Home Blog Page 2819

পানেৰীত আছাৰ উদ্যোগত আদিবাসী সকলৰ জাতীয় উৎসৱ উদযাপন

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কচুবিল বাগিছা গাওঁ প্ৰাথমিক গোটৰ উদ্যোগত আৰু পানেৰী অঞ্চলিকৰ সহযোগত আদিবাসী জাতীয় কৰম উৎসৱ উদযাপন কচুবিল বাগিছা গাওঁত এদিনীয়া কাৰ্য্যসুচীৰে অনুস্থিত কৰা হয়। উক্ত কৰ্য্যসুচীৰে অনুসৰী আছাৰ পতাকা উত্তোলন কৰে ৰাজা এক্কা সভাপতি পানেৰী অঞ্চলিক সমিতি আছা, কৰম ধজ্জা উত্তোলন কৰে জয়পাল মুণ্ডা সভাপতি  আভ্যৰ্থনা সমিতিৰ, স্বহীদ তৰ্পণৰ তৰ্পক আকিলা পুৰ্তি প্ৰাক্তন সভাপতি ওদালগুৰি জিলা সমিতি আছা আৰু খগেন তাঁতী উপ-সভাপতি ওদালগুৰি জিলা সমিতি আছা, বৃক্ষ ৰোপন কৰে হৰেশ্বৰ কলিতা সভাপতি অসম সাহিত্য সভা ওদালগুৰি জিলা সমিতি, যুবক-যুবতী সকলৰ খেল ধেমালি, কৰম আখাৰা উদ্বোধক অৰ্পনা মেধি এম চি এল এ বিটিআৰ,  কৰম দাল স্থাপন ও বিধিগত ভাবে পুজা অৰ্চনা, আমন্ত্ৰীত অতিথিবৃন্দকৰ চিনাকি পৰ্ব, সন্ধিয়া বাৰেবৰনীয় আদিবাসী সাংস্কৃতি নৃত্য  প্ৰদৰ্শন।এই কৰম উৎসব পৰ্বত উপস্থিত থকা আছাৰ ওদালগুৰি জিলা প্ৰাক্তন সভাপতি আকিলা পুৰ্তি কয় যে,এই কৰম উৎসব টি কৃষি ভিক্তিক উৎসব।  এই উৎসব পালনৰ যোগেদি তেওঁলোকৰ ঐতিহ্য পুৰ্ণ কলা-কৃষ্টি সমুহ বিশ্বদৰবাত প্ৰতিস্থা কৰাৰ এক প্ৰয়াস।  মুখ্য মন্ত্ৰী  ড: হিমন্ত বিশ্ব শৰ্মা যে কৰম উৎসব বন্ধ ঘোষণা কৰাক লৈ আদিবাসী সকলে ধন্যবাদ জ্ঞাপন কৰে। কিন্ত্ত তেওঁলোকে আক্ষেপৰে কয় যে এই চৰকাৰী  বন্ধ টো এক ললি প’প সদৃশ। যিহেতু এই বন্ধত কেবল মাত্ৰ চৰকাৰী কৰ্মচাৰী সকলেহে উপভোগ কৰিবলৈ পালে কিন্ত্ত বেছিভাগ আদিবাসী লোক চাহ বাগিচাত কৰ্মৰত কিন্ত্ত তেওঁলোকক বাগিচা কৃতত্বপক্ষয় বন্ধ ঘোষণা নকৰিলে। সেয়ে তেওঁলোকে এই উৎসব টোক চৰকাৰী উৎসব হিচাপে কেলেণ্ডাৰ ত অন্তভুক্ত কৰিবলৈ দাবী জনায়।

নৱ প্ৰেৰণাৰে জগত জিনাৰ সপোন কেইজনমান নিচা মুক্ত যুৱকৰ

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৃহৎ বেচৰকাৰী অনুষ্ঠান  আৰ,কে,মচাং মেমৰীয়েল চচাইটিৰ দ্বাৰা পৰিচালিত মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰৰ পৰা  আৰোগ্য লাভ কৰা যুৱকৰ দ্বাৰা প্ৰদৰ্শনী  মূলক ফুটবল খেলৰ আয়োজন কৰে চাংলাং জিলা প্ৰশাসন আৰু আৰ, কে, মচাং, মেমৰীয়েল চচাইটি’য়ে। অৰুণাচল প্ৰদেশৰ অন্যতম সৰ্ববৃহৎ বেচৰকাৰী অনুষ্ঠান আৰ কে মচাং মেমৰীয়েল চচাইটিয়ে ১৯৯৩ চনৰ পৰা অৰুণাচল প্ৰদেশৰ চাংলাং আৰু টিৰাপ জিলাৰ বিভিন্ন অঞ্চলত শিক্ষা,স্বাস্থ্য আৰু জীৱিকাৰ ওপৰত ধাৰাবাহিক ভাৱে অৱদান আগবঢ়াই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । অনুষ্ঠানটোৱে বিভিন্ন সময়ত অৰুণাচল প্ৰদেশৰ বিভিন্ন গাঁৱৰ উঠি অহা নৱপ্ৰজন্ম ৰাগীয়াল দ্ৰব্য , ড্ৰাগছ, কানি, সুৰা ইত্যাদি সেৱনত আসক্ত হৈ বিপথে পৰিচালিত হোৱা প্ৰত্যক্ষ কৰি আহিছে। এই নিচাসক্ত যুৱকসকলক  নিচামুক্ত কৰি তোলাৰ উদ্দেশ্যে প্ৰায় এমাহ পূৰ্বে অৰুণাচল প্ৰদেশৰ বৰডুমচাত এক মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। আৰ,কে,মচাং মেমৰীয়েল চচাইটিয়ে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সৈতে ড্ৰাগছ আসক্ত  যুৱক সকলক আসক্ত মুক্ত কৰাৰ উদ্দেশ্যে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত অৰুণাচল প্ৰদেশ চৰকাৰে ১০ গৰাকী যুৱকৰ বাবে মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰ এটা মুকলি কৰিবলৈ পুঁজি আৱন্তন দিয়ে যদিও চাংলাং জিলাৰ অতিকৈ দুৰ্গম কেৱল লঙ্কা আৰু লুংভি গাওঁ দুখনতে প্ৰায় ৪০ গৰাকীৰো অধিক ড্ৰাগছ আসক্ত যুৱকে নিজৰ জীৱনটোকে তুচ্ছ জ্ঞান কৰি একপ্ৰকাৰ গাঁৱৰ পৰিবেশ বিনষ্ট কৰি তোলে।

তেনে ক্ষেত্ৰত আৰ,কে,মচাং মেমৰীয়েল চচাইটিৰ চেয়াৰ মেন কমেলি মচাং আৰু সংস্থাটোৰ সঞ্চালক অৰূপ কুমাৰ চৌধুৰীয়ে চাংলাং জিলা উপায়ুক্ত দেৱান্স যাদৱৰ লগত আলোচনাত মিলিত হৈ ড্ৰাগছৰ প্ৰতি আসক্ত যুৱক সকলক দ্ৰুতগতিত আৰোগ্য কৰি তোলাৰ উদ্দেশ্যে উক্ত কেন্দ্ৰত চিকিৎসাৰ বাবে অনুমতি বিচাৰে । এই ক্ষেত্ৰত চাংলাং জিলা উপায়ুক্ত মহোদয়ে ১০ জনৰ আৱন্তনৰ বিপৰীতে প্ৰায় ৪২ জন ড্ৰাগছ আসক্ত যুৱকক উক্ত মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰত চিকিৎসাৰ বাবে  প্ৰয়োজনীয় সকলো যাৱতীয় সুবিধা প্ৰদান কৰে। এমাহৰ ভিতৰতেই চাংলাং জিলাৰ লঙ্কা আৰু লুংভি গাঁৱৰ ড্ৰাগছ আসক্ত যুৱক সকল আসক্ত মুক্ত হোৱাত শুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰস্থিত ষ্টেডিয়ামত দুয়োখন গাৱঁৰ যুৱক সকলৰ মাজত প্ৰদৰ্শনীমূলক ভাৱে এখন ফুটবল খেল অনুষ্ঠিত হয়।  এই ক্ষেত্ৰত আৰ কে মচাং মেমৰীয়েল চচাইটিৰ চেয়াৰমেন কমেলি মচাং , সঞ্চালক অৰূপ কুমাৰ চৌধুৰী আৰু চাংলাং জিলাৰ উপায়ুক্ত দেৱান্স যাদৱ সকলোৰে অশেষ প্ৰচেষ্টাত নৱ প্ৰজন্মৰ এই সকল যুৱকক পুনৰ জনম দিয়া বুলি জানিবলৈ দিয়ে খোদ যুৱকসকলে।লগতে যুৱক সকলে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে যে ভৱিষ্যতে কেতিয়াও এনে ধৰণৰ অসৎ পথেৰে তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা নকৰে আৰু উঠি অহা নৱ প্ৰজন্ময়ো যাতে এনে ধৰণৰ বদ অভ্যাসৰ কৱলত নপৰে তাৰ বাবে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি যাব।

গান্ধীজীৰ আদৰ্শৰ মাৰ্গদৰ্শন আমাৰ আদৰ্শ হোৱা উচিত: জগদীশ মুখী

২অক্টোবৰ এক পবিত্ৰ আৰু মহত্বপূৰ্ণ দিন।বৃটিচৰ কবলৰ পৰা ভাৰতক ৰক্ষাৰ বাবে বাপুজীয়ে যি  অহিংসা নীতিৰে আন্দোলন কৰি ভাৰতক ৰক্ষা কৰিব পাৰিছিল তাৰ বাবে তেওঁলৈ মোৰ কোটী কোটী প্ৰনাম।হিংসাৰে একো জয়ী কৰিব নোৱাৰি,অহিংসাই প্ৰধান অস্ত্ৰ। ২অক্টোবৰত  ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা  গান্ধীজীৰ ১৫২ সংখ্যক গান্ধী জয়ন্তী উপলক্ষে পেৰেড গ্ৰাউণ্ডত আয়োজিত সভাত ৰাজ্যপাল প্ৰফেচৰ জগদীশ  মুখীয়ে এইদৰে কয়।ৰাজ্যপাল মুখীয়ে লগতে কয়- ক্ষুদ্ৰ ক্ষুদ্ৰ  অৱদানেৰে জয়ী সম্ভৱ হয়।গান্ধীজীৰ অহিংসা আন্দোলনক ভাৰতৰ লক্ষ লক্ষ জনতাই সমৰ্থন কৰিছিল।সকলো দিশতে ২অক্টোবৰত গান্ধীজীৰ সপোন বাস্তৱত পৰিনত হৈছে।পৰিস্কাৰ পৰিচ্ছন্নতা আৰু স্বচ্ছতাই গান্ধীজীৰ জীৱনৰ  মুখ্য লক্ষ্য আছিল।গান্ধীজীয়ে  নেতৃত্ব বহন কৰি  সামাজিক দিশৰ উন্নয়ন বিচাৰিছিল।তেওঁ কোনো ধৰণৰ  ৰাজনীতি বিচৰা নাছিল।লক্ষ্য পবিত্ৰ হলেহে সকলো দিশতে আগবাঢ়িব পাৰি আৰু গান্ধীজীৰ লক্ষ্য পবিত্ৰ আছিল বাবেই সকলো দিশতে সফল হব পাৰিছিল।

আজিৰ আন্দোলনৰ সত্যাগ্ৰহ কোনো প্ৰকৃত সত্যাগ্ৰহ  নহয়।সত্য আৰু  অসিংহাৰ মাজেৰে সত্যাগ্ৰহত প্ৰতিজ্ঞা কৰা উচিত বুলি তেওঁ লগতে উল্লেখ কৰে।পিছত ৰাজ্যপাল মুখীয়ে সাংবাদিক সকলেৰে মত বিনিময় কৰি গান্ধীজীৰ আদৰ্শ সম্পৰ্কে অৱগত কৰি মাগদৰ্শন কৰিবলৈ আহ্বান জনায়।উক্ত সভাত উপস্থিত থাকি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয়-  গান্ধী জয়ন্তী দিনটো  ৰাষ্ট্ৰীয় অহিংস দিৱস হিচাপেও পালন কৰি অহি হৈছে।আমি তেওঁৰ আদৰ্শ আৰু মাগ দৰ্শন জীয়াই ৰাখিব লাগিব।এসময়ৰ হিংসা জৰ্জৰ জিলালৈ শান্তি ঘুৰি আহিছে।হাতত অস্ত্ৰ লোৱা সকলো এতিয়া মূলসূতিলৈ ঘুৰি আহিছে।সেয়ে আমি এখন শান্তিকামী ৰাষ্ট্ৰৰ নাগৰিক হোৱাটো কামনা কৰো বুলি উল্লেখ কৰে।গান্ধীজীৰ ভজননেৰে আৰম্ভ কৰা এই অনুষ্ঠানত  আদৰণি ভাষন পাঠ কৰে জিলা উপায়ুক্ত ডা:পি উদয় প্ৰবীনে।আজিৰ এই সভাত বিটিআৰ’ৰ কাৰ্যবাহী দিগন্ত বৰুৱা,ড° নিলোৎ স্বৰ্গীয়াৰী,এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী,পৌৰপতি ৰাকেশ চন্দ্ৰ বড়ো,জ্যেষ্ঠ নাগৰিক সকলৰ লগতে ভালেমান বিশিষ্টলোক উপস্থিত আছিল।শেষত অসম সংগীতেৰে সভাৰ সামৰণি পৰে।শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত উপায়ুক্ত দেবেশ্বৰ বৰাই।

বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত আলোচনী আৰু কবিতা পুথি উন্মোচন

দেৰগাঁৱৰ সমীপবৰ্তী   বৃহত্তৰ বহুপথাৰ আঞ্চলৰ অগ্ৰণ  সাহিত্য অনুষ্ঠান বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত  নামনি বহু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাখনিৰ আৰম্ভণীতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ  সমিতিৰ উপ সভাপতি বিজয় কুমাৰ গগৈয়ে। বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ সম্পাদক ৰঞ্জিত গগৈয়ে আঁতধৰা অনুষ্ঠানটিত   বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ ছয় মাহিলী আলোচনী “খোজ”  উন্মোচন কৰে অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় উপসভাপতি ৰাজেন পূজাৰীয়ে। ইয়াৰ পাছতেই শিক্ষয়িত্ৰী বীণা বৰুৱা ফুকনৰ কবিতা পুথি “শতৰূপা” উন্মোচন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ অমিয়া গগৈয়ে। বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ সভাপতি মানিক গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত  অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰাতুল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সহকাৰী সম্পাদক টুটুমনি নাথ, অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সদস্য জ্যোতি জনাৰ্দন বৰা, লব্ধপ্ৰতিষ্ঠ কবি নেত্ৰজ্যোতি গগৈ হাজৰিকা, কৃতী শিক্ষক অপূৰ্ব হাজৰিকা, সমাজ কৰ্মী পৰেশ গগৈ, থানেশ্বৰ গগৈ, সিদ্ধিনাথ গগৈ আৰু নামনি বহু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত দাসকে ধৰি অঞ্চলটোৰ বহুকেইজন গন্য মান্য ব্যক্তিৰ লগতে শতাধিক সাহিত্য অনুৰাগী উপস্থিত থাকে।

ওদালগুৰিত গান্ধী জয়ন্তী পালন

ওদালগুৰি নগৰৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান গোলমাগাও উচ্চ মাধ্যমিক বিদ্যালয়তো ২অক্টোবৰত  মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে উদযাপন কৰা হয়। আজি ৰাতিপুৱা ঌ বজাত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ ছেত্ৰীয়ে গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ পাছত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে ক্ৰমে জেষ্ঠ শিক্ষক কমল উপাধ্যায় আৰু সহকাৰী প্ৰধান শিক্ষক ধীৰেন্দ্ৰ নাথ বৰুৱাই। পিছত কেবাজনো শিক্ষক- শিক্ষয়িত্ৰীয়ে জাতিৰ পিতা গৰাকীৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ।শিক্ষক-শিক্ষয়িত্ৰী সকলে গান্ধীৰ বিখ্যাত ৰামধুন ” ৰঘুপতি ৰাঘব ৰাজা ৰাম ”  সংগীতটোও সমস্বৰে  পৰিবেশন কৰে ।

মাজবাটৰ চিকাৰী দাঙাত প্ৰধান মন্ত্ৰীৰ জলজীৱন পানী আচনিৰ শুভ উদ্ধোধণ

২অক্টোবৰত  ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২নং চিকাৰী দাঙা গাঁৱত প্ৰধানমন্ত্ৰী জলজীৱন পানী আচনিৰ শুভ উদ্ধোধন কৰে বিটিচিচিকাৰী দাঙা  পাচনৈ চেৰফাং পাৰিষদ  দীপক মৌৰে ৷ উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলাৰ সাধাৰণ সম্পাদক  বিৰদাউ বসুমতাৰী, ওদালগুৰি জিলা যুৱমৰ্চাৰ সাধাৰণ সম্পাদক  সমৰ হাজৰিকা  উপস্থিত থাকে ৷২নং চিকাৰী দাঙা গাঁৱৰ সভাপতি  দানেশ্বৰ বসুমতাৰী, উপস্থিত থাকে ৷পাচনৈ চেৰফাং  সমষ্টিৰ সহকাৰী  অভিযন্তা   দীম্বেশ্বৰ শৰ্মা,ঠিকাদাৰ  অজিত দৈমাৰী ,বিজেপি কাৰ্য্যকৰ্তা  শ্ৰীকান্ত দৈমাৰী, বিৰেণ দৈমাৰী, দ্বীপজোতি শৰ্মা, চাংচোমা বসুমতাৰীৰ লগতে স্থানীয় গাওঁবাসী   ৰাইজ উপস্থিত থাকে ৷

১৯৪২ৰ ঢেকিয়াজুলিৰ ছহিদ,মাজবাটৰ দয়াল দাস পাণিকাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ প্ৰস্তূতি

অসম চৰকাৰৰ শ্ৰম কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ দেৱৰ নিৰ্দেশ মৰ্মে ২অক্টোবৰত ওদালগুৰি জিলাৰ মাজবাটৰ ৰৌতা গাঁওত উপস্হিত হয় বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য শিল্পী শিৱপ্ৰসাদ মাৰাৰ ৷১৯৪২ চনৰ  ভাৰত ত্যাগ আন্দোলনৰ ঢেকিয়াজুলিৰ এগৰাকী অন্যতম ছহিদ দয়াল দাস পাণিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ উদ্দেশ্য ভাস্কৰ্য শিল্পী মাৰাৰে আজি মাজবাটৰ ৰৌতা গাঁওত উপস্হিত হৈ ছহিদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা,বংশৰ নাতি ল’ৰা তুলাৰাম পাণিকা প্ৰমূখে বংশ পৰিয়াল,স্হানীয় সমাজৰ লোকক লগ কৰি ছহিদ দয়াল দাস পাণিকাৰ শাৰীৰিক অবয়বৰ বিৱৰণৰ বুজ লয় আৰু প্ৰতিমূৰ্তিৰ প্ৰাথমিক স্কেচ অংকণ কৰে ৷শিল্পী গৰাকীক সংগ দিয়ে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকদ্বয় ক্ৰমে ৰামকৰণ গোড়,হেমন্ত কুমাৰ মাহাতো ,ওদালগুৰি মহকুমা চাহ  ও প্ৰাক্তন চাহজনজাতি কল্যাণ ব’ৰ্ডৰ সভাপতি কৈলাশ তাঁতি,ৰৌতা ভিচিডিচিৰ সভাপতি সুন্দৰ চাই গোড়,ওদালগুৰি জিলা পাণিকা সমাজৰ  সম্পাদক দিলৰাজ পাণিকা,শ্যাম পাণিকা প্ৰমূখে ব্যক্তি সকল৷

ৰাজনৈতিক ই-আলোচনীত সাংসদ দিলীপ শইকীয়াৰ দ্বিতীয় স্থান দখল

ৰাজনৈতিক ই-আলোচনী  “ৰাজনীতি অসম” য়ে চলোৱা সমীক্ষা মতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ যুৱ সাংসদ শইকীয়াই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।২০১৯ চনৰ নিৰ্বাচনত অসমৰ  পৰা নিৰ্বাচিত হৈ যোৱা ১৪ জন সাংসদ সকলৰ বিগত দুই বছৰৰ কাম কাজক লৈ ৰাইজ কিমান সন্তুষ্ট সেয়া জানিবলৈ “ৰাজনীতি অসম ” নামৰ আলোচনীয়ে যোৱা মাহৰ ছেপ্টেম্বৰ ১ তাৰিখৰ পৰা ২০ ছেপ্টেম্বৰ ২০২১ লৈ চলোৱা অপিনিয়ন পলৰ প্ৰতি ৰাইজৰ সহাঁৰি আছিল অভূতপূৰ্ব । এই অপিনিয়ন পল অনুযায়ী মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰতিনিধি আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক যুৱ সাংসদ দিলীপ শইকীয়াই দ্বিতীয় স্থান লাভ কৰাত সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ ৰাইজৰ মাজত আনন্দ বতৰাই বিৰাজ কৰা পৰিলক্ষিত হৈছে । উক্ত আলোচনীয়ে চলোৱা সমীক্ষাত সাংসদ শইকীয়াই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাত মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মায়েও সাংসদ দিলীপ শইকীয়াক আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছে । মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মায়ে লগতে কয় যে যিজন সাংসদে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ সক্ষম হৈছে । যিজন সাংসদৰ বলিষ্ঠ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিচ্ছাশ কৰি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কমিটিয়ে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰাত সাংসদ শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ মাতৃভূমি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ  বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । গতিকে তেনে সাংসদক অসম বাসী ৰাইজৰো দায়িত্ব আৰু কৰ্ত্যব আছে আৰু সেই বাবেই অসম বাসী ৰাইজৰ এই ধৰণৰ মৰম চেনেহ সাংসদ দিলীপ শইকীয়াই পাবলৈ সক্ষম হৈছে বুলি মাজবাটৰ  যুৱ নেতা কিশোৰ শৰ্মায়ে এক তাৎপৰ্যপূৰ্ণ মন্ত্যব কৰে । যুৱ নেতা কিশোৰ শৰ্মায়ে কয় যে এইটো এটা অপিনিয়ন পল আছিল এই সমীক্ষাক সন্মান জনাইছোঁ আৰু আগন্তুক লোকসভা নিৰ্বাচনত যেতিয়া সকলো ৰাইজে যেতিয়া প্ৰত্যক্ষ ভাবে ভোট দান কৰাৰ সুযোগ লাভ কৰিব তেতিয়া  মঙ্গলদৈ লোকসভা সমষ্টিৰ ৰাইজে অসমৰ ভিতৰতে প্ৰথম স্থান দি আকৌ দ্বিতীয় বাৰৰ বাবে সাংসদ শইকীয়াক জয় কৰোৱাই অনাগত দিন বোৰতো ভাৰতীয় জনতা পাৰ্টিৰ দৰে শক্তিশালী ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় কমিটিৰ দায়িত্বত থাকি অসমৰ নাম জিলিকাই ৰাখিবলৈ  যুৱ সাংসদ দিলীপ শইকীয়াক আৰু উৎসাহিত কৰাৰ বাবে ইতিমধ্যে মাজবাট ৰ লগতে সমষ্টি বাসী সাধাৰণ ৰাইজ ইতিমধ্যে প্ৰস্তুত হৈ আছে মাথোঁ অপেক্ষা সঠিক সময়ৰ বুলি যুৱ নেতা কিশোৰ শৰ্মায়ে এক মন্তব্য প্ৰকাশ কৰে । 

মাজবাটত গান্ধী জয়ন্তী

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  জন্ম দিন উপলক্ষে পালন কৰি অহা ২০ দিনীয়া সেৱা সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি   ২ অক্টোবৰ “গান্ধী” জয়ন্তীৰ দৰে গুৰুত্বপূৰ্ণ দিনত ভাৰতীয় জনতা পাৰ্টী পাচনৈ চেৰফাং মণ্ডল কমিটিৰ উদ্যোগত মাজবাট স্থিত  ভাৰত ৰত্ন ড°ভূপেন হাজৰিকা,নেতাজী সুভাষ চন্দ্ৰ বসু আৰু বীৰচা মুণ্ডা দেৱৰ প্ৰতিমূৰ্তি কেইটা চাফ চিকুন কৰা হয় |  এই কাৰ্যসূচীত বিজেপি দলীয় কাৰ্য্যকর্তা সকলৰ লগতে মাননীয় এম চি এল এ দিপক মৌৰ ,ৰাজ্যিক কাৰ্যনিৰ্বাহক জিতু কিষান দেৱ,জিলা সাধাৰণ সম্পাদক বিৰদাওঁ‌ বসুমতাৰী দেৱ,ভিচিডিচিৰ সভাপতি সকল, জিলা আৰু মণ্ডল পৰ্যায়ৰ মৰ্চাৰ বিষয় ববীয়া সকল,শক্তিকেন্দ্ৰ আহ্বায়ক সকল,মণ্ডলৰ বিষয় ববীয়া সকল আৰু বুথ পৰ্যায়ৰ বিষয় ববীয়া সকল উপস্হিত থাকি সহায় সহযোগিতা আগবঢ়ায় ।

সুৰাপান কৰা প্ৰাক্তন- মিছ ইণ্ডিয়া প্ৰতিযোগী এতিয়া জনআদালতত

প্ৰাক্তন ফেমিনা মিছ ইণ্ডিয়া, 2016 ৰ ফাইনেলিষ্ট ৰাজকন্যা বৰুৱাক যোৱা নিশা সুৰাপান কৰি প্ৰায় নজন লোকক আঘাত কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হয় । ইভেণ্ট ষ্টাইলিষ্ট হিচাপে কাম কৰা ৰাজকন্যা বৰুৱাই যোৱা নিশা তাজ ভিভাণ্টাত এটা জন্মদিনৰ পাৰ্টিৰ পৰা আহি আছিল, প্ৰায় ২ বজাত, যেতিয়া সুৰাপান কৰা ৰাজকন্যাই বেলটোলা অঞ্চলৰ ৰুক্মিণীগাঁৱৰ ওচৰত আন এখন বাহনত খুন্দা মাৰে আৰু আঠজন পিডব্লিউডি শ্ৰমিকআহত হয়, প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাটোত এজন পথচাৰী গুৰুতৰভাৱে আহত হয় আৰু তেওঁৰ এখন ভৰি হেৰুৱায়। দিচপুৰ আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া জুয়াগানন্দ বড়োৱে কয়, “তাই বাহনখনত খুন্দা মৰাৰ পিছত দৌৰিবলৈ চেষ্টা কৰিছিল কিন্তু পুনৰ আন কোনো ঠাইত খুন্দা মাৰিছিল আৰু পিছত স্থানান্তৰ কৰিব পৰা নাছিল।” বড়োৱে লগতে কয়, “আমি তাইক লগে লগে গ্ৰেপ্তাৰ কৰিছো আৰু পিছত তাইক আদালতত হাজিৰ কৰোঁ।”ৰাজকন্যাই আৰক্ষী আৰু সাংবাদিকৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল আৰু এজন সাংবাদিকৰ কেমেৰাও কাঢ়ি নিবলৈ আৰু ভাঙিবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে সুকন্যাৰ বিৰুদ্ধে আইপিচি ধাৰা ২৭৯/৩৩৮/২৯৪/৩৫৩ ৰ অধীনত গোচৰ ৰুজু কৰিছে। আহত লোকসকলক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয়। এতিয়ালৈকে কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই যদিও এজন সংকটজনক বুলি জানিব পৰা গৈছে।