” কৃষ্ণ কথা শুনয়ো সমাজে । জন্ম লভি ভাৰতৰ মাজে ।। আকৌ বৃথা কৰা কোন কামে । সাধিয়ো মুকুতি হৰি নামে ।। ” বিটিআৰৰ ওদালগুৰি জিলাৰ সত্ৰ সংস্কৃতিৰ পীঠস্থান ২নং বটাবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ৰাজ্যখনৰ চৰকাৰে ঘোষণা কৰা ক’ভিড প্ৰট’কলৰ নীতি নিৰ্দেশনা মানি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালনাম উদযাপন ব্যাপক আয়োজন কৰা হৈছে । বিগত বছৰৰ দৰে এইবেলিও সত্ৰ পৰিচালনা সমিতিয়ে বিশ্বৰ সমস্ত জীৱৰ কল্যাণৰহকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰৱৰ্তি পৰম ঈশ্বৰৰ বাবে অহা ২৯ আৰু ৩০ জানুৱাৰীত ৬ ঘন্টীয়া পালনামৰ লগতে সত্ৰ গৃহ প্ৰতিষ্ঠা দিৱস উদযাপনৰ আয়োজন কৰিছে । কাৰ্য্যক্ৰমনিকা অনুসৰি ২৯ জানুৱাৰীৰ দিনা পুৱা ৫ বজাত জাগৰণ, পুৱা ৫ -৩০ বজাত আইসকলৰ নিত্য প্ৰসঙ্গ, পুৱা ৬ -৩০ বজাত গছাৰাম ডেকাই শৰাই স্থাপন কৰাৰ পাছতে পুৱা ৭ বজাত বাপ সকলৰ নিত্য প্ৰসংগ ,পুৱা ৭ -৩০ বজাত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ভোলাৰাম ডেকাই ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী সমাপন কৰাৰ পাছতে পুৱা ৮ বজাত শ্ৰদ্ধাঞ্জলি কায্যৰ্কসুচী ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য বিমল ভকত ৰূপায়ণ কৰিব । ইয়াৰ পাছত পুৱা ৮ -৩০ বজাত ভকত গৃহ শুভ উদ্ধোধন কৰিব ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে আৰু পুৱা ৯ বজাত বটাবাৰীৰ বাপ নৰেন ডেকাই সমূহীয়া নাম -প্ৰসঙ্গ পৰিচালনা কৰাৰ পাছত দূপৰীয়া ১২ বজাত মাহ – প্ৰসাদ বিতৰণ কৰা হ’ব । দিনৰ ১ বজাত শঙ্কৰী সংস্কৃতিক সাধক ডালিম পাঠকদেৱৰ সোঁৱৰণত স্মৃতিচাৰণ সভাৰে প্ৰথম দিনাৰ কাৰ্যসূচী সমাপ্ত হ’ব। সেইদৰে ৩০ জানুৱাৰী দ্বিতীয় দিনৰ কাৰ্যসূচী শুভাৰম্ভ হ’ব পুৱা ৫ বজাত জাগৰণেৰে , পুৱা ৫ -৩০ বজাৰ পৰা ক্ৰমে আইসকলৰ নিত্য প্ৰসংগ, শৰাই স্থাপন, বাপ সকলৰ নিত্য প্ৰসংগ আৰু পুৱা ৮ বজাৰ পৰা আৰাম্ভ হ’বলগীয়া পালনাম পৰিচালনা কৰিব গুৱাহাটীৰ পান বজাৰৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য বীৰেন পাঠকে । দিনৰ ১ বজাত পালনামৰ সামৰণি। এই সময়ছোৱাত সত্ৰখনত উপস্থিত থকা সমূহ ভক্তপ্ৰাণ ৰাইজৰ সেৱা প্ৰাৰ্থনা, মাহ প্ৰসাদ বিতৰণ আৰু দিনৰ ১-৩০ বজাত মহা প্ৰসাদ বিতৰণ কৰা হ’ব । ইয়াৰ পাছত আবেলি ৩ বজাৰ লাগে লগে ভকত বিদায়ীৰে ২ নং বটাবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰৰ ৬ ঘন্টীয়া পালনাম অন্ত পৰিব । গতিকে কাঠপুৰী শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ প্ৰতিষ্ঠাপক সভাপতি তথা ভকত তৰুণ ডেকা আৰু শ্ৰীশ্ৰী ৰৌতা সত্ৰ পৰিচালনা সমিতিৰ সদস্য বলোৰাম পাঠকৰ লগতে ২নং বটাবাৰী শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ পালনাম উদযাপন সমিতিৰ সভাপতি লক্ষ্মীৰাম ডেকা , সম্পাদক কৃষ্ণ ডেকা আৰু বটাবাৰী শাখা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক ডালিম কছাৰী এই পালনাম সাফল্যমণ্ডিত কৰাৰ বাবে বৃহত্তৰ ৰৌতা অঞ্চলটোৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় – সহযোগিতা পাথৰেৰে কামনা কৰিছে ।
লাহৰীঘাটৰ বোৱালগুৰিত ভয়াৱহ অগ্নিকাণ্ড: ভষ্মীভূত কেইবাটাও বাসগৃহ
মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বোৱালগুৰিত পুৱতি নিশা অকস্মাৎ জুই লাগি কেইবাটাও বাসগৃহ পুৰি ভষ্মীভূত হয়। জানিব পৰা মতে জুইত ভষ্মীভূত হোৱা বাসগৃহ বোৰ ক্ৰমে আব্দুল ৰশিদ, জাকিৰ হুছেইন, আবুল কাশেম, চামছুল হক, শ্বাজাহান আলী আৰু নশ্বেদ আলীৰ। বাসগৃহৰ লগতে যাবতীয় নথিপত্ৰ, স্কুলৰ কিতাপ , বহী, কাপোৰ কানি, কাঠৰ আচবাব, ধান, চাউল, বাচন বৰ্তন, টিনপাতকে আদি কৰি শ্বাজাহান আলীৰ ১,৭৫০০০/-, নশ্বেদ আলীৰ ১৮,০০০/- আৰু আব্দুল ৰশিদৰ ৪৫,০০০/- নগদ ধনো জুইত ভষ্মীভূত হোৱ বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনা স্হলীত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱায় যদিও তাৰ আগতে সকলো পুৰি ভষ্মীভূত হয়।

কোহলীৰ প্ৰস্থানত সঁচাকৈয়ে সুখী নেকি ৰোহিত-ৰাহুল?
দক্ষিণ আফ্ৰিকা ভ্ৰমণত টেষ্ট শৃংখলাত পৰাজিত হোৱাৰ পাছত বিৰাট কোহলীয়ে দেওবাৰে হঠাতে ভাৰতীয় টেষ্ট দলৰ নেতৃত্বৰ পৰা পদত্যাগ কৰিছিল। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ গৰাকীয়ে অধিনায়ক পদৰ পৰা পদত্যাগ কৰা কথাটো এতিয়া সমগ্ৰ বিশ্বতে আলোচনা হৈছে। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৰছিদ লতিফেও কোহলী প্ৰসংগত মুখ খুলিছে। ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব ত্যাগ কৰাৰ বাবে ভাৰতৰ দুই তাৰকা অপেনাৰ লোকেশ ৰাহুল আৰু ৰোহিত শৰ্মালৈ আঙুলি টোঁৱাইছে ৰছিদ লতিফে।
ইউ টিউব শ্ব’ কট বিহাইণ্ডত ৰছিদ লতিফে কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কয়, ‘কোহলী এগৰাকী বিশ্বমানৰ তাৰকা। ভাৰতে পৰৱৰ্তী সময়ত কাৰ ওপৰত অধিনায়কৰ দায়িত্ব অৰ্পন কৰিব? ৰোহিতৰ ফিটনেছ নাই। দক্ষিণ আফ্ৰিকা ভ্ৰমণতো তেওঁ দলৰ পৰা বাহিৰ হৈছিল। ইফালে অধিনায়কৰ বাবে যোগ্য নহয় ৰাহুল।’ পাকিস্তানৰ প্ৰাক্তন উইকেটকীপাৰ তথা বেটছমেনগৰাকীয়ে লগতে কয়, ‘ মই খেলুৱৈসকলৰ মানসিক অৱস্থাটো বুজি পোৱা নাই।
সকলোৰে ক্ৰিয়া-প্ৰতিক্ৰিয়া মই মন কৰিছো। লোকেশ ৰাহুল, ৰোহিত শৰ্মাৰ পৰা আদি কৰি প্ৰায় প্ৰতিগৰাকী খেলুৱৈ কোহলীয়ে অধিনায়ক পদ ত্যাগ কৰা কথাটো সহজে মানি লৈছে। কোহলীক ইমান ভাল খেলুৱৈ বুলি যদি ভাবেই তেনেহলে তেওঁৰ পদত্যাগৰ সিদ্ধান্ত ইমান সহজে গ্ৰহণ কৰাৰ যুক্তি কত? কথাবোৰ দেখি-শুনি এনে লাগিছে যেন কোহলীৰ পদত্যাগৰ বাবে ৰাহুল-ৰোহিতে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। ’
মনকৰিবলগীয়া যে, কোহলীয়ে টেষ্ট অধিনায়কত্ব ত্যাগ কৰাৰ পাছত ৰোহিত শৰ্মা আৰু লোকেশ ৰাহুলৰ যিকোনো এজনে ভাৰতীয় দলৰ নতুন অধিনায়ক হোৱাৰ প্ৰধান দাবীদাৰ আছিল। সেয়েহে কোহলীৰ প্ৰস্থানক লৈ ৰোহিত-ৰাহুল অধিক আনন্দিত হৈ পৰা বুলি মনে ধৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীৰ। অৱশ্যে, কোহলীৰ পাছত কোনে ভাৰতীয় টেষ্ট ক্ৰিকেট দলক নেতৃত্ব দিব সেয়া এতিয়াও জনোৱা নাই ব’ৰ্ডে। এইক্ষেত্ৰত ব’ৰ্ডে খৰখেদা নকৰে বুলিও সদৰী কৰিছে কৰ্তৃপক্ষই।
সদৌ অসম আন্ত: জিলা বস্কিং চেম্পিয়ন শ্বীপ বিজয়ীক বিপুল সম্বৰ্ধনা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ
অসমৰ ডিফু আৰু বৰপেটাত অনুষ্ঠিত ২০২১-২২বৰ্ষৰ সদৌ অসম আন্ত:জিলা বস্কিং চেম্পিয়নশ্বিপত ওদালগুৰি জিলাৰ ধনেশ্বৰ বসুমতাৰী বস্কিং ট্ৰেইনিং চেন্টাৰৰ পৰা ৪ গৰাকীয়ে সোণ আৰু ৮গৰাকীয়ে ৰূপৰ পদক বুটলিবলৈ সক্ষম হৈছে ৷সেই খেলুৱৈ সকলক ১৯জানুৱাৰীত ওদালগুৰিৰ পুৰণি থানাত অৱস্থিত ডি বি বস্কিং ট্ৰেইনিং চেন্টাৰ প্ৰাঙ্গনত বিটিআৰৰ উপ- মুখ্য কাৰ্যবাহী তথা স্হানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সোণৰ পদক লাভ কৰা চাৰি গৰাকীক ৮০০০ হাজাৰকৈ আৰু ৰূপৰ পদক লাভ কৰা ৮ গৰাকী খেলুৱৈক ৫০০০ হাজাৰকৈ প্ৰদান কৰাৰ লগতে আৰনাইৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।ডি বি বস্কিং ট্ৰেইনিং চেন্টাৰৰ সভাপতি ধনেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সম্বৰ্দ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক বসুমতাৰীয়ে কয়-বৰ্তমান সময়ত খেলা-ধূলা এক জীৱনৰ পৰম সম্পদ। শিক্ষা দীক্ষাত পিছপৰি থাকিলেও খেলৰ যোগেদি দেশৰ সুনাম কঢ়িয়াব পাৰি।লগতে নিজৰ জীৱন গঢ়ি তুলিব পাৰি।সেয়ে আজি খেলুৱৈ সকলক উৎসাহিত কৰি তোলাৰ বাবেই এনেধৰণৰ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।তেওঁ খেলুৱৈ সকলক ইয়াতকৈও অধিক ভাল ফলাফলৰ জৰিয়তে জিলাখনৰ লগতে ৰাজ্যখনৰ সুনাম কঢ়িয়াই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।ডি বি বস্কিং ট্ৰেইনিং চেণ্টাৰৰ প্ৰশিক্ষক মধুস্মিতা বসুমতাৰীয়ে আতঁধৰা সম্বৰ্দ্ধনা সভাত ওদালগুৰি কলেজৰ অধ্যক্ষ ড° লু’ক দৈমাৰী, ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰেৱতী ৰমণ চাপকোটাই সোণ-ৰূপৰ পদক লাভ কৰি ওদালগুৰি জিলা খনলৈ সুনাম কঢ়িয়াই অনাৰ বাবে খেলুৱৈ সকলক শুভেচ্ছা মূলক বক্তব্যৰে উৎসাহিত কৰি তোলে।সভাত ওদালগুৰি জিলা ক্ৰীড়া বিষয়া অনিল দৈমাৰী, ওদালগুৰি প্ৰেছ ক্লাবৰ সভাপতি গৌতম জ্যোতি তালুকদাৰ,ভিচিডিচিৰ চেয়াৰমেন অঞ্জলি ৰাভা,ইউপিপিএলৰ প্ৰামমিকৰ সভাপতি ৰাজীৱ পৌড়েলকে ধৰি ভালেমান অতিথি উপস্হিত আছিল।জুনিয়ৰ শাখাত সোণৰ পদক লাভ কৰা খেলুৱৈ সকল হ’ল ক্ৰমে- একমা বসুমতাৰী(৫২কেজি),সুস্মিতা বসুমতাৰী (৫৪কেজি),চাব-জুনিয়ৰত লাভলি দৈমাৰী(৩৫কেজি),হাংগালি বসুমতাৰী (৫২কেজি)। জুনিয়ৰ শাখাত চিলভাৰ পদক লাভ কৰা সকল হ’ল ক্ৰমে- চাজিয়া ব্ৰহ্ম(৪৮কেজি),মমী নাৰ্জাৰী(৫৭কেজি),হিৰোনজলা বড়ো (৫২কেজি),শ্বৌৰাংচাৰ বসুমতাৰী (৫০কেজি),জুনা গৌড়(৬৩কেজি),জুবলি ৰাভা(৪৩কেজি),ডালিমী বড়ো(৫৭কেজি) আৰু ভৃঙ্গৰাজ ৰাভা(৫৭কেজি)।
বঙাইগাঁও শোধনাগাৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী সমাৰোহ
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে যোৱা বুধবাৰে আয়োজিত এক স্মাৰক অনুষ্ঠানত ভাৰ্চুৱেলী বঙাইগাঁও শোধনাগাৰৰ সোণালী জয়ন্তী সমাৰোহৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে অসমৰ জনগণৰ স্বপ্ন আৰু আশা-আকাংক্ষাক ইতিপূৰ্বে প্ৰতিফলিত কৰা বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক লিমিটেড (বিআৰপিএল) ৰ তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭২ চনৰ ১৯ জানুৱাৰীৰৰ দিনা আধাৰশিলা স্থাপন কৰাৰ পিছতেই উক্ত স্বপ্নৰ বাস্তৱায়ন আৰম্ভ হয়। সোণালী জয়ন্তী সমাৰোহৰ শুভ উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও শোধনাগাৰৰ সোণালী জয়ন্তী সমাৰোহৰ স্মাৰক অনুষ্ঠানত উপস্থিত থকাৰ বাবে সন্তোষ প্ৰকাশ কৰে আৰু লগতে এই স্মৰণীয় দিনটোৰ বাবে বঙাইগাঁও শোধনাগাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ইণ্ডিয়ান অইল আৰু বিশেষকৈ বঙাইগাঁও শোধনাগাৰে উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি সুৰক্ষাৰ দিশত অৱলম্বন কৰা সামগ্ৰীক ভূমিকাৰ প্ৰশংসা কৰে। নিজৰ ভাষণ প্ৰসংগত এই শোধনাগাৰৰ সফলতা আৰু সমৃদ্ধৰ বিষয়ে ক’বলৈ গৈ তেওঁ উল্লেখ কৰে যে ইণ্ডিয়ান অইলৰ দ্বাৰা স্থাপন কৰা ইণ্ডমেক্স ইউনিট হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক প্ৰোজ্জল উদাহৰণ।

অনাগত দিনসমূহৰ বাবে শোধনাগাৰটোৰ অগ্ৰগতিৰ হকে তেওঁ নিজৰ শুভকামনা জনায়। এই সোণালী জয়ন্তী সমাৰোহে ইণ্ডিয়ান অইলৰ অধ্যক্ষ এছ এম বৈদ্য উপস্থিতিও প্ৰত্যক্ষ কৰে। এই স্মৰণীয় ক্ষণত বঙাইগাঁও শোধনাগাৰৰ সমগ্ৰ টীমটোক অভিনন্দন জনাই অধ্যক্ষ বৈদ্যই শোধনাগাৰটোৰ অতীত আৰু বৰ্তমানৰ সফলতাসমূহৰ বিষয়ে এক বাখ্যা দাঙি ধৰে। তেওঁ কয় যে, সমৃদ্ধ পৰম্পৰাৰে বঙাইগাঁও শোধনাগাৰে ভাৰতবৰ্ষক এক সুদূৰপ্ৰসাৰী ভৱিষ্যতৰ দিশত কৰা যাত্ৰাক আগুৱাই নিব। আনহাতে মন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী এই অনুষ্ঠানত উপস্থিত থকা বিআৰপিএলৰ পূৰ্বৰ মুখ্য মহাপ্ৰৱন্ধকসকল আৰু বঙাইগাঁও শোধনাগাৰৰ পূৰ্বৰ ইডিসকলকো তেওঁলোকৰ অৱদানৰ প্ৰতি শলাগ লৈ অভিনন্দন জ্ঞাপন কৰে। ইপিনে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি ১৯৭৫ চনৰ পৰা ১৯৮০ চনলৈ কাৰ্যনিৰ্বাহ কৰা পূৰ্বৰ বিআৰপিএলৰ প্ৰাক্তন মহাপ্ৰৱন্ধক আৰু ইয়াৰ আৰম্ভণিৰ ঠিক পিছতেই তৈল প্ৰতিষ্ঠানটোক আগবঢ়াই নিয়া দ্বিতীয়জন মূৰব্বী বিষয়া এছ আৰ মাথুৰে কয় যে, সেই সময়ৰ ক্ষুদ্ৰ অৰ্থনীতি আৰু থলুৱা প্ৰযুক্তিৰ অভাৱে সেই সময়ত সমান্তৰালভাৱে বৃহৎ প্ৰত্যাহ্বান মাতি আনিছিল। তেওঁ লগতে কয় যে, এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে বিভিন্ন ব্যৱস্থা আৰু উপায় অৱলম্বন কৰিবলগা হৈছিল, যাৰ বাবে শোধনাগাৰটোক কাৰ্যক্ষম কৰি তুলিবলৈ আৰু সুস্থিৰ কৰি তোলাৰ বাবে তেওঁ হাতে-কামে লাগি গৈছিল। অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে শোধনাগাটোৰ মূৰব্বী বিষয়া আৰু ইডি এছ পি বৰুৱাই উপস্থিত অভ্যাগতসকলক আদৰণি জনায় আৰু উপস্থিত অগ্ৰজসকলক কৃতজ্ঞতা জনায়, যিসকলৰ প্ৰচেষ্টাৰ পৰিণতিস্বৰূপে বঙাইগাঁও শোধনাগাৰৰ এই যাত্ৰা সম্ভৱ হৈ উঠিছে। সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ সমবেত শিল্পীবৃন্দৰ দ্বাৰা পৰিবেশিত বঙাইগাঁও শোধনাগাৰৰ থীম চঙেৰে কৰা হয়। কেন্দ্ৰী পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পূৰ্বৰ বিআৰপিএলৰ পৰা বৰ্তমান সময়ৰ বঙাইগাঁও শোধনাগাৰ, ইণ্ডিয়ান অইললৈ ৰূপান্তৰিত হোৱা এই শোধনাগাৰটোৰ পৰিক্ৰমাক উপস্থাপন কৰা বঙাইগাঁও শোধনাগাৰৰ থীম চংটোৰ ওপৰত নিৰ্মিত অডিঅ’-ভিজুুৱেল ছবিখন ভাৰ্চুৱেলী উদ্বাধন কৰে।
সমাৰোহ উপলক্ষে পুৱা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হয়। প্ৰয়াত সিংহই অসমৰ এই প্ৰান্তত বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’-ৰাসায়নিক লিমিটেড (বিআৰপিএল), (বৰ্তমানৰ বি জি আৰ) স্থাপনত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল। পিছত পুৱাৰ ভাগত শোধনাগাৰটোৰ মূৰব্বী তথা ইডি এছ পি বৰুৱাই বিজিআৰৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানটোত বিআৰপিএলৰ প্ৰাক্তন মুখ্য প্ৰৱন্ধকসকল আৰু ইডিসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটোত সঞ্চালক আৰ এণ্ড ডি ড০ আৰ এছএছভি ৰামাকুমাৰ, সঞ্চালক (মানৱ সম্পদ) ৰঞ্জন কুমাৰ মহাপাত্ৰ, সঞ্চালক (বিত্ত) সন্দীপ কুমাৰ গুপ্তা, সঞ্চালক (বিপণন) ভি এছ কুমাৰৰ লগতে বিভিন্ন শোধনাগাৰ গোটসমূহৰ কাৰ্যবাহী সঞ্চালকসকল, ইণ্ডিয়ান অইলৰ জ্যেষ্ঠ বিষয়াবৰ্গ, বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰীবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলৰ সহিতে অন্যান্য লোকলকলো উপস্থিত থাকে। ইয়াৰ পিছতেই শাৰীৰিকভাৱে উপস্থিত থকা অতিথিসকলৰ বাবে এই ভাৰ্চুৱেল সমাৰোহৰ সামৰণি পৰে আৰু লগতে সমাৰোহ উপলক্ষে ইণ্ডিয়ান অইল অফিচাৰ্চ এচ’ছিয়েচনৰ বঙাইগাঁও শোধনাগাৰ গোটৰ সম্পাদক এম চি গোস্বামী আৰু বঙাইগাঁও শোধনাগাৰ এমপ্লয়িজ ইউনিয়নৰ সম্পাদক ধৰ্মেশ্বৰ দাসেও নিজৰ নিজৰ মন্তব্য আগবঢ়ায়।
দৰিদ্রতা নির্মূলৰ ৰাষ্ট্রীয় আদর্শ আঁচনি প্রস্তুতৰ নির্দেশ!
ক্ষুধাত মৃত্যুক লৈ কেন্দ্রীয় চৰকাৰে দাখিল কৰা তথ্যত অসন্তুষ্ট উচ্চতম ন্যায়ালয়৷ কেন্দ্রৰ তথ্যক লৈ অসন্তুষ্ট উচ্চতম ন্যায়ালয়ে তীব্র ভাষাৰে ককর্থনা কৰে কেন্দ্রীয় চৰকাৰক৷ বিগত কেইবাবছৰ ধৰি ক্ষুধাত কেৱল এজন লোকৰ মৃত্যু হোৱা বুলি দাখিল কৰা কেন্দ্রৰ তথ্যক লৈ অসন্তুষ্ট সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দুসপ্তাহৰ ভিতৰত ক্ষুধাত মৃত্যুৰ সঠিক তথ্য কেন্দ্র আৰু ৰাজ্য চৰকাৰক দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ কেৱল ক্ষুধাত মৃত্যুৰ তথ্য দাখিল কৰাই নহয়, শীঘ্রেই ক্ষুধা আৰু অপুষ্টিৰ বিৰুদ্ধে তথা দৰিদ্রতা নির্মূলৰ বাবে ৰাষ্ট্রীয় আদর্শ আঁচনিৰ খচৰা প্রস্তুত কৰিবলৈও সর্বোচ্চ ন্যায়ালয়ে কেন্দ্রক নির্দেশ দিয়ে৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা নেতৃত্বাধীন ন্যায়াধীশ এ এছ বোপান্না আৰু হিমা কোহলিৰ বিচাৰপীঠে ক্ষুধাতুৰক লৈ দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি কেন্দ্রীয় চৰকাৰক ককর্থনা কৰাৰ লগতে সঠিক তথ্য দাখিল কৰাৰ লগতে ৰাষ্ট্রীয় আদর্শ আঁচনিৰ খচৰা প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে৷ কেন্দ্রীয় চৰকাৰৰ হৈ এটর্নী জেনেৰেল কে কে বেণুগোপালে দেশত ক্ষুধাত মৃত্যুৰ কোনো চৰকাৰী তথ্য নাই বুলি যুক্তি প্রদর্শন কৰাৰ পাছতেই অসন্তুষ্ট বিচাৰপীঠে কেন্দ্রক ককর্থনা কৰে৷ লক্ষণীয় যে কেন্দ্রীয় চৰকাৰে ২০১৫–১৬ চনৰ ক্ষুধাত মৃত্যুৰ প্রতিবেদনৰ আধাৰত তথ্য উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ পাছতেই বিচাৰপীঠে এটর্নী জেনেৰেল কে কে বেণুগোপালক কয়– যদি ৰাজ্য চৰকাৰসমূহে ক্ষুধাত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য দাখিল কৰা নাই, ইয়াৰ অর্থ এয়েই নেকি যে দেশত ক্ষুধাত কোনো লোকৰ মৃত্যু হোৱা নাই৷ ভাৰত চৰকাৰে শেহতীয়া তথ্যসহ ক্ষুধাত মৃত্যুৰ তথ্য আমাক দিয়া উচিত৷ আপোনালোকৰ বিষয়াক সুধি আমাক তথ্য দিয়ক৷
নির্বাচনৰ সময়ত যদি আপোনালোকে অতিৰিক্ত খাদ্যশস্য যোগানৰ নীতি প্রস্তুত কৰি খাদ্য যোগান ধৰিব পাৰে, তেতিয়াহ’লে ৰন্ধা খাদ্যৰ নীতিও চৰকাৰে কৰিব পাৰে৷ এটর্নী জেনেৰেল বেণুগোপালে দেশত ১৩৪খন আঁচনি চলি থকা বুলি উল্লেখ কৰাত তেওঁৰ যুক্তিক খণ্ডন কৰি মুখ্য ন্যায়াধীশ ৰামানাই কয়– ক্ষুধাত মৃত্যু, ক্ষুধাত ভুক্তভোগী হৈ থকাটো উচিত নহয়৷ এই কথাত আমি প্রাধান্য দিয়া উচিত৷ আপোনালোকে বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ এখন আদর্শ আঁচনি প্রস্তুত কৰক৷ আপোনালোকে আদালতক এই সন্দর্ভত ইংগিত দিয়াৰ পৰিৱর্তে সমাধানৰ ওপৰতহে গুৰুত্ব দিয়া উচিত৷ আপোনালোকৰ চৰকাৰে ক্ষুধা অথবা ভোকক লৈ একো কৰা নাই বুলি আমি কোৱা নাই৷ কিন্তু ৰাষ্ট্রীয়ভাৱে এখন আদর্শ আঁচনি বিবেচনা কৰক, খচৰা প্রস্তুতক কৰক আৰু ইয়াক চূড়ান্ত কৰি ৰাজ্যসমূহক দিয়ক৷ মন কৰিবলগীয়া যে বিচাৰপীঠে ৰাজ্য চৰকাৰসমূহৰ সৈতে আলোচনাৰে ৰাষ্ট্রীয় আদর্শ আঁচনিৰ খচৰা প্রস্তুত কৰাৰ লগতে ক্ষুধাত মৃত্যুৰ সঠিক তথ্য সংগ্রহ কৰিবলৈও পৰামর্শ দিয়ে কেন্দ্রীয় চৰকাৰক৷ উল্লেখ্য যে আন্তর্জাতিক ক্ষুধা সূচক ২০২১ৰ তালিকাত বিশ্বৰ ১১৬খন দেশৰ ভিতৰত ভাৰতে ১০১ নম্বৰ স্থানত আছে৷
২০২০ চনত এই তালিকাত ভাৰতৰ স্থান আছিল ৯৪৷ অর্থাৎ ভাৰতত ক্ষুধাতুৰৰ সংখ্যা বৃদ্ধি পাইছে৷ পৰিতাপৰ বিষয় যে চুবুৰীয়া ৰাষ্ট্র পাকিস্তান, বাংলাদেশ আৰু নেপালৰ তুলনাত ভাৰতত ক্ষুধাতুৰৰ সংখ্যা অধিক৷ এই তথ্যৰ আধাৰতে সমাজকর্মী অনুন ধাৱানসহ অনেকজনে চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল৷ এই আবেদনত দেশজুৰি ক্ষুধাতুৰ লাখ লাখ লোকক খাদ্য যোগান ধৰাৰ বাবেই কমিউনিটী কিট্চেন স্থাপনৰ দাবী জনাইছে৷ বিচাৰপীঠে এই দাবীৰ প্রতি লক্ষ্য ৰাখিয়েই কেন্দ্রীয় চৰকাৰক ৰাষ্ট্রীয় আদর্শ আঁচনিৰ খচৰা প্রস্তুত কৰিবলৈ নির্দেশ দিছে৷
দ্ৰুতগতিত বাঢ়ি আছে ক’ভিড আক্ৰান্তৰ সংখ্যা
ক’ভিডৰ তৃতীয় ঢৌ একেই আছে দেশত। বৃহস্পতিবাৰে দেশত ক’ভিড-১৯ত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩,১৭,৫৩২। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৯১ জন লোকৰ। ক’ভিড সক্ৰিয় হৈ আছে ১৯,২৪,০৫১ লোকৰ দেহত। উল্লেখনীয় যে নতুনকৈ আক্ৰান্তৰ সংখ্যা যোৱা ২৪৯ দিনতকৈ বৃহস্পতিবাৰে সৰ্বাধিক বুলিও তথ্যত প্ৰকাশ।

আনহাতে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৯,২৮৭ জন। এই সংখ্যাৰে দেশত মুঠ কৰোণা আক্ৰান্তৰ সংখ্যাই ৩,৮২,১৮,৭৭৩ স্পৰ্শ কৰিছে বুলি স্বাস্থ্য় মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পাইছে। বুধবাৰৰ তুলনাত আজি ৪৫ হাজাৰ লোক বেছিকৈ আক্ৰান্ত হৈছে।
ক’ভিড কালত ১০ হাজাৰ শিশু অনাথ, গৃহহীন!
যোৱা ২ টা বছৰে ক’ৰনাৰ বিভেষিকাই মানৱ সভ্যতাৰ ৰাজহাড় ভাঙি থৈ গ’ল বুলি কলেও বঢ়াই কোৱা নহ’ব ৷ ক’ৰনাৰ কড়াল গ্ৰাসত পৰি মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱাৰ দৰে মানুহে দুবেলা-দুমুঠি খাবৰ বাবেও কৰিব লগা হল আৰ্তনাদ ৷ উল্লেখ্য যে, অতিমাৰীৰৰ সময়ত প্ৰকাশ পাইছে আন এক ভয়ংকৰ তথ্য ৷ ক’ভিড ১৯ মহামাৰীৰ সময়ত পিতৃ-মাতৃ উভয়কে হেৰুৱাই অনাথ হ’ল দেশৰ ১০ হাজাৰ শিশু, ইয়াৰ বিপৰীতে পিতৃ-মাতৃৰ ভিতৰত এজন লোকক হেৰুৱালে দেশৰ প্ৰায় ডেৰ লাখ শিশুৱে।
উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ তথ্যটো ভাৰতৰ উচ্চতম ন্যায়ালয়ক জনালে ৰাষ্ট্ৰীয় শিশু অধিকাৰ ৰক্ষা আয়োগে ৷ দেশত অতিমাৰীৰ সময়ত অৰ্থাৎ ২০২০ ৰ এপ্ৰিলৰ পৰা ২০২২ ৰ ১১ জানুৱাৰী পৰ্যন্ত দেশৰ ডেৰ লক্ষ্য শিশুৱে পিতৃ বা মাতৃ নতুবা পিতৃ-মাতৃ উভয়কে হেৰুৱাইছে৷ উল্লেখ্য যে, পিতৃ-মাতৃ উভয়কে হেৰুৱাই অনাথ হৈ পৰিছে মুঠ ১০ হাজাৰ ৯৪ টা শিশু বিপৰীতে পিতৃ বা মাতৃ হেৰুৱাইছে ৩৬, ৯১০ টি শিশুৱে আনহাতে গৃহহীন হ’য় ৪৮৮ টা শিশুৱে৷ এই শিশুসকলৰ অধিকাংশৰ বয়স প্ৰায় ১৩ বছৰ৷


সমীক্ষাত প্ৰকাশ পোৱা আন এক তথ্য অনুসৰি, ১৪ ৰ পৰা ১৫ বছৰীয়া লোকেও অতিমাৰীৰ ফলত পিতৃ-মাতৃক হেৰুৱাইছে, ইয়াৰ ভিতৰত ২২ হাজাৰ ৭৬৩ জন৷ এই শিশুসকলৰ ভিতৰত আছে সৰ্বাধিক ওড়িশাৰ আছে, তালিকাত তাৰ পাছতে আছে মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু৷ শিশু অধিকাৰ আয়োগে লগতে জনাইছে যে, আটাইবোৰ শিশুৰ পিতৃ-মাতৃ কেৱল মহামাৰীৰ বা ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই, তেওঁলোক আন ৰোগত আক্ৰান্ত হৈও মৃত্যু হৈছে৷
দেশৰ প্ৰধানমন্ত্ৰীজনে অপৰিকল্পিতভাৱে এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে সমগ্ৰ দেশজুৰি প্ৰযোজ্য হ’ব এক তলাবন্ধ বা লকডাউনত কাৰ্যসূচী৷ বিশেষকৈ দেশৰ মুৰব্বী গৰাকীয়ে দৰিদ্ৰ শ্ৰেণীটোৰ কথা এবাৰো নাভাবি গ্ৰহণ কৰা এনে সিদ্ধান্তৰ প্ৰতি সকলো লোকে একেমুখে গৰিহণা জনালে৷ লকডাউনত খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰীসমূহ দেশৰ জনসাধাৰণে কেনেকৈ লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি কেৱল তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে।

চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও আহি পৰিল বৃহৎ প্ৰত্যাহ্বান। ক্ষুদ্ৰ বিক্ৰেতা, কৃষি শ্ৰমিক সকলোৱে হেৰুৱাই পেলালে জীৱনৰ ছন্দ। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পিছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নাছিল।
বেডৰূমত এইবোৰ সামগ্ৰী ৰাখিলে পিছ নেৰিব অশান্তি আৰু টকাৰ সমস্যাই!
বাস্তুশাস্ত্ৰত মানুহৰ ঘৰৰ শোৱনি কোঠাটোৰ বহু মহত্ব আছে। যদি ঘৰৰ শোৱনি কোঠাত বাস্তু ত্ৰুটি থাকে তেন্তে ঘৰখনত ঋণাত্মক শক্তি উৎপন্ন হয়। ইয়াৰ ফলত অশান্তি, সংঘৰ্ষ, বিত্তীয় সংকট, টকা-পইচাৰ সমস্যা আৰু বিশেষকৈ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। বাস্তুশাস্ত্ৰৰ মতে, শোৱা কোঠাৰ সৈতে সম্পৰ্কিত কিছুমান কথাত ধ্যান ৰখাটো উচিত যাতে ঘৰখনলৈ ইতিবাচক শক্তি আহিব পাৰে। ঘৰৰ মূৰব্বী শুৱা বেডৰুমটো দক্ষিণ-পশ্চিম কোণত থাকিব লাগে।

বাস্তুশাস্ত্ৰৰ মতে মানুহৰ ঘৰৰ শোৱনি কোঠাটো কেনেকুৱা হ’ব লাগেঃ
১) শোৱনি কোঠাত ভুলতেও আক্ৰমণাত্মক জন্তুৰ ফটো বা ছবি আৰু খঙাল ভংগীত থকা দেৱ-দেৱীৰ ছবি বা মূৰ্তি ৰাখিব নালাগে।
২) শোৱনি কোঠাত কেতিয়াও উপাসনা ঘৰ বা থাপনা পাতিব নালাগে।
৩) যদি বেডৰূমত আইনা ৰখা হয়, তেন্তে নিশ্চিত কৰিব যাতে আইনাত বিচনাখন প্ৰতিফলিত নহয়।
৪) মৃত পূৰ্বপুৰুষৰ ছবি বা ফটো শোৱনি কোঠাৰ দেৱালত ওলমাই ৰাখিব নালাগে।
৫) শোৱনি কোঠাৰ বিচনাৰ বেৰত ঘড়ী বা ফটো ফ্ৰেম নাৰাখিব।
৬) যদি চালিচা বা যিকোনো ধৰ্মগ্ৰন্থ শোৱা কোঠাত ৰাখিছে তেন্তে ইয়াক লগে লগে আপোনাৰ শোৱা কোঠাৰ পৰা আঁতৰাই আন ভাল স্থানত ৰাখক।

এই কথাত ধ্যান দিবঃ
শোৱনি কোঠাত গুলপীয়া, আকাশী নীলা বা পাতল সেউজীয়া ৰং দিয়ক। ই ধনাত্মক শক্তি বৃদ্ধি কৰে। সম্পৰ্ক উন্নত কৰিবলৈ ৰাধা-কৃষ্ণৰ ছবি বা মূৰ্তি ৰাখক। শোৱনি কোঠাৰ উত্তৰ-পূব বা দক্ষিণ-পূব দিশত বিচনা নাৰাখিব। ইয়াৰ ফলত দম্পতীৰ মাজত কাজিয়া হয় আৰু উত্তৰ-পূৱ দিশত বিচনা থাকিলে স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। যদি শোৱনি কোঠাত কোনো বৈদ্যুতিক সামগ্ৰী থাকে তেন্তে ইয়াক কোঠাটোৰ দক্ষিণ-পূব কোণত ৰাখিব লাগে। এই কথাবোৰ মানুহৰ বিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰে। বাস্তুশাস্ত্ৰ যিয়ে বিশ্বাস কৰে তেনে লোকে সদায়ে এনে কথাত ধ্যান দি আহিছে।
পাংগং হ্রদৰ দুই পাৰত চীনা সেনাৰ সেতু
পূর্বেই এক অভিযোগ উঠিছিল ৷ এইবাৰ উপগ্রহ চিত্রত তাৰ প্রমাণ পোৱা গ’ল ৷ পাংগং হ্রদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ একাংশত চীনৰ সেনাই নির্মাণ কৰিছে সেতু ৷ উপগ্রহ চিত্রত এই তথ্য পোহৰলৈ অহাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে পুনৰ চর্চা ৷ লাডাখৰ পাংগং হ্রদৰ ওপৰত চীনে দলং নির্মাণ কৰা বুলি পূর্বৰে পৰা অভিযোগ উত্থাপন হৈছিল যদিও শেহতীয়াকৈ ইয়াৰ প্রমাণ পোৱাৰ লগে লগে সামৰিক বিশেষজ্ঞসকলে চীনা সেনাৰ বিবদমান অঞ্চলত অৱস্থান শক্তিশালী হ’ব বুলি আশংকা ব্যক্ত কৰিছে ৷

লাডাখৰ ভূমিত সেতু নির্মাণ কৰা মানেই পাংগং হ্রদৰ উত্তৰ আৰু দক্ষিণ প্রান্তত কৌশলগতভাৱে সুবিধাজনক অৱস্থান লাভ কৰিব চীনা সেনাই ৷ যোৱা ১৬ জানুৱাৰীত এই উপগ্রহ চিত্রত দেখিবলৈ পোৱা গৈছে যে লাডাখৰ দুর্গম অঞ্চলত সেতু নির্মাণৰ উদ্দেশ্যে গধুৰ ক্রেনসহ বিভিন্ন সৰঞ্জাম মজুত কৰিছে চীনা সেনাই ৷ এক তথ্য অনুসৰি পাংগং হ্রদৰ এটা অংশৰ ওপৰত ৪০ মিটাৰ দৈর্ঘ্যৰ আৰু ৮ মিটাৰ প্রস্থৰ সেতু নির্মাণৰ কাম চলিত শীতকালৰ ভিতৰতে সম্পূর্ণ কৰাৰ বাবে তৎপৰতা চলাইছে চীনা সেনা পিএলএই ৷ পাংগং হ্রদৰ উত্তৰ প্রান্তত চীনা সেনাৰ এখন হাস্পতালো সমীপৰ পৰা নির্মাণ হোৱা এই সেতুৱে স্পর্শ কৰিছে দক্ষিণ প্রান্তৰ এটা অংশক৷ দক্ষিণ পাৰৰ এই অংশটোতে ভাৰত আৰু চীনৰ সেনাৰ মাজত ২০২০–২১ত সংঘর্ষৰ সৃষ্টি হৈছিল ৷











