দৰং জিলাৰ আটাইকেইখন হায়াৰ চেকেণ্ডাৰী স্কুল আৰু জৱাহৰ নৱোদয় বিদ্যালয়, কে.ভি. লঙলদৈ, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱৰ সৰ্বমুঠ ২৪ গৰাকী প্ৰতিভাসম্পন্ন ছাত্র-ছাত্ৰীৰ মাজত ১২ নৱেম্বৰত মঙলদৈ টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৱৰ্ল্ড এক্সপ’ ২০২২ চিলেকচন টেষ্টত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ ছাত্ৰ অচ্যুত কৃষ্ণ চহৰীয়াই প্ৰথম স্থান অধিকাৰ কৰিছে। তেখেতে ইউনাইটেড্ আৰব এমিৰেটছৰ ডুবাইত হৈ থকা বিশ্ব বাণিজ্য মেলালৈ অসমৰ আন ছয়গৰাকী ছাত্ৰৰ সৈতে অহা মাহত যাত্ৰা কৰিব। তেখেত কলাইগাঁও, বাগিছাচুবা মাজৰচুবাৰ নকুল চহৰীয়া আৰু পূৰ্ণিমা চহৰীয়াৰ পুত্ৰ। ছাত্ৰগৰাকীৰ গাইড্ শিক্ষক ইকবাল ৰছিদ হাজৰিকা, বিদ্যালয়ৰ অধ্যক্ষ আব্দুল লতিফ আৰু বিদ্যালয় পৰিয়াল বৰ্গৰ তৰফৰপৰা অচ্যুত কৃষ্ণলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ছাত্ৰগৰাকীৰ সফলতাত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে আৰু সকলোৱে অচ্যুত কৃষ্ণক শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
ৰৌতাৰ বালিসিহাত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন
সাহিত্যই হ’ল জাতিৰ এটা দাপোন। সাহিত্যৰ মাজেৰে জাতিৰ পৰিচয় প্ৰতিফলিত হ’য়। বড়ো জাতিটোক শক্তিশালীভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সাহিত্যই সদায় গতিশীল ভূমিকা গ্ৰহণ কৰি আহিছে। বড়ো সাহিত্য সভাই আৰম্ভণিৰে পৰা জনগোষ্ঠীটোক সজাগ আৰু সচেতন কৰাৰ উপৰি নতুন প্ৰজন্মক দিশ নিৰ্ণয় কৰাৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে এই জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণ আৰু বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত হৈ আহিছে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। ১৯৫২ চনত প্ৰতিষ্ঠা হোৱা বড়ো সাহিত্য সভাই অতিক্ৰম কৰিলে ৬৯ টা বৰ্ষ। বড়ো জাতিক ৬৯ টা বছৰেৰে দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ বাবে আৰু এক সৱল মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত বড়ো সাহিত্যই যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সাহিত্যৰ মাজেৰে যাতে নতুন প্ৰজন্মই বিশ্ববাসীক বড়ো জাতিৰ সাহিত্য সংস্কৃতিৰ লগলে শক্তি আৰু সামৰ্থতাৰ উমান দিব পাৰে তাৰ বাবে বড়ো সাহিত্য সভাই উদগণি জোগাই আহিছে। নতুন প্ৰজন্মক বিদ্যালয় পৰ্যালয়তে সাহিত্যৰ প্ৰতি অনুৰাগী কৰি তুলিবলৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাহিত্য সম্পৰ্কীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বড়ো সাহিত্য সভাৰ নেতৃত্বত ক্ৰীড়া আৰু সাংস্কৃতিক জগতত বড়ো জনগোষ্ঠীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। বড়ো সাহিত্য সভাৰ ৬৯ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালনৰ উপৰিও ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ ৩৬ সংখ্যাক প্ৰতিষ্ঠা আৰু কাৰ্যনিৰ্বাহ সভা কালি ১৬ নৱেম্বৰত পুৱাৰে পৰা দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী বালিসিহা গাঁৱত । পুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলনেৰে আৰাম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান।

বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ সভাপতি আন্ধাৰু বসুমতাৰীয়ে। ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ অন্তৰ্গত ২২ খন গাঁৱৰ প্ৰতিনিধিয়ে উত্তোলন কৰে বড়ো সাহিত্য সভাৰ পতাকা। ইয়াৰ পিছতে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ আদৰণি তোৰণ উন্মোচন কৰা হয়। আদৰণি তোৰণ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ উপদেষ্টা বাবুল চোৰাং বড়োৱে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ অনুষ্ঠান আৰাম্ভ হয় । স্মৃতি তৰ্পণ কৰে ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সহকাৰী সম্পাদক যোগেশ্বৰ দৈমাৰীয়ে। ইয়াৰ পিছতে খাদ্য গৃহৰ দ্বাৰ উন্মোচন কৰা হয় উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি কৰ্নেশ্বৰ দৈমাৰীয়ে। বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ মঞ্চ উন্মোচন কৰে উদযাপন সমিতিৰ উপ সভাপতি দাঠিৰাম বসুমতাৰীয়ে। ইয়াৰ পিছতে ৰৌতা আঞ্চলিক বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক আৰু গণ্য-মান্য ব্যক্তিয়ে ।
দৰিদ্ৰ শিক্ষিত নিবনুৱালৈ ই-ৰিক্সা প্ৰদান আজমল ফাউণ্ডেচনৰ
স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনৰ জৰিয়তে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী দৰিদ্ৰ লোকলৈ ই-ৰিক্সা বিতৰণ কৰা হয়৷ আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলে আজি হোজাইত অনুষ্ঠিত হোৱা এখন সভাত বিতৰণ কৰে ই-ৰিক্সাসমুহ ৷ ই-ৰিক্সাৰ জৰিয়তে দৰিদ্ৰ লোকসকলে উপাৰ্জন কৰি যাতে নিজৰ পৰিয়ালটো পোহপাল দিব বাবে তাৰ বাবেই মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশক্ৰমে আজমল ফাউণ্ডেচনে আজি ধুবুৰীৰ সুমন আখতাৰ আৰু আশীষ কুমাৰ ৰয়, বৰপেটাৰ তৰুণ চন্দন স্বৰ্গীয়াৰী আৰু হিমনজ্যোতি দাস, মোৰাঝাৰ চাবাজপুৰৰ ৰাখাল চন্দ্ৰ মজুমদাৰ আৰু আব্দুল জব্বাৰ, যমুনামুখ জংগলব্লকৰ লিয়াকত আলী, ডবকা টাউনৰ ৰাণু দাস, যমুনামুখ বালিৰাম গাঁৱৰ সঞ্জীৱ দাস, কাছাৰ নয়াবাৰীৰ সঞ্জীৱ দাস, হোজাই বিষ্ণুপল্লীৰ অৰিজিত পাল, কৰিমগঞ্জৰ বিষ্ণু বিশ্বাস আৰু তেজপুৰ নেপালীপট্টী বাৰিকাৰ নেকিবুৰ জামানক একোখনকৈ বিনামূলীয়া ই-ৰিক্সা বিতৰণ কৰা হয় ৷ প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে মুঠ ১৭ খন ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেছনে ৷ আজি ই-ৰিক্সা বিতৰণ অনুষ্ঠানত ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খছৰুল ইছলাম, মহা প্ৰৱন্ধক ডঃ এম আৰ এইচ আজাদ উপস্থিত আছিল ৷ উল্লেখ্য যে, আজমল ফাউণ্ডেচনে জন্মলগ্নৰে পৰা স্বাস্থ্য, শিক্ষা, দক্ষতা বিকাশৰ লগতে দৰিদ্ৰ লোকসকলক বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে ৷ অসমৰ চুকে-কোনে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আজমল ফাউণ্ডেচনে এক জাগৰণৰ সৃষ্টি কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷
আজিৰ দিনটোতই ক্ৰিকেটৰ পৰা বিদায় লৈছিল তেণ্ডুলকাৰে
নিউজ ডেস্কঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ১৬ নৱেম্বৰ ২০১৩ তাৰিখ আজিৰ দিনটোতেই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লৈছিল। এইদিনটো আছিল, আঠ বছৰ আগতে, যেতিয়া মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনাইছিল। তেণ্ডুলকাৰৰ কেৰিয়াৰ দুটা দশকজুৰি বিস্তৃত আছিল। মুম্বাইত নিজৰ ঘৰুৱা খেলপথাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০০ তম টেষ্ট খেলৰ পিছত তেওঁ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। তেওঁৰ অন্তিম টেষ্টত ৭৪ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁক স্পিনাৰ নৰসিং দেওনাৰিনে পেভিলিয়নলৈ ঘূৰাই পঠিয়াইছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেণ্ডুলকাৰৰ অন্তিম ইনিংছ হোৱাৰ বাবে উদযাপন কৰা হোৱা নাছিল। তেণ্ডুলকাৰে ১৬ বছৰ বয়সতেই ভাৰতৰ হৈ ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। তেণ্ডুলকাৰে সকলো ফৰ্মেটতে মুঠ ৩৪,৩৫৭ ৰাণ সংগ্ৰহ কৰিছিল।
হোজাই যমুনামুখত ৰাষ্টীয় প্ৰেছ দিৱস উদযাপন
১৬ নবেম্বৰ:সমগ্ৰ দেশৰ লগতে হোজাই জিলাৰ যমুনামুখতো আজি বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ ডবকা আৰু যমুনামুখৰ সাংবাদিকৰ যৌথ উদ্যোগত যমুনামুখৰ গাওঁ সুৰক্ষা বাহিনীৰ কাৰ্যালয় ভৱন প্ৰাংগনত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ প্ৰেছ দিৱসৰ কাৰ্যসূচীত পুৱাৰ ভাগত পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক মহানন্দ বৰদলৈয়ে ৷

বন্তি প্ৰজলন আৰু শ্বহিদ তৰ্পন কৰে জ্যেষ্ঠ সাংবাদিক সুব্ৰত চৰকাৰ, সাংবাদিক এবাদুৰ ৰহমান শ্বহিদুল আলম, জেনিব জেৰি আৰু জিয়াবুৰ ৰহমানে ৷ জ্যেষ্ঠ সাংবাদিক মহানন্দ বৰদলৈয়ে সভাপতিত্ব কৰা মুকলি সভাত উদ্দেশ্য বাখ্যা কৰে সাংবাদিক বাবুল তালুকদাৰে ৷ মুকলি সভাত মুখ্য অথিতি আৰু বিশিষ্ট অথিতি হিচাপে উপস্থিত থকা ডাক্তৰ আব্দুৰ ৰেজাক মাজাৰভূঞা আৰু ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীয়ে সাংবাদিকৰ সমস্যাৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে ইয়াৰ সমাধানৰ বাবে সাংবাদিক সকলে কি কি কৰিব লাগে তাৰ দিহা পৰামৰ্শ আগবঢ়ায় মুল্যবান বক্তব্যৰাখে৷ উল্লেখ্য যে এইবাৰ প্ৰেছ দিৱসত বহু কেইজন বিশিষ্ট ব্যক্তিক তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনায় প্ৰেছ দিৱস উদযাপন সমিতিয়ে ৷ যমুনামুখৰ জ্যেষ্ঠ সাংবাদিক মহানন্দ বৰদলৈ, আৰু সুব্ৰত সৰকাৰ, হোজাইৰ জ্যেষ্ঠ সাংবাদিক ৰুহুল আমিন আৰু মোস্তাক আহমেদ চৌধুৰী, ডবকাৰ সাংবাদিক ইছমাইল আলী, বাবুল তালুকদাৰ, দিলুৱাৰ হুছেইন আৰু আব্দুল হাকিমক সম্বৰ্ধনা জনায় প্ৰেছ দিৱস উদযাপন সমিতিয়ে ৷ ইপিনে ডবকাৰ বিশিষ্ট চিকিৎসক ডাঃ আনোৱাৰ হুছেইন চৌধুৰী, যমুনামুখৰ সমাজসেৱক তথা চিকিৎসক আব্দুৰ ৰেজাক মাজাৰভূঞা আৰু আমছুৰ হোজাই জিলা সমিতিৰ সভাপতি কবিৰ আহমেদ লস্কৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে কভিড যোদ্ধা হিচাপে নীলবাগান মডেল হস্পিতালৰ চাফাই কৰ্মী গোলাব বাস্ফৰ, যমুনামুখ প্ৰাথমিক চিকিৎসালয়ৰ চাফাই কৰ্মী সুনীল বাস্ফৰ আৰু লেব টেকনিচিয়ান গীতাৰ্থ দাসকো সম্বৰ্ধনা জনোৱা হয় ৷
সৰ্থেবাৰীৰ আমৃখোৱা গাওঁলৈ সেৱাৰ সম্প্ৰসাৰণ
দেশৰ বিভিন্ন প্ৰান্তৰ অৰ্থ-সামাজিক, স্বাস্থ্য- সেৱা আদি জনকল্যাণ মূলক কামৰ সৈতে জড়িত দেশৰ এক আগ-শৰীৰ বেচৰকাৰী সংস্থা “Srijan Ek Soch”ৰ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অমৃখোৱা গাঁওত আজি আৰ্থ-সামাজিক উন্নয়ন কেন্দ্ৰ এটা স্থাপন কৰা হয় । সেই উদ্দেশ্যেৰে সৰ্থেবাৰীৰ আমৃখোৱা গাঁওত আজি উপস্থিত হয় সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰভাত চেকসেনা আৰু আমেৰিকা নিবাসী বিশিষ্ট অভিযন্তা তথা আমৃখোৱা গাঁওৰ সন্তান ভাবেশ ডেকা । সৰ্থেবাৰীৰ আমৃখোৱাত উপস্থিত হৈ সংস্থাটোৰ বিষয়াদ্বয়ে গাঁওখন পৰিদৰ্শন কৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে এই সন্থাটোৰ লগত জড়িত স্বেচ্ছাসেৱক সকলৰৰ লগত এক আলোচনাত মিলিত হয় । আলোচনা সভাৰ শেষত প্ৰভাত চেকসেনাই সংবাদ মাধ্যমৰ আগত শিক্ষাৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰটো বিভিন্ন কাম কৰাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে । একেদৰে দক্ষতা বিকাশৰ ক্ষেত্ৰতো স্থানীয় যুৱক-যুৱতীসকলক বিভিন্ন বৃত্তিগত শিক্ষা দিয়াৰ বাবেও সংস্থাটোৱে কাম কৰি যোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে । আমৃখোৱা গাঁওত উপস্থিত হোৱাৰ পূৰ্বে প্ৰভাত চেকসেনাৰ নেতৃত্বত সংস্থাটোৰ এটা প্ৰতিনিধি দলে বৰপেটা জিলাৰ মাননীয় উপায়ুক্ত তেজ প্ৰসাদ ভূষালক সাক্ষাৎ কৰি এই বিষয় সমূহৰ ওপৰত আলোচনা কৰে ।
যোৰহাট-মাজুলীৰ জলপথত পুনৰ সংযোজন দুই জাহাজ ইন্দ্ৰ আৰু পদ্ম
নিমাতি ফেৰী দুৰ্ঘটনাৰ পিছত চিংগল ইঞ্জিনৰ ব্যক্তিগত ফেৰী বন্ধ ৰখাৰ পিছত শেহতীয়াকৈ এম. ভি. ৰাজলক্ষ্মী,ডিগাৰু আৰু লোহিত নামৰ তিনি খন জাহাজ দিয়াৰ পিছত আজিৰে পৰা পুনৰ যোৰহাট মাজুলীৰ জলপথত এম ভি পদ্ম আৰু এম ভি ইন্দ্ৰ নামৰ দুখন নতুন জাহাজ চলাচল কৰিছে। যোৱাকালি আহি পোৱা নতুন জাহাজ পদ্ম আৰু ইন্দ্ৰ নামৰ জাহাজ দুখন আনুষ্ঠানিক ভাৱে মাজুলীৰ উপায়ুক্ত পুলক মহন্তই আজি ফিটা কাটি কমলাবাৰী ঘাটতে শুভাৰম্ভ কৰে। ইয়াৰে এম ভি পদ্ম চলাচল কৰিব অফলামূখ আৰু নিমাতিৰ মাজত আৰু আনহাতে এম ভি ইন্দ্ৰ চলাচল কৰিব কমলাবাৰী আৰু নিমাতি ঘাটৰ মাজত। ফেৰী দুৰ্ঘটনা পাছতে নতুনকৈ সংযোজন ঘটা নতুন জাহাজ কেইখনে ৰাস উৎসৱৰ সময়ত দুই পাৰৰ ৰাইজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে মাজুলী প্ৰশাসনে। এতিয়াৰে পৰা প্ৰতি ঘন্টাৰ মূৰে মূৰে ফেৰী চলাচল কৰাৰ লগতে আৰু ৫ খন মেৰাইন ইঞ্জিনৰ চিংগল কাঠৰ নাও চলিব বুলি মাজুলীৰ উপায়ুক্তই জানিবলৈ দিয়ে।শুভাৰম্ভ অনুষ্ঠানত মাজুলীৰ ৰাজহ চক্ৰ বিষয়া কমলাবাৰী জয়দ্বীপ ৰজক সহ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
গোগামুখ স্পৰ্ট্ছ্ একাডেমী ফাইনেলত
মিচিং জাতীয় সংগঠন টি এম পিকেৰ উদ্যোগত ধেমাজি জিলাৰ মাছখোৱাৰ ব্লক খেলপথাৰত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণি মূলক প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত গোগামুখ স্পৰ্টছ্ একাডেমীয়ে গ’লৰ বন্যা বোৱাই ডিব্ৰুগড় নীলাচল এফ চিক ৭-4 গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ৷ আক্ৰমণ-প্ৰত্যাক্ৰমনেৰে ভৰা উত্তেজনপূৰ্ণ খেলখনত বিজয়ী গোগামুখ স্পৰ্টছ্ একাডেমীৰ হৈ মুছুকা বসুমতাৰী-১, ছনম বসুমতাৰী-১, কৰূপ সোনোবাল-১ আৰু মিটিংগা দৈমাৰীয়ে হেট্ৰিকসহ ৪ গল কৰিবলৈ সক্ষম হয় ৷ ফাইনেলত খেলখন ১৯ নৱেম্বৰত গোগামুখ স্পৰ্টিছ্ একাডমীয়ে টেঙাখাট এফ চিৰ বিৰুদ্ধে ফাইনেলত মুখামুখি হ’ব ৷
বিশ্বনাথ জিলা প্ৰশাসন আৰু তথ্য,জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
নিউৰ ডেস্ক: ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আজি বিশ্বনাথ চাৰিআলি পৌৰসভাৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই আঁত ধৰা অনুষ্ঠানত নবনিযুক্ত উপায়ুক্ত দেৱ কুমাৰ মিশ্র, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মা, বিশ্বনাথ সদৰ মহকুমাৰ মহকুমাধিপতি দীপম বৰ্মন, জ্যেষ্ঠ সাংবাদিক নৰেন বৰা, চক্ৰ বিষয়া প্ৰাঞ্জল কুমাৰ দাস অনুষ্ঠানত অংশগ্রহণ কৰি সাংবাদিক সকলৰ দায়িত্ব, কৰ্তব্যৰ উপৰিও সাংবাদিক সকল সন্মূখীন হোৱা সমস্যা সমাধানৰ লগতে সুৰক্ষা প্ৰদান কৰা আদি বিভিন্ন বিষয় সাঙুৰি “সংবাদ মাধ্যমক কোনে সমীহ নকৰে” শীৰ্ষক বিষয়ৰ উপৰত বক্তব্য আগবঢ়ায়। জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বিশ্বনাথৰ তথ্য আৰু জনসংযোগ বিষয়া সুপ্ৰতিষ্ঠিত দেই আদৰণি ভাষন আগবঢ়াই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সমূহ সাংবাদিকলৈ শুভেচ্ছা জনায়। ইয়াৰ পিচত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিশ্বনাথ মহকুমা তথ্য-জনসংযোগ বিভাগৰ সহযোগত আজি বিশ্বনাথ চাৰিআলি পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস-২০২১ত বিশ্বনাথ জিলাৰ তিনিগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধিত সাংবাদিক তিনিগৰাকী ক্ৰমে-“অসমীয়া প্ৰতিদিন”ৰ ছয়দুৱাৰৰ সাংবাদিক তথা বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক আৰু গহপুৰ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ভূঞা,”নিউজ লাইভ”ৰ বিশ্বনাথ চাৰিআলিৰ সাংবাদিক তথা “আপকু”ৰ কেন্দ্রীয় উপ-সভাপতি হেমন্ত শইকীয়া আৰু “নিয়মীয়া বাৰ্ত”ৰ বেদেতীৰ সাংবাদিক তথা বিহালী প্ৰেছ ক্লাৱৰ উপ-সভাপতি ভুৱন লুইটেল।তিনিওকে ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু শৰাইৰে সন্মান জনোৱা হয়। সম্বৰ্দ্ধিত সাংবাদিক সকলে নিজৰ নিজৰ বক্তব্য ৰাখে। অনুষ্ঠানত শিশু শিল্পী শুভানন্দিনী দাসেৰ বৰগীত আৰু কণমানি শিল্পী জিন্নত আফ্ৰিন খাঁন নৃত্য আৰু সাংবাদিক কাজী জেইদুল ইচলামৰ গীত পৰিবেশনে অনুষ্ঠানৰ সৌষ্ঠব বৃদ্ধি কৰে।ইফালে সভাত বিহালী জ্যেষ্ঠ সাংবাদিক নৰেন বৰাই বৰ্তমান সাংবাদিকতা আৰু অতিতৰ সাংবাদিকতা ওপৰত বক্তব্য প্ৰদান কৰা লগতে সভাত বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেল, বসন্ত বৰা লগতে হেমন্ত শইকীয়াই ।
বানপানীৰ বাবে কানাডা চহৰ খালি কৰিবলৈ বাধ্য
কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ সমগ্ৰ মেৰিট চহৰখন মুষলধাৰ বৰষুণৰ ফলত হোৱা বানপানীৰ বাবে খালী কৰিবলৈ বাধ্য হৈছে।ছিনহুয়া সংবাদ সংস্থাৰ বাতৰি অনুসৰি, সম্প্ৰদায়টোৰ পৌৰ নিগমৰ বৰ্জিত পানী শোধন প্ৰকল্পটো বিফল হৈছে, চহৰখনে এক বিবৃতিত কয়, আৱাসীসকলক তেওঁলোকৰ ঘৰত পানী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে, যাৰ ভিতৰত আছে শৌচালয় ৰখা আৰু নল চলোৱা।”উচ্চ বানপানীৰ ফলত চহৰখনৰ বৰ্জিত পানী শোধন প্ৰকল্পটো অনিৰ্দিষ্ট কালৰ বাবে অকাৰ্যকৰী হৈ পৰিছে। চেনিটাৰী সেৱা অবিহনে সম্প্ৰদায়টোৰ নিৰন্তৰ বাসস্থানৰ ফলত বৃহৎ পৰিমাণৰ নৰ্দমা বেক-আপ আৰু ব্যক্তিগত স্বাস্থ্যৰ বিপদাশংকা থাকে,”।বৰষুণৰ ফলত প্ৰদেশৰ নিম্ন মূল ভূখণ্ড আৰু দক্ষিণ আভ্যন্তৰীণ অঞ্চলৰ মাজত ভূমিস্খলন, শিলৰ শ্লাইড আৰু ব্যাপক ঘাইপথ বন্ধ হৈ পৰিছে।ধুমুহাৰ বাবে আন কেইবাটাও এলেকা স্থানান্তৰৰ আদেশ আৰু সতৰ্কবাণীৰ অধীনত ৰখা হৈছে।











