উল্লেখনীয় যে, মঙলবাৰে ১০ গ্রাম (২৪ কেৰেট) সোণৰ দাম ৪৮,৩০০ টকা আছিল। ডিচেম্বৰৰ শেষৰ ফালে সোণৰ দাম যথেষ্ট কমিছিল। ৩০ ডিচেম্বৰত প্রতি ১০ গ্রাম সোণৰ দাম আছিল ৪৬,৬৮৮ টকা। তাৰ পাছত বছৰৰ আৰম্ভণীতে সোণৰ দাম বৃদ্ধি পাইছিল। কিন্তু কভিড পৰিস্থিতিৰ বাবেই এতিয়া আন্তৰ্জাতিক বজাৰত এই মূল্য হ্ৰাস পাইছে বুলি ব্যৱসায়ী সকলে দাবী কৰিছে।
মাজুলী জিলা উন্নয়ন সমিতিৰ মাহেকীয়া পৰ্যালোচনা সভা বুধবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত পুলক মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত(উন্নয়ন) বিপুল কুমাৰ দাস, মহকুমাধিপতি (সদৰ) ধৃতিমান দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।
সভাখনত উন্নয়নমূলক কামৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বান সমূহ আঁতৰাই কিদৰে মাজুলী জিলাত উন্নয়নমুলক কাম-কাজ সমূহ ত্বৰান্বিত কৰিব পৰা যায় সেই সম্পৰ্কে আলোচনা কৰাৰ লগতে লক্ষ্য নিৰ্ধাৰণ কৰা হয়। উপায়ুক্ত গৰাকীয়ে জিলাখনত বিভিন্ন বিভাগৰ বিষয়াসকলক উন্নয়নৰ অংশীদাৰ হ’বলৈ আৰু বৰ্তমান ৰূপায়ণ হৈ থকা উন্নয়ন মূলক আঁচনি সমূহ সময়মতে ৰূপায়ণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগৰ মুৰব্বীসকলক নিৰ্দেশ দিয়ে।
ক’ভিড মহামাৰীৰ পৰিৱর্তিত প্রকৰণ অমিক্রনৰ সংক্রমণে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো সংহাৰ সৃষ্টি কৰিবলৈ লোৱা বাবেই এইবাৰ মকৰ সংক্রান্তিত হৰিদ্বাৰত নিষিদ্ধ কৰা হৈছে গংগাস্নান৷ হৰিদ্বাৰ জিলা প্রশাসনে মকৰ সংক্রান্তি উপলক্ষে গংগা নদীত পৱিত্র স্নান কৰাৰ ক্ষেত্রত এইবাৰ সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ অকল সেয়াই নহয়, ১৪ জানুৱাৰীত হৰিদ্বাৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইনো জাৰি কৰিছে৷
হৰিদ্বাৰৰ জিলা দণ্ডাধীশ বিনয় শংকৰ পাণ্ডে মকৰ সংক্রান্তিৰ পৱিত্র স্নানৰ পৰা যাতে ক’ভিডৰ সংক্রমণ ঘটিব নোৱাৰে সেই বিষয়টোত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে বিভিন্ন সময়ত ধর্মীয় সমাৱেশৰ পৰাই দেশত ক’ভিড মহামাৰীয়ে দ্রুত সংক্রমণ ঘটাইছিল৷ গতিকে এইবাৰ মকৰ সংক্রান্তিত কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷