Home Blog Page 2720

অন্ধ্ৰৰ আকস্মিক বানত নিহত তিনিজন, সন্ধানহীন ৩০ জন

অন্ধ্ৰ প্ৰদেশত বান্ধ ভাঙি চেয়েৰু নদী উপচি পৰাৰ পিছত কেইবাখনো গাওঁ প্লাবিত হৈছে।শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ কাডাপা জিলাত আকস্মিক বানপানীৰ ফলত কমেও তিনিজন লোকৰ মৃত্যু হৈছে আৰু ৩০ জন বৰ্তমানেও সন্ধানহীন হৈ আছে। নন্দলুৰৰ স্বামী আনন্দ মন্দিৰটোও ডুব গৈছে। শুকুৰবাৰে পুৱতি নিশা বংগোপসাগৰৰ ওপৰত হোৱা চাপৰ ফলত তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ মাজৰ উপকূল অতিক্ৰম কৰাৰ লগে লগে অন্ধ্ৰ প্ৰদেশত ধাৰাসাৰ বৰষুণ হৈছিল।আই.এম.ডিয়ে দক্ষিণ উপকূলীয় অন্ধ্ৰ প্ৰদেশ আৰু ৰয়ালসীমাৰ বিভিন্ন স্থানত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণৰ সৈতে বেছিভাগ ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ আগজাননী দিছে। ভগৱান ভেঙ্কটেশ্বৰৰ বাসস্থান তিৰুমালাত হোৱা প্ৰচণ্ড বানপানীৰ ফলত শ শ তীৰ্থযাত্ৰী আৱদ্ধ হৈ পৰে। তিৰুমালা পাহাৰৰ মূল মন্দিৰৰ কাষত থকা চাৰিটা পথ বানপানীৰেে উপচি পৰিছে।

এন.ডি.আৰ.এফ আৰু এছ.ডি.আৰ.এফ দলে সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ৱাই.এছ জগন মোহন ৰেড্ডীয়ে বৰষুণত ক্ষতিগ্ৰস্ত জিলাসমূহৰ সংগ্ৰাহকসকলৰ সৈতে এটা ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰে আৰু তেওঁলোকক উদ্ধাৰ আৰু সাহায্য ব্যৱস্থা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।

অসম দৰ্শন আঁ‌চনীৰ পৰা বঞ্চিত মালমূৰা বুঢ়াগোসাই দেৱালয়

“ওদালগুৰি জিলা ভেৰগাঁ‌ও মহকুমা অন্তৰ্গত অতিৰ্য্যমণ্ডিত তিৰ্থস্থান মালমূৰা বুঢ়াগোঁ‌সাই দেৱালয় অসম চৰকাৰৰ অভিলাষি আঁ‌চনী ‘অসম দৰ্পনৰ পৰা বঞ্চিত।উল্লেখ্য যে ওদালগুৰি জিলা মালমূৰাত প্ৰায় ৫১১ বছৰে বুঢ়াপূজা উদযাপন কৰি অহাঁ‌ বহুপুৰণি তিৰ্থস্থান মালমূৰা বুঢ়াগোসাই দেৱালয় অসম চৰকাৰৰ দৰ্পন আঁ‌চনীৰ তালিকাত প্ৰায় ২০১৮-১৯ বৰ্ষতে  ২২ নং হিতাধিকাৰীত অন্তৰ্ভুক্ত হৈছিল, আৰু এতিমধ্যে তালিকাত অন্তৰ্ভুক্ত প্ৰায় (২১) নং হিতাধিকাৰীলৈ অসম চৰকাৰৰ অভিলাষি আঁ‌চনী  ২০২০ চনৰ ভিতৰত অসম দৰ্পন আঁ‌চনী সম্পূৰ্ণভাবে ৰূপায়ণ হ’ল। কিন্তু বৰ্তমান পৰ্যায়লৈ ওদালগুৰি জিলাৰ মালমূৰা বুঢ়াগোসাঁই দেৱালয়ত অসম চৰকাৰৰ (২২) নং হিতাধিকাৰীৰ তালিকাত থকাৰ পিছতো অসম দৰ্পন আঁ‌চনী ৰূপায়ণ নহোৱাত দেৱালয় সমিতিয়ে আক্ষেপ প্ৰাকাশ কৰে। আৰুকি কাৰণত এনদৰে বঞ্চিত হৈ ৰ’ল সেই সন্দৰ্ভত অৱগত হ’বলৈ দেৱালয় সমিতিয়ে স্থানীয় জনপ্ৰতিনিধিৰ সৈতে মত বিনিময় কৰিছিল যদিও সঠিক উত্তৰ বিছাৰি নপোৱাত দেৱালয় সমিতিয়ে সংবাদমেল যোগে আজি জিলা উপায়ুক্তৰ লগতে অসম চৰকাৰলৈ কি কাৰণত তালিকাত অন্তৰ্ভুক্ত থকাৰ পিছত মালমূৰা বুঢ়াগোসাঁ‌ইত অসম দৰ্পন আঁ‌চনী ৰূপায়ণ নহ’ল সেই সন্দৰ্ভত উচিত ব্যৱস্থা লবলৈ সংবাদমেল যোগে জিলা উপায়ুক্তলৈ আহ্বান জনাই।

ডিমৌত জলসিঞ্চন আঁচনি ৰূপায়নৰ নামত বৃহৎ অনিয়ম হোৱাৰ অভিযোগ

 শিৱসাগৰ জিলা  জলসিঞ্চন বিভাগৰ দ্বাৰা ডিমৌ উন্নয়ন খণ্ডৰ অধীনৰ প্ৰতিখন পঞ্চায়তত জলসিঞ্চন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ডিমৌৰ বিভিন্ন প্ৰান্তৰ কৃষক ৰাইজৰ মুখত সৰৱ চৰ্চা লাভ কৰা বৃহৎ দুৰ্নীতি তথা কেলেংকাৰীটো সংঘটিত হৈছে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ নামত।কিছুদিন পূর্বে  ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৪,১৭৭ হেক্টৰ কৃষি ভূমিত পানী যোগানেৰে কৃষক ৰাইজক উপকৃত আচিলাৰে জলসিঞ্চন বিভাগৰ একাংশ বিষয়া অভিযন্তাই ঠিকাদাৰ প্ৰতিষ্ঠানৰ যোগেদি প্ৰায় ৩০ কোটি টকা দুনীর্তি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ।দেশৰ প্ৰধানমন্ত্ৰীৰ ‘হৰ খেত কো পানী’ শ্ল’গানেৰে  প্ৰধান মন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰে ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিশ খন গাওঁ পঞ্চায়ত এলেকাত কৃষি বিভাগৰ সহযোগত কৃষি ভূমিৰ জৰীপ কৰি শিৱসাগৰ জিলা জলসিঞ্চন বিভাগৰ তত্বাৱধানত গুৱাহাটীৰ “এনভাইৰনমেন্ট টেকন” নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ যোগেদি খেতি পথাৰত বিদ্যুত আৰু সৌৰশক্তি চালিত পাম্প স্হাপনৰ নামত কোটিৰ ঘৰত টকা অপব্যৱহাৰৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলে ।’হৰ খেত কো পানী’ শ্লগান এক অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰে কৃষকৰ পথাৰত পানী দি বছৰত দুবাৰকৈ খেতি কৰিবলৈ সক্ষম হব বুলি  জলসিঞ্চন বিভাগৰ দ্বাৰা এই আচঁনি ৰূপান কৰা হৈছিল ।কিন্তু জলসিঞ্চন বিভাগৰ একাংশ অভিযন্তা বিষয়া আৰু ঠিকাদাৰৰ মিতিৰালী বাবে উক্ত আঁচনি পৰা কৃষক ৰাইজ বঞ্চিত হোৱাত কৃষকৰ লগতে ডিমৌৰ ৰাইজৰ আৰু পঞ্চায়ত প্ৰতিনিধি সকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিৱসাগৰ জিলা উপায়ুক্তক বিষয়টোৰ হস্তক্ষেপ কৰৰ লগতে এক নিখুঁত তদন্তৰ দাবী কৰিছে । ইফালে ডিমৌ অঞ্চলৰ নিচেই কাষৰে ডিমৌ নৈত থকা ইকৰানি পথাৰৰ জলসিঞ্চন আঁচনি যোৱা কেইবাটাও বছৰ ধৰি কাৰ্যক্ষম নোহোৱাৰ ফলত কৃষক সকলক সমস্যাৰ সম্মুখীন হৈছে বুলি উল্লেখ  কৰিছে ইকৰানী পথাৰত খেতি কৰি জীৱন নিৰ্বাহ কৰা কৃষক সকলে।

ৰঙিয়াত সদৌ অসম ঠিকাভিত্তিক মাদ্ৰাছা শিক্ষক সন্থাৰ সংবাদমেল

  অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি সদৌ অসম মাদ্ৰছা ঠিকাভিত্তিক শিক্ষক সন্থাই ৰঙিয়া প্ৰেছ ক্লাৱত বুধবাৰে এখন সংবাদ মেলৰ আয়োজন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেবাবাৰো বিষয়টো সন্দৰ্ভত অনুনয়-বিনয় কৰিও সুফল পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে সন্থাৰ সভাপতি চাহজাহান চিদ্দিকিয়ে।এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল আশ্বাস দিয়ে দ্বায়িত্ব সামৰাৰো অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে বিগত ৯ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে এই সকল মাদ্ৰাছা শিক্ষকে। ২০১০ চনত চৰকাৰে সম্পূৰ্ণ নীতি নিয়ম অনুসৰি নিযুক্তি দিয়া এইসকল ঠিকা ভিত্তিক শিক্ষকৰ মাজৰ কেবল মাত্ৰ ১৪১ গৰাকী মাদ্ৰছা শিক্ষকক এইপৰ্যন্ত দিয়া নাই কোনো সা-সুবিধা। কি কাৰণত ৰাজ্য চৰকাৰে এই সন্দৰ্ভত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই বুলিও প্ৰশ্ন উত্থাপন কৰে বঞ্চিত শিক্ষক তথা সন্থাৰ উপ-সভাপতি ডঃ মণি চৌধুৰীয়ে। শেহতীয়াভাৱেদৰমহা নাপাই চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিছে দুগৰাকীকৈ শিক্ষকে। বৰ্তমান পৰিয়াল চলাবলৈও অক্ষম এইসকল শিক্ষকৰ অনতিপলমে তেওঁলোকক পূৰ্বৰদৰেই দৰমহা তথা সা-সুবিধা দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই,অন্যথা তেওঁলোকে আমৰণ অনশনত বহিব বুলিও হুংকাৰ দিয়ে।

চেঙাৰ কাৰাইখাইতিত দলীয় সম্বৰ্ধনা সভাত বিধায়ক আশ্ৰাফুল হুছেইন

দক্ষিণ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাৰাইখাইতিত এ ইউ ডি এফ দলৰ খোলাবান্ধা আঞ্চলিক সমিতিৰ উদ্যোগত এখন দলীয় সম্ভধৰ্না সভাৰ আয়োজন কৰে। সমষ্টিটোৰ দক্ষিণ পাৰৰ চৰাঞ্চলৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্নজনে চেঙাৰ নৱ নিৰ্বাচিত বিধায়ক আশ্ৰাফুল হুছাইনক সম্বৰ্ধনা জনায়। উক্ত দলীয় সম্বৰ্ধনা সভাত উপস্থিত হৈ বিধায়কজনে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। ৰাজ্যৰ বিজেপি চৰকাৰে চৰাঞ্চলৰ মানুহৰ উন্নয়ন নিবিচাৰে, চৰকাৰৰ গাফিলতিৰ কাৰণেই চৰাঞ্চলৰ মানুহে মাটিৰ পট্টা পোৱা নাই। চৰাঞ্চলত গৰাখহনীয়াৰ কবলত পৰি ভূমিহীন হোৱা লোক সকলক সন্দেহৰ চকুৰে চাই, গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হোৱা লোকসকলক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে বিজেপি চৰকাৰে। কিছু দিন পূৰ্বে চেঙা আৰু বাঘবৰৰ চৰাঞ্চলৰ ভূমিক লৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা জনগোষ্ঠীক তুচ্ছ-তাচ্ছিল্য আৰু উচ্ছেদৰ ভাবুকি দিছিল তাৰ প্ৰত্যুত্তৰত চেঙাৰ যুৱ বিধায়ক গৰাকীয়ে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে মূখ্যমন্ত্ৰীয়ে কৈই  দিয়ক মিঞা জনগোষ্ঠীৰ লোক সকল দেশৰ নাগৰিক নহয় বুলি, দেশৰ গণতন্ত্ৰই নাগৰিক সকলক যি অধিকাৰ দিছে সেই অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ মূখ্যমন্ত্ৰীৰ কোনো অধিকাৰ নাই গতিকে চৰাঞ্চলৰ মানুহক উচ্ছেদ কৰাৰ প্ৰসংগ আহিবই নোৱাৰে। কাৰণ চৰকাৰৰ গাফিলতিৰ কাৰণেই চৰাঞ্চলৰ মানুহে মাটিৰ পট্টা পোৱা নাই। মাটিৰ পট্টাৰ ব্যৱস্থা কৰি মূখ্যমন্ত্ৰী নিজৰ সহিত্য প্ৰকাশ কৰক আৰু জনগণৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰক, অসমৰ জনগণে তেখেতৰ কাৰণে আশীৰ্বাদ কৰিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে। ইয়াৰ উপৰিওঁ বিধায়ক গৰাকীয়ে মূখ্যমন্ত্ৰীলৈ আহ্বান জনায় কয় যে সমগ্ৰ অসমত জৰিপ কৰি চৰাঞ্চলৰ মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক। দক্ষিণ বৰপেটা জিলাৰ চৰাঞ্চলৰ বিভিন্ন সমস্যাৰ লগতে মূল সমস্যা হৈছে শিক্ষা আৰু গৰাখহনীয়া। মূখ্যমন্ত্ৰীয়ে চৰাঞ্চলৰ উন্নয়নৰ কথা পাহৰি কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে বুলি কটাক্ষ কৰে চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে।

ডবা,শংখ ধ্বনিৰে মুখৰিত মাজুলী

মাজুলীৰ চৌদিশে উখল মাখল পৰিবেশ।ডবা,শংখ,উৰুলিৰ ধ্বনিৰে মুখৰিত মাজুলী।মাজুলীত আজি ৰাস মহোৎসৱত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।ৰাস উপভোগ কৰি মুগ্ধ মুখ্যমন্ত্ৰী শৰ্মা।দুদিনীয়া কাৰ্যসূচীৰে মাজুলীলৈ অহা শৰ্মাই বৃহস্পতিবাৰে একেদিনাই বহু উন্নয়নমূলক আঁচনি পৰ্যবেক্ষণ কৰাৰ লগতে কামৰ খতিয়ান লয়।সন্ধ্যা মাজুলীৰ কেবাখনো সত্ৰত সেৱা লোৱাৰ লগে ৰাস উপভোগ কৰে।মাজুলীৰ ৰাসৰ এক আধ্যাত্মিক আৰু সাংস্কৃতিক গুৰুত্ব আছে। যোৱা দুটা বছৰে কভিডৰ বাবে নিজক সীমাবদ্ধ কৰি মাজুলীবাসীয়ে ৰাস উৎসৱ পালন কৰি আহিছে। কিন্তু অহা চাৰি বছৰে বা তাৰ পাছত মাজুলীৰ ৰাসক কেন্দ্ৰ কৰি ভাৰতবৰ্ষতো যাতে এটা জোকাৰনি আহে বা মানুহৰ মনত যাতে মাজুলীৰ ৰাস চাবলৈ যাম বুলি এক উৎকন্থা আহে লগতে ৰাসক কেন্দ্ৰ কৰি পৰ্যটনৰ সংখ্যা যাতে বঢ়াব পাৰে তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব-আজি তিনিদিনীয়াকৈ মাজুলীত আৰম্ভ হোৱা শাৰদীয় ৰাসোৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই এনেদৰে কয়। মাজুলীৰ বিভিন্ন সত্ৰত ৰাসোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণৰ মাজতে মুখ্যমন্ত্ৰীয়ে আৰু কয় যে-মই এইবাৰ প্ৰথমবাৰৰ বাবে মাজুলীৰ ৰাস উপভোগ কৰিছোঁ। মাজুলীৰ ৰাসৰ আধ্যাত্মিক মহানতাক উপলব্ধি কৰাই নহয় আজি মই বিমল আনন্দ অনুভৱ কৰিছোঁ।  দিনটো মাৰাথন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সন্ধিয়াৰে পৰা মাজুলীৰ বিভিন্ন সত্ৰৰ ৰাসোৎসৱত অংশগ্ৰহণ কৰে। প্ৰথমে মুখ্যমন্ত্ৰীয়ে গড়মূৰ সত্ৰত উপস্থিত হৈ সেৱা লৈ সত্ৰ খনিৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীৰে সত্ৰখনৰ উন্নয়নৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। লগতে শৰ্মাইশ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, গড়মূৰ সৰুসত্ৰ দৰ্শন কৰাৰ লগতে ইয়াৰ আধ্যাত্মিক পৰিৱেশত কিছু সময় কটাই ৷ এই দৰ্শন কালতে পৰম পূজ্য সত্ৰাধিকাৰ প্ৰভু শ্ৰীশ্ৰীহৰিদেৱ গোস্বামীদেৱৰ আশীৰ্বাদ লোৱাৰ উপৰি তেখেতৰ সৈতে বাৰ্তালাপ কৰি সত্ৰখনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে ৷ ইয়াৰ উপৰিওএই ভ্ৰমণ কালতে  শ্ৰীশ্ৰীআউনীআটী সত্ৰও দৰ্শন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ কুশল-মংগল কামনাৰে সেৱা আগবঢ়ায়৷ এই আপাহতে সত্ৰখনৰ পৰম পূজ্য সত্ৰাধিকাৰ প্ৰভু শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীদেৱৰ সৈতে সত্ৰখনৰ লগতে মাজুলীৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰে। দক্ষিণপাট সত্ৰৰ ৰাসোৎসৱত বন্তি প্ৰজ্বলিত কৰি উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে উত্তৰ কমলাবাৰী সত্ৰতে নিশাৰ আহাৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে পোনেই মাজুলীৰ নৈপৰীয়া বালি জকাইবোৱা মিছিং গাঁৱত উপস্থিত হয়। নিশাটো মুখ্যমন্ত্ৰীয়ে নৈপৰীয়া গাওঁ খনৰ কিৰন পায়েঙৰ ঘৰতে কটাব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচৰাত মুখ্যমন্ত্ৰীয়ে কয় যে- কাইলৈ ৰাতিপুৱা বালি জকাইবোৱাৰ এই অঞ্চলতে জলসম্পদ বিভাগৰ বহুকেইটা কামৰ শুভাৰম্ভ ঘটিব। সেয়ে মই নিশাটো এই অঞ্চলতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। পূৰ্বেও মই জোনাইৰ এখন মিছিং গাৱত আছিলোঁ। তেখেত সকলৰ কলা-কৃষ্টি, সংস্কৃতি, জীৱন শৈলী চাই ভাল লাগে। মাজুলীৰো মিছিং ৰাইজৰ দৈনন্দিন জীৱন শৈলী এনিশা কটাই বুজাত মোৰ সহায় হব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। আপ্ৰায়নৰ বাবে কিৰনৰ পৰিয়ালে সাজু কৰা মিছিং পৰম্পৰাগত খাদ্যৰ সম্ভাৰৰো জুতি লয় মুখ্যমন্ত্ৰীয়ে।
যোৰহাট মাজুলীৰ দলংৰ নিৰ্মাণ স্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ : আজি সন্ধিয়া মাজুলীৰ বিভিন্ন সত্ৰৰ ৰাসোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণৰ মাজতে মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মাই যোৰহাট মাজুলী সংযোগী দলংৰ নিৰ্মাণ স্থলীত উপস্থিত হৈ কেম্পৰ সকলো দিশ পৰ্যবেক্ষণ কৰে। পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে- মই ৭-১০ দিনৰ ভিতৰত পুনৰ মাজুলীলৈ আহিম আৰু দলংৰ প্ৰথমটো পাইলিংৰ কাম আৰম্ভ কৰিম বুলি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। কাইলৈ পুৱাৰ ভাগতে জলসম্পদ বিভাগৰ বিভিন্ন কামৰ শুভাৰম্ভ ঘটাই মুখ্যমন্ত্ৰীয়ে মাজুলীৰ পৰা হেলিকপ্টাৰ যোগে গুৱাহাটীলৈ ৰাওনা হ’ব।

লাহিং গ্ৰাণ্ট উচ্চমাধ্যমিক বিদ্যালয়ৰ ৫০তম্ বৰ্ষ উপলক্ষে শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন

কাকজানত ১৯ নৱেম্বৰ=পূব যোৰহাট শিক্ষা খণ্ডৰ অধীনৰ লাহিং গ্ৰাণ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ  ৫০  তম বৰ্ষ উপলক্ষে বিদ্যালয়খনিত ২০২২ বৰ্ষত সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ বৰ্ষজোৰা কাৰ্যসূচী পালনৰ ৰাজহুৱা সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিদ্যালয়খনিত ১৭ নবেম্বৰ তাৰিখে সোণালী জয়ন্তীৰ উদ্‌যাপন সমিতিৰ বৈঠকখনি কাৰ্যকৰী সভাপতি নিত্যানন্দ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাই ২০২২ বৰ্ষৰ পহিলা জানুৱাৰীত সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ শুভাৰম্ভ অনুষ্ঠান  আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাত উদ্‌যাপন সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ বৰা প্ৰাক্তন প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক টুপীৰাম চুতীয়া প্ৰাক্তন শিক্ষক তুলাৰাম বৰা বোধেশ্বৰ বাঢ়ৈ ,গোলাপ শইকীয়াইও ৰাইজৰ সৈতে অংশ লয়।সম্পাদক তথা বিদ্যালয় প্ৰধান শিক্ষক অৰূপ বুঢ়াগোঁহাইয়ে সোণালী বৰ্ষ উদ্‌যাপনৰ শুভাৰম্ভ কাৰ্যসূচীৰ এক আভাস   দাঙি ধৰি বিদ্যালয়খনিৰ প্ৰতিষ্ঠা কালত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিৰ নাম তালিকা পাঠ কৰি  বিশেষ সম্মান প্ৰদানৰ বাবে সভাৰ অনুমোদন গ্ৰহণ কৰে।সভাপতি তৰুণ চন্দ্ৰ বৰাই বৰ্ষ জোৰা কাৰ্যসূচীৰ পৰিকল্পনা পাঠ কৰে। সভাত প্ৰতিষ্ঠা কালৰ প্ৰাক্তন তিনিগৰাকী শিক্ষাগুৰু টুপীৰাম চুতীয়া তুলাৰাম বৰা, গোলাপ শইকীয়াৰ লগতে বোধেশ্বৰ বাঢ়ৈও শুভাৰম্ভ অনুষ্ঠানৰ  আপ্যায়নৰ বাবে বিশেষ অৰিহণা ঘোষনা কৰি ১৯৭২ চনৰ প্ৰতিষ্ঠা কালৰ আৱেগিক সময়ক বিশেষ সম্মান প্ৰদৰ্শন কৰে। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ ফুকন প্ৰমূখ্য কৰি বহু বিশিষ্ট ব্যক্তিও অংশ লয়। বিদ্যালয়খনিৰ সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপন সমিতিয়ে স্থানীয় সকলো ৰাইজৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী -শুভাকাংক্ষী ৰাইজৰ আন্তৰিক  সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।

নাজিৰা মহাবিদ্যালয়ক NAACৰ বি প্লাছ গ্ৰেড

যোৱা ১২ আৰু ১৩ নবেম্বৰত নাকৰ এটা তিনিজনীয়া দলে নাজিৰা মহাবিদ্যালয় পৰিদৰ্শন কৰে ৷পৰিদৰ্শন কালত প্ৰতিনিধি দলটিয়ে মহাবিদ্যালয়ৰ শৈক্ষিক ,প্ৰশাসনিক দিশ আদি চাই সন্তুষ্টি প্ৰকাশ কৰে ৷এই ক্ষেত্ৰত তেওঁলোকে শিক্ষকসকলৰ সামাজিক দায়বদ্ধতাৰ শলাগ লয় ৷ দলটিত সঞ্চালক হিচাপে বীৰ নৰ্মড চাউথ গুজৰাট বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশচন্দ্ৰ জি কোঠাৰী ,সমন্বয়ক ড° বিশ্বম্ভৰ প্ৰসাদ  চাটী ( ভূগোল বিজ্ঞান বিভাগ ,মিজোৰাম বিশ্ববিদ্যালয় )  সন্মানীয় সদস্য হিচাপে শ্ৰী সিদ্বি বিনায়ক মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পুষ্পা ৰানাডে উপস্থিত থাকে ৷ এই পৰিদৰ্শনৰ পাছতে যোৱা ১৬ নবেম্বৰত নাকে নাজিৰা মহাবিদ্যালয়ক বি প্লাছ (B + )  (CGPA :2.71)গ্ৰেড প্ৰদান কৰে ৷এই সাফল্যত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু ফুকনৰ লগতে মহাবিদ্যালয়ৰ লগত জড়িত সকলোৱে উল্লসিত হোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷

ভেৰগাঁ‌ও বগপুৰি বটাবাৰিত ভয়াবহ পথ দুৰ্ঘটনা

“ওদালগুৰি জিলা টংলা থানা অন্তৰ্গত টংলা চহৰৰ পৰা ভেৰগাঁ‌ও চহৰলৈ অহাঁ‌ ঘাইপথৰ বগপুৰি বটাবাৰিত বৃহস্পতিবাৰ যোৱা নিশা সংঘতিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা, ফলত থিতাতে নিহত হয় খৈৰাবাৰী গুৰিহাটী গাঁ‌ৱৰ  ৰত্নেশ্বৰ বড়ো (৩৮) NDRFৰ জোৱান।”প্ৰাপ্ত খৱৰ অনুসৰি ওদালগুৰি জিলা খৈৰাবাৰী থানাৰ অন্তৰ্গত খৈৰাবাৰী গুৰিহাটী গাঁ‌ৱৰ প্ৰয়াত মনিৰাম বড়োৰ কনিষ্ঠ পুত্ৰ NDRFৰ জোৱান ৰত্নেশ্বৰ বড়োয়ে যোৱা নিশা প্ৰায় সাত বজাত  AS01E M4758  বাজাচ  পালচাৰ ১৫০ মটৰ চাইকেলৰে ঘৰৰ পৰা টংলা এটিএমলৈ বুলি ওলাই আহিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমেটংলা এটিএমৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত টংলা খৈৰাবাৰী ঘাইপথৰ  বগপুৰি বটাবাৰিত আনুমানিক নিশা ৮ ৰপ পৰা ৯ বজাত বাইক আৰোহী জনে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই গছত খোণ্ডামাৰী দুৰ্ঘটনাতগ্ৰস্ত হয় ঝাহনিত পৰি NDRF ৰ জোৱান ৰত্নেশ্বৰ বড়ো (৩৮)ৰ মৃত্যু হোৱা বুলি জানিব পৰা যায়।আজি পুৱা ৭ বজাত মৃতদেহটো স্থানীয়লোকে প্ৰতক্ষ কৰি আৰক্ষীক খবৰ দিয়াত এতিমধ্যে ঘটনাস্থলীত পৰিয়ালৰ লোক আৰু  আৰক্ষী  আহি উপস্থিত হৈ মৃত বাইক আৰোহী গৰাকী মৰনোত্তৰ পৰিক্ষালৈ প্ৰেৰণ কৰে।

গহপুৰত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ জন্মদিন পালন

গহপুৰৰ ডাঠকলাত বৃহস্পতিবাৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৫০সংখ্যক জন্মদিন উদযাপন কৰা হয়। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ জন্মদিন উদযাপন উপলক্ষে ডাঠকলাৰ লক্ষ্মী নাৰায়ণ মন্দিৰ ৰঙ্গমঞ্চত অৱসৰ প্ৰাপ্ত শিক্ষক ধৰ্মানন্দ শৰ্মাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। বাকৰিদলনি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ শৰ্মাই আঁত ধৰা সভাখনত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে কেক কাটে জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ, নাট্যকাৰ দিলীপ কুমাৰ শৰ্মাই। যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক গীত মুক্তিৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা উদ্দেশ্যৰে আয়োজিত উক্ত সভাখনতে  ডাঠকলাৰ প্ৰতিভাৱান কণ্ঠশিল্পী প্ৰদীপ প্ৰধানৰ কণ্ঠত ‘যুৱ প্ৰজন্মৰ তুমি সুৰীয়া কণ্ঠ, জুবিন দা আমাৰ তুমি অনন্য’ শীৰ্ষক গীত উন্মোচন কৰা হয়। ‘অসমীয়া খবৰ’ কাকতৰ কলাবাৰীৰ স্থানীয় সাংবাদদাতা ৰমেন বৰাই লিখা, বিহপুৰীয়াৰ পংকজ বৰুৱাই সুৰ কৰা তথা নাৰায়ণপুৰৰ মানস প্ৰতীম বৰাই সংগীত ব্যৱস্থাপনা কৰা গীতটো শ্ৰোতা ৰাইজৰ বাবে আনুষ্ঠানিক ভাবে উন্মোচন কৰে জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ, নাট্যকাৰ, সাহিত্যিক দিলীপ কুমাৰ শৰ্মাই। সুৰীয়া কণ্ঠ জুবিন গাৰ্গৰ জন্মদিন উদযাপন তথা গীত উন্মোচন সভাখনত গহপুৰ আৰক্ষী থানাৰ চি অ’ নৃপেন বৰা, বিশ্বনাথ জিলা গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা কুশল ভাগৱতী, অৱসৰ প্ৰাপ্ত শিক্ষক ভোজৰাজ উপাধ্যায়, বাকৰিদলনি গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ দলে, আঞ্চলিক সদস্য বিমলা প্ৰধান, লক্ষ্মী নাৰায়ণ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভজি প্ৰসাদ প্ৰধান, সমাজকৰ্মী চুড়ামণি ছেত্ৰী, গাঁওৰক্ষী বাহিনীৰ সভাপতি ভজেন্দ্ৰ প্ৰধান, সম্পাদক লোকনাথ শৰ্মা, শিক্ষক ক্ৰমে তিলক দৰ্ণাল, জোনাৰাম শইকীয়া, কমল আচাৰ্য, অসম ৰাইফলচৰ অৱসৰপ্ৰাপ্ত জোৱান তিলক প্ৰধান, যুৱ সমাজকৰ্মী ৰিংকু দাস, জান বৰা, কলিয়া ডেকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ডাঠকলা অঞ্চলৰ ৰাইজ উপস্থিত থাকে। সভাখনতে ২৮গৰাকী শ্বহীদ আৰু মুক্তিযোদ্ধাৰ নাম সন্নিবিষ্টৰে গীত লিখি ইণ্ডিয়া বুক অব ৰেকৰ্ডচৰ পৰা স্বীকৃতি লাভ কৰা নৱ গীতিকাৰ ৰমেন বৰাক শিক্ষাবিদ, নাট্যকৰ্মী দিলীপ কুমাৰ শৰ্মা আৰু ডাঠকলা গাঁওৰক্ষী বাহিনীৰ সভাপতি ভজেন্দ্ৰ প্ৰধানে একোখনকৈ গামোচাৰে অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ উপৰিও গীতটোৰ কণ্ঠশিল্পী প্ৰদীপ প্ৰধান সভাখনৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত শিক্ষক ধৰ্মানন্দ শৰ্মা, বাকৰিদলনি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা বিমলা প্ৰধান আৰু ৰমেন বৰাই একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।  YouTube Channel Asom Music Mix উপলব্ধ হোৱা ‘যুৱ প্ৰজন্মৰ তুমি সুৰীয়া কণ্ঠ, জুবিন দা আমাৰ তুমি অনন্য’ শীৰ্ষক গীতটো শ্ৰোতা ৰাইজে আদৰি ল’ব বুলি আশাবাদী কণ্ঠশিল্পী প্ৰদীপ প্ৰধান।নিতুল বৰা হাৱাজান ।