বিশ্বৰ শতাধিক দেশত কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ই নতুন আতংকৰ সৃষ্টি কৰিছে। এনে সময়তে ভূতৰ ওপৰত দানহৰ দৰে চাইপ্ৰাছত ধৰা পৰিছে কোভিডৰ আন এক প্ৰজাতি। এই কথাই অধিক চিন্তিত কৰি তুলিছে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলক। উল্লেখ্য কোভিডৰ ডেল্টা প্ৰজাতিৰ পিছত কিছুদিন পূৰ্বে ইজৰাইলত ধৰা পৰিছিল কোভিডৰ এক প্ৰজাতি ফ্লোৰনা। ইজৰাইলৰ চৰকাৰে দেশ খনত কোভিডৰ বিৰুদ্ধে চতুৰ্থ ভেকছিন বুষ্টাৰ ডজ প্ৰদানৰ কাম আৰম্ভ কৰিছে যাতে নতুন প্ৰজাতি বিধে অধিক লোকক আক্ৰান্ত কৰিব নোৱাৰে। ৰোগ প্ৰতিৰোধৰ শক্তি কম থকা লোকসকলৰ বাবে বুষ্টাৰ ডজ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে সতৰ্কতাৰ খবৰ প্ৰকাশ হৈ থকাৰ মাজতে চাইপ্ৰাছত ধৰা পৰিছে ডেল্টাক্ৰন নামৰ আন এক কোভিড প্ৰজাতি।
ইজৰাইলত “ফ্লোৰোনা” ৰ প্ৰথমটো ঘটনা চিনাক্ত হৈছিল। “ফ্লোৰোনা” কোভিড আৰু ইনফ্লুৱেঞ্জাৰ মিশ্ৰিত সংক্ৰমণ বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ৰ লক্ষণসমূহ কোভিডৰ আন প্ৰজাতিৰ দৰেই যদিও “ফ্লোৰোনা” ত আক্ৰান্ত হোৱা জনৰ দেহত ইনফ্লুৱেঞ্জাৰ লক্ষণেও দেখা দিয়ে। ফ্লোৰোনাৰ পিছত এইবাৰ চাইপ্ৰাছত ধৰা পৰিছে কোভিডৰ আন এক প্ৰজাতি। এই নতুন প্ৰজাতি বিধৰ নাম ৰখা হৈছে ‘ডেল্টাক্ৰন’ বুলি। নতুনকৈ ধৰা পৰা ডেল্টাক্ৰন প্ৰজাতিৰ ডেল্টা প্ৰজাতিৰ সৈতে একে আনুবংশিক মিল আছে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মন্তব্য কৰিছে। চাইপ্ৰাছ বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি আৰু আণৱিক ভাইৰোলজী গৱেষণাগাৰৰ মুৰব্বী লিওণ্ডিঅছ কোষ্ট্ৰিকিছে কয় কোভিডৰ নতুন প্ৰজাতি ডেল্টাক্ৰনত আক্ৰান্ত লোকৰ দেহত লক্ষণৰ সঘন পৰিৱৰ্তন হয়।
এই নতুন প্ৰজাতিটোৰ ডেল্টা প্ৰজাতিৰ সৈতে একে আনুবংশিক পৃষ্ঠভূমি আছে। উল্লেখ্য কোভিডে এতিয়া নিতৌ নতুন নতুন ৰূপত মূৰ দাঙি উঠিছে। চাইপ্ৰাছৰ স্বাস্থ্যমন্ত্ৰী হাডজি পাণ্ডেলাছে কয় যে ড০ কোষ্ট্ৰিকিছৰ নেতৃত্বত এটা বিশেষজ্ঞৰ দলে এই বিষয়ত গৱেষণা কৰি সাফল্য লাভ কৰিছে। এয়া দেশ খনৰ বাবে এক বৃহৎ সাফল্য বুলিও তেওঁ কয়। চাইপ্ৰাছত ধৰা পৰা এই নতুন প্ৰজাতি বিধৰ বৈজ্ঞানিক নাম এতিয়ালৈকে দিয়া হোৱা নাই যদিও শীঘ্ৰে নাম ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।
কেইবাটাও কাৰ্যসূচীৰে যোৱা বুধবাৰে গুৱাহাটীৰ পৰা উজনি অসমলৈ ৰাওনা হয় অসমৰ অন্যতম জনপ্ৰিয় দৈনিক বাতৰি কাকত “দৈনন্দিন বাৰ্তা”ৰ সম্পাদক শংকৰ গোহাঞি।ইফালে উজনি অসমৰ কাৰ্যসূচী সমাপ্ত কৰি শনিবাৰে উপস্থিত হয় বিশ্বনাথ চাৰিআলিত। বিশ্বনাথ চাৰিআলিত উপস্থিত হোৱা পূৰ্বে বিহালী বৰগাংত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিক সম্পাদক তথা কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক অনিল বনীয়া নেতৃত্বত এটা দলে “দৈনন্দিন বাৰ্তা” কাকতৰ সম্পাদক শংকৰ গোহাঞিক সাক্ষাৎ কৰি সাম্প্ৰতিক অসমৰ বিভিন্ন সমস্যা পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে । ইফালে ছাত্ৰ মুক্তিৰ নেতৃত্বক সম্পাদক গোহাঞিদেৱে বহু কেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।
শণিবাৰে পূৱা ৯ বজাত গোহাঞিয়ে গুপ্তকাশী বিশ্বনাথ ঘাট পৰিদৰ্শন কৰাৰ লগতে বাবা বিশ্বনাথ মন্দিৰত অসমবাসীৰ মংগলৰ কামনাৰে সেৱা ধৰি আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ উপৰিও বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ ঘাট পৰিদৰ্শন কৰি সম্পাদক গোহাঞিয়ে স্থানীয় সাংবাদিক সকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে বিশ্বনাথ ঘাটক অসমৰ ভিতৰতে এখন জাকত জিলিকা পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম। লগতে চৰকাৰৰ ওচৰত ইয়াৰ গুৰুত্ব আৰোপ কৰাৰ কথাও কয়।
অন্যহাতে বিশ্বনাথ ঘাটৰ পৰা পোনে পোনে গুৱাহাটীলৈ ৰাওনা হোৱাৰ পথত জামুগুৰীহাটত “দৈনন্দিন বাৰ্তা” কাকতৰ সম্পাদক গৰাকীক আদৰণি জনোৱা হয়।জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক লেখক সাংবাদিক বিশিষ্ট সমাজ কৰ্মী নলিনী ৰঞ্জন ভূঞা, দৈনন্দিন বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক জোন বৰা সাহিত্যিক হিমাংশু ৰঞ্জন ভূঞাই দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক গৰাকীক আদৰণি জনাই জামুগুৰীহাটৰ সমুহ ৰাইজৰ হৈ। আনহাতে বিশিষ্ট সমাজ সেৱাক তথা শিক্ষক নলিনী ৰঞ্জন ভূঞাৰ লগতে উপস্থিত ৰাইজৰ লগত অন্তৰংগ আলাপ কৰে সম্পাদক গৰাকীয়ে।সম্পাদক গৰাকীৰ সৈতে এই ভ্ৰমন কালত মৰিগাঁও দৈনন্দিন বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক গৌতম কাকতি আৰু বিশ্বনাথ চাৰিআলিৰ সাংবাদিক শ্ৰীমন্ত দাসে সংগ দিয়ে।