আজি পবিত্ৰ বৰদিন৷ প্ৰতি বছৰেই যীশুৰ জন্মদিন ২৫ ডিচেম্বৰটো খ্ৰীষ্টান ধৰ্মৰ লোকসকলে খ্ৰীষ্টমাছ বা বৰদিন হিচাপে পালন কৰে৷ বৰদিন বা খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোক সকলে গীৰ্জাত যীশুক স্মৰণ কেৰল গোৱা দেখিবলৈ পোৱা যায় ৷ বৰদিন মানেই যেন সকলোৰে বাবে এক আনন্দৰ উৎসৱ ৷
মানুহৰ মাজত সুখ, হাঁহি, মৰম ভালপোৱা বিলোৱা উৎসৱ বৰদিন৷ খ্ৰীষ্টমাছ বুলি ক’লেই সাধাৰণতে আমাৰ সকলোৰে মনলৈ আহে খ্ৰীষ্টমাছ ট্ৰি আৰু পোহৰেৰে ঘৰ সজাই তোলা, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ধৰ্মীয় ৰীতি-নীতি পালন কৰা আৰু ভিন্ন সুস্বাদু খাদ্যৰ অপূৰ্ব সমাহাৰ৷ যদিও বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ এক ধৰ্মীয় উৎসৱ, তাৰ পৰিৱৰ্তে দেখা যায় যে বিশ্বৰ প্ৰায় সকলো জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে খ্ৰীষ্টমাছ পালন কৰে৷
কিন্তু সময় আমাৰ বাবে খুবেই জটিল৷ ক’ৰোনা মহামাৰীৰ বাবে স্তদ্ধ হৈ পৰা বিশ্ববাসীলৈ সাধাৰণ জীৱন ঘুৰি আহিছিল যদিও আকৌ বিশ্বখনক যেন এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ লৈ গ’ল কাল অ’মিক্ৰনে৷ ইখনৰ পাছত সিখন দেশলৈ বিয়পি পৰিছে অমিক্ৰন সন্ত্ৰাস৷ সেয়েহে সকলো লোকে সাৱধানতাৰে এই উৎসৱ পালৱ কৰিবলৈ আহ্বান জনাইছে সকলোৱে৷
FILE PHOTO: Russian Prime Minister Vladimir Putin (R) shakes hands with U.S. Vice President Joe Biden during their meeting in Moscow March 10, 2011. REUTERS/Alexander Natruskin/File Photo
অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে আহিছে ভাল খবৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই অতিশীঘ্ৰে বিভিন্ন মাধ্যমত ৰাছিয়াৰ সৈতে কূটনৈতিক আলোচনা আৰম্ভ কৰিবলৈ হৈছে প্ৰস্তুত । বাইডেন প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে, তুৰ্কীৰ এক সংবাদ মাধ্যমে শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে। বিষয়াজনে টেলি কনফাৰেন্সৰ জৰিয়তে সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত কয় যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই ক্ৰেমলিনৰ সৈতে আৰু নাটো-ৰাছিয়া পৰিষদৰ জৰিয়তে আৰু ইউৰোপৰ নিৰাপত্তা আৰু সহযোগিতা সংস্থাৰ মাধ্যমেৰে পোনপটীয়াকৈ আলোচনাৰ বাবে আগ্ৰহী। যিকোনো আলোচনা পাৰস্পৰিক তাৰতম্যৰ ভিত্ততে গ্ৰহণযোগ্য হ’ব লাগিব আৰু ৰাছিয়াৰ কাৰ্যকলাপ সম্পৰ্কে আমাৰ উদ্বেগৰ সমাধানেই হ’ব একমাত্ৰ লক্ষ্য।‘