Home Blog Page 2798

মনহাৰ অসম গ্ৰামীন বিকাশ বেংকত নিজৰ জমা ধন উঠাবলৈ গৈ ঢলি পৰিল এজন গ্ৰাহক

মৰিগাঁও জিলাৰ মনহাত থকা অসম গ্ৰামীন বিকাশ বেংকত নিজৰ জমা ধন উঠাবলৈ গৈ গ্ৰাহক সকলে যমৰ যাতনা ভূগিবলগীয়া  হৈছে ৷ আজিৰ উৎকট গৰমত ঢলি পৰিল এজন বয়োজ্যেষ্ঠ গ্ৰাহক ৷ এই বৃহত্তৰ অঞ্চলৰ লোকসকল নিৰ্ভৰ এই বেংকৰ ওপৰত ৷ প্ৰায় দুই তিনিমাহ ধৰি  বেংকৰ বিভিন্ন ধৰনৰ অসুবিধাৰ কাৰণে  গ্ৰাহকে নিজৰ জমা টকা উঠাবলৈ গৈ   ৬ /৭ পাৰ হৈ যোৱাতো ধনৰ লেনদেন কৰিব নোৱাৰাৰ অভিযোগ উঠিছে  ৷ জানিব পৰামতে বেংকৰ UPS বিকল হৈ থকাৰ ফলত কাম চলাই নিয়াত কৰ্মচাৰী সকলে অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছে ৷ বেংকত  আপডেট নহয় পাচবুক , প্ৰায়ে নাথাকে ছাৰ্ভাৰ,  বিদ্যুতৰ খেলি মেলি, বেংকৰ বহু মেচিন হৈ আছে বিকল , অফিচত নাই পৰ্য্যাপ্ত পৰিমানৰ কৰ্মচাৰী ৷ যাৰ বাবে গ্ৰাহক সকলে  সময়মতে পাবলগীয়া সেৱা সমূহৰ পৰা বঞ্চিত হৈ আছে ৷ বেংকৰ উৰ্দ্ধতম কৰ্তৃপক্ষলৈ গ্ৰাহক সকলৰ অনুৰোধ যাতে অতিসোনকালে এই সমস্যা সমূহৰ সমাধান কৰি গ্ৰাহক সকলৰ টকা ওঠোৱাৰ বাবে সুবিধা কৰি দিয়ে ৷ অন্যথা ক্ষোভিত গ্ৰাহক সকলে বেংকত তলা উলমাবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে ৷

বিহালী উন্নয়ন খণ্ড কার্যালয় চৌহদত থলুৱা খাদ্যৰ বিপনী মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত  বিহালী খণ্ড উন্নয়ন বিষয়া কার্যালয় চৌহদত বুধবাৰে আত্ম সহায়ক গোটে প্রস্তুত কৰা থলুৱা খাদ্যৰ বিপনী বিহালীৰ বিধায়ক ৰণ্জিত দত্তই মুকলি কৰে !।অঞ্চলটোৰ লক্ষিমী “কাদম্বৰী”আদৰ্শ”স্বণময়”নৱ কিৰণ;আৰু ময়ুৰ এই , আত্ম সহায়ক গোটৰ দ্বাৰা প্রস্তুত কৰা পিঠা ,লাৰু,মুৰি লাৰু,মমো, চিৰা”দৈ’ ঘুগুনীকে আদি কৰি চাহ প্রস্তত কৰি বিক্রীৰ ব্যৱস্হা কৰিছে” তদুপৰি শিপিনী সকলে তাঁত খালত   গামোচা’ ‘চাদৰ মেখেলা ঘৰতে  বৈ তৈয়াৰ কৰি বিক্ৰী ব্যৱস্থা কৰিছে  !উল্লেখযোগ্য যে,কার্যালয় খনলৈ বহু দুৰ দুৰণিৰ লোক বিভিন্ন কাম কাজত  আহে কিন্তু ওচৰতে চাহ দোকান নথকাত চেন্টাৰলৈ যাব লগীয়া হৈছিল !এই আত্ম সহায়ক গোটৰ বিপনীয়ে কার্যালয়লৈ অহা লোকক চাহ খোৱাত সুবিধা হ’ল বুলিও বহু লোকে মন্তব্য কৰিছে !এই বিপনীৰ মুকলিৰ সময়ত অসম জীৱিকা অভিযানৰ  জিলা বিষয়া হবিবুৰ ৰহমান  আৰু মাধৱ ভান্দাৰী উপস্থিত থাকে ।

ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ ১৬ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন

ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ ১৬ সংখ্যক দ্বি বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি সভা খনি ৮ অক্টোবৰত  ওদালগুৰি জিলাৰ সমবায় সমূহৰ জিলা উপ পঞ্জীয়কৰ কাৰ্যালয়,সাপেখাইতিত  জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি শান্তি ৰাম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়।সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্তই উদ্বোধন কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে  উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই কয়- চৰকাৰে গ্ৰহণ কৰা সকলো ধৰণৰ সংস্কাৰ মুখী কাৰ্যক সমৰ্থন কৰি আহিছো।আমি সদায় দূৰ্ণীতি বিৰোধী।সেইবাবে যিসকল বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা গ্ৰ্হন কৰিছে কৰ্মচাৰী পৰিষদে মাত মতা নাই।ইপিনে দালালৰাজৰ চত্ৰছায়াত আছে ৰাজনৈতিক চক্ৰ আছে এচাম  বিষয়া কৰ্মচাৰী।সেয়ে এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ’ব লাগে।আমি সততাৰে কাম কৰি যোৱাৰ পক্ষপাতি।সুস্থ মানসিকতাৰে শিক্ষক কৰ্মচাৰীক কৰ্মসংস্কৃতিৰে আগবঢ়াই নিবলৈ চৰকাৰৰ লাগিব সদিচ্ছা।আন্দোলনৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে আন্দোলন নকৰে কিন্তু কৰ্মচাৰীৰ ন্যায় প্ৰাপ্তিৰ বাবে আন্দোলন চলাই যাব।২০১১ চনতে সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰ্মচাৰী সকলৰ বিনামূলীয়া স্বাস্থ্য বিধি আঁচনিৰ দাবী কাৰ্যকৰী কৰিব বুলি নকৰিলে।এয়া দূৰ্ভাগ্যজনক কথা। শিক্ষক সকল সমাজৰ অভিভাৱকৰ দৰে।তেওঁলোকৰ প্ৰধান দায়িত্ব শিক্ষাদান কৰা।কিন্তু এতিয়া শিক্ষকসকলক হুৱাইট এপৰ জৰিয়তে উপস্থিতিৰ যি নিৰ্দেশনা দিয়ে। এয়া কেতিয়াও কামনা নকৰোঁ আৰু গ্ৰাম্যঞ্চলত এয়া কেতিয়াও সম্ভৱ নহয় বুলি কলিতাই লগতে উল্লেখ কৰে।ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক বসন্ত বৰা আৰু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক বিবেক দাসে আঁতধৰা উক্ত সভাত  কমল উপাধ্যায়,সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান শ্যামন্ত দাস,উপ-সভাপতি দ্বিপেন শৰ্মা,সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ আয়ুব আলি আহমেদ,উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ বাসতোলা,সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক দণ্ডী কুমাৰ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত আছিল।ইপিনে পুৱা পতাকা উত্তোলন কৰে জিলাৰ সভাপতি শান্তি ৰাম শৰ্মাই আৰু স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দণ্ডীৰাম বড়োই।দিনৰ ১০ বজাত জিলা প্ৰতিনিধি সভা উদ্বোধন কৰে সমবায় সমিতি সমূহৰ জিলা উপ পঞ্জীয়ক ৰাজদ্বীপ নাথে।

ডিমৌৰ সেচ্ছাসেৱী সংস্থা পথিকৃতৰ শিক্ষাগুৰুসকলৰ সৈতে মত বিনিময়

ডিমৌৰ আগশাৰীৰ সেচ্ছাসেৱী অনুষ্ঠান পথিকৃতে দিচাং ৰজাবাৰীস্থিত কাৰ্যালয়ত শিক্ষাগুৰুসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। স্বাস্থ্য ৰক্ষা , মানসিক ৰোগীৰ চিকিৎসা, জনসেৱা, শিশু কল্যাণ, ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, বৌদ্ধিক বিকাশ আদি দিশত কাম কৰি অহা ২০১৭ চনত জন্মলাভ কৰা অগ্ৰণী বেচৰকাৰী সংস্থাটোৱে ৬ অক্টোবৰৰ দিনা ৰজাবাৰী, থাওৰা, পালেঙী, চৰগুৱা আদি অঞ্চলৰ ১২ খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক আমন্ত্ৰণ জনাই শিশু আৰু প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক দীৰ্ঘকালীন লক ডাউনৰ সময়ৰ ক্ষতি পূৰণ আৰু পুণৰ বিদ্যালয়মুখী কৰি শিক্ষাগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে ঐক্যবদ্ধভাৱে কাম কৰাৰ ওপৰত মত বিনিময় কৰে। বিগত লক ডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ পথিকৃতৰ সেচ্ছাসেৱকসকলে ৱৰ্কচিট বিতৰণ কৰাৰ উপৰি কালত লবলগীয়া পদক্ষেপ সম্পৰ্কত অভিভাৱকসকলৰ মাজত গোহাৰি বিতৰণ কৰি সজাগতা সৃষ্টি কৰে। ইয়াৰোপৰি, বিদ্যালয়লৈ ছাত্ৰীসকলক মাতি আনি পথিকৃতে শিক্ষাদান কৰি আহিছে। শিক্ষক গোলোক চন্দ্ৰ গগৈৰ সভাপতিত্বত পথিকৃতৰ প্ৰশাসক ৰূপজ্যোতি বুঢ়াগোহাঁইয়ে আঁত ধৰা মত বিনিময় অনুষ্ঠানত ডিমৌ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ থঢ়ওৰা আৰু পালেঙীৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক শেখৰজ্যোতি দুৱৰী আৰু ৰাজীৱ বৰঠাকুৰ, অঞ্চলটোৰ ১২ খন বিদ্যালয়ৰ শিক্ষাগুৰুসকল ক্ৰমে সুৰেন্দ্ৰনাথ মহন, ৰফিকুদ্দিন আহমেদ,পৰেশ গিৰি, ত্ৰৈলোক্য ফুকন, আনন্দ মিলি, নগেন চেতিয়া, হুচেইন আলি, মৈতেন্দ্ৰ চেতিয়া, অঞ্জনা ৰবি, জুনু দেৱী গগৈ, প্ৰভা চেতিয়া, বেবিনা বেগম, সবিতা গগৈ, সাংবাদিক যদুমণি বৰা, উমেশ চেতিয়া আদি উপস্থিত থাকে। পথিকৃতৰ প্ৰতিষ্ঠাপক সম্পাদক তথা কাৰ্যবাহী সঞ্চালক নিয়ৰ গগৈয়ে শুভাৰম্ভ কৰা মত বিনিময় অনুষ্ঠানত শিক্ষাগুৰুসকলক ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উৎকৰ্ষ সাধন তথা বৌদ্ধিক বিকাশৰ বাবে অনাগত দিনতো পথিকৃতে গ্ৰহণ কৰিবলগীয়া পদক্ষেপত শিক্ষাগুৰুসকলৰ পূৰ্ণ সহযোগ কামনা কৰে। উপস্থিত অভ্যাগতসকলে পথিকৃতে নতুন প্ৰজন্মৰ কল্যাণৰ বাবে পথিকৃতে গ্ৰহণ কৰি অহা প্ৰশংসনীয়, সময়োপযোগী পদক্ষেপৰ শলাগ লয় আৰু পূৰ্ণ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে। পথিকৃতৰ কৰ্মকতা ৰেচমা বেগম, মাধূ্য গগৈ, আফচানা আজিন,বিশ্বজিত গগৈ, বিনোদ কুমাৰ, মনোস্মিতা মজুমদাৰ আদিয়ে অনুষ্ঠানত উপস্থিত অতিথিসকলক এটি গছপুলি, কলম, অক্সিমিটাৰ, থাৰ্মোমিটাৰ চেনিটাইজাৰ আদি আগবঢ়াই সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

ফাইলেৰিয়াত আক্ৰান্ত লাল বাহাদুৰ বস্নেতৰ ঘৰত উপায়ুক্ত পি উদয় প্ৰবীন

ওদালগুৰি জিলাৰ হৰিশিঙা থানা অন্তৰ্গত ১নং আমজুলী শিঙৰী বস্তি নিবাসী মদন বস্নেতৰ পুত্ৰ লাল বাহাদুৰ বস্নেতৰ যোৱা তিনি-চাৰি বছৰ ধৰি হৈ থকা ফাইলেৰিয়া বেমাৰত চিকিৎসাৰ কাৰণে তেজপুৰ, গুৱাহাটী মেডিকেলত গৈও কোনো সুফল নোপোৱাত উক্ত খবৰটো যোৱা ২২ দিন আগত অসমৰ বাতৰি কাকতকে ধৰি প’ৰ্টেল সমুহত প্ৰচাৰ হোৱাত ওদালগুৰি স্বাস্থ্য বিভাগৰ দল উক্ত স্থানলৈ গৈ লাল বাহাদুৰৰ তেজৰ নমুনা সংগ্ৰহ কৰি আনিছিল যদিও স্বাস্থ্য বিভাগে সেই তেজৰ নমুনাৰ প্ৰতিবেদন দিবলৈ সময় লগোৱাত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি জিলা উপায়ূক্ত পি উদয় প্ৰবীনক ৰোগীৰ বিষয় অৱগত কৰোৱাত গোৰ্খা সন্মিলনৰ খবৰত আচৰিত হয় আৰু লগে লগে ওদালগুৰি স্বাস্থ্য বিভাগক লৈ উপায়ুক্ত লাল বাহাদুৰৰ ঘৰলৈ ৮ অক্টোবৰত উপস্থিত হয়।

উপায়ুক্ত পি উদয় প্ৰবীনে ৰোগীৰ অৱস্থা আৰু ঘৰৰ পৰিবেশ  দেখি মৰ্মাহত হয়। গাওঁৰ ৰাইজ একত্ৰিত হৈ উপায়ুক্তক সেই স্থানলৈ যোৱাৰ বাবে ধন্যবাদ জনায়। উপায়ূক্তই  ৰোগী লাল বাহাদুৰৰ লগত একেলগে বহি  ৰোগ নিৰ্মুল কৰি দিয়াৰ সংকল্প লয় আৰু লাল বাহাদুৰক কিছু আৰ্থিক সাহাৰ্য্যও প্ৰদান কৰে।   অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ আহ্বানত ১ নং আমজুলীত যোৱা উপায়ুক্তক উক্ত ঠাইত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি দেৱৰাজ নেউপানে, সাংগঠনিক সম্পাদক বল বাহাদুৰ বিশ্বকৰ্মা, কুন্দৰবিল শাখা সমিতিৰ সভাপতি টংক সোনাৰীয়ে তেওঁক সম্বৰ্ধনা জনায়। স্থানীয় গাওঁবাসীয়ে অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ কাৰ্য্যক ধন্যবাদ জ্ঞাপন কৰে।

ঠিকা প্ৰতিষ্ঠানে মাহৰ প্ৰথম সপ্তাহত মজুৰি আদায় দিব নোৱাৰিলে শ্ৰমিকক অ’ এন জি চিয়ে পোনপটীয়াকৈ মজুৰি আদায় দিব লাগিব

 দেশৰ শ্ৰম আইন অনুসৰি ঠিকা শ্ৰমিক আৰু অন্যান্য শ্ৰমিক সকলে পাব লগা মাহেকীয়া মজুৰি ঠিকা প্ৰতিষ্ঠান সমূহে মাহৰ প্ৰথম সপ্তাহত আদায় দিব নোৱাৰিলে শ্ৰমিক সকলক অ’ এন জি চি কৰ্তৃপক্ষই পোনপটীয়াকৈ আদায় দিব লাগিব । এই দাবী জনাই আজি নাজিৰাত অসম চাহ কৰ্মচাৰী সংঘৰ শাখা কাৰ্যালয়ত আয়োজিত এখনি সংবাদ ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সম্পাদক পূৰ্ণকান্ত বুঢ়াগোহাঁয়ে লগতে কয় , ঠিকা শ্ৰমিক সকলে পাব লগা বছৰেকীয়া বোনাছ ১৯৬৫ চনৰ বোনাছ আইন অনুসৰি ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চ বিত্তীয় বৰ্ষৰ ভিত্তিত ৮ মাহৰ ভিতৰত বোনাছ পোৱাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব । এই ক্ষেত্ৰত সংশোধিত মজুৰি আচনিৰ অন্তৰ্গত ঠিকা শ্ৰমিক সকলৰ বোনাছৰ  ধন অ’ এন জি চি কৰ্তৃপক্ষই ঠিকা প্ৰতিষ্ঠানক আদায় দিব লাগিব । সংবাদমেলত বুঢ়াগোহায়ে লগতে কয় যে , ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ আৰু ইয়াৰ অন্তৰ্গত শ্ৰমিক ইউনিয়ন সমূহৰ উদ্যোগত মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কৰ্মক্ষেত্ৰ সমূহত নিয়োজিত শ্ৰমিক সকলৰ আইন সংগত মাহেকীয়া মজুৰি আৰু অন্যান্য প্ৰাপ্য সা – সুবিধা সমূহ উপলব্ধ কৰাৰ বাবে বিভিন্ন পৰ্যায়ত কৰি অহা দাবী আৰু গণতান্ত্ৰিক আন্দোলনৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ৰ ডিব্ৰুগড়ৰ আঞ্চলিক শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত যোৱা ৭ অক্টোবৰত এক আলোচনা অনুষ্ঠিত হয় । ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অন্তৰ্গত অ’ এন জি চি পূৰ্বাঞ্চল এমপ্লয়িজ এছ’চিয়েছন , ইউনাইটেড কনট্ৰেকচুৱেল ৱকাৰ্চ ইউনিয়ন অৱ অ’ এন জি ছি আৰু অ’ এন জি চি চাৰ্টাড হায়াৰ্ড ড্ৰিলিং এণ্ড ৱৰ্ক অভাৰ ৰীগ ৱকাৰ্চ ইউনিয়নৰ দাবীৰ ভিত্তিত অনুষ্ঠিত আলোচনাত অ’ এন জি চি আৰু ঠিকা প্ৰতিষ্ঠান কৰ্তৃপক্ষই ঠিকা শ্ৰমিক সকলৰ মাহেকীয়া মজুৰি আৰু অন্যান্য সা – সুবিধা সমূহ নিৰ্ধাৰিত ভাৱে দিয়াৰ বাবে চুক্তিবদ্ধ হয়। সংবাদমেলত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সম্পাদকগৰাকীয়ে লগতে কয় , সংশোধিত মজুৰি আচনিত অন্তৰ্ভুক্ত নোহোৱা আৰু ২১ হাজাৰতকৈ অধিক মাহেকীয়া মজুৰি পোৱা ঠিকা শ্ৰমিক বোনাছ পোৱাৰ বাবে বিবেচিত নহ’ব । শ্ৰম আইন অনুসৰি অ’ এন জি চি কৰ্তৃপক্ষই স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অন্তৰ্ভুক্ত এছ’চিয়েছন আৰু ইয়াৰ সহযোগী ঠিকা শ্ৰমিক ইউনিয়নৰ বাদে অন্য শ্ৰমিক ইউনিয়নে অনাকাংশিত ভাৱে কৰ্তৃপক্ষক হেচা প্ৰয়োগ কৰি অ’ এন জি চি আৰু ঠিকা প্ৰতিষ্ঠান সমূহৰ কামত অবাঞ্চিত হস্তক্ষেপ কৰি থকা কাম কাজৰ প্ৰতি ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ আৰু ইয়াৰ সহযোগী সংগঠন সমূহে কোনো কাৰণতে গ্ৰহণযোগ্য বুলি গণ্য নকৰে আৰু ইয়াৰ প্ৰতি শ্ৰমিক সকলক সজাগ সচেতনতাৰে দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায় । সংবামেলত পূৰ্ণকান্ত বুঢ়াগোহাঁই , ৰীতু নাথ , ৰাজেন বৰগোঁহাই আদিকে ধৰি ভালেকেইজন শ্ৰমিক নেতা উপস্থিত থাকে । 

ফুটবলৰ উন্নতি আৰু সংযোগ শীৰ্ষক অভিলাষী আঁচনি

গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীসমূহক ক্ৰীড়া-সংস্কৃতি, শিক্ষাকে ধৰি অন্যান্য  বিভিন্ন ক্ষেত্ৰত দীৰ্ঘ দিনৰে পৰা জনপ্ৰিয় উদ্যোগিক প্ৰতিষ্ঠান উজনিৰ অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে  ৰাইজক সহায়-সহযোগিতা আগবঢ়ায়ই আহিছে। এইবাৰ অগ্ৰণী প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে নিজাববীয়াকৈ সুপৰিকল্পিত ভাবে গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীসমূহক ক্ৰীড়াৰ অন্তৰ্গত ফুটবলৰ ক্ষেত্ৰখনত  এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে । অইল ইণ্ডিয়া লিমিটেডে ‘ অইল লক্ষ্যঃ ফুটবলৰ উন্নতি আৰু সংযোগ (Football promoted and communicate) শীৰ্ষক এখন অভিলাষী আঁচনিৰ আধাৰত   চাবুৱাকে কেইবাটাও অঞ্চলক প্ৰক্ষেপ কৰি মুঠ পাঁচটা স্থানত ( জ’নত বিভক্ত ) ১৩  আৰু ১৫ বছৰ অনুৰ্ধ্ব বয়সৰ ল’ৰা-ছোৱালী উভয়কে উপযুক্ত প্ৰশিক্ষকৰ যোগেদি একোজন পৈণত ফুটবল খেলুৱৈ ৰূপে নিৰ্মাণৰ লক্ষ্য বান্ধি লৈছে। এই আচঁনিৰ অধীনত প্ৰথমটো প্ৰশিক্ষণ শিবিৰ ৭ অক্টোবৰত শুভাৰম্ভ হয় চাবুৱাৰ অন্যতম অনুষ্ঠান ত্ৰিনয়নজ্যোতি সংঘৰ খেল পথাৰত। চাবুৱা ইউনাইটেড ফুটবল ক্লাবৰ উদ্যোগত হ’বলগীয়া উক্ত জ’নৰ শিবিৰ উদ্বোধনী অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া প্ৰাঞ্জল নেওগ, সুদীপ্তা মহন্ত, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱা, চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতি তথা যুৱ নেতা মৃদুল ৰাজখোৱা, প্ৰসিদ্ধ ফুটবল খেলুৱৈ তথা ফুটবল প্ৰশিক্ষক তচেন বৰা, প্ৰাক্তন ফুটবল খেলুৱৈ স্বাধীন ডেকাৰজা, ফণীধৰ গগৈ, অসম ফুটবল সন্থাৰ উপ সভাপতি ৰমেশ ফুকন, ক্ৰীড়া সাংবাদিক তথা  ফুটবল ৰেফাৰী শশীন্দ্ৰলাল ভূঞাকে ধৰি বহু গন্যমান্য লোক উপস্থিত থাকে। উল্লেখ্য যে ক্ৰীড়া সংগঠক দিলীপ বড়া আৰু সিমান্ত বড়াই আঁতধৰা প্ৰথমটো জ’নৰ প্ৰশিক্ষণ শিবিৰত ইউনাইটেড এফ চিৰ ১২০ গৰাকী আৰু অন্যান্য ক্লাবৰ পৰা অহা ৮০ জন সৰ্বমুঠ ২০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।  অন্যহাতে চাবুৱা মণ্ডলত প্ৰশিক্ষক ভাস্কৰ গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে কমুৱাহাটত জূলেন চাব্ৰাই, কৰৎ জঙ্গলত মামু চাউদাঙে, ৰহমৰীয়াত ইন্দ্ৰজিৎ চেতিয়াই আৰু দেওহাল- হাতীমৰাত মনোজ ৰাজপুতে প্ৰশিক্ষণ প্ৰদান কৰিব। অতি সোনকালেই অন্যান্য স্থানকেইটাত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। 

গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিশ্বনাথৰ বৰগাঙত প্ৰতিবাদ

দেশৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে দেশৰ আটাইতকৈ ধনবান ব্যৱসায়ী আদানীৰ ব্যৱসায়ৰ লাভৰ স্বাৰ্থত গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানীক গতাই দিয়া কাৰ্যৰ অসম জুৰি হোৱা প্ৰতিবাদৰ লগত সংগতি ৰাখি আজি বিশ্বনাথৰ বৰগাঙত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু বিপ্লৱী যুৱ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে দেশৰ ৰাজহুৱা সম্পদ এটা এটাকৈ ব্যক্তিগত খণ্ডক গতাই শ্ৰমিক কৰ্মচাৰীৰ লগতে জনসাধাৰণৰ বিপদ মাতি আনিছে তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে জনসাধাৰণক সজাগ হ’বলৈ আহ্বান জনায় সংগঠন দুটাই।  চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি বিক্ষোভ প্ৰদৰ্শন কৰাৰ পিছতে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সম্পাদক কৃষ্ণ পাইক আৰু বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলাৰ মূখ্য আহ্বায়ক পৰিমল গোড়ে ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

বকোৰ চাম্পুপাৰাত বন বিষয়া আব্দুৰ ৰৌফৰ অভিযান ।

একাংশ সমাজ বিৰোধী চক্ৰ তথা অসাধু বণিকে দিনে নিশাই চলাই আহিছে বনজ সম্পদৰ ধ্বংসযজ্ঞ। এই চাম দূষ্টচক্ৰৰ হাতোৰাত ক্ষতি হৈছে বনাঞ্চলৰ লগতে বনজ সম্পদ। এই ক্ষেত্ৰত চৰকাৰৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ হৈছে নগুৰ নাকটি।শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বন বিভাগৰ সুৰক্ষা কৰ্মীয়ে সঘনাই জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাং বনজ সম্পদ। উল্লেখ্য যে ; আজি দিনৰ ১১ টা বজাত অৰ্থাৎ ৬ অক্টোবৰ এক গোপন খৱৰৰ ভিত্তিত বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া আব্দুৰ ৰৌফৰ নেতৃত্বত কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীযৰ সৈতে অভিযান চলাই দক্ষিণ কামৰূপৰ চাম্পুপাৰাৰ জলজলী নদীত অবৈধ বালিখনন কৰি থকা অৱস্থাত ঘটনাস্থলিৰ পৰা এখন ইঞ্জিন চালিত নাও জব্দ কৰে আৰু বালিৰ খাচা সমূহ ধ্বংস কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বন সুৰক্ষা কৰ্মী অহাৰ উমান পাই বালি খনন কৰা চৰাং ব্যৱসায়ি সকলে পলাই সাৰে। সম্প্ৰতি চোৰাং সামগ্ৰী তথা চোৰাং বালি সৰবৰাহ কৰা ইঞ্জিন চালিত নাওখন বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত ৰখা হৈছে।  বন বিভাগৰ সফল অভিযানৰ বাবে সমাজ সচেতন ৰাইজে শলাগ লৈছে।

মাৰিয়া ৰেছা আৰু দিমিত্ৰী মুৰাটভ নামৰ দুজন সাংবাদিকে এই বছৰৰ শান্তিৰ নবেল বঁটা লাভ কৰিছে

ফিলিপাইনছৰ মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ দিমিত্রি মুৰাটভে ২০২১ চনৰ শান্তিৰ নবেল বঁটা লাভ কৰিছে । দুয়োজন পেছাত সাংবাদিক, ফিলিপাইনছ আৰু ৰাছিয়াত মত প্ৰকাশৰ স্বাধীনতাৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ বাবে প্ৰদান কৰা বঁটা। মাৰিয়া ৰেছা হৈছে ডিজিটেল মিডিয়া কোম্পানী ৰেপলাৰৰ সহ-প্ৰতিষ্ঠাপক, দিমিত্ৰী মুৰাটভ ৰাছিয়াৰ বাতৰি কাকত নোভাজা গাজেটাৰ অন্যতম প্ৰতিষ্ঠাপক। এই বছৰৰ শান্তিৰ নবেল বঁটা ফিলিপাইনছৰ মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ দিমিত্ৰী মুৰাটভক মত প্ৰকাশৰ স্বাধীনতাৰ যুঁজৰ বাবে ঘোষণা কৰা হৈছে। দুয়োজন পেছাত সাংবাদিক। এই সন্দৰ্ভত নবেল বঁটা ৰ টুইটাৰ হেণ্ডেলে এই কথা জনায়। এই বঁটা এনে এটা সংগঠন বা ব্যক্তিক প্ৰদান কৰা হয় যিয়ে ৰাষ্ট্ৰসমূহৰ মাজত ভাতৃত্ব বোধ আৰু ভাতৃত্ববোধ বঢ়াবলৈ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰিছে।নবেল কমিটিয়ে কৈছিল যে দুয়োজন সকলো সাংবাদিকৰ প্ৰতিনিধি যিয়ে এনে এখন পৃথিৱীত এই আদৰ্শৰ বাবে থিয় দিছে য’ত গণতন্ত্ৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ক্ৰমান্বয়ে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছে।