Home Blog Page 2632

আম্বানীতকৈও ধনী মেকড’নাল্ডৰ প্রাক্তন কর্মী

ভাৰতৰ ধন কুবেৰ উদ্যোগপতি মুকেশ আম্বানীৰ সম্পত্তিৰ সাম্রাজ্যৰ কথা বহুতেই জানে৷ ধন কুবেৰগৰাকীৰ এই সম্পত্তিক লৈ বিভিন্ন মহলত সঘনে চর্চা চলে৷ বিশ্বৰ সমৃদ্ধিশালী ব্যক্তিৰ তালিকাত থকা মুকেশ আম্বানীতকৈও অধিক সম্পত্তিৰ মালিক হৈছে মেকড’নাল্ডৰ এগৰাকী প্রাক্তন কর্মী৷ যাৰ সম্পত্তিৰ পৰিমাণ ৯,৬০০ কোটি ডলাৰ৷ আবুধাবিত গ্রাঁ প্রিত প্রতি বছৰ চলচ্চিত্র তাৰকা তথা ক্রীড়াবিদসহ খ্যাতনামা ব্যক্তিসকল মিলিত হয়৷ চহৰৰ কেন্দ্রস্থলৰ পৰা কিছু দূৰৈৰ য়াছ দ্বীপত পার্টী কৰিবলৈ এই খ্যাতনামা ব্যক্তিসকলক আমন্ত্রণ জনোৱা হয়৷

যোৱা মাহত আমন্ত্রিত এই গণ্যমান্য ব্যক্তিসকলৰ তালিকাত আছিল মেকড’নাল্ডৰ প্রাক্তন কর্মী চাংপেং ঝাও৷ মেকড’নাল্ডৰ এজন প্রাক্তন বার্গাৰ প্রস্তুতকাৰক তথা ছফ্টৱেৰ ডেভেলপাৰে এই তালিকাত কেনেদৰে স্থান পালে তাক লৈ বহুতেই আশ্চর্য প্রকাশ কৰিছে৷ অবাক হ’বলগীয়া বিষয়ো৷ প্রাক্তন এই বার্গাৰ প্রস্তুতকাৰকে নিশাৰ ভিতৰতে বিশ্বৰ ধনী ব্যক্তিসকলৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ক্রিপ্ট’কাৰেন্সীৰ জৰিয়তে৷ ক্রিপ্ট’কাৰেন্সীৰ জগতখনৰ এক অগ্রগামী পথিক হৈছে ঝাও৷ ক্রিপ্ট’ৰ জৰিয়তেই ঝাও হৈ পৰিছে মুকেশ আম্বানীতকৈও ধনী ব্যক্তি৷ ক্রিপ্ট’ক লৈ চর্চা কৰা লোকসকলৰ মাজত ঝাও ‘ছিজেড’ পৰিচিত৷ সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)তো গুৰুত্বপূর্ণ হৈ উঠিছে ছিজেড৷

আবুধাবিত ধনকুবেৰ ব্যক্তিসকলক পৰামর্শ দিয়াৰ ক্ষেত্রত বিশেষ দায়িত্ব গ্রহণ কৰি আহিছে ঝাৱে৷ গতিকে ডুবাইত বিশাল অট্টালিকা নির্মাণ কৰি তাতেই থাকিবলৈ লৈছে এই ধন কুবেৰজনে৷ ডুবাইৰ বুর্জ খলিফাৰ কাষতেই আছে ঝাওৰ বিলাসবহুল অট্টালিকা৷ ব্লুমবার্গ বিলিয়নেয়ার্ছ ইনডেক্স অনুসৰি ঝাওৰ সম্পদৰ পৰিমাণ ৯৬ বিলিয়ন ডলাৰ৷

বজালীত ভেলাঘৰ সজাত ব‍্যস্ত চেমনীয়া

অসমীয়াৰ বাপতিসাহোন ভোগৰ উৎসৱ এই ভোগালী বিহুক আদৰিবলৈ ৰাজ্য ৰ আন জিলাৰ লগতে নৱগঠিত বজালী জিলাত টোও তো চলিছে তৎপৰতা।সমগ্ৰ ৰাজ্যৰ লগতে পাটাছাৰকুছিতো ভোগালী বিহুৰ উচাহ-উদ্দীপনা ক্ৰমাৎ ই বৃদ্ধি পাইছে‌।অঞ্চলটোৰ বিভিন্ন গাঁৱত চেমনীয়া সকলেও ভোগালী ক আদৰিবলৈ সাজু হৈছে।অসমীয়া ৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ মেজি আৰু ভেলাঘৰ সজাত ব‍্যস্ত হৈ পৰিছে গাঁৱৰ চেমনীয়া যুৱক সকল।পথাৰত পৰা শুকান নৰা কাটি আনি সেই বোৰ বিভিন্ন পন্থাৰে মিহি কৰি আটকধুনীকৈ ভেলাঘৰ সজাত ব‍্যস্ত হৈ পৰিছে যুৱকসকল।তদুপৰি বজাৰ সমাৰত লৈ গ্ৰাহক আৰু ৰাইজৰ হেতা ওপৰা লাগিছে।কিন্তু এই বস্তু বোৰৰ চ’ৰা দামৰ বাবে একাংশ লোকৰ বাবে ভোগালীৰ আপ‍্যায়ন কৰাটো টান হৈ পৰিছে।কৰ’না বিভীষিকাৰ মাজতে ৰাজ‍্যবাসীয়ে ভোগালীক আদৰিবলৈ সাজু হৈ উঠিছে।উজনি পৰা নামনিলৈ সৰ্বত্ৰ পৰিলক্ষিত হৈছে উৎসাহ-উদ্দীপনা,ভেলাঘৰ, সাজি উৰুকাৰ নিশাটোলৈ সাজু হৈছে ৰাজ্যবাসী।

অৱশ্যে দেশৰ লগতে ৰাজ্যত পুনৰ মূৰ দাঙি উঠা কৰ’না-অ’মিক্ৰণৰ বিভীষিকাৰ মাজতে ভোগৰ উৎসৱ ভোগালী আদৰিবলৈ প্ৰস্তুত ৰাজ্যবাসী।উজনি-পৰা-নামনি-নামনি লৈকে ৰাজ‍্যৰ প্ৰান্তে প্ৰান্তে মাঘ বিহুৰ ব্যাপক আয়োজন।এনে পৰিপ্ৰেক্ষিতত কোভিড সংক্ৰান্তীয় নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।কিন্তু চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰিছে যদিও ৰাইজৰ মাজত ভোগালীক আদৰাৰ উৎসাহ কমা নাই।আনকি বহু ঠাইত গাঁওবাসীয়ে পথাৰত ধানখেৰ,নৰা আদিৰে কেতবোৰ প্ৰতীকী সাজি ভেলাঘৰ বোৰ আকৰ্ষিত কৰি তুলিছে।মাঘ বিহুৰ উৰুকা লৈ মাজত কেইটিমান দিন বাকী থকা অৱস্থাত মহামাৰী কৰ’নাৰ ভয়াবহতাৰ কথা পাহৰি আনন্দ -উল্লাহৰ মাজেৰে সকলোৱে মিলিজুলি উৰুকাৰ নিশা এসাঁজ খাবলৈ বহু আশাৰে বাট চাই আছে।মুঠতে মাঘ মাহৰ অগ্নিত জাহ যাব শীতৰ প্ৰকোপ।উল্লেখ‍্য যে গ্ৰামাঞ্চলত মেজি, ভেলাঘৰ গাঁৱৰ ডেকা-বুঢ়া সকলোৱে মিলি আনন্দৰে সাজি উলিয়ায়,এয়া অসমীয়া সমাজৰ এক সংস্কৃতি।কিন্তু বৰ্তমান অতি আধুনিক মনৰ হৈ পৰাৰ লগে লগে পূৰ্বৰ গ্ৰামঞ্চলতো উৎসাহ-উদ্দীপনা কিছু হলেও হ্ৰাস পোৱা দেখা যায়।সমাজৰ এচাম উচ্চাকাংক্ষী লোকে নিজৰ লৰা-ছোৱালীকো সমাজৰ সৈতে অৰ্থাৎ গাঁৱৰ ৰাইজৰ লগত মাঘ বিহুৰ উৰুকাৰ নিশা এসাঁজ ভাত খোৱাৰ সুযোগ নিদিয়াৰ বহু উদাহৰণ আছে।যাৰ ফলত মাঘ বিহুৰ মেজি, ভেলাঘৰৰ সম্পৰ্কে অজ্ঞাত হৈয়ে থাকিবলগীয়া হয় বহু যুৱক- যুৱতী,কিশোৰ কিশোৰী,।তদুপৰি মাঘ বিহু কলেই গাঁৱত ঢেঁকীৰ গুমগুমনি উঠে।গাঁৱৰ বোৱাৰী, জীয়ৰী ভৰিত গৰজি উঠে ঢেঁকীৰ শব্দ।বিভিন্ন পিঠা-পনা,জলপান, আখৈ,সান্দহ আদি যোগাৰ কৰে বিহুৰ বাবে।কিন্তু বৰ্তমান সময়ত ঢেঁকীৰ শব্দ ও কমি আহিছে। চহৰ নগৰ অঞ্চল বোৰৰে দূৰৰে কথা, গ্ৰামঞ্চলতো বজাৰৰ পৰা ক্ৰয় কৰি অনা অনাঅসমীয়া লোকে তৈয়াৰ কৰা পিঠা-জলপানৰে মাঘ বিহুৰ আয়োজন কৰে।এয়া বৰ্তমান সময়ত অসমৰ সংস্কৃতিৰ বাবেই দুঃখজনক বিবেচিত হৈছে।

স্বৰ্ণপীঠ মণ্ডলৰ মাণ্ডলিক পূৰ্ণাংগ নাট সমাৰোহ

অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাটক সমাৰোহৰ সফল সামৰণি পৰে। সোমবাৰে নিশা ১২.৪০ বজাত সামৰণি পৰা নাট সমাৰোহত স্বৰ্ণপীঠ মণ্ডলৰ অন্তৰ্গত জিলা শাখাৰ মুঠ আঠখন নাটক নিৰ্বাচিত হয় যদিও সমাৰোহত সাতখন নাটকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলা নাট্য সন্মিলনৰ অন্তৰ্গত কলাবাৰী শাখা নাট্য সন্মিলন সহযোগত অনুষ্ঠিত স্বৰ্ণপীঠ মণ্ডলৰ পূৰ্ণাংগ নাট সমাৰোহ আৰু দ্বি-বাৰ্ষিক অধিৱেশনত দৰং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাৰ অন্তৰ্গত মুঠ ছয়খন জিলাৰ সাতটা নাট্য দলে অংশগ্ৰহণ কৰে। সোমবাৰে সন্ধ্যা ছয় বজাৰ পৰা অনুষ্ঠিত দ্বিতীয় নিশা নাট প্ৰতিযোগিতাৰ অন্তত  শ্ৰেষ্ঠ দলৰ বঁটা ঘোষণা কৰা হয়। ঘোষণা অনুসৰি মুঠ ১৭টা বঁটাৰ ভিতৰত ইংগিত ঘিলামৰা শাখাই সৰ্বাধিক বঁটা লাভ কৰিবলৈ সক্ষম হয়। ঘোষণা অনুসৰি ইংগিত ঘিলামৰা শাখাৰ মৈদাম’ শীৰ্ষক নাটকে শ্ৰেষ্ঠ নাট্য দলৰ বঁটা লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দল বঁটা লাভ কৰে জেংৰাই মঙ্গলদৈ শাখা নাটক ‘যোগ্য ভোগ্য বসুন্ধৰা’ই। শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰে বিশ্বজিত ডেকাৰ নাটক ‘যোগ্য ভোগ্য বসুন্ধৰা’ই। দ্বিতীয় শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আৰু শ্ৰেষ্ঠ নাট্যকাৰ বঁটা লাভ কৰে হৰেন শইকীয়াই, নাটক ‘মৈদাম’। শ্ৰেষ্ঠ অভিনেতা বঁটা ইংগিত ঘিলামৰা বাস্তৱ শইকীয়া (নাটক-মৈদাম)দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰে ৰাকেশ ডেকাই (যোগ্য ভোগ্য বসুন্ধৰা), শ্ৰেষ্ঠ অভিনেত্ৰী- লিপিকা দেৱী (সাপ আৰু ভেকুলী), দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা বিস্মিতা গগৈ (গিমিগ আৰু গিনিপিগ), শ্ৰেষ্ঠ সহঃঅভিনেতা মাধৱ কেওট (‘শৈশৱতে ধেমালিতে), শ্ৰেষ্ঠ সহঃঅভিনেত্ৰী অপৰূপা বৰা (উজনি বামুনৰ প্ৰেম কাহিনী), শ্ৰেষ্ঠ সংগীত পৰিচালক ভাস্কৰ শৰ্মা, নব চেতিয়া, (মৈদাম), শ্ৰেষ্ঠ পোহৰ নিৰ্দ্দেশনা কুলেন্দু ভূঞা(মৈদাম), শ্ৰেষ্ঠ ৰূপ সজ্জাকাৰ জিতুল কিশোৰ চুতীয়া(মৈদাম), শ্ৰেষ্ঠ মঞ্চ সজ্জাকাৰ নিপন পূজাৰী (শৈশৱতে ধেমালিতে), শ্ৰেষ্ঠ কৌতুক অভিনেতা কিশোৰ নাথ(সাপ আৰু ভেকুলী), কলাবাৰী অঞ্চলৰ সহস্ৰাধিক নাট্য প্ৰেমী ৰাইজৰ উপস্থিতত অনুষ্ঠিত উক্ত নাট প্ৰতিযোগিতা বিচাৰক হিচাপে দায়িত্ব পালন কৰে মুকুল ইডিপাছ, ভূপেন হাজৰিকা আৰু পৱিত্ৰ ৰাজখোৱাই।

দুয়োদিনতে সহস্ৰাধিক নাট্য প্ৰেমী দৰ্শকে জীপাল কৰা নাট সমাৰোহত ড০ পৰমানন্দ ৰাজবংশীৰ দ্বাৰা ৰচিত ‘উজনি বামুনৰ প্ৰেম কাহিনী’ গৌতম পাঠকৰ পৰিচালনাত তেজপুৰ শাখাই মঞ্চস্থ কৰে। ঠিক সেইদৰে ভৱ পূজাৰীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ‘নষ্ট পৰিক্ৰমা’ মঞ্চায়ন কৰে হাৱাজান শাখাই, হৰেন শইকীয়াৰ ৰচিত আৰু পৰিচালিত ‘মৈদাম’ মঞ্চস্থ কৰে ইংগিত ঘিলামৰা শাখাই, দেৱাশীষ বৰুৱাৰ ৰচিত আৰু পৰিচালিত ‘গিমিক আৰু গিনিপিগ’ মঞ্চস্থ কৰে কলাবাৰী শাখাই। ঠিক সেইদৰে বিশ্বজিৎ ডেকাৰ ৰচিত আৰু পৰিচালিত ‘যোগ্য ভোগ্য বসুন্ধৰা’ মঞ্চায়ন কৰে জেংৰাই মংগলদৈ শাখাই। অন্যহাতে প্ৰফুল্ল বৰাৰ ৰচিত আৰু ধৰ্মেন্দ্ৰ নাথৰ পৰিচালনাত ‘সাপ আৰু ভেকুলী’ মঞ্চস্থ কৰে পশ্চিম তেজপুৰ ব্ৰজনাথ শৰ্মা শাখাই। সেৱব্ৰত বৰুৱাৰ দ্বাৰা ৰচিত আৰু নিপন পূজাৰীৰ পৰিচালনাত ‘শৈশৱতে ধেমালিতে’ মঞ্চায়ন কৰে বিহপুৰীয়া শাখাই।

উৰুকাৰ উপহাৰ হিচাপে মুখ্যমন্ত্ৰীলৈ ১০ কেজি ওজনৰ চিতল

উৰুকাৰ প্ৰাকক্ষণত বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা ১০ কিল’গ্ৰাম ওজনৰ এটা চিতল মাছ উপহাৰ মুখ্যমন্ত্ৰীলৈ। উপহাৰ লাভ কৰি নথৈ আনন্দিত আৰু আপ্লুত হৈছে মুখ্যমন্ত্ৰীগৰাকী।

“জাতিটোৰ গতিশীল সাংস্কৃতিক সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি হৈছে মাঘ বিহু। আশাকৰোঁ অসমীয়াৰ বাপতি সাহোন এই বিহুৱে সকলোৰে জীৱন ভোগেৰে ওপচাই তুলিব।” উপহাৰ লাভ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য।

গেলেকীত গৰখীয়া সবাহ,ভোগালী সন্ধিয়া উদযাপন

গ্ৰাম্য সমাজত পৰম্পৰাগত ভাবে চলি অহা গৰখীয়া সবাহ,অর্থাৎ গৰখীয়া ভোগ বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত নষ্টালজিয়াত পৰিণত হৈছে যদিও নাজিৰাৰ ভিতৰুৱা সীমান্তৱতী অঞ্চল গেলেকী লাহন গাঁৱত কালি পূৰ্বৰ দৰেই স্থানীয় গঞা ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে গৰখীয়া সবাহ সমুহীয়া ভাবে উদযাপন কৰে। পূৱাৰ ভাগত অদৃশ্যজনৰ প্ৰতি সেৱা-অৰ্চনাৰে আৰম্ভ হোৱা মাংগলিক কাৰ্যসূচীৰে দুপৰীয়া গৰখীয়া সবাহৰ মূলকাৰ্যসূচী মুকলি কৰি লোকশিল্পী অনুজ ৰাজখোৱাই গৰখীয়া সবাহ,বা গৰখীয়া ভোগৰ তাৎপৰ্যৰ ওপৰত বিশ্লেষণাতক ভাষণত কয়,গৰখীয়া লৰাক ভগৱান শ্ৰীকৃষ্ণৰ লগত তুলনা কৰা হয় আৰু গৰখীয়া লৰাক সন্তোষ্ট কৰামানেই ভগৱান শ্ৰীকৃষ্ণক সন্তোষ কৰা হয়।গৰখীয়া লৰাক গৃহস্থই ঘৰলৈ মাতি আনি অথবা মুকলি স্থান,পথাৰ আদি নানা স্থানত গৰু “উদংমেলা”কৰি আঘোণ-পুহ মাহত কোনো এটা দিনত পালন কৰা হয়।গৰখীয়া সবাহৰ আন কেইবাটাও তাত্বিক আৰু আধ্যাত্মিক কাৰণো থকা বুলি সাংবাদিক তথা লোকশিল্পী অনুজ ৰাজখোৱাই ভাষণত কয়।গৰখীয়া সবাহৰ সামৰণিত গেলেকী দৈখনা সোণালী সমাজৰ প্ৰাংগণত বছাপথাৰৰ বাকৰিত লোকনৃত্য গীতৰ এক মনোজ্ঞ সাংস্কৃতিক কাৰ্যসূচীয়ে সমবেত হেজাৰ-হেজাৰ দৰ্শক-শ্ৰুোতাক আকৰ্ষণ কৰে।

টকৌপাত আৰু কলপাত,নৰা-খেৰ আদিৰে গৰখীয়া সবাহ স্থলী মুকলি পথাৰত নিৰ্মাণ প্ৰাকৃতিক সু-সৰ্জিত মঞ্চত দৈখনা সোণালী সমাজৰ গাভৰু সকলে গ্ৰাম্যভিত্তিক বিহু প্ৰদৰ্শণ,স্থানীয় ৰাংঢালি মহিলা দ’লে পৰিবেশন কৰা জাকৈ নাচে সকলোকে মুগ্ধ কৰাৰ উপৰি গৰখীয়া নৃত্যই সাংস্কৃতিক কাৰ্যসূচীৰ জেউতী চৰায়।এই অনুষ্ঠানত বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ ৰাজনৈতীক বিশ্লেষক চাঁয়ামনি ভুঞা,জ্যেষ্ঠ সাংবাদিক নিপ কুমাৰ বৰুৱা।সন্মানীয় অতিথিদ্বয়ক কৌপাতৰে বাহঁৰ চুঙাত প্ৰস্তুত বৰা চাউলৰ চুঙা চাউল,মহদৈৰ টেকেলি,কাঠ আলু,গুণমালা,চেলেং চাদৰ,গামোছা আদিৰে সম্ভাষণ জনোৱা হয়।পিছত নিউজ লাইভৰ ভোগালী প্ৰস্ততি সাংস্কৃতিক কাৰ্যসূচীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মীনাক্ষী নেওগ,ঐচৰ্য বৰপাত্ৰ গোহাঁই,মণ্টুমনি শইকীয়া,গিতালী কাকতী,দৃষ্টিশিষা আদি ভালে কেইজন শিল্পীয়ে গীতেৰে-সুৰৰে জীপাল কৰি তোলে ভোগালী প্ৰস্তুতি সন্ধিয়া।এই অনুষ্ঠানত গণ শিল্পী ঘণ চেতিয়া,গেলেকী জুনিয়ৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা জ্যেষ্ঠ নাগৰিক সন্মিলণীৰ সভাপতি সুৰেশ চেতিয়া,চিত্ৰ-ভাস্কৰ্য শিল্পী নিৰন্ত গগৈ,বৈষ্ণৱ পণ্ডিত চুচন গগৈ,সমাজকৰ্মী ৰাতুল গগৈকে ধৰি ভালে সংখ্যকে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে।

আগ্ছুৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন

সদৌ অসম গোৰ্খা ছাত্র সন্থা ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন ডিমাকুচী থানা অন্তৰ্গত বামুনজুলিৰ ২ নং চামৰাঙত দুদিনীয়া কাৰ্য্যসূচীৰে সম্পন্ন হয়।  ৮ জানুৱাৰী ২০২১ শনিবাৰে ৰাতিপুৱা মাৰাথন দৌৰেৰে আৰম্ভ হোৱা কাৰ্য্যসূচীত  আগ্ছূৰ পতাকা উত্তোলন কৰে ওদালগুৰি জিলা সমিতিৰ সভাপতি সোঢ়ৰাজ সোনাৰে আৰু শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়াই। অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি বিমল ছেত্ৰীয়ে প্ৰতিনিধি সভাকক্ষ উদ্ঘাটন কৰাৰ পিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়।  ৯ জানুৱাৰী ২০২২ দেওবাৰে দুপৰীয়া ১২:০০ বজাৰ পৰা আগ্ছূ ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰে  সভাপতিত্ব কৰা মুকলিসভা উদ্ধোধন কৰে অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ  সাধাৰণ সম্পাদক পুৰ্ণকিৰাত ৰাইয়ে। আদৰনী সমিতিৰ সভাপতি ডিক বাহাদুৰ ছেত্ৰীয়ে আদৰনী ভাষণ ৰখাৰ পিছত অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয়  সমিতিৰ উপ সভাপতি তথা বি টি চি সদনৰ মনোনীত সদস্য মাধৱ ছেত্ৰীয়ে আগ্ছু ওদালগুৰি জিলা সমিতিৰ মুখপত্ৰ “প্ৰভাত” উন্মোচন কৰে।

আগ্ছু কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰ্জুন ছেত্ৰী মুখ্য অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবড়োৱাৰ লগতে আগ্ছু কেন্দ্ৰীয় সাধাৰণ সম্পাদক নুমল ছেত্ৰীয়েও নিৰ্দিষ্ট ভাষণ আগবঢ়ায়। সভাত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলিপ শইকীয়া, ওদালগুৰি বিধান সভাৰ বিধায়ক গোবিন্দ বছুমতাৰী, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং আদিয়েও আগ্ছুৰ মুকলি সভাত ভাষণ আগবঢ়ায়। বি টি চি সদনৰ কাৰ্য্যকৰী সদস্য  সঞ্জীত তাঁতী, বি টি চি প্ৰমুখৰ ও এচ ডি ৰাজু ঢকাল,আগ্ছু কেন্দ্ৰীয় উপদেষ্টা বিৰেন্দ্ৰ চুব্বা, কাৰ্য্যকৰী সদস্য কুমাৰ কটুৱাল, দুৰ্গা বস্নেত, ত্ৰিদেৱ বিষ্ট, আগ্ছু বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভিপতি জন কুমাৰ চৌহান, উপসভাপতি ৰোহিত কুমাৰ দাহাল, সহ সম্পাদক পুৰ্ণ বিষ্ট, মুখপত্ৰ সম্পাদক সুদৰ্শন ভূষাল, অসম গোৰ্খা সন্মিলন বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি দিলু শৰ্মা, কেন্দ্ৰীয় সদস্য ভীষ্ম উপাধ্যায়, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন কুমাৰ ৰাউত, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ সভাপতি, সম্পাদক উপস্থিত থাকে। আগ্ছু ওদালগুৰি জিলা সমিতিৰ প্ৰতিনিধি সভাত ৰাম ছেত্ৰীক সভাপতি আৰু গোপাল ঢকাল সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয়‌। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্য্যসূচীৰ যৱনিকা পৰে।

ৰাজভৱনত পশুপাম খুলিছে ৰাজ্যপালে!

ৰাজ্য চৰকাৰৰ সৈতে সংঘাতৰ বাবে তেওঁ সংবাদ শিৰোনামত। ৰাজ্য চৰকাৰ তথা শাসক দলৰ আচৰণত ৰুষ্ট হৈ সম্প্রতি বিশ্ববিদ্যালয়ৰ আচার্য পদ এৰিব বিচাৰিছে তেওঁ। সেই ইচ্ছা চৰকাৰীভাৱে মঞ্জুৰ নহ’লেও হাতত থকা সময়ত পশু-পক্ষীৰ তদাৰকত লাগিছে ৰাজ্যপালগৰাকীয়ে। তিৰুৱনন্তপুৰমৰ ৰাজভৱনত যেন পশুপামহে খুলিছে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে। তাত এতিয়ালৈ আছে দুটা বিৰল প্রজাতিৰ গৰু, ১০টা ছাগলী আৰু ২০টা কুকুৰা।

ৰাজ্যপালজনে নতুনকৈ ঘোষণা কৰিছে যে ৰাজভৱনক দুগ্ধ উৎপাদনত স্বনির্ভৰশীল কৰি তুলিবলৈ এই পদক্ষেপ লৈছে। কেৰালাৰ চৰকাৰী প্রাণীবিজ্ঞান বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু পশুপালনৰ প্রশিক্ষকৰ এটি দলে এতিয়া ৰাজভৱনৰ কর্মীক গৰু-ছাগলী পালন কৰা শিকাইছে। সময় পালেই চতুষ্পদ আৰু দ্বিপদ প্ৰাণীবোৰৰ কাণ্ড কাৰখানা চাবলৈ যায় খোদ ৰাজ্যপালগৰাকী।

বাঢ়িয়ে আছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশত কৰোণাৰ উদ্বেগজনক পৰিস্থিতি এতিয়াও একে আছে। আজি তৃতীয় দিনাও ১.৫লাখৰ ওপৰত আছে এদিনত নতুনকৈ সংক্ৰমণৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ১,৬৮,০৬৩ গৰাকী লোক। এই সংখ্যাৰে দেশত ক’ভিড-১৯ পজিটিভ হৈ থকা লোকৰ সংখ্যা হৈছেগৈ ৮,২১,৪৪৬।

একেদৰে বাঢ়ি আছে মৃত্যু হোৱা লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত মৃত্যু হেছে ২৭৭ জন লোকৰ। এই সংখ্যাৰে দেশত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮৪,২১৩ অতিক্ৰম কৰিছে। আনহাতে, মুঠ অমিক্ৰন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪,৪৬১ জনলৈ।

নগাঁৱত ক’ভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

 দেশৰ বাকী অংশৰ লগতে নগাঁৱতো চিকিৎসক তথা স্বাস্থ্যকৰ্মী, ক’ভিড প্ৰতিৰোধ অভিযানৰ সন্মুখশাৰীৰ কৰ্মী (ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ) আৰু গুৰুতৰ উপসৰ্গ (ক’মৰ্বিডিটী) থকা ৬০ বছৰতকৈ অধিক হোৱা যোগ্য হিতাধিকাৰীসকলৰ বাবে ক’ভিড ১৯ ভেকছিনৰ সুৰক্ষাসূচক পালি (প্ৰিক’চন পালি) নগাঁৱৰ বি.পি অসামৰিক চিকিৎসালয়ত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) প্ৰশান্ত বৰুৱাই পুৱা ১০.৩০ বজাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

অনুষ্ঠানটোত নগাঁৱৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালকৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া আৰু কৰ্মীসকলেও অংশগ্ৰহণ কৰে।

নিশা ১০ বজাৰ পূৰ্বে ভোজভাত সমাপ্ত কৰা সম্ভৱ নহয়

মাঘ বিহুৰ উৰুকাৰ নিশা সান্ধ্য আইন পিছুৱাই দিবলৈ আহ্বান।নিশা ১২ বজালৈ সান্ধ্য আইন পিছুৱাই দিবলৈ আহ্বান।উৰুকাত নৈশ সান্ধ্য আইন নিশা ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সংকুচিত কৰাৰ আহ্বান বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীৰ।আজি এক সংবাদমেলযোগে চৰকাৰক এই আহ্বান জনালে গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীয়ে।সংবাদমেলত কয় যে,”নিশা ১০ বজাৰ পূৰ্বে ভোজভাত সমাপ্ত কৰা সম্ভৱ নহয়।সূৰ্য্য উদয় হোৱাৰ আগে আগে মেজি জ্বলোৱা হয়।সেয়ে পুৱা ৫ বজালৈ সান্ধ্য আইন দিবলৈ আহ্বান।”