ালৰ লোকে।

কেঁচা তামোলক লৈ আহি আছে নতুন SOP

ক’ভিড ভাইৰাছ অথবা যান-বাহনক লৈ নহয়, এইবাৰ তামোলক লৈ অসম চৰকাৰৰ SOP। মিজোৰামত উৎপাদিত কেঁচা তামোল অসমত বিক্ৰয়ৰ বাবে আহি আছে নতুন SOP। ইতিমধ্যে এই SOP প্ৰস্তুত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি হাইলাকান্দিত সংবাদ মাধ্যমক এই কথা অৱগত কৰে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে।


উল্লেখ্য যে, বাৰ্মিজ চুপাৰিৰ পিছত এতিয়া আৰক্ষীয়ে অসমত প্ৰবেশ বন্ধ কৰি ৰাখিছে মিজোৰামত উৎপাদিত তামোলৰ। যোৱা দুদিনৰ পৰা মিজোৰামৰ পৰা অহা প্ৰায় ৩০ খন তামোলভৰ্তি গাড়ী অসমৰ প্ৰবেশ পথত বন্ধ কৰি থৈছে হাইলাকান্দি আৰক্ষীয়ে। এতিয়াও ৩০খন ব্যৱসায়িক বাহনত মজুত আছে তামোল। প্ৰতিখন গাড়ীত গড়ে ৬০ মোনৰো অধিক তামোল বোজা কৰা আছে। অসম আৰক্ষীয়ে ৰামনাথপুৰ ৰে’ল ষ্টেচনৰ কাষতে বাহনসমূহক অসমত প্ৰবেশৰ অনুমতি দিয়া নাই। ইয়াৰ পূৰ্বেও হাইলাকান্দি আৰক্ষীয়ে এই কেঁচা তামোল অসমত প্ৰবেশত বাধা প্ৰদান কৰিছিল। ইয়াৰ পিছতে এই ঘটনাক লৈ বিধানসভাত সৰব হৈছিল বিধায়ক সুজাম উদ্দিন।

সুদীৰ্ঘ ১৩ বছৰৰ মূৰত দিল্লীত সৰ্বাধিক বৰষুণ

এনেই হাড় কঁপোৱা জাৰ, তাতেই শণিবাৰে প্ৰচণ্ড বৃষ্টিপাত। দিল্লীত কালি পুৱাৰে পৰা হোৱা মুষলধাৰ বৃষ্টিপাত গোটেই নিশা অব্যাহত থকাৰ ফলত চহৰখনৰ বিভিন্ন অঞ্চলত পানী জমা হৈছে।

যোৱা ১৩ বছৰৰ মূৰত জানুৱাৰী মাহত সৰ্বাধিক বৰষুণ লাভ কৰিছে চহৰখনে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ৱেৱচাইটৰ পৰা লাভ কৰা তথ্যৰ আধাৰত এই কথা সদৰি হৈছে। এই বৰষুণৰ বাবে বায়ুৰ গুণগত মান আৰু অধিক বেয়া হৈছে। পাৰাস্তম্ভৰ মানো যথেষ্ট তললৈ গৈছে চহৰখনত।

৬৭ বছৰে স্নান নকৰা এজন মানুহ

হাঁড় কঁপোৱা জাৰত স্নান কৰি কাৰনো ভাল লাগে! এজন মানুহে স্নান নকৰাকৈ কিমান দিন থাকিব পাৰে? এদিন, দুদিন, এসপ্তাহ বা বৰ বেছি এমাহ! আজি এনে এজন মানুহৰ কথা ক’ম, যিয়ে গা ধোৱা নাই ৬৭ বছৰ।

হয়, ঠিকেই শুনিছে, ইৰানৰ এই বৃদ্ধজনে ৬৭ বছৰ ধৰি গাত ঢলা নাই পানী।দেশখনৰ সংবাদ মাধ্যমে এই ‘কীর্তি’ জনোৱাৰ পাছত সকলোৰে চকু কপালত উঠিছে। স্বাভাৱিকতে তেওঁলোকৰ প্রশ্ন, তেন্তে এই বৃদ্ধই দুনিয়াৰ সকলোতকৈ ‘লেতেৰা, অপরিষ্কার’ ব্যক্তিজন নেকি?

তেহৰান টাইমছ নামৰ ইৰাণৰ সংবাদ পত্রৰ দাবী, কেৰমানশ্বাহ প্রদেশৰ দেজগাহ গাঁওৰ বাসিন্দা আমো হাজিয়ে স্নানাগাৰত সোমোৱা নাই প্রায় সাত দশক। ৮৭ বছৰ বয়সীয়া বৃদ্ধ হাজিয়ে কয় যে পানী দেখিলেই ভয় লাগে তেওঁৰ। ভাব হয় স্নান কৰিলেই অসুস্থ হৈ পৰিব! বহু বছৰ চাবোন-চেম্পু নলগা বাবে তেওঁৰ চেহেৰা যথেষ্ট সলনি হৈছে।

সংবাদ মাধ্যমৰ দাবী, যৌৱনকালত মনত বেথা পোৱাৰ পাছৰে পৰা জন শূণ্য ঠাইত বসবাস আৰাম্ভ কৰে তেওঁ। নিজৰ জীৱন-যাপনো সলনি কৰি পেলায়।

শীতকালত বাৰে বাৰে টয়লেটলৈ কিয় যাব লাগে?

Two businessmen at urinals, one looking over other's shoulder

সাধাৰণতে দেখা যায় যে শীতকালত পানী খোৱাৰ প্ৰৱণতা হ্ৰাস পায়। গ্ৰীষ্মকালত আমি খোৱা পানীৰ পৰিমাণতকৈ শীতকালত যথেষ্ট হ্ৰাস হয়। যদি আপুনি ঠাণ্ডাত লেপ বা কম্বলৰ তলত এবাৰ প্ৰৱেশ কৰে, তেন্তে টয়লেটলৈ যোৱাটো কঠিন হৈ পৰে। কিন্তু আপুনি জানেনে শীতকালত বাৰে বাৰে কিয় প্ৰস্ৰাৱ কৰিব লাগে? বিশেষজ্ঞসকলে কৈছে যে ইয়াৰ আঁৰত বহুতো কাৰণ আছে। বিশেষকৈ ঋতুৰ পৰিৱৰ্তনৰ লগেলগে আমাৰ শৰীৰতো বহুতো পৰিৱৰ্তন হয়। সেইকাৰণে এনে হয়।

Two businessmen at urinals, one looking over other’s shoulder

চিকিৎসকৰ মতে, শৰীৰৰ অংগবোৰ সুৰক্ষিত কৰিবলৈ শীতকালত ৰক্ত নলীৰ সংকোচন হয়। ৰক্ত সঞ্চালন বৃদ্ধি হ’লে এনে হয়। ফলস্বৰূপে, শৰীৰৰ অন্যান্য অংগৰ দৰে বৃক্কলৈ ৰক্ত সঞ্চালন বৃদ্ধি হয়। বিজ্ঞানৰ ভাষাত এই পদ্ধতিক ভেচোকনষ্ট্ৰিক্স বুলি কোৱা হয়। ফলস্বৰূপে, বৃক্ক স্বাভাৱিকতকৈ বহু বেছি কাম কৰিবলে ধৰে। আৰু সেইকাৰণে প্ৰস্ৰাৱৰ পৰিমাণো বৃদ্ধি হয়।

বিশেষজ্ঞসকলৰ মতে, বাৰে বাৰে টয়লেটলৈ যোৱাৰ প্ৰৱণতা হাইপোথাৰ্মিয়াৰ লক্ষণ হ’ব পাৰে। যদি এই ৰোগত আক্ৰান্ত হয়, সঘনাই প্ৰস্ৰাৱ কৰিলে শৰীৰৰ কম্পন, শ্বাস-প্ৰশ্বাসৰ সমস্যা, হৃদস্পন্দনৰ দুৰ্বল আদিৰ দৰে সমস্যা হ’ব পাৰে। এই ক্ষেত্ৰত যিমান সম্ভৱ সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

নেপালে কাঢ়ি ল’ব ভাৰতৰ তিনি ভূখণ্ড

সীমান্তৰ বিতর্কিত তিনি ভূখণ্ড কালাপানী, লিম্পিয়াধুৰা আৰু লিপুলেখক লৈ ভাৰতৰ সৈতে মতানৈক্য তীব্রতৰ হৈছিল হিমালয়ান ৰাষ্ট্র নেপালৰ ৷ পৰৱর্তী সময়ত এই মতানৈক্যৰ অৱসান ঘটাই দুয়োখন দেশে স্বাভাৱিক সম্পর্ক ঘূৰাই আনিবলৈ প্রচেষ্টা চলায় ৷ কিন্তু পুনৰ সেই তিনি ভূখণ্ডক ভাৰতৰ হাতৰ পৰা কাঢ়ি লোৱাৰ হুংকাৰ দিলে নেপালৰ কমিউনিষ্ট পার্টীয়ে ৷ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া ৷ মাত্র কেইদিনমান পিছতে নেপালৰ প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেউবাই ভাৰত ভ্রমণ কৰাৰ কথা ৷ ইয়াৰ পূর্বে কমিউনিষ্ট পার্টীয়ে সীমান্তৰ তিনি ভূখণ্ড নেপালৰ বুলি দাবী কৰা বিষয়টোৱে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷

নেপাল কমিউনিষ্ট পার্টীৰ অষ্টম সাধাৰণ সন্মিলনত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে ৷ সন্মিলনত উপস্থিত আছিল দলৰ কেন্দ্রীয় কমিটীৰ ২৩৬গৰাকী সদস্য৷ দলৰ মুৰব্বী পুষ্পকমল দাহাল ওৰফে প্রচণ্ডৰ উপস্থিতিত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ‘দ্য পাথ টু ছ’চিয়েলিজম ইন দ্য টুৱেণ্টী ফাষ্ট চেঞ্চুৰী’ শীর্ষক এক প্রতিবেদন দাখিল কৰে প্রচণ্ডই৷ লক্ষণীয়ভাৱে এই প্রতিবেদনত কেইবাটাও বিষয় সন্নিৱিষ্ট কৰা হৈছে৷ নেপালৰ সংসদত তিনি ভূখণ্ডক অন্তর্ভুক্ত কৰি গৃহীত কৰা মানচিত্রক গুৰুত্ব দিয়া হৈছে প্রতিবেদনত ৷ অকল সেয়াই নহয়, ১৯৫০ চনৰ ভাৰত–নেপাল চুক্তি সংশোধন কৰি নতুন চুক্তি কৰিব লাগিব বুলিও যুক্তি দর্শোৱা হৈছে এই প্রতিবেদনত ৷

নতুনকৈ ক’ভিডত আক্ৰান্ত ১.৪১ লাখ লোক

দেশত ক’ভিডৰ তৃতীয় লহৰ, শণিবাৰে নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ১,৪১,৯৮৬ জন লোক। ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে ভেকচিন প্ৰদান কাৰ্যসূচী জোৰদাৰ কৰিছে। ১৫-১৮ বছৰ বয়সৰ সকলকো এইবাৰ সামৰি লৈছে। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ২৮৫ জন লোকৰ।

উল্লেখনীয় যে, যোৱা শুকুৰবাৰৰ তুলনাত আজি ২১ শতাংশ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। দেশৰ মেট্ৰ’চহৰবোৰত ভয়াৱহভাৱে সংক্ৰমণ হৈছে ভাইৰাছৰ। দিল্লীত নিতৌ ১৫ শতাংশকৈ বাঢ়িছে আক্ৰান্ত। যোৱা ২৪ ঘন্টাত দিল্লীত নতুনকৈ আক্ৰান্ত হৈছে ১৭,৩৩৫ জন। বিভিন্ন চহৰত নৈশ সান্ধ্য আইন আৰু সপ্তাহৰ শেষৰ দিনটোত সান্ধ্য আইন জাৰি কৰা হৈছে। অসমতো মুখ্যমন্ত্ৰীয়ে সংবাদ মেল সম্বোধন কৰি ক’ভিডৰ নতুন প্ৰট’কল ঘোষণা কৰিছে।

সৰিয়হৰ খেতি কৰি স্বাৱলম্বী খৈৰাবাৰীৰ যুৱক

যি সময়ত একাংশ শিক্ষিত নিবনুৱাই চাকৰি  বিচাৰি হাবাথুৰী খাই ফুৰিছে, কিম্বা পেটৰ তাৰনাত বহিৰাজ্যলৈ গৈ কঠোৰ পৰিশ্ৰম কৰি আছে। থিক তেনে সময়তে ওদালগুৰি জিলা খৈৰাবাৰী কুহিয়াৰকুছি মালদাংপাৰা গাঁ‌ৱৰ কেইজনমান  যুৱকে সান নামৰ এটা NGO গঠন কৰি কোনোধৰণৰ চৰকাৰী সাহায্য নোহোৱাকৈ বিগত কেইবা বছৰ ধৰি খেতি কৰি উপাৰ্জনৰ বাট মুকলি কৰি আহিছে লগতে আন কেইজনমান যুৱককো নিয়োজিত কৰি অঞ্চলটোত স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে।

সেয়েহে সান NGO য়ে অন্য বছৰৰ দৰে এইবছৰো প্ৰায় ৮০ বিঘাৰো অধিক সৰিয়হৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ দিশে গতি কৰিছে। তেওঁলোকে কয় যে বিচাৰিব জানিলে নিজৰ ঠাইতে সোণ পোৱা যায় যাৰ পৰিপেক্ষিতত তেখেত সকলে এইবছৰৰ ৫০০-কুইন্টেলৰো অধিক সৰিয়হ উৎপাদন কৰাৰ আশা প্ৰকাশ কৰিছে, সেয়েহে বৰ্তমান সময়ত চাকৰী বিচাৰি বহিৰাজ্যলৈ যোৱাত কৈ নিজৰ ঠাইতে ভালদৰে খেতি কৰি স্বাৱলম্বী হ’ব পাৰে সেয়েহে সকলোৱে  কৰ্মমুখি হওক বুলি আহ্বান জনাইছে।

শিক্ষাবিদ,জ্যেষ্ঠ অধিবক্তা শুকুৰাম দাসৰ মৃত্যু

নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী শেনচোৱা নিৱাসী শিক্ষাবিদ, জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী শুকুৰাম দাস (৮১)ৰ শুকুৰবাৰে পুৱা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । শুকুৰবাৰে পুৱা হঠাৎ অসুস্থ হৈ পৰা শুকুৰাম দাসে আকস্মিকভাৱে মৃত্যুক সাবটি লয়। শেনচোৱা অঞ্চলৰ প্ৰতিটো সামাজিক কামত নেতৃত্ব প্ৰদান কৰা শুকুৰাম দাসে শেনচোৱা বালক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ৰ পৰা ১৯৬১ চনত পি. ইউ. পাছ কৰে। আনহাতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সমান্তৰালভাৱে বৃহত্তৰ শেনচোৱা অঞ্চলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্রত তেওঁ মনোনিৱেশ কৰে আৰু শেনচোৱা আনন্দৰাম বৰকাকতী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে দুবছৰ কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছতে তেওঁ ধুবুৰীৰ ষ্টেটিক্স এণ্ড ইকনমিক্স বিভাগৰ চাকৰিত যোগদান কৰে আৰু ধুবুৰী কলেজৰ পৰা ১৯৬৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে।

পৰবৰ্তী সময়ত উক্ত চাকৰি ইস্তফা দি তেওঁ পুনৰ নগাঁৱৰ নিজা ঘৰলৈ ঘূৰি আহে। আনহাতে বিগত ৫০ বছৰে এক বিশেষ চিকিৎসা পদ্ধতিৰে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি অহা শুকুৰাম দাসৰ চিকিৎসাত ভালে সংখ্যক কৰ্কট ৰোগীয়ে আৰোগ্য লাভ কৰে বুলি জানিব পৰা গৈছে ।অতি সম্প্ৰতি নেচনেল বায়ডাইভাৰচিটি অথ’ৰিটিয়ে দাসৰ এই বিশেষ চিকিৎসা পদ্ধতিক স্বীকৃতি প্ৰদান কৰে বুলি জানিব পৰা গৈছে ।আনহাতে ১৯৮৮ চনত দাসে নগাঁও আইন মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে আইনৰ ডিগ্ৰী লাভ কৰে। আনহাতে ১৯৭২ চনৰ পৰা কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰি লাভ কৰা অভিজ্ঞতাখিনিক লৈ শুকুৰাম দাসে “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ?” শীৰ্ষক এখন গ্ৰন্হ লিখি উলিয়ায়।

৯ জানুৱাৰীত উক্ত গ্ৰন্থখন দিছপুৰ প্ৰেছ ক্লাৱত উন্মোচন কৰাৰ কথা। দুখৰ বিষয় যে শুকুৰবাৰে পুৱা আকস্মিকভাৱে দাসে মৃত্যুক সাবটি লোৱাত তেওঁৰ সেই ইচ্ছা অসম্পূৰ্ণ হৈ ৰ’ল। আনহাতে দাসৰ মৃত্যুৰ বাবে গ্ৰন্হখনৰ উন্মোচন স্হগিত ৰখা বুলি তেওঁৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।পৰবৰ্তী সময়ত গ্ৰন্থখন পৰিয়ালৰ লোকে উন্মোচন কৰিব বুলিও জনায় । নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ জড়িত দাসক অসম সাহিত্য সভাই ‘নিজৰ দিন’ উপলক্ষ্যে দাসক ব’হাগৰ ওলগ জনায়। শুকুৰাম দাসৰ মৃত্যুত নগাঁও বাৰ এছচিয়েচন, নগাঁও জিলা সাহিত্য সভা, নগাঁও প্ৰেছ ক্লাৱ, অৰুণোদয় সাহিত্য চ’ৰা, শেনচোৱা আঞ্চলিক উৎসৱ উদযাপন সমিতি, ৰণাংগন প্ৰকাশন, ক্ৰান্তিকাল প্ৰকাশনৰ উপৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত জ্যেষ্ঠ অধিবক্তা দাসে পত্নী, জ্যেষ্ঠ পুত্ৰ তথা ৰণাংগন বাৰ্তালোচনী আৰু সপ্তাহিক কাকতৰ সম্পাদক মিণ্টু দাসৰ লগতে এগৰাকী কন্যা আৰু এজন পুত্ৰ,বোৱাৰী, নাতি অসংখ্য আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।