নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এলেকাধীন ঘগ্ৰাপাৰৰ দামোদৰ ধাম গড়কাপ্টানী পথৰ কোৰাচৰ তলৰ চ’কৰ পৰা পূৱ দিশেৰে জানোপাৰ ২ নং নিমুৱা লাটিমা হৈ চিলিং সংলগ্ন প্ৰায় তিনি কিলোমিটাৰ পথ স্বাধীনতা ৭৫ বছৰ পিছতো পকীকৰণ নোহোৱাত আজি দুপৰীয়া ভাগত স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি ক্ষোভ প্ৰকাশ কৰে। গাঁৱখনৰ প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলা এই পথছোৱা পকীকৰণ দাবীত ৰাজপথলৈ ওলাই আহি বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গান দিয়ে। লগতে প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্টাজ হুছেইনে ভাষণ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গৃহ গাঁৱৰ লাটিমাৰ পৰা মাত্ৰ দুই কিলোমিটাৰ আঁতৰ গাঁৱখনৰ একমাত্ৰ পথছোৱা আজি পৰ্যন্ত পকীকৰণ নোহোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। লগতে নেতাগৰাকীয়ে কয় যে উক্ত পথছোৱা এজাক বৰষুণতে বোকা-পানী একাকাৰ হোৱা উপৰিও পথছোৱাৰে ছাত্ৰ-ছাত্ৰী ,পথচাৰী আৰু বেমাৰ -আজাৰ হোৱা ৰোগী অহা -যোৱা কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈ অহাৰ সমস্যা শীঘ্ৰে আঁতৰাবলৈ নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে। পিছে এই ক্ষেত্রত বিধায়ক বৰুৱাই কি ভুমিকা গ্ৰহণ কৰে সেয়া সময়হে ক’ব পাৰি। ইফালে ঘগ্ৰাপাৰ যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আনোৱাৰ হুছেইনে নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ ব্লকত শেহতীয়াভাৱে এম জি এন্ ৰেগা,চতুৰ্দশ বিত্তীয় আয়োগ,অনময় আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ ধনৰে মাস্ক -ছেনিটাইজাৰ বিতৰণতো ব্যাপক দুৰ্নীতি-সংঘটিত হোৱা লগতে বিভিন্নখন আঁচনিৰ কাম -কাজ পৰিচালনাত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিয়োগ তুলিছে। ইপিনে বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ন টা গাঁও পঞ্চায়তৰ অধিকাংশতে বিগত দিনত এম জি এন্ ৰেগা, চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিত ব্যাপক খেলিমেলি হোৱাৰ উপৰিও নিৰ্মাণত নিম্নগামী কাম কৰি চৰকাৰী ধন একাংশ পঞ্চায়ত সভাপতি,-সচিব, কনিষ্ঠ অভিযন্তা,আৰু নিৰ্মাণ সমিতিৰ সভাপতিয়ে মিলি হজম কৰাৰ তথ্য পোহৰলৈ আহিছে বুলি যুৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে অভিযোগ তুলিছে।লগতে যুৱ ছাত্ৰ পৰিষদে ইয়াকো কয় যে এই সমুহ দুৰ্নীতি -অনিয়মৰ বিৰুদ্ধে চৰকাৰ ,স্থানীয় প্ৰশাসন আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে, সংগঠনটোৱে পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ সহায়োগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।
যুৱনেতা ময়ুৰ বৰগোহাঁইক নাজিৰাৰ অৰ্দ্ধশতাধিক দল সংগঠনৰ সম্বৰ্ধনা
ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ শিৱসাগৰ জিলাৰ নৱনিযুক্ত সভাপতি ময়ুৰ বৰগোহাঁইক নাজিৰাত প্ৰায় অৰ্দ্ধশতাধিক দল সংগঠনে সম্বৰ্ধনা জনায়। স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ৰ উদ্যোগত নাজিৰা মিলন মন্দিৰ প্ৰেক্ষাগৃহত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটো সভাপতিত্ব কৰে আশ্ৰয়ৰ সভাপতি গোপাল বৰুৱাই। স্বেচ্ছাসেৱী সংগঠনটোৰ হৈ মুনীন্দ্ৰ নাথ শইকীয়াই আঁত ধৰা তথা অসমী গগৈ বৰুৱাই আদৰণি ভাসন আগবঢ়োৱা অনুষ্ঠানটোত সম্ভাৱনাময় যুৱ নেতা জনক নাজিৰা মহকুমাৰ প্ৰায় পঞ্চাশৰো অধিক দল সংগঠনে সম্বৰ্ধনা জনায়। সম্বৰ্দ্ধনা গ্ৰহণ কৰি যুৱনেতা জনে কয় যে নাজিৰাৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ সদায় প্ৰতিশ্ৰুতিবদ্ধ। ৰাজনৈতিক গণ্ডীৰ বাহিৰত থাকিও নাজিৰাৰ আৰ্থসামাজিক উন্নয়নৰ হেতু সদায় কাম কৰি যাব। ইফালে ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পাছতেই স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ৰ মূখ্য আহ্বায়ক পদৰপৰা যুৱনেতা জনে উক্ত অনুষ্ঠানতে পদত্যাগ কৰে। স্বেচ্ছাসেৱী সংগঠনটোক সদায় ৰাজনৈতিক গণ্ডীৰ বাহিৰত থাকি নিকা আৰু স্বচ্চতাৰে নাজিৰা বাসীৰ হৈ কাম কৰি যাবলৈ বৰগোহাঁইয়ে পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট লেখক তথা অধ্যাপক ডঃ জীৱন কলিতা, সমাজকৰ্মী তথ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন শৰ্মা,সমাজকৰ্মী ৰাজেশ দত্ত, প্ৰবীণ সাংবাদিক তথ সাংস্কৃতিক কৰ্মী অনুজ ৰাজখোৱা আদিকে কৰি আন ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বৃহত্তৰ চতিয়াৰ বালিজান পাতৰবস্তি খেলপথাৰত মুকলি ঝুমইৰ প্ৰতিযোগিতা
বিশ্বনাথ জিলাৰ চতিয়াস্থিত বালিজান পাতৰবস্তি খেলপথাৰত যোৱা ৰবিবাৰে ‘হনুপাম-বালিজান ২নং টঙীয়াবাসী যুৱক-যুৱতীৰ উদ্যোগত ৫ম বাৰ্ষিক মুকলি ঝুমুইৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱাৰ ভাগত জাতীয় ধ্বজা উত্তোলন কৰে সদৌ অসম পাতৰ সমাজ,পাতৰ সমাজৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক কৃষ্ণ পাতৰে আৰু শ্ৰদ্ধাঞ্জলি বেদীত মাল্য তৰ্পন কৰে সদৌ অসম পাতৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ডিম্বেশ্বৰ পাতৰে আৰু লক্ষিনাৰায়ণ পাতৰে। ঝুমইৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি সভাৰ অনুষ্ঠিত হয়। ঝুমইৰ আখড়া মুকলি কৰে মহিলা জিলা সমিতি,পাতৰ সমাজ মকৰমণি পাতৰ আৰু সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতি,পাতৰ সমাজ ৰূপলাল পাতৰ । চাহ জনগোষ্ঠীৰ লোক সংস্কৃতি ঝুমুইৰ অনুষ্ঠানটিৰ মুখ্য বক্তা প্ৰধান শিক্ষক হনুপাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বকুল চন্দ্ৰ সুতে কৰম পৰৱ আৰু ঝুমুইৰ শীৰ্ষক বিষয়ৰ ওপৰত এক বৃস্তিত বাখ্যা আগবঢ়াই। ইয়াৰ উপৰিও অসমীয়া সংস্কৃতিত ঝুমুইৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য ৰাখি পূৱ নাগশংকৰ মণ্ডল সমল ব্যক্তি জিতেন পাতৰে কয় যে অসমীয়া সংস্কৃতিত ঝুমইৰৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য ৰাখে। এই প্ৰসংগত কয় যে, যিহেতু অসমৰ হাৱা পানী সেৱন কৰি যুগ যুগ ধৰি বসবাস কৰি অহা হৈছে,তেনে পৰিপ্ৰেক্ষিতত বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ অৱদান যথেষ্ট বুলি কোৱাৰ লগতে অসম খনেও আমাৰ ঝুমুইৰ সংস্কৃতিক অসমীয়া সংস্কৃতি হিচাপে আকোঁৱালি লোৱা বাবে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ‘চামেলি মেম চাহাব’ বোলছবিত ঝুমইৰ গীতৰ প্ৰসংগ, ২০২০ বৰ্ষৰ গণতন্ত্ৰ দিৱসত দিল্লী দৰবাৰত ঝুমুইৰক অসমৰ হৈ প্ৰদৰ্শন কৰা, অসমৰ বৰ্তমানৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত প্ৰমূখ্যে অন্যান্য শিল্পী সকলে ঝুমুইৰ গীত-নৃত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ স্বীকৃতি দিছে।
আনহাতে দ্বিভাষিক অসমীয়া শিল্পীসকলেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঝুমুইৰ প্ৰদৰ্শন কৰি সন্মান দিছে। অসম চৰকাৰেও “কৰম পৰৱ” দিনা চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাটো এই সংস্কৃতিটোক সন্মান প্ৰদান কৰিছে বুলি উল্লেখ কৰে। এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে বিশিষ্ট চাহ খেতিয়ক তথা বিশ্বনাথ জিলা পাতৰ সমাজ সভাপতি হৰুৰাম দেৱৰাম পাতৰ বিশিষ্ট অতিথি নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ওমপ্ৰকাশ মহাতী, প্ৰাক্তন আটছা নেতা গনেশ তচা, বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক তথা বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেণ পাতৰসহ অঞ্চলটিৰ বহু কেইগৰাকী জেষ্ঠ গন্য মান্য ব্যক্তি উপস্থিত থাকে । মুকলি ঝুমুইৰ প্ৰতিযোগিতাৰ বিচাৰক সাংস্কৃতিক কৰ্মী নৰেন পানতাঁতি,নাৰায়ণ দাস,শিক্ষক প্ৰাণনাথ পাতৰ আৰু সমাজ কৰ্মী লক্ষিনাৰায়ণ পাতৰৰ বিচাৰকৰ দ্বাৰা বিচাৰ কৰা ৯ টা কৈ ঝুমুইৰ দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম বিজয় দলৰ স্থান দখল কৰে তেজালপট্টি চাহ বাগিচা ঝুমইৰ দল,২য় শ্ৰেষ্ঠ দল বৰপাম পাতৰবস্তি ঝুমুইৰ দল ৩য় শ্ৰেষ্ঠ দল বৰপাম ঝুমইৰ দল আৰু ধূলি চাহ বাগিছা ঝুমুইৰ দল। ইয়াৰ উপৰিও শ্ৰেষ্ঠ ঢুলীয়া বৰপাম পাতৰ বস্তিৰ কিৰণ পাতৰ ,বৰপামৰ অঞ্জনা ভূমিজ শ্ৰেষ্ঠ নাচনী আৰু তেজালপট্টী চাহ বাগিচাৰ শ্ৰেষ্ঠ ৰচিকৰ বঁটা গ্ৰহণ কৰে বিচেম্বৰ কৰ্মকাৰে।

বানপীড়িত অঞ্চলসমূহত অমিত শ্বাহৰ ‘দুৰ্যোগ মিত্ৰ যোজনা’
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (অমিত শ্বাহ) আজি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (এনডিএমএ) ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্বোধন কৰে। এই বছৰৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়বস্তু হৈছে ‘হিমালয় অঞ্চলত দুৰ্যোগঘটনাৰ বিস্তৃত প্ৰভাৱ’। অনুষ্ঠানত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, এন ডি আৰ এফ আৰু এছ ডি আৰ এফে ১৭ বছৰত দেশত দুৰ্যোগ ব্যৱস্থাপনাৰ ইতিহাস সলনি কৰিছে আৰু সমগ্ৰ দেশৰ সংবেদনশীলতাক দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে সংযুক্ত কৰাৰ বাবে কাম কৰিছে। অমিত শ্বাহে ‘দুৰ্যোগ মিত্ৰ যোজনা’ আৰম্ভ কৰিছিল আৰু কৈছিল যে এই উৎক্ষেপণে বানপীড়িত অঞ্চলত আৱদ্ধ লোকসকলক ছেকেণ্ডত সহায় কৰিব। দুৰ্যোগ মিত্ৰ ধাৰণাসন্দৰ্ভত তেওঁ কয় যে যদি কোনো অঞ্চলত দুৰ্যোগৰ খবৰ সোনকালে জনাব লাগে, তেন্তে কেৱল মানুহেহে এইটো কৰিব পাৰে, কেৱল দুৰ্যোগবন্ধুসকলেহে গাওঁসমূহত এইটো কৰিব পাৰে। আদমী মিত্ৰৰ ধাৰণাটো অতি ভাল, দুৰ্যোগৰ বাবে ৰাইজক প্ৰস্তুত কৰাটো গুৰুত্বপূৰ্ণ। অমিত শ্বাহে লগতে কয়, “২৫ খন ৰাজ্যৰ ৩০ খন বানপানীত আক্ৰান্ত জিলাত পৰীক্ষামূলকভাৱে দুৰ্যোগ মিত্ৰ আৰম্ভ কৰা হৈছে। ইয়াত ৫৫০০ দুৰ্যোগ বন্ধু আৰু দুৰ্যোগ বন্ধু যোগ দিয়া হৈছে। এতিয়া দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৩৫০ খন জিলাত দুৰ্যোগ মিত্ৰ আঁচনি ৰূপায়ণ কৰিবলৈ গৈ আছে।
আৱৰ্জনাৰ পাহাৰ সদৃশ নলবাৰীত এটা দুৰ্গন্ধময় অঞ্চল
নলবাৰী চহৰৰ উত্তৰ পাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা অঞ্চল। নলবাৰী গণেশ মন্দিৰৰ পৰা প্ৰায় দুই মিটাৰ মান নিলগৰ পাগলদিয়া নদীৰ কাষত থকা অঞ্চলটো পৰিনত হৈছে আৱৰ্যনাৰ পাহাৰ সদৃশ পৰিবেশৰ।লগতে এই আৱৰ্জনাৰ পৰা ওলোৱা দূৰ্গন্ধয় গোটেই অঞ্চলটোয়ে প্ৰদূষিত কৰি তুলিছে।নিকটৱৰ্তী গাওঁ সমূহত থকা লোকসকলে এই স্থানীয় সমস্যটোক লৈ চিন্তিত হৈ পৰিছে।কিয়নো,এই স্থানীয় সমস্যাটোৱে সময়ত আঞ্চলিক আৰু গোলকীয় সমস্যাত পৰিনত হব পাৰে।এই অঞ্চলটোৰে গাড়ীৰে অতিক্ৰম কৰি গলেও নাক বন্ধ কৰিহে যাব লগা হয়।লগতে পৰিলক্ষিত হয় যে স্থানিয় লোকৰ বহুতো জীৱ-জন্তু গৰু-ছাগলী আদিয়ে এই দূষিত তথা অপৰিস্কাৰ সামগ্ৰী বোৰ ভক্ষন কৰিছে।যিটোৱে এই জীৱকুললৈ অশানি সংকেট কঢ়িয়াই আনিছে।কিন্তু এই ক্ষেত্ৰত স্থানীয় প্ৰশাসন তথা পৌৰ সভাৰ এক গুৰুত্বপূৰ্ন ভুমিকা বহন কৰিব লাগিছিল যদিও তেনে ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই।নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত কৃষ্ণচূড়া,ৰাধাচূড়া আদি গছপুলি ৰূপোন কৰি যি এক নান্দনিক পৰিৱেশৰ সপোন ৰচিছে এই পৰিৱেশে যে সেই সপোন বাস্তৱত ৰূপায়ন নকৰে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।
ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলিছে অৰাজকতা
ওদালগুৰি জিলাৰ পূব প্ৰান্তত অৱস্থিত মাজবাট বিধানসভা সমষ্টিৰ অন্যতম পৰিচিত ঠাই ওৰাং । এই ওৰাং অঞ্চলৰ কেইবাখনো গাঁওৰ ৰাইজৰ ভৰসা । প্ৰায়ে এই অঞ্চলৰ দুই লাখ ষাঠি হেজাৰৰ একমাত্ৰ নিৰ্ভৰযোগ্য স্বাস্থ্য কেন্দ্ৰটো হল-ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত স্বাস্থ্যৰ প্ৰতি আগৰ চৰকাৰৰ তুলনাত অধিক গুৰুত্ব প্ৰদান কৰি অহা সময়তে উক্ত ওৰাং চিকিৎসালয়ৰ কৰ্মৰত চিকিৎস্যক ,চিকিৎসা বিষয়া স্বাস্থ্য কৰ্মী সকলৰ সেৱাই এই বৃহত্তৰ ওৰাং অঞ্চলৰ ৰাইজৰ লগতে সচেতন মহল , বিভিন্ন দল সংগঠনক আদি সকলোকে হতভম্ব কৰি তুলিছে ।উক্ত চিকিৎসালয়ৰ চিকিৎসক ও বহু স্বাস্থ্য বিষয়া কৰ্মী সকলে নিয়মীয়া উপস্থিত নোহোৱাৰ ফলত অঞ্চলৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । উক্ত অঞ্চলৰ ভুক্তভোগী ৰাইজে দিয়া অভিযোগ মৰ্মে চিকিৎসক ,নাৰ্ছ সকল সময় মতে আহি উপস্থিত হোৱাৰ পৰিবৰ্তে নিজ খেয়াল খুছি মতে কোনোবাই ১০ :৫০ কোনোবাই আকৌ ১১:২০ এনেকৈ নিজ ইচ্ছা অনুযায়ী চিকিৎসালয়ত প্ৰৱেশ কৰাত বহুতো ৰোগী আৰু ৰোগীৰ আত্মীয় সকলে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । ওৰাং চিকিৎসালয়ত চিকিস্যক ,নাৰ্ছ সকলে দীৰ্ঘদিন ধৰি অৰাজকতা চলাই অহাৰ পিছতো উক্ত চিকিৎসালয়ৰ পৰিচালনা কমিটিৰ নীৰৱ নিৰ্বিকাৰই ভূমিকা লজ্জিত কৰিছে ওৰাং অঞ্চলৰ সচেতন মহলক ।

উল্লেখযোগ্য যে যোৱা কেইবাদিন আগতে উক্ত চিকিৎসালয়ত উপস্থিত হৈ ওদালগুৰি জিলা উপায়ুক্ত গৰাকীয়েও দৈনিক চিকিৎসালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে চিকিৎসালয়ৰ সকলো দিশতে তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনোৱাৰ সত্বেও উক্ত চিকিৎসা লয়ত চলা চুড়ান্ত অৰাজকতাই বিভাগীয় কৰ্তৃপক্ষৰ আচল স্বৰূপ উদঙাই দিয়াৰ লগতে অকৰ্মন্য পৰিচালনা কমিটিৰো আচল ৰূপ উদঙাই দিছে । সমগ্ৰ ওৰাং অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰকো ওৰাং স্বাস্থ্য কেন্দ্ৰত চলি অহা অৰাজকতাৰ ওপৰত চকু দি সাধাৰণ ৰাইজৰ সমস্যা সমাধান কৰি দিয়াৰ পোষকতা কৰে ।লগতে চিকিৎসালয় খনৰ পৰিচালনা কমিটি নতুনকৈ গঠন কৰিবলৈ ওৰাং অঞ্চলৰ সচেতন মহলে দাবী জনায় । জানিবলৈ পোৱা মতে প্ৰায়ে ১৫ দিন মান আগত বিটিচি ইএম নিলোৎ স্বৰ্গীয়াৰীয়ে উক্ত ওৰাং চিকিৎসালয়ত উপস্থিত হৈ মুখ্য দ্বাৰ মুখত ৰাইজৰ ,ৰোগী সকলৰ অসুবিধা হোৱাকৈ পাৰ্কিং কৰা চিকিৎসক ৰাভাৰ বিলাসী গাড়ী তাত পাৰ্কিং কেতিয়াও নকৰিবলৈ কোৱাৰ পিছতো চিকিৎসা লয়ত প্ৰৱেশ কৰা মুখ্য দ্বাৰত ৰোগী সকলৰ অসুবিধা হোৱাকৈ বিলাসী গাড়ী খন তলত ৰাখি আহিছে । যদিও পৰিচালনা সমিতিৰ গাফিলতি আদিৰ বাবে আজিলৈ ৰহস্য আৰু আশ্বৰ্যজনক ভাবে ৰোগী সকলৰ মুল প্ৰবেশ দ্বাৰত পাৰ্কিং কৰা গাড়ীখন আতৰোৱা নহল ৷মুঠতে এতিয়াও চিকিৎসালয়ত যাৰ যি মন যায় সেই ধৰনে স্বৈৰাচাৰী শাসন চলি থকাটো এতিয়া নিত্য নৈমত্তিক স্বাভাৱিক ঘটনা হৈ পৰিছে ৷তৎস্বত্বেও সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহ সম্প্ৰতি কুম্ভকৰ্ণৰ গভীৰ নিন্দাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷
ভাৰতৰ নাইটিংগেললৈ জন্মদিনৰ শুভেচ্ছা

1956 চনৰ 30 নৱেম্বৰ অসমক ধন্য কৰা এটা উল্লেখযোগ্য দিন ৷
সিদিনাই মুক্তি পাইছিল ভূপেনদাৰ সংগীত পৰিচালনাত ‘এৰা বাটৰ সুৰ’ চলচ্চিত্ৰখনে ৷ দুটা গীতত প্ৰাণঢালি কণ্ঠ নিগৰাইছিল সংগীতৰ সৰস্বতীগৰাকীয়ে ৷’জোনাকৰে ৰাতি অসমীৰে মাটি’ আৰু ‘ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক’ (সহযোগী কণ্ঠশিল্পী হেমন্ত মুখাৰ্জী আৰু ভূপেনদা) শীৰ্ষক গীত দুটিৰে মহীয়ান কৰিছিল অসমীয়া সংগীতৰ বৰপেৰাটোক ৷পাছত 1970 চনৰ 6 ডিচেম্বৰত সলিল চৌধুৰীৰ সংগীত পৰিচালনাত মুক্তি লভা ‘অপৰাজেয়’ চলচ্চিত্ৰখনত তেওঁৰ কোকিল কণ্ঠ নিগৰাইছিল ‘আকাশ অ’ আকাশ’ গীতটিত ৷1988 চনত মুক্তিপ্ৰাপ্ত ‘চিৰাজ’ চলচ্চিত্ৰখনৰ সেই বিখ্যাত গীতটো ••• ‘কঁপি উঠে কিয় তাজমহল’ ভূপেনদাৰ লগত দ্বৈতভাৱে গাই সঁচাকৈয়ে কঁপাই তুলিছিল অসমীয়াৰ মন-মগজু৷
আ: ইমান সুন্দৰ!ভূপেনদাই 1971 চনত লিখা ‘গোদাবৰী নৈৰে পাৰৰে পৰা অসমী আইলৈ যাচোঁ প্ৰণাম’ শীৰ্ষক গীতটিত কণ্ঠ নিগৰাইছিল সংগীতকেই ধৰ্ম বুলি ভবা মহান শিল্পীগৰাকীয়ে ৷1995 চনত মুক্তি লভা ‘পানী’ চলচ্চিত্ৰখনৰ ‘মই অথাই জলধি’ গীতটো আছিল এটা জীৱন্ত গীত ৷এয়াই মহান কণ্ঠশিল্পীগৰাকীৰ অসমীয়া সংগীতক মহীয়ান কৰা অসমীয়াৰ প্ৰাণৰ গীতকেইটি ৷

তদুপৰি ভূপেনদাৰ অমৰ সৃষ্টি ‘তোমাৰ উশাহ কঁহুৱা কোমল’ গীতটিক হিন্দী চলচ্চিত্ৰ ‘আৰোপ’ত সজাই তোলা হৈছিল ‘ নেনো মে দৰ্পণ হে’ শীৰ্ষক গীতেৰে ৷ নক’লেও হ’ব কিশোৰ কুমাৰৰ সৈতে দ্বৈত কণ্ঠৰ গীতটি আজিও প্ৰতিজন সংগীতপ্ৰেমী ভাৰতীয়ৰ সমানেই আদৃত ৷ঠিক তেনেদৰে ভূপেনদাৰ সংগীত পৰিচালনাত মুক্তি লভা ‘একপল’, ‘ৰুদালি’ৰ ক্ৰমে ‘জানে ক্যা হে’, ‘চুপকে চুপকে হম পলকো মে’ আৰু ‘দিল হুম হুম কৰে’, ‘ঝুটি মুটি মিতৱা’ কোনেনো নুশুনাকৈ আছে!!অসমৰ লগত, অসমীয়াৰ লগত সংগীতৰ সৰস্বতীগৰাকী জড়িত আছিল এনেদৰেই ৷তেওঁ একক, অনন্য ৷
জাভেদ আখতাৰে তেওঁৰ বিষয়ে কৈছিল -পৃথিৱীখনে এটা সূৰ্য, এটা চন্দ্ৰ আৰু এজনী লতা পাইছে ৷আজি ওপজা দিনত ভাৰতৰ গৌৰৱ লতাজীলৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা যাচোঁ প্ৰণাম ৷

২০২১ বৰ্ষৰ HSLCৰ বিশেষ শিক্ষান্ত পৰীক্ষাৰ বাবে লাহৰীঘাট পৰীক্ষা কেন্দ্রৰ প্ৰস্তুতি
ৰাজ্যত কৰোনা মহামাৰীৰ বাবে অসম চৰকাৰৰ শিক্ষা মন্ত্রণালয়ে দশম শ্রেণীৰ final পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল, আৰু SEBA ৰ নিৰ্দেশ মৰ্মে পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া শিক্ষাৰ্থী সকলৰ সেই বিদ্যালয়ৰ পূৰ্বৰ নম্বৰৰ ভিত্তিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। ঘোষণা কৰা HSLC পৰীক্ষাৰ ফলাফলত উৰ্ত্তীণ হোৱা তথা অনুৰ্তীণ কিছু ছাত্র ছাত্রীয়ে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। সেই মৰ্মে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সিদ্ধান্ত মৰ্মে অসন্তুষ্ট প্ৰকাশ কৰা অনুৰ্তীণ বা উৰ্ত্তীণ ছাত্র ছাত্রী সকলৰ বাবে চলিত বৰ্ষৰ অক্টোবৰত বিশেষ HSLC ফাইনেল পৰীক্ষা পাতিব ঘোষণা কৰা হৈছিল। সমগ্র অসমৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ B21-0191 নম্বৰৰ HSLC Final Exam Center তো পৰীক্ষা পতাৰ প্ৰস্তুতি চলি আছে বুলি পৰীক্ষা কেন্দ্রৰ ভাৰপ্ৰাপ্ত বিষয়া তথা ঔগুৰী পাম জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতিনদেৱে জনাইছে। তেও জনোৱা মতে অহা ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হবলগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বিশেষ পৰীক্ষাৰ বাবে উক্ত কেন্দ্রত মুঠ ৫ খন বিদ্যালয়ৰ ১১৩ জন পৰীক্ষাৰ্থীয়ে নিজৰ ভাগ্য নিৰ্ণয় কৰিব। পৰীক্ষা কেন্দ্রত হাই মাদ্ৰাছাৰ কোনো পৰীক্ষাৰ্থী নাই বুলিও জানিব পৰা গৈছে। পূৰ্বৰ দৰে এইবাৰৰ পৰীক্ষাতো চি চি টিবিৰ পৰা আদি কৰি সম্পূর্ণ চৰকাৰী কভিড প্ৰটোকলৰ নিয়ম মতে অনুষ্ঠিত হব বুলি পৰীক্ষা কেন্দ্রৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল মহোদয়ে জনাইছে।
আগন্তুক দূৰ্গা পূজা উপলক্ষে মৰিগাঁও জিলা উপায়ুক্তৰ আলোচনা সভা
মৰিগাঁও জিলাখনৰ বিভিন্ন দূৰ্গা পূজা উদযাপন কমিটিৰ বিষয়ববীয়া সকলৰ লগত পবিতৰা হাট প্ৰেক্ষাগৃহত জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰাহিত্যত চৰকাৰী কভিদ বিধি মানি আগন্তুক দুৰ্গা পূজা সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত বিভিন্ন নীতি নিৰ্দেশনা সম্পৰ্কত এক আলোচনা সভা অনুষ্ঠিত হয় | এই সভাত উপায়ুক্ত গৰাকীয়ে পূজা কমিটি সমূহে বিভিন্ন নীতি নিৰ্দেশনা, যেনে স্বেচ্ছাসেৱকৰ তালিকাসহ প্ৰশাসনৰ আগতীয়া অনুমতি লোৱা, সুকীয়া প্ৰবেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা, পূজা কমিটিৰ সকলো সদস্যই প্ৰতিষেধক গ্ৰহণ কৰা, পূজাৰ আগত আৰু পূজা শেষ হোৱাৰ পিছত কভিদ পৰীক্ষা কৰা, সাংস্কৃতিক অনুস্থান বৰ্জন কৰা, বিশাল আকাৰৰ প্ৰতিমা স্থাপন নকৰা, প্ৰতিমা বিসৰ্জনত শোভাযাত্ৰা অনুস্থিত নকৰা আদি বিভিন্ন নীতি নিয়ম মানি চলিব লাগিব বুলি অৱগত কৰে | উক্ত সভাতে জিলা আৰক্ষী অধীক্ষক এ নটৰাজনেও সকলো পূজা কমিটিকে দায়িত্বশীল হবলৈ আহ্বান কৰে আৰু সকলোধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে | সভাত অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী আৰু গৰ্গমোহন দাসো উপস্থিত থাকে |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকাত ‘লেণ্ডমাৰ্ক ভিজিট’

জ’ বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ কাৰ্যসূচী। নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ পিছত দেওবাৰে নিজ দেশলৈ উভতি আহে। এই ভ্ৰমণকালত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৬৫ ঘন্টাত ২০ খন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্রহণ কৰে। নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও বিভিন্ন আন্তৰাষ্ট্ৰীয় বিষয়ত আলোচনাত মিলিত হয়। ইয়াৰ লগতে আমেৰিকান উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতেও বৈঠকত মিলিত হয়। ২৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সহ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে গৰাকীয়ে কোৱাড সন্মিলনতো ভাগ লয়।











