Home Blog Page 2640

দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত ২.৮২ লাখ লোক

ক’ভিডৰ তৃতীয় ঢৌত উৱা-দিহ হেৰুওৱা দেশবাসীয়ে এতিয়াও স্বস্তিৰ শ্বাস ল’ব পৰা নাই। বুধবাৰে দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ২.৮২,৯৭০। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৪১ জন লোকৰ আৰু আৰোগ্য লাভ কৰিছে ১,৮৮,১৫৭ জনে। ক’ভিড সক্ৰিয় হৈ আছে ৯৪,৩৭২লোকৰ দেহত।

উল্লেখনীয় যে মঙলবাৰৰ তুলনাত বুধবাৰে আক্ৰান্তৰ সংখ্যা ১৮.৮৯ শতাংশ বেছি। তাৰ উপৰিও নতুনকৈ আক্ৰান্তৰ সংখ্যা যোৱা ২৪৮ দিনতকৈ সৰ্বাধিক বুলিও তথ্যত প্ৰকাশ পাইছে। আনহাতে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৮,৯৬১ জন হৈছেগৈ।

গহপুুুৰত ‘উপহাৰঃ মেঘনিভলৈ’ গ্ৰন্থ উন্মোচন

গহপুুুৰ মহকুমাৰ অন্তৰ্গত টঙনা গাঁৱত জন্মদিনৰ এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশিষ্ট কবি তথা জ্যেষ্ঠ সাংবাদিক নগেন কোঁৱৰে তেওঁৰ নাতিক তেওঁৰ দ্বাৰা ৰচিত এখন শিশু গল্পপুথি দুবছৰীয়া জন্মদিনত আনুষ্ঠানিকভাৱে উপহাৰ দিয়ে। বিশিষ্ট কবি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰীৰ সঞ্চালনাত গহপুুুৰৰ জ্যেষ্ঠ সাংবাদিক তথা গহপুুুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভুৱন শইকীয়াৰ বাসগৃহত কালি দিনৰ ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত জন্মদিনৰ সভাখনি ক’ভিড প্ৰট’কল মানি পালন কৰা হয়। বিপুল কুমাৰ দিহিঙীয়া আৰু জগদীশ শৰ্মাই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়া আৰু উদ্যোগী মহিলা নিমিষা কোঁৱৰ শইকীয়াৰ সন্তান মেঘনিভক আনুষ্ঠানিকভাৱে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভালেসংখ্যক শুভাকাংক্ষীয়ে জন্মদিনৰ ওলগ আৰু উপহাৰ জ্ঞাপন কৰে। সভাতে বিশিষ্ট কবি-গীতিকাৰ তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঞি, গহপুুুৰ কবি কাননৰ সভানেত্ৰী তথা মেঘনিভৰ আইতাক নিকুঞ্জ কোঁৱৰ মহন্ত, বিশিষ্ট কবি তথা বিশ্বনাথ জিলা নাট্য সন্মিলনৰ সভাপতি বংশী বৰা, বিশিষ্ট নাট্যকাৰ দিলীপ বৰাই আনুষ্ঠানিকভাৱে ‘উপহাৰঃ মেঘনিভলৈ’ গ্ৰন্থখনি উন্মোচন কৰে। গ্ৰন্থখনিত নগেন কোঁৱৰৰ ছটা শিশু উপযোগী গল্প আৰু মেঘনিভৰ জন্মদিনত বিভিন্নজনে সামাজিক মাধ্যমত প্ৰদান কৰা শুভেচ্ছামূলক বক্তব্য সংযোগ কৰা হৈছে। লগতে মেঘনিভৰ প্ৰতি পল-অনুপল শীৰ্ষক এটি অধ্যায়ত মেঘনিভৰ বিভিন্ন ক্ষণৰ ফটো সংযোগ কৰা হৈছে। উন্মোচনী ভাষণ প্ৰসংগত বিশিষ্ট কবি জ্ঞান পূজাৰীয়ে নগেন কোঁৱৰৰ এনে ব্যতিক্ৰমী পদক্ষেপ আদৰণীয় বুলি উল্লেখ কৰি কয় যে বৰ্তমানৰ এই ধামখুমীয়া সমাজ ব্যৱস্থাত বহু ধনী লোকে জন্মদিনৰ পাৰ্টি দিয়ে। বহু ডাঙৰ ডাঙৰ হোটেল, ৰেষ্টুৰেণ্টত লাখ টকা খৰচ কৰি কাৰ্যসূচী ৰূপায়ণ কৰা দেখিছোঁ। কিন্তু এনেধৰণৰ কাৰ্যসূচী দেখিবলৈ পোৱা নাযায়। আচলতে এই কাৰ্যসূচী আমাৰ বাবে বিৰল। মেঘনিভ এই কণমানিৰ বাবে তেওঁৰ ককাক বিশিষ্ট কবি নগেন কোঁৱৰে এখন নিজে লিখা গ্ৰন্থ উপহাৰ দিছে, কেনে ভাল খবৰ নহয়নে বাৰু। আজি কণমানি মেঘনিভে বুজা নাই, কিন্তু মেঘনিভৰ বাবে এই পুথিখনেই মাইলৰ খুঁটি হ’ব বুলি ভাবো বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজা, দিগন্ত গোহাঞি, গহপুুুৰ ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া নমিতা বৰা, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকা, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰধান সচিব ৰিতুল বৰুৱা, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, সিদ্ধেশ্বৰ হাজৰিকা, চাও চন্দন বৰুৱা, তৰুণ চন্দ্ৰ বৰা, অনন্ত শইকীয়া, আইতাক নিকুঞ্জ কোঁৱৰ মহন্ত, বিশিষ্ট কবি তথা মেঘনিভৰ আইতাক সবিতা কোঁৱৰ, যশোদা কোঁৱৰ, বিশিষ্ট সমাজকৰ্মী তথা শংকৰদেৱ শিক্ষা নিকেতনৰ স্বত্বাধিকাৰী উদয় আদিত্য গোস্বামী, বিপুল গাংগুলী, উদ্যোগী মহিলা অংকিতা গোস্বামী, গহপুুুৰ মহকুমাৰ ছাত্ৰ সন্থাৰ দিব্যজ্যোতি ভূঞা, পল্লৱ তাঁতী, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিপুল হীৰা, হৰেন দাস, মিলন দাস, টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দ্বিগবিজয় দলে, এম এম কেৰ জিলা সমিতিৰ সম্পাদক কালিৰাম মিলি, জিনজিয়াৰ সাংবাদিক পংকজ বৰুৱা, গহপুুুৰৰ সাংবাদিক মৃদুল কুমাৰ বৰা, দীপ কুমাৰ শৰ্মা, ভাস্কৰজ্যোতি ভূঞা, নৱজিৎ শইকীয়া, ৰাজীৱ বৰা,অমৰজ্যোতি বৰা, পলাশ ফুকন, মুন গগৈ, পৰাশ শইকীয়া, বিপ্লৱ নেওগ, ৰূপক ভূঞা, সমীৰণ বৰাৰ লগতে দীপা শইকীয়া, সংগীতা গগৈ দিহিঙীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি মেঘনিভক শুভেচ্ছা জ্ঞাপন কৰি বক্তব্য আগবঢ়ায়। সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াই বৰগীত পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সভাত ৰবীন্দ্ৰ কাকতি, দিগন্ত বৰা, ৰঞ্জন মহন্তকে ধৰি কেইবাগৰাকীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। পিছৰ কাৰ্যসূচী অনুসৰী সন্ধিয়া বৃক্ষ মানৱ বকুল গগৈয়ে মেঘনিভৰ জন্মদিন উপলক্ষ্যে এটি গছপুলি ৰোপণ কৰাৰ পাছতে সুৰজিৎ শইকীয়াই আঁতধৰা অনুষ্ঠানত বিধায়ক উৎপল বৰা, মৰ্ণিং ষ্টাৰ হাইস্কুলৰ স্বত্বাধিকাৰী যাদৱ চলিহা, আটছাৰ জিলা সমিতিৰ সম্পাদক নীলোৎপল ৰবিদাস, উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পংকজ মহানন, শংকৰদেৱ শিক্ষা নিকেতনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত শইকীয়া, ক্ৰীড়াবিদ নিদুল পাটগিৰি, গহপুুুৰ মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ ৰবীন দেউৰী, জ্ঞান ভাৰতী একাডেমীৰ স্বত্বাধিকাৰী গৌৰাংগ বৰা, অধ্যক্ষা জিলমিল তামূলীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত জনপ্ৰিয় কণ্ঠশিল্পী গীত নিপু, প্ৰণৱজ্যোতি শইকীয়া, উৎপল নেওগ, অভিনৱ ৰাজখোৱাই গীত পৰিৱেশন কৰাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী মহিলাই বিয়ানাম পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। মেঘনিভৰ পিতৃ ভুৱন শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত মেঘনিভৰ ককাক কমল শইকীয়া, আইতাক দালিমী শইকীয়া, বৰদেউতাক পিংকু শইকীয়া, ৰিঞ্জু শইকীয়া, মাইনু শইকীয়াৰ লগতে আইতাক পূৰ্ণিমা কোঁৱৰ, মামাক হিৰন্ময় কোঁৱৰ, মামী মিতালী কোঁৱৰে অনুষ্ঠানটি ৰূপায়ণ কৰাত বিশেষভাৱে সহযোগ আগবঢ়ায়।নিতুল বৰা হাৱাজান ।Attachments area

বড়িগোগ বনভাগ মণ্ডল যূৱ মৰ্চাৰ নতুন সভাপতি

ভাৰতীয় জনতা যূৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত ৪ টা মণ্ডলত কালি নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ আৰু ভাৰতীয় জনতা যূৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনে স্বাক্ষৰিত কৰি উক্ত মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি সমুহক নিযুক্তি দিয়ে। ঘগ্ৰাপাৰৰ- বড়িগোগ বনভাগ মণ্ডল যূৱ মৰ্চাৰ সভাপতি  হিচাপে বিজেপিৰ যূৱনেতা তথা খাতিকুছি গাঁও পঞ্চায়তৰ প্ৰভাৰী হৰেশ্বৰ দাসক নিযুক্তি দিয়ে।কালি নিশায়ে ভাৰতীয় জনতা পাৰ্টি বড়িগোগ বনভাগ মণ্ডলৰ মুখ্য কাৰ্যালয়ত , বড়িগোগ বনভাগ মণ্ডল যূৱ মৰ্চাৰ নৱ নিযুক্ত সভাপতি দাসক সাংসদ দিলীপ শইকীয়া, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাসহ দলীয় কাৰ্যকৰ্তাসকলে অভিনন্দন জনায়।যূৱ মৰ্চাৰ মণ্ডল সভাপতিগৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আগন্তুক দিনত যূৱ মৰ্চাৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰাত বিশেষ গুৰুত্ব দিব বুলি মন্তব্য কৰে।ইফালে আজি ৰাতিপুৱা ৰ ভাগত দলটোৰ বিভিন্ন চেলৰ কাৰ্যকৰ্তাৰ লগতে বড়িগোগ বনভাগ অ’বি চি মৰ্চাৰ সভাপতি ৰঞ্জিত দাস,উপ সভাপতি দ্বীজেন দাসসহ এটি দলে নৱ নিয়ুক্তি মণ্ডল যূৱ মৰ্চাৰ সভাপতিগৰাকীৰ গৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে বুলি জানিব দিয়ে।

প্ৰকৃততে চৰকাৰী বন বিভাগ আছেনে ?

নাজিৰাত প্ৰকৃতিৰ বুকুৰ সম্পদ আহৰণৰ নামত চৰকাৰী অনুজ্ঞা পত্ৰৰ সকলো নীতি ভৰিৰে মোহাৰি দুৰ্বৃত্তৰ হাতোৰাত চলি ৰৈছে কেৱল প্ৰকৃতি ধ্বংস কাৰ্য্য । দিখৌ নৈৰ বুকুত উদ্ঘাটিত হৈ অহা নিৰ্মাণ কাৰ্য্যৰ মূল সামগ্ৰী শিলৰ খননৰ নামত চৰকাৰে কি নীতি গ্ৰহণ কৰিছে আৰু প্ৰকৃততে খনন স্থলীত ঘটিছে কি সেই বিষয়ে চৰকাৰী বন বিভাগেই চূড়ান্ত অজ্ঞতা প্ৰদৰ্শনৰ নাটক কৰি অহাটো প্ৰকট হৈ পৰিছে । পৰিণতিত নাজিৰাৰ বামুনপুখুৰী চাহ বাগিছাৰো ভূমি অবৈধভাৱে খনন কৰি যোৱাত চাহ বাগিচা আৰু সমীপৱৰ্তী ৰাইজ জাগ্ৰত হৈ কৰা প্ৰতিবাদৰ ফলত  শিৱসাগৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰী সহ নাজিৰা মহকুমা প্ৰশাসনৰ বিষয়া আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত হয়গৈ ভয়াবহ খননৰ ফলত তচনচ হৈ পৰা দিখৌ নৈৰ পাৰ আৰু প্ৰকৃতি ভূমিৰ ধ্বংস স্তূপৰ মাজত ।

আনহাতে  প্ৰকৃতিৰ ধ্বংস কাৰ্য্য চলি ৰোৱা আৰু দিখৌ নদীৰ পাৰিপাৰ্শ্বিকতা ধ্বংস স্তূপলৈ পৰিণত কৰাৰ এই  কাণ্ডত নীতিগতভাৱেই কৰ্তৃপক্ষৰ সৈতে চৰজমিন কাৰ্য্যলৈ ওলাই আহিল শিৱসাগৰ জিলাৰ জল সম্পদ কাৰ্য্যালয়ৰ বিষয়া অভিযন্তা সকলো । খোদ চৰকাৰী বিষয়া সকলেই পৰিস্থিতি দেখি আগন্ত্তক সময়ত দিখৌ নদীৰ গতি সলনি হৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিলে । আগন্ত্তক বাৰিষাত দিখৌ নদীৰ গতি সলনি ঘটিলে বামুনপুখুৰী চাহ বাগিচাত বানৰ বাবে হাহাকাৰ হোৱাৰ আশংকা প্ৰকাশ কৰিলে । সুদীৰ্ঘ দিন ধৰি চলি অহা  এই অবাধ খননৰ ফলত দিখৌ নদীৰ বুকু ধ্বংস কৰাই নহয় চাহ বাগিছাৰ ভিতৰলৈকে দিখৌ নদীৰ মথাউৰি অতিক্ৰম কৰি প্ৰায় পঞ্চাশ বিঘা ভূমিত অবৈধ শিল খনন চলায় এইসকল দুৰ্বৃত্তই । আনহাতে পৰাগ চেতিয়া নামৰ এজন যুৱ ব্যৱসায়ীৰ নামত  এক অনুজ্ঞা পত্ৰ সততে প্ৰদৰ্শন কৰি অহা শিল খননত জড়িত দুৰ্বৃত্ত হঁতে খোদ লখিমী জান খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ অধীনতে দীৰ্ঘদিন ধৰি দিনে ৰাতিয়ে এই কাণ্ড সংঘটিত কৰি গ’ল । শিৱসাগৰ জিলা সংমণ্ডল ডি এফ অ’  কাৰ্য্যালয়ৰ অধীনত আৰু লখিমীজান বীট অফিচৰ সমুখত চলি ৰোৱা এই খনন কাৰ্য্যক লৈ জন সাধাৰণে দীৰ্ঘদিন ধৰি সন্দেহ প্ৰকাশ কৰি আহিছিল । সেয়েহে তেওঁলোকে নাজিৰা মহকুমা প্ৰশাসনৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয় পৰ্য্যন্ত অবৈধ খনন আৰু দিখৌ নৈৰ পাৰিৱেশ ধ্বংস কাৰ্য্যক প্ৰতিবাদ জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল । 

অতি আশ্চৰ্যকৰ ভাৱে সংশ্লিষ্ট সন্দেহজনক অনুজ্ঞা পত্ৰখনৰ গৰাকী পৰাগ চেতিয়া নিজে লখিমীজান ২ নং কুৱেৰী সমীপস্থ প্ৰকৃতিৰ ধ্বংস স্তূপ এলেকাত উপস্থিত হয় আৰু সাংবাদিকৰ আগত সেই অনুজ্ঞা পত্ৰ তেওঁৰ নহয় বুলি কয় ।  এনে ধ্বংসাত্মক খনন কাৰ্য্যৰ বিষয়ে তেওঁ অৱগতই নহয় বুলি কোৱাত সম্প্ৰতি অসম চৰকাৰৰ  বন বিভাগে প্ৰকৃততে দালালগিৰি আৰু কমিচন ৰাজৰ বাবে একাংশ চোৰাং খননকাৰীক প্ৰশ্ৰয় দি অহাটো জলজল পটপট হৈ পৰিল । খননৰ  অনুজ্ঞা পত্ৰ প্ৰদৰ্শনেৰে চৰকাৰী অনুমতি লাভ আৰু সম্পদ আহৰণৰ সকলো কৰ কাটল প্ৰদান কৰাৰ জাহিৰ কৰি অহা এই সকল শিল খনন কাৰীয়ে যে প্ৰকৃততে লাখে লাখে টকাৰ কৰ ফাঁকি দি আহিছিল আৰু মানুহৰ সমুখত ভূৱা অনুজ্ঞা পত্ৰকে দাঙি ধৰিছিল সেই কথা প্ৰতিষ্ঠা হ’ল । এনে পৰিপ্ৰেক্ষিতত দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতা প্ৰদৰ্শন কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে  শিৱসাগৰ  জিলাৰ সংশ্লিষ্ট অসম চৰকাৰৰ বন বিভাগীয় কাৰ্য্যালয় আৰু বিষয়া সকলৰ  ভূমিকাক কি বুলি গ্ৰহণ কৰিব সেয়া এতিয়াহে লক্ষণীয় হ’ ব ।

এই ক্ষেত্ৰত এক ন্যায়িক তদন্তৰ দাবী কৰিছে  সচেতন জনসাধাৰণে । আনহাতে এনে কাৰ্য্য বন বিভাগে চকু থাকিও নেদেখাৰ ভাও জোৰাৰ বাবেই সংঘটিত হ’ বলৈ পোৱা আৰু চৰকাৰী নীতিৰ শিৱসাগৰ বন বিভাগত শৰাধ হোৱা কাৰ্য্যৰ চূড়ান্ত প্ৰমাণৰ পাছত এই সমূহ অবৈধ খনন বন্ধ হ’বনে নহয় সেই বিষয়ক লৈও জনসাধাৰণ চিন্তিত । উল্লেখযোগ্য যে নাজিৰাৰ বিধায়ক তথা ৰাজ্যৰ বিধয়িনী দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সপ্তাহকাল পূৰ্বে এই অবৈধ খনন স্থলীত উপস্থিত হৈ স্বাক্ষুস অভিজ্ঞতা অসমৰ মুখ্যমন্ত্ৰীলৈও প্ৰেৰণ কৰিছিল । 

দুষ্ট চক্ৰৰ হাতত নিধন মাজুলীলৈ অহা পৰিভ্ৰমী চৰাই

শীত আৰম্ভ হোৱাৰ লগে লগে পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰা সত্র নগৰী মাজুলীত এতিয়া সুৰক্ষিত নহয় পৰিভ্ৰমী চৰাইবোৰ। নদী দ্বীপটোৰ বিভিন্ন জলাশয়ত এতিয়া দেখিবলৈ পোৱা  পক্ষীৰ মিলন মেলা যেন লাহে লাহে ম্লান পৰিবলৈ ধৰিছে । এই পৰিভ্রমী চৰাই চাবলৈ হাতত কেমেৰা লৈ আহে দূৰ দূৰণিৰ পৰ্যটক । ব্যস্ত জীৱনৰ ক্লান্তি আঁতৰাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অহা বিভিন্ন জনৰ মনত এতিয়া শংকাই দেখা দিছে । অতি দুৰ্ভাগ্যজনক কথাটো হ’ল মাজুলীলৈ লাহে লাহে আগমণ কম হৈছে পৰিভ্ৰমী চৰাইৰ । ইয়াৰ মূলতেই হ’ল এচাম দুষ্ট চক্ৰ মানুহৰ অসৎ মনোভাৱ ।

বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি বিভিন্ন ঠাইত পক্ষী নিধন যজ্ঞ অব্যাহত ৰাখিছে এই চাম দুষ্ট চক্ৰৰ লোকে। এনে ঘটনা সংঘটিত হ’ল কালি দক্ষিণপাট অঞ্চলত । ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে সত্রৰ ৫০ বিঘা মাটি পক্ষী বিচৰণ কৰিবৰ বাবে এৰি দিছিল । সত্রই পক্ষীৰ বাবে এৰি দিয়া এই মাটিলৈ আহে বিভিন্ন প্ৰকাৰৰ পৰিভ্রমী চৰাই,  এই পৰিভ্রমী চৰাই চাবলৈ আগমণ ঘটে দেশ বিদেশৰ বিভিন্ন লোকৰ । এচাম দুষ্ট চক্ৰৰ হাতত পৰিছে মাজুলীলৈ অহা এই পৰিভ্ৰমী চৰাইবোৰ । যাৰ ফলত মৃত্যুৰ  মুখত পৰিছে এই চৰাইবোৰ । মাজুলীৰ সচেতন লোক , প্ৰকৃতিপ্ৰেমীয়ে  তাত্ক্ষণিক ব্যৱস্হা গ্ৰহণ কৰি অতি সোনকালে এই চৰাইবোৰৰ সুৰক্ষা প্ৰদান কৰক। অন্যথা প্ৰকৃতিৰ ৰম্যভূমি মাজুলীৰ এই বিল জলাশয় সমূহ এদিন হয়তো কালৰ বুকুত হেৰাই যাব। চৰকাৰ তথা প্ৰশাসনক অতি শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দক্ষিণপাট অঞ্চলৰ সচেতন ৰাইজে আহ্বান জনাইছে।

গুৱাহাটীত ১৮ দিনত ১২,৬৬১জন আক্রান্ত ক’ভিডত

ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিডৰ ভয়াৱহ সংক্রমণৰ পাছতো একাংশ অসচেতন লোকে মাস্ক পৰিধান নকৰাকৈ ওলোৱা–সোমোৱা কৰি থকাৰ লগতে ক’ভিড বিধি উলংঘা কৰাত মহানগৰীত ভয়াৱহভাৱে ক’ভিডৰ সংক্রমণ বৃদ্ধি পাইছে ৷ বিগত ১৮টা দিনত গুৱাহাটী মহানগৰীত মুঠ ১২,৬৬১জন লোক ক’ভিডত আক্রান্ত হৈছে ৷ ক’ৰোনাৰ এই ভয়াৱহ সংক্রমণৰ মাজতো মহানগৰীৰ একাংশ বিদ্যালয়ে অব্যাহত ৰাখিছে পাঠদান৷ বিদ্যালয় কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া একাংশ আগশাৰীৰ বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থী আৰু অভিভাৱকে ক’ভিড–১৯ৰ ভয়াৱহতাক লৈ চিন্তিত হৈ পৰিছে৷ মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্রামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৩০জনকৈ শিক্ষক–কর্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ বিদ্যালয়খনৰ মুঠ ১৪৪জন শিক্ষক–কর্মচাৰী ক’ভিড পৰীক্ষা কৰাত ২২গৰাকী শিক্ষক আৰু ৮গৰাকী কর্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ইয়াৰ পাছতে বিদ্যালয়খনৰ শিক্ষক, শিক্ষার্থী আৰু অভিভাৱকসকলৰ মাজত ক’ভিডৰ আতংকই বিৰাজ কৰিছে৷

উল্লেখ্য যে ৪ দিন পূর্বে বিদ্যালয়খনৰ ৮গৰাকী কর্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ ইয়াৰ পাছতো বিদ্যালয় কর্তৃপক্ষই নৱম আৰু দশম শ্রেণীৰ পাঠদান অফলাইনত অব্যাহত ৰাখিছিল৷ অভিভাৱকৰ অভিযোগৰ পাছতে আজি স্বাস্থ্য বিভাগৰ এটা দল বিদ্যালয়খনত উপস্থিত হৈ শিক্ষক–কর্মচাৰীসক্ ক’ভিড পৰীক্ষা কৰাৰ পাছতেই ক’ভিডত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহে৷ ইয়াৰ পাছতে জিলা প্রশাসনে অনির্দিষ্টকাললৈ বিদ্যালয়খনৰ পাঠদান বন্ধ কৰি দিয়ে৷ ইফালে, পশ্চিম গুৱাহাটী মহাবিদ্যালয়তো ৪জনকৈ শিক্ষকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ ইয়াৰ উপৰি কেইবাজনো শিক্ষক আৰু কর্মচাৰী জ্বৰ–কাহত ভুগি থকা বুলি জানিব পৰা গৈছে৷ অহা ২০ জানুৱাৰীৰ পৰা মহাবিদ্যালয়খনত পাঠদান প্রক্রিয়া আৰম্ভ হ’ব৷ সেয়েহে মহাবিদ্যালয়খনৰ আন আন শিক্ষক–কর্মচাৰীকো ক’ভিড টেষ্ট কৰাবলৈ জিলা প্রশাসনক আহ্বান জনাইছে অঞ্চলটোৰ সচেতন লোকসকলে৷ উল্লেখ্য যে আজি গুৱাহাটী মহানগৰীত সর্বাধিক ১৯৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ পহিলা জানুৱাৰীৰ পৰা আজিৰ তাৰিখলৈকে গড় হিচাপত প্রতিদিনে ৭০৩ জনকৈ লোক ক’ভিডত আক্রান্ত হৈছে৷ স্বাস্থ্য বিভাগে প্রকাশ কৰা তথ্য অনুসৰি পহিলা জানুৱাৰীত ৭৬, ২ জানুৱাৰীত ৭৮, ৩ জানুৱাৰীত ১৬৪, ৪ জানুৱাৰীত ১৯০, ৫ জানুৱাৰীত ২৭৯, ৬ জানুৱাৰীত ৩৬৯, ৭ জানুৱাৰীত ৫১৭, ৮ জানুৱাৰীত ৪৭২, ৯ জানুৱাৰীত ৪৯০ আৰু ১০ জানুৱাৰীত ৭৬০জন, ১১ জানুৱাৰীত ৮৭০, ১২ জানুৱাৰীত ১১৩৮, ১৩ জানুৱাৰীত ১০৭০, ১৪ জানুৱাৰীত ৮৭০, ১৫ জানুৱাৰীত ৯১৯, ১৬ জানুৱাৰীত ৯১২, ১৭ জানুৱাৰীত ১৪৯১ আৰু ১৮ জানুৱাৰীত ১৯৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে।

ঘোষণা হ’ল কনিষ্টবল–এছ আই নিযুক্তিৰ লিখিত পৰীক্ষাৰ সূচী

অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) আৰু কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে ৷ অহা ২০ ফেব্রুৱাৰীত বিভিন্ন শাখাৰ কনিষ্টবলৰ পৰীক্ষাসমূহ দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হ’ব ৷ সেইদৰে অহা ২৭ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব অসম ঔদ্যোগিক সুৰক্ষা বাহিনী বেটেলিয়নৰ কনিষ্টবলৰ বিশেষ পৰীক্ষা ৷ এই পৰীক্ষা কেৱল এছপি’সকলৰ বাবেহে অনুষ্ঠিত হ’ব ৷ এই বিশেষ পৰীক্ষা কেৱল গুৱাহাটীত অনুষ্ঠিত হ’ব৷ আনহাতে উপ–পৰিদর্শক আৰু আন একাংশ কনিষ্টবল পদৰ বাবে অহা ২৪ এপ্রিলত অনুষ্ঠিত হ’ব পৰীক্ষা ৷

ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদে প্রকাশ কৰা জাননী অনুসৰি, ২০ ফেব্রুৱাৰীত ২,৩৯১টা ইউ বি কনিষ্টবল আৰু ৪,২৭১টা এ বি কনিষ্টবল পদৰ বাবে ২০ ফেব্রুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ এই একেটা দিনতে এপিআৰৰ ৮১৩টা কনিষ্টবল পদ আৰু জৰুৰীকালীন সেৱাৰ ৭৮৮টা পদৰ উপৰি গৃহৰক্ষী বাহিনীৰ অধীনত ৭৫৪টা কনিষ্টবল পদৰ বাবেও লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ আনহাতে ২৪ এপ্রিলৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ ইউ বি শাখাৰ ৩০৬টা উপ–পৰিদর্শক, এ বি শাখাৰ ৩২০টা উপ–পৰিদর্শক পদৰ উপৰি ১০টা সহকাৰী উপ–নিয়ন্ত্রক (জুনিয়ৰ) পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷

সেইদিনাই দিনৰ ২ বজাৰ পৰা ৪ বজালৈ ৭০৫টা ইউ বি শাখাৰ কনিষ্টবল পদ আৰু ১,৪২৯টা এ বি শাখাৰ কনিষ্টবল পদৰ বাবেও লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া সংযুক্ত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই৷ ন’ডেল এজেঞ্চী হিচাপে ছেবাক দায়িত্ব অর্পণ কৰিলেও জিলা পর্যায়ত সুচলভাৱে পৰীক্ষাসমূহ পৰিচালনা কৰাৰ বাবে গঠন কৰা হ’ব নিৰীক্ষণ কমিটী৷ এ আই এছ এফ বেটেলিয়নৰ বাহিৰে আন পদসমূহৰ বাবে লিখিত পৰীক্ষাসমূহ ৰাজ্যৰ ১০টা স্থানত অনুষ্ঠিত কৰা হ’ব৷ এই স্থানসমূহ হৈছে– তিনিচুকীয়া, ডিফু, যোৰহাট, শিলচৰ, গুৱাহাটী, বঙাইগাঁও, কোকৰাঝাৰ, তেজপুৰ, নগাঁও আৰু হাফলং৷

জেৰাইত পঞ্চায়তৰ গাঁও সভা

ৰাজ্যখনৰ শ্ৰমজীৱী কৃষকৰ আয় বৃদ্ধিৰ জৰিয়তে তেখেতলোকৰ আৰ্থিক অৱস্থা  স্বচ্ছল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰখনে সম্প্ৰতি এখন ধান ক্ৰয় আঁচনিৰ জৰিয়তে প্ৰতি কুইন্টল ধানক ১৯৪০ টকাৰ নিৰিখত চৰকাৰৰ অনুমোদিত ধান বিক্ৰী কেন্দ্ৰত বিক্ৰীৰ বাবে কৃষকক সজাগ কৰি তোলাৰ অৰ্থে ইতিমধ্যে পঞ্চায়তে পঞ্চায়তে গাঁও সভা অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱা পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত জেৰাই পঞ্চায়তৰ এখন গুৰুত্বপূৰ্ণ গাঁও সভা ১৬ জানুৱাৰীত অনুষ্ঠিত হৈ যায়। চাবুৱা নিকটৱৰ্তী জেৰাই গাঁৱত অৱস্থিত কাৰ্যালয়ত অনুষ্ঠিত উক্ত সভাত পানীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি চাবুৱা বিধায়কৰ প্ৰতিনিধিৰ লগতে চি ই অ ৰীণা মেছ, জিলা কৃষি বিষয়াকে ধৰি অন্যান্য বহু গণ্যমাণ্য লোকৰ উপৰি বহুকেইগৰাকী কৃষক  উপস্থিত থাকে।

জেৰাই পঞ্চায়তৰ সভানেত্ৰী মেদিনা মেচ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত গাঁও সভাত কৃষৰ উৎপাদিত ধানৰ উচিত মূল্যৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বান্ধি দিয়া ১৯৫০ টকা নিৰিখত কি প্ৰক্ৰিয়াৰে অংশগ্ৰহণ কৰিব পাৰিব সেই সন্দৰ্ভত বিস্তাৰিত আলোচনা হয় গাঁও সভাখনত । এই সন্দৰ্ভত জিলা কৃষি বিষয়াকে ধৰি খণ্ড উন্নয়ন বিষয়াই 

কিয় সুখী নহয় মেছীৰ পত্নী? হঠাতে কি হৈছে মেছী পত্নীৰ!

কোপা আমেৰিকাত বিজয়ী হাঁহি মৰাৰ পাছত হুকহুকাই কান্দিব লগা হৈছিল তাৰকা ফুটবলাৰ মেছীয়ে। বহু প্ৰচেষ্টাৰ পাছতো মেছীয়ে তেওঁৰ প্ৰিয় ক্লাব বাৰ্চিলোনাত থাকিব নোৱাৰিলে। বাৰ্চিলোনা ত্যাগ কৰা আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰজনৰ নতুন পৰিচয় হৈ পৰিছিল পেৰিছ ছেইণ্ট জাৰ্মেইন অৰ্থাৎ পিএছজি। পিএছজিত যোগদানৰ পাছত মেছীৰ আগৰ উন্নত প্ৰদৰ্শন দেখিবলৈ পোৱা নাই অনুৰাগীয়ে। ফ্ৰেঞ্চ লীগতো মেছীৰ ভৰিৰ পৰা আহিছে মাত্ৰ এটা গ’ল।

আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰজনে নিজকে ফ্ৰান্সৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাব পৰা নাই নেকি বুলিও চৰ্চা হৈছিল। এনে বহু কথাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক আশ্চৰ্যকৰ তথ্য। জানিবলৈ পোৱা মতে, সুখী নহয় মেছী পত্নী। কেবল মেছীয়েই নহয় তেওঁৰ সন্তানো এতিয়াও ফ্ৰান্সৰ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাব পৰা নাই। এল নেচনেল আৰু ইংৰাজী দৈনিক মিৰ’ৰে জনোৱা অনুসৰি, মেছী পত্নী এণ্টোনেলো ৰক্কুজ্জো পেৰিছত মুঠেও সুখী নহয়। সেয়েহে, তেওঁ বাৰ্চিলোনালৈ উভতি যাবলৈ বিচাৰিছে।

এইবিষয়ে পত্নীয়ে ইতিমধ্যে মেছীৰ কাষত কাকূতি-মিনতিও কৰিছে বুলি প্ৰকাশ পাইছে। পেৰিছৰ পৰিৱেশৰ সৈতে কেইবাটাও কাৰণত মোকাবিলা কৰিব পৰা নাই মেছী পত্নী আৰু সন্তানে। ইয়াৰ মূলতঃ ভাষিক সমস্যাই বাটৰ কাঁইট হৈ দেখা দিছে। নিজ মাতৃভাষা স্পেনিছ এৰি ফৰাচী শিকিব লগীয়া হৈছে। এতিয়াও এই ভাষাটো কোৱাত অভ্যস্ত হোৱা নাই তেওঁলোক। তাৰোপৰি বাৰ্চিলোনাৰ বন্ধুবৰ্গলৈও বৰকৈ মনত পৰি আছে মেছী সন্তানৰ। ইফালে, বাৰ্চিলোনাই পুনৰ বিচাৰিছে মেছীক।

ক্ৰমাৎ নিশকতীয়া হৈ পৰা বাৰ্চিলোনাত এতিয়া বাৰ্টেমিউ, লামোৰ্টা, কোমানৰ কোনো নাই। মেছীৰ এসময়ৰ সতীৰ্থ জাভী হাৰ্নান্দেজে বাৰ্চিলোনাৰ নতুন প্ৰশিক্ষক হিচাপে যোগদান কৰিছে। আন এজন সতীৰ্থ ডানী আলভেছে এজন ফুটবলাৰ হিচাপে ক্লাবলৈ উভতি আহিছে। জাভী আৰু আলভেছ দুয়োজনে পুনৰ বাৰ্চিলোনাত বিচাৰিছে মেছীক। এই সকলোবোৰৰ মাজতে পত্নী এণ্টোনেলোৰ মুখত হেৰুওৱা হাঁহি কিদৰে ওভতাই আনে সেয়াহে হ’ব লক্ষ্যণীয়!

ভাৰতৰ আটাইতকৈ ধুনীয়া ৫খন গাঁও! ক’ত আছে এইকেইখন গাঁও?

প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষিত কৰে। কোৱা হয় যে, ভাৰতৰ আত্মা ইয়াৰ গাঁওবোৰত আছে। আনহাতে দেশখনে পৃথিৱীৰ কিছুমান ধুনীয়া গাঁৱক লৈ গৌৰৱ কৰে। এই গাঁওবোৰে নিশ্চিতভাৱে ভাৰতৰ সৌন্দৰ্য প্ৰতিফলিত কৰে আৰু তেওঁলোকৰ সৰল গ্ৰাম্য জীৱনৰ বাবে মুখ্য আকৰ্ষণ, আধুনিকতাৰ দ্বাৰা অস্পৃশ্য হয়। এক প্ৰকাৰৰ শান্তি আৰু সমৃদ্ধি আছে যি এই গাঁওবোৰক বিশেষ কৰি তোলে। গাঁওসমূহত সমৃদ্ধ সাংস্কৃতিক ব্যৱস্থা যিয়ে তেওঁলোকক স্বীকৃতিৰ যোগ্য কৰি তোলে। ভাৰতৰ ভিতৰত লুকাই আছে সৌন্দৰ্যৰে ভৰপূৰ সেই মনোমোহা ৰত্নবোৰ। চহৰৰ উন্মত্ত জীৱনৰ পৰা আঁতৰি আপোনাক প্ৰয়োজনীয় শান্তি প্ৰদান কৰাত সহায় কৰে সৌন্দৰ্যৰে ভৰপূৰ গাঁওসমূহে। তলত ভাৰতৰ কেইখনমান ধুনীয়া গাঁৱৰ তালিকা সন্নিবিষ্ট কৰা হৈছে।

মেঘালয়ৰ মাওলিননংঃ এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে খ্যাত মাওলিননং। মেঘালয়ৰ অৱস্থিত এই সৰু গাঁওখন ভ্ৰমণ কৰাটো অতি আৱশ্যক। আপুনি গাঁওখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে! গাঁওখনৰ জীৱন আৰু সংস্কৃতিৰ বিষয়ে অধিক জানিবলৈ স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰাতো ন্যিতান্তই প্ৰয়োজনীয়। গাঁওখনৰ বাসিন্দাসকল উষ্ম আৰু আতিথ্যশীল, আৰু তেওঁলোকে তেওঁলোকৰ গাঁও আৰু পৰিৱেশ-অনুকূল জীৱন ধাৰণৰ বাবে গৌৰৱান্বিত। গছৰ শিপাৰ পৰা সৃষ্টি হোৱা লিভিং ৰুটছ ব্ৰীজপাৰ, যিবোৰ হাজাৰ বছৰতকৈয়ো অধিক পুৰণি বুলি কোৱা হয়।

হিমাচল প্ৰদেশৰ মালানাঃ মালানা সঁচাকৈয়ে কুল্লু উপত্যকাত অৱস্থিত এখন ধুনীয়া, প্ৰাচীন গাঁও। এই গাঁওখন উৎকৃষ্ট মানৰ হেছ উৎপাদিত মালানা ক্ৰীমৰ বাবেও বিখ্যাত। যদিও গাঁওখনত মাত্ৰ কেইজনমান লোক বাস কৰে, ই দুঃসাহসিক প্ৰেমী আৰু ট্ৰেকাৰসকলৰ মাজত অতি জনপ্ৰিয়। আপুনি মালানাক ইয়াৰ সতেজ বতাহ আৰু প্ৰকৃতিৰ মহান দৃষ্টিভংগীৰ বাবে ভ্ৰমণ কৰিব লাগিব। ইয়াত থকা লোকসকল তেওঁলোকৰ পুৰণি ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতি অতি সুৰক্ষামূলক।

দক্ষিণ ছিকিমৰ ৰাভাংলাঃ যদি আপুনি বিশুদ্ধ নিৰ্ভেজাল প্ৰকৃতি বিচাৰি আছে, তেন্তে কাঞ্চনজংঘাৰ বৰফভৰ্তি শৃংগৰ পটভূমিত স্থাপিত এই ধুনীয়া গাঁও ৰাভাংলা অভিমুখে যাত্ৰা কৰক। বিচিত্ৰ গাঁওখনে উপত্যকা আৰু গভীৰ হিমালয়ৰ অৰণ্য আৰু প্ৰকৃতি প্ৰেমীসকলৰ বাবে সঁচাকৈয়ে এক আশ্ৰয়স্থল। উদ্ভিদ আৰু প্ৰাণীৰ বৈচিত্ৰ্যৰ বাবে ই সুপৰিচিত, দৰ্শনাৰ্থীসকলে ইয়াৰ প্ৰাচীন ৰালান আৰু বন মঠৰ বাবে গাঁওখন ভ্ৰমণ কৰে। সেইবোৰৰ বাহিৰেও, ইয়াত বিভিন্ন ধৰণৰ হিমালয় চৰাই আছে যি ইয়াক পক্ষী পৰ্যৱেক্ষকসকলৰ বাবে এক স্বৰ্গ হিচাপে গঢ়ি তোলে।

হিমাচল প্ৰদেশৰ জানজেহলীঃ হিমাচল প্ৰদেশৰ বিচিত্ৰ সৰু গাঁও জানজেহলী সঁচাকৈয়ে ভাৰতৰ আটাইতকৈ ধুনীয়া গাঁওবোৰৰ ভিতৰত এখন। মাণ্ডি জিলাত অৱস্থিত, গাঁওখন চহৰখনৰ বাণিজ্যিক জীৱনৰ পৰা বহু দূৰত আৰু চহৰবোৰৰ ব্যস্ত জীৱনৰ পৰা কিছু শান্তিপূৰ্ণ আৰু শান্ত সময় বিচাৰি থকাসকলৰ বাবে সঠিক অৱকাশ প্ৰদান কৰে। ইয়াত বহুতো মন্দিৰ আছে যাক আপুনি দৰ্শন কৰিব পাৰে। যেনে চিকাৰী মাতা মন্দিৰ। দুঃসাহসিক প্ৰেমীসকলৰ বাবে, হাইকিং, ট্ৰেকিং, নাইট ছাফাৰী, আৰু পৰ্বতাৰোহণৰ দৰে যথেষ্ট ক্ৰীড়া আছে।

লাহৌল স্পিতিত নাকোঃ ই এটা সৌন্দৰ্যৰে ভৰপূৰ হ্ৰদ। এই হ্ৰদৰ সৌন্দৰ্য অন্বেষণ কৰক আৰু উপভোগ কৰক যিটো বহুতৰ বাবে জ্ঞাত নহয়। ভাৰত-চীন সীমান্তত অৱস্থিত, ই সঁচাকৈয়ে দেশৰ আটাইতকৈ ধুনীয়া গাঁওবোৰৰ ভিতৰত এটা য’ত বৰফৰে আবৃত পৰ্বত আৰু সেউজীয়াৰে ভৰা উপত্যকাৰ পৃষ্ঠভূমিৰ সৈতে প্ৰাচীন সংযুক্ত হৈ আছে। শীতকালত, গাঁওখন বৰফৰ চাদৰত মেৰিয়াই থাকে । আনহাতে গ্ৰীষ্মকালত নাও চলোৱাৰ বাবে উপযোগী। এই গাঁওখনত এটা মন্দিৰ আছে। যিটো প্ৰাচীন কালৰে পৰা অৱস্থিত বুলি গণ্য কৰা হয়।