গুৱাহাটীস্থ দেশভক্ত তৰুণৰাম ফুকন ইন্দ’ৰ ষ্টেডিয়ামত অহা ২০ আৰু ২১ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ ৰঙিয়া জিলা কাৰাটে সন্থাই ১০০ জনীয়া এটি বৃহৎ দল প্ৰেৰণ কৰিব ৷তথ্য অনুসৰি এই প্ৰতিযোগিতাখন চাব জুনিয়ৰ কেডেট ,জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাত অনুষ্ঠিত হব ৷ দলটোৰ মেনেজাৰ যতিন মেচ্ আৰু প্ৰশিক্ষক দুদুল শালৈ উপস্থিত থাকিব বুলি ৰঙিয়া জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক মাজহাৰুল ইছলামে জানিবলৈ দিয়ে ৷
অসম আৰক্ষীৰ আন এক স্মাৰ্ট অপাৰেচন
অসম আৰক্ষীৰ আন এক স্মাৰ্ট অপাৰেচন। কাৰ্বি আংলং জিলাৰ মাটিপুল অঞ্চলত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বোকাজান মহকুমা আৰক্ষী বিষয়া, বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ এটা দলে মঙ্গলবাৰে নিশা অভিযান চলাই। নিশা ৯.৩০ বজাত চলা অভিযানকালত মাটিপুলত এখন দুচকীয়া বাহনৰ ভিতৰত ১৫০ টা চাবোন বাকচত ১.৭৭ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। লগতে গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী ক্ৰমে বোকাজানৰ বিমল তস্যা আৰু মৈৰাবাৰীৰ ছাদ্দাম হুছেইন।উল্লেখ্যযোগ্য যে নিশা গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে থানালৈ অনাৰ পথত ছাদ্দাম হুছেইনে আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ লওঁতে আৰক্ষীয়ে গুলীওৱাত ছাদ্দাম হুছেইনৰ ভৰিত গুলী লাগি আহত হয়। আহত ছাদ্দাম হুছেইনক বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
নগৰবেৰাত সাতদিনীয়াকৈ ৰাস মহোৎসৱ আৰম্ভ
কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাত আন আন বছৰৰ দৰে এইবাৰো পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে আজিৰে পৰা সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ। চৰকাৰী নিৰ্দেশনা মানি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা ১০ বজাৰ পৰা ৰাস মহোৎসৱৰ ক্ৰমে দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবোধ চন্দ্ৰ পাঠকে, ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই, বৃক্ষৰোপন কৰে ক্ৰমে দ্বীনবন্ধু ঠাকুৰীয়া, মহিমা পাঠক আৰু ৰত্নেশ্বৰ কলিতাই, স্মৃতি তৰ্পণ কৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধিয়ে,ইয়াৰ পিছত শ্বহীদ বেদীত মাল্যাৰ্পন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অহা ২৩ নবেম্বৰলৈ চলিবলগীয়া নগৰবেৰা আঞ্চলিক ৰাস উৎসৱৰ প্ৰতিটো দিনতে পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ, ওজাপালি, ভকত ভোজন, পৰগনীয়া নাম, আমন্ত্ৰিত নাম দলৰ নাম পৰিবেশন, প্ৰসাদ বিতৰণ আদি কাৰ্যসূচী অনুষ্ঠিত হব। উল্লেখ্য যে ১৮ নৱেম্বৰত সন্ধিয়া ৫ বজাত ৮৯ গছি বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰিব বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডাই। উদযাপন সমিতিয়ে ৰাস মহোৎসৱৰ সমূহ কাৰ্য্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
নদুৱাৰৰ বালিজুৰিত বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী
বিশ্বনাথ জিলাৰ নদুৱাৰৰ দক্ষিণ বালিজুৰিত ১৫ নবেম্বৰ দিনা ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৬ তম জন্ম জয়ন্তী উদযাপন কৰা হয় । অসম মুণ্ডা মহাসভা পূৱ নদুৱাৰ আঞ্চলিক সমিতিৰ সৌজন্যত আৰু দক্ষিণ বালিজুৰি শাখা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত জন্ম জয়ন্তী অনুষ্ঠানত পুৱা চাফাই অভিযানৰ পিছতে অভ্যৰ্থনা সমিতিৰ সভাপতি জিতেন মুণ্ডাৰ দ্বাৰা পতাকা উত্তোলন আৰু সম্পাদক মদন মুণ্ডাৰ স্মৃতি তৰ্পন কাৰ্যসুচীৰ অন্তত এক বাৰেবৰণীয়া সাস্কৃতিক শোভাযাত্ৰা উলিয়াই। দিনৰ এক বজাত বিশ্বনাথ জিলা অসম মুণ্ডা মহা সভাৰ সভাপতি খাণ্ডু হ’ৰ আৰু সম্পাদক বুবুল মুণ্ডাৰ আতিথ্যত মোহন মুণ্ডাৰ পৌৰোহিতত অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভাত অসম মুণ্ডা মহাসভাৰ শোণিতপুৰ জিলাৰ উপ-সভাপতি চেনাৰাম মুণ্ডা,সহকাৰী সম্পাদক ৰাজু মুণ্ডা,সাংগঠ্নিক সম্পাদিকা জমিতা হ’ৰ,সাংস্কৃতিক সম্পাদিকা চম্বাৰী মুণ্ডাসহ কেইবা গৰাকী বিশিষ্ট লোকে অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় বীৰ ছহীদ বিৰচা মুণ্ডাৰ জীৱন সম্পৰ্কে আলোকপাত কৰে প্ৰৱীণ লেখক বিষ্ণু মুণ্ডাই। এক গাম্ভীৰ্য পূৰ্ণ সভাত কেন্দ্ৰীয় আটছাৰ প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ,বিশ্বনাথ জিলা আটছাৰ শিক্ষাও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰৰ লগতে কেইবা গৰাকী বিশিষ্ট লোকে মুণ্ডা সমাজৰ লগতে চাহ জনগোষ্ঠী আদিবাসী জাতিটো বিভিন্ন দিশত অবহেলিত হৈ অহাৰ কথা উল্লেখ কৰি ছহীদ বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীত চৰকাৰে বন্ধ ঘোষনা নকৰাত ক্ষোভ প্ৰকাশ কৰি উঠি অহা প্ৰজন্মক বিৰচা মুণ্ডাৰ জীৱন সম্পৰ্কে অধ্যয়ন কৰি অনাগত দিনত তেখেতৰ জাতিৰ প্ৰতি থকা ত্যাগক জীয়াই ৰাখিবলৈ আহ্বান জনায়। লগতে মুণ্ডা জাতিৰ বাবে ৰাষ্ট্ৰীয় ছহীদ গৰাকীয়ে আমাৰ বাবে যি অনবদ্য সেৱা আগঢ়াইছে সেয়া অতুলনীয়। সেয়ে আমাৰ সমাজে তেখেতৰ আদৰ্শক সৰোগত কৰি সমাজখনক আগুৱাই নিব লাগিব তেতিয়া হে ৰাষ্ট্ৰীয় বীৰ ছহীদ গৰাকীক উচিত মৰ্য্যদা দিয়া হব বুলি মন্তব্য কৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰিও নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতী,সম্পাদক গ্ৰীনন্দৰ কুৰ্মী,শিক্ষাও সাহিত্য সম্পাদক চম্ৰা মুণ্ডা সাংগঠনিক সম্পাদক সঞ্জয় কুৰ্মী,অন্যতম কাৰ্যনিৰ্বাহক অৰুন গোৱালা, আদিবাসী ছাত্ৰ সন্থা নদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি অনন্ত কুজুৰ উপস্থিত থাকে।
বড়ো অধ্যুষিত অঞ্চলৰ শৈক্ষিক উন্নয়নত অগ্ৰনী ভুমিকা গ্ৰহণ
বিশ্বনাথ জিলাৰ ইটাখোলাৰ বালিজুৰিস্থিত এডেন বাৰীত বড়ো সাহিত্য সভাৰ নদুৱাৰ আঞ্চলিক সমিতিৰ ৪৮ তম বাৰ্ষিক অধিবেশন যোৱা ১৬ নৱেম্বৰৰ দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যায়। বিশ্বনাথ জিলাৰ অন্তৰ্গত বালিজুৰিৰ নিকটৱৰ্তী ইডেন বাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত পুৱা পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভা নদুৱাৰ আঞ্চলি সভাপতি কমল সিং বসুমতাৰীয়ে আৰু স্মৃতি তৰ্পন কৰে সম্পাদক দানচেৰাং দৈমাৰীয়ে। এদিনীয়াকৈ আয়োজিত অনুষ্ঠানটিৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কাৰ্যসূচীৰ অন্তত স্থানীয় ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। বাৰ্ষিক অধিৱেশনটিৰ মুল কাৰ্যসূচী হিচাপে দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হয় প্ৰতিনিধি সভা। নদুৱাৰ আঞ্চলিক বড়ো সাহিত্য সভাৰ সভাপতি কমলসিঙ বসুমতাৰীৰ পৌৰোহিতত আৰু বিশিষ্ট শিক্ষক বিদ্যুৎ বড়োৱে শুভ উদ্ধোধন কৰা প্ৰতিনিধি সভাত বৃহত্তৰ অঞ্চলটিৰ ৯৪ টা শাখা সাহিত্য সভাৰ গোটে অংশ গ্ৰহণ কৰে। সভাত বৃহত্তৰ অঞ্চলৰ বিভিন্ন সামাজিক দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে বড়ো জনগোষ্ঠী অধ্যুষিত এলেকাত শৈক্ষিক দিশত অগ্ৰণী ভুমিকা গ্ৰহণ,বৰ্তমাণেও শোণিতপুৰ জিলাৰ নদুৱাৰ বড়ো সাহিত্য সভাক বিশ্বনাথ জিলা কৰাৰ লগতে নদুৱাৰ অঞ্চলৰ বড়ো মাধ্যম শিক্ষানুষ্ঠানসমুহত বড়ো ভাষা শিক্ষা দানৰ বাবে বড়ো ভাষা শিক্ষক নিযুক্তি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক প্ৰস্তাৱ প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰিও অঞ্চলটিত সমাজৰ হকে কাম কৰা বিশেষ আদৰ্শ বান লোকক সম্মান যচাৰ লগতে অৱসৰ প্ৰাপ্ত বিশিষ্ট শিক্ষক গজেন নাৰ্জাৰীকো সভাত নদুৱাৰ আঞ্চলিক সাহিত্য সভাই আৰনাই আৰু প্ৰশস্তিৰে সন্মান প্ৰদান কৰা হয় । প্ৰতিনিধি সভাত বিশনাথ বড়ো ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক খৰেন গয়াৰী,উপ-সভাপতি নাৰায়ণ বসুমতাৰী,নদুৱাৰ বড়ো ছাত্ৰ-সন্থাৰ সভাপতি ৰঞ্জন ৰামচিয়াৰীসহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অধিৱেশন স্থলীত বড়ো নৃত্যৰ লগতে বাগুৰুম বা নৃত্য প্ৰদৰ্শন কৰি উপস্হিত প্ৰতিনিধি তথা দৰ্শকক আপ্লুত কৰায়।
লালু যাদৱক প্ৰত্যাহ্বান সুশীল কুমাৰ মোডীৰ
বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীয়ে লালু প্ৰসাদ যাদৱক প্ৰত্যাহ্বান জনাই কয়, “যদি লালু প্ৰসাদৰ সাহস থাকে, তেন্তে ঘোষণা কৰক যে তেওঁৰ দলে নিষিদ্ধকৰণৰ বিষয়ত পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব আৰু যদি ভুলবশতঃ ক্ষমতা লাভ কৰে, তেন্তে প্ৰথম ঘোষণা টো হ’ব সুৰাৰ সম্পূৰ্ণ নিষেধাজ্ঞা সমাপ্ত কৰা। ‘দৰাচলতে, সুশীল মোডীয়ে আৰজেডিক শায়ৰানা শৈলীত আক্ৰমণ কৰিছে। তেওঁ টুইট কৰি কয়, “যিসকলে নিষিদ্ধকৰণক বিফলবুলি অভিহিত কৰি প্ৰশ্ন সুধিছে তেওঁলোকে তেওঁলোকৰ সময়ৰ বিশৃংখলতা, দৰিদ্ৰতা, অপহৰণ, প্ৰস্থান আৰু গণহত্যাৰ ওপৰত এখন শ্বেতপত্ৰ জাৰী কৰা উচিত। যেতিয়াই আপুনি শখৰ পৰা আইনাখন তুলি লয়, প্ৰথমে নিজকে চাওঁক, তাৰ পিছত আনক দেখুৱাওক’একে সময়তে, সুশীল মোডীয়ে নিষিদ্ধকৰণ আইন বাতিলৰ দাবীক প্ৰত্যুত্তৰ দি কয়, “আনকি যিবোৰ ৰাজ্যত কোনো নিষেধাজ্ঞা নাই, বিষাক্ত সুৰাৰ ফলত মৃত্যুৰ কৰুণ ঘটনা সংঘটিত হৈছে। আৰজেডিয়ে ব্যাখ্যা কৰিছে যে যদি হত্যা, ধৰ্ষণ, অপহৰণৰ বিৰুদ্ধে কঠোৰ আইন ৰখাৰ পিছতো এই অপৰাধবোৰ বন্ধ কৰা নহয়, তেন্তে এনে আইনো বাতিল কৰা উচিত নেকি? ৰাজ্য চৰকাৰে আইনখন বাতিল কৰাত নহয় কিন্তু ৰাজহুৱা স্বাৰ্থত ইয়াক ভালদৰে ৰূপায়ণ কৰাত বিশ্বাস কৰে। নিষিদ্ধকৰণ আৰু অন্যান্য আইনৰূপায়ণৰ নিৰন্তৰ পৰ্যালোচনাই চৰকাৰৰ জনসংযোগ উন্নত কৰিছে। একেটা টুইটতে সুশীল কুমাৰ মোডীয়ে বিহাৰত এন ডি এ চৰকাৰৰ চতুৰ্থ ইনিংছৰ এবছৰ সম্পূৰ্ণ হোৱাৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেওঁৰ সহযোগী মন্ত্ৰীসকলকশুভেচ্ছা জ্ঞাপন কৰে।
হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অগণন ভক্তৰ সমাগম
আজি পবিত্ৰ কাতি মাহৰ অন্তিমটো দিন ।আজি পবিত্ৰ কাতি মাহৰ অন্তিমটো দিনতেই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। এক লোকেলোকাৰণ্য পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।লোক বিশ্বাস মতে হাজোৰ পবিত্ৰ তীৰ্থ স্থান হয়গ্ৰীৱ মাধৱ মন্দিৰত কাতি মাহত এপাহ তুলসি আগবঢ়াই সেৱা ললে সকলো অপায় অমঙ্গল দূৰ হোৱাৰ লগতে মনৰ আশাও পূৰ্ন হয় আৰু ৰোগ নিৰাময় হ’য়। অতীজৰে পৰা চলি অহা এই বিশ্বাসৰ বাবেই পবিত্ৰ কাতি মাহত দূৰ দূৰনিৰ পৰা সেৱা জনাবলৈ অগণন লোক আহে হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ । সমান্তৰাল আজি পবিত্ৰ কাতি মাহৰ শেষৰটো দিনত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । নিশ্চিতভাৱে এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হোৱা দেখা গৈছে।
পঞ্চৰত্ন কবি চক্ৰৰ উদ্যোগত কবি সন্মিলন
সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত পঞ্চৰত্ন কবি চক্ৰৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশৰ মাজত এখনি কবি সন্মিলন অনুষ্ঠিত হয়। যোৱা ১৫ নৱেম্বৰত গহপুৰ মহকুমাৰ জকাপৰাস্থিত মহাবাহু ফিচাৰি প্ৰাইভেট লিমিটেডৰ আতিথ্যত অনুষ্ঠিত কবি সন্মিলনখনিত সভাপতিত্ব কৰে পঞ্চৰত্ন কবি চক্ৰৰ সভানেত্ৰী কৃপালী গোস্বামীয়ে। কবি চক্ৰৰ সম্পাদক শিৱ শংকৰ হাজৰিকাই আঁতধৰে সভাখনি উদ্বোধন কৰে গেন অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি তথা বিশিষ্ট কবি নগেন কোঁৱৰে। সভাতে শোণিতপুৰ জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি নৰেন শৰ্মাৰ মৃত্যুত তেওঁৰ আত্মাৰ চিৰ শান্তি কামনাৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। উপাসনা হাজৰিকাৰ বৰগীত পৰিৱেশনে অনুষ্ঠানৰ শুভাৰম্ভ কৰা কবি সন্মিলনত সমীক্ষক হিচাপে অবিভক্ত শোণিতপুৰ জিলা কবি সন্মিলনৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্ৰ বৰাই অংশগ্ৰহণ কৰি পঠিত কবিতাসমূহৰ ওপৰত বক্তব্য দাঙি ধৰে। সভাত কবিতা পাঠৰ কৰে অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খগেন গোস্বামী, বিশিষ্ট কবি নগেন কোঁৱৰ, ৰুণু দেৱী বৰুৱা, ৰবীন্দ্ৰ কাকতি, তৰাৱতী গিৰি, বিপিন বৰা, লক্ষণ প্ৰধান, বিশ্বনাথ জিলা কবি সন্মিলনৰ সম্পাদক অনিত শইকীয়া, নিকুঞ্জ কোঁৱৰ মহন্ত, ভূৱন অধিকাৰী, ৰূপা শৰ্মা, সীমা দাস, সাংবাদিক নৱজিৎ শইকীয়া, শিৱ শংকৰ হাজৰিকা, কৃপালী গোস্বামীকে ধৰি একুৰি কবিয়ে। সভাতে সাংবাদিক বিপ্লৱ নেওগে এটি কবিতা আবৃত্তি কৰে। সাহিত্যানুৰাগী তথা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ভৱেন ভট্টাচাৰ্যই সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায়। ৰবীন্দ্ৰ কাকতি, উপাসনা হাজৰিকা আৰু ৰুবী দাসে যুটীয়াভাৱে আধুনিক গীত আৰু বয়োজ্যেষ্ঠ শিল্পী বিজয় বৰাই ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰা সভাতে তিনিখনকৈ কাব্য সংকলন উন্মোচন কৰা হয়। সীমা দাসৰ ‘ফাগুনীৰ ফল্গু’ আৰু ‘অশ্বৰ অশ্ৰু’ উন্মোচন কৰাৰ লগতে সভাতে তৰাৱতী গিৰিৰ ‘কবিতা কানন’ উন্মোচন কৰা হয়। উন্মোচন কৰে ক্ৰমে খগেন গোস্বামী, নগেন কোঁৱৰ আৰু নিকুঞ্জ কোঁৱৰ মহন্তই। কেইগৰাকী উন্মোচকে পৃথকে পৃথকে কেউখন কাব্য সংকলনৰ বিষয়ে নাতিদীৰ্ঘ বক্তব্য আগবঢ়ায়। শেৱালি কলিতাৰ তত্ত্বাৱধানত ভূপেন্দ্ৰ সংগীতৰ আলমত তিনিগৰাকী নৃত্য শিল্পীয়ে নৃত্য পৰিৱেশন কৰি অনুষ্ঠান সজীৱ কৰি তোলে। সভাত বিশ্বনাথ জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক বিপিন বৰা, সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ ‘ সমলয়’ৰ সম্পাদক বিপুল কুমাৰ দিহিঙীয়া, মহাবাহু ফিচাৰি প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী অনুপ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়া, বিশ্বজ্যোতি সেনিপতি, মুন গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।নিতুল বৰা হাৱাজান ।
শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য
বিগত ১৩ নৱেম্বৰত মনিপুৰত উগ্রপন্থীৰ আক্রমণত শ্বহীদ হৈছিল অসম ৰাইফলছৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী।আজি পুৱাৰ ভাগতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ গৰাকীৰ বাকসাৰ থেকেৰাকুছিস্থিত বাসগৃহত উপস্থিত হয়।মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।বাকসাৰ থেকেৰাকুছিস্থিত কাহিবাৰী গাৱৰ পথছোৱাৰ নাম শ্বহীদ গৰাকীৰ নামেৰে নামকৰণ কৰিব আৰু শ্বহীদ গৰাকীয়ে অধ্যয়ন কৰা হিৰিম্বা বড়ো হাই স্কুলত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণৰ বাবেও ৰাজ্য চৰকাৰে ধন মুকলাই দিব
ভাইৰেল জ্বৰৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব এই ঘৰুৱা প্ৰতিকাৰবোৰে
বতৰ সলনি হ’লে মানুহে প্ৰায়ে ভাইৰেল জ্বৰৰ (ভাইৰেল জ্বৰ) হয়। যেতিয়া বতৰ (ঋতু) সলনি হয়, উষ্ণতাৰ তাৰতম্য, খাদ্যৰ বিভ্ৰান্তি, বা শাৰীৰিক দুৰ্বলতাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী (ৰোগ প্ৰতিৰোধ প্ৰণালী) দুৰ্বল হয়। যাৰ ফলত শৰীৰ টো যিকোনো ধৰণৰ ভাইৰাছৰ সংস্পৰ্শলৈ আহে। ইয়াৰ ফলত ভাগৰ, শৰীৰৰ বিষ, কাহ, গাঁঠিৰ বিষ, চৰ্দি, ডিঙিৰ বিষ, মুৰৰ বিষ, চকুৰ ৰঙা পৰা আৰু জ্বলা-পোৰা হয়। এই সমস্যাবোৰ দূৰ কৰিবলৈ, আপুনি ১ মিগ্ৰা-ৰ দ্বাৰা পৰামৰ্শ দিয়া এই ঘৰুৱা প্ৰতিকাৰবোৰ গ্ৰহণ কৰিব পাৰে।

তুলসী
তুলসী ৰখাৰ ফলত ভাইৰেল জ্বৰৰ পৰা সকাহ দিয়াত যথেষ্ট সহায় হয়। ইয়াৰ বাবে আপুনি এক লিটাৰ পানীত ৫-৭ টা তুলসীৰ পাত আৰু এক চামুচ লং পাউডাৰ ভালদৰে উতলায় আৰু তাৰ পিছত ইয়াক চাপ দিয়ক আৰু প্ৰতি দুই ঘণ্টাত আধা কাপত সেৱন কৰক।

আদা
ভাইৰেল জ্বৰত আদা খোৱাৰ ফলত জ্বৰৰ ফলত হোৱা বিষ হ্ৰাস হয়। ইয়াৰ বাবে, আপুনি আদা পেষ্টত অলপ মৌ যোগ দিব পাৰে আৰু অলপ সময়ৰ ভিতৰত খাব পাৰে।

মেথিৰ পানী
ভাইৰেল জ্বৰত মেথিপানী খোৱাটো উপকাৰী। ইয়াৰ বাবে, অলপ মেথিৰ গুটি এগিলাচ পানীত তিয়াই ৰাতিটো ৰাখক। ৰাতিপুৱা এই পানীখিনি চাপ দিয়ক আৰু প্ৰতি দুই ঘণ্টাত কম পৰিমাণে খাওক।










