পৰম্পৰাগত প্ৰযুক্তিয়ে আমাৰ স্বাস্হ্য, প্ৰকৃতি আৰু অৰ্থনীতিক বিভিন্ন দিশৰ পৰা সুৰক্ষা দিয়াৰ লগতে আমাৰ সংস্কৃতিকো সমৃদ্ধি কৰিছে। সম্প্ৰতি বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বহুখিনি উত্তৰণ ঘটিছে , ই ভাল কথা ৷ বিজ্ঞান প্ৰযুক্তি আমাক লাগিব, সেইবুলি আমি আমাৰ গ্ৰামাঞ্চলৰ জনসাধাৰণে উদ্ভাৱন কৰা বিভিন্ন ধৰণৰ পৰম্পাৰাগত পযুক্তিৰ কথা পাহৰিপেলোৱাটো ভাল কথা নহব ৷ কিন্তু সময়ৰ সোঁতত বিভিন্ন কাৰণত এনেবোৰ বহু প্ৰযুক্তিৰ ব্যৱহাৰ নোহোৱা হোৱাৰ লগতে কিছুমান পৰম্পৰাগত সা -সামগ্ৰী লুপ্ত হোৱাৰ উপক্ৰম হৈছে ৷ ই আমাৰ বাবে শুভ লক্ষণ নহয় ৷ অতিত ঐতিহ্য পাহৰিলে এটা জাতি ভালদৰে জীয়াই নাথাকে ” ৷ এই মন্তব্য অসম বিজ্ঞান সমিতিৰ প্ৰক্তণ সভাপতি ড° অৱনী কুমাৰ ভাগৱতীৰ ৷ কালি পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰ ককয়াত অসম বিজ্ঞান সমিতৰ ককয়া শাখাত পৰম্পৰাগত জ্ঞান আৰু কৌশল সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানত উপস্হিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে এনেদৰে কয় ৷ অসম বিজ্ঞান সমিতি, ককয়া শাখাৰ সভাপতি বিচিত্ৰ কুমাৰ মজুমদাৰৰ সভাপতিত্বত দুপৰীয়া অনুষ্ঠিত সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভাপতি ড°ধীৰেশ্বৰ কলিতাই নতুন সংগ্ৰহলয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ সভাত অসম বিজ্ঞান সমিতিৰ সচিব প্ৰধান ড° জগদী চন্দ্ৰ ৰায় চৌধুৰী, অসম বিজ্ঞান সমিতিৰ উপ সভাপতি লাৱন্য লাহন চুতীয়া, কৃষি বিজ্ঞানী ড° মৃণাল বৰ্মন উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত লোক শিল্পী ৰামচৰণ ভড়ালী(নাগাৰা নামৰ পাঠক); প্ৰতাপ বেজবৰুৱা( জাগাৰাৰ ভাওৰীয়া শিল্পী); বড়ো লোক শিল্পী ৰমেশ ৰামচিয়াৰী ; পুতলা নাচৰ শিল্পী অজয় শৰ্মা ; সৰ্থেবাৰীৰ কহাৰ শিল্পী খৰ্গেশ্বৰ ডেকা; নাগাৰা নামৰ পাঠক পঙ্কজ তালুকদাৰক সম্বৰ্ধনা জনোৱা হয় ৷ সংগ্ৰহালয় উদ্বোধনী উপলক্ষে গ্ৰাম্য কৌশলৰ পৰাম্পৰাগত সা সামগ্ৰী- সঁজুলিৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰে উদ্যোগক্তা সকলে ৷ কলগছৰ খুটা আৰু কলপাতৰ চামিয়ানাৰ তলত পুৰনি দিনৰ ডে লাইট; হেচাক লাইট, হাটলেম্প; ঢেকী; লুৰি; কাপোৰ থোৱা জাপা; মাটিৰ হাৰি; জুমুঠি; হাতশাল; পুৰণি শালৰ বিভিন্ন সা সজুলি; যাত্ৰা পাৰ্টিৰ পোচাক; সৰ্থেবাৰী কাহৰ বিভিন্ন বাচন; খেতিৰ বিভিন্ন পুৰণি সজুলি; কইনা নিয়া দ’লা; মাছ মৰা বিভিন্ন সজুলি ; কাঠৰ তেলপেৰাৰ লগতে বিভিন্ন পৰম্পাৰাগত গ্ৰাম্য কৌশল প্ৰদৰ্শন কৰা হয় ৷ নৰেন্দ্ৰ কুমাৰ ভাগৱতীয়ে আত ধৰা অনুষ্ঠানৰ ভাষণৰ মাজে মাজে কামৰূপীয়া ঢুলীয়া শিল্পীৰ দলে ঢোল- কালি বদন ; ৰমেশ ৰামচিয়াৰীৰ দলে বড়ো গীত; নাগাৰানামৰ বিশিষ্ট পাঠক ৰামচৰণ ভৰালীয়ে নাগাৰা নামৰ কিয়দাংশ পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে ৷ উল্লেখ্য যে অসম বিজ্ঞান সমিতিৰ ককয়া শাখাৰ সম্পাদক প্ৰফুল্ল বৰ্মনৰ বাসগৃহৰ পাছ ফালৰ উদ্যান শষ্যৰ বাৰিখনত স্হাপন কৰা হৈছে পৰাম্পৰাগত জ্ঞান আৰু গ্ৰাম্য কৌশল সংগ্ৰহালয়টো ৷ অনুষ্ঠানত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও স্হানীয় শতাধিক ৰাইজৰ লগতে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলো উপস্থিত আছিল ৷
লামডিং আৰক্ষীৰ জালত কুখ্যাত তীৰ জুৱাৰী আটক।
অসাধু ব্যৱসায়ি যদি ডালে ডালে লামডিং আৰক্ষী ও পাতে পাতে।মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা হুংকাৰ দিয়াৰ পিছতেওঁ গা লৰা নাই একাংশ অসাধু দুস্কৃতিকাৰী ব্যৱসায়িৰ। লামডিংত একাংশ ব্যৱসায়ী অবৈধ ভাবে চলাই আ্ছে তীৰৰ ৰমৰমীয়া বেহা।হোজাই জিলাৰ অন্তৰ্গত লামডিং আৰক্ষীৰ বৃহত সফলতা বুধবাৰ দুপৰীয়াৰ ভাগত লামডিং চহৰৰ মাজমজিয়াত আৰক্ষীৰ এটা দলে মোবাইল চেকিঙ কৰাৰ সময়ত এজন ঘৰি দোকানীক তীৰৰ টিকট বিক্ৰী কৰা দেখা পোৱাৰ সময়ত লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন কুমাৰ শর্মায়ে তীৰ বিক্ৰী কৰা জুৱাৰীক আটক কৰি লামডিং আৰক্ষী চকীত লৈ যায়। আৰক্ষীযে নিজৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে আন কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
মৰিগাঁৱৰ পবিতৰাহাটত আৰক্ষীসকলৰ মাজত জিলা স্বাস্থ্য বিভাগৰ মানসিক স্বাস্থ্যৰ সজাগতা সভা
যোৱা কালি মৰিগাঁৱৰ পবিতৰা হাটত আৰক্ষী সকলক লই মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰা অনুস্থানত জিলাখনৰ প্ৰায় দেৰ শতাধিক আৰক্ষী উপস্থিত থাকে।বিশ্ব মানসিক স্বাস্থ্য সপ্তাহৰ লগত ৰাখি মৰিগাঁও জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে পবিতৰাহাটত প্ৰশিক্ষণ অনুস্থানটোত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নাটৰাজন,লগতে জিলাখনৰ আৰক্ষী সকল উপস্থিত থাকে।
ওদালগুৰি,ৰৌতা,মাজবাট,ওৰাঙত নাই দুৰ্গা পূজাৰ উৎসাহ: মৃৎশিল্পী সকলক সাহাৰ্য প্ৰদান কৰাত অৱহেলা চৰকাৰৰ
দুৰ্গাপূজা যদিও এতিয়ালৈকে মৎশিল্পী সকলৰ আগৰদৰে নাই কোনো উৎসাহ উদ্দীপনা।ক’ৰোনা মহামাৰীয়ে দুবছৰ ধৰি জুৰুলা কৰি আৰ্থিকভাৱে দূৰ্বল কৰি তুলিছে।য’ত চৰকাৰে এতিয়ালৈকে মৃৎশিল্পীৰ প্ৰতি কোনো আঁচনি গ্ৰহন কৰা নাই এই ক্ষোভ মৃৎ শিল্পী সকলৰ।
এই সন্দৰ্ভত ওদালগুৰি চহৰৰ অৰ্পিতা শিল্পালয়ৰ মৃৎশিল্পী গোপাল সাহাই আক্ষেপ প্ৰকাশ কৰি কয়- কডিভ’১৯ৰ সময়ৰ পৰাই আমি মৃৎশিল্পী সকল ক্ষতিগ্ৰস্ত হৈ পৰিছো।বিশ্বকৰ্মা পূজা আদিকে ধৰি আন পূজা সমূহত প্ৰায় ২০/৩০ তকৈও অধিক মূৰ্ত্তিৰ অৰ্ডাৰ লাভ কৰো যদিও এতিয়ালৈকে দুৰ্গা পূজাৰ মূৰ্ত্তিৰ বাবে মাত্ৰ ৬ টাৰহে অৰ্ডাৰ লাভ কৰিছো।মই ৭০দকৰ পৰাই ওদালগুৰি চহৰৰ বিভিন্ন প্ৰান্তৰ লক্ষী পূজা,স্বৰসতী পূজাকালি পূজা, বিশ্বকৰ্মা আদিকে ধৰি বিভিন্ন পূজাৰ মূৰ্ত্তি নিৰ্মাণ কৰি পৰিয়াল ভৰণ পোষন দি আহিছো যদিও এতিয়া সেই দিন নাই আৰু কৰুণা মহামাৰীৰ বাবে ব্যৱসায়ীও কমি গৈছে।।আনহাতে সকলো বয় বস্ত আদিৰ মূল্য বৃদ্ধিৰ ফলত পৰিয়াল চলোৱাত কষ্টকৰ হৈ পৰিছে।সেয়ে চৰকাৰে মৃৎশিল্পী সকলৰ জীৱন ধাৰণৰ কথা চিন্তা কৰি সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি বাৰে বাৰে কৈ অহাৰ পিছতো কোনো গুৰুত্ব নিদিয়া কাৰ্যই মৃৎ শিল্পী সকলক অৱহেলাত কৰাহে দেখা গৈছে।সেয়ে জিলাখনৰ ৰৌতা,ওৰাং,মাজবাটৰ চৰকাৰে মৃৎ শিল্পী সকলক আৰ্থিক সহায় আগবঢ়োবলৈ শিল্পী সকলে চৰকাৰক আহ্বান জনাইছে ৷
বঙাইগাঁৱত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দ্বাৰা বান ক্ষতিগ্ৰস্ত মহিলা হিতাধিকাৰীক সামগ্ৰী বিতৰণ
বঙাইগাঁও জিলাত চলিত বৰ্ষত বানপানী কম হ’লেও কিছুমান অঞ্চলত বহু লোক বানত ক্ষতিগ্ৰস্ত হৈছে। এনে বানত ক্ষতিগ্ৰস্ত মহিলাক বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ( এন ডি আৰ এফ) ৰ তৰফৰ পৰা মহিলাক দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰগান কৰে ৷ এই উপলক্ষে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষতা বঙাইগাঁও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ উদ্যোগত অনুষ্ঠিত সভাত কেন্দ্ৰীয়ভাৱে সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ ২০ গৰাকী মহিলাক এই প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰা হয়। উল্লখ্য যে জিলাখনৰ ২০০ গৰাকী হিতাধিকাৰীক এই প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা দিয়াৰ বাবে বাচনি কৰা হৈছে। সভাত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই এই বছৰৰ বানত জিলাখনত হোৱা ক্ষয়-ক্ষতিৰ এক চমু আভাস দাঙি ধৰে। তেওঁ দিয়া তথ্যমতে জিলাখনত বইটামাৰী,সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৬৭খন গাঁৱৰ ৬৪,২২৬ গৰাকী লোক বানাক্ৰান্ত হৈছিল।

জিলাখনৰ ২২৯ খন গাঁৱৰ ১৪১২.৬৮ হেক্টৰ খেতিপথাৰ বানত ক্ষতিগ্ৰস্ত হৈছিল আৰু ২৮খন গাঁও গৰাখহনীয়াৰ কবলত পৰিছিল।জিলাখনত ৭ টা আশ্ৰয় শিবিৰ,৭০ টা ৰিলিফ বিতৰণ কেন্দ্ৰ আৰু ৬ টা অস্থায়ী আশ্ৰয়স্থল স্থাপন কৰা হৈছিল।বানাক্ৰান্ত ৬৭৮ গৰাকী লোকে আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছিল।কিন্তু সুখৰ কথা যে বঙাইগাঁও জিলাৰ কোনো লোকে বানত প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই আৰু কোনো পশুও নিধন হোৱা নাই। মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ২৫৯ টা গৃহ ক্ষতিগ্ৰস্ত হৈছিল। বানাক্ৰান্ত লোকক উদ্ধাৰ কৰিবলৈ ১৩ খন নাও ব্যৱহাৰ কৰা হৈছিল। বানৰ কৱলত সৃজনগ্ৰাম চক্ৰৰ অধীনৰ ৯ টা আৰু বঙাইগাঁও ৰাজহ চক্ৰৰ ১ টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছিল ৷ ১৩৮ টা পথ, ১৪খন দলং, ১৮১ টা মীনমহল, জলসম্পদ বিভাগৰ প্ৰতিৰোধী বান্ধ ২ টা, ১৪ খন প্ৰাথমিক বিদ্যালয়, ৩ টা অংগনৱাডী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ উপৰিও ২৮ খন গাঁও খহনীয়াত ক্ষতিগ্ৰস্ত হৈছিল। বানাক্ৰান্ত তিনিওটা ৰাজহ চক্ৰৰ মুঠ ৭৬৪ গৰাকী লোকক নাওৰে উদ্ধাৰ কৰা হৈছিল । উদ্ধাৰ কাৰ্যত জিলাখনৰ স্থানীয় প্ৰশাসনক ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে সহায় কৰিছিল আৰু ১৬৬ টা পশু বানৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ বানাক্ৰান্ত আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকৰ মাজত জিলা প্ৰশাসনৰ তৰফৰ পৰা মুঠ ১৬১৭.৮৯৬ কুইন্টল চাউল, ৩০৩.৮০৩ কুইন্টল দাইল, ৫৫.৩৩৭০ কুইন্টল নিমখ, ৪১৮৬.১৩৪৯ লিটাৰ মিঠাতেল, চিৰা,গুড়, আৰু ২০০৩.৩২ কুইন্টল গোমৰ ভুচি পশুখাদ্য হিচাপে দিয়া হৈছিল। ইয়াৰ উপৰিও টিৰ্পাল, বিস্কুট,আমূল গাখীৰ, মাডাৰ হৰলিক্স, শিশুখাদ্য, মমবাতি, স্বাস্থ্যসন্মত নেপকিন, ফেনাইল, মাস্ক, ছেনিটাইজাৰ, ব্লিচিং পাউদাৰ, হেলোজেন টেবলেট, মহ খেদা ধূপ, দিয়াচলাই আদি প্ৰয়োজনীয় সামগ্ৰী দিয়া হৈছিল।

সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ বিষয়াসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।সভাত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জিলা প্ৰশাসনক ১০০ টা লাইফ জেকেট দিয়া বুলি উল্লেখ কৰে। তদুপৰি কোভিডৰ সময়ত ‘মিলিজুলি’গ্ৰুপৰ কামত আপদা মিত্ৰৰ সহায়ৰ বাবে উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক ধন্যবাদ জ্ঞাপন কৰে৷সভাত বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাই সামগ্ৰীৰ টোপোলা বিতৰণত আঁত ধৰে আৰু জিলা প্ৰকল্প বিষয়া অনন্ত সামন্ত তথা ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকল সভাত উপস্থিত থাকে। সভাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ বিষয়া ব্ৰহ্মদেও যাদৱ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ অমিত বৰ্মনে তেওঁলোকৰ উদ্ধাৰ কাৰ্যত জিলা প্ৰশাসনে কৰা সহায়ৰ বাবে ভাষণ প্ৰসংগত ধন্যবাদ জ্ঞাপন কৰে।সভাত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই আগন্তুক বৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।

নিউ বঙাইগাঁও ৰে’লৱে চিকিৎসালয়ত পিএছএ অক্সিজেন উৎপাদন প্ৰকল্পৰ উদ্বোধন
ধুমুহা বৰষুণৰ পিচত বতৰ ফৰকাল হয় ,কংগ্ৰেছৰো অৱস্থা ভাল হ’ব- আব্দুল খালেক ৷ বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে চিকিৎসালয়ত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ অধীনত এটা পিএছএ অক্সিজেন উৎপাদন প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয়৷ অক্সিজেন উৎপাদন প্ৰকল্পটো বৰপেটা লোকসভাৰ সমষ্টিৰ সাংসদ আব্দুল খালেকে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ প্ৰকল্পটো শুভ উদ্বোধন কৰি সাংসদ খালেকে কয় যে প্ৰতি মিনিটত ২৫০ লিটাৰ অক্সিজেন উৎপাদনক্ষম প্ৰকল্পটিৰ পৰা এই চিকিৎসালয়ৰখনত অক্সিজেনৰ অভাৱ পূৰণ কৰাৰ লগতে এই বৃহত্তৰ অঞ্চলটোৰ স্বাস্থ্য সেৱাত এক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব ৷ সাংসদগৰাকীয়ে এই প্ৰকল্পটো উদ্বোধন কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰা বুলি কৈ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীকো ধন্যবাদ জনায় ৷

এই উদ্বোধনী অনুষ্ঠানত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ এ ডি আৰ এম অৰবিন্দ লাই, স্বাস্থ্য বিষয়া, নিউ বঙাইগাঁও ৰে’লৱে চিকিৎসালয়ৰ অধীক্ষকৰ লগতে ৰে’লৱে বিভাগৰ বিষয়া, ৰঙিয়া সংমণ্ডলৰ ডিআৰইউচিচিৰ সদস্য সুব্ৰত আচাৰ্য, কংগ্ৰেছ দলৰ জিলা সভাপতি মৃণাল অধিকাৰী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য আদি উপস্থিত থাকে ৷ অনুষ্ঠানত সাংসদগৰাকীয়ে বঙাইগাঁও – নিউ বঙাইগাঁও পথৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি পথচোৱা শীঘ্ৰে নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এ ডি আৰ এমক কয় ৷ ইপিনে কংগ্ৰেছৰ বৰ্তমানৰ দুৰৱস্থা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ খালেকে কয় যে শীঘ্ৰেই কংগ্ৰেছৰ ভাল দিন আহি আছে ৷ সাংসদগৰাকীয়ে কয় যে মাজে মাজে প্ৰত্যাহ্বান আহে ৷ ধুমুহা বৰষুণৰ পিচত বতৰ ফৰকাল হয় ৷ কংগ্ৰেছৰো অৱস্থা ভাল হ’ব ৷ উল্লেখ্য যে বৰ্তমান হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ লগতে এআইইউডিএফৰ সৈতেও কোনো জোঁঁট বন্ধন নথকাৰ প্ৰসংগ উল্লেখ কৰি সাংসদ গৰাকীয়ে সমাগত উপ নিৰ্বাচনত কংগ্ৰেছে বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি মন্তব্য কৰে।

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ অধ্যক্ষতাত আজি গুৱাহাটীত অনুস্থিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰি অংশ গ্ৰহণ কৰে | উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ কেইবাজনো মন্ত্ৰী তথা উচ্চপদস্থ বিষয়া, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াসকল উপস্থিত থকা পৰ্যালোচনা বৈঠকখনত মন্ত্ৰী পীযুষ হাজৰীকাই অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি কয় যে অসম চৰকাৰে অসমৰ বান আৰু খহনীয়াৰ দৰে সমস্যাক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু এই ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণেৰে এই সমস্যা সমাধানৰ বাবে যথেষ্ট প্ৰয়াস কৰিছে | অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ যৌথ উদ্যোগত এইবাৰ ৰাজ্যখনত প্ৰায় ১০০০ কিল’মিটাৰ দৈঘ্যৰ মথাউৰিৰ ওপৰত ৰাষ্ট্ৰা নিৰ্মাণ কৰাৰ আচনিৰ কথাও মন্ত্ৰী পীযুষ হাজৰীকাই আজিৰ বৈঠকত উল্লেখ কৰে | কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে পাই থকা সহায়ৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান আৰু খহনীয়াৰ দৰে গুৰুতৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক সাহাৰ্য আগবঢ়াবলৈ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীক আজিৰ বৈঠকতে অনুৰোধ জনায় | আনহাতে বিগত পাঁচ মাহত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ উদ্যোগত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে হাতত লোৱা বাস্তৱসন্মত কাৰ্যসমূহৰ বিষয়েও মন্ত্ৰী পীযুষ হাজৰীকাই আভাস দিয়ে |

আজিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াসকলক অঞ্চলটোৰ ৰাজ্য চৰকাৰসমূহৰ সংশ্লিষ্ট বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আৰু পৃথিৱীৰ আন দেশবোৰে ব্যৱহাৰ কৰা অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে সচেতন হবলৈ নিৰ্দেশ দিয়ে | আজিৰ পৰ্যালোচনা বৈঠকত মেঘালয়ৰ মন্ত্ৰী শ্ৰী ৰেনিটন এল. তোংখাৰ, মিজোৰামৰ বিধায়ক তথা মানৱ সম্পদ উন্নয়ন সমিতিৰ উপাধ্যক্ষ শ্ৰী এল. থাংমাৱিৱা, জল শক্তি মন্ত্ৰণালয়ৰ সচিব শ্ৰী পংকজ কুমাৰ, অৰুণাচল প্ৰদেশৰ মুখ্য সচিব শ্ৰী নৰেশ কুমাৰ, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী এচ. আব্বাচী, কেন্দ্ৰীয় জল আয়োগৰ অধ্যক্ষ শ্ৰী এচ. কে. হালদাৰকে ধৰি উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য কেইখনৰ কেইবাজনো উচ্চপদস্থ বিষয়া আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াসকল উপস্থিত আছিল |

চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণী শুভাৰম্ভ
ৰাজ্যৰ প্ৰতিখন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হব বুলি সোণাৰি সমষ্টিৰ চফ্ৰাইত আজি মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা পাছত আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শ্ৰেণী শুভাৰম্ভ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে কয়- এক শিক্ষা নীতিৰ অধীনত দেশৰ অন্যান্য ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ উদ্দেশ্যে আগন্তুক দিনত উচ্চ মাধ্যমিক বিদ্যালয় সমূহ উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰা হব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে আগন্তুক দিনত কি বিষয়ত শিক্ষা গ্ৰহণ কৰিব সেই কথা নিজেই সিদ্ধান্ত লব পাৰিব বুলি মন্তব্য কৰিছে সাংসদ তপন কুমাৰ গগৈয়ে। আনহাতে আগন্তুক সময়ত মহাবিদ্যালয় সমূহৰ পৰা উচ্চতৰ মাধ্যমিক শাখাটো উঠাই দি উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহতে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও মন্তব্য সাংসদ গৰাকীয়ে। উল্লেখ্য যে, সোণাৰিৰ চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ত আজি উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বৰ্ষৰ শ্ৰেণীৰ শুভ উদ্বোধন কৰা হয়। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী । বিদ্যালয়খনত অনুষ্ঠিত হোৱা এখন মুকলি সভাত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী শুভাৰম্ভ কৰা হয় আনুষ্ঠানিকভাৱে। ১৯৭৩ চনতে স্থাপন হোৱা বিদ্যালয় খন ২০২১ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰিছিল চৰকাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ চফ্ৰাই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া নিজৰ ঠাইতে উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হব। বিদ্যালয় খনৰ উচ্চতৰ মাধ্যমিক শাখা শুভাৰম্ভ কৰাৰ উদ্দেশ্যে সমাজকৰ্মী তথা টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ পৌৰহিত্যত আজি অনুষ্ঠিত হোৱা সভাখনত চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, সমাজকৰ্মী কাজল দেৰ লগতে বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ তথা শিক্ষক কৰ্মচাৰী সকলৰ লগতে চফ্ৰাই অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
ধেমাজিত এন এছ ইউ আইৰ প্ৰতিবাদ
যোৱা কিছুদিন পূৰ্বে বি জে পি শাসনাধিষ্ঠিত চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱা কিছুদিন পূৰ্বে ৰাজ পথত গাড়ীৰে মহতিয়াই একাংশ কৃষকক গুৰুতৰ ভাৱে জখম কৰাৰ পিছত কংগ্ৰেছৰ একাংশ নেতৃত্বতই পথ দুৰ্ঘটনাৰ খৱৰ লবলৈ যাওঁতে উত্তৰ প্ৰদেশৰ বিজপি চৰকাৰে শীৰ্ষ নেতা সকলক বাধা আৰূপ কৰাৰ লগতে আটক কৰে৷ ইফালে যোৱাকালি কংগ্ৰেছৰ হাইকামাণ্ডাৰ ৰাহুল গান্ধীকো উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিভিন্ন নগুৰনাগতি কৰাৰ বাবে আজি ধেমাজিত ধেমাজি জিলা এন এছ ইও আই সহযোগত ৰাজ্যিক এন এছ ইও আই নেতৃ বৃন্দই যোগী আদিত্য নাথৰ প্ৰতিমুত্তী দাহ কাৰ্যসূচী ৰূপায়ন কৰে। অনাগত সময়ত ইয়াতকৈ আৰু ভয়াবহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি জনায়।
বাক্সাত তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চাৰিজনৰ মনোনয়ন দাখিল
অহা ৩০ অক্টোবৰত ৰাজ্যত হ’ব লগীয়া উপ-নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷ বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিতো বলিছে নিৰ্বাচনী বতাহ ৷ সমষ্টিটোত ইউপিপিএল দলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুত খালী হৈছিল তামুলপুৰ বিধানসভা সমষ্টিৰ আসনখন ৷ আজি তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা চাৰি গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷ সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি বাক্সাৰ মুছলপুৰস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী, কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহাল, নিৰ্দলীয়ভাৱে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী আৰু বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে ৷ চাৰিও গৰাকী প্ৰাৰ্থীয়ে পৃথকে পৃথকে নিৰ্বাচনী বিষয়া আশ্ৰাফুল আমিনৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ উল্লেখ্য যে তামুলপুৰত এইবাৰ জমি উঠিব নিৰ্বাচনী যুঁজ ৷ বিজেপি দলে মিত্ৰ দল ইউপিপিএলক তামুলপুৰ বিধানসভা সমষ্টিটো এৰি দিয়াত বিজেপি দলৰ ৰাজ্যিক সদস্য তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰি ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিশ্চিত ভাৱে বিজয়ী হ’ব বুলি দাবী কৰে ৷ তেওঁ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে বিটিচিত বিজেপিয়ে কোনো কাৰণতে নিৰ্বাচনী যুজত অংশ নলয় ৷ সেয়ে প্ৰমোদ বড়োক হেচাঁ প্ৰয়োগৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইফালে ইউপিপিএলৰ প্ৰাৰ্থীক সংগ দি ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে ইমানুৱেল মুছাহাৰীক মনোনয়ন উঠাই লোৱাৰ বাবে সংবাদ মাধ্যমত আহ্বান জনায় ৷ সেইদৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ইমানুৱেল মুছাহাৰীয়ে ৰাষ্ট্ৰীয় দলত থাকি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷ সমষ্টিটোৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ী হ’ব বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ৷ আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আগছুৰ প্ৰাক্তন সভাপতি ভাস্কৰ দাহালেও আজি মনোনয়ন পত্ৰ দাখিল কৰে ৷ ভাস্কৰ দাহালকে মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সংগ দিয়ে ৷











