Home Blog Page 2636

অসম আৰক্ষীৰ কনিষ্টবলৰ লিখিত পৰীক্ষাত অনিয়মৰ অভিযোগ

অসম আৰক্ষীৰ কনিষ্টবল পদৰ ২০১৮- ১৯ বৰ্ষত ৬৬৬২ টা পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপাৰ একাংশ নিবনুৱা যুৱক বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । যোগীঘোপাৰ একাংশ নিবনুৱা যুৱকে লিখিত পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত কৰি ক্ষোভিত হৈ এতিয়া প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে । উল্লেখ্য যে, প্ৰকাশিত বিজ্ঞাপনৰ মতে শাৰীৰিক পৰীক্ষাৰ ফলাফল অনুসৰি বিভাগটোৰ একোটা পদৰ বিপৰীতে পাঁচজনকৈ প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহিবলৈ ঘোষণা কৰা হৈছিল। কিন্তু বঙাইগাঁও জিলাত এটা পদৰ বিপৰীতে মাত্ৰ দুজনকৈ প্ৰাৰ্থীকহে লিখিত পৰীক্ষাৰত সুযোগ দিয়া বুলি ক্ষোভিত যুৱক সকলে জানিব’লৈ দিয়ে ।

শাৰীৰিক পৰীক্ষাৰ কাট অৱ মাৰ্কৰ ক্ষেত্ৰতটো অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত জিলাখনত এনে বৈষম্যৰ বাবে ক্ষোভিত হৈ পৰিছে চাকৰি প্ৰত্যাশী নিবনুৱা যুৱকসকলে । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ উচিত ন্যায় বিচাৰি কাতৰ আহ্বান জনাইছে চাকৰি প্ৰত্যাশী ভূক্তভোগী নিবনুৱা যুৱক সকলে ।

বাঘবৰৰ এখন আজৱ কাঠৰ দলং

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি ফকিৰপাৰাৰ এখন বিধ্বস্ত কাঠৰ দলঙে যাতায়তৰ  নামত নৰক যন্ত্ৰণাত ভুগাইছে ৰাইজক। জানিব পৰা মতে প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ কৰিছিল দলং খন। ৩০ লক্ষ্যাধিক টকা ব্যয় সাপেক্ষ এবছৰ পূৰ্বে নিৰ্মাণ কৰা দলঙৰ ওপৰেদি পাৰাপাৰ হব নোৱাৰে সাধাৰণ পথচাৰীয়ে ।ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰৰ হেমাহিৰ বাবেই দলং হৈ পৰিল মৰণফান্দ ।

আশ্চৰ্যকৰ ভাবে ৩০ লক্ষাধিক টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰা দলং খনৰ দৈৰ্ঘ মাথো ২০ মিটাৰ মান হে হব ।মিটাৰ প্ৰতি প্ৰায় ডেৰ লাখকৈ টকা ব্যয় কৰি ঠিকাদাৰ মিজানুৰ ৰহমানে ৰাইজলৈ উপহাৰ দিছে এইখন মৰণফান্দ সদৃশ দলং । অতি নিম্ন মানৰ দলং নিৰ্মাণৰ বাবেই এম্বুলেন্স কিম্বা অইন যান-বাহন বাদেই দিয়ক পাৰাপাৰ কৰিব নোৱাৰে সাধাৰণ বাইক এখনো।সাধাৰণ পথচাৰীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েও দলং খনেৰে পাৰাপাৰ হ’ব লাগে খুপি-খুপি, মৰণক শৰণ দি নিতৌ পাৰাপাৰ হবলগীয়া হৈছে সহস্ৰজন। ৰাইজে বাৰম্বাৰ ঠিকাদাৰক আবেদন-নিবেদন কৰা স্বত্বেও গা নলৰিল খামীডাঠ ঠিকাদাৰৰ।

নিকৰ ঘৰত নতুন আলহী! মাক হ’বলৈ ওলাইছে মোহময়ী প্ৰিয়ংকা

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ গায়ক স্বামী নিক জোনাছে চাৰোগেচীৰ জৰিয়তে পিতৃত্ব যাত্ৰা গ্ৰহণ কৰিছে।দম্পতীহালে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে। এই খবৰৰ পাছত তেওঁলোকৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। তথ্য অনুসৰি, প্ৰিয়ংকা আৰু নিক এজনী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। খবৰ অনুসৰি শনিবাৰে দক্ষিণ কেলিফৰ্ণিয়াৰ এখন চিকিৎসালয়ত কেঁচুৱাটোৰ জন্ম হৈছিল। বলিউদ আৰু হলিউডৰ বিভিন্ন তাৰকাই তেওঁলোকৰ এই যাত্ৰাৰ বাবে শুভ কামনা জ্ঞাপন কৰে।

যদিও প্ৰিয়ংকা চোপ্ৰাই প্ৰথমবাৰৰ বাবে মাতৃত্ব গ্ৰহণ কৰিছে, এনে লাগিছে যেন বিশ্বৰ মোহময়ী অভিনেত্ৰীগৰাকী অত্যন্ত স্নেহময়ী মাতৃ হ’ব। শিশুসকলৰ প্ৰতি প্ৰিয়ংকাৰ পূৰ্বৰে পৰাই আছে বিশেষ মৰম। তেওঁ শিশুৰ বাবে যত্নশীল আৰু মৰমীয়াল মহিলা । শিশুসকল কাষত থাকিলে প্ৰিয়ংকাই নিজৰ সকলো মৰম ঢালি দিয়ে। যদি আপুনি ছ’চিয়েল মিডিয়াত প্ৰিয়ংকা চোপ্ৰাক অনুসৰণ কৰে, তেন্তে আপুনি অৱগত হ’ব যে ‘মেৰী কম’ অভিনিত অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে তেওঁৰ সৰু ভতিজী- স্কাই কৃষ্ণাৰ সৈতে সময় অতিবাহিত কৰে। পোছাক পিন্ধাৰ পৰা সাঁতোৰৰ সময়লৈকে শোৱাৰ সময়লৈকে, প্ৰিয়ংকাৰ ভতিজীয়ে এক ছেকেণ্ডৰ বাবে এৰি নিদিয়ে।

যদিও অনুৰাগীসকলে প্ৰিয়ংকা আৰু নিকৰ কেঁচুৱাটো চাবলৈ গভীৰ অপেক্ষা কৰি আছে। আমি তেওঁৰ ভতিজীৰ সৈতে অভিনেত্ৰীগৰাকীৰ মৰমলগা মুহূৰ্তবোৰ আপোনাৰ ওচৰলৈ আনিছো যিয়ে প্ৰমাণ কৰে যে তেওঁ শ্ৰেষ্ঠ “মাম্মা” হ’ব পৰিব।

টেনিছৰ পৰা অৱসৰ ল’ব ছানিয়া মিৰ্জাই!

ভাৰতৰ তাৰকা মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই অৱসৰ ঘোষণা কৰে। ২০২২ বৰ্ষৰ অন্তত সকলো ধৰণৰ টেনিছ খেলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে তাৰকা টেনিছ খেলুৱৈগৰাকীয়ে। ৩৫ বছৰীয়া ছানিয়া মিৰ্জাই তেওঁৰ দ্বৈত সংগী নাদিয়া কিচেনোকৰ সৈতে অষ্ট্ৰেলিয়ান অপেন ২০২২ ৰ পৰা বাহিৰ হোৱাৰ পিছতে অৱসৰৰ কথা ঘোষণা কৰে। অষ্ট্ৰেলিয়ান অ’পেনৰ মহিলাৰ দ্বৈত শাখাত প্ৰথম ৰাউণ্ডতে পৰাস্ত হয় ছানিয়া মিৰ্জা আৰু নাদিয়া। ডাবলছত প্ৰাক্তন বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকীয়ে ২০০৫ চনত হায়দৰাবাদত মহিলা টেনিছ এছ’চিয়েচন (ডব্লিউটিএ) একক খিতাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছিল।

ছানিয়াই শেষবাৰৰ বাবে ছেপ্টেম্বৰত অষ্ট্ৰাভা অপেনত মহিলাৰ দ্বৈত খিতাপ জিকিছিল। ছানিয়াই সকলো বহু-ক্ৰীড়া প্ৰতিযোগিতাত ১৪ টা পদক জিকিছে। তেওঁ মহিলা আৰু মিক্সড ডাবলছ দুয়োটা শ্ৰেণীতে এছিয়ান গেমছৰ বিভিন্ন সংস্কৰণত সাতটা পদক জিকিছে। মিৰ্জাই ২০১০ চনত দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ একক ৰূপৰ পদক আৰু মহিলাৰ দ্বৈত ব্ৰঞ্জৰ পদকো লাভ কৰিছিল।ছানিয়া হৈছে ডাবলছত বিশ্বৰ এক নম্বৰ প্ৰাক্তন আৰু এককত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং আছিল২৭। ছানিয়া বৰ্তমান বিশ্বৰ ৬৮ সংখ্যক স্থানত আছে।

ছানিয়া মিৰ্জাই অষ্ট্ৰেলিয়ান অপেন (২০০৯), ফ্ৰেঞ্চ অপেন (২০১২) জিকিছিল আৰু আন এজন ভাৰতীয় তাৰকা মহেশ ভূপতিৰ সৈতে যুটি বান্ধিছিল। ২০১৪ চনৰ ইউএছ অপেনত মিক্সড ডাবলছৰ খিতাপ পাইছিল ছানিয়াই। ছানিয়া ভাৰতে এতিয়ালৈকে প্ৰস্তুত কৰা শ্ৰেষ্ঠ দ্বৈত খেলুৱৈসকলৰ মাজৰ এজন।ছানিয়া মিৰ্জা আৰু মাৰ্টিনা হিঙ্গিছে ২০১৫ ৰ উইম্বলডন আৰু ২০১৫ ইউএছ অপেন খিতাপ জিকিছিল। যুটিটোৱে ২০১৬ চনৰ অষ্ট্ৰেলিয়ান অপেনত তেওঁলোকৰ তৃতীয় গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰিছিল। উল্লেখযোগ্য যে, ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ গৰাকীয়ে এতিয়ালৈ ছয়টা গ্ৰ্যাণ্ড শ্লেম জয় কৰিবলৈ সক্ষম হৈছে।

ছানিয়াই অৱসৰ ঘোষণা কৰি কয় “যিহেতু মোৰ বয়স হৈছে সেইবাবে মই সুস্থ হৈ উঠাত বহুত সময় লাগে। মই ভাবো মোৰ শৰীৰ এতিয়া সম্পূৰ্ণ ফিট হৈ থকা নাই, মাতৃ হিচাপে এতিয়া মই মোৰ দায়িত্ব পালন কৰি যাব বিচাৰোঁ।” উল্লেখ্য যে ২০১০ চনত পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ছানিয়া। ২০১৮ চনত এটি পুত্ৰ সন্তানৰ মাতৃ হয় ভাৰতৰ তাৰকা টেনিছ খেলুৱৈগৰাকী।

ৰঙিয়াত মানৱ সৰবৰাহকৰীৰ কবলৰ পৰা কিশোৰ সহ উদ্ধাৰ ১১ জন

ৰঙিয়া ৰেল সংমণ্ডলক কেন্দ্ৰ কৰি ৰঙিয়াত গঢ়ি উঠিছে মানৱ সৰবৰাহকাৰীৰ বৃহৎ ঘাটি।উৎসাত কৰাৰ পিছতে পুনৰ গঢ়ি তোলে মানবসৰবৰাহৰ ঘাটি।ৰঙিয়া আৰক্ষীয়ে পুৰ্বতেও কেইবাগৰাকী ব্যক্তিক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ পিচত শুক্ৰবাৰে নিশাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহি:ৰাজ্যলৈ নিবলৈ অনা ১১ জনকৈ কিশোৰ তথা যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইয়াৰে ভিতৰত এজন মণিপুৰৰ ব্যক্তিও আছে। উল্লেখযোগ্যযে ১৬বছৰীয়া কিশোৰ এগৰাকীও এই চক্ৰটোৰ জালত পৰি উদ্ধাৰ হৈছে। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা এটি দলে অভিযান চলাই ৰঙিয়া ষ্টেচন কৈৰিয়াৰাৰ পৰা উদ্ধাৰ কৰে এই সকল কিশোৰ তথা যুৱকক।

নজৰুল ইছলাম ওৰফে পকেট নামৰ যুৱক জনৰ ঘৰৰ পৰা ১১ জনকৈ কিশোৰ তথা  যুৱকক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ লগতে চাৰিজনকৈ অভিযুক্তক আৰক্ষীয়ে উদ্ধাৰ কৰে।আৰক্ষীয়ে আটক কৰা যুৱক কেইজন হৈছে ৰাজু কলিতা, জ্যোতি মেধী, সুৰেশ আৰিয়া আৰু আইজুল আলী। ইফালে মানৱ সৰবৰাহকাৰীৰ মুল অভিযুক্ত নজৰুল ওৰফে পকেট আৰক্ষী অহা সম্ভেদ পাই পলাই যাবলৈ সক্ষম হয়।গুৰুত্বপূৰ্ণ কথাটো হ’ল যি ধৰণে মানব সৰবৰাহকাৰী চক্ৰই কাশ্মীৰৰ সৈতেও এক নেটৱৰ্ক গঢ়ি তুলিছে,এই বিষয়টোত অসম আৰক্ষী অধিক সস্তম তথা গম্ভীৰ হোৱাৰ প্ৰয়োজন আহি পৰিছে।ইতিমধ্যেই ৰঙিয়াৰ এই ঘটনাই ৰাজ্যযুৰী চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দেশত ২৪ঘন্টাত ক’ৰণাত আক্ৰান্ত ৩লাখ ৩৭হাজাৰ লোক

বিগত ২৪ঘন্টাত ভাৰতত ৩লাখ ৩৭হাজাৰ ৭০৪গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰণাত। এই সময়চোৱাত ৪৮৮গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২লাখ ৪২হাজাৰ লোক সুস্থ হৈ ঘৰলৈ উভতিছে।

ভাৰতত বৰ্তমান চিকিতসাধীন অৱস্থাত আছে ২১লাখ ১৩হাজাৰ লোক। দেশত পজিটিভিটিৰ হাৰ ১৭.২২শতাংশ। ইফালে দেশত ১০,০৫০গৰাকীলৈ বৃদ্ধি হৈছে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা।

বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শুকুৰবাৰে এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয় ৷ জিলা আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনত স্থাপন কৰা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে মূলাগাঁও শাখা ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰৱন্ধক প্ৰণৱ কুমাৰ ৰায়ে ৷ এই উপলক্ষে জিলা ছাত্ৰ সন্থাৰ সভাপতি যিনোদ নাথৰ সভাপতিত্বত অনুষ্ঠিত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি অনুষ্ঠানত শাখা প্ৰৱন্ধকগৰাকীয়ে আছুৰ এই পদক্ষেপত আদৰণি জনাই কয় যে যিসকল ছাত্ৰ- ছাত্ৰী আৰ্থিকভাৱে স্বচ্ছল নহয় তেওঁলোকে ব্যক্তিগতখণ্ডৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত অত্যাধিক মাচুল ভৰি প্ৰশিক্ষণ গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হয় ৷

সেয়ে আছুই মুকলি কৰা এই কেন্দ্ৰটোত দুখীয়া ছাত্ৰ- ছাত্ৰীসকলে অতি কম মাচুল আদায় দি প্ৰশিক্ষণ গ্ৰহণ কৰাত সুবিধা লাভ কৰিব ৷ গতিকে এয়া নিসন্দেহে আদৰণীয় পদক্ষেপ ৷ তেওঁ লগতে কয় যে বৰ্তমান সময়ত কম্পিউটাৰ অবিহনে কোনো কামেই কৰিব নোৱাৰি ৷ সেয়ে কেন্দ্ৰটোৰ জৰিয়তে আগ্ৰহী ছাত্ৰ — ছাত্ৰীসকলে কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰি নিজকে প্ৰশিক্ষিত কৰি তুলিব পাৰিব ৷ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিৰণ্য কুমাৰ ৰায়, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকা, সাংবাদিক ধৰমৰঞ্জন ৰয় আদিয়ে বক্তব্য ৰাখে ৷

অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নীলোৎপল চক্ৰৱৰ্তী, জিলা আছুৰ সাধাৰণ সম্পাদক জ্যোতি শংকৰ ৰায় চৌধুৰী, বঙাইগাঁও আঞ্চলিকৰ সভাপতি কুলজিৎ ৰায়ৰ লগতে আছু কৰ্মী আৰু  প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া ছাত্ৰ – ছাত্ৰীসকল উপস্থিত থাকে ৷ জিলা আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকে জানিবলৈ দিয়া মতে প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া ছাত্ৰ – ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰা হৈছে  আৰু মাহেকীয়া মাচুলো অতি ন্যূনতম ধাৰ্য কৰা হৈছে ,যাতে দুখীয়া পৰিয়ালৰ ছাত্ৰ – ছাত্ৰীসকলে বিনা বাধাই প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে ৷ 

বিহালীত জিলা ভিত্তিক সমল ব্যক্তিৰ প্ৰশিক্ষণৰ সফল সামৰণি

বিশ্বনাথ জিলা সমগ্ৰ শিক্ষা আঁ‌চনিৰ অন্তৰ্গত জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ১৮ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত সমল  ব্যক্তিৰ এক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সফল সামৰণি পৰে ।জিলা আঁ‌চনি বিষয়া বেদব্ৰত বৰাই পৰিচালনা কৰা প্ৰশিক্ষণ কাৰ্যসূচীত বিশ্বনাথৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যাপক দিলীপ শৰ্মা,বিশ্বনাথৰ   বিত্ত আৰু গাণনিক বিষয়া লক্ষীপ্ৰসাদ শইকীয়া, আৱাসিক বিদ্যালয় সমূহৰ জিলা আঁ‌চনি বিষয়া মনোজ গোহাঁই, খণ্ড সমল ব্যক্তি ক্ৰমে  চবিন চন্দ্ৰ লেখাৰু, উৎপল ভূঞা, হৃদয় বৈশ্য,  মধ্যাহ্ন ভোজনৰ আঁ‌চনি বিষয়া অসীম হাজৰিকাৰ লগতে মণ্ডল সমন্বয়ক ক্ৰমে নাৰায়ণ শৰ্মা, বিহালী খণ্ডৰ পলাশজ্যোতি দাস, বিশ্বনাথৰ অভিমন্যু দত্ত, উপূৰ্ব  শৰ্মা আদিয়ে প্ৰশিক্ষাৰ্থীক যাৱতীয় দিক্-নিৰ্দেশনা দি বিস্তৃতভাৱে আলোচনা আগবঢ়ায় ।

উল্লেখযোগ্য যে, সমল ব্যক্তিৰ প্ৰশিক্ষণৰ পাছত মণ্ডল পৰ্যায়ত তিনিদিনীয়াকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলৰ প্ৰশিক্ষণ অনুষ্ঠিত  কৰিব লাগিব ।আজি সামৰণি অনুষ্ঠানত  বেদব্ৰত বৰাই প্ৰতিগৰাকী বিষয়া আৰু খণ্ড আৰু মণ্ডল কেন্দ্ৰৰ ব্যক্তি সকলক একোখনকৈ গামোছাৰে আদৰণি জনায় ।একে কাৰ্যসূচীতে জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধক্ষ্যকো আদৰণি জনোৱা হয় ।প্ৰশিক্ষণত প্ৰায় দুশৰোধিক শিক্ষকে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে ।উল্লেখ্য যে, প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত বেদব্ৰত বৰাৰ পৰিকল্পনাৰে, শিল্পী দিবাকৰ বৰাই পৰিচালনা কৰা ‘সংকল্প যাত্ৰা’ শীৰ্ষক এটি গীতৰো শুভ উন্মোচন কৰা হয় ।

৬২ সংখ্যক দগীয়াপাৰা ভোগালী বিহু আৰু হীৰক জয়ন্তী সমাৰোহ উদযাপন

১৯৬০ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে দগীয়াপাৰা ভোগালী বিহু উৎসৱ উদযাপন কৰি আহিছে। ২০১০ চনত সোণালী জয়ন্তী গৰকা গাঁওবাসীৰ প্ৰাণৰ অনুষ্ঠানটিয়ে ক্ৰীড়া, সাহিত্য, সাংস্কৃতিক দিশত নৱপ্ৰজন্মৰ উত্তৰণ ঘটোৱাত এক বিশেষ ভূমিকা পালন কৰি আহিছে। এইবেলি হলিৰাম চহৰীয়া ক্ষেত্ৰত ৬২ সংখ্যক দগীয়াপাৰা ভোগালী বিহু উৎসৱৰ লগতে হীৰক জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান জাক জমকতাৰে ৩ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰে। ১৪ জানুৱাৰী ২০২২ তাৰিখে ৰাতিপুৱা ৫ বজাত প্ৰভাত ফেৰীৰে লগতে মেজি দাহন আৰু নাম প্ৰসঙ্গৰ পিছতেই উদযাপন সমিতিৰ সভাপতি গজেন ডেকা ডাঙৰীয়াই বিহুপতাকা উত্তোলন কৰে আৰু কৰ্ণধাৰ সমিতিৰ সভাপতি অৱসৰী শিক্ষক কৰুণা কান্ত কলিতা ডাঙৰীয়াই হীৰক জয়ন্তী সমাৰোহৰ পতাকা উত্তোলন কৰে আৰু হীৰক জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি ৬০ খন পতাকা উত্তোলন কৰা হয়। সমাজৰ পৰা স্বৰ্গগামী হোৱা লোক সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে অবসৰী প্ৰধান শিক্ষক কনক চন্দ্ৰ কলিতা দেৱে, প্ৰতিবছৰে প্ৰকাশ কৰি অহা প্ৰাচিৰ প্ৰত্ৰিকা উন্মোচন কৰে দুনী নিবাসী শিক্ষক কৰুণা কান্ত শৰ্মাদেৱে। খেল বিভাগৰ সভাপতি হেমন্ত কলিতা আৰু সম্পাদক দ্বীপেন ডেকা আৰু অপুৰ্ব কলিতাৰ নেতৃত্বত পৰিচালনা কৰা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পুৰ্বে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা দেৱে অলিম্পিক শিখা প্ৰজ্বলন কৰি দিয়া ভাষণত সমাজ সংগঠিত কৰাৰ বাবে আঞ্চলিক ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। দগীয়াপাৰা ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে আজি কেইবা বছৰ ধৰি পশ্চিম দৰংৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনোৱা কাৰ্যসূচী অব্যাহত ৰাখি এইবেলি শিক্ষা সাহিত্যৰ লগতে সাংস্কৃতিক দিশত জৰিত ব্যক্তি ঐতিয্যমণ্ডিত খটৰা সত্ৰৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত বাপজনাৰ ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ মুখ্য প্ৰজ্জ্বলাক হিচাপে কাৰ্যসূচী ৰূপায়ণ কৰে অৱসৰী প্ৰধান শিক্ষক ভাবিৰাম ডেকা ডাঙৰীয়াই। ১৫ জানুৱাৰীৰ ৰাতিপুৱা ৫ বজাত জৱাহৰ নৱোদয় বিদ্যালয়ৰ উপাধ্যক্ষ পুষ্পৰাম কলিতাই ফ্লেগ অফ কৰা আকৰ্ষণীয় মাৰাথন দৌৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। সেই দিনটোতে সাহিত্য বিভাগৰ সভাপতি বৰুণ চন্দ্ৰ কলিতাৰ নেতৃত্বত আৰু সম্পাদক অবিনাশ ডেকাৰ সুপৰিকল্পনাত বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ লগতে অন্যতম আকৰ্ষণীয় ভেশছন প্ৰতিযোগিতাৰ পিছতে বিভিন্ন গীত মাত প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু চৰকাৰে বান্ধি দিয়া কভিড এছ অ পি অনুসৰণ কৰি সন্ধিয়া ৭ বজাৰ পৰা স্বৰ্গীয় ফটিক চন্দ্ৰ কলিতা সোৱৰণী মঞ্চত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়িত কৰা হয়। অন্তিম দিনত ৰাতিপুৱা ১১ বজাত সাংস্কৃতিক বিভাগৰ সভাপতি অৰূপ কলিতাৰ নেতৃত্বত আৰু যুটীয়া সম্পাদক মহেন্দ্ৰ কলিতা আৰু ধ্ৰুৱজ্যোতি মহন্তৰ একান্ত প্ৰচেষ্টাত বাৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ উপস্থিতিত যুৱ সমাজকৰ্মী ৰাণা বশিষ্ঠ ডাঙৰীয়াই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰা ৰূপায়ণ কৰা হয়। আপ্যায়ন সমিতিৰ অশেষ প্ৰচেষ্টাৰ ফলত শোভাযাত্ৰা সামৰণিৰ পিছত আঞ্চলিক ৰাইজে সমূহীয়া ভোজনৰ গ্ৰহণ কৰে।

দুপৰীয়া ২ বজাত স্বৰ্গীয় অসাৰ চন্দ্ৰ ডেকা আৰু স্বৰ্গীয়া খন্তিবালা ডেকা সোৱৰণী মঞ্চত কৰ্ণধাৰ সমিতিৰ সভাপতি কৰুণা কান্ত কলিতাৰ সভাপতিত্বত মুকলি ও বটা বিটৰণী সভা অনুষ্ঠিত হয়। মুকলি সভা উদ্বোধন কৰে লোকভাষা প্ৰচাৰ সমিতিৰ মহা সচিব কুশল কলিতাই, জয়ন্ত কলিতাৰ সভাপতিত্ব আৰু মনোজ কুমাৰ চহৰীয়া আৰু দিলীপ ডেকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “মেজি” উন্মোচন কৰে ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া দেৱে, মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় দিলীপ শইকীয়া দেৱে মুখ্য অতিথিৰ হিচাপে সভা শুৱনি কৰি আঞ্চলিক ৰাইজক কৃতাৰ্থ কৰে আৰু শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে, স্থানীয় বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী দেৱে বিশিষ্ট অতিথি হিচাপে সভাত ভাষণ প্ৰদান কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ ৰাখে যুৱ সমালোচক ড০ জয়ন্ত ডেকা দেৱে, সভাত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যাবাহী বিষয়া ৰমেণ মালাকাৰ দেৱ উপস্থিত থাকি সভাৰ শোভা বৰ্ধন কৰে। মীন উন্নয়ন নিগম অসমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়া সভাৰ পুৰ্বে উপস্থিত হৈ আঞ্চলিক ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে।

এই তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠানভাগি সফল ৰূপায়ণ কৰাত আঞ্চলিক ৰাইজে যিধৰণে বিভিন্ন দিহা পৰামৰ্শৰ লগতে আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়ালে আৰু স্থানীয় প্ৰশাসনৰ একান্ত সহযোগৰ বাবে উদযাপন সমিতিৰ হৈ যুটীয়া সাধাৰণ সম্পাদক জগদীশ ডেকা আৰু জীৱন বৰুৱাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

কামৰূপত বনভোজথলীসমূহ বন্ধ ৰখাৰ আদেশ জাৰি

বৰ্তমানৰ কোভিড-১৯ৰ বৰ্দ্ধিত সংক্ৰমণ আৰু ৰাইজৰ মাজত কোভিড ১৯ সম্বন্ধীয় নীতি-নিৰ্দেশনা যেনে দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা আদি কঠোৰভাৱে মানি নচলাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত জিলাখনৰ বনভোজথলীসমূহ বন্ধ ৰাখিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

তৎকালীনভাৱে আজি অৰ্থাৎ ২১ জানুৱাৰী ২০২২ ৰ পৰা বলবৎ হোৱা এই নিৰ্দেশনা অনুসৰি জিলাখনৰ উকিয়াম, কুলশী, চানডুবি, বাৰেগাঁও, ৰাণীখামাৰ, কপিলী, কেদাৰ, দীর্ঘেশ্বৰী, মদন কামদেৱ, মলং শিলডুবি হহুৱাপাৰাকে ধৰি জিলাখনৰ সকলো বনভোজথলী পুনৰ নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব।

এই নিৰ্দেশনা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ দফাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহীত ব্যৱস্থা লোৱা হ’ব।
এমআৰডি/২১-০১-২০২২