Home Blog Page 2782

কেৰালাঃ বানপানীত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি, বহুলোক সন্ধানহীন

দেশৰ দক্ষিণৰ ৰাজ্য কেৰালাত বৰষুণৰ ফলত মৃত্যুৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে।ৰাজহ বিষয়াসকলৰ মতে, ১৬ অক্টোবৰত কোট্টায়াম আৰু ইডুক্কি জিলাত বৰষুণত নিহত হোৱা ২৪ জন লোকৰ ভিতৰত দুজনএতিয়াও ইডুক্কিত দুটা আৰু কোট্টায়ামত এজন লোকৰ মৃতদেহৰ সন্ধানত আছে।কোট্টায়াম জিলাত বৃহৎ উদ্ধাৰ অভিযানৰ মাজত আৰক্ষীয়ে কেৱল এজন মানুহৰ ভৰি পাই আচৰিত হৈছে। নিৰুদ্দেশ ব্যক্তিৰ কোনো অভিযোগও নাই। ধাৰাসাৰ বৰষুণৰ ফলত কোট্টায়াম কেৰালাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত এখন৷ উদ্ধাৰকাৰীসকলে পালাপল্লী পঞ্চায়তত ভূমিস্খলনত নিহত লোকসকলৰ মৃতদেহ বিচাৰি আছিল৷ ইফালে, তেওঁলোকে এলান জবি নামৰ এজন ১৪ বছৰীয়া লৰা মৃতদেহ টো পাইছিল যাৰ হাত-ভৰি কাটি দিয়া হোৱা নাছিল। কিন্তু, একে সময়তে, উদ্ধাৰকাৰীসকলে “কিশোৰৰ ভৰি” বিচাৰি পাইছিল।তেওঁ আন এটা টুইটত লিখিছিল, “কেৰালাত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বহু লোকৰ মৃত্যু হোৱাটো দুখজনক।” শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা। ”ইফালে, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন বান্ধ খোলাৰ সিদ্ধান্ত বিশেষজ্ঞ সমিতিৰ ওপৰত এৰি দিয়াৰ সিদ্ধান্ত লৈছে। 2018 চনত, ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ 14 খন জিলাৰ ভিতৰত 13 খন জিলা বানপানীত প্লাবিত হৈছিল। তাৰ পিছত বিতৰ্কৰ আৰম্ভণি হৈছিল যেতিয়া তলৰ অঞ্চলত বাস কৰা লোকসকলক অৱগত নকৰাকৈ বান্ধ খোলা হৈছিল৷ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে মন্ত্ৰী আৰু বিষয়াসকলৰ এখন বৈঠকত কৈছিল যে বিশেষজ্ঞ সমিতিয়ে নিজ নিজ বান্ধৰ পানীৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কোনটো বান্ধ খুলিব লাগে সিদ্ধান্ত ল’ব৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে বান্ধ খোলাৰ কেইঘণ্টামান আগতে জিলা উপায়ুক্তসকলক অৱগত কৰা হ’ব যাতে বান্ধ খোলাৰ কেইঘণ্টামান আগতে। তীব্ৰ বানপানীৰ কবলত পৰা কেৰালাত কেইবাটাও বান্ধত নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে।ইতিমধ্যে বানপানীৰ ফলত ৰাজ্যখনৰ যথেষ্ট ক্ষতি হৈছে আৰু বহুলোকে প্ৰাণ হেৰুৱাইছে। এতিয়া, নেৰানেপেৰা বৰষুণৰ সৈতে, কেৰালাৰ বহুতো বান্ধৰ পানীৰ স্তৰ ক্ৰমান্বয়ে বিপদজনক হৈ পৰিছে।এছিয়াৰ সৰ্বোচ্চ ইডুক্কি বান্ধৰ পানীৰ স্তৰ বৰ্তমান ২,৩৯৬.৯৬ ফুট। ইডুক্কিত অৰেঞ্জ এলাৰ্ট মুকলি কৰা হৈছে। বান্ধটো সম্পূৰ্ণৰূপে ২৪০৩ ফুটত ভৰ্তি হ’ব।ৰাজ্যখনত সাহায্য শিবিৰৰ সংখ্যা ১০৫ ৰ পৰা ১০৮ লৈ বৃদ্ধি পাইছে আৰু ৬,০০০ ৰো অধিক লোকক খাদ্য, কাপোৰ আৰু বিচনা প্ৰদান কৰা হৈছে। চৰকাৰে তেওঁলোকক আৰ্থিক সাহায্য ঘোষণা কৰিছে যাৰ ঘৰ আৰু শস্য ধ্বংস হৈছে।দেওবাৰে নীলাক্কাল আৰু পেৰুন্থেনাৰুভি অঞ্চলত ২০ চেণ্টিমিটাৰৰো অধিক বৰষুণ হোৱাৰ বাবে এইবাৰ ভগৱান আয়াপ্পাৰ শবৰীমালালৈ তীৰ্থযাত্ৰা বাতিল কৰা হৈছে। কেৰালা সংকটজনক অৱস্থাত আছে কিয়নো বতৰ বিভাগে ২০ অক্টোবৰৰ পৰা তিনি বা চাৰি দিনৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী দিছে।ইয়াৰ পূৰ্বে, আগষ্ট 2018-ত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে কেৰালাও বানপানীত প্লাবিত হৈছিল। আৰু তাৰ পিছত ৰাজ্যখনৰ ১৪ খন জিলাৰ ভিতৰত ১৩ খন বেয়াকৈ প্ৰভাৱিত হৈছিল, যাৰ ফলত প্ৰায় ৫০০ জন লোকৰ মৃত্যু হৈছিল।

কপিলীৰ কচুৱা পাৰঘাট বন্ধৰ এমাহ

মধ্য অসমৰ  নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত চহৰী মৌজাৰ কপিলী নদীৰ দক্ষিণ পাৰৰ শীলভেটা ,গছপৰা , ভকতপাৰ ,হাটবৰ ,বসুন্ধৰী , কাকতিগাওঁ , ডালিমবাৰী , গাৰোগাও , বালিকুচি আদি অঞ্চলৰ সাধাৰণ জনতা আজি  এক প্ৰকাৰ পণ বন্দী হৈ থাকিব লগীয়া হৈছে । আজি এই অঞ্চলৰ সাধাৰণ জনতা যাও বুলি কলৈকো যাব নোৱাৰে । কাৰণ  এই অঞ্চলৰ জনতাই ৰহা চাপৰমুখৰ লগতে নগাঁও চহৰ আৰু উজনি অসম নামনি অসমৰ বিভিন্ন স্থানলৈ যাবৰ বাবে  ব্যৱহাৰ কৰি থকা এক মাত্ৰ কপিলীৰ কচুৱা পাৰঘাট টো চৰকাৰে বন্ধ কৰি দিলে । মাজুলীত হোৱা ভয়ঙ্কৰ ফেৰী দুৰ্ঘটনাৰ পাছত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ চাপৰমুখ কচুৱা পাৰঘাটটো বন্ধ কৰি দিলে । চৰকাৰৰ এই সিদ্ধান্তক ৰাইজে প্ৰথম অবস্থাত আদৰণি জনাইছিল যদিও বৰ্তমানে অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ মুখৰ হৈ পৰিছে । ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যদি মাজুলীত ফেৰী বন্ধ কৰি  জাহাজ চলাব পাৰে তেন্তে কচুৱা পাৰঘাটত টুলুঙা নাও বন্ধ কৰি কিয় ফেৰী চলাব নোৱাৰে । কপিলী নদীৰ কচুৱা পাৰঘাট টো বিকল্প কোনো ব্যৱস্থা নকৰাকৈ  বন্ধ কৰি দিয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ লগতে চৰকাৰী কৰ্মচাৰী আৰু ৰোগাক্ৰান্ত ব্যক্তি সকলে গভীৰ সমস্যাত পৰিছে । আনপিনে এই কচুৱা পাৰঘাটৰ পৰা সামান্য পশ্চিমত এখন পকা দলঙ নিৰ্মাণৰ কাম চলি আছে যদিও নিৰ্মাণ কাৰ্য্য অতি মন্থৰ । ২০০৩ চনৰে পৰা তিনিবাৰকৈ আধাৰ শিলা স্থাপন কৰা এই দলং খন আজিও সম্পূৰ্ণ হৈ নুঠিল । ২০০৩ চনৰে পৰা প্ৰতিজন বিধায়কে ডাংকোপ মৰাৰ দৰে বৰ্তমানৰ বিধায়ক জনে আগষ্ট মাহত দলঙ সম্পূৰ্ণ হব বুলি বক্তব্য প্ৰদান কৰিছিল যদিও আজি পৰ্য্যন্ত সম্পূৰ্ণ নহল বৰং কাম কৰা গতি পূৰ্বৰ তুলনাত মন্থৰ হোৱা হে দেখা গল। প্ৰায় ১০ কোটি টকীয়া দলং খনত চাৰি জন শ্ৰমিকক কাম কৰি থকা দেখা গৈছে। কাম কৰি সঠিক সময়ত টকা নিদিয়াৰ বাবে কামৰ গতি মন্থৰ হৈছে বুলি দলং নিৰ্মাণ কাৰ্য্যৰ লগত জড়িত এটা সুত্ৰে জানিব দিয়ে ।

ওদালগুৰিত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন পৰিপূৰ্ণ সমাজ গঢ়ি সঠিক পথৰ সন্ধান দিছিল। কিন্তু গুৰুজনাৰ এই আদৰ্শৰ প্ৰতি আমি আজিও উদাসীন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে  ১৫ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত মুকলি ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শ্ৰীশ্ৰীউত্তৰ বেতনা শঙ্কৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ভাগৱত ৰসসিন্ধু ৰিজু পাঠক মহন্তবাপে এইদৰে কয়।ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ প্ৰাক্তন সভাপতি নৰেশ্বৰ বেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত মুকলি ধৰ্মালোচনী সভাত সত্ৰাধিকাৰ পাঠক মহন্তবাপে লগতে কয়-গুৰুজনাই দি থোৱা সাংস্কৃতিক সমাহাৰ নৱপ্ৰজন্মই অনুসৰণ কৰা উচিত।তেতিয়াহে মহাপুৰুষ জনাই সৃষ্টি ৰাজি অক্ষুণ্ণ ৰখাত সাৰ্থকতা হ’ব। যুগজয়ী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন তত্ত্বৰ আধ্যাত্মিকতাৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য ৰাখি সকলোকে তেওঁ অসমীয়া জাতিৰ জনক , ধৰ্ম, ভাষা, সংস্কৃতিৰ কাণ্ডাৰী  গুৰুজনাৰ আদৰ্শক  জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰতিগৰাকী অসমীয়াক সহযোগিতাৰ আহ্বান জনায়।ইপিনে অতিথি হিচাপে বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয়-মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী ধৰ্মগুৰুৱে নাছিল, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়োতা এগৰাকী সংস্কাৰমুখী বহু প্ৰতিভা সম্পন্ন গুণৰ অধিকাৰী আছিল।যিদৰে মহাপুৰুষজনাৰ কৃতিত্ব প্ৰচাৰ প্ৰসাৰ হ’ব লাগিছিল তেনে হোৱা নাই।সেয়ে বিশাল অনুষ্ঠানৰ অধিকাৰী স্বৰূপ মহাপুৰুষ জনাৰ মানৱতাৰ নীতি আদৰ্শ বিশ্বব্যাপী প্ৰচাৰ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। উদযাপন সমিতিৰ উপ সভাপতি গৌতম জ্যোতি তালুকদাৰে আঁতধৰা  উক্ত মুকলি ধৰ্মালোচনী সভাত সভাৰ উদ্দেশ্যে বাখ্যাৰ কৰে সাধাৰণ সম্মাদক মিনেন চন্দ্ৰ দাস।সভাত ওদালগুৰি পৌৰসভাৰ সভাপতি ৰাকেশ চন্দ্ৰ বড়ো,বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি সুনীল বসুমতাৰী,সত্ৰৰ সভাপতি নৰেন দাসে,সভাপতি সুচেন ওজা আদিকে কেইবাগৰাকীও বিশিষ্টলোক উপস্থিত আছিল।নিশাৰ ৮ বজাত শংকৰী নামধৰ্ম প্ৰচাৰ সমিতি আৰু মনিকাঞ্চন মিলন সমাজে বীৰনাম প্ৰদৰ্শন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰে।ইপিনে পুৱাৰ ভাগত  ওদালগুৰিৰ শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ত  পুৱা ৪বজাত হেমজিৎ দাস আৰু অৱনী ভকতৰ পৰিচালনাত প্ৰভাতফেৰী কৰা হয়।পুৱা ৯ বজাত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আৰু মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰৰ ভক্ত বৃন্দই দ্বাৰা থাপনা গৃহত ভাগৱত স্থাপন আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ৯.৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সুচেন ওজাই।পুৱা ১১ বজাত শংকৰী নামধৰ্ম প্ৰচাৰ সমিতি আৰু মণিকাঞ্চন মিলন সমাজৰ দ্বাৰা থাপনা গৃহৰ সম্মুখত থিয়নাম প্ৰদৰ্শন।দিনৰ ১২ বজাত ভাগৱত লৈ নগৰ পৰিভ্ৰমন উদ্বোধন কৰে বিশিষ্ট সমাজ সেৱক ডালিম বায়নে।ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সত্ৰত নাম প্ৰসংগ আৰু বিষয় প্ৰসাদ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিব কলিন পাৱেলৰ ৮৪ বছৰ বয়সত কৰোনাত মৃত্যু হয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিব জয়েন্ট চীফছ অৱ ষ্টাফৰ অধ্যক্ষ কলিন পাৱেলৰ (কলিন পাৱেল, এজন প্ৰাক্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সচিব আৰু যুটীয়া চীফঅফ ষ্টাফ অধ্যক্ষ) আজি অৰ্থাৎ সোমবাৰে কৰোনা ভাইৰাছৰ ফলত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৮৪ বছৰ। পাৱেলৰ নিধলৰ খবৰ সংবাদ সংস্থা ৰয়টাৰে দিছিল। কলিন পাৱেলৰ পৰিয়ালে আপোনাক এই বিষয়ে অৱগত কৰি এটা ফেচবুক পোষ্ট লিখিছিল। ফেচবুক পোষ্টটোত লিখা আছিল যে “তেওঁ এতিয়া এই পৃথিৱীত নাই। কলিন করোনা ভাইরাসে সংক্ৰমিত হয়েছিল। ”মই আপোনাক কওঁ যে কলিন পাৱেলৰ জন্ম ১৯৩৭ চনৰ ৫ এপ্ৰিলত নিউয়ৰ্কৰ হাৰ্লেমত জামাইকান প্ৰব্ৰজনকাৰীসকলৰ ঘৰত হৈছিল। তেওঁ চাউথ ব্ৰঙ্কছত ডাঙৰ দীঘল হৈছিল। পাৱেলৰ স্কুলীয়া শিক্ষাৰ পৰৱৰ্তী অধ্যয়ন নিউয়ৰ্কৰ চিটি কলেজত সম্পূৰ্ণ হৈছিল। এই সময়ছোৱাত তেওঁ আৰ.ও.টি.চি.-ত অংশগ্ৰহণ কৰিছিল। লগতে সঠিক ড্ৰিল দলটোক নেতৃত্ব দিছিল।১৯৫৮ চনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীত যোগদান কৰে। এই সময়ছোৱাত তেওঁ ১৯৬০ চনত দক্ষিণ ভিয়েটনামতো সেৱা আগবঢ়াইছিল। আনকি ভিয়েটনামত সেৱা আগবঢ়োৱাৰ সময়ত তেওঁ দুবাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সেনাবাহিনীত তেওঁৰ গুৰুত্বপূৰ্ণ সেৱাৰ বাবে তেওঁক ১৯৭৯ চনত ব্ৰিগেডিয়াৰ জেনেৰেল পদলৈ পদোন্নতি দিয়া হৈছিল। মই আপোনাক কওঁ যে কলিন পাৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসৰ প্ৰথম কৃষ্ণাঙ্গ বৈদেশিক মন্ত্ৰী হৈ ইতিহাস সৃষ্টি কৰিছিল।

লাহৰীঘাটত ১০ বছৰীয়া কিশোৰী নিৰুদ্দেশ

লাহৰীঘাট থানাৰ সন্মুখৰ পৰা এগৰাকী ১০ বছৰীয়া আবিদা খাতুন নামৰ কিশোৰী নিৰুদ্দেশৰ বাতৰি আজি লাহৰীঘাট থানাত কিশোৰীৰ মাতৃ নুৰ খাতুনে এজাহাৰ দাখিল কৰিছে। মাতৃ নুৰ খাতুনে দিয়া ঘটনাৰ বিৱৰণী মতে নিৰুদ্দেশ আবিদা খাতুনৰ পিতৃ আব্দুল মতিন আৰু মাতৃ নুৰ খাতুনৰ ঘৰ হোজাই জিলাৰ ডবকাৰ ষাঢ় গাঁও চুইচ গেটত। বিগত এমাহ ধৰি আবিদা খাতুন তাইৰ নানাৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত হামু চৰত ফুৰিবলৈ আহি ৰৈ গৈছিল। যোৱা কালি ১৭ অক্টোবৰত হামু চৰৰ পৰা লঞ্চেৰে বজাৰ কৰিবলৈ অহা লোকৰ লগত আহি থানাৰ সন্মুখত মাকে ডবকাৰ পৰা আহি লই যাব বুলি অপেক্ষা কৰি আছিল। ইপিনে মাকে ডবকাৰ পৰা আহি ছোৱালী জনীক থানাৰ সন্মুখত বিচাৰি নাপাই মৰিতলী গাঁৱত পিতৃ পৰিয়ালৰ ঘৰ আৰু ওচৰ চুবুৰীয়াৰ পৰাও আবিদা খাতুনৰ  সন্ধান বিচাৰে যদিও কোনো শুং সূত্র নাপাই অৱশেষত আজি লাহৰীঘাট থানাত নিৰুদ্দেশ বুলি এজাহাৰ দিয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দিয়া বিৱৰণ মতে ছোৱালীৰ জনীৰ সন্ধান পায় তেন্তে 8822435710  অথবা  9365747696 এই দুটা নম্বৰত যোগাযোগ কৰি জনাবলৈ অনুৰোধ জনাইছে পিতৃ মাতৃয়ে। 

আমেৰিকা যুক্তৰাষ্ট্ৰত বাংলাদেশত সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে হিন্দু সংগঠনৰ প্ৰতিবাদ

আমেৰিকা যুক্তৰাষ্ট্ৰত, বাংলাদেশী হিন্দুসকলে তেওঁলোকৰ জন্মভূমিত সংখ্যালঘু গোটৰ সদস্যসকলক লক্ষ্য কৰি কৰা হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কয় যে ধৰ্মীয় পাৰ্থক্যই তেওঁলোকৰ বাবে অস্তিত্বৰ সংকটৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ সমাপ্ত দুৰ্গা পূজা উদযাপনৰ সময়ত মন্দিৰ ভাংচুৰৰ ঘটনাৰ বিৰুদ্ধে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিবাদৰ মাজতে দেওবাৰে নিশা ছ’চিয়েল মিডিয়াত এক কথিত ব্লাচফেমি পোষ্টৰ বাবে বাংলাদেশৰ এটা জনতাই ৬৬ টা ঘৰ ক্ষতিগ্ৰস্ত কৰে আৰু কমেও ২০ টা হিন্দুৰ ঘৰত জুই লগাই দিয়ে।ইয়াত বাংলাদেশী হিন্দু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা প্ৰনেশ হালদাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগলৈ লিখিছিল যাতে ”বাংলাদেশৰ বিপদাপন্ন হিন্দুসকলৰ আৰু কোনো ক্ষতি নহয়”। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰীক্ষণ গোট আৰু মিডিয়া হাউচসমূহক বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাৰ গুৰুত্ব ৰখাৰ বাবে আহ্বান জনায়। বাংলাদেশী হিন্দু প্ৰব্ৰজনকাৰীজনে দেওবাৰে ইয়াত বাংলাদেশ দূতাবাসৰ সন্মুখত এক প্ৰদৰ্শন কৰিছিল।আক্ৰমণক গৰিহণা দিছেআমেৰিকাই শেহতীয়াকৈ বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই কয়, “ধৰ্ম বাছনি কৰাৰ স্বাধীনতা হৈছে মানৱ অধিকাৰ। ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে পৃথিৱীৰ সকলোৰে বাবে তেওঁলোকৰ গুৰুত্বপূৰ্ণ উৎসৱ উদযাপন কৰিবলৈ সুৰক্ষিত অনুভৱ কৰাটো গুৰুত্বপূৰ্ণ। ”মুখপাত্ৰজনে কয়, “বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিয়ে। ইফালে, বাংলাদেশী হিন্দু সম্প্ৰদায়ৰ সদস্য প্ৰনেশ হালদাৰে এক বিবৃতিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত আবেদন জনাইছে যাতে বাংলাদেশত ইতিমধ্যে সংকটত থকা হিন্দুসকলৰ অধিক ক্ষতি নহয়। তেওঁ বাংলাদেশত হিংসাৰ গম্ভীৰতাৰ ওপৰত আলোকপাত কৰিবলৈ গোট আৰু মিডিয়া হাউচসমূহ নিৰীক্ষণ কৰিবলৈও আহ্বান জনায়।

গোগামুখত লুড’ৰ উদ্যোগত ফুটবলৰ মহাৰণ

লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইশ্বন চমুকৈ লুড’ৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু এন এইচ পি চিৰ আৰ্থিক সাহায্যত ২২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ফুটবলৰ মহাৰণ ৷ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিত্বীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা উক্ত ফুটবল প্ৰতিযোগিতাখনত অসমৰ বহুকেইটা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰাৰ লগতে মেঘালয়ৰ আগশাৰীৰ ফুটবল দল ৱাৰিয়ৰছ্ মেঘালয় ফুটবল দলেও অংশগ্ৰহণ কৰিছে ৷ আজি সোমবাৰে অনুষ্ঠিত হোৱা এখন সংবাদ মেলত এই কথা সদৰী কৰে লুড’ৰ কৰ্মকৰ্তা সকলে ৷সংবাদমেলত তেওঁলোকে জনোৱা মতে লুড’ই সমগ্ৰ গোগামুখত ফুটবলৰ জোৱাৰ অনাৰ উদ্দেশ্যে এনদৰে বৃহৎ ফুটবল খেল প্ৰতি বছৰে আয়োজন কৰিছে আৰু লুড’ই ইতিমধ্যে সমগ্ৰ গোগামুখত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰো যুৱ সমাজ কৰ্মী তথা প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ সভাপতি তীৰ্থপ্ৰতীম পেগুৰ নেতৃত্বত চলিছে প্ৰতিযোগিতাখনৰ সফল উদ্‌যাপনৰ সকলো ধৰণৰ প্ৰস্তুতি ৷সংবাদ মেলত উপস্থিত থাকে লুড’ৰ সভাপতি লক্ষীকান্ত পেগু, সম্পাদক দ’কে দলে, ৰত্ন চুংক্ৰাং, ছান কুমাৰ পাংগিং, ভৱেন মিলি, কমল কিৰণ পেগু, ৰাজু চিন্তে, বিদ্যুৎ দলে আৰু লুড’ৰ কৰ্মকৰ্তা সকলে ৷

শোণিতপুৰৰ বালিপৰাৰ অকাবস্তিত পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ,এজনক আটক

 শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্ত’গত তথা বালিপৰাৰ সমীপবতী’ অকাবস্তিৰ পৰা  কালি আৰখীয়ে এটা পিষ্টল , ৬ জাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ যে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আলিমূদ্দিন আহমেদৰ নেতৃত্বত যোৱা আৰখীৰ দলটোৱে অভিযান চলাই উক্ত পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰাৰ উপৰিও আকাশ আলি নামৰ এজন লোকক আটক কৰিছে । বিগত কিছুদিন ধৰি আকাশ আলিক আৰক্ষীয়ে বিচাৰি আছিল যদিও আকাশ আলি পলায়ন কৰি আছিল । অৱশেষত কালি আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে কিছুদিন  পূৰ্বে ড্ৰাগচ মাফিয়া ৰুহুল  আমিনক  আটক কৰিছিল চাৰিদুৱাৰ আৰক্ষীয়ে আৰু ৰাহুলে আকাশ আলিৰ হাতত পিষ্টলটো লুকুৱাই ৰাখিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ পন্ঞ্জীভূক্ত কৰি তদন্ত অব্যাহত ৰাখিছে।

ধুবুৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এগৰাকী লাট মণ্ডল আৰু এগৰাকী মাটিৰ দালাল।

 ধুবুৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এগৰাকী লাট মণ্ডল আৰু এগৰাকী মাটিৰ দালাল। দেওবাৰে গ্ৰেপ্তাৰ লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খান। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ ভয়ত প্ৰায় এমাহ সময় আত্মগোপন কৰি থাকি ১১ অক্টোবৰত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল হজৰত আলী আৰু মিৰ্জা খান। দেওবাৰে দুয়ো জামিনৰ কাগজ লৈ উপস্থিত হৈছিল ধুবুৰী সদৰ আৰক্ষী থানাত। নতুন এক গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। পূৰ্বতে মাটিৰ দালাল 22 জনক গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে ।
তেনে সময়তে পলাতক হৈ আছিল লাট মণ্ডল হজৰত আলী আৰু দালাল  মিৰ্জা খান । তেওঁ এজন পৰ্টেল সাংবাদিক বুলিও পৰিচয় দিছিল । বিলাসী গাড়ীত প্ৰেছ লগাই ঘূৰি ফুৰিছিল তেওঁ । দালালি কৰি তেওঁ বিশাল অট্টালিকা নিৰ্মান কৰিছে । যোৱা নিশা হজৰত আলীৰ ঘৰত অভিযান চলাই চৰকাৰী কাৰ্যালয়ৰ বহুতো ফাইলৰ লগতে নীতি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ফাইল জিলা উপায়ুক্তৰ কাৰ্যালয়তেই থাকিব লাগে কিন্তু সেই বোৰ ফাইল মণ্ডল হজৰত আলিৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

”প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা” আচঁনি শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্ত

সোমবাৰে  বিহালী সমষ্টিৰ  বিধায়ক ৰঞ্জিত দত্তই পূৰ্ব  বিহালী সমবায় সমিতি প্ৰাংগণত আয়োজন কৰা   “অন্ন মহোৎসৱ”ৰ শুভাৰম্ভ কৰছ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰী সকলক  ৫ কিলো অতিৰিক্ত চাউলৰ সৈতে ১০ কিলো পৰিমাণৰ এটি উন্নতমানৰ মোনা প্ৰদান কৰা অনুষ্ঠানৰ  শুভ উদ্ধোধন কৰে বিধায়ক ৰঞ্জিত দত্তই।এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰলিমাৰ গাওঁ পঞ্চায়ত সভাপতি লাচিত বৰা, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী জিলা পৰিষদ সদস্য দিপীকা ঢাকাল কে ধৰি অঞ্চলটো বহু কেইজন বিশিষ্ট ব্যক্তি।
উল্লেখ্য যে,১২অক্টোবৰৰ পৰা ২০অক্টোবৰলৈকে ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানীয়ে  এই অনুষ্ঠান  ভাগ অনুষ্ঠিত কৰিব লাগিব