Home Blog Page 2810

বিহালী উন্নয়ন খণ্ডৰ নবনিৰ্মিত কাৰ্য্যালয় ভৱন শুভ উদ্ধোধন বিধায়ক ৰঞ্জিত দত্তৰ

বিহালী আঞ্চলিক পঞ্চায়ত উন্নয়ন পুঁজি আঁচনিৰ অধীনত নিৰ্মাণ হোৱা বিহালী খণ্ড উন্নয়নৰ  নৱনিৰ্মিত  ভৱনটি বুধবাৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই শুভ উদ্বোধন কৰে।উদ্বোধন সময়ত  উপস্থিত থাকে   খণ্ড উন্নয়ন বিষয়া দেৱাশীষ গোস্বামী,আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গীতা দাস  বিহালী খণ্ড উন্নয়ন কাৰ্য্যালয়ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ভূপেন বৰুৱা, অভিযন্তা কুশল বৰা লগতে  বিষয়া কৰ্মচাৰী,আঞ্চলিক পঞ্চায়তৰ সদস্য,সদস্যাসকল প্ৰমুখ্যে বশিষ্ট ব্যক্তি সকল । ইফালে বিধায়ক গৰাকীয়ে উদ্বোধন কৰি ক খণ্ড উন্নয়ন কাৰ্যালয়টোৰ নিৰ্মাণে উন্নয়নমূলক কাম কাজত অধিক গতিশীলতা আনিব লগতে ৰাইজো যথেষ্ঠ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।লগতে বিধায়ক গৰাকীয়ে উন্নয়ন খণ্ডৰ চৌহদত লখিমী আত্ম সহায়ক গোট,শুকানসূঁতি ৰ দ্বাৰা আৰম্ভ কৰা “খাদ্য বিপনী” খনৰো শুভ উদ্বোধন কৰে। 

চৰাইদেউৰ সাপেখাতীত সংঘটিত হ’ল এক জঘণ্য কাণ্ড

চৰাইদেউৰ সাপেখাতীত সংঘটিত হ’ল এক জঘণ্য কাণ্ড ৷ পাষান পিতৃৰ কামনাৰ বলি হ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰী ৷ অসম অৰুণাচল সীমান্তৱৰ্তী চৰাইপুঙ আৰক্ষী থানা এলেকাৰ নগাহাট ডাবলু হাবি গাওঁত সংঘটিত হৈছে এই জঘণ্য কাণ্ড । পাষাণ পিতৃ চিমন ধনি (৫৮) য়ে নিজা তোলনীয়া কন্যাৰ ওপৰত চলাইছিল নিৰ্যাতন ৷ ঘৰত কোনো নথকাৰ মুহুততেই পাষান পিতৃয়ে কন্যাৰ ওপৰত চলাই আহিছিল নিৰ্যাতন ৷ কিশোৰী গৰাকী স্বাস্থ্যৰ কিছু অৱনতি ঘটাত মাতৃয়ে ১ অক্টোবৰত সাপেখাতীত স্বাস্থ্য পৰীক্ষা কৰাত চিকিৎসকে কিশোৰী গৰাকী ৭ মাহৰ অন্তসত্বা বুলি জানিব দিয়াত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ উক্ত দিন ধৰি সম্প্ৰতি পলাতক হৈ আছে পাষান পিতৃ গৰাকী । কিশোৰীগৰাকীৰ ন্যায় বিচাৰি পত্নীয়ে কাষ চাপিব আৰক্ষীৰ ৷

হাতীধূৰা ব্লক কংগ্ৰেছ কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুক সম্বৰ্ধনা

সুদীৰ্ঘ ৪৫ বছৰ কংগ্ৰেছৰ দখলত থকা ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টি পুনৰ উদ্ধাৰ এইবাৰ হবই ৷বিগত নিৰ্বাচনত মহাজোঁটৰ প্ৰাৰ্থী গোসাইগাঁও সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈছিল ৷সেই অনুপাতে গোসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলৰে জয় হব ৷এইদৰে কয় ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জুৱেল টুডুৰ ৷ আজি সমষ্টিৰটোৰ শ্ৰীৰামপুৰস্হিত হাতীধূৰা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী টুডুক ব্লক কংগ্ৰেছ ,জিলা কংগ্ৰেছ ,মণ্ডল কংগ্ৰেছে বিপুলভাৱে সম্বৰ্ধনা জনায় ৷সম্বৰ্ধনা জনোৱাৰ অন্তত এক  সংবাদমেলৰ জৰিয়তে কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুয়ে   কয় যে বি পি এফ দলৰ পৰা ১৫ টা বছৰে গোসাইগাঁও সমষ্টি দখলত ৰাখিবলৈ সক্ষম হৈছিল যদিও সমষ্টিৰ উন্নয়ন কৰিবলৈ সক্ষম নহল ৷ইউ পি পি এল দলে  মোক বাহিৰৰ সমষ্টিৰ মানুহ বুলি যি অভিযোগ কৰিছে  সেয়া ভিওিহীন ৷কাৰণ মই গোসাইগাঁও সমষ্টিত ২০ বছৰ ধৰি আছো আৰু ইয়াত মোৰ  বাসগৃহ আছে ৷কংগ্ৰেছৰ  প্ৰাৰ্থী জুৱেল টুডুয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছ কমিটিক ধন্যবাদ জ্ঞাপন কৰে আৰু কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মমিনুৰ ইছলামৰ লগতে সম্পাদকক ধন্যবাদ জ্ঞাপন কৰে ৷সভাৰ অন্তত পেট্ৰল,ডিজেল আদি কৰি বিভিন্ন সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত বিজেপি দলক সংবাদ মাধ্যমৰ আগত ক্ষুৰধাৰ সমালোচনা কৰে কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মমিনুৰ ইছলামে।

“শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰা” শীৰ্ষক গ্ৰন্থৰ বাৱে জামুগুৰিহাটৰ লেখক নিলোৎপল বৰুৱালৈ “সাহিত্য বঁটা

গুৱাহাটীৰ সাহিত্যানুষ্ঠান “সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে  প্ৰতি বছৰে একোজন প্ৰতিভাবান যুৱ লেখকক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত উদগণি যোগোৱাৰ বাবে “সাহিত্য বঁটা” প্ৰদান কৰি আহিছে ৷  সেই অনুসৰি সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে বিগত ২০১৯ বৰ্ষৰ বাবে এই বঁটা প্ৰতিভাবান লেখক নীলোৎপল বৰুৱালৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। কৰোনা মহামাৰীজনিত কাৰণত বঁটা প্ৰদান অনুষ্ঠানটো যথা সময়ত অনুষ্ঠিত নোহোৱাত এইবাৰ ১১ অক্টোবৰৰ দিনা আজাৰাত অনুষ্ঠিত হ’বলগীয়া “শৰতৰ দুপৰীয়া” অনুষ্ঠানত বঁটাটি আনুষ্ঠানিকভাৱে নীলোৎপল বৰুৱাক প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে নীলোৎপল বৰুৱাক বাদুংদুপ্পা কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আণ্ডাৰ দ্যা শাল ট্ৰিৰ বাবে বিখ্যাত প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ জীৱন ভিত্তিক উপন্যাস “শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰাৰ” বাবে সাহিত্য চৰ্চা কেন্দ্ৰই এই বঁটাৰ বাবে মনোনীত কৰে। নীলোৎপল বৰুৱাৰ এই উপন্যাসখন ইতিমধ্যে ইংৰাজী ভাষালৈও অনূদিত হৈছে। যুৱ লেখক সাহিত্যিক নীলোৎপল বৰুৱাৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে তেওঁলৈ এই বঁটাটি প্ৰদানৰ কথা ঘোষণা কৰি সাহিত্য চৰ্চা কেন্দ্ৰৰ যুটীয়া সম্পাদক ড০ ভৱেশ দাস আৰু ড০ পৰিতোষ চক্ৰৱৰ্তীয়ে জনায় যে একেটা অনুষ্ঠানতে সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী দিগন্ত বিশ্ব শৰ্মা আৰু কামেশ্বৰ ব্ৰহ্মকো সম্বৰ্ধনা জনোৱা হ’ব।উল্লেখযোগ্য যে শুক্ৰাচাৰ্য ৰাভা: যাত্ৰা আৰু মাত্ৰা শীৰ্ষক গ্ৰন্থখনৰ বাবে অসম সাহিত্য সভাই নীলোৎপল বৰুৱাক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা ২০২০ প্ৰদান কৰিছিল।শুক্ৰাচাৰ্য ৰাভা, যাত্ৰা আৰু মাত্ৰা গ্ৰন্থখন ইতিমধ্যে ইংৰাজী ভাষালৈ -Sal Soul Sukracharjya নামৰে অনূদিত হৈছে। অসমীয়া নাটকৰ নতুন সম্পৰীক্ষা, প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ ফিজিকেল থিয়েটাৰ শৈলীক লৈ এক নতুন ধাৰাৰ বিষয়ে লিখা গ্ৰন্থখন দেশ বিদেশৰ সমালোচকৰ দ্বাৰা চৰ্চিত হৈছে।

ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰখ্যাত শিল্পী হৰেন দাসলৈ “লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা”

ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ প্ৰখ্যাত অভিনেতা, গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী তথা গোকুল পাঠকৰ বৈঠকীৰ সংগী বিজনী নিবাসী হৰেন দাসলৈ আগবঢ়োৱা হৈছে ২০২১বৰ্ষৰ “লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা”। এই কথা জানিবলৈ দিছে গোকুল পাঠক স্মৃতি সুৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক কমলেশ বৈশ্যই ৷ ১৪ অক্টোবৰত পালন কৰা হ’ব বৰপেটাৰ মহীৰূহ শ্ৰীশ্ৰীমথুৰা দাস বুঢ়াআতা বঁটাপ্ৰাপক, বিষ্ণুৰাভা বঁটা প্ৰাপক , বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা লোকসংগীত শিৰোমণি শিল্পী সাহিত্যিক গোকুল পাঠকৰ জন্মদিন ৷ উক্ত দিনাই বৰপেটা সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’বলগীয়া এটা  অনুষ্ঠানত ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী হৰেন দাসক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷  উল্লেখ্য যে ২০১৩ বৰ্ষৰপৰা আৰম্ভ কৰা লোকসংগীত শিৰোমণি শ্ৰীগোকুল পাঠক বঁটা প্ৰতিবছৰে অসমৰ সাহিত্য, কলা সংস্কৃতিৰ আজীৱন সেৱক- সেৱিকালৈ প্ৰদান কৰাৰ ব্যৱস্থা হৈছে।২০১৩ বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় লোকশিল্পী তপন চন্দ্ৰ ভৰালীক।২০১৪ বৰ্ষত এই বঁটা প্ৰদান কৰা হয় কামৰূপী লোকগীত ৰেডিঅ’ আৰু মঞ্চৰ মাধ্যমেৰে জনপ্ৰিয় কৰি তোলা সুপ্ৰসিদ্ধ গায়ক ডিম্বেশ্বৰ দাস, ২০১৫ বৰ্ষত সত্ৰীয়া সংস্কৃতিৰ একান্ত সেৱক জগন্নাথ বায়ন, ২০১৬ বৰ্ষত অসমৰ বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মা,২০১৭ বৰ্ষৰ বাবে অসমৰ বিশিষ্ট সংগীত শিল্পী অসম জীয়াৰী স্বনামধন্য অৰ্চনা মহন্ত, ২০১৮ বৰ্ষৰ বাবে কামৰূপী লোকসংগীতৰ শিল্পী স্নেহলতা, ২০১৯ বৰ্ষত বিশিষ্ট গীতিকাৰ সুধীৰ দাস,২০২০ বৰ্ষত কামৰূপী লোকসংগীতৰ বিশিষ্ট শিল্পী ধনদা পাঠক আৰু এইবছৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ প্ৰখ্যাত শিল্পী গোকুল পাঠকৰ সংগী হৰেন দাসক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। ১৪ অক্টোবৰত শিল্পী , সাহিত্যিক গোকুল পাঠকৰ ৯৬ সংখ্যক জন্মদিন বিশেষ দিন হিচাপে উদযাপন কৰাৰ বাবে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে গোকুল পাঠক স্মৃতি সুৰক্ষা সমিতিয়ে। স্মৃতি সুৰক্ষা সমিতিৰ সহকাৰী সম্পাদক নাৰায়ণ পাঠকে সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।

মিজোৰামত আত্মঘাতি বোমাৰু স্বামী

মিজোৰামত এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। মিজোৰামৰ লুংলেই জিলাত সংঘটিত এক আত্মঘাতি বোমা আক্ৰমণত এজন ৬২ বছৰীয়া ব্যক্তিয়ে তেওঁৰ প্ৰাক্তন পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো মঙলবাৰে লুংলেই জিলাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ (লুংলেই জিলা পৰিকল্পনা পৰিষদ) কাৰ্যালয়ৰ সন্মুখত চানমাৰী ৱেং এলেকাত সংঘটিত হৈছিল।বাতৰি অনুসৰি, পাচলি বিক্ৰেতা ৬১ বছৰীয়া পাই লালথিয়াংলিমাই তেওঁৰ ৪০ বছৰীয়া জীয়েকৰ সৈতে পাচলি বিক্ৰী কৰি আছিল, যাৰ এটা সৰু দোকানো আছিল। পাই লালথিয়াংলিমাইৰ ৪০ বছৰীয়া জীয়েকৰ মতে, ৬২ বছৰীয়া পু ৰোহিংলিয়ানা অঞ্চলটোলৈ আহিছিল আৰু প্ৰথমে তেওঁৰ প্ৰাক্তন পত্নীৰ কাষত বহিছিল। ৰোহিঙ্গল্যনাই তেওঁৰ প্ৰাক্তন পত্নীক স্থানীয় চিগাৰেট উলিয়াবলৈ অনুৰোধ কৰিছিল। চিগাৰেট জ্বলোৱাৰ পিছত, ৰোহিঙ্গল্যনাই জ্বৰৰ বাবে মূৰ ঘূৰোৱাৰ অভিযোগ কৰিছিল আৰু হঠাতে তেওঁৰ প্ৰাক্তন পত্নীক সাৱটি ধৰিছিল, যাৰ পিছত এটা প্ৰচণ্ড বিস্ফোৰণ হৈছিল।৬১ বছৰীয়া মহিলা আৰু পু ৰোহিংলিয়ানা দুয়োকে এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হৈছিল। অৱশ্যে, বিস্ফোৰণটোত মৃত মহিলাগৰাকীৰ জীয়েক আঘাতপ্ৰাপ্ত হোৱা নাই।এইটো সন্দেহ কৰা হৈছে যে বিস্ফোৰণটোত জিলেটিন ব্যৱহাৰ কৰা হৈছিল যিটো তেওঁ কাপোৰৰ ভিতৰত লুকুৱাই ৰাখিছিল বুলি অভিযোগ কৰা হৈছে, লুংলেই জিলা আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই কয়।

বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা বিশেষভাৱে সক্ষম লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ তম জন্ম জয়ন্তীৰ পালন কৰাৰ পিছত ইয়াৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে ২‍১ দিনীয়াকৈ এক সেৱা আৰু সমৰ্পণৰ কায্যসূচী হাতত লৈছে। এইকাৰ্যসূচীৰ অংশ হিচাপে কালি বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ এটি সঁজাতী দলে কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা, কালুবাৰী, পথালিপাৰা, বৰুৱা-বালিঝাৰ আদি বিভিন্ন ঠাইত একাংশ বিশেষভাৱে সক্ষম লোকৰ মাজত হুইল চেয়াৰ, ট্ৰাই চাইকেল, শ্ৰৱন সহায়ক,  চকুৰ যন্ত্ৰ আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰে। সঁজাতী দলটোৱে প্ৰধান নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সেৱাৰ মনোভাৱেৰে দৰিদ্ৰ, নিৰীহ, নিপীড়িত লোকক সহায়ৰ বাবেই ওলাই অহাৰ কথা অৱগত কৰাৰ লগতে আগন্তক সমায়ত পৰ্যায় ক্ৰমে সমগ্ৰ অসমতে ৰাইজক সহায়ৰ বাবে পদক্ষেপ হাতত লব বুলি কয়। সঁজাতী দলটোত বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াজ কুজুৰ, উপ-সভাপতি ক্ৰমেখলিলুৰ ৰহমান, তবিবুৰ ৰহমান, খাইৰুল ইছলাম, আব্দুছ ছালাম, অঞ্জুমা বেগম,সাধাৰণ সম্পাদকদ্বয় ছহিদুল ইছলাম,মোস্তাফ উদ্দিন আহমেদ, কাৰ্যালয় সম্পাদক যশপাল সিঙ, কাৰ্যনিৰ্বাহক সদস্য ওচমান গনি, আলাউদ্দিন আৰু ইলিয়াছ আলী উপস্থিত থাকে ।

গোলাঘাটৰ গুদামত পচিছে দমে দমে মূল্যবান ঔষধ

-গোলাঘাটত বহু দৰিদ্ৰ লোকে এটা ঔষধ বিচাৰি হাবাথুৰি খোৱাৰ সময়তে পোহৰলৈ আহিছে অন্য এক  ঘটনা।জানিব পৰা মতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ গুদামত বহু মূল্যবান ঔষধ পচিব ধৰিছে।যি ঘটনাই এতিয়া সৰ্বত্ৰে পতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ভুক্তভোগী ৰাইজৰ অভিযোগ অনুসৰি ৰাইজে চৰকাৰে প্ৰদান কৰা ঔষধ বিচাৰি গলে দিবলৈ অপাৰগ হোৱা চিকিৎসাকৰ্মী সকলে গুদামত এনে বহু মূল্যবান ঔষধ নষ্ট কৰি দিয়া পৰিলক্ষিত হৈছে।ফলত ম্যাদ উকলি যোৱা এই ঔষধ সমূহ পচিবলৈ আৰম্ভ কৰিছে আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে এই ঔষধসমূহ পেলাই দিয়া দেখিবলৈ পোৱা গৈছে। কাৰ গাফিলতিত এনেদৰে গুদামত ঔষধ পচিবলৈ ধৰিছে সেই লৈ এতিয়া সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। অতি সোনকালে এই ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে।ইফালে সচেতন মহলেও এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে।

অসমৰ লগতে পশ্চিম বংগটো আধুনিক সংগীত তথা বিহু গীতে অসংখ্য জনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে

নগাঁৱৰ এগৰাকী অতি প্ৰতিভাসম্পন্ন চিনাকি কণ্ঠৰ শিল্পী হৈছে বিজয় বিশ্বাস । নগাঁৱৰ ইটাচালী নিবাসী তথা নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী পৰিকল্পনা বিষয়া বিজয় বিশ্বাসে নিজৰ সুমধুৰ কন্ঠৰে ইতিমধ্যেই বহুতো সংগীতানুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । শিল্পী গৰাকীয়ে অতি ব্যস্ততাপূৰ্ণ চাকৰি জীৱনৰ মাজতো বিশেষকৈ আধুনিক অসমীয়া আৰু বঙালী গীতৰ চৰ্চাৰে এগৰাকী কণ্ঠ শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অসংখ্য অসমীয়া ,বাংলা আৰু হিন্দী গীতত  কণ্ঠ নিগৰাইছে বিজয় বিশ্বাসে । ইয়াৰ উপৰিও দুটা দশকৰ পূৰ্বেই ১৯৯৪ চনতেই আকাশ বাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে প্ৰথম এগৰাকী অনাতাঁৰ শিল্পীৰ স্বীকৃতি লাভ কৰিছিল তেওঁ । তেতিয়াই তেওঁ নগাঁৱৰ স্থানীয় চেনেল ‘নগাঁও টকচ্’ আৰু বিএম চিৰ এগৰাকী নিয়মীয়া শিল্পী আছিল আৰু সেই ধাৰা এতিয়াও অব্যাহত আছে । অসমীয়া জনপ্ৰিয় ধাৰাবাহিক  ‘সূৰ্য্যস্নান’ আৰু ‘ককাদেউতাৰ দেউতাৰ হাৰ’ত তেওঁ ধাৰাবাহিক দুখনৰ শীৰ্ষ গীতটো পৰিবেশন কৰিছিল । ঠিক তেনেকৈ ২০১৩ চনত সৰ্বভাৰতীয় সংগীত সমাৰোহ ‘সুৰ নন্দন ভাৰতী’ত  কলিকতাৰ ‘ বিৰলা একাডেমী অৱ আৰ্ট এণ্ড কালচাৰত ‘ আয়োজিত সমাৰোহতো গীত পৰিবেশন কৰিছিল তেওঁ । বিজয় বিশ্বাসৰ সংগীতৰ এই সোনসেৰীয়া যাত্ৰাৰ বাবে কলিকতাৰ ‘সুৰ নন্দন ভাৰতীয়ে ‘ ২০১৬ চনত তেওঁক “নন্দন শ্ৰী” আৰু ২০১৯ চনত “সুৰ নন্দন” বটা প্ৰদান কৰে । ইয়াৰ উপৰিও কলিকতাৰ ‘উত্তৰ বাংলা চেনেল’ আৰু ‘চি টি ভি এন চেনেলত 2013 চনৰ পৰাই তেওঁ গীত পৰিবেশন কৰি আহিছে । ইপিনে যাদৱপুৰ বিশ্ববিদ্যালয় চৌহদত দুবাৰকৈ সংগীত পৰিবেশন কৰিছে তেওঁ । এফ এম ৰেডিঅ’ৰ জড়িয়তে প্ৰচাৰ হৈছিল এই অনুষ্ঠান ।  অসমৰ জনপ্ৰিয় চেনেল ‘নিউজ লাইভ’, ‘প্ৰাগ নিউজ’ , কলিকতাৰ ‘ আমাৰ চেনেল’, ‘চেনেল ৱান’, কে লৈ বহু চেনেলত বহু গীত পৰিবেশন কৰাৰ লগতে গুৱাহাটী দুৰৰ্দশনতো তেওঁ এটা অনুষ্ঠান সম্প্ৰচাৰ হৈছিল ২০১৮ চনত ।  বিজয় বিশ্বাসৰ ইতিমধ্যে পাচটা গীতৰ এলবাম মুকলি হৈছে । সেই এলবাম সমূহ হৈছে “প্ৰিয়াসী”(বাংলা) “কেচা মাতিৰ গোন্ধ”(অসমীয়া), “মৰমে ৰিঙিয়াই”(অসমীয়া), “অ কুলি-কেটেকী”(অসমীয়া), “সোনৰ মইনা”(লোকসংগীত) । বিজয় বিশ্বাসৰ প্ৰিয় শিল্পী হৈছে ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু কিশোৰ কুমাৰ । উল্লেখযোগ্য যে কলিকতাৰ বিভিন্ন চেনেলত তেওঁ পৰিবেশন কৰা অসমৰ বিহু গীতে অতি জনপ্ৰিয়তা লাভ কৰিছিল । ভয়াবহ কভিড পৰিস্থিতিৰ সময় খিনিটো এই গৰাকী শিল্পীয়ে নিজৰ ঘৰতে পত্নী পুত্ৰৰ সহযোগিতাত বিভিন্ন কালজয়ী গীত চৰ্চা আৰু সমাজিক মাধ্যমৰ জড়িয়তে প্ৰচাৰ কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল ।

ৰাজকন্যা বৰুৱাক দিছপুৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে

বুধবাৰে পুৱা গুৱাহাটীত ৯ জন পিডব্লিউডি শ্ৰমিকক প্ৰহাৰ কৰা প্ৰাক্তন মডেল ৰাজকন্যা বৰুৱাক পুনৰ পৰীক্ষা কৰিবলৈ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (জিএমচিএইচ) ৬ জনীয়া চিকিৎসকৰ এটা দলে ৰাজকন্যাৰ চিকিৎসা পৰীক্ষা কৰিছিল যাৰ পিছত চিকিৎসকসকলে প্ৰকাশ কৰিছিল যে তেওঁৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা নাই।ৰাজকন্যাৰ চিকিৎসা প্ৰতিবেদনত কোৱা হৈছে, “এনে কোনো গুৰুতৰ বা তীব্ৰ অৱস্থা নাছিল যিয়ে তেওঁক চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন আছিল। নিদানিক আৰু জৈৱৰাসায়নিক প্ৰতিবেদনত বিভিন্ন নিদানিক নম্বৰ এপাচিই আৰু আৰটিএছ প্ৰয়োগ কৰা হৈছিল যি তাইক আইচিইউ ছেটআপ/চিকিৎসা ভৰ্তিত ৰাখিবলৈ উপযুক্ত নহয় (চিটি মগজু আৰু এক্স-ৰে গ্ৰীৱাৰ মেৰুদণ্ড স্বাভাৱিক সীমাৰ ভিতৰত)। তেজৰ অনুসন্ধান স্বাভাৱিক সীমাৰ ভিতৰত।”ওপৰোক্ত ফলাফলবোৰৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁ প্ৰয়োজনীয় লোকসকলৰ বাবে আই/অ’ৰ সন্মুখত উপস্থিত হ’বলৈ উপযুক্ত আৰু কোনো চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন নাই। যিকোনো চিকিৎসাজনিত জৰুৰী কালীন অৱস্থাত তেওঁ জিএমচিএইচ জৰুৰীকালীন বিভাগ/অ’পিডি লৈ আহিব পাৰে।” প্ৰতিবেদনত যোগ দিয়া হৈছে।শেহতীয়া ঘটনাত, দিছপুৰ আৰক্ষীয়ে বুধবাৰে মিছ ইণ্ডিয়াৰ প্ৰাক্তন ফাইনেলিষ্ট ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ কৰে । জিএমচিএইচ পেনেলে দিচপুৰ এচিপিৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ পিছত ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে যে তেওঁৰ কোনো স্বাস্থ্যজনিত জটিলতা নাই আৰু সম্পূৰ্ণসুস্থ আছে।