Home Blog Page 2650

নলবাৰীত ১৩৬ বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীৰ প্ৰসংসনীয় পদক্ষেপ

দেশক সুৰক্ষা দিয়াৰ লগতে সামাজিক কাৰ্যাৱলীৰ দ্বাৰাৰ বিশেষ ভাৱে চৰ্চিত দেশৰ চি আৰ পি এফ বাহিনী । সমাজৰ প্ৰতি থকা দায়িত্ববদ্ধতা,পুলিচ তথা সৈন্য বাহিনীৰ মাজত একতা বৃদ্ধিৰ হেতুকে নলবাৰী সৰিয়হতলীস্থিত ১৩৬ নং বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীয়ে নিৰৱচিন্নভাৱে সমাজৰ উন্নয়নমূলক কাম কৰি আহিছে । ১৩৬ বেটেলিয়ান চি. আৰ.পি . এফ বাহিনীৰ উদ্যোগত ২০২১-২২ বৰ্ষৰ চিভিক এক্সন কাৰ্যসূচী হিচাপে বিভিন্ন চৰকাৰী বিদ্যালয় সমূহত শৌচাগাৰ,প্ৰস্বাৱগাৰ,চাইকল ষ্টেণ্ড আদি বনোৱা, তথা পুনৰনিৰ্মন কৰাৰ উপৰিও আন ভালেমান উন্নয়নমূলক কাম কৰি থকা হৈছে  ।

সেইমৰ্মে বৃহস্পতিবাৰে নলবাৰী জিলাৰ সৰিয়হতীস্থিত বালভৱন বিদ্যাপীঠ বিদ্যালয়ত চিভিক এক্সন অনুষ্ঠানৰ আধাৰত নলবাৰী ১৩৬ নং বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীৰ উদ্যোগত বিদ্যালয়খনত শৌচাগাৰ আৰু প্ৰস্বাৱগাৰ পুন:নিৰ্মান কৰি শুভ উদ্বোধন কৰা হয় । অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ১৩৬ নং বেটেলিয়ান চি. আৰ. পি. এফ বাহিনীৰ কামানডেন্ট অজিত চাংৱানে । উক্ত অনুষ্ঠানত চি আৰ পি এফ বাহিনীৰ বিষয়া গৰাকীক সহযোগ কৰে বিদ্যালয়খনৰ অধ্যক্ষ প্ৰহ্লাদ দাসে । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গীত,নৃত্য,বক্তৃতা অনুষ্ঠান আদিও অনুষ্ঠিত কৰা হয় ।নলবাৰী ১৩৬ নং বেটেলিয়ান চি আৰ পি এফ বাহিনীৰ এনে পদক্ষেপক সচেতন মহলৰ লগতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক প্ৰহ্লাদ দাস সহ স্কুল শিক্ষক শিক্ষয়িত্ৰী সকলে শলাগ জনাইছে ।

অসম এৰি যাবলৈ সাজু পদ্মশ্ৰী উদ্ধৱ ভৰালী!

‘মই গভীৰ ষড়যন্ত্ৰৰ বলি হৈছো’ – এই মন্তব্য পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ ৷ এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে উদ্ভাৱক, বিজ্ঞানী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ৷ বিভিন্ন বঁটা-বাহনেৰে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত নিজৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হোৱা বিজ্ঞানী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগ খণ্ডণ কৰি ন্যস্ত স্বাৰ্থ জড়িত এচামে ষড়যন্ত্ৰ কৰিছে বুলি মত প্ৰকাশ কৰে উদ্ভাৱকগৰাকীয়ে ৷

জানিব পৰা মতে, লখিমপুৰৰ এটা শিশু গৃহৰ পৰা ভৰালীয়ে ২০২০ৰ আগষ্ট মাহত এগৰাকী ১৩ বছৰীয়া কিশোৰীক এবছৰৰ বাবে নিজা আশ্রমলৈ নি ৰখাৰ পাছত দীর্ঘদিন ধৰি কিশোৰীগৰাকীক যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ যোৱা ১৭ ডিচেম্বৰত লখিমপুৰ শিশু কল্যাণ সমিতিয়ে এই সন্দর্ভত জিলা আইন সেৱা প্রাধিকৰণক বিষয়টো অৱগত কৰোৱাৰ পাছতে জিলা আইন সেৱা প্রাধিকৰণে জিলা মুখ্য ন্যায়িক দণ্ডাধীশক বিষয়টো লিখিতভাৱে অৱগত কৰে৷

এই অভিযোগত ভিত্তিত ভৰালীয়ে কয়, “মই কি কৰিলো, নিজেই নাজানো৷ সামাজিকভাবে মোক মৃত্যু ঘটাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে৷ হেৰাই যাম বুলি ভাবিছিলো যদিও মই এতিয়া যুঁজিম৷’ লগতে তেওঁ কয়, এই যুঁজত জয়ী হৈ মই অসম এৰি গুছি যাম৷ মই বহু তলৰ পৰা আহি আজি এই স্থান পাইছো৷ আৰু বহু কৰিবলৈ বাকি আছে ভাৰতবাসীৰ বাবে ৷”

উল্লেখ্য যে লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে ভৰালীৰ বিৰুদ্ধে 1332/2021 আৰু পকছ’ আইনৰ ৬নং ধাৰা, IPC- 376 (I), 376 (A) আৰু 354 ধাৰাত এটা গোচৰ পঞ্জীভুক্ত কৰি তদন্ত অব্যাহত ৰাখে৷ ইফালে যোৱা ২৮ ডিচেম্বৰতে এই ঘটনা সন্দর্ভত অভিযুক্ত ভৰালীয়ে গুৱাহাটী উচচ ন্যায়ালয়ৰ পৰা অন্তৱর্র্তীকালীন জামিন লাভ কৰে৷

ডালিমৰ গুটি গুচোৱা এটা যন্ত্ৰ উদ্ভাৱনেৰে তেওঁলৈ আনিছিল প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি ৷ ২০০৯ চনত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা “ৰাষ্ট্ৰীয় তৃণমূল উদ্ভাৱন বঁটা” , ২০১০ চনত অসম সাহিত্য সভাই প্ৰদান কৰা “প্ৰযুক্তি-ৰত্ন” উপাধিকে ধৰি বহু বঁটা আৰু সন্মান তেওঁ ইতিমধ্যে লাভ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে ২০১৪ চনত তেওঁক সন্মানীয় ডক্টৰ অৱ চায়েঞ্চ (DSc) ডিগ্ৰী প্ৰদান কৰিছে৷ লোভনীয় চাকৰিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি নিজৰ সৃষ্টিৰাজিৰে জগত জিনিবলৈ সক্ষম হোৱা ভৰালীয়ে নিজ জন্মস্থানতে আৰম্ভ কৰিছিল উদ্ভাৱনৰ কাম৷ ইয়াৰোপৰি তেওঁৰ প্ৰায়সমূহ উদ্ভাৱনেই খাটিখোৱা মানুহ, দৰিদ্ৰ গ্ৰাম্য লোক, শাৰীৰিক-মানসিক অক্ষমতা থকা লোকৰ সুবিধাৰ্থে সৃষ্টি কৰা কৰিছিল৷ তেখেতৰ সৃষ্টিৰাজিৰ ভিতৰত বিশেষকৈ কঠীয়া ৰোৱা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ, ‘গ্ৰীণ টী’ তৈয়াৰী যন্ত্ৰ, ভীমকলৰ গুটি গুচোৱা যন্ত্ৰ, খৰি লুৰি খোৱা মানুহৰ বাবে কম ইন্ধন খৰচী চৌকা, মাছৰ বাকলি গুচোৱা যন্ত্ৰ আদিয়ে স্থান লাভ কৰিছিল৷

ৰাজপথত কোলাত সিংহ লৈ যাত্রা এগৰাকী মহিলাৰ

দুই হাতেৰে কোলাত সিংহ এটাক খামুচি ধৰি পথেৰে খোজকাঢ়ি গৈছে এগৰাকী মহিলা৷ মহিলাগৰাকীৰ বাহুবেষ্টনীৰ পৰা পৰিত্রাণ পাবলৈ বাৰে বাৰে চেষ্টা কৰিছে সিংহটোৱে৷ মাজে মাজে সিংহটোৰ বিকট চিঞৰে অঞ্চলটোত সৃষ্টি কৰিছে আতংক৷ এই ভিডিঅ’ ফুটেজে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে চাঞ্চল্য৷ সিংহক এনেদৰে কোলাত লৈ যোৱা দৃশ্যত বিভিন্ন মহলত সৃষ্টি হৈছে শিহৰণ৷ ভাইৰেল হোৱা এই ভিডি’টো কুৱেইটৰ৷ মিডল ইষ্ট মনিটৰৰ প্রতিবেদন অনুসৰি পিঞ্জৰা ভাঙি পলায়ন কৰিছিল সিংহটোৱে৷

তাৎক্ষণিকভাৱে জনসাধাৰণৰ বসতি অঞ্চলত সিংহটোৱে প্রৱেশ কৰাৰ লগে লগে তীব্র আতংকৰ সৃষ্টি হয়৷ তেতিয়াই মহিলাগৰাকীয়ে গৈ সিংহটোক নিজৰ নিয়ন্ত্রণলৈ আনে৷ জানিব পৰা মতে এই সিংহৰ গৰাকী হৈছে মহিলাগৰাকী৷ পিঞ্জৰাৰ পৰা পলায়ন কৰা পোহনীয়া সিংহক পুনৰ ওভতাই আনিবলৈ মহিলাগৰাকীয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু সিংহটোৱে যেন নিজৰ পিঞ্জৰালৈ উভতিব বিচৰা নাই৷ মহিলাগৰাকীয়ে কোলাত লোৱাৰ সময়ত সিংহটোৱে তাৰ আচৰণৰ জৰিয়তে তাকেই প্রতিপন্ন কৰিছে৷

আগছু ওদালগুৰি জিলা সমিতিৰ ৪১তম্ অধিবেশনৰ বিশাল আয়োজন

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন এইবেলি ডিমাকুচী থানা অন্তৰ্গত বামুনজুলি আঞ্চলিক আগছুৰ তত্বাৱধানত ২নং সামৰাঙত অহা ৮ আৰু ৯ জানুৱাৰী ২০২২ত দুদিনীয়া বিশাল কাৰ্য্যসূচীৰ আয়োজনেৰে   সভা স্থলীৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অভ্যৰ্থনা সমিতিয়ে। বিশাল সভাস্থলীৰ পেণ্ডেলকে ধৰি খাদ্য, প্ৰদৰ্শনী, চিকিৎসা সেৱা, অভ্যৰ্থনা, পানীযোগান, যাতায়াতকে ধৰি অন্যান্য সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অভ্যৰ্থনা সমিতিৰ বিভিন্ন উপ সমিতি সমুহে।  কাৰ্য্যসূচীমতে অহা ৮ জানুৱাৰী ২০২২ শনিবাৰে  ৰাতিপুৱা ৭:০০ বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্ঘাটন কৰিব ৩৭নং বেটেলিয়ন এছ এছ বি,সামৰাং বি ও পিৰ ইন্সপেক্টৰ আৰ ৰকেট সিঙে। তাৰ পিছতেই  সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰে আৰু অন্য বাৰটা পতাকা উত্তোলন কৰিব আঞ্চলিক সমিতিৰ সভাপতি সকলে। ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ খতিৱড়াই শ্বহীদ তৰ্পণ কৰাৰ পিছত অন্য বাৰটা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সকলে বন্তি প্ৰজ্বলন কৰিব। ৰাতিপুৱা ১০:০০ বজাত প্ৰতিনিধি সভা উদ্ধোধন কৰিব অবিভক্ত দৰং জিলা সমিতি আগছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীপক নিৰোলাই। দিনৰ ২:০০ বজাত তাৰাবীৰ ছেত্ৰী আৰু লেখৰাজ ছেত্ৰীৰ পৰিচালনাত কুইজ প্ৰতিযোগিতা সম্পন্ন হ’ব। সন্ধিয়া ৫:০০ বজাত ভোলাটাৰ ভি চি ডি চিৰ অধ্যক্ষ ৰাজীৱ তামাঙে সাংস্কৃতিক সন্ধ্যা উদ্ধোধন কৰাৰ পিছত প্ৰথম দিনৰ সম্পূৰ্ণ কাৰ্য্যসূচীৰ যৱনিকা পৰিব।  

৯ জানুৱাৰী ২০২২ দেওবাৰে ৰাতিপুৱা ৮:০০ বজাত সমুহীয়া চাফাই অভিযান উদ্ধোধন কৰিব স্থানীয় সমাজসেৱক মহেন্দ্ৰ লিম্বু আৰু স্থানীয় লাটগাওঁবুড়া ডুকুনা নেৱাৰে। তাৰ পিছতেই বৃক্ষ ৰোপন কৰিব ক্ৰমে ২নং সামৰাঙৰ লাট গাওঁবুড়া ডম্বৰ বাহাদুৰ লিম্বু, নোনাইখাচৰ লাট গাওঁবুড়া গোলাপ বেহেৰা,ভোলাটাৰৰ লাট গাওঁবুড়া গোপাল পোখ্ৰেল, ২নং সামৰাঙৰ সমাজসেৱক কিশোৰ নেৱাৰ, বামুনজুলি ভি চি ডি চিৰ অধ্যক্ষ দৰ্পণ ছেত্ৰী, ভোলাটাৰ ভি চি ডি চিৰ প্ৰাক্তন অধ্যক্ষ ৰাজেন থাপা আৰু অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সম্পাদক বিদুৰ দুলালে প্ৰকৃতি সুন্দৰ আৰু বিশুদ্ধ পৰিবেশ নিৰ্মানৰ কাৰণে বৃক্ষ ৰোপণ কৰিব।ৰাতিপুৱা ১১:০০ বজাৰ পৰা আৰম্ভ হবলগীয়া মুকলি সভাত সভাপতিত্ব কৰিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰে। উক্ত মুকলি সভা উদ্ধোধন কৰিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুস্পধৰ শৰ্মাই। তাৰ পিছতেই অভ্যৰ্থনা সমিতিৰ সভাপতি ডিক বাহাদুৰ ছেত্ৰীয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ পিছত ওদালগুৰি জিলা আগ্ছুৰ মুখপত্ৰ উন্মোচন কৰিব আগ্ ছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ সভাপতি মাধৱ ছেত্ৰীয়ে। উক্ত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়াব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰ্জুন ছেত্ৰীয়ে আৰু নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি সভা সম্বোধন কৰিব সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নুমল ছেত্ৰীয়ে।

সভাত বিশেষ সন্মাননীয় অতিথিৰূপে উপস্থিত থাকিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সন্মাননীয় অতিথিৰূপে উপস্থিত থাকিব মঙ্গলদৈ লোকসভাৰ সাংসদ দিলিপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল, ওদালগুৰি বিধানসভাৰ বিধায়ক গোবিন্দ বসুমতাৰী, মাজবাট বিধানসভাৰ বিধায়ক চৰণ বড়ো, বৰচলা বিধানসভাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বি টি চিৰ কাৰ্য্যবাহী সদস্য সঞ্জীৎ তাতী, কাৰ্য্যবাহী সদস্য দাওবৈচা বড়ো, কাৰ্য্যবাহী সদস্য নিলোত স্বৰ্গীয়াৰী, পাৰ্ষদ দিপক মোৰ, পাৰ্ষদ সঞ্জয় স্বৰ্গীয়াৰী, পাৰ্ষদ ফ্ৰেচ মোচাহাৰী, পাৰ্ষদ অৰ্পনা মেধি, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, অসম ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, বি টি চিৰ মুখ্য কাৰ্য্যবাহীৰ অ,এচ ডি ৰাজু ঢকাল, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব আগছূৰ কেন্দ্ৰীয় উপদেষ্টা বিৰেন্দ্ৰ চুব্বা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়ো, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ন্ত ভট্টাচাৰ্য্য, আক্ৰাচু বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি সমীৰণ সিংহ, বাঙালী যুৱ ছাত্ৰ পৰিষদ বি টি চিৰ সাধাৰণ সম্পাদক সুভজিৎ সুত্ৰধৰ,  আগ্ছু কেন্দ্ৰীয় কাৰ্য্যকৰী সদস্য কুমাৰ কটূৱাল, ত্ৰিদেৱ বিষ্ট, আগ্ছু বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি জন কুমাৰ চৌহান, উপ সভাপতি ৰোহিত কুমাৰ দাহাল, সহ সম্পাদক পুৰ্ণ বিষ্ট, আলোচনী সম্পাদক সুদৰ্শন ভূষাল, কাৰ্য্যকৰী সদস্য মাধৱ লুইটেল, প্ৰাণজীৎ প্ৰতীম শৰ্মা, অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় উপ সভানেত্ৰী কল্পনা শৰ্মা, সাধাৰণ সম্পাদক লক্ষ্মী চেড়াই, বি টি আৰ ক্ষেত্ৰীয় সমিতি গোৰ্খা সন্মিলনৰ সভাপতি দিলু শৰ্মা, সদস্য ভীষ্ম উপাধ্যায়, কৃষ্ণ মিজাৰ, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, সাধাৰণ সম্পাদক পুৰ্ণকিৰাত ৰাই, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন কুমাৰ ৰাউত,  অসম গোৰ্খা সন্মিলন ওদালগুৰি নাৰী মঞ্চৰ সভানেত্ৰী হীৰা মিশ্ৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি সভা সম্বোধন কৰিব।

অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক গোপাল ঢকালে শলাগৰ শৰাই আগবঢ়াব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন সমাপ্ত হ’ব।  অভ্যৰ্থনা সমিতিৰ সভাপতি ডিক বাহাদুৰ ছেত্ৰী,কাৰ্য্যকৰী সভাপতি  বিমল ছেত্ৰী,সাধাৰণ সম্পাদক গোপাল ঢকাল, আগ্ছু ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰ, সাধাৰণ সম্পাদক সঞ্জীৱ খতিৱড়াই ওদালগুৰিবাসী জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সম্পূৰ্ণ জনসাধাৰণক আগ্ছুৰ অধিবেশনত উপস্থিত থাকি অসমৰ বাৰেৰহনীয়া ঐক্যবদ্ধ প্ৰদৰ্শন কৰিবলৈ সংগঠটোবে এক প্ৰেছ বিবৃতি যোগে  আন্তৰিক আহ্বান জনাইছে।

ৰূপাই জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

ডুমডুমা অঞ্চলৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ৰূপাই জাতীয় বিদ্যালয়ৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ৫ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । পৰিচালনা সমিতিৰ সভাপতি জগন্নাথ সোণোৱালে পতাকা উত্তোলন কৰি দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰে । বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ শৰৎ চন্দ্ৰ চিৰিং ফুকনে । ]

তাৰ পিছতে সংগীত শিক্ষয়িত্ৰী গিৰিবালা দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি শ্বৰিফা খাতুন চৌধুৰী, প্ৰসাদ সোণোৱাল, বৈকুন্ঠ ভূঞা আৰু বিৰ্কে বাহাদুৰ থাপাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বক্তৃতা প্ৰদান কৰে । গিৰিবালা দাসৰ নেতৃত্বত গীত-নৃত্যৰ অনুষ্ঠান সম্পন্ন হয় । হুচৰি দলে হুচৰি পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে । গিৰিবালা দাসৰ উপৰিও ছাত্ৰীসকল ক্ৰমে নিকিতা বৰুৱা, প্ৰাপ্তি দাস, গাৰ্গী হাজৰিকা, লুণা বুঢ়াগোঁহাই, লাকি বুঢ়াগোঁহাই আৰু বনশ্ৰী মৰাণে গীত পৰিবেশন কৰে ।

“মন এটি আশা”ৰ নৱম আলোচনী উন্মোচন

নাজিৰাৰ সমীপৰ  লংকাক গোহাঁই গাঁৱৰ কণমাণি শিশু দল “মন এটি  আশা”ৰ ৫ জানুৱাৰীত নৱম আলোচনী “মন এটি আশা” উন্মোচন কৰা হয় । কণমানিহঁতৰ মনৰ কথাৰে উন্মোচন কৰা হৈছে এই নৱম আলোচনী। এই আলোচনীখন উন্মোচন সম্পাদকৰ দায়িত্বত থাকে মুনমী বুঢ়াগোহাঁই।”মন এটি আশা”ৰ নৱম আলোচনী উন্মোচন কৰে সাংবাদিক বিপিন হাজৰিকাই।আলোচনী উন্মোচনৰ লগত সংগতি ৰাখি এখন অনুস্থিত হয় এখন মুকলি সভা।লগতে “মন এটি আশা”ৰ শিশুৰ সকলৰ মাজত অনুষ্ঠিত হয় কবিতা আবৃত্তি প্ৰতিযোগিতা।

মুকলি সভাত সভাপতি হিচাপে উপস্থিত থাকে সমাজকৰ্মী ব্ৰজেন ফুকন,বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চন্দ্ৰকান্ত বুঢ়াগোহাঁই,ড° ভীষ্ম হাজৰিকা, দীক্ষিতা ফুকন,অৰ্চনা কোঁচ,অঞ্জু বৰগোহাঁইৰ লগতে  সংবাদদাতা বিপিন হাজৰিকা, সংবাদদাতা অংশুমান দত্ত উপস্থিত থাকে।”মন এটি আশা”ৰ শিশু আলোচনী উন্মোচনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাত মুকুল শ্ৰণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ ভিতৰত প্ৰথম স্থান লাভ কৰে শিৰাংগন গগৈ,দ্বিতীয় স্থান যুটীয়াভাৱে বেণী প্ৰিয়া বুঢ়াগোহাঁই আৰু অৰ্পিত গগৈ,তৃতীয় স্থান মৃন্ময় গগৈয়ে লাভ কৰে।তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ অনুস্থিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান মমী চেতিয়া,দ্বিতীয় স্থান ভাৰ্গৱ বুঢ়াগোহাঁই,তৃতীয় স্থান আস্থাজিতা বুঢ়াগোহাঁই,চতুৰ্থ স্থান বিতুপন লাহন আৰু নিচুকণী বঁটা লাভ কৰে সমীৰণ বুঢ়াগোহাঁই।ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অনুস্থিত কবিতা আবৃত্তি প্ৰতিযোগিতা প্ৰথম স্থান আলোক বৰগোহাঁই,দ্বিতীয় স্থান মৌচুমী বুঢ়াগোহাঁই,তৃতীয় স্থান ৰিম্পী বুঢ়াগোহাঁই,চতুৰ্থ স্থান দেৱাশ্ৰী বুঢ়াগোহাঁই আৰু পঞ্চম স্থান লাভ কৰে লীনা বুঢ়াগোহাঁই।”মন এটি আশা”ৰ নৱম শিশু আলোচনী উন্মোচনৰ দিনটোতেই “মন এটি আশা”ৰ কণ কণ শিশু সকলে বিভিন্ন সাংস্কৃতিক অনুস্থানেৰে জীপাল কৰি তুলে পৰিৱেশ।

গোগামুখ বালিকা বিদ্যালয়ত শিক্ষকক বিদায় সম্বৰ্ধনা

ধেমাজি জিলাৰ গোগামুখৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ বালিকা বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক ৰবিন্দ্ৰ বৰগোঁহায়ে বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰাা তেওঁক আজি বিদ্যালয়ৰ পৰিয়ালে বিদায় সম্বৰ্ধনা জনায় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক গোবিন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত বিদায়-সম্বৰ্ধনা সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী গোটৰ সম্পাদক নীলমণি পেগুৱে ৷ সভাখনৰ আঁত ধৰে বিদ্যালয়খনৰ সহশিক্ষক নন্দেশ্বৰ কামানে ৷

উল্লেখনীয় যে, অৱসৰপ্ৰাপ্ত শিক্ষক বৰগোঁহাইৰ জন্ম হৈছিল ১৯৬১চনত ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত লাহিবাৰী গাঁৱত ৷ ১৯৮১ চনত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা বি এছ চি পাছ কৰি মিংমাং নলবাৰী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে ৷ ২০১০ চনত তেওঁ গোগামুখ বালিকা বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষক হিচাপে যোগদান কৰে ৷ সুন্দৰভাৱে চাকৰি জীৱন অতিক্ৰম কৰাৰ পিছত ৩১ ডিচেম্বৰত ২০২১ চনত শিক্ষকৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ আজি গোগামুখ বালিকা বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰী সকলে চেলেং চাদৰ, গামোচা, মিচিং মাফলাৰ, শৰাই, ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰি অৱসৰী সহকাৰী প্ৰধান শিক্ষক ৰবীন্দ্ৰ বৰগোঁহাইলৈ শ্ৰদ্ধা প্ৰদান কৰে ৷ সভাৰ আৰম্ভণিৰ পূৰ্বে বিদ্যালয়ৰ ছাত্ৰী সকলে এখনি সমবেত সংগীত পৰিৱেশন কৰাৰ বিদায়-সম্বৰ্ধনা উপলক্ষে ছাত্ৰী সকলে নৃত্য-গীতো প্ৰদৰ্শন কৰে ৷

ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

ঠেঙাল-কছাৰী সকলৰ সামগ্ৰীক উন্নয়নৰ বাবে গঠন কৰা ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনত ২১ নং ৰূপহী-গড়পৰা পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ দলীয় প্ৰাৰ্থী ৰাজু শইকীয়া বিনা প্ৰতদন্দিতাৰে জয়ী হৈছে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ দুৰ্দশা অব্যাহত আছে ৷ উল্লেখ্য যে, ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুঠ ২২ টা পৰিষদীয় সমষ্টিৰ ২০ জানুৱাৰীত ভোটদান হ’ব ৷ ইয়াৰে ২১ নং ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিত ভোটদানৰ পূৰ্বে বিৰোধী দলসমূহে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাটো চৰম লজ্জাৰ বিষয় হিচাপে পৰিগণিত হৈছে।

সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ পৰা মৃদুপৱন বড়াই প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন দাখিল কৰিছিল ৷ আৰু বিজেপিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ তেঁওৱে আছিল একমাত্ৰ প্ৰতিদন্দি ৷ কিন্তু ৰহস্যজনকভাৱে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা মৃদুপৱন বড়াই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত বিজেপিৰ দলীয় প্ৰাৰ্থী ৰাজু শইকীয়াক ধেমাজি জিলা নিৰ্বাচনী বিষয়াই বিজয়ী বুলি ঘোষণা কৰে ৷ দলীয় প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদন্দিতাৰে বিজয়ী হোৱাত বিজেপিৰ দলীয়-কৰ্মকৰ্তাসকল উৎফুলিত হৈ পৰিছে ৷ বিজেপি দলৰ গোগামুখ মণ্ডলৰ সভাপতি ৰমেন দেউৰী, সম্পাদকদ্বয় দুলেন পেগু আৰু মদন চেত্ৰীয়ে দলীয় প্ৰাৰ্থী ৰাজু শইকীয়াক অভিনন্দন জনোৱাৰ লগতে নিকাভাৱে কাম-কাজ আগুৱাই নিবলৈ আহ্বান জনাইছে ৷ ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিটোৰ পৰা পূৰ্বেও ৰাজু শইকীয়া বিজয়ী হৈছিল ৷

বিশ্বৰ সবাতোকৈ ধুনীয়া হাতৰ আখৰৰ অধিকাৰী ক্লাছ এইটৰ ছাত্ৰী

অষ্টম শ্ৰেণীৰ ছাত্ৰী প্ৰকৃতি মাল্লাই ২০২০ বৰ্ষত সকলোৰে দৃষ্টি কাঢ়িছিল। প্ৰথমে জন্মস্থান নেপালত ব্যাপক চৰ্চা হৈছিল, লগে লগে নেপাল চৰকাৰে ছাত্ৰীগৰাকীক বঁটা প্ৰদান কৰিছিল। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিশ্বজুৰি ভাইৰেল হৈ পৰিছে ছাত্ৰীগৰাকীৰ হস্তাক্ষৰ।


ফেচবুক আৰু টুইটাৰ ব্যৱহাৰকাৰীসকলৰ দ্বাৰা ভাইৰেল হোৱা মাল্লাই লিখা এটা পৃষ্ঠাত উল্লেখ আছিল যে “শিশু আৰু প্ৰাপ্তবয়স্ক দুয়োৰে বাবে হস্তাক্ষৰ এক অত্যাৱশ্যকীয় দক্ষতা। আনকি প্ৰযুক্তিৰ যুগতো, শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীসকলৰ বাবে জ্ঞানৰ যোগাযোগ আৰু মূল্যাংকন কৰাৰ প্ৰাথমিক সঁজুলি। শেহতীয়া এক অধ্যয়নত এইটো মন কৰিছো যে কিণ্ডাৰগাৰ্টেনৰ শিশুসকলে বিদ্যালয়ত এতিয়াও তেওঁলোকৰ ৪২ শতাংশ সময় কাগজ আৰু পেঞ্চিলৰ কামত অতিবাহিত কৰিছে।


ছাত্ৰীগৰাকীৰ কথাখিনি লাখ লাখ নেটিজেনে ভাগ বতৰা কৰাৰ পিছত একাংশই পৰামৰ্শ দিছে যে মাইক্ৰছফটে নিজৰ সামগ্ৰীৰ ওপৰত মাল্লাৰ হস্তাক্ষৰক এক অফিচিয়েল ফণ্ট হিচাপে গ্ৰহণ কৰিব লাগে। বিভিন্নজনক অতীতৰ কথা মনত পেলাই দিলে। এজনে টুইট কৰি লিখিছে- “মোক মোৰ দেউতাৰ লিখনিৰ কথা মনত পেলাই দিলে। তেওঁ ১৩ বছৰ বয়সত স্কুল সাং কৰিছিল, এতিয়া ১০১ বছৰে হ’ব। মহামানৱ মহাত্মা গান্ধীয়েও কৈছিল-গুড হেণ্ড ৰাইটিং ইজ এ নেচেচাৰী পাৰ্ট অৱ এডুকেচন।

কাৰ হাতলৈ যাব পঞ্জাৱ?

নিৰ্বাচনমুখী ৰাজ্যসমূহত প্ৰতিটো দলে অব্যাহত ৰাখিছে তত্পৰতা। কি শাসক, কি বিৰোধী কোনো দলে পিছ পৰি ৰোৱা নাই। প্ৰতিটো দলে নিজৰ নিজৰ কৌশলেৰে প্ৰাৰ্থীসকলক আকৰ্ষণৰ প্ৰয়াস ৰাজনৈতিক দলসমূহৰ। পঞ্জাৱত সকলোতকৈ আগেয়ে আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত হৈছে। আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ’ব ভগৱন্ত মান। শীঘ্ৰেই আনুষ্ঠানিকভাবে ঘোষণা কৰিব পাৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম।


আপে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ সাজু হৈছে। ভগৱন্ত মানৰ নাম চূড়ান্ত কৰি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে। শীঘ্ৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব পাৰে ভগৱন্ত মানৰ নাম। যদিহে ঘোষণা কৰে আম আদমী পাৰ্টি হ’ব পঞ্জাৱৰ প্ৰথম দল যিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। আপৰ পিএচি বৈঠকত আপৰ হৈ সাংসদ ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে চিহ্নিত কৰাৰ ক্ষেত্ৰত সন্মত হৈছে। ২০১৭ চনৰ নিৰ্বাচনতো ভগৱন্ত মানৰ নাম আলোচনা কৰা হৈছিল যদিও দলটোৱে তেতিয়া কোনো মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা কৰা নাছিল।


উল্লেখ্য যে, ভগৱন্ত মান পঞ্জাৱৰ চাংৰুৰ লোকসভা সমষ্টিৰ সাংসদ। একেৰাহে দুবাৰকৈ সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে ভগৱন্ত মান জনপ্ৰিয় হেছ শিল্পী আছিল। ভগৱন্ত মানে মনপ্ৰীত সিং বাদলৰ পঞ্জাৱ পিপলছ পাৰ্টিৰ সৈতে নিজৰ ৰাজনীতি আৰম্ভ কৰিছিল। পিছলৈ আম আদমী পাৰ্টিত যোগদান কৰিছিল ভগৱন্ত মানে।