Home Blog Page 2802

অজিত কুমাৰ বৰালৈ ২০২১বৰ্ষৰ “অসম জ্ঞান ৰত্ন বঁটা”

দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ কোবাল গাঁৱৰ নিবাসী গণকপুখুৰী হাইস্কুলৰ সহকাৰী শিক্ষক অজিত কুমাৰ বৰাক অসমীয়া সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে “অসম জ্ঞান ৰত্ন বঁটা সমন্বয় গোষ্ঠী”ৰ তৰফৰ পৰা ২০২১বৰ্ষৰ “অসম জ্ঞান ৰত্ন বঁটা” প্ৰদান কৰা হয় | মৰিগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত ৩ অক্টোবৰত “উত্তৰ-পূৱ সাহিত্য-সংস্কৃতি সন্মিলনী” ,”এচেৰেঙা ৰ’দালি” ,”অসম জ্ঞান ৰত্ন বঁটা সমন্বয় গোষ্ঠী”ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট সাহিত্যিকৰ উপস্থিতিত অজিত কুমাৰ বৰাক এই বঁটা প্ৰদান কৰা হয় | উল্লেখযোগ্য যে শিক্ষকতাৰ সমান্তৰাল ভাৱে সাহিত্য চৰ্চ্চা অব্যাহত ৰাখা বৰা বৰষুণ, দিচৈ নদীৰ ঢৌ, বৰষাপুৰৰ বৰষুণ, প্ৰভাতী সূৰুজৰ ৰং, শৰতৰ ডায়েৰী গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ ভালেমান লিখনি আলোচনী, স্মৃতিগ্ৰন্থ আদিত প্ৰকাশিত হৈ আহিছে | তেওঁলৈ আগবঢ়োৱা এই সন্মানৰ বাবে অঞ্চলবাসীয়ে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰাৰ লগতে আপকু দেৰগাঁও মহকুমা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে।

মাধ্যম আন্দোলনৰ প্রথম ছহিদ মোজাম্মিল হকৰ ৫০ সংখ্যক স্মৃতি দিৱস

 বিশ্ব বিদ্যালয় সমূহত অসমীয়া ভাষা মাধ্যম হ’ব লাগে লাগে বুলি দাবী কৰি সদৌ অসম ছাত্র সন্থাই ১৯৭২ চনৰ ৫ অক্টোবৰত দিয়া অসম বন্ধত খাৰুপেটীয়ালৈ পিকেটিং কৰিবলৈ গৈ দুর্বৃত্তৰ হাতত গুৰুতৰ ভাৱে আক্রান্ত হোৱা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্রেণীৰ ফুলকুমলীয়া ছাত্র মোজাম্মিল হক পিছদিনা  ৬ অক্টোবৰত চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ছহিদ হোৱা দিনটো  ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে  সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। ২০০৮ বর্ষৰ পৰা জাতীয় সংগঠনটিয়ে মোজাম্মিল হকে মাতৃভাষাৰ ভাষাৰ বাবে প্রাণাহুতি দিয়া ৬ অক্টোবৰ তাৰিখটো অন্যান্য জাতীয় সংগঠনৰ সহযোগত মাতৃভাষা দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু এইবেলিও ৬ অক্টোবৰ তাৰিখে সন্ধিয়া ৫-৩০ বজাত মঙলদৈৰ ঐতিহাসিক বৰপুখুপৰীৰ পাৰত আয়োজন কৰা “ছহিদ প্রণামো তোমাক ” শীর্ষক শ্রদ্ধাঞ্জলি অনুষ্ঠানত , দৰং জিলা সাহিত্য সভাৰ প্রাক্তন ,সভাপতি ডা: অমৰেন্দ্র নাৰায়ণ দেৱ ,মঙলদৈ সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়া,পৰিষদৰ প্রাক্তন সভাপতি সাহিত্যিক চহিৰ ভূঞা,ৰাজ্যিক কৃতী শিক্ষকৰ বটা প্রাপক পৰিষদৰ জিলাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক ,প্রাক্তন সভাপতি এম হাফিজ আলি,  ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ প্রাক্তন সভাপতি আয়ুব আনছাৰী,আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক খনীন্দ্র ৰাজবংশী,কেন্দ্রীয় কার্যনির্বাহক সদস্য নিৰঞ্জন শইকীয়া ,মহকুমা ছাত্র ,সন্থাৰ সভাপতি অজয় শইকীয়া,জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি ভৱেশ কাকতী, দৰঙ জিলা সমিতিৰ সম্পাদক পংকজ ডেকা, সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি পৰাগ চহৰীয়া,সাধাৰণ সম্পাদক সত্য প্রসাদ ডেকা ,পথৰু সমন্বয় গোষ্ঠীৰ মোস্তাক হুছেইন,গৰিয়া মৰিযা দেশী জাতীয় পৰিষদৰ খাইৰুল অধিকাৰী , মকছিদা বেগম, ম্ইনুল হক শইকীয়া,চফিকুল ইছলাম, আৰফান আলি,চাহিল ইৰফান, চাহাবুদ্দিন আহমেদ,বাবুল মকছেদ আহমেদ, মহিবুল হক প্রমুখ্যে  ৫০ গৰাকী বিশিষ্ট লোক আৰু বিষয়ববীয়াই ৫০ গছি বন্তি জ্বলাই আৰু পুষ্পাঞ্জলিৰে  ছহিদ গৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্য বন্তি প্রজ্জ্বলক , দৰং জিলা ,সাহিত্য সভাৰ প্রাক্তন সভাপতি ডাক্তৰ অমৰেন্দ্র নাৰায়ণ দেৱে ছহিদ গৰাকীৰ ত্যাগক এইদৰে সন্মান জনাই তেওৰ আত্মবলিদানৰ দিনটো মাতৃভাষা দিৱস হিচাপে উদযাপন কৰি অহা বাবে ,সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ শলাগ লয়।মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়াই ছহিদ গৰাকীৰ ,স্মৃতিত এটি কবিতা আবৃতি কৰি শ্রদ্ধা নিবেদন কৰে।জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উপ সভাপতি ভৱেশ কাকতীয়ে ছহিদ সকলৰ ত্যাগক এচামে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি দেশদ্রোহী জাতিদ্রোহী সকলক সকীয়াই দিয়ে । অনুষ্ঠানৰ সামৰণি ভাষণত পৰিষদৰ প্রাক্তন সভাপতি সাহিত্যিক চহিৰ ভূঞাই ছহিদৰ আদর্শ সৰোগত কৰি নিজ মাতৃভাষাৰ ব্যৱহাৰ,প্রচাৰ আৰু প্রসাৰৰ বাবে সংকল্পবদ্ধ হ’বলৈ নতুন প্রজন্মলৈ আহবান জনায়।চাহাবুদ্দিন আহমেদে আত ধৰা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শলাগৰ শৰাই জ্ঞাপন কৰে মইনুল হক শইকীয়াই।

বিদ্যালয় প্ৰাদেশিকীকৰণ আৰু বৰ্ধিত মূল্য বৃদ্ধিৰ প্ৰতিবাদত কবিৰালী শাখা ছাত্ৰ সন্থাৰ বৃহৎ মানৱ শৃংখল কাৰ্যসূচী

কবিৰালী শাখা ছাত্ৰ সন্থাৰ অন্তৰ্গত অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত লগতে বৰ্ধিত মূল্য বৃদ্ধিৰ প্ৰতিবাদত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম গুৰুত্বপূৰ্ণ শাখা‌ ছাত্ৰ সন্থা কবিৰালী শাখা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে কবিৰালীত বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। কেইবা দশক ধৰি বিনামূলীয়াকৈ মানৱ সেৱাত ব্ৰতী হৈ থকা অসহায় শিক্ষক সকলৰ হৈ থিয় দিছে কবিৰালী শাখা ছাত্ৰ সন্থা। কবিৰালীৰ মাজ মজিয়াত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ সন্থাৰ সদস্যৰ উপস্থিতিত শাখা ছাত্ৰ সন্থাই অপ্ৰাদেশীকৃত  বিদ্যালয় প্ৰাদেশীকৰণ কৰক, শিক্ষক সকলক ন্যায় দিয়ক, মূল্য বৃদ্ধি ৰোধ কৰক, যোগান‌ বিভাগ হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰাঞ্জল ডেকা, কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মাধুৰ্য শৰ্মা, সাধাৰণ সম্পাদক ৰাতুল বৰুৱা, কবিৰালী শাখা ছাত্ৰ সন্থাৰ সভাপতি ঐলোক্য বৰুৱা, সাধাৰণ সম্পাদক তপন শইকীয়া, মঙলদৈ মহাবিদ্যালয় আছু গোটৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাঙ্কৰ ওজা, কবিৰালী শাখা ছাত্ৰ অন্তৰ্গত অপ্ৰাদেশীকৃত বিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক। উল্লেখ্য যে চলকাৰে ২০১৩ চনৰ তাৰ পিছত ২০২৯-২১ ত পুণৰ বিদ্যালয় প্ৰাদেশিকৰণৰ কাম হাতত লৈছিল যদিও আজি পৰ্যন্ত পিছপৰা অঞ্চলৰ এইসমূহ বিদ্যালয় প্ৰাদেশিকীকৰণ নহল।শাখা ছাত্ৰ সন্থাৰ দাবী অতি শীঘ্ৰে যদি চৰকাৰ প্ৰশাসনে বিষয় সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰে পৰৱৰ্তী সময়ত ইয়াতকৈও জংগী প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ’ব।

লামডিঙ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক নাৰ্চৰ গাফিলতি

 লামডিঙ অসামৰিক চিকিৎসালয়খনত বিতৰ্কই যেন এতিয়া পিছ নেৰা হৈছে ৷ চিকিৎসক নাৰ্চৰ কাণ্ডজ্ঞানহীনতাত এটা  পিছত এটা  ঘটনা সংঘটিত হ’ব  ধৰিছে লামডিং এফ আৰ ইউত।   আজি চিকিৎসালয়খনত এগৰাকী মহিলা ৰোগীক সেৱন কৰিব দিয়া ঔষধক লৈ সৃষ্টি হল উত্তেজন ৷উপায়ুক্তলৈ লিখিত পত্ৰ প্ৰেৰন কৰাত তদন্ত কৰিবলৈ আহিল হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষ ৷অভিযোগ অনুসৰি আজি প্ৰসেনজিৎ পাল নামৰ যুৱক জনে তেওঁৰ পত্নীৰ পেটৰ বিষ হোৱাত অসামৰিক চিকিৎসালয়খনলৈ লৈ আহে ৷কৰ্তব্যৰত থকা তৃষ্ণা জ্যোতি বৰুৱা নামৰ নাৰ্চ গৰাকীয়ে ৰোগীক নোচোৱাকৈয়ে কৰ্তব্যৰত চিকিৎসক ৰবিশ্বৰ ঘোষে ফোনৰ যোগেৰে ৰোগীক প্ৰদান কৰিলে ঔষধ আৰু বেজী ৷এইখিনিতে লাগিল অথন্তৰ ৷ চিকিৎসকৰ ভাষ্য অনুসৰি সেই একেসময়তে লাংটিং পৰা লামডিঙৰ চিকিৎসালয়খনলৈ গৰ্ভপাত কৰিবলৈ আহিব লগীয়া আছিল চিকিৎক ঘোষৰ ৰোগী ৷কিন্তু সেইসময়ত লাংটিং সলনি লামডিঙৰ এইহাল স্বামী স্ত্ৰী যোৱাত নাৰ্চে ৰোগীৰ কোনো নাম ঠিকনা নোলোৱাকৈৱে চিকিৎসকক জনালে ৰোগীৰ ভুল পৰিচয় ৷ নাৰ্চ তথা চিকিৎসকৰ গাফিলতি ভূক্তভোগী মহিলা গৰাকীক নাৰ্চে প্ৰদান কৰিলে Cytolog নামৰ গৰ্ভপাত টেবলেট টো ৷  ফলত অসুস্থ হৈ পৰিল মহিলা গৰাকী ৷উপায়ন্তৰ হৈ যুৱকজনে হোজাই জিলাৰ উপায়ুক্তলৈ লিখিত পত্ৰ প্ৰেৰন কৰাত তৎক্ষানিক ভাৱে উপায়ুক্ত গৰাকীৰ নিৰ্দেশ মৰ্মে হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষ চিকিৎসালয়খনত তদন্ত কৰিবলৈ উপস্থিতি হয় ৷ অৱশেষত চিকিৎসালয়খনৰ  চিকিৎসক মহলে সমগ্ৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি ভূক্তভোগী সকলৰ পৰা ক্ষমা বিচৰাৰ লগতে ভুক্তভোগী মহিলা গৰাকীৰ সম্পূৰ্ণ  বুজ লয়।

ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত বৰাৰ বিয়োগ ৷

নগাঁৱৰ ডিমৰুগুৰিৰ কালিবাৰীৰ পূৱেৰুণ পথৰ বাসিন্দা ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী,বিশিষ্ট সমাজকৰ্মী চন্দ্ৰকান্ত বৰাৰ কালি সন্ধিয়া পাঁচ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯বছৰ। তেওঁ সুদীৰ্ঘ দিন ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।বিশিষ্ট সমাজকৰ্মী চন্দ্ৰকান্ত বৰাৰ জন্ম হৈছিল ১৯৪৫চনত নগাঁও জিলাৰ শিঙিয়াত। তেওঁ ভাৰতীয় বায়ুসেনা বাহিনীৰ চাকৰিত যোগদান কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।ভাৰত বৰ্ষৰ বিভিন্ন ঠাইত অতি দক্ষতাৰে নিজৰ সেৱা আগবঢ়োৱাৰ অন্তত ২০০১চনৰ ডিচেম্বৰ মাহত দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে।চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ নগাঁও চহৰৰ ডিমৰুগুৰিৰ কালিবাৰীৰ পূৱেৰুণ পথ এলেকাত নিগাজীকৈ থাকিবলৈ লয়। তেতিয়াৰ পৰাই তেওঁ ডিমৰুগুৰি অঞ্চলত বিভিন্ন ধৰ্মীয়-সামাজিক কাম কাজৰ সৈতে জড়িত হৈ পৰে। তেওঁ ডিমৰুগুৰি নামঘৰ উন্নয়ন সমিতি,দুৰ্গা মন্দিৰ সমিতি,কালি মন্দিৰ সমিতি, পূবেৰুণ পথ উন্নয়ন সমিতি আদিৰ সৈতে জড়িত আছিল। তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যথেষ্ট পৰিমাণৰ দান বৰঙণি আগবঢ়োৱাৰ উপৰিও দৰিদ্ৰ আৰু অসহায় জনকো আৰ্থিক ভাৱে সহায় কৰিছিল। অত্যন্ত নিয়মানুৱৰ্তী বৰা ডিমৰুগুৰি অঞ্চলৰ ৰাইজৰ বাবে আদৰ্শস্বৰূপ আছিল। তেখেতৰ বিয়োগত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।ইপিনে,কালি তেখেতৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে পূৱেৰুণ পথৰ বাসগৃহত অসংখ্য লোকৰ সমাগম হয়।নিশাই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত আমোলাপট্টিৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ,বোৱাৰী,দুই নাতি সহ বহু ইষ্ট কুটুম্বক ইহ সংসাত এৰি থৈ যায়।

অসম ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ চয়নিকা ডেকা তৃতীয় স্থান।

অসম কুড়মালি সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ ফলাফল কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মিয়ে  ৫ অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।অসমৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ বিশিষ্ট লেখক ,মাদলৰ কবিৰূপে খ্যাত , ৰাজনীতি বিদ তথা অসম কুড়মালি সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি প্ৰয়াত হৰিপ্ৰসাদ কুড়মিৰ সোঁৱৰণত অনুষ্ঠিত হোৱা প্ৰৱন্ধ প্ৰতিযোগিতাখনত  তিনিচুকীয়া জিলাৰ উৎপল মাহিলী প্ৰথম স্থান, তিনিচুকীয়া জিলাৰ মহেশ ৰাম গোৱালা দ্বিতীয় স্থান  , দৰং জিলাৰ ছাজিশ আলম আৰু ওদালগুৰি জিলাৰ চয়নিকা ডেকাই তৃতীয় স্থান দখল কৰে। অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিলৈ আদিবাসী চাহ জনগোষ্ঠীৰ অৱদান শীৰ্ষক বিষয়ত স্বলিখিত প্ৰৱন্ধ প্ৰতিযোগিতাখন ১ আগষ্টৰ পৰা ২০  চেপ্তেম্বৰ তাৰিখলৈকে চলিছিল। প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লেখক লেখিকাই প্ৰৱন্ধ পাতি সমূহ ইমেইল আৰু ৱাটছএপ যোগে পঠিয়াইছিল বুলি কুড়মালি সাহিত্য সভাৰ পত্ৰিকা সম্পাদক কৃষ্ণ মাহাতোই জনায়। বিজয়ী প্ৰতিযোগীক মানপত্ৰ সহঃ বিশেষ ধনেৰে পুৰস্কাৰ আগবঢ়োৱাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলো প্ৰতিযোগীকে কুড়মালি সাহিত্য সভাৰ তৰফৰ পৰা মানপত্ৰ আগবঢ়োৱা হ’ব বুলি পত্ৰিকা সম্পাদকে  জনায়।

পানেৰীৰ বাঘেখোৱা গাওঁত হাতীৰ আক্ৰমণ

ওদালগুৰি জিলাৰ পানেৰী থানা অন্তৰ্গত কচুবিল বাঘেখোৱা গাওঁত  যোৱা ৫ অক্টোবৰ তাৰিখৰ ৰাতি এঘাৰমান বজাত বাঘেখোৱা গাওঁৰ গাওঁবুড়া লক্ষ্মণ বিশ্বকৰ্মাৰ ধৰ্মপত্নী গীতামায়া বিশ্বকৰ্মাক অকলশৰীয়া দাতাল হাতীয়ে আক্ৰমণ কৰাত গীতামায়া বিশ্বকৰ্মা  থিতাতে নিহত হয়।   ঘটনাৰ বিৱৰনী মতে য়োৱা ৫ অক্টোবৰ ৰাতি হঠাৎ কচুবিল বাঘেখোৱা গাওঁত হাতীৰ আগমন হোৱাত  হাহাকাৰৰ শৃষ্টি হয়। গাওঁৰ হাল্লা শুনি গাওঁবুড়া লক্ষ্মণ বিশ্বকৰ্মাই বাহিৰলৈ ওলাই আহে যদিও একো নেদেখি আকৌ ভিতৰলৈ সোমায় । সেই সময়তে বিশ্বকৰ্মাৰ ঘৰৰ বেৰাত হাতীৰ আক্ৰমণ হোৱাত লক্ষ্মণ বিশ্বকৰ্মাই ঘৰৰ পৰিয়ালক সতৰ্ক হ’বলৈ   কয় যদিও হাতী ভিতৰলৈ সোমাই অহাযেন হোৱাত  তেওঁৰ ধৰ্মপত্নী গীতামায়াই বোৱাৰী আৰু নাতীয়েকক লৈ বাহিৰলৈ ওলাওতে হঠাৎ হাতীয়ে গীতামায়া বিশ্বকৰ্মাক আগছি ধৰে আৰু শুৰেৰে মেৰিয়াই দুৰলৈ লৈ গৈ পেলাইদিয়াত গীতামায়া  থিতাতে নিহত হয়।    ঘটনাৰ খবৰ ৰাতিয়েই বিভিন্ন গাওঁত বিয়পি পৰাত পানেৰী থানাৰপৰা প্ৰশাসন গৈ  গীতামায়াৰ মৃতদেহ প্ৰত্যক্ষ কৰে। প্ৰশাসনে ৰাতিয়েই  মৃতদেহ পানেৰী থানালৈ লৈ আহে ।  ৬ তাৰিখে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ গীতামায়াৰ মৃতদেহ আনি মৰণোত্তৰ পৰীক্ষা কৰি আবেলী তিনি বজাত পৰিয়ালা বৰ্গক অৰ্পণ কৰাৰ পিছত শোকাকুল পৰিবেশত গীতামায়া বিশ্বকৰ্মাৰ মৃতদেহ শৎকাৰ কৰা হয়।  বৃহত্তৰ ভূটীয়াচাং, নোনাইপাৰা, বামুনজুলি, ভোলাটাৰ, হাতীগড়,ঘাগ্ৰা, কচুবিল আদি অঞ্চলত সঘনাই হাতীৰ আক্ৰমনত মানুহৰ মৃত্যু হোৱাতো সাধাৰণ কথা হৈ পৰিছে। বনবিভাগ আৰু প্ৰশাসনৰ ৰাইজৰ সুৰক্ষাৰ প্ৰতি অকনো সদিচ্ছা নথকাত বছৰত কমেও ২০-৩০ জনে হাতীৰ আক্ৰমনত প্ৰাণ দিবলগীয়া হোৱাত সেই অঞ্চলৰ ৰাইজ আতংকময় পৰিস্থিতিত জীৱন কটাব লগীয়া হৈছে। ৰাইজে সেই অঞ্চলত যাতে হাতী মুকলিকৈ ওলাই আহিব নোৱাৰে তাৰ বাবে ভাৰত-ভূটান সীমান্তত বন বিভাগৰ শুৰক্ষা কটকটীয়া কৰাৰ লগতে বিজ্ঞান সন্মত পদ্ধতিৰে ফেঞ্ছিং বেৰা দি ৰাইজক হাতীৰ আক্ৰমণৰ পৰা বছাবলৈ দাবী জনাই আহিছে।

তামাৰহাটত জাল নোটৰ ভয়ংকৰ জাল ।

অবৈধ গৰু সৰবৰাহ, ড্ৰাগছ আদিৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ ফলত দুষ্ট চক্ৰৰ নিদ্ৰা হৰণ হোৱাৰ সময়তে গো-মাফিয়াৰ এটা চক্ৰই নামনি অসমত চলাইছে জাল নোটৰ ভয়ংকৰ ব্যৱসায় । অসম আৰক্ষীৰ কঠোৰ ভূমিকাৰ ফলত বাংলাদেশলৈ অবৈধ গৰু সৰবৰাহ এক প্ৰকাৰ বন্ধ হৈ পৰিছে । ফলত দুষ্ট চক্ৰটোৱে মেলিছে জাল নোটৰ দৰে ভয়ংকৰ জাল । উল্লেখ্য যে, ধুবুৰী জিলাৰ গাতে লাগি থকা কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত জলডোবা গাঁওত আজি তেৰ হাজাৰ টকাৰ পাঁচশ টকীয়া জাল নোট উদ্ধাৰ হোৱা ঘটনাই সীমান্তবৰ্তী অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে, কাজিগাঁও থানাৰ অন্তৰ্গত জলডোবা গাঁওৰ বাসিন্দা প্ৰফুল্ল ৰায় নামৰ দুখীয়া কৃষক এজনে নিজৰ এজনী খিৰতী গাই গৰু বিক্ৰী কৰিব বিচৰাত এসপ্তাহ মান পূৰ্বে একে খন গাঁওৰে আমিৰ হামজা নামৰ লোক এজনে অসম-বংগ সীমান্তৰ ধুবুৰী জিলাৰ তামাৰহাট থানা তথা পাগলাহাট আৰক্ষী নিৰিক্ষণ কেন্দ্ৰৰ অন্তৰ্গত বালাসী গাঁওৰ ছামছুল আলী আৰু আফাজউদ্দিন শ্বেখ নামৰ গৰু ব্যাৱসায়ী দুজনক প্ৰফুল্ল ৰায়ৰ ঘৰত মাতি আনে । পিছত বন্দ বস্ত কৰি পাঁচশ টকীয়া নোট তেৰ হাজাৰ টকা প্ৰফুল্ল ৰায়ক বুজাই দি গাই গৰু জনী লৈ যায় । ইফালে আজি প্ৰফুল্ল ৰায়ে গৰু বিক্ৰী কৰি পোৱা তেৰ হাজাৰ টকা বেঙ্কৰ একাউন্টত জমা দিয়াত বেঙ্কৰ কৰ্মীয়ে উক্ত তেৰ হাজাৰ টকাৰ পাঁচশ টকীয়া নোট বোৰ জাল নোট বুলি চিনাক্ত কৰে । লগে লগে কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰা প্ৰফুল্ল ৰায়ৰ মূৰত স্বৰগ ভাঙি পৰে । উল্লেখ্য যে অসম-বংগ সীমান্তত সক্ৰিয়হৈ থকা গৰুৰ অবৈধ ব্যাৱসায়ী চক্ৰ এটাই অসম তথা বহি:ৰাজ্যৰ পৰা গৰু আনি বাংলাদেশলৈ চালান দি ৰম ৰমীয়া ব্যাৱসায় অব্যাহত ৰাখিছে । গৰুৰ অবৈধ ব্যাৱসায়ৰ সুযোগ গ্ৰহণ কৰি অন্তৰাষ্ট্ৰীয় জাল নোট ব্যাৱসায়ী চক্ৰই গৰুৰ বিনিময়ত জাল নোট সমুহ গৰু ব্যাৱসায়ৰ লগত জড়িত লোকৰ জড়িয়য়তে অসমলৈ প্ৰেৰণ কৰা বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে । ঘটনা সম্পৰ্কত ভূক্তভোগী প্ৰফুল্ল ৰায়ে আজি আমিৰ হামজাৰ বিৰুদ্ধে কাজিগাঁও থানাত এখন ইজাহৰ দাখিল কৰে । আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে আচল ৰহস্য ওলাই পৰিব । 

সমষ্টিৰ উন্নয়ন আগত, ৰাজনীতি পিছত : ভূপেন বড়ো

  টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰা পঞ্চায়ত খনৰ স্থায়ী কাৰ্যালয় গৃহ আৰু প্ৰায় ৫লাখ টকাৰে নিৰ্মাণ কৰা গেট আৰু পকী বেৰৰ বুধবাৰে উদ্বোধন কৰা হয়  । কাৰ্যালয় গৃহ উদ্বোধন কৰে বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োই আৰু গেট আৰু পকী বেৰ উদ্বোধন কৰে নলবাৰী জিলা মুখ্য কাৰ্যবাহী বিষয়া ড: জয়ন্ত কুমাৰ গোস্বামীয়ে । যুৱ নেতা জয়ন্ত কলিতাই আতধৰা উক্ত অনুষ্ঠানত উদ্বোধক দ্বয় ভূপেন বড়ো আৰু ড: জয়ন্ত কুমাৰ গোস্বামীয়ে যোৱা ২ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰা  অসমৰ ভিতৰত স্বচ্ছতা চেম্পিয়ন বঁটা লাভ কৰা ৪৫ নং পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়ত খনৰ সভানেত্ৰী ইলোৰা ডেকাৰ কাম কাজৰ ভূয়সী প্ৰশংসা কৰি ভৱিষ্যতে সমাজৰ  উন্নয়ন মূলক কামেৰে আগবাঢ়ি যাবলৈ পঞ্চায়ত সভানেত্ৰী ইলোৰা ডেকাক পৰামৰ্শ আগবঢ়াই   । অনুষ্ঠানত টিহু উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন,  সমাজকৰ্মী ধ্ৰুৱজ্যোতি বৰুৱা আদি কেইবাজনেও পঞ্চায়ত খনৰ কাম-কাজৰ শলাগ লয়  ।  সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত অ-বড়ো প্ৰধান অঞ্চলত বৰমাৰ বিধায়কে কাম নকৰাৰ অভিযোগ খণ্ডন কৰি বিধায়ক ভূপেন বড়োই প্ৰথমে সমষ্টিৰ উন্নয়ন আৰু পিছত হে ৰাজনীতি কৰিব বুলি কয় । আনহাতে উপ-নিৰ্বাচনত ইউ পি পি এল দলে প্ৰাৰ্থী থিয় কৰোৱা  তামুলপুৰ আৰু গোসাইগাও দুয়োটা সমষ্টিতে জয়লাভ নিশ্চিত বুলি ঘোষণা কৰে  । পঞ্চায়ত খনৰ সভানেত্ৰী ইলোৰা ডেকাই সকলোকে শলাগৰ শৰাই আগবঢ়ায়  । 

২৮ নং গোসাইগাঁও সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰৰ নাম ঘোষনা

.বহু জল্পনা কল্পনাৰ অন্তত আজি ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফ দলে এ আই ইউ ডি এফ দলৰ গোসাইগাঁও জিলাৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷ইউ ডি এফৰ নেতা খাইৰুল আনাম খন্দকাৰক  ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাত ইউ ডি এফ দলৰ কৰ্মী সমৰ্থক উৎফল্লিত হৈ পৰিছে ৷ইউ ডি এফ দলৰ প্ৰাৰ্থী গৰাকীক সমষ্টিটোৰ শ্ৰীৰামপুৰ চাৰিআলিত দলীয় কৰ্মকৰ্তা সকলৰ লগতে সমৰ্থক সকলে ফুলাম গোমছা ,ফুলৰ মালাৰে সম্বৰ্ধনা জনায়৷ ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি কয় যে এ আই ইউ ডি এফ দলৰ বিজয় গোসাইগাঁও সমষ্টিত নিশ্চিত ৷কাৰণ বিজেপি দলৰ ভূৱা আশ্বাস ,প্ৰতিশ্ৰুতি আৰু সাম্প্ৰদায়ি বিষবাষ্প ৰাজনীতিত ৰাইজ বিতুষ্ট হৈ পৰিছে ৷উপ নিৰ্বাচনৰ জৰিয়তে শাসনাধিষ্ঠ  দল বিজেপিক উচিত জবাব ৰাইজে দিব সেয়া এক প্ৰকাৰ খাটাং ৷অনুষ্ঠানত সমষ্টিটোৰ শ্ৰীৰামপুৰ চাৰিআলিত এ আই ইউ ডি এফৰ দলীয় কৰ্মকৰ্তা সকলৰ লগতে  সমৰ্থক সকল উপস্থিত আছিল।