Home Blog Page 2717

মহাবিদ্যালয়ত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী

মহাবিদ্যালয়ত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী ।বিদ্যালয় সমুহ উত্তৰণ ঘটোৱা হব দ্বাদশ শ্ৰেণীলৈ।মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰা চিন্তা চৰ্চা ।বুধবাৰে খানাপাৰাত অনুষ্ঠিত এক সংবাদ মেলত শিক্ষাবিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । নতুন শিক্ষানীতি সন্ধৰ্ভতো গুৰুত্বপুৰ্ণ মন্তব্য শিক্ষামন্ত্ৰীৰ । কলেজ সমুহৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সমুহলৈ অনা হব । ২০২৩ চনলৈ সম্পুৰ্ণ কৰা হব এই সমগ্ৰ প্ৰক্ৰিয়া । ৰাজধানী গুৱাহাটীত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হব শিক্ষা সন্মিলন । ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হব লগা সন্মিলনত নতুন শিক্ষানীতিৰ ওপৰত এক আলোচনা অনুষ্ঠিত হব । শিক্ষা সন্মিলন সন্ধৰ্ভত বিস্তৃত ভাৱে বাখ্যা কৰে শিক্ষা সচিব ননীগোপাল মহন্তই ।

একত্ৰিত হ’ব আছুৰ প্ৰাক্তন সতীৰ্থ সকল

একত্ৰিত হোৱাৰ প্ৰস্তুুতি চলিছে প্ৰাক্তন আছু-সতীৰ্থৰ। অসমৰ সৰ্বাঙ্গীন উন্নতি আৰু প্ৰাক্তন আছু কৰ্মী সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে ওলাই আহিছে প্ৰাক্তন আছুৰ সতীৰ্থসকল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী আৰু বিষয়ববীয়াসকল একত্ৰিত হৈ মানৱীয় প্ৰমূল্যবোধেৰে  অসম আৰু অসমীয়াৰ জাতীয় আৰু আৰ্থ-সামাজিক সমস্যা সমাধানৰ উপায় উলিওৱালৈ চিন্তা-চৰ্চা কৰিছে প্ৰাক্তন আছুৰ কৰ্মীসকলে। ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থসকলক লৈ ৰৌতাৰ সমৃদ্ধিগেষ্ট হাউচত ১৬ নৱেম্বৰত অনুষ্ঠিত হয় অবিভক্ত দৰং জিলাৰ প্ৰাক্তন “আছু” সতীৰ্থসকলৰ আন্তৰংগ আলাপ।পূৰ্বৰ দৰং জিলা বৰ্তমানৰ শোণিতপুৰ, ওদালগুৰি,দৰং আৰু বিশ্বনাথ জিলীৰ প্ৰাক্তন আছু নেতা সকল একত্ৰিত হৈ অনুষ্ঠিত কৰে এই অন্তৰংগ আলাপ। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন আছু কৰ্মীসকলে অসমৰ অৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। সিঁচৰিত হৈ থকা প্ৰাক্তন আছু কৰ্মী সকলক একত্ৰিত কৰি প্ৰত্যককে মানৱীয় সম্পৰ্কৰে গঢ়ি তোলাৰ মানসেৰে এখন মঞ্চ তৈয়াৰ কৰিব প্ৰাক্তন আছু নেতা-কৰ্মী সকলে। এইদৰে আজিৰ চিন্তন আলোচনাত গঠনমূলক আলোকপাত কৰে উপস্থিত প্ৰাক্তন আছুৰ একাধিকজনে | অচিৰেই কেন্দ্ৰীয় ভাৱে প্ৰাক্তন আছু কৰ্মী সকলৰ সমাৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় । অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ আছুৰ প্ৰাক্তন সতীৰ্থসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে অনুষ্ঠিত হ’ব প্ৰাক্তন আছু কৰ্মীৰ কেন্দ্ৰীয় সমাবৰ্তন। সদনত এই সিদ্ধান্ত সৰ্বজনৰ ঐক্যমতত গ্ৰগণ কৰে প্ৰাক্তন আছু নেতা-কৰ্মীসকলে । ৰৌতাত অনুষ্ঠিত হোৱা এই প্ৰাক্তন আছু সতীৰ্থৰ অন্তৰংগ আলাপ আনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীন বড়ো, প্ৰাক্তন আছু নেতা কমলেশ ডেকা, প্ৰাক্তন আছু নেতা নিৰঞ্জন নাথ, প্ৰাক্তন আছু নেতা ফণী পাঠকৰ লগতে অভিবক্ত দৰং জিলাৰ প্ৰাক্তন আছুৰ নেতা-কৰ্মী সকল।

বঙাইগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ই-শ্ৰম কাৰ্ড বিতৰণ

ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ,পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি সন্ধিয়া বঙাইগাঁওস্থিত গান্ধী ময়দানত অসংগঠিত শ্ৰমিকৰ এখন সজাগতা শিবিৰ আৰু ই-শ্ৰম কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ই- শ্ৰম কাৰ্ড বিতৰণ কৰে ৷ অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী তেলীয়ে কয় যে শ্ৰমিকসকলে ই- পঞ্জীয়ন ঘৰত থাকিও কৰিব পাৰে ৷ কেৱল শিবিৰতে নহয়।পঞ্জীয়ন বিনামূলীয়া। পঞ্জীয়নৰ বাবে শ্ৰম বিভাগে পঞ্জীয়ন মাচুল দিব।শ্ৰমিকসকলে ই-পঞ্জীয়ন কৰিব লাগে-কাৰণ তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে। এই কাৰ্ডৰ জৰিয়তে শ্ৰমিকসকলে বিভিন্ন সা- সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰণালয়ে শ্ৰমিকসকলৰ বাবে অসমত দুখনকৈ চিকিৎসালয় স্থাপন কৰিব ৷ ইয়াৰ ভিতৰত তিনচুকিয়াত এখন ১০০ খন বিচনাযুক্ত আৰু গুৱাহাটীৰ বেলতলাত ২০০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰা হ’ব ৷ ইতিমধ্যে মঙলবাৰে ১৪২ কোটি টকাৰে গুৱাহাটীৰ বেলতলাত স্থাপন কৰিবলগীয়া চিকিৎসালয়খনৰ কাম আৰম্ভ কৰা হৈছে ৷ আনহাতে ই – শ্ৰম কাৰ্ড সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে  সমগ্ৰ ভাৰতবৰ্ষত মুঠ ৩৮ কোটি শ্ৰমিকৰ ই- শ্ৰম পঞ্জীয়ন কৰা হ’ব। সেইদৰে অসমত ১ কোটি শ্ৰমিকৰ পঞ্জীয়ন কৰা হ’ব। ইতিমধ্যে ভাৰতৰ ৮ কোটি শ্ৰমিকক পঞ্জীয়ন কৰা হৈছে। আনহাতে বঙাইগাঁৱত বৰ্তমানলৈ ৬০, ০০০ ৰৰো অধিক শ্ৰমিকৰ ই-পঞ্জীয়ন কৰা হৈছে ৷ কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে সমগ্ৰ অসমত যিদৰে এই কাম হ’ব লাগিছিল তেনেকৈ হৈ উঠা নাই ৷ ই – শ্ৰম কাৰ্ডৰ পঞ্জীয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত উৰিষ্যা এক নম্বৰত আছে ৷ ৰাজ্যখনৰ প্ৰায় নব্বৈ শতাংশ মানুহে এই ই- শ্ৰম কাৰ্ডৰ পঞ্জীয়ন কৰিছে ৷ ইযাৰ বিপৰীতে মোৰ নিজৰ ৰাজ্য অসমৰ স্থান নৱমলৈ অৱনমিত হৈছে ৷ গতিকে আমি এক নম্বৰ স্থানৰ কথা নাভাবো ৷ কিন্তু যাতে অন্তত ৰাজ্যখনে পাঁচ নম্বৰ স্থানত থাকে তাৰ বাবে সকলোকে ই- শ্ৰম পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে ই-পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড থাকিব লাগে। যিসকলে আয়কৰ দিয়ে, যিসকলৰ পি এফত টকা জমা হয় তেওঁলোকৰ পঞ্জীয়ন নহয়। ঘৰুৱা কাম কৰা, খেতি পথাৰত কাম কৰা ,আশাকৰ্মী, জবকাৰ্ডৰ শ্ৰমিকৰ পঞ্জীয়ন হ’ব।পঞ্জীয়ন কৰিলে ই-শ্ৰম কাৰ্ড পাব আৰু লগে লগে তেওঁৰ ২ লাখ টকাৰ বীমা হ’ব। বেংকৰ একাউণ্ট থাকিব লাগে ই- শ্ৰম কাৰ্ডৰ বাবে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা সংবাদ কৰ্মীসকলোকো এই ই- শ্ৰম কাৰ্ড কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া(আই এ এচ) ই মন্ত্ৰীগৰাকীক বঙাইগাঁৱলৈ আহি ই-শ্ৰম কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ই-শ্ৰম কাৰ্ডৰ বাবে  মহিলাসকলৰ উপস্থিতি দেখি সন্তোষ প্ৰকাশ কৰে।জিলা শ্ৰম বিষয়া দেৱজিত কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠান মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সচিব বীৰেন্দ্ৰ মিট্টাল আৰু অতিৰিক্ত ব্যক্তিগত সচিব ভগীৰথ চৌধুৰীও উপস্থিত থাকে। অনুষ্ঠানত কেইবাগৰাকীও শ্ৰমিকক ই- শ্ৰম কাৰ্জ বিতৰণ কৰে ৷ লহতে ভাল কামৰ বাবে সমূহীয়া সেৱা কেন্দ্ৰৰ তিনিগৰাকী কৰ্মীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। মন্ত্ৰীগৰাকীয়ে  এই অনুষ্ঠাৰ পিচতে বঙাইগাঁও শোধনাগাৰলৈ যায় আৰু ইয়াতে শোধনাগাৰৰ বিষয়ববীয়াসকলৰ লগত এক সভাত মিলিত হ’ব ৷ বুধবাৰে এক সম্বৰ্ধনা অনুষ্ঠানটো উপস্থিত থাকিব ৷ তাৰ পিচতে কোকৰাঝাৰলৈ যাব ৷ 

জামুগুৰিহাটত দুস্কৃতিকাৰীয়ে পুখুৰীত বিহ দি নিধন কৰিলে শ-শ মাছ

মৎস্যপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ এক সপোন লৈ আগবঢ়া দুগৰাকী যুৱকৰ  সপোন আশা আকাংক্ষা ক্ষন্তেকতে চুৰমাৰ কৰি দিলে একাংশ পৰশ্ৰিকাতৰ লোকে৷দীৰ্ঘদিনৰ কষ্ট-পৰিশ্ৰম-সপোন নিমিষতে শেষ কৰি দিলে এই দুষ্ট প্ৰকৃতিৰ একাংশ লোকে৷বেংকৰপৰা ঋন লৈ নিজকে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ আশাৰে জামুগুৰিহাটৰ হাবিপাল গাঁৱত প্ৰায় ৩ বিঘা মাটিৰ পৃথকে পৃথকে দুটাকৈ  পুখুৰীত মৎস্যপালন কৰিবলৈ আৰম্ভ কৰিছিল জামুগুৰিহাটৰে দুই নিবনুৱা যুৱক অঞ্জনজ্যোতি বৰুৱা আৰু ৰাজু নেৱাৰে৷ৰৌ-বাহু-কুঁহি-ব্ৰিগেদকাপ মাছকে আদিকৰি প্ৰায় ১০ কুইন্টলৰো অধিক মাছৰ পোনা দি নিতৌ প্ৰতিপালন কৰি আহিছিল দুই যুৱকে৷কিন্তু সমাজৰ একাংশ হিংসুক প্ৰকৃতিৰ লোকৰ বাবেই আজি পুখুৰীটোৰ শ-শ মাছৰ মৃত্যু হৈ উপঙি থকা প্ৰত্যক্ষ কৰি ভাঙি পৰে দুই নিবনুৱা যুৱক৷কোনো দুস্কৃতিকাৰীয়ে কালি নিশা পুখুৰীটোত বিহ জাতীয় পদাৰ্থ ছতিয়াই দিয়াৰ পিছতেই পুখুৰীটোৰ শ-শ পোহনীয়া মাছৰ মৃত্যু হয়৷আজি পুৱাৰ ভাগত দুয়োগৰাকী যুৱকে পুখুৰীত থকা মাছক দানা দিবলৈ গৈ এইদৰে মৃত সকলো মাছ উপঙি থকা দেখা পাই কিংকৰ্তব্যবিমূঢ় হৈ পৰে৷দীৰ্ঘদিনৰ পৰিশ্ৰম আৰু স্ব-নিৰ্ভৰশীল হোৱাৰ আশা চুৰমাৰ হৈ পৰাত দুয়োগৰাকী যুৱকৰ মুৰত সৰগ ভাঙি পৰাৰ দৰে হোৱাত কান্দোনত ভাঙি পৰে৷দুস্কৃতিকাৰীৰ এনে অমানৱীয় কাণ্ডক গৰিহণা দিয়াৰ লগতে  উচিত শাস্তিও কামনা কৰি কান্দোনত ভাঙি পৰা দেখা গ’ল দুই যুৱকক৷ইতিমধ্যে দুয়োগৰাকী যুৱকেই ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷

মনকৰিবলগীয়া যে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নিৱনুৱা যুৱক যুৱতী সকলক স্ব-নিৰ্ভৰশীল কৰি তুলিবৰ বাবে দেখুওৱা বিভিন্ন ধৰণৰ কৰ্মৰ  প্ৰতি আকৃষ্ট হৈয়েই বেংকৰপৰা ২ লক্ষ টকা ঋন লৈ মৎস্যপালনত মনোনিবেশ কৰা দুয়োগৰাকী যুৱকৰ স্বাৱলম্বিতাৰ সোণোৱালী সপোন একাংশ দুস্কৃতিকাৰীৰ বাবে চুৰমাৰ হৈ পৰা ঘটনাটোৱে অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷এনে নিকৃষ্ট কাণ্ডৰ লগত জড়িত দোষিক আৰক্ষীয়ে কৰায়ত্ব কৰি দৃষ্টান্তমুলক শাস্তি বিহাৰো দাবী কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে৷উল্লেখ্য যে বিগত জুলাই মাহতো মৎস্যপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লোৱা ১০ গৰাকী যুৱকৰে গঠিত পাঞ্চজন্য আত্মসহায়ক গোটৰ ৭ বিঘা মাটিৰ পুখুৰীটোতো দুস্কৃতিকাৰীয়ে বিহ দিয়াৰ ফলত ৫ কে:জি: ওজনৰ মাছৰপৰা থলুৱা মাছলৈকে সকলো মাছৰ এইদৰেই মৃত্যু হৈছিল৷

উত্তৰাখণ্ডত প্ৰথম বাল মিত্ৰ আৰক্ষী থানা মুকলি

উত্তৰাখণ্ডৰ প্ৰথম বাল মিত্ৰ আৰক্ষী থানা মুকলি, মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ ৰাৱটে উদ্বোধন কৰে; এই সুবিধাবোৰ থাকিব:
ত্ৰিবেন্দ্ৰ ৰাৱাটে শিশু অপৰাধ নিয়ন্ত্ৰণ আৰু নিয়ন্ত্ৰণ ৰখাৰ বাবে প্ৰথম বাল মিত্ৰ থানা মুকলি কৰে চি.ত্ৰিবেন্দ্ৰ ৰাৱাটে শিশু অপৰাধ নিয়ন্ত্ৰণৰ বাবে প্ৰথম শক্তিশালী পদক্ষেপ আৰম্ভ কৰিছে।মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে বাল থানে উদ্বোধন কৰিছে। ত্ৰিবেন্দ্ৰ ৰাৱাটে কয়, শিশুসকলে যাতে আৰক্ষী থানাৰ নামলৈ ভয় নকৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। উত্তৰাখণ্ড আৰক্ষীয়ে শিশুসকলক এক ভাল পৰিৱেশ প্ৰদান কৰাৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে, মুখ্যমন্ত্ৰীয়ে শিশুসকলক সহায় কৰিবলৈ এক টকা ঘোষণা কৰে। তেওঁ কয় যে চৰকাৰে সদায় শিশুসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা কৰি আহিছে। তেওঁ কৈছিল যে দুৰ্বলসকলক শক্তিশালী কৰিবলৈ কাম কৰা উচিত।

সানোৱা গাঁও পঞ্চায়তত পি এম গৃহ লাভ কৰিছে কোনে

চৰকাৰে পঞ্চায়ত  ব্যৱহাৰ জৰিয়তে সমাজৰ দুখীয়া দৰিদ্ৰলোকলৈ আগবঢ়োৱা চৰকাৰী গৃহৰ নামত পঞ্চায়ত ব্যৱস্থাৰ একাংশ কৰ্মচাৰী আৰু প্ৰতিনিধিৰ চৰম অনিয়মৰ বাবে বছৰৰ পিছত বছৰ ধৰি বঞ্চিত হৈ আহিছে একাংশ প্ৰকৃত ডাল ,দুখীয়া -দৰিদ্ৰ।দৰঙৰ ছিপাঝাৰৰ উন্নয়ন খণ্ডৰ সানোৱা গাঁও পঞ্চায়তত পি এম গৃহৰ নামত দুখীয়া, দৰিদ্ৰ, বিভক্ষু লোক বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে। উল্লিখিত গাঁও পঞ্চায়তখনৰ  কমাৰচুৱাৰ ফাৰুকুৰ ৰহমান নামৰ দৰিদ্ৰ লোকৰ গৰাকীৰ থাকিবলৈ এটা ভাল ঘৰ নাই।বতাহ- বৰষুণ দিলে পাঁচটাকৈ মানৱ প্ৰানী বসবাস  কৰা  গাহৰিৰ গঁৰাল সদৃশ জৰাজীৰ্ণ গৃহৰ পৰা বাহিৰলৈ ওলাই নিৰাপদ স্থানত থাকিবলগীয়া হয়।কমাৰচুৱা গাঁও খনৰ ভিতৰতে অতিকৈ ডাল দৰিদ্ৰ তথা দিন হাজিৰা নকৰিলে আখলত জুই নজ্বলা এই গৰাকী ব্যক্তিৰ ঘৰত বহুবাৰ পঞ্চায়তৰ কৰ্মচাৰীয়ে চাৰ্ভে কৰি ,ফটো মাৰি নিয়াৰ পাছতো আই ডি নম্বৰ পাবলৈ সৌভাগ্য নহ’ল।যাৰ বাবে গাহৰি থকাৰো অনুপক্ত জৰাজীৰ্ণ জুপুৰী ঘৰ এটাত পাঁচ গৰাকীকৈ মানৱ প্ৰানীয়ে অতি যন্ত্ৰণাদায়ক অৱস্থাত দিন-ৰাতি, মাহ- বছৰৰ পিছত বছৰ কটাব লগীয়া হৈছে। গাঁওখনৰ লোক সকলে জৰুৰী ভাবে ফাৰুকুৰ ৰহমানক পঞ্চায়তৰ ফালৰ পৰা চৰকাৰী গৃহ এটা পোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।বিষয়টো মুখ্যমন্ত্ৰী, পঞ্চায়তমন্ত্ৰীৰ কৃপাদৃষ্টি কামনা কৰিছে গাঁওবাসী ৰাইজে। একাংশ লোকে পঞ্চায়ত খনত এক তদন্তৰো দাবী জনাইছে।

মৰিগাঁৱত দুই জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা

 দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মমৰিগাঁও জিলাতো জিলা প্ৰসাশনৰ সহযোগত আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।এই অনুষ্ঠানতে আজি জিলাখনৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।এই উপলক্ষে  পুৱা ১১ বজাত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক জগদীশ নাথে।ইয়াৰ পিছতে  মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইনৰ সঞ্চালনাত ” সংবাদ মাধ্যমক কোনে সমীহ নকৰে ” শীৰ্ষক আলোচনা চক্ৰখন উদ্বোধন কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগুৱে। অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন। লগতে অতিৰিক্ত উপায়ুক্ত দ্বয় গৰ্গ মোহন দাস,ৰিংখাং মুছাহাৰী(ভাৰপ্ৰাপ্ত জিলা জনসংযোগ বিষয়া) দুগৰাকীও উপস্থিত থাকে।আনহাতে  আলোচক হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা,প্ৰাক্তন সভাপতি বুবুমণি গোস্বামী,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি শৰ্মা উপস্থিত থাকে।সভাখনৰ উদ্দেখ্য ব্যাখ্যা কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথে।বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনে। আনহাতে আলোচনা চক্ৰ খনত সংবাদ মাধ্যম হৈছে ৰাইজৰ বন্ধু।সংবাদ মাধ্যমত কাম কৰা মানুহখিনি সকলোতকৈ নিমাখিত।তেওঁলোকৰ হাতত একমাত্ৰ কলমটোহে থাকে বুলি কয় আলোচক প্ৰতাপ হাজৰিকাই।বৰ্তমান সময়ত সংবাদ মাধ্যম পেছা নহয় নিচাত পৰিণত হৈছে।মফচলীয়া সাংবাদক সকলক দৰমহাৰ ক্ষেত্ৰত মালিক পক্ষই একে নীতিকেই পালন কৰি আহিছে আৰু সাংবাদিক সকলক দৰমহা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।

গোলাঘাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

গোলাঘাট জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এইবাৰৰ বাণী “সংবাদ মাধ্যমক সমীহ নকৰে কোনে” শীৰ্ষক বিষয় লৈ এটা আলোচনা অনুষ্ঠিত হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আৰু বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে । সভাত সাংবাদিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্তই কয় যে সংবাদ মাধ্যমে মুক্তভাৱে আত্মসংযমেৰে নিজৰ দায়বদ্ধতাৰ পৰিচয় দি স্বাধীনতা উপভোগ কৰিব লাগে যাতে গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হয় । চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংবাদ মাধ্যমে এটা সেঁতুৰ দৰে কাম কৰে বুলি উল্লেখ কৰি তেওঁ বাক স্বাধীনতা আৰু দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ সাংবাদিকসকলৰ প্ৰতি আহ্বান জনায় । সভাত আন এগৰাকী সাংবাদিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে গোলাঘাট জিলাৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকক স্মৰণ কৰি কয় যে মফচলীয় বহু সাংবাদিকে যথেষ্ট নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি আছে । তেওঁ সাংবাদিকসকলৰ স্বাৰ্থত গ্ৰহণ কৰা বিভিন্ন আঁচনি বা সা-সুবিধাসমূহৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । সভাত তথ্য আৰু জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক জিতেন কাকতিয়ে কয় যে সংবাদ মাধ্যমৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে দায়বদ্ধতা । কলমৰ শক্তি আৰু দায়বদ্ধতাই এজন সাংবাদিকৰ নিষ্ঠা আৰু সততাৰ পৰিচয় দিয়ে বুলি তেওঁ কয় । অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মাখন লাল বাঢ়ৈয়ে চাহ বাগিচাৰ লোকসকলৰ বিভিন্ন সমস্যাৰাজি উলিয়াই অনাৰ লগতে চৰকাৰ-প্ৰশাসনৰ আগত উপস্থাপন কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলক নিজৰ দায়বদ্ধতাৰ পৰিচয় দিবলৈ সাংবাদিকসকলৰ প্ৰতি আহ্বান জনায় । সভাত জিলা উপায়ুক্তগৰাকীয়ে সভাপতিৰ আসনৰ পৰা কয় যে ৰাইজ আৰু চৰকাৰৰ মাজত সংযোগ স্থাপনৰ আটাইতকৈ সহজ মাধ্যম হৈছে সাংবাদিকসকল । তেওঁ লগতে প্ৰতিটো পক্ষৰে মতামত বা প্ৰতিক্ৰিয়াক গুৰুত্ব আৰোপ কৰি এটা বাতৰি প্ৰকাশ কৰিলেহে সেই বাতৰি নিৰপেক্ষ হয় বুলি মত প্ৰকাশ কৰে । তেওঁ বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৱেব পৰ্টেলসমূহৰ বাবেও অনাগত সময়ত নীতি-নিৰ্দেশনা যুগুত কৰা হ’ব বুলি আশা প্ৰকাশ কৰে । সভাত সাংবাদিক পেঞ্চনাৰ দুগ্ধ দত্ত, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, নবীন গোহাঁই, দ্বীপমনি খাটনিয়াৰ আৰু কেইবাগৰাকীও সাংবাদিকে বক্তব্য আগবঢ়ায় । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা আৰু ভালেসংখ্যক সাংবাদিকে অংশ লয় । সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্জলন কৰাৰ পাছত জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ।

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ

ভূৰাগাঁও প্ৰতিবেদক:- মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত হামু চৰৰ আব্দুল খালেকৰ ১৪ বছৰীয়া পুত্র মফিদুল ইছলাম নামৰ নিৰুদ্দেশ কিশোৰটি  অৱশেষত নাগালেণ্ড ৰাজ্যৰ ডিমাপুৰৰ লঙ্গী বজাৰত উদ্বাৰ হয়। উল্লেখ্য যে যোৱা ৯ নবেম্বৰ মঙলবাৰে বিয়লি ৩ বজাৰ পৰা লাহৰীঘাটৰ পৰা নিৰুদ্দেশ হোৱা বুলি তেওঁৰ পিতৃয়ে জনাইছিল আৰু লাহৰীঘাট থানাত নিৰুদ্দেশ সম্পর্কে এজাহাৰো দিছিল পৰিয়ালৰ লোকে। এই নিৰুদ্দেশ সম্পর্কে আমাৰ দৈনন্দিন বাৰ্তা কাকতৰ বাতৰি ফেচবুকত দিয়াৰ পিছত অৱশেষত ৬ দিনৰ অন্তত বাতৰি চাই ডিমাপুৰৰ পৰা মফিদুল ইছলামৰ পিতৃক লৰা জনৰ সন্ধান পোৱা বুলি কল কৰে। সেই মৰ্মে যোৱা কালি লৰা জনক আত্মীয়ই ডিমাপুৰৰ পৰা ঘৰলৈ লই আনে। মুলত  লৰাজনে তেজপুৰ যাবলৈ লাহৰীঘাট বাছ ষ্টেণ্ডত ৰৈ থকা অৱস্থাত এজন অচিনাকি  যুৱকে   গাড়ী তেজপুৰ যাব বুলি কৈ ফুচলাই ডিমাপুৰলৈ লৈ গৈ তাৰ পৰা লৰাজনক বহাই থৈ উধাও হয়। পিছত  এজন বিস্কুট বেকাৰীয়ে লৰাজনক তেওঁৰ ঘৰত সযতনে ৰাখে। ফেচবুকত দৈনন্দিন বাৰ্তা কাকতৰ বাতৰি চাই লৰাজনৰ পিতৃক ফোন কৰি এই সুখবৰ দিয়াত সকলোৱে স্বস্তিৰতা পায়। ইয়াকে কয় মানৱতা এতিয়াও হেৰুৱাই যোৱা নাই। ধন্যবাদ থাকিল ডিমাপুৰৰ সেই বিস্কুট বেকাৰী জনলৈ, যিজনে পিতৃ মাতৃৰ হেৰুৱা বুকুৰ মানিক ঘুৰাই দিয়াৰ বাবে। 

ৱৰ্ল্ড এক্সপ’ টে’ষ্টত অচ্যুত কৃষ্ণ চহৰীয়াৰ প্ৰথম স্থান

 দৰং জিলাৰ আটাইকেইখন হায়াৰ চেকেণ্ডাৰী স্কুল আৰু জৱাহৰ নৱোদয় বিদ্যালয়, কে.ভি. লঙলদৈ, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱৰ সৰ্বমুঠ ২৪ গৰাকী প্ৰতিভাসম্পন্ন ছাত্র-ছাত্ৰীৰ মাজত ১২ নৱেম্বৰত  মঙলদৈ টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  অনুষ্ঠিত ৱৰ্ল্ড এক্সপ’ ২০২২  চিলেকচন টেষ্টত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ ছাত্ৰ অচ্যুত কৃষ্ণ চহৰীয়াই  প্ৰথম স্থান অধিকাৰ কৰিছে। তেখেতে ইউনাইটেড্ আৰব এমিৰেটছৰ ডুবাইত হৈ থকা বিশ্ব বাণিজ্য মেলালৈ অসমৰ আন ছয়গৰাকী ছাত্ৰৰ সৈতে অহা মাহত  যাত্ৰা কৰিব।  তেখেত কলাইগাঁও, বাগিছাচুবা মাজৰচুবাৰ নকুল চহৰীয়া আৰু পূৰ্ণিমা চহৰীয়াৰ পুত্ৰ। ছাত্ৰগৰাকীৰ গাইড্ শিক্ষক ইকবাল ৰছিদ হাজৰিকা, বিদ্যালয়ৰ অধ্যক্ষ আব্দুল লতিফ  আৰু বিদ্যালয় পৰিয়াল বৰ্গৰ তৰফৰপৰা অচ্যুত কৃষ্ণলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ছাত্ৰগৰাকীৰ সফলতাত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে আৰু সকলোৱে অচ্যুত কৃষ্ণক শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।