Home Blog Page 2633

দিনে দিনে বাঢ়িছে ডেল্টাক্ৰনৰ সন্ত্ৰাস

দেশত দিনে দিনে বাঢ়িছে ক’ভিড সংক্ৰমণ। ক’ভিডৰ তৃতীয় ঢৌত দেশৰ প্ৰায় প্ৰতিখন চহৰ-নগৰে উৱা-দিহ হেৰুৱাইছে। সোমবাৰে দেশত মুঠ কভিড আক্ৰান্তৰ সংখ্যা ১,৭৯,৭২৩ হৈছে। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৯ জন। যোৱা সপ্তাহটোত ভাৰতত ক’ভিডত আক্ৰান্ত হৈছে মুঠ ৬,৩৮,৮৭২ জন লোক। এই সংখ্যা পূৰ্বৰ সপ্তাহৰ তুলনাত ৬গুণ বেছি। উল্লেখ্য যে ২৭ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ক’ভিডত আক্ৰান্তৰ সংখ্যা আছিল ১,০২,৩৩০জন। যোৱা সপ্তাহৰ প্ৰথম দিনটোত অৰ্থাৎ ৩ জানুৱাৰীত ৩৩,৭৫০ জন ক’ভিড পজিটিভৰ পৰা বৃদ্ধি হৈ সপ্তাহৰ শেষৰ দিনটোত আক্ৰান্তৰ সংখ্যা হয়গৈ ১.৫০লাখৰ অধিক। একেদৰে, মৃত্যু হোৱা লোকৰ সংখ্যাও হঠাৎ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বিগত সপ্তাহটোত। ২৭ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯৫ ৰ পৰা বাঢ়ি বিগত সপ্তাহটোত হৈছেগৈ ৭৬১। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ক’ভিডত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা দেশখন হৈছে ভাৰত। অৱশ্যে আক্ৰান্তৰ হাৰেৰে ভাৰতৰ স্থান চতুৰ্থ।

ৰাজ্যত পুনৰ সংগঠিত বোৱাৰী হত্যাৰ ঘটনা

ধুবুৰী জিলাৰ চাপৰত সংগঠিত হৈছে এক লোমহর্ষক হত্যা কাণ্ড । চাপৰ থানাৰ অন্তৰ্গত তথা শালকোচা আৰক্ষী চকীৰ অধিনস্ত ধীৰঘাট মাৰৰোৱাৰ টিলাত সংঘটিত হয় এই জঘন্য হত্যা কাণ্ড । অভিযোগ মৰ্মে যোৱা ২৭ ডিচেম্বৰত স্বামী আমিনুল ইছলাম, জেচমিনা খাতুন, শহুৱেক আনছেৰ আলী, শাহুৱেক জমিৰণ নেছা আৰু ৰহিমা খাতুনে আজিদা বেগমক এটি বন্ধ কোঠালিত সোমোৱাই বাহিৰৰ পৰা তলা লগাই জুই লগাই দিয়ে। পিছত আজিদা বেগমৰ মৰণ কাতৰ চিঞৰত ওচৰ চুবুৰীয়া অহাত উল্লেখিত স্বামীৰ পৰিয়ালে ৰাইজৰ সন্মুখত আজিদা বেগমক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। 

ইপিনে আজিদা বেগমৰ চিকিৎসাৰ নামত স্বামীৰ পৰিয়ালে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত কৰি ঘৰত আবদ্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে চতুৰ স্বামীৰ পৰিয়ালে আজিদা বেগমৰ শাৰীৰিক অবস্হাৰ অবনতি দেখি কৌশলগত ভাবে দাবি ধমকিৰে আজিদা বেগমক মুমৰ্ষ অৱস্থাত নিজৰ পিতৃৰ ঘৰত থৈ যায়। মাজ নিশা ১২:৩০বজাত আজিদা বেগমে মৃত্যুক আঁকোৱালি লয়। ইপিনে আজিদা বেগমৰ পিতৃয়ে ন্যায় বিচাৰি চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লাহৰীঘাটৰ বৰছলাত ড্ৰাগছ সৰবৰাহকাৰীক আটক

মৰিগাঁও জিলাৰ -লাহৰীঘাটৰ বৰছলা আৰক্ষীয়ে দেওবাৰে নিশা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম ফকৰ উদ্দিন ( ২৬ )।

বৰছলা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পলাশজুৰি গাঁৱৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক কৰে। 

মুঠ দহটা কেন্দ্রত হ’ব আৰক্ষী কনিষ্টবলৰ লিখিত পৰীক্ষা

অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অহা ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ ৰাজ্যত মুঠ ১০টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব এই পৰীক্ষা৷ সেই অনুসৰি তিনিচুকীয়া, যোৰহাট, তেজপুৰ, ডিফু, শিলচৰ, বঙাইগাঁও, গুৱাহাটী, নগাঁও কোকৰাঝাৰ আৰু হাফলঙত থাকিব অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কেন্দ্র৷ দেওবাৰে এক জাননীযোগে এই কথা সদৰী কৰিছে অসম আৰক্ষীয়ে ৷

প্রার্থীসকলে পৰীক্ষা কেন্দ্র নিজৰ সুবিধা অনুযায়ী বাছি ল’ব পাৰিব৷ অৱশ্যে এবাৰ বাছনি কৰাৰ পাছত প্রার্থীসকলে সলনি কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্র৷ উল্লেখ্য যে অসম আৰক্ষীৰ এ বি আৰু ইউ বি শাখাৰ কনিষ্টবলৰ লগতে বিভিন্ন পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ ইতিমধ্যে এই পদসমূহৰ বিপৰীতে অনুষ্ঠিত হৈছে শাৰীৰিক পৰীক্ষা৷ মুঠ ২,৪৫০টা পদৰ বাবে প্রকাশ কৰা হৈছে বিজ্ঞাপন৷

জন্মদিনত অনুৰাগীলৈ হৃত্বিকৰ উপহাৰ কি?

নিজৰ জনপ্ৰিয়তা, অনুৰাগীক ধৰি ৰাখিবলৈ আজিকালি প্ৰায় প্ৰতিগৰাকী তাৰকা ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। ইনষ্টাগ্ৰামত অধিক সক্ৰিয়ৰূপত দেখা যায় বেছিভাগ অভিনেতা-অভিনেত্ৰীক। আৰু নিজৰ জন্মদিনটোত আগন্তুক ছবিখনৰ ফটো, পোষ্টাৰ বা নতুন ভিডিঅৰ অংশ মুকলি কৰি চমক দিব বিচৰাতো একপ্ৰকাৰ নিয়ম হৈ উঠিছে।

এইবাৰ জন্মদিনত অনুৰাগীৰ বাবে নিজৰে এখন নতুন ভংগীৰ ফটো প্ৰকাশ কৰিলে অভিনেতা হৃত্বিক ৰোশনে। আগন্তুক ছবি বিক্ৰম বেদাত দেখা পাবলগীয়া হৃত্বিকৰ চৰিত্ৰৰ প্ৰথম ফটোখন আজি মুকলি কৰিছে খোদ অভিনেতাগৰাকীয়ে। এই ছবিখনত গেংষ্টাৰ বেদাৰ ৰূপত দেখা যাব হৃত্বিকক। আনহাতে, অনুৰাগীয়ে ছইফ আলী খানক দেখা পাব পুলিচ বিষয়া বিক্ৰমৰ ৰূপত।

জাৰত কঁপিছে হিন্দীবলয়

জাৰত থৰথৰকৈ কঁপিছে দেশৰ হিন্দীবলয়। দিনে দিনে যেন নিম্নগামী হৈছে পাৰাস্তম্ভৰ মান। দিল্লী, পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, ৰাজস্থান, মধ্যপ্ৰদেশকে ধৰি উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতৰ কেবাখনো চহৰ তথা ৰাজ্যত সৰ্বনিম্ন হৈছে পাৰাস্তম্ভৰ মান। প্ৰচণ্ড শীতৰ মাজতে হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে জনজীৱন স্থৱিৰ হৈ পৰিছে।

মানুহে উম বিচাৰি নিহালিখনকে টানি আঁজুৰি লৈছে অথবা একুৰা জুঁই বিচাৰি ৰৈ গৈছে। জানিব পৰা মতে, সুদীৰ্ঘ ২৭ বছৰৰ মূৰত এইটো আটাইতকৈ সেমেকা জানুৱাৰী বুলি অভিহিত হৈছে। ইপিনে, হিমালয়ৰ পাৰ্শ্বৱৰ্তী পাহাৰীয়া ৰাজ্যকেইখনতো অত্যধিক হিমপাত হৈছে। বৰষুণ আৰু হিমপাতৰ বাবে হিমাচলত জৰুৰী সেৱা ৰদ হৈছে।

মাজুলীৰ কবি, লিখক শংকুসিদ্ধ নাথলৈ ‘আজিৰ কবিতা’ৰ ২০২১ বৰ্ষৰ কাব্য প্ৰেৰণা বঁটা

 মাজুলীৰ যুৱ কবি তথা সাহিত্য সংগঠক দৰিয়া গাওঁৰ নিৱাসী শংকুসিদ্ধ নাথক “আজিৰ কবিতা”ৰ ২০২১-ৰ কাব্য প্ৰেৰণা বঁটা প্ৰদান কৰা হয় | অসমৰ জনপ্ৰিয় কাব্য পত্রিকা ‘আজিৰ কবিতা’ৰ ৩য় সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ‘আজিৰ কবিতা’, মেজাংকৰী প্ৰকাশন আৰু নগাঁও আলিপুখুৰী শাখা সাহিত্য সভাৰ সন্মিলিত উদ্যোগত নগাঁওৰ বটদ্ৰৱাস্থিত শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অাজি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা বটাঁ প্ৰদান , সম্বৰ্ধনা, গ্ৰন্থ উন্মোচনী আৰু কাব্যানুষ্ঠানৰ কাৰ্যসূচীত কবিগৰাকীলৈ এই বটাঁ প্ৰদান কৰা হয় | বিশিষ্ট সমালোচক তথা কবি বিপুল শৰ্মাই সঞ্চালনা কৰা সভাখন উদ্বোধন কৰে সাহিত্য সংগঠক তথা কবি কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ বৰুৱা, আজিৰ কবিতা’ৰ সম্পাদক বিনয় চলিহা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ প্ৰাঃ সভাপতি দিল্স লক্ষ্মীন্দৰ সিংহ, ৰোণাল্ডো টাইদ, হেমেন ৰাজবংশী, দুলাল বৰা, ইন্দ্ৰমোহন বৰুৱা,মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা প্ৰমুখ্যে অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰাৰ পিছতে দুই শতাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত সভাখনৰ অন্যতম কাৰ্য্যসূচী স্বৰূপে শংকুসিদ্ধ নাথক তেওঁৰ অসমীয়া ভাষা সাহিত্য আৰু কাব্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে গামোচা, চেলেং, প্ৰশস্তি পত্র আৰু স্মাৰক প্ৰদানেৰে আজিৰ কবিতা’ৰ অই বঁটা প্ৰদান কৰা হয় |  শংকুসিদ্ধ নাথে বটাঁ লাভ কৰাৰ খৱৰে সাহিত্যনুৰাগীসকল উৎফুল্লিত হোৱাৰ লগতে মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা প্ৰমুখ্যে বিভিন্ন দল-সংগঠনে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছে |

হাজোত বিজেপিৰ সহযোগ নিধি অভিযানৰ শুভাৰম্ভ

হাজো সমষ্টিৰ অন্তৰ্গত শ্বহীদ নগেন ডেকা গাওঁ পঞ্চায়তৰ সভাগৃহত ভাৰতীয় জনতা পাৰ্টী হাজো ও উত্তৰ হাজো মণ্ডলৰ সহযোগ নিধি অভিযান আজি আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰা হ’য় । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে সমগ্ৰ ৰাজ্যৰ  সমান্তৰালকৈ আজি হাজো সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টী হাজো মণ্ডল আৰু উত্তৰ হাজো মণ্ডলৰ সহযোগ নিধি যুটীয়াভাবে মুকলি কৰা হয় ।হাজো মণ্ডলৰ সভাপতি ভূপেন কলিতাৰ পৌৰহিত্যত শ্বহীদ নগেন ডেকা গাওঁ পঞ্চায়তৰ সভাগৃহত অনুস্থিত আজিৰ সভাত হাজো সমষ্টিৰ পৰা ১০০ শতাংশই সহযোগ নিধিত সহযোগ আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই ।

সভাত কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰ ,কামৰূপ জিলা বিজেপিৰ সাধৰণ সম্পাদক গৌতম কলিতা,হাজো মণ্ডলৰ উপ সভাপতি বিষ্ণু পাঠক ,হাজো মণ্ডলৰ সাধাৰণ সম্পাদক মৃনাল কলিতা,বিজেপি কৰ্মী মনোজ দাস,পৰেশ দাস, উত্তৰ হাজো মণ্ডলৰ সাধাৰণ সম্পাদক মৃনাল কলিতা,মণ্টু দাস,মহেশ্বৰ দাসকে প্ৰমুখ্য কৰি দুয়োটা মণ্ডলৰ অন্তৰ্গত দলীয় কাৰ্যকতা সকল উপস্থিত থাকে । এই সহযোগ নিধিৰ জৰিয়তে বিজেপি দলৰ নেতা কৰ্মী বিষয়ববীয়া, সমৰ্থিত কাৰ্যকৰ্তা, শুভকাংশীৰ পৰা ৫০টকাৰ পৰা ১৯৯৯ টকালৈ নিজৰ সাধ্যনুসৰি আৰ্থিক বৰঙণি সংগ্ৰহৰে দলৰ আৰ্থিক ভেটি মজবুত কৰাৰ লগতে দলীয় অনুষ্ঠান প্ৰতিষ্ঠান চলোৱাত খৰচ বহনত এই বৰঙনি ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে।তদুপৰি আজিৰ সহযোগ নিধিত বিধায়িকা সুমন হৰিপ্ৰীয়াক প্ৰত্যক্ষভাৱে সহযোগ আগবঢ়াই বিজেপি কৰ্মী মনচুব আলী,মনোজ দাস,পৰেশ দাস,মনাহকুছি পঞ্চায়তৰ সভানেত্ৰী মঞ্জু দাস,১ নং হাজো গাওঁ পঞ্চায়তৰ সভানেত্ৰী টুটুমণি দাস,তিলমা মেধিকে প্ৰায় সংখ্যক দলীয় কাৰ্যকৰ্তাই।

কুলীৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ শ্ৰীনাথ কে

উচ্চাকাংক্ষা থাকিলে যে আকাশ চুব পাৰি, তাকে প্ৰমাণ কৰিলে কেৰেলাৰ শ্ৰীনাথ কে. নামৰ এজন ষ্টেশ্বনত বয় বস্তু কঢ়িওয়া কুলীয়ে। মাথোঁ প্ৰয়োজন এক শৃংখলিত পৰিকল্পনা আৰু লক্ষ্যত উপনীত হোৱাৰ মানসিকতাৰে কৰা অধ্যৱসায়ৰ। চাওঁ আহক কুলীৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষালৈকে ৰণৰ বেগী ঘোঁৰা হৈ চেঁকুৰা শ্ৰীনাথ কেৰ যাত্ৰাৰে এক প্ৰতিবেদন।

কেৰালা ৰাজ্যৰ মুন্নাৰ জিলাৰ এন্নাকুলাম নামৰ এটা ষ্টেছনত কৰ্মৰত এইজন শ্ৰীনাথ কে। দৈনিক এক গতানুগতিক ধাৰাত ঘৰৰ পৰা ওলাই গৈ ষ্টেছনত ৰৈ থাকে শ্ৰীনাথ। কাম- যাত্ৰীৰ বয় বস্তু কঢ়িওয়া। দৈনিক উপাৰ্জন কৰে ৪০০ৰ পৰা ৫০০ টকা। কিন্তু বৰ্তমানৰ ব্যয়বহুল পৃথিৱীখনত সেইখিনি টকাৰে নিজৰ পৰিয়ালটো পোহপাল দি চলি থাকিবলৈ সন্মত নাছিল শ্ৰীনাথ। নিজৰ কন্যাকো দিব বিচাৰিছিল এটা স্বাচ্ছন্দ্যৰ জীৱন। সেয়েহে শ্ৰীনাথে পণ কৰিছিল। তেওঁ ইয়াৰ বিকল্প উলিয়াবই। শ্ৰীনাথে মন বান্ধি লৈছিল লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে। পিছে এক বুজন পৰিমাণৰ মাচুল ভৰি প্ৰয়োজনীয় প্ৰশিক্ষণ লবলৈ অপাৰগ আছিল শ্ৰীনাথ। তেনে সময়তে শ্ৰীনাথে সহায় লৈছিল নিজৰ স্মাৰ্ট ফোনটো আৰু ষ্টেছনৰ ফ্ৰী ৱাই ফাইৰ। আৰু অধ্যৱসায় তথা গভীৰ একাগ্ৰতাৰ ফলত শ্ৰীনাথ সফলতাৰে উত্তীৰ্ণ হল কেৰালা লোকসেৱা আয়োগৰ পৰীক্ষাত।

শ্ৰীনাথে প্ৰমাণ কৰিলে যে উচ্চাকাংক্ষা থাকিলে যে আকাশ চুব পাৰি। মাথোঁ প্ৰয়োজন এক শৃংখলিত পৰিকল্পনা আৰু লক্ষ্যত উপনীত হোৱাৰ মানসিকতাৰে কৰা অধ্যৱসায়ৰ। সিমানতে সীমাবদ্ধ নাথাকি শ্ৰীনাথে আৰম্ভ কৰিলে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও প্ৰস্তুতি। তেওঁ বিফল হল, আকৌ চলালে প্ৰস্তুতি। পুনৰ বিফল হল, কিন্তু থমকি নৰল। আকৌ চেকুৰিল শ্ৰীনাথৰ আত্মবিশ্বাস আৰু দৃঢ়তাৰ ঘোঁৰা। অৱশেষত চতুৰ্থবাৰৰ প্ৰচেষ্টাত শ্ৰীনাথে পাৰ কৰিলে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ দেওনাখনো। অলপতে বিচলিত হোৱা, বিচলিত হৈ বিপথে যোৱা দেশৰ লাখ লাখ নিয়োগ প্ৰত্যাশীৰ বাবে শ্ৰীনাথ এক জলন্ত উদাহৰণ হৈ ৰল।

শ্ৰীনাথে প্ৰমাণ কৰিলে যে দৃঢ়তা থাকিলে, আত্মবিশ্বাস থাকিলে আৰু কোনো এটা লক্ষ্যত উপনীত হোৱাৰ দুৰ্বাৰ হেঁপাহ থাকিলে, আকাশলৈ কিমাননো দূৰ! দেশৰ প্ৰত্যেকগৰাকী যুৱক যুৱতীৰ বাবে শ্ৰীনাথ কে হওক এটা সফলতাৰ প্ৰতীক।

খানামুখ ৰাজহুৱা নামঘৰৰ দুদিনীয়া ভোগালী বিহু

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে কংক্ৰিটৰ মহানগৰী হিচাপে পৰিচিত গুৱাহাটীটো পৰম্পৰা অক্ষুণ্ণ ৰাখি ভোগালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আনহাতে গুৱাহাটীৰ আন আন অঞ্চলৰ লগতে পশ্চিম প্ৰান্তৰ খানামুখ অঞ্চলটোৰো কেবাখনো খেলবাসীয়ে পৰম্পৰা ৰক্ষা কৰি কভিড পৰিস্থিতিৰ মাজতো ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি  আৰম্ভ কৰিছে। এই সন্দৰ্ভত অঞ্চলটোৰ ডাঙৰ খেল হিচাপে পৰিগণিত খানামুখ ৰাজহুৱা নামঘৰ ( ফুকনৰ পাৰ) পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক চন্দন কলিতা আৰু প্ৰচাৰ সম্পাদক  প্ৰদীপ কলিতাই (নামান)  জানিবলৈ দিয়া মতে খেলবাসীয়ে ১৩ আৰু ১৪ জানুৱাৰীত দুদিনীয়াকৈ ভোগালী বিহু উদযাপন কৰিব।

১৩ জানুৱাৰীত  নিশা খেলবাসীৰ প্ৰায় ৮০ টা মান পৰিয়ালৰ পুৰুষ মহিলা নিৰ্বিশেষে সকলোৱে নামঘৰৰ বাকৰিত লগে ভাগে উৰুকাৰ ভোজ খাব। তাৰ পাছত পাছদিনা ১৪ জানুৱাৰীত  পুৱা অগ্নি দেৱতাক সাক্ষী কৰি ভেলাঘৰ  জ্বলোৱা হব। তাৰ পাছত বছেৰেকীয়া সভা অনুষ্ঠিত হব। সভাৰ অন্তত প্ৰসাদ বিতৰণৰে দুদিনীয়া ভোগালী বিহুৰ কাৰ্যসূচীৰ সামৰণি মৰা হব। চন্দন কলিতাই জানিবলৈ দিয়া মতে আজি খেলবাসীৰ ডেকা সকলে ভেলাঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে।