Home Blog Page 2801

জামুগুৰিহাটৰ মঙলবৰীয়া জৰ্দানবস্তিত কৰম পৰৱ পালন

 শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱা মঙলবৰীয়া জৰ্দানবস্তিত চাহ জনগোষ্ঠীৰ কৰম পৰৱ পালন কৰে। চাহ জনগোষ্ঠীৰ কৃষি ভিত্তিক পৱিত্ৰ কৰম পৰৱ। চাহ জনগোষ্ঠী তথা আদিবাসী লোকসকলে বৈদিক যুগৰ পৰাই পৰম্পৰাগত ভাবে পালন কৰি আহিছে এই কৰম পৰৱ। সেই উদ্দেশ্যে জিলাখনৰ জামুগুৰিহাটৰ উত্তৰে অৱস্থিত বৃহৎৰ ৰঙাচকুৱাৰ মঙলবৰীয়া জৰ্দানবস্তিৰ খেল পথাৰ প্ৰাংগণত চাহ জনগোষ্ঠী আদিবাসীসকলৰ বাপতিসাহোন কৰম পৰৱ উপলক্ষে যোৱা চাৰি অক্টোবৰৰ দিনা এক আটক ধুনীয়া ঝুমুইৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। স্থানীয় ৰাইজৰ সহযোগত আয়োজিত অনুষ্ঠানটিৰ ঝুমুইৰ প্ৰতিযোগিতাত নদুৱাৰ অঞ্চলৰ বহু কেইটা দল অংশ গ্ৰহণ কৰি জনগোষ্ঠীটোৰ পৰম্পৰা ৰক্ষা কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলসমুহৰ শ্ৰেষ্ঠতাৰ ভিত্তিত আকৰ্ষনীয় বঁ‌টা প্ৰদান কৰা হয়। ধলাইবিলস্থিত পেৰিচৰ ফাদাৰ স্বেৰবাস্তিয়াম তপ্নৰ আতিথ্যত অনুষ্ঠিত বঁ‌টা বিতৰণী অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত সভাপতি দীপক নেৱাৰ,সমাজ কৰ্মী প্ৰৱীন দাস,গাঁও সভা সদস্য চৰিতা কুজুৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰঘু গড়ৰ লগতে বহু কেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে।

টুপামাৰীত যুৱতী নিৰুদ্দেশ

 কামৰূপ জিলাৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩নং টুপামাৰী গাঁৱৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে।জানিব পৰা মতে গাঁৱ খনেৰে দিলোৱাৰ হুছেইনৰ কন্যা আলমিনা পাৰিবনে যোৱা ২৯ ছেপ্তেম্বৰত হঠাৎ নিজ গৃহৰ পৰা ৰহস্য জনক ভাবে নিৰুদ্দেশ হয়।পৰিয়ালৰ লোকে ইতিমধ্যে যুৱতী গৰাকী নিৰুদ্দেশ সন্দৰ্ভত স্থানীয় টুপামাৰী আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। যুৱতী গৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাই। কোনো সদাশয় ব্যক্তিয়ে যুৱতী গৰাকীৰ সন্ধান পালে স্থানীয় আৰক্ষী থানাত নাইবা  ৯১০১০৯৪৩১৪ ফোন নম্বৰত ফোন কৰি খবৰ দিবলৈ পৰিয়ালৰ লোকে বিনম্ৰতাৰে অনুৰোধ জনাইছে।

চৰাইদেউৰ সাপেখাতীত দুষ্প্ৰাপ্য কুৰুৱা পক্ষী উদ্ধাৰ

পক্ষীকুলৰ পৰা বিলুপ্ত প্ৰায় এটা   বিৰল প্ৰজাতিৰ  কুৰুৱা পক্ষী চৰাইদেউৰ সাপেখাতীত উদ্ধাৰ হয় । জানিব পৰা অনুসৰি সাপেখাতীৰ  উজনিকুৰী গাঁওৰ এজন কিশোৰ ৰাতুল শইকীয়াই ঘাঁহ কাটি থকা অৱস্থাত  আঘাত প্ৰাপ্ত  পক্ষীটো পত্যক্ষ কৰে ।  অনুমান কৰা মতে বিদ্যুতৰ  তাৰত লাগি আঘাট প্ৰাপ্ত হৈ  পক্ষীটো পৰি যায় । পক্ষীটোক উদ্ধাৰ কৰি সাপেখাতী  বন বিষযাৰ লগত যোগাযোগ কৰি পক্ষীটোক চমজাই দিয়ে।আঘাত প্ৰাপ্ত পক্ষীটোক বন বিষয়াই  স্বাস্থ্য পৰীক্ষা কৰি পুনৰ  সাপেখাতী খণ্ড বনাঞ্চলত এৰি  দিয়াৰ কথা জানিবলৈ দিয়ে।

মাংস কেনেকৈ বেছিব?

মাংস কেনেকৈ বেছিব? বৰপেটা ৰোডত প্ৰশাসনৰ উদ্যোগত সজাগতা সভা   । এখন বজাৰে সেই অঞ্চলটোৰ সভ্যতা, সংস্কৃতিক প্ৰতিফলিত কৰে। আমাৰ ৰাজ্যখনৰ মাছ-মাংসৰ বজাৰবোৰ যি সভ্যতাক প্ৰতিফলিত কৰে সেয়া অতি নিকৃষ্ট মানৰ। আজি বৰপেটা ৰোডত মাংস বিক্ৰেতা সকলৰ বাবে পৌৰ সভা আৰু পশুপালন বিভাগৰ দ্বাৰা আয়োজন কৰা এখন সজাগতামূলক সভা মুকলি কৰি দিয়া ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই দৰে কয়। তেওঁ কয় যে, মাছ-মাংসৰ দোকান সমূহ সম্ভৱত: অসমতেই আটাইতকৈ বিশৃঙ্খল আৰু অপৰিস্কাৰ। এইবোৰে কেবল আমাৰ সমাজৰ ভাৱমূৰ্তিয়েই নষ্ট নকৰে, সামাজিক স্বাস্থ্যৰো ভীষণ ক্ষতি সাধন কৰে। সেয়েহে তেওঁ সকলোকে চৰকাৰী নিয়ম-শৃংখলা মানি চলি আৰু স্বাস্থ্য সন্মতভাবে পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই মাংসৰ ব্যৱসায় চলাবলৈ আহ্বান জনায়। বৰপেটা ৰোড পৌৰসভাৰ আলোচনা কক্ষত বৰপেটা ৰোড আৰু হাউলী পৌৰবজাৰৰ মাংস বিক্ৰেতা সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই সভাখনত হাউলী পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাই দিয়া ভাষণত কয় যে, অনুজ্ঞাপত্ৰ অৱিহনে মাছ-মাংস বিক্ৰী কৰা বিক্ৰতা সকলৰ বিৰুদ্ধে এতিয়াৰে পৰা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। জিলা পশু চিকিৎসা তথা পশুপালন বিষয়া ডা: প্ৰবীন কুমাৰ দাসে মাংস বিক্ৰিৰ ক্ষেত্ৰত পালনীয় কৰ্তব্য সমূহৰ বিষয়ে উল্লেখ কৰি কয় যে, কোনো ব্যস্ত পথৰ দাঁতিত মাংসৰ দোকান থাকিব নোৱাৰে। দোকানবোৰৰ সন্মূখভাগ আইনাৰে আবৃত হ’ব লাগিব আৰু ভিতৰত পৰ্যাপ্ত ফেনৰ ব্যৱস্থা থাকিব লাগিব। দোকানীয়ে মজুত থকা মাংসৰ দাম আৰু পৰিমাণ জনাই বাহিৰত চকুত লগাকৈ আৰি দিব লাগিব। সভাত বৰপেটা ৰোড পশু চিকিৎসালয়ৰ চিকিৎসক ডা: হিমাংশু হাজৰিকা আৰু পাটবাউসী চিকিৎসালয়ৰ চিকিৎসক ডা: ভূমিধৰ দাসেও বিক্ৰেতা সকলে পালন কৰিব লগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে উল্লেখ কৰি তেওঁলোকৰ বাবে পালনীয় কৰ্তব্যৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে জিলাখনৰ মাংসৰ বজাৰৰ অস্বাস্থ্যকৰ অৱস্থাৰ উন্নয়ন সাধন কৰাৰ বাবে হাতত লোৱা ব্যৱস্থাৰ অংশ হিচাপেই আজিৰ এই সজাগতা সভাখন প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হয়। ইয়াৰ পূৰ্বে বৰপেটা চহৰ আৰু ইয়াৰ আশে-পাশে থকা মাংসৰ দোকান সমূহ দণ্ডাধীশৰ দ্বাৰা পৰিদৰ্শন কৰাই বুজন পৰিমাণৰ জৰিমণাও বিহা হৈছিল। বিক্ৰেতা সকলৰ অজ্ঞতাৰ বাবেই এনে অস্বাস্থ্যকৰ অৱস্থা চলি থকাটো অনুধাৱন কৰিয়েই তেওঁলোকৰ বাবে এনেদৰে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। জিলা জনসংযোগ বিষয়াই জনোৱা মতে বৰপেটা চহৰ, সৰ্থেবাৰী আৰু কলগাছিয়াতো এনে এদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

গুৱাহাটীত উপস্থিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হৈ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে আৰু ৰাজ্য চৰকাৰৰ সৈতে বৈঠক তৈয়াৰ কৰে।এফএম সীতাৰমণক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী অঞ্জন্ত নেওগে লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণী জনায়।টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, “মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী শ্ৰীমতী ক এলজিবিআই বিমানবন্দৰে স্বাগতম জনাইছো।সীতাৰমণে ডিমা হাচাও জিলাত ১২০ মেগাৱাট নিম্ন কোপিলি জলবৈদ্যুতিক প্ৰকল্পৰ ভূমি পূজন কৰিব আৰু হাফলঙত এটা পথৰ আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং প্ৰকল্পও পৰিদৰ্শন কৰিব।দিনটোৰ পিছত, তেওঁ গুৱাহাটীত এক অনুষ্ঠানত অসম ৰাইট টু পাব্লিক চাৰ্ভিচ এক্ট, 2012-ৰ অধীনত এটা ৱেব পৰ্টেল মুকলি কৰিব। অনুষ্ঠানসমূহৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সৈতে যাব।

হত্যাকৰীক গ্ৰেপ্তাৰ নকৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ

 হত্যাকৰীক গ্ৰেপ্তাৰ নকৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ  শতাধিক লোকে ঘেৰাও কৰে শালকোচা উপ আৰক্ষী চকীএটা পৰিকল্পিত হত্যাকাণ্ডৰ মুল নায়কক গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ জানিব পৰা মতে যোৱা ২৫ চেপ্তেম্বৰ তাৰিখে ধুবুৰী জিলাৰ শালকোচা উপ আৰক্ষী চকীৰ অন্তৰ্গত গৌৰাংটাৰী গাওঁ নিবাসী ৰঞ্জন বৰ্মনৰ পুত্ৰ উমা কান্ত বৰ্মনক সেই একে গাওঁৰে সহপাঠী সুকুমাৰ চৌধৰীৰ পুত্ৰ দুদুল চৌধৰীয়ে ঘৰৰ পৰা মাতি লৈ যায়।  কিন্তু  সেইদিনা ৰাতিয়ে নিজ ঘৰৰ প্ৰায় ১০০ মিটাৰ দূৰত্বত মূৰ আৰু পিঠিত বেয়াকৈ আঘাত কৰি অচেতন অবস্থাত পেলাই থৈ যায় প্ৰতিবেশীয়ে উমাকান্ত বৰ্মনৰ এনে অবস্থা প্ৰতক্ষ্য কৰি ততাতিয়াকৈ শালকোচা উপ স্বস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে কিন্তু  অবস্থাৰ অধিক অবনতি দেখা পাই বৰপেটালৈ প্ৰেৰণ কৰে।পিছত বৰপেটাৰ পৰা গুৱাহাটী জি এম চি এইছলৈ প্ৰেৰণ কৰে যদিও ২৯ চেপ্তেম্বৰত  উমা কান্ত বৰ্মনে  GMCH তে মৃত্যুক সাৱটি লব লগা হয়।  উল্লেখ্য যে উক্ত ঘটনা সন্দৰ্ভত যোৱা ২৬ চেপ্তেম্বৰত শালকোচা উপ আৰক্ষী চকীত গোচৰ দিয়াৰ পিছতো আজিলৈকে আচামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ প্ৰতিবাদত আজি এই কাৰ্য্যসূচী ৰূপায়ন কৰা বুলি জানিব পৰা গৈছে  ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনৱ দলে উপস্থিত হৈ অতি কম সময়ৰ ভিতৰত আচামীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত হে আন্দোলন প্ৰত্যাহাৰ কৰা দেখা যায়। 

উত্তৰ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে ৰাজ্যৰ একাংশ গাঁও পঞ্চায়ত। অসম চৰকাৰে যিমানেই দুৰ্নীতি বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছে সিমানেই যেন একাংশই  লিপ্ত হৈছে দুৰ্নীতিত। বিশেষকৈ দুৰ্নীতিৰ ভূ স্বৰ্গত পৰিণত হৈছে অসমৰ একাংশ গাঁও পঞ্চায়।প্ৰায় বোৰ পঞ্চায়ততে এতিয়া চৰকাৰী আঁচনি ৰূপায়ণৰ নামত চলিছে ব্যাপক কেলেংকাৰী।বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ ১৪ নং উত্তৰ পূব সৰুক্ষেত্ৰী গাঁও  পঞ্চায়ততো চলিছে চৰকাৰী ধন লুন্ঠনৰ অঘোষিত প্ৰতিযোগিতা।পঞ্চায়তৰ এগৰাকী বিজেপি পালিনেতাৰ নেতৃত্বত এমজিএনৰেগাৰ আঁচনিত ব্যাপক লুন্ঠন চলাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে ১৪ নং উত্তৰ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অধীনৰ শান্তিপুৰত এমজিএনৰেগাৰ আঁচনিত এটা কৃষি বান্ধ নিৰ্মাণ কৰা হৈছে। শান্তিপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা মৃণাল ডেকাৰ ঘৰলৈ কালভাৰ্ট সহ কৃষি বান্ধ নিৰ্মাণৰ বাবে ৱৰ্ক আই ডি ০৪০৫০/এফ এফ/৯০১০২৬১৩৬৯ নম্বৰত গ্ৰহণ কৰা আঁচনি ৰূপায়ণৰ নামত ব্যাপক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।পঞ্চায়তখনৰ শান্তিপুৰত ৬ লাখ ৫৩ হাজাৰ টকাৰে নিৰ্মাণ কৰা কৃষি বান্ধৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অনিয়ম দেখি ক্ষোভিত  হৈ পৰিছে স্থানীয় ৰাইজ।আঁচনিমতে কৃষি বান্ধটো প্ৰায় ১২ ফুট বহল হব লাগে।পিছে তিনি চাৰি ফুট বহল কৰিয়ে সামৰিছে দায়িত্ব।একেদৰে সঠিক ভাবে ওখ  নকৰি পুৰণি পথতে ডেৰ দুই ফুট মাটি পেলাইয়ে দায়িত্ব সামৰিছে।ট্ৰেক্টৰৰ জৰিয়তে প্ৰায় ডেৰ লাখ টকাৰ মাটি পেলাইয়ে আঁচনিৰ সিংহ ভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।এইক্ষেত্ৰত এক উপযুক্ত  তদন্তৰ দাবী বিচাৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ মতে পঞ্চায়তখনৰ অধীনৰ বিজেপি পালিনেতা বিনোদ বৰ্মনৰ নেতৃত্বত এই আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হৈছে। উল্লেখ্য যে পঞ্চায়তখনৰ স্বীকৃতিপ্ৰাপ্ত অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাই কমিচনৰ অংকত চকু মুদা কুলিৰ ভাও ধৰা বাবে আৰু পঞ্চায়তখনৰ  সভাপতি মানৱ চৌধুৰীৰ সোপাঢিলা নীতিৰ বাবেই একাংশ  দালাল এতিয়া পঞ্চায়তখনত উঠি ৰজা বহি ৰজা হৈ পৰিছে বুলি অভিযোগ উত্থাপন হৈছে।

কেলিফৰ্ণিয়াত ব্যাপক খৰাং

কেলিফৰ্ণিয়াত ব্যাপক খৰাং, বায়ুৰ পৰা পানীৰ যন্ত্ৰৰ দ্বাৰা তৃষ্ণা নিবাৰণ । ৱাশ্বিংটনস্থিত চুনামি প্ৰডাক্টছ (চুনামি প্ৰডাক্টছ)ত ডিজাইন কৰা এজন অভিযন্তা টেড বোমেনে বৰ্ণনা কৰে, “এই যন্ত্ৰবোৰে এয়াৰ কণ্ডিচনাৰৰ দৰে কাম কৰে। আমি এই যন্ত্ৰবোৰৰ সহায়ত ঠিক সেইটোৱেই কৰি আছো। চুনামি সামগ্ৰী কোম্পানীৰ এই সামগ্ৰীটো বায়ুত থকা আৰ্দ্ৰতাৰ পৰা পানী আহৰণ কৰিবলৈ শেহতীয়াকৈ বিকশিত কৰা বহুতো প্ৰণালীৰ ভিতৰত এটা।অন্যান্য আৱিষ্কাৰবোৰৰ ভিতৰত আছে একে ধৰণৰ পানী অংকন কৰা জাল, সৌৰ শক্তি পেনেল আৰু বায়ুৰ আৰ্দ্ৰতাৰ পৰা জাহাজৰ পাত্ৰ। বেমেনে বৰ্ণনা কৰিছিল যে তেওঁৰ কোম্পানীৰ যন্ত্ৰবোৰে বায়ুৰ পৰা আৰ্দ্ৰতা আঁতৰ কৰে। ইয়াৰ পৰা ওলাই অহা পানী ফিল্টাৰ কৰিব পাৰি আৰু খোৱাব পাৰি। এই যন্ত্ৰবোৰ ঘৰ, কাৰ্যালয়, পশু খেতি পথাৰ আৰু আন বহুতো ঠাইত ব্যৱহাৰ কৰিব পাৰি।এই কৌশলটোৱে বিশেষকৈ কুঁৱলী থকা অঞ্চলবোৰত ভালদৰে কাম কৰে। তেওঁলোকৰ আকাৰ অনুসৰি, এই যন্ত্ৰবোৰে দিনে 900 ৰ পৰা 8,600 লিটাৰ পানী তৈয়াৰ কৰিব পাৰে। এই যন্ত্ৰবোৰ সুলভ নহয়। এইবোৰ $30,000 ৰ পৰা $2 00,000 (প্ৰায় 2.2 নিযুতৰ পৰা 1.5 নিযুত) মূল্যত উপলব্ধ। তথাপিও কেলিফৰ্ণিয়াৰ কিছুমান লোকে তেওঁলোকৰ ঘৰত পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সেইবোৰ ক্ৰয় কৰি আছে।কেলিফৰ্ণিয়াৰ বহুতো অঞ্চলৰ বাসিন্দাসকলক পানী সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। বেনিচিয়াত বাস কৰা ডন জনছনে কয় যে তেওঁ আটাইতকৈ সৰু আকাৰৰ যন্ত্ৰটো কিনিছিল। জনছনে আশা কৰিছিল যে দীঘল এচি গোটৰ দৰে দেখা যন্ত্ৰটোৱে তেওঁৰ বাগিচাখন সেউজীয়া কৰি ৰাখিবলৈ পৰ্যাপ্ত পানী প্ৰস্তুত কৰিব। কিন্তু তেওঁলোকে দেখিলে যে যন্ত্ৰটোৱে ইমান পানী তৈয়াৰ কৰে, যি তেওঁলোকৰ বাগিচাৰ লগতে তেওঁলোকৰ ঘৰুৱা পানীৰ প্ৰয়োজনীয়তাৰ বাবে একেবাৰে পৰ্যাপ্ত। জনছনে কৈছে যে যন্ত্ৰটোৱে আপোনাৰ বাবে পানীৰ বটলত খৰচ কৰাতকৈ বহুত কম খৰচত পানী বনাব। উচ্চ মূল্যৰ উপৰিও, যন্ত্ৰটো চলাবলৈ যথেষ্ট শক্তিৰ প্ৰয়োজন। যন্ত্ৰটোৰ ওপৰত থকা সৌৰ শক্তি পেনেলবোৰে ইমান শক্তি প্ৰস্তুত কৰে যে যন্ত্ৰটোৱে চলাবলৈ আৰু শক্তি ব্যয় নকৰে।
.


.

ধুবুৰীত চোৰাং ৭ টা গৰুসহ বাহন জব্দ।

 ধুবুৰীত নিতৌ আৰক্ষীয়ে জব্দ কৰিছে চোৰাং গৰু। পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ কৰিছিল গৰু ভৰ্তি বলেৰ পিক আপ ভান। গোপন খবৰৰ ভিত্তিত আগমনী আৰক্ষীয়ে বলেৰ বাহনখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও নিৰ্দেশ অমান্য কৰি গাড়ীখন পলায়ন কৰে। আগমনী আৰক্ষীয়ে গৰু ভৰ্তি বাহনখনক খেদি খেদি বালাজান আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত ডুমৰদহ গাৱৰ পৰা WB63 B – 2956 নম্বৰৰ বলেৰ গাড়ীসহ ৭ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।  গৰু সৰবৰাহ কৰা বাহনখনৰ চালক গাড়ী এৰি পলায়ন কৰে। ঘটনাৰ সৈতে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ইপিনে খেদি অহা আগমনী আৰক্ষীৰ বাহন খন গছত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্থ হয়।  গাড়ীখনৰ অলপ ক্ষয় ক্ষতি হয় যদিও আৰক্ষীৰ কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই। সম্প্রতি গাড়ী আৰু গৰুবোৰ বালাজান আৰক্ষীয়ে জব্দ কৰিছে। 

ৰাষ্ট্ৰীয় গেমচলৈ নিৰ্বাচিত দৰঙৰ চম্পক ডেকা

দৰং জিলাৰ কলাইগাওঁ সমষ্টিৰ অন্তগৰ্ত ভূড়াৰগড় গাওঁ পঞ্চায়ত এলেকাৰ বাঘৰবাৰী গাঁৱৰ যাদৱ ডেকা আৰু বুলু ডেকাৰ একামাত্ৰ পুত্ৰ চম্পক ডেকাই আগন্তুক ৰাষ্ট্ৰীয় গেমছত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে স্থান লাভ কৰাত স্হানীয় ৰাইজৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হয় । দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ তথা তেজপুৰ আই টি আইত শিক্ষা গ্ৰহণ কৰি আহিছে স্থান লাভ কৰা চম্পক ডেকাই। এগৰাকী মাৰাথান দৌৰবিদ হোৱাৰ আশাৰে নিয়মিত অভ্যাস কৰি অহা চম্পক ডেকাই অসম তথা দৰঙৰ যিকোনো মাৰাঠান দৌৰত অংশ লৈ খিতাপ দখল কৰি আহিছে। আমাৰ দৈনন্দিন বাৰ্তাৰ মঙলদৈৰ প্ৰতিনিধিয়ে চম্পক ডেকাৰ  যোগাযোগ কৰাত জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাত পুৰস্কাৰ হিচাবে নহয় অভ্যাস কৰাৰ লেখীয়াকৈ সকলোতে অংশগ্ৰহণ কৰি আহিছে। সৌভাগ্যক্ৰমে অধিকাংশতে প্ৰথম স্হানো অৰ্জন কৰি আহিছে বুলি জানিবলৈ দিয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান চম্পকৰ পিতৃ মাতৃয়ে দিন হাজিৰা কৰি ঘৰ চলাই আহিছে । চম্পকে জিলাৰ বাহিৰত খেলত অংশ গ্ৰহণ কৰিবলৈ গ’লে সম্পৰ্কীয় বাইদেউ আৰু দুই এজনৰ পৰা পইচা লৈ যায় এতিয়া গুৱাহাটীত প্ৰশিক্ষণৰ বাবে যাব লগা হোৱাত বিপাঙতো পৰিছে চম্পক ডেকা আৰ্থিকভাবে । অহা-যোৱা কৰাৰ লগতে খেলৰ সাজ পোচাক লোৱাকে ধৰি থকাৰ কথাইয়ো চিন্তাত পেলাইছে দৰিদ্ৰ পৰিয়ালৰ সন্তান চম্পকক। ১৯ বছৰীয়া চম্পকৰ ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণৰ স্থান লাভ কৰাত আৰ্শীবাদ তথা শুভেচ্ছা জ্ঞাপন কৰে সদৌ দৰং জিলা ছাত্ৰ, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা,ৰেনেচাঁ ক্লাব বাঘৰবাৰী , দেওমৰনৈ ক্ৰীড়া সন্থা,দৰং জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰনেতা খনিন্দ ৰাজবংশী, সুশীল সুত্ৰধৰ, ভবেশ কাকতিৰ, নিৰঞ্জন শইকীয়া, পৰাগ চহৰীয়া ,  লগতে দৰঙৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে৷।