Home Blog Page 2799

মাখিবাহাৰ বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ পাঠকৰ দেহাৱসান

 নলবাৰী জিলাৰ  বৃহত্তৰ  মাখিবাহা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ পাঠকৰ পৰহি  মাখিবাহাৰ কুকুৰমাৰা  স্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত   মৃত্যু হোৱাত  সমগ্ৰ অঞ্চল টোতে গভীৰ শোকৰ ছা পৰে  । পাঠকৰ  মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজশ্ৰ গুণমুগ্ধই পুৱাৰে পৰা তেখেতৰ বাসভৱনত উপস্থিত হৈ নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰে  ।  ১৯৩১ চনৰ ৭ এপ্ৰিলত  মাখিবাহা গাঁওৰ কুকুৰমাৰা চুবুৰীত  জন্মগ্ৰহণ কৰা চণ্ডীচৰণ পাঠকৰ স্কুলীয়া শিক্ষাৰ বিশেষ ডিগ্ৰী নাছিল যদিও ১৫ বছৰ বয়সৰ পৰাই তেওঁ বিভিন্ন সামাজিক কামত ব্ৰতী হৈ পৰিছিল । কুকুৰমাৰা চুবা উন্নয়ন সমিতিৰ একেৰাহে ৬০ বছৰৰো অধিক কাল সভাপতিৰ দায়িত্ব পালন কৰা পাঠকে মিলন সংঘৰো বহু বছৰ সভাপতি আছিল । নলবাৰী জিলা কৃষক সভাৰ সভাপতিৰ পদ অলংকৃত কৰি ১৯৯৯ চনত “সেউজ কুমাৰ বঁটা ” লাভ কৰা পাঠকক ২০০৬ চনত মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে বয়োজ্যেষ্ঠ সমাজকৰ্মীৰ সন্মান প্ৰদান কৰিছিল । ২০১০ চনৰ ৩০ ডিচেম্বৰত সহোদৰৰ উদ্যোগত ডা: গিৰিশ চৌধুৰী সামাজিক ব্যক্তি বঁটা লাভ কৰা চণ্ডীচৰণ পাঠকক ২০১৫ চনৰ ১ অক্টোবৰত মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদে বয়োজ্যেষ্ঠ সমাজকৰ্মী হিচাপে  সম্বৰ্দ্ধনা জনাইছিল । মাখিবাহা হিন্দুশাস্ত্ৰ  অধ্যয়ণ সমন্বয় গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি পাঠকে বিজেপি দলৰো এজন জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল । এগৰাকী আদৰ্শ কৃষক পাঠকে ১৮ বছৰ বয়সৰ পৰাই বিভিন্ন মন্দিৰ, ৰাজহুৱা অনুষ্ঠান, ব্যক্তিগত অনুষ্ঠান আদিত ভাগৱত পাঠ কৰি সুনাম অৰ্জন কৰিছিল । মাখিবাহা আদৰ্শ চিকিৎসালয় স্থাপনৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগোৱা পাঠকে  গাঁও খন একতাৰ এনাজৰীৰে বান্ধি ৰখাত আগভাগ লৈছিল আৰু সফল হৈছিল  । মাখিবাহাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত পাঠকে  মৃত্যুৰ সময়ত দুই পুত্ৰ-বোৱাৰী, নাতি-নাতিনী সহ অজশ্ৰজনক ইহ সংসাৰত এৰি থৈ যায়  । তেখেতৰ মৃত্যুত  মাখিবাহা গ্ৰামোন্নয়ন সমিতি, মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদ,  মাখিবাহা হিন্দুশাস্ত্ৰ অধ্যয়ণ গোষ্ঠী,  মাখিবাহা ক্ৰীড়া সংঘ, মাখিবাহা ব্যৱসায়ী সন্থা, মাখিবাহা গাঁও পঞ্চায়ত,  মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থা, বিজেপিৰ টিহু মণ্ডল সমিতি, কুকুৰমাৰা চুপা উন্নয়ন সমিতি,  মিলন সংঘ,কুকুৰমাৰা মহিলা সমিতি   আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে পাঠকৰ  নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰে আৰু  এক শোক সমদল কৰি অন্তেষ্টিক্ৰীয়া সম্পন্ন কৰে । 

টিৰাপৰ পাহাৰপুৰত পকী দলং নিৰ্মাণত অনিয়ম সংঘটিত।

উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ পৰিৱৰ্তন হল, কিন্তু পৰিৱৰ্তন নহল একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া,অভিযন্তা আৰু ঠিকাদাৰৰ কৰ্মকাণ্ড। চৰকাৰে উন্নয়নৰ নামত আঁচনি প্ৰস্তুত কৰি পুঁজি আৱন্তন দিছে ঠিকেই কিন্তু সেই পুঁজি সঠিক ভাৱে ব্যৱহাৰ কৰা হৈছেনে নাই তাৰ কিন্তু কোনোধৰণৰ তদাৰক কৰা হোৱা নাই।এচাম দুৰ্নীতি গ্ৰস্থ বিষয়া,অভিযন্তা আৰু ঠিকাদাৰৰ হীন মানসিকতাৰে উন্নয়নৰ নামত কেৱল লুণ্ঠন কৰাহে দেখা গৈছে । এনে ধৰণৰ তথ্য পোহৰলৈ আহিছে মাৰ্ঘেৰিটা সমষ্টিৰ পাহাৰপূৰত নতুকৈ নিৰ্মাণ হোৱা এখন পকী দলঙৰ ক্ষেত্ৰত।এই পকী দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পাহাৰপুৰ বাসী ৰাইজে। পকী দলংখন নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহওঁতেই জহি-খহি গৈছে দলঙৰ কাষৰ অংশ । যি কোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাই চিন্তিত কৰি তুলিছে পাহাৰপুৰ বাসীক।উক্ত দলংখন নিৰ্মাণ কৰোঁতে দলংখনৰ দুয়োপাৰে গাৰ্ড ৱাল দিব লাগিছিল যদিও সেইয়া নিদিয়াৰ বাবে দলঙৰ দুয়োপাৰ খহি পৰা দেখা গৈছে। ইয়াৰোপৰি দলংখনৰ লগত সংলগ্ন পথটো নিৰ্মাণ কৰাৰ সময়ত পথটোত দিয়া শিল, মাটি ইত্যাদি সামগ্ৰী সমূহ তৰপে তৰপে ৰুলাৰ চলাব লাগিছিল কিন্তু তাকে নকৰি সামগ্ৰী সমূহ ওখকৈ পেলাই কেৱল ওপৰ ভাগত মাত্ৰ এবাৰ ৰুলাৰ চলাই পথটো নিৰ্মাণ কৰাত বৰ্তমান পথটোৰ কেইবা ঠাইতো বহল বহল ফাট মেলি ভাঙি যোৱা দেখা গৈছে। নাবাৰ্ডৰ অধীনৰ গ্রাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ ১ কোটি, ৪৮ লাখ , ৬৮ হেজাৰ টকা ব্যায়ৰে নিৰ্মাণ কৰা দলঙখনৰ এনে দুৰৱস্থাই সকলোকে আচৰিত কৰি তুলিছে।উল্লেখ যে উক্ত দলংখন নিৰ্মাণৰ নিবিদা লাভ কৰিছিল সুনীল চাহ নামৰ এজন ঠিকাদাৰে। ঠিকাদাৰ জনে এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত  দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।দলংখন নিৰ্মাণত নিয়োজিত থকা বিভাগীয় বিষয়া আৰু অভিযন্তা গৰাকীও ঠিকাদাৰ জনৰ লগত গোপন বুজা বুজিৰে ৰহস্য জনক ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে।দলংখন নিৰ্মাণৰ ক্ষেত্ৰত উত্থাপন হোৱা এনে অনিয়ম, দুৰ্নীতি আৰু কেলেংকাৰীৰ হবনে উচিত তদন্ত? নে বিভাগীয় ভাৱে গাপ দি ৰখা হব সকলো তথ্য? সময়েহে নিৰূপণ কৰিব কোন দিশে গতি কৰিব উত্থাপিত এই অভিযোগ। অনাগত দিনত সকলোৰে বাবে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হব এই অভিযোগ।

চৰাইদেউ জিলাত ৰাষ্ট্ৰীয় পোষণ মাহৰ বিশেষ কাৰ্যসূচী

চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত পোষণ মাহ-২০২১ ৰ লগত সংগতি ৰাখি আজি একেদিনাই ৬৬৮টা অংগনবাড়ী কেন্দ্ৰত কলপুলি ৰোপণৰ এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই উপলক্ষে সাপেখাতী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনৰ হৰিদেৱ চাৰ্কোলত আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে  কয় যে ,” কল আমাৰ শৰীৰৰ কাৰণে অতি দৰকাৰী । ই আমাৰ শৰীৰত যথেষ্ট পৰিমাণে পুষ্টিৰ যোগান ধৰে । গতিকে আমাৰ অংগনবাড়ী কেন্দ্ৰসমূহত কলপুলি ৰোপণ কৰি প্ৰতিগৰাকী কৰ্মীয়ে ইয়াৰ অন্তৰ্ভুক্ত শিশুসকলক বিতৰণ কৰিব লাগে । ” আজি কিছু সংখ্যক অংগনবাড়ী কেন্দ্ৰত কলপুলিৰ লগতে কিছু ফলমূল , শাক-পাচলি আৰু ঔষধি গছৰ পুলিও ৰোপণ কৰা হয়।   হৰিদেৱ গাওঁ পঞ্চায়তৰ সভানেত্ৰী উষাময়ী গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা আজিৰ এই বিশেষ সভাখনত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানৰ লগতে সাপেখাতী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) তথা ভাৰপ্ৰাপ্ত  চি.ডি.পি.অ. ৰাচিকা শ্যাম ,পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা ,মুখ্য সেৱিকাদ্বয় মনিলা ফুকন আৰু মৌচুমীৰেখা গগৈ, স্থানীয় গাওঁবুঢ়া তিলক কোঁৱৰ প্ৰমুখ্যে হৰিদেৱ চাৰ্কোলৰ অংগনবাড়ী কৰ্মী-সহায়িকা , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মচাৰী , আশাকৰ্মী  আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে। সভাৰ শেষত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু চি.ডি.পি.অ. ৰাচিকা শ্যামে সভাত উপস্থিত থকা তিনিগৰাকী গৰ্ভৱতী মাতৃক পঞ্চামৃত প্ৰদান কৰে ।

দুৰ্গা পূজা উপলক্ষে ধুবুৰীত পেলনীয়া প্লাষ্টিকৰ বটলৰ বিনিময়ত নতুন কাপোৰ বিতৰন ৷

ধুবুৰীত শাৰদীয় দূৰ্গা পূজা উপলক্ষ্যে কল্পজোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা পেলোনিয়া প্লাষ্টিকৰ বটলৰ বিনিময়ত অতি দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ মানুহক কাপোৰ বস্ত্ৰ বিতৰণ কৰে।মাত্ৰ দুটা বা তিনিটা প্লাষ্টিকৰ বটলৰ বিনিময়ত প্ৰায় ৫০ জনতকৈ অধিক পুৰুষ মহিলা আৰু শিশু সকলৰ মাজত কাপোৰ বস্ত্ৰ বিতৰণ কৰে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্য সূচি হাতত লৈ কল্পজ্যোতি ফাউণ্ডেশ্যনটোৱে কাম কৰি আহিছে যদিওঁ শাৰদীয় দূৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত পথৰ কাষত পৰি থকা পেলোনিয়া  প্লাষ্টিকৰ বটল বৰ্জ্জন কৰিবৰ বাবে তিনিদিনীয়া কাৰ্য্যসূচী হাতত ল’য়।
কল্পজ্যোতি ফাউণ্ডেশ্যনে জানিবলৈ দিয়া মতে পূজাৰ সময়ত বিভিন্ন স্থানত ৰাস্তাৰ কাষত প্লাষ্টিকৰ বস্তু পৰি থকা দেখিবলৈ পোৱা যায়।
ধুবুৰীৰ সকলো ৰাইজক  ডাষ্টবিন ব্যাৱহাৰ কৰিবলৈ আহ্বান জনায় আৰু পৰিষ্কাৰ পৰিছিন্নতা বজাই ৰাখি প্ৰদূষণ মুক্ত অসম তথা ধুবুৰী গঢ়িবলৈ আহ্বান জনাই ৰাইজকো৷ 

লাহৰীঘাটৰ ৰজাগাধোৱা গাৱৰ এগৰাকী পেৰালাইচ ৰোগীৰ চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ আবেদন

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্থ  ৰজাগাধোৱা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ চাৰি জনীয়া পৰিয়ালৰ মুৰব্বী গিয়াছ উদ্দিনৰ পেৰালাইচষ্টক আৰু কিডনি ডেমেজ  বেমাৰত  আৰ্থিকৰ অভাৱত চিকিৎসাৰ বাবে শয্যাগত ৷ বিগত প্ৰায় ১ মাহ আগত গুৱাহাটী GNRC  ত আনুমানিক তিনি লাখ ৫০ হাজাৰ টকা খৰচ কৰি অপাৰেশন কৰোৱা হয় যদিও  সম্পূর্ণ চিকিৎসা নোহোৱাত সুস্থ হব পৰা নাই। যাৰ ফলত  বৰ্তমান ঘৰতে শয্যাশায়ী হৈ যন্ত্রণাত ভুগি আছে। পুনৰায় GNRC ত  চিকিৎসাৰ বাবে এসপ্তাহৰ বাবে ভৰ্তি হব লাগে বুলি জনাইছে পৰিয়ালৰ লোকে। বেমাৰত ভুগি থকা গিয়াছ উদ্দিনৰ পত্নী ৰাহিমা খাতুনে জনোৱা মতে বৰ্তমান চিকিৎসাৰ বাবদ আনুমানিক ৬০ হাজাৰ টকাৰ দৰকাৰ। মাত্র ভেটি মাটি থকা আৰু চাৰি জনীয়া সদস্যৰ পৰিয়ালৰ ভৰন পোষণৰ লগতে জীৱিকা অৰ্জনৰ কৰাৰ দায়িত্ব একমাত্র গিয়াছ উদ্দিনেই। যি জন বৰ্তমান শয্যাগত। অনুভব কৰিব পাৰে কেনে অৱস্থাত দিন কটাই।   উল্লেখ্য যে ইতিমধ্যে হৈ যোৱা চিকিৎসাৰ বাবদ  হোৱা মুঠ খৰচত BPL কাৰ্ডৰ জৰিয়তে “অটল অমৃত যোজনাৰ অধীনত ১ লাখ ৭০ হাজাৰ টকাৰ সাহায্য চৰকাৰৰ পৰা লাভ কৰা বুলিও জনাইছে, বাকি টকাখিনি পৰিয়ালৰ লোকে আৰু স্হানীয় ৰাইজে সহায় কৰে বুলিও স্বীকাৰ কৰে। সম্প্রতি পৰিয়ালটি আৰ্থিক দূৰৱস্হাত এফালে খাদ্যৰ অভাব আনফালে চিকিৎসাৰ বাবে টকাৰ অভাৱত চকুত সৰিয়হৰ ফুল দেখিছে। সেয়ে দৰিদ্ৰ পৰিয়ালটিয়ে চৰকাৰ তথা ৰাইজৰ ওচৰত আৰ্থিক সহায়ৰ আবেদন জনাইছে। সহায় কৰিবৰ বাবে Rahima Khatun, A/C no 34673944372, State Bank of India, IFSC Code SBIN0006309, নম্বৰত সাহায্য পঠিয়াবলৈ অনুৰোধ জনাইছে। পোনপটীয়া যোগাযোগ কৰিবলৈ 8812869379 মোবাইল নম্বৰত কল কৰিব পাৰে। আপোনাৰ কিঞ্চিত সহায়েৰে এজন ব্যক্তিৰ নতুন জীবন লাভ আৰু এটা পৰিয়ালৰ সুন্দৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। 

ঐতিহ্য মণ্ডিত দিকৰাই চাহ বাগিচাৰ দূৰ্গোৎসৱৰ পূৰ্ণ প্ৰস্তুতি

বিশ্বনাথ জিলাৰ চতিয়াৰ বৃহৎৰ দিকৰাই চাহ বাগিচাৰ ঐতিহ্য মণ্ডিত দূৰ্গাপূজা ক’ভিড নীতি-নিৰ্দেশনাৰ মাজতে পালন কৰিবলৈ চলাইছে পূৰ্ণ প্ৰস্তুতি। শেহতীয়াকৈ অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ অন্যতম উল্লেখযোগ্য ঠাই ইটাখোলাৰ দিকৰাইত অনুষ্ঠিত হব দূৰ্গোৎসৱ। সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা দিকৰাই চাহ বাগিচাৰ কেন্দ্ৰীয় দূৰ্গা পূজাভাগ আড়ম্বপূৰ্ণ ভাবে অনুষ্ঠিত হোৱাৰ বিপৰীতে কোনোধৰণৰ দোকান পোহাৰ লগা নহয় বুলি জানিব পৰা গৈছে । বছৰ বছৰ ধৰি ইটাখোলাৰ দিকৰাইৰ দূৰ্গাপূজাৰ ষষ্ঠিৰ দিন ধৰি পূজাভাগত অঞ্চলজুৰি এক আনন্দ-উল্লাসৰ পৰিৱেশ বিৰাজ কৰাৰ বিপৰীতে যোৱা মহালয়াৰ দিন ধৰি মাংগলিক পৰ্বও আনুষ্ঠানিক ভাবে সম্পন্ন হৈ যোৱাৰ পিচতো তেনে কোনো পুৰ্ব্বৰ উচ্চাহ পূৰ্ণ পৰিৱেশ পৰিলক্ষিত হোৱা নাই। যোৱাটো বৰ্ষৰ লগতে সাম্প্ৰতিক কভি’ড-১৯ ৰ মহামাৰীৰ ৰূপধাৰনে এক অনিশ্চিয়তাৰ মাজত পূজা ভাগ উদ্যোক্তাই আয়োজন কৰিছে যদিও সম্পূৰ্ণ স্বাস্থ্য বিধিৰ মাজেৰে চৰকাৰী নীতি-নিৰ্দ্দেশনাৰ মাজেৰে পূজা ভাগৰ ব্যৱস্থা কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে। কেৱল পূজাভাগ আনুষ্ঠানিক ভাবে পালনৰ আয়োজনেৰে অনুষ্ঠিত পূজা মণ্ডপৰ আশে-পাশে নাই কোনো দোকান-পোহাৰ নাই শিশুসকলৰ মনোৰঞ্জণৰ সামগ্ৰী পুতলা-বেলুনৰ দোকানৰ আয়োজন। পূজা মণ্ডপৰ কাষে-কাষে পূজা আয়োজকে আৰি থোৱাৰ ব্যৱস্থা “বিনা মাস্ক পৰিধানত প্ৰৱেশ নিশেধ,সামাজিক দূৰত্ব ৰক্ষা কৰক,হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক” আদিৰ ফলক। ইয়াৰ উপৰিও পূজা মণ্ডপটি আটকধুনীয়াকৈ আহল-বহলকৈ প্ৰস্তুত কৰি দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ পথ এটা আৰু প্ৰস্থানৰ পথ সুকীয়াকৈ সাজু কৰাৰত ক্ষিপ্ৰ গতিত ব্যস্ত  হৈছে বুলি কোৱাৰ লগতে ঐতিহ্যমণ্ডিত দিকৰাই দূৰ্গোৎসৱটিত পূৰ্ব্বৰ দৰে অঞ্চলটিৰ অগণণ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হোবাৰ আশংকা কৰি এইবেলি পূজাস্থলীলৈ আহিলে চৰকাৰী নিৰ্দেশনা অনুসৰি ভক্তসকল অতিকৈ হলেও প্ৰথম পালি ক’ভিড ভেকচিন লোৱাটো নিশ্চিত্ত কৰিবলৈ আহ্বনান জনাইছে উদযাপন সমিতিৰ উপ-সভাপতি সুৰেশ তাঁ‌তী আৰু সহকাৰী সম্পাদক গোপাল চৱৰে। উল্লেখ্য যে জিলাখনৰ দিকৰাই দূৰ্গাপূজাৰ আনন্দ উৎসৱৰ স্মৃতি ৰোমন্থন কৰি আহিছে যদিও পূৰ্ব্বৰ দৰে এইবাৰো নাই তেনে কোনো ৰোমন্থনৰ পৰিৱেশ। কিয়নো এই বেলি দিকৰাই দূৰ্গোৎসৱত বিগত বৰ্ষৰ দৰে আনন্দ মেলা অথবা পূজা থলীৰ চৌপাশে নাই কোনো ধৰনৰ ব্যৱসায়ী-বাণিজ্যৰ দোকান-পোহাৰৰ ব্যৱস্থা। একেদৰে বিজয়া দশমীৰ দিনা আড়ম্বপূৰ্ণ ভাবে বিসৰ্জনৰ পৰিবৰ্তে দিকৰাই দূৰ্গা পূজা আয়োজক সমিতিয়ে অনুষ্টুপীয়াকৈ দিকৰাই নৈত বিসৰ্জনৰ ব্যৱস্থা কৰাৰ কথা। অৱশ্যে বিসৰ্জনৰ বাবে যোৱা ক’ভিড পৰিস্থিতিত বহু ভক্ত প্ৰাণ ৰাইজ সমবেত হোৱা পৰিলক্ষিত হৈছিল যদিও এই বেলি তেনে কোনো ৰাইজৰ বিশেষ সমাগম নকৰে বুলি মন্তব্য কৰিছে পূজা উদযাপন সমিতিৰ সভাপতি বিজেন্দ্ৰ তচা আৰু যুটীয়া সম্পাদক আনন্দ তচাই।

বিবাহ সম্পন্ন কৰি লক্ষীপুৰত জেল হাজোতত কাজি

  গোৱালপাৰা জিলাৰ লক্ষীপুৰত বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইতিমধ্যে লক্ষীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভীম কান্ত পেগুয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই বাল্য বিবাহ সম্পন্ন কৰা ছৰিফুল ইছলাম নামৰ কাজি এগৰাকীক গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে । ধৃত অভিযুক্ত কাজি গৰাকীৰ ঘৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গাৰোজান গাওঁৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে গোসাই ডুবি গাওঁৰ সোতৰ বছৰ সাত মাহ বয়সৰ কিশোৰ এগৰাকীৰ সৈতে চিমলা বাৰী গাওঁৰ ষোল বছৰ  সাত মাহ বয়সৰ এজনী কিশোৰীৰ সৈতে উল্লিখিত কাজি গৰাকীয়ে বিবাহ সম্পন্ন কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । কাজি গৰাকীৰয়ে এনেদৰে আৰু সাত খন কৈ বাল্য বিবাহ সম্পন্ন কৰা তথ্য লাভ কৰিছে লক্ষীপুৰ আৰক্ষীয়ে । উল্লেখযোগ্য যে সম্প্রতি একাংশ কাজিয়ে  এনে কিশোৰ কিশোৰীৰ বিবাহ সম্পন্নৰ বাবে  দুয়ো পক্ষক ন’টাৰি যোগে  এগ্ৰিমেন্ট কৰি আহিছে বুলি জানিব পৰা গৈছে । চৰকাৰ তথা প্ৰশাসনে বাল্য বিবাহৰ বিৰুদ্ধে তৎপৰ হৈ থকাৰ সময়তো  একাংশ কাজিয়ে যে গোপনে আৰু  অতি কৌশলেৰে বাল্য বিবাহ সম্পন্ন কৰি আহিছে উল্লিখিত  বাল্য বিবাহ সম্পন্নৰ ঘটনাই নিশ্চয় তাকেই প্ৰমান কৰিছে । অকল এই গৰাকীৰয়েই নহয় আৰক্ষীয়ে তদন্ত কৰিলে  আৰু বহু বাল্য বিবাহ সম্পন্ন কৰা কাজি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

চাবুৱা-ত্ৰিনয়নজ্যোতিৰ খেলপথাৰত প্ৰথমটো জ’নৰ প্ৰশিক্ষণ শিবিৰ উদ্বোধন

গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীসমূহক ক্ৰীড়াকে ধৰি অন্যান্য  ক্ষেত্ৰত দীৰ্ঘ দিনৰে পৰা জনপ্ৰিয় প্ৰতিষ্ঠান উজনিৰ অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে  সহায়-সহযোগিতা কৰি আহিছে। এইবাৰ অগ্ৰণী প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে নিজাববীয়াকৈ পৰিকল্পিত ভাবে গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীসমূহক ক্ৰীড়াৰ অন্তৰ্গত ফুটবলৰ ক্ষেত্ৰখনত  এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে । অইল ইণ্ডিয়া লিমিটেডে ‘ অইল লক্ষ্যঃ ফুটবলৰ উন্নতি আৰু সংযোগ (Football promoted and communicate) নামৰ এখন অভিলাষী আঁচনিৰ আধাৰত   চাবুৱাকে ধৰি মুঠ পাঁচটা স্থানত ( জ’ন ) ১৩  আৰু ১৫ বছৰ অনুৰ্ধ্বৰ  ল’ৰা-ছোৱালী উভয়কে উপযুক্ত প্ৰশিক্ষকৰ যোগেদি একোজন পৈণত ফুটবল খেলুৱৈ ৰূপে নিৰ্মাণৰ লক্ষ্য বান্ধি লৈছে। এই আচঁনিৰ অধীনত প্ৰথমটো প্ৰশিক্ষণ শিবিৰ  আজি শুভাৰম্ভ হয় চাবুৱাৰ অন্যতম অনুষ্ঠান ত্ৰিনয়নজ্যোতি সংঘৰ খেল পথাৰত। চাবুৱা ইউনাইটেড ফুটবল ক্লাবৰ উদ্যোগত হ’বলগীয়া উক্ত জ’নৰ শিবিৰ উদ্বোধনী অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া প্ৰাঞ্জল নেওগ, সুদীপ্তা মহন্ত, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱা, চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতি তথা যুৱ নেতা মৃদুল ৰাজখোৱা, প্ৰসিদ্ধ ফুটবল খেলুৱৈ তথা ফুটবল প্ৰশিক্ষক তচেন বৰা, প্ৰাক্তন ফুটবল খেলুৱৈ স্বাধীন ডেকাৰজা, ফণীধৰ গগৈ, অসম ফুটবল সন্থাৰ উপ সভাপতি ৰমেশ ফুকন, ক্ৰীড়া সাংবাদিক তথা  ফুটবল ৰেফাৰী শশীন্দ্ৰলাল ভূঞাকে ধৰি বহু গন্যমান্য লোক উপস্থিত থাকে। উল্লেখ্য যে ক্ৰীড়া সংগঠক দিলীপ বড়া আৰু সিমান্ত বড়াই আঁতধৰা প্ৰথমটো জ’নৰ প্ৰশিক্ষণ শিবিৰত ইউনাইটেড এফ চিৰ ১২০ গৰাকী আৰু অন্যান্য ক্লাবৰ পৰা অহা ৮০ জন সৰ্বমুঠ ২০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।  অন্যহাতে চাবুৱা মণ্ডলত প্ৰশিক্ষক ভাস্কৰ গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে কমুৱাহাটত জূলেন চাব্ৰাই, কৰৎ জঙ্গলত মামু চাউদাঙে, ৰহমৰীয়াত ইন্দ্ৰজিৎ চেতিয়াই আৰু দেওহাল- হাতীমৰাত মনোজ ৰাজপুতে প্ৰশিক্ষণ প্ৰদান কৰিব। অতি সোনকালেই অন্যান্য স্থানকেইটাত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। 

বিদ্যালয় সমুহৰ সন্মুখতে মাজবাটৰ বাপুজী প্ৰাংগনত প্ৰস্তুতি চলিছে মিনাবজাৰ,আনন্দবজাৰ মেলাৰ ।

 দেশজুৰি কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ পিছত আগন্তুক দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই  তথা বিদ্যালয় সমুহৰ মিনাবজাৰ,আনন্দ বজাৰ  পাতি এক ভয়াবহ পৰিস্হিতি উদ্ভৱ কৰাৰ চেষ্টা কৰিছে মাজবাটৰ একাংশই । যাক লৈ চিন্তিত হৈছে সমগ্ৰ মাজবাট অঞ্চলৰ সচেতন মহলক । উল্লেখযোগ্য যে যিসময়ত চৰকাৰে ৰাজ্যৰ সকলো দুৰ্গা পূজা কমিটিক নীতি নিৰ্দেশনা বান্ধি দিয়াৰ সময়ত মাজবাটৰ উক্ত স্থানত  মিনা বজাৰ,আনন্দ মেলা পাতিবলৈ লোৱা ঘটনাটোৱে সচেতন মহলৰ চকু কপালত তুলিছে । লগতে মাজবাট আৰক্ষীৰ নীৰৱ ভূমিকাক লৈ চিন্তিত হৈছে সচেতন মহল । উল্লেখযোগ্য যে যিখন স্থানত উক্ত মিনাবজাৰ পাতিবলৈ দ্ৰুত গতিত কাম চলি আছে তাৰে ১০০ মিটাৰৰ ভিতৰত চাৰিখনকৈ বিদ্যালয় অৱস্থিত আছে । আৰু ইয়াৰে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰ তাৰিখতো পাঠ দান চলি আছে । দৈনিক ছাত্ৰ ছাত্ৰীয়ে পাঠ দান কৰি থকা অৱস্থাত এইধৰণৰ প্ৰস্তুতিয়ে মাজবাটৰ সচেতন মহলক লজ্জিত কৰিছে । আৰু এই কৰোণা কালত মিনাবজাৰ পাতি  মানুহৰ জীৱনৰ প্ৰতি খেলা কৰা সকলক ওদালগুৰি জিলা আৰু মাজবাট প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হৈ পৰিছে । আনহাতে  এই মিনা বজাৰৰ মুকলি ভাবেই  জুৱা আদি  চলাৰ আকাঙক্ষা  প্ৰকাশ  কৰিছে মাজবাট  সচেতন  নাগৰিক সকলে ৷

ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সতে আলোচনাত মিলিত হৈছে ওৰাংৰ পূজা পৰিচালনা সমিতি ।

সমগ্ৰ দেশক কৰোণা মহামাৰীৰ আতংকৰ পৰা দেশৰ সৰ্বসাধাৰণ ৰাইজে কিছু সকাহ পোৱাৰ সময়ত সন্মুখত আহি পাইছেহি শ্ৰী শ্ৰী দুৰ্গা মাৰ মহাউৎসব । দুৰ্গাপূজালৈ মাত্ৰ চাৰিদিন থকাৰ সময়তে ওৰাং অঞ্চলৰ দুৰ্গাপূজা উদযাপন সমিতি সমূহে ব্যাপক প্ৰস্তুতি চলাইছে। অৱশ্যে এইবাৰ সকলো পূজা কমিটিয়ে চৰকাৰী নীতি নিৰ্দেশনা মানি পূজা উদযাপন কৰিব ।সৰ্বসাধাৰণ ৰাইজে দুবছৰে পূজা উদযাপন কৰাৰ পৰা বিৰত থাকিব লগীয়া হোৱাৰ পিছত এইবাৰ আগৰ তুলনাত কিছু  সকাহ পোৱাত হেতুকে  ভক্ত বৃন্দৰ  মাজত উৎসাহ উদ্দীপনা ,আনন্দ উল্লাহৰ পৰিবেশ পৰিলক্ষিত হৈছে । ওৰাং ৰাজহুৱা দুৰ্গাপূজা উদযাপন সমিতি, চমুৱাগাঁও ,পশ্ছিম চমুৱাগাঁও,গৰুবান্ধা, ওৰাং সপ্তাহিক বজাৰ , ওৰাং বাগান  ৰৌমাৰী,নিছিলামাৰী,গেলাবিল, পাউৰীপোটা , লক্ষ্মী মন্দিৰ দুৰ্গা পূজা , লগতে ওৰাং অঞ্চলৰ  ১৯ খনকৈ পূজা সমিতিয়ে গ্ৰ্হন কৰিছে তেওঁ লোকৰ কাৰ্যপন্থা। ওৰাং চাৰিআলি মিলনজ্যোতি সংঘদুৰ্গাপূজা উদযাপন সমিতিৰ সভাপতি  জনাইছে-দুবছৰ ধৰি কমিব মহামাৰীৰ বাবে দুৰ্গাপূজা পাতিব পৰা নাছিলো্।এইবাৰ চৰকাৰে কমিব নীতি নিয়ম মানি পূজা পাতিবলৈ অনুমতি দিছে। সেইয়ে আমি কমিব নীতি মানি পূজা পাতিবলৈ সাজু হৈছো। সকলো সেচ্ছাসেৱক সকল সাজু হৈ উঠিছে। নৱৰাত্ৰি দিনৰ পৰাই আমাৰ পূজাৰ আনুষ্ঠানিকতা উদ্বোধন হৈছে। ইতিমধ্যে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়াংকুৰ হাজৰিকা , মাজবাটৰ চক্ৰ বিষয়া উৎপল ডেকা  সৈতে পূজা সমিতিৰ ইতিমধ্যে আলোচনা পৰ্য্যালোচনা হৈছে বুলি জানিবলৈ দিয়ে  ৷