Home Blog Page 2815

মাত্র কেইঘণ্টামানৰ ভিতৰতে মাৰ্ক জুকাৰবাৰ্গে 6 বিলিয়ন ডলাৰ হেৰুৱাইছে।

ছ’চিয়েল নেটৱৰ্কিং ছাইট আৰু মেচেজিং এপ 7 ঘণ্টাতকৈও অধিক সময়ৰ বাবে ক্ৰেছ হৈছিল, প্ৰথমে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 9:10 বজাত প্ৰতিবেদন দিয়া হৈছিল।ফেচবুকৰ মালিকানাধীন এছ এম জায়ান্টছ – ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম ব্যাহত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে মাৰ্ক জুকাৰবাৰ্গে 6 বিলিয়ন ডলাৰ হেৰুৱাইছে।ফেচবুকে এক আনুষ্ঠানিক বিবৃতি জাৰি কৰিছে, “আমাৰ ওপৰত নিৰ্ভৰ কৰা সমগ্ৰ বিশ্বৰ মানুহ আৰু ব্যৱসায়ৰ বিশাল সম্প্ৰদায়লৈ: আমি দুঃখিত। আমি আমাৰ এপ আৰু সেৱাসমূহৰ প্ৰৱেশাধিকাৰ পুনৰুদ্ধাৰ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছো আৰু সেইবোৰ এতিয়া অনলাইনলৈ ঘূৰি আহিছে বুলি জনাবলৈ পাই সুখী। আমাৰ সৈতে সম্পৰ্ক ৰাখিবলৈ আপোনাক ধন্যবাদ।”

ওদালগুৰি জিলা সাহিত্য সভাৰ ‘গল্প সাধনা বঁটা’ প্ৰদান কাৰ্যসূচী আৰু ‘মনোজ্ঞ আলোচনা চক্ৰ’

বামুণজুলি সাহিত্য সভাৰ উদ্যোগত স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত  ৩ অক্টোবৰত ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্ব ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পোনপ্ৰথমবাৰৰ বাবে ‘গল্প-সাধনা বঁটা,২০২১’ প্ৰদান কাৰ্যসূচীটি ৰূপায়ণ কৰা হয়৷ জিলাখনৰ প্ৰতিষ্ঠিত আৰু উদীয়মান গল্পকাৰ সকলক অনুপ্ৰাণিত কৰাৰ উদ্যেশ্যে ২০২০-২২ কাৰ্যবৰ্ষৰ পৰা প্ৰতি দুবছৰত এই বঁটা প্ৰদান কৰা হ’ব বুলি সম্পাদক ড* পবিত্ৰ শৰ্মাই উল্লেখ কৰে।৷ এইবেলি ‘বংশীধৰ কলিতা সোঁৱৰণী গল্প-সাধনা বঁটা, ২০২১’ ৰে জিলা সভাই  অসমীয়া গল্প সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ,’সৰ্ব ভাৰতীয় কথাবঁটা’ৰে বিভূষিত লেখক, টংলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক মাননীয় জয়ন্ত কুমাৰ চক্ৰৱৰ্তীদেৱক সন্মানিত কৰা হয়৷ ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি  পুনুৰাম কলিতা পিতৃ প্ৰয়াত বংশীধৰ কলিতাদেৱৰ সোঁৱৰণত আগবঢ়োৱা এই বঁটাত আছে ক্ৰমে – এখন গামোচা,এখন চেলেং , এখন শৰাই, এটি জাপি,এখন সম্বৰ্ধনা পত্ৰ, এটি কিতাপৰ টোপোলা আৰু নগদ পাঁচ হাজাৰ টকা৷ বামুণজুলি সাহিত্য সভাৰ শিল্পীবৃন্দই উদ্বোধনী গীত পৰিবেশনেৰে মুকলি কৰা  সভাখনত  দুটি একক গীত পৰিবেশনেৰে সভাৰ সৌস্তভ বৃদ্ধি কৰে সুগায়িকা ছাত্ৰী ক্ৰমে নৱনীতা ডেকা আৰু দীপশিখা তালুকদাৰে৷ স্ব-ৰচিত কবিতা পাঠ কৰে ছাত্ৰী পূজা দেৱীয়ে৷সম্বৰ্দ্ধনাৰ অন্তত গল্প সম্পৰ্কে এটি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷ বঁটা প্ৰাপক চক্ৰৱৰ্তী দেৱৰ গাম্ভীৰ্যপূৰ্ণ ভাষণেৰে আজিৰ আলোচনা চক্ৰটি ৰূপায়ণ কৰা হয়৷ আজিৰ অনুষ্ঠানৰ  আন এটি সোণত সুৱগা দিশ আছিল টংলা মহাবিদ্যালয়ৰ উপাধ্যক্ষা, বিশিষ্ট অনুবাদ গল্পকাৰ ড° অঞ্জলি চক্ৰৱৰ্তী বাইদেৱে কলিকতাৰ প্ৰতিষ্ঠিত লেখক সুকুমাৰ ৰুজৰ বিজ্ঞানভিত্তিত গল্পগ্ৰন্থ ‘মেচিন এজ ডট কম’(Machine age dot com)ৰ অসমীয়ালৈ একে নামেৰেই অনুবাদ কৰা নৱতম গ্ৰন্থখনৰ উন্মোচন৷ওদালগুৰি জিলা সাহিত্য সভাৰ ইতিহাসত এক নৱসংযোজন হিচাবে বিবেচিত  অনুষ্ঠানৰ শেষত অসম সংগীত পৰিবেশনেৰে সভাৰ সামৰণি মৰা হয়৷

লামডিং কালিবাড়ীত শাৰদীয় দূৰ্গা পূজাক লৈ লামডিং পুৰহিত সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক

 সমাগত শাৰদীয় দূৰ্গা পূজা কিন্ত এইবাৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া কৰোণা প্ৰটোকলৰ সকলো নীতি নিয়ম মানি অনুস্থিত হ’ব শাৰদীয় দূৰ্গা পূজা৷ লামডিং কালিবাডী মন্দিৰৰ ভিতৰত লামডিংৰ দূর্গা পূজাৰ আয়োজক লৈ লামডিং পুৰহিত কমিটিৰ সকলো সদস্যই একত্ৰিত হৈ  এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰে ৷ সভাৰ মূল উদ্দেশ্য হৈছে স্বাস্থ্য বিভাগে দিয়া কভিট প্ৰটকল অনুসৰি এই বাৰ শাৰদীয় দুৰ্গা পূজাত কেৱল পেকেট হিচাবেহে  প্ৰসাদ বিতৰণ কৰিব পাৰিব ৷ এই বাৰ পূজাত সকলো ৰাইজৰ মন বেয়া হৈছে যদিও ৰাইজৰ স্বাস্থৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে দিয়া সকলো নীতি নিয়ম মানি চলিব বুলি মন্তব্য কৰে লামডিংৰ পুৰহিত সমিতিৰ সদস্য সকলে। সকলো পুৰহিতে কভিড ভেকচিন লব লাগিব ৷ কভিড ১৯ সকলো নিয়ম নীতি মানিহে মা দূৰ্গা পূজা কৰিব পাৰিব পুৰহিত সকলে ৷ শাৰদীয় দুৰ্গা পূজা মহোৎসৱ  ক’ভিড প্ৰট’কল ৰক্ষা কৰি জিলা প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে  অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হব। সেই অনুসৰি অহা ১১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ দুৰ্গা পূজা এইবাৰ সকলো জাকজমকতা পৰিহাৰ কৰি অনুষ্ঠুপীয়াকৈ পালন কৰা হব। লামডিং পুৰহিত সমিতিয়ে এক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰি কয় যে এইবাৰ ক’ভিড বিধি অনুসৰি দুৰ্গা পূজা স্থলীত কোনোধৰণৰ দোকান পোহাৰ নথকাৰ লগতে অনুষ্ঠিত নহ’ব কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান। ক’ভিড বিধি ৰক্ষা কৰি অনুষ্ঠিত হব লগা দুৰ্গপূাজাৰ স্থলীত সামাজিক দূৰত্ব, মাক্স পৰিধান বাধ্যতামূলক কৰি বৈদিক নীতি নিয়মৰ মাজেৰে দূৰ্গা পূজা পালন কৰা হব। আনকি পূজা স্থলীত ব্যৱহাৰ নহ’ব মাইক আদিও।  লামডিং পুৰহিত সমিতিয়ে পুজাৰ কাৰ্য্যসূচী সমুহত ৰাইজৰ সক্ৰিয় সহায় সহযোগ কামনা কৰি পূজা স্হলীলৈ ৰাইজক মাস্ক পৰিধান কৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে পূজা স্থলীত সেনেটাইজাৰ , মাস্ক, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে। লামডিং পুৰহিত সমিতিৰ  সম্পাদক বিপ্লৱ চক্ৰবৰ্ওী,  সহ সম্পাদক শিব প্ৰসাদ চক্ৰবৰ্ওী আৰু শাদন ভট্টাচাৰ্য, উপ-সভাপতি শবুদ চক্ৰবৰ্ওী,কাৰ্য্যকৰী সদস্য বিশ্বজিত চক্ৰবৰ্ওী, ৰমা প্ৰসাদ চক্ৰবৰ্ওী, খোকন চক্ৰবৰ্ওী উপস্থিত থাকি সাংবাদিকৰ কেমেৰাৰ আগত লামডিংৰ পুৰহিত কমিটিৰ সদস্য সকলে বহুতো গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকো সৌজন্যমূলক সাক্ষাত মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সীমা সমস্যা সমাধান সমিতিৰ অধ‍্যক্ষ শ্ৰী পীযুষ হাজৰীকাই কাষৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙৰ সৈতে অসম চৰকাৰৰ তৰফৰ পৰা বিধায়কদ্বয় অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাক লগত লৈ এখন বৈঠকত মিলিত হয় | কামৰূপ মেট্ৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিট সিঙ উপস্থিত থকা আলোচনাকালত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান সমিতিৰ সদস্যসকলে অহা ৯ অক্টোবৰত পিলিংকটা, বৰপথাৰ, গণেশ নগৰ আৰু ২ নং খানাপাৰা আদি সীমামূৰীয়া অঞ্চল সমূহ পৰ্যবেক্ষণ কৰি এক চৰজমিন তদন্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

পাছত মন্ত্ৰী পীযুষ হাজৰীকাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক তেখেতৰ কাৰ্যালয়ত এক সৌজন্যমূলক সাক্ষাৎ কৰে । এই সাক্ষাতকালত মন্ত্ৰীজনে দীৰ্ঘ দিনীয়া সীমা সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঐতিহাসিক পদক্ষেপৰ বাবে দুয়োগৰাকী নেতাকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে ৰাজ্যদুখনৰ সীমা বিবাদে অতি সোনকালেই এক স্থায়ী সমাধান লাভ কৰিব ।

ৰৌতাত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত গোঁসাইগাওঁ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষনা

 ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন  ৪অক্টোবৰত  ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি বিআইচিচি হ’লত  দিনৰ ১ বজাত অনুষ্ঠিত হৈ যায় ।  এই  ৰাজনৈতিক দলটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োই । গোঁসাইগাঁও  সমষ্টিটোৰ  কাৰণে বিপিএফ প্ৰাৰ্থী হিচাপে ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ নামটো  সভাপতি  হাগ্ৰামা মহিলাৰীয়ে  সদৰি কৰা সভাখনত আগন্তুক উপ নিৰ্বাচনৰ বিষয়ে আলোচনা   কৰি  কেবাটাও বিষয়ৰ ওপৰত গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । তামুলপুৰ  সমষ্টিটোৰ বাবে  ৪অক্টোবৰৰ  সভাই কোনো সমাধানৰ উপায় বিচাৰি নোপোৱা সভাখনত কালাইগাঁও  বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োই দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ দিশত বহলাই সাৰুৱা বক্তব্য আগবঢ়ায় । সভাখনত পশ্চিম কোকৰাঝাৰ  বিধানসভা  সমষ্টিৰ  বিধায়ক ৰবিৰাম নাৰ্জাৰী , মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু বিটিচিৰ বিপিএফ দলৰ এমচিএলএ সকলৰ লগতে কেন্দ্ৰীয় সমিতিখনৰ প্ৰায় পাঁচ শতাধিক প্ৰতিনিধি উপস্থিত আছিল । ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু  মাজবাট সমষ্টি বিপিএফ সমিতিৰ সহযোগত এই কাৰ্যনিৰ্বাহক  সভাখন ৪অক্টোবৰ অনুষ্ঠিত হয় ।ৰৌতাত  বিজেপিৰে পুনৰ মিত্ৰতাৰ কথা  পুনৰ ঘোষণা কৰিছে বিপিএফৰ চিফ হাগ্ৰামা মহিলাৰীয়ে ।হব লগীয়া উপ নিৰ্বাচনৰ এক সন্ধিক্ষনত  বিটিচিৰ ৰাজনৈতিক বতাহ আকৌ দিনক দিনে পৰিবৰ্তনত দিশত গতি কৰিবলৈ লৈছে ৷ বিজেপিৰে বিপিএফৰ মিত্ৰতা চুড়ান্ত হোৱাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ। মাত্ৰ আনুষ্ঠানিকতাহে বাকী বুলি মন্তব্য  কৰিছে  হাগ্ৰামা মহিলাৰীয়ে ৪অক্টোবৰত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বিপিএফ নেতৃত্বৰে হোৱা আলোচনাত মিত্ৰতাই চূড়ান্ত ৰূপত প্ৰকাশ হৈছে ৷ ৰৌতাৰ সভাখনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি দলীয় বিধায়ক আৰু শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিজেপিৰে হোৱা মিত্ৰতা আৰু আগন্তুক উপ নিৰ্বাচন সন্দৰ্ভত আলোচনা  আৰু পৰ্য্যালোচনা কৰা হয় ৷ আনহাতে ইউপিপিএল দলেও গোঁসাইগাওঁ আৰু তামুলপুৰ সমষ্টি দুখনৰ বাবে প্ৰাৰ্থীৰ নাম ইতিমধ্যে  প্ৰকাশ কৰিছে ৷কোকৰাঝাৰৰ জিলাৰ  গোঁসাইগাওঁ সমষ্টিত বিজেপি মিত্ৰজোটৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বণ্ডীতা কৰাৰ  সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷  বিপিএফে  প্ৰাৰ্থী নিদিয়া সমষ্টিত দলে ইউপিপিএলক সহায় কৰিব নে বিজেপিক সহায় কৰিব সেই সম্পৰ্কত  প্ৰশ্নত মহিলাৰীয়ে কোনো  ৰাজনৈতিক দলৰ নাম নোলোৱাকে মিত্ৰজোঁটক প্ৰত্যক্ষ ভাবে সহায় কৰিব বুলি মন্তব্য আগবঢ়ায়।

আগ্ছু হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা সম্পন্ন

সদৌ অসম গোৰ্খা ছাত্র সন্থা (আগ্ছু)  ওদালগুৰি জিলা সমিতিৰ হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা যোৱা ৩ অক্টোবৰ তাৰিখে সাতঘৰীয়া প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আঞ্চলিক সমিতিৰ সভাপতি ইন্দ্ৰ প্ৰধানৰ সভাপতিত্বত সম্পন্ন হৈ যায়। আঞ্চলিক সমিতিৰ সহ সম্পাদক দীপক বিশ্বকৰ্মাই সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰাৰ পিছত সাধাৰণ সম্পাদক সাজন মিশ্ৰই বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে। প্ৰতিনিধি সভাৰ আগে আগে  লিচিং আৰু সাতঘৰীয়া শাখা সমিতিৰ সদস্য/সদস্যা সকলক শপতগ্ৰহণ কৰায় ওদালগুৰি জিলা সমিতিৰ সাংগঠনিক সম্পাদক নবীন চন্দ্ৰ দাহালে। প্ৰতিনিধি সভাত ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়া,সহ সম্পাদক কিশোৰ কাশ্যপ পৰ্য্যবেক্ষক হিছাপে উপস্থিত থাকি প্ৰতিনিধি সভা পৰিচালনা কৰে। প্ৰতিনিধি সভাত অহা দুবৰৰ বাবে নবীন চন্দ্ৰ দাহালক সভাপতি, নাৰায়ণ প্ৰধান, মনোজ ঘিমিৰে আৰু সাজন মিশ্ৰক উপ সভাপতি, দীপক বিশ্বকৰ্মাক সাধাৰণ সম্পাদক, বিনোদ দাহাল, মনোজ থাপা আৰু টীকামায়া মগৰক সহ সম্পাদক হিছাপে লৈ মুঠ একত্ৰিশ জনীয়া সমিতি পুনৰ গঠন হয়। উক্ত প্ৰতিনিধি সভাত আগ্ছু ওদালগুৰি জিলা সমিতিৰ উপদেষ্টা মনোজ হাং ৰাই, আগ্ছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য অৰ্জুন ঘিমিৰে, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি দেৱৰাজ নেউপানে, হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি মনোজ ৰাই, স্থানীয় সমাজ সেৱকৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত হৰিশিঙা আঞ্চলিক আগ্ছুৰ প্ৰতিনিধি সভা সফলতাৰে সম্পন্ন হয় বুলি সংগঠনটোবে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে ৷

ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউলৰ বস্তাত ওলাল অদ্ভূত চাউল

ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কুঁৱৰী পুখুৰী প্ৰাথমিক বিদ্যালয়ত যোগান বিভাগে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত যোগান ধৰা চাউলৰ বস্তাত ওলাল আচৰিত ধৰণৰ অদ্ভূত চাউল। কোনো দিনে দেখি নোপোৱা মুড়ি সদৃশ  অদ্ভূত  চাউল দেখি ছাত্ৰ ছাত্ৰীৰ অভিভাৱক  তথা শিক্ষক শিক্ষয়িত্ৰী হতভম্ব হৈ পৰে।কাহানিও নেদেখা আৰু নুশুনা চাউল দেখি অভিভাৱক সকলে  কুকাৰত বয়ল কৰি চোৱাত দেখে যে চাউল সিদ্ধ হোৱাৰ পৰিৱৰ্তে পানীত উপঙি থকা দেখি প্ৰধান শিক্ষক গৰাকীয়ে শিলপোতা সমবায় সমিতিৰ সম্পাদকক প্ৰশ্ন সুধাতস্পষ্টকৈ সম্পাদক গৰাকীয়ে এইবিধ চাউল ভিটামিন যুক্ত বুলি কোৱাৰ কথা জানিব দিয়ে । 

উল্লেখ্য যে অসম চৰকাৰৰ যোগান মন্ত্ৰীয়ে যোগান ধৰা এই মুড়ী সদৃশ, পানিত উপঙা সিদ্ধ নোহোৱা চাউল বিধ যদি প্ৰকৃততে ভিটামিন যুক্ত চাউল হয় তেনেহলে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিব লাগিছিল আৰু তাৰ পিছত যোগান ধৰিব লাগিছিল বুলি প্ৰধান শিক্ষক গৰাকীয়ে যোগান বিভাগলৈ ক্ষুৰধাৰ সমালোচনা কৰে।কিন্তু প্ৰকৃততে যোগান বিভাগে যোগান ধৰা মুৰি সাদৃশ চাউল ভিটামীন যুক্ত হয় নে ইয়াৰ আৰত কি সৰযন্ত্ৰ জৰিত হয় আছে পৰৱৰ্তি পৰ্যায়ত হে লক্ষণীয় হব।

কটন বিশ্ববিদ্যালয়ৰ যুৱ অভিযন্তা সুৰজিত তালুকদাৰৰ মৃত্যুত শোক প্ৰকাশ

অভিযন্তা সুৰজিত তালুকদাৰৰ (২৭) যোৱা ২ অক্টোবৰ ২০২১ তাৰিখে সৰুপেটাস্থিত নিজ বাসগৃহৰ পুখুৰীত সাঁতুৰি থকা অৱস্থাত আকস্মিক মৃত্যু ঘটে ৷ বিশ্ববিদ্যালয়খনৰ যুৱ অভিযন্তা সুৰজিতৰ এই আকস্মিক মৃত্যুত সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিত তেখেতৰ আত্মাৰ সদগতিৰ বাবে কটন পৰিয়ালৰ তৰফৰ পৰা দিনৰ ১২ বজাত বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখনি শোকসভা অনুষ্ঠিত কৰা হ’য় আৰু সন্ধিয়া ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ মুল প্ৰৱেশ দ্বাৰত বন্তি প্ৰজ্বলন কৰা হয়। অতি শোকাকুল হৈ পৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নম্ৰ আৰু দক্ষ অভিযন্তা সুৰজিৎক সকলোৱে আবেগিক হৈ বিশ্ববিদ্যালয়ৰ প্ৰতি থকা অৱদানৰ কথা স্মৰণ কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰে। ইয়াৰ লগতে কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এক শোকবাৰ্তা প্ৰেৰণ কৰা হ’য়৷

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ সজাগতা সভা

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অনুষ্ঠিত “আজাদী কা অমৃত মহোৎসৱ” শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ এটি সজাগতা শিৱিৰৰ আয়োজন কৰা হয় ৷ পুৱা দহ বজাত নগাঁও আদালৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ নং ৩ কাৰ্যালয়ৰ প্ৰাংগনত উক্ত শিৱিৰটি মুকলি কৰে জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সচিব মৃনাল নিউপানেই ৷ শিৱিৰ মুকলি কৰা অনুষ্ঠানত সচিব মৃণাল নিউপানে “আইন সকলোৰে বাবে” শীৰ্ষক এখন সূচনা পত্ৰৰ বিতৰণ কৰি অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ আগবঢ়োৱা আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা কোন সকল লোকে আইনী সাহায্য লাভ কৰিব পাৰে, সেই সন্দৰ্ভত আলোকপাত কৰে ৷

ইয়াৰ ওপৰি আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ উদ্যোগত ২ অক্টোবৰৰ পুৱা নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সচিব মৃণাল নিউপানেই ৷ লগতে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক পদযাত্ৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী সকলৰ ওপৰি নগাঁও আইন মহাবিদ্যালয় ছাত্ৰছাত্ৰী আৰু নগাঁও ছোৱালী মহাবিদ্যালয় ছাত্ৰী সকলে ৷ ইয়াৰ ওপৰি দুপৰীয়া নগাঁও আইন মহাবিদ্যালত আয়োজন কৰা হয় এক তৰ্ক প্ৰতিযোগিতা ৷

উল্লেখ্য যে,আজাদি কা অমৃত মহোৎসৱ শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা জিলা খনৰ প্ৰতিটো প্ৰান্তত মাহজোৰা এক বিস্তৃত কাৰ্য্যসুচীৰে বিভিন্ন সজাগতা মূলক কাৰ্য্যসুচী,দৰিদ্ৰ নিচলা,নিস্পেষিত,বঞ্চিত লোক সকলে বিনামূলীয়া আইনী সেৱা লাভ কৰাৰ সন্দৰ্ভত এনেদৰে আইনী শিৱিৰ আয়োজনৰ দিহা কৰা হৈছে বুলি আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সচিব মৃণাল নিউপানেই জানিবলৈ দিছে ৷ আজিৰ এই শিৱিৰ মুকলি অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা সকল ক্ৰমে বিতুপন কোৱঁৰ,লিজা বৰা,দ্বীপেন শইকীয়া,আশ্বাদুল ইছলাম মুল্লা,পাপুমনি বৰা,জ্যোতিৰেখা কাকতি আদি উপস্থিত থাকে ৷ শিৱৰত শতাধিক দৰিদ্ৰ, নিচলা,বঞ্চিত,নিস্পেষিত,আইনী সাহায্যৰ পৰা বঞ্চিত লোকে অংশগ্ৰহণ কৰে ৷ 

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

বিগত ২৬ বছৰ অসমৰ কুইজৰ ক্ষেত্ৰখনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে তেখেত। মিতালী সংঘ, টিহুৰ ‘বিহুৰে বিৰিণা পাত’ৰপৰা ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’, ‘নৱকান্ত সোঁৱৰণ’লৈ – বিশেষকৈ অসম বিষয়ক কুইজত তেখেতে লাভ কৰি আহিছে প্ৰশংসনীয় সফলতা ৷ অসমৰ কুইজত নাৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত নতুন বাট কাটি দিয়া এইগৰাকী জ্যেষ্ঠ কুইজাৰ্ডৰ প্ৰথমখন কুইজৰ কিতাপ আজি উন্মোচন কৰা হ’ল গুৱাহাটী প্ৰেছ ক্লাৱত । উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, প্ৰসিদ্ধ কুইজ পৰিচালক ড° অমৰজ্যোতি চৌধুৰী । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস ।
অনুষ্ঠানত তেখেতৰ ‘প্ৰৱন্ধ সুবাস’ নামৰ আন এখন গ্ৰন্থও উন্মোচন কৰা হয়। লগতে অ আ ক খৰ তৰফৰপৰা আয়োজন কৰা হয় ‘অসমৰ নাৰী’ বিষয়ক এখন লিখিত কুইজ ৷ প্ৰতিযোগিতাখনত Ankurjyoti Sarma ই প্ৰথম, Hiranya Kumar Barman -এ দ্বিতীয়, Manash Pratim Baruah আৰু দীপাঞ্জলি ভট্টাচাৰ্যই তৃতীয় আৰু ভাস্বতী চৌধুৰীয়ে চতুৰ্থ পুৰস্কাৰ লাভ কৰে ৷ সমগ্ৰ অনুষ্ঠানটো সুন্দৰভাৱে আঁত ধৰে আবৃত্তিকাৰ, কুইজাৰ্ড Ankita Goswami -এ ৷ বিভিন্ন দিশত সহায়-সহযোগিতা আগবঢ়াই Pankaj Sarma , Girish Barman আৰু Dhan Deka ই ৷