ওদালগুৰি জিলাৰ ধনশ্ৰীঘাটত অৱস্থিত ধনশ্ৰীঘাট নতুন প্ৰথমিক স্বাস্থ্য কেন্দ্ৰটো সামৰিলৈ আজি ২১ ছেপ্টেম্বৰৰ দিনাখন ৮০গৰাকীক ধনশ্ৰীঘাটটো কভিড টীকা কৰণ কৰা হৈছিল । অসম চৰকাৰে লোৱা এই প্ৰসংসনীয় অভিযানত উক্ত স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত সকলো চিকিৎসক ,কৰ্মচাৰীয়ে যথেষ্ঠ কষ্ট কৰা পৰিলক্ষিত হৈছে ।২o ছেপ্তেম্বৰৰ দিনটোত উক্ত স্বাস্থ্য কেন্দ্ৰত ১০০ গৰাকী লোকক কভিড টীকা কৰণ কৰা হৈছে ।ইতিমধ্যে এই কেন্দ্ৰটোত যোৱা ৩০ এপ্ৰিলৰ পৰা শুভ আৰাম্ভ কৰা প্ৰায় ৮হাজৰ ভেকচিন প্ৰদান কৰা হৈছে ৷কভিভ ভেকচিন কৰাৰ ক্ষেত্ৰত বুলেন মাহাতো, মঞ্জু দেবী,পলিনা বসুমতাৰী,বিঠৰাই নাৰ্জাৰী,জেনচন হায়নাৰী,কমল পাঠক আৰু আশা কৰ্মী মিনতি ডেকা,ৰেনু বৈশ্য,ৰেনুকা দেবী,কল্পনা দেবী,হাজটী দৈমাৰী,ৰিকিমা বসুমতাৰী,নমিতা দেবী,মইনা নাথ আদিয়ে সহায় সহযোগিতা কৰে ৷সমগ্ৰ কাৰ্যসুচীত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পংকজ সভাপণ্ডিতে সহযোগিতা আগবঢ়ায় ৷
ভাৰতে কাইলৈ অগ্নি-৫ পৰীক্ষা কৰিব, এই মিছাইলটোক লৈ উদ্বিগ্ন চীন
ভাৰতে ২৩ ছেপ্টেম্বৰত অগ্নি-৫ মিছাইলৰ পৰীক্ষা কৰাৰ কথা আছে। এইটো পাৰমাণৱিক অস্ত্ৰ মিছাইলৰ ৮ম পৰীক্ষা হ’ব। ৫,০০০ কিলোমিটাৰ দূৰত্বৰ মিছাইলে চীনৰ কেইবাখনো চহৰতো আঘাত কৰিব। সম্প্ৰসাৰণবাদী নীতিৰ বাবে কুখ্যাত চীনেও মিছাইল পৰীক্ষাৰ সংবাদ মাধ্যমৰ বাতৰিৰ মাজত শান্তি আৰু নিৰাপত্তাৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছে। ভাৰতেও এই বছৰৰ জুনমাহত অগ্নি প্ৰাইম পৰীক্ষা কৰিছিল আৰু অগ্নি-৬ ৰ ওপৰতো কাম কৰি আছে।
মিছাইলটোৱে সেনাত যোগদান কৰাৰ লগে লগে, ভাৰত বিশ্বৰ অভিজাত দেশসমূহৰ ভিতৰত থাকিব য’ত পাৰমাণৱিক সশস্ত্ৰ আন্তঃ মহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) আছে ।
শিক্ষা বিভাগৰ পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বিজ্ঞাপনত বিসংগতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ
:পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনত বিংসগতিৰ বাবে বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীও বঞ্চিত হব নিযুক্তিৰ পৰা।এই অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োৰ।২১ছেপ্তেম্বৰত এবচুৰ ওদালগুৰি জিলাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সভাপতি বড়োই লগতে কয়- শিক্ষাৰ্থী ৰাজ্যত কোনো বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীয়ে ক ত কৰিব আবেদন। সংবাদমেলত এবছুৰ সভাপতি গৰাকীয়ে কয়- এগৰাকী পোষ্ট গ্ৰেডুৱেট শিক্ষক হবলৈ প্ৰথমে কোনো এটা বিষয়ত স্নাতকোত্তৰ আৰু বিএড ডিগ্ৰীধাৰী হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ হব লাগিব। কিন্তু এই সকলো যোগ্যতা থকাৰ পিছতো বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ বাবেই এজন প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাটো কোনোপধ্যে মানি লব নোৱাৰি। এইক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ বাবে আমি দাবী কৰিছো। তেওঁ লগতে কয়- অসমত বড়ো মাধ্যমত উচ্চতৰ মাধ্যমিকৰ পাঠদান আজিলৈকে আৰম্ভ কৰিব পৰা হোৱা নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়েও পিছলৈ ইংৰাজী মাধ্যমত উচ্চতৰ আৰু স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়ন কৰে। তেনেক্ষেত্ৰত বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা শিক্ষাৰ্থীক কেৱল বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেদনৰ বাবে প্ৰকাশ কৰা নিযুক্তিৰ বিজ্ঞাপনে নিজৰ মাতৃভাষাত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা প্ৰাৰ্থীক সকলো যোগ্যতাৰ পিছতো নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰখা হব বুলি অভিযোগ তোলে। এবছুৰ সভাপতি গৰাকীয়ে কয়- কোভিড১৯ৰ নীতি নিৰ্দেশনা মানি শিক্ষা বিভাগে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অনুসৰি বিটিআৰৰ চাৰিখন জিলাত ৫০ হাজাৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।কিন্ত্তু উত্তীৰ্ণ অনুপাতে মাত্ৰ ২২ হাজাৰ ছাত্ৰ ছাত্ৰীহে নাম ভৰ্তিৰ সুবিধা লাভ কৰিছে।বাকী ২৮ হাজাৰে এতিয়াও নাম ভৰ্ত্তি কৰিব পৰা নাই।সেয়ে চৰকাৰৰ শিক্ষা বিভাগক এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহনেৰে শিক্ষাৰ্থীসকলক নাম ভৰ্ত্তিৰ সুবিধাৰে শিক্ষা গ্ৰহনৰ পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে সকলোৱে সুবিধা পাব লাগিব। বিটিআৰ চুক্তিমতে প্ৰাদেশীকৰণৰ ব্যৱস্থাটো তৰান্বিত কৰিব লাগে বুলি উল্লেেখ কৰে।তেওঁ ষষ্ঠ অনুসূচীতৰ বাহিৰত থকা শিক্ষানুষ্ঠানত পদ সৃষ্টি কৰিব লাগে ইয়াত কোনো বড়ো-অসমীয়া মাধ্যমৰ কথা যেন নাহে। আনহাতে কোকৰাঝাৰৰ উল্টা পানীত প্ৰাক্তন এনডিএফবিৰ দুই কৰ্মীক ইউএলবিৰ সদস্য সজাই নাটকীয় ঘটনাৰে এনকাউন্টাৰ দেখুৱাই হত্যা কৰা কাৰ্যক গৰিহনা জনাই আৰু ধিক্কাৰ দিয়ে।তেওঁ শান্তিৰ স্বাৰ্থতে এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাই।মাৰনাস্ত্ৰতৰ বিৰুদ্ধেও চৰকাৰে বিহীত ব্যৱস্থা লব লাগে।কোনো অস্ত্ৰধাৰী সংগঠনৰ জন্মহোৱাটো আমি কামনা নকৰো।ন্যায় হকে কাম কৰি যোৱা এবচুৱে বন্দুক বাৰুদৰ আন্দোলনক সমৰ্থন নকৰে বুলিও এবচুৰ সভাপতি দ্বিপেন বড়োই উল্লেখ কৰে।
শিক্ষা বিভাগৰ পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বিজ্ঞাপনত বিসংগতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ
পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনত বিংসগতিৰ বাবে বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীও বঞ্চিত হব নিযুক্তিৰ পৰা।এই অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োৰ।২১ছেপ্তেম্বৰত এবচুৰ ওদালগুৰি জিলাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সভাপতি বড়োই লগতে কয়- শিক্ষাৰ্থী ৰাজ্যত কোনো বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীয়ে ক ত কৰিব আবেদন। সংবাদমেলত এবছুৰ সভাপতি গৰাকীয়ে কয়- এগৰাকী পোষ্ট গ্ৰেডুৱেট শিক্ষক হবলৈ প্ৰথমে কোনো এটা বিষয়ত স্নাতকোত্তৰ আৰু বিএড ডিগ্ৰীধাৰী হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ হব লাগিব। কিন্তু এই সকলো যোগ্যতা থকাৰ পিছতো বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ বাবেই এজন প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাটো কোনোপধ্যে মানি লব নোৱাৰি। এইক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ বাবে আমি দাবী কৰিছো। তেওঁ লগতে কয়- অসমত বড়ো মাধ্যমত উচ্চতৰ মাধ্যমিকৰ পাঠদান আজিলৈকে আৰম্ভ কৰিব পৰা হোৱা নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়েও পিছলৈ ইংৰাজী মাধ্যমত উচ্চতৰ আৰু স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়ন কৰে। তেনেক্ষেত্ৰত বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা শিক্ষাৰ্থীক কেৱল বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেদনৰ বাবে প্ৰকাশ কৰা নিযুক্তিৰ বিজ্ঞাপনে নিজৰ মাতৃভাষাত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা প্ৰাৰ্থীক সকলো যোগ্যতাৰ পিছতো নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰখা হব বুলি অভিযোগ তোলে। এবছুৰ সভাপতি গৰাকীয়ে কয়- কোভিড১৯ৰ নীতি নিৰ্দেশনা মানি শিক্ষা বিভাগে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অনুসৰি বিটিআৰৰ চাৰিখন জিলাত ৫০ হাজাৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।কিন্ত্তু উত্তীৰ্ণ অনুপাতে মাত্ৰ ২২ হাজাৰ ছাত্ৰ ছাত্ৰীহে নাম ভৰ্তিৰ সুবিধা লাভ কৰিছে।বাকী ২৮ হাজাৰে এতিয়াও নাম ভৰ্ত্তি কৰিব পৰা নাই।সেয়ে চৰকাৰৰ শিক্ষা বিভাগক এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহনেৰে শিক্ষাৰ্থীসকলক নাম ভৰ্ত্তিৰ সুবিধাৰে শিক্ষা গ্ৰহনৰ পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে সকলোৱে সুবিধা পাব লাগিব। বিটিআৰ চুক্তিমতে প্ৰাদেশীকৰণৰ ব্যৱস্থাটো তৰান্বিত কৰিব লাগে বুলি উল্লেেখ কৰে।তেওঁ ষষ্ঠ অনুসূচীতৰ বাহিৰত থকা শিক্ষানুষ্ঠানত পদ সৃষ্টি কৰিব লাগে ইয়াত কোনো বড়ো-অসমীয়া মাধ্যমৰ কথা যেন নাহে। আনহাতে কোকৰাঝাৰৰ উল্টা পানীত প্ৰাক্তন এনডিএফবিৰ দুই কৰ্মীক ইউএলবিৰ সদস্য সজাই নাটকীয় ঘটনাৰে এনকাউন্টাৰ দেখুৱাই হত্যা কৰা কাৰ্যক গৰিহনা জনাই আৰু ধিক্কাৰ দিয়ে।তেওঁ শান্তিৰ স্বাৰ্থতে এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাই।মাৰনাস্ত্ৰতৰ বিৰুদ্ধেও চৰকাৰে বিহীত ব্যৱস্থা লব লাগে।কোনো অস্ত্ৰধাৰী সংগঠনৰ জন্মহোৱাটো আমি কামনা নকৰো।ন্যায় হকে কাম কৰি যোৱা এবচুৱে বন্দুক বাৰুদৰ আন্দোলনক সমৰ্থন নকৰে বুলিও এবচুৰ সভাপতি দ্বিপেন বড়োই উল্লেখ কৰে।
মাধৱপুৰ বৰডুমচা বজাৰৰ আন্তগাঠনিক দিশৰ সমস্যা সমাধানৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাr পুৰণি পুখৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মাধৱপুৰ বৰডুমচা বজাৰৰ আন্তগাঠনিক দিশৰ ওপৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিটিয়ে আজি অভিযোগ তুলি ধৰিছে। সপ্তাহিক বজাৰৰ তিনিচুকীয়া জিলাৰ ভিতৰত অন্যতম বৃহৎ বজাৰখনেই হল মাধৱপুৰ বৰডুমচা বজাৰ।এই বজাৰৰ টেণ্ডাৰো প্ৰায় দহ লাখতকৈ অধিকত টকাত লাভ কৰে টেণ্ডাৰ মৰা সকলে। কিন্তু এইক্ষেত্ৰত আচলতে কিয় আন্তগাঠনিক দিশটোৰ অবস্থা অতি জৰাজীৰ্ণ হব লগীয়া হৈছে,কিয় বজাৰৰ ঘৰৰ টিংপাত মামৰে ধৰি ফুটি গৈ বৰষুণ আহিলে দোকানৰ অৱস্থা লাভতকৈ বেছি লোকচান হোৱাৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে, কিয় এটা শৌচালয় আৰু এটা ভাল দমকল নথকাত ক্ৰেতা বিক্ৰেতাই বজাৰৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে। সংগঠনটোৰ আঞ্চলিকৰ উপদেষ্টা গৌতম বৰুৱা ,সম্পদক মন্টুশ মুদৈৰ লগতে অন্যান্য বিষয়বৰ্বিয়া সকলে শেষত বজাৰ খনৰ আন্তগাঠনিক দিশত থকা সকলো সমস্যা সমাধানৰ বাবে চৰকাৰক বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
লামডিঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৭১ সংখ্যাক জন্মদিন উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।
হোজাই জিলা লামডিং বিজেপি টাউন মণ্ডলৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যাক জন্মদিন উপলক্ষে লামডিং শ্বহীদ ময়দানত ৰক্তদান শিবিৰ আয়োজন কৰা হয় ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত লামডিং টাউন মণ্ডল বিজেপিৰ কৰ্মকৰ্তা সকলে একত্ৰিত হৈ প্ৰধানমন্ত্ৰী গৰাকীৰ সু-স্বাস্হ্য আৰু দীৰ্ঘায়ু কামনা কৰে ৷ সমগ্ৰ ৰাজ্যত প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিন ২১ দিনীয়া কাৰ্যসূচীৰে পালনৰ অংশ হিচাবে মঙলবাৰ দিন লামডিং বিজেপি টাউন মণ্ডল আৰু INDIAN RED CROSS SOCIETY সহযোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে ৷উক্ত ৰক্ত দান শিবিৰত লামডিং বাসী ৰাইজ আহি ৰক্ত দান কৰে আৰু লগতে একাংশ সচেতন ৰাইজে কয় যে ৰক্ত দান মহা দান ৷ আমি সদায় ৰক্তা দান কৰিহে আনৰ জীৱন ৰক্ষা কৰিব পাৰিম৷ উক্ত ৰক্ত দান শিবিৰত উপস্থিত থাকে বিনয় কলিতা জিলা সভাপতি যুৱ মৰ্চা, দেৱাশিস গুপ্ত লামডিং বিজেপি টাউন মণ্ডল সভাপতি, INDIAN RED CROSS SOCIETY CHAIRMAN ৰাজকুমাৰ পাণ্ডে হোজাই, দিবাকৰ নাগ বিজেপি যুৱ মৰ্চা লামডিং টাউন মণ্ডল সভাপতি, মিৰা মিশ্ৰ মহিলা মৰ্চাৰ উপসভানেএী লামডিং মণ্ডল আৰু লগতে বহু সংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ৷ একোগচি বন্তি জ্বলাই প্ৰধানমন্ত্ৰীৰ সু-স্বাস্হ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে সকলোৱে ৷ অহা সাত অক্টোবৰলৈ চলিব লগা জন্মদিন কাৰ্যসূচীত ছাফাই অভিযান, ৰক্তদান শিবিৰ, আদি বিভিন্ন কাৰ্যসূচী হাতত লৈছে হোজাই জিলা লামডিং টাউন মশুল বিজেপিৰ সদস্য সকলে ৷সকলো মানুহে নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দি ৰক্তদান কৰিব পাৰিব ৷ লামডিং FRU চিকিৎসক ,নাৰ্ছ আৰু আসা কৰ্মী সকল অধিক তৎপৰতা হোৱা দেখা গৈছে৷ সকলোৱে বিভিন্ন ধৰণৰ সচেতন মূলক ভাস্য আগবঢ়ায় যে ৰক্ত দান কৰিবলৈ সকলো ৰাইজ আগোৱাই আহক আৰু আন কাৰোবাক ভাল ভাল বাৰ্তা প্ৰদান কৰিবলৈ ৰাইজক আহন্বান কৰে ৷ এনে পদক্ষেপক লামডিং বাসী ৰাইজে শলাগ লৈছে ৷
ৰৌতাৰ মাজবাটত দলিলৰ ৰমৰমীয়া কলা বজাৰ ।
শাসনাধিষ্ঠিত বিজেপি চৰকাৰে শূন্য সহনশীলতাৰ কথা কৈ স্বচ্ছ নিকা দুৰ্নীতিমুক্ত এখন অসম গঢ়িবলৈ চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মছাৰী সকলক মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ।যদিও একাংশ দালাল আৰু এটা দুষ্ট চক্ৰই মুখ্যমন্ত্ৰীৰ এই নিৰ্দ্দেশক প্ৰত্যাহ্বান জনাই ওদালগুৰি,ওৰাং, ৰৌতা আৰু মাজবাটত ১০ টকীয়া এখন দলিলৰ দাম ১০০ টকাৰ পৰা ১৫০ টকা পৰ্যন্ত বিক্ৰী কৰাত সচেতন ৰাইজৰ মাজত চকু কপালত উঠিছে । প্ৰাপ্ত তথ্য মতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিকত বিনামূলীয়া নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে । উল্লেখযোগ্য যে যি সকল ছাত্ৰ ছাত্ৰীৰ অভিভাবকে চৰকাৰী কৰ্মচাৰী নহয় সেই সকল ছাত্ৰ ছাত্ৰীয়ে এই বিনামূলীয়া নাম ভৰ্তি কৰিব পাৰিব । আৰু সেই সকল অভিভাবকে মহাবিদ্যালয় কৰ্তৃপক্ষক ১০ টকীয়া এখন দলিলৰ জৰিয়তে তেওঁ চৰকাৰী কোনো বিভাগৰে বেতনভোগী কৰ্মচাৰী নহয় বুলি লিখিত ভাবে জনাব লাগিব । কিন্তু এই ১০ টকীয়া দলিল খনৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি ওদালগুৰি,ওৰাং, ৰৌতা আৰু মাজবাটৰ একাংশ কম্পিউটাৰ,জেৰক্স আৰু কিতাপ দোকানীয়ে ১০ টকীয়া এই দলিল খনৰ মুল্য ১০০ টকাৰ পৰা ১৫০ টকা পৰ্যন্ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিক্ৰী কৰি আহিছে । দলিলৰ নাটনি দেখুৱাই এই সকল দোকানীয়ে এনেদৰে ছাত্ৰ ছাত্ৰী তথা অভিভাবক সকলক অধিক দামত দলিল কিনিবলৈ বাধ্য কৰোবাত স্বাভাৱিকতে জিলা খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে একাংশ ছাত্ৰ ছাত্ৰীয়ে উপায়ন্তৰ হৈ ১০০ টকা ১৫০ টকাটো দলিল কিনিবলৈ নোপোৱাত ২০০ টকাত কলা বজাৰত দলিল কিনিব লগীয়া হোৱাত মুখ্যমন্ত্ৰীৰ এই শূন্য সহনশীলতা, দুৰ্নীতিমুক্ত স্বচ্ছ নিকা অসম গঢ়াৰ প্ৰতি শ্ৰুতিৰ কথা বিটিএডি তথা ওদালগুৰি জিলাত পাহৰণিৰ গৰ্ভত বুলি ক্ষোভ প্ৰকাশ কৰিছে অভিভাবক ,ছাত্ৰ ছাত্ৰী প্ৰমুখ্যে সচেতন মহলে । কিয়নো ক’ভিড কালৰ লকডাউনে সকলো স্তৰৰ লোককে অৰ্থনৈতিক ভাৱে জুৰুলা কৰা সময়ত এনেদৰে এখন ১০ টকীয়া দলিলৰ মুল্য প্ৰয়োজনীয় মূল্যতকৈ সীমা চেৰাই যোৱাত ওদালগুৰি জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিছে সচেতন মহলে । তদুপৰি ওৰাং, ৰৌতা আৰু মাজবাটৰ ছাত্ৰ- ছাত্ৰী সকলে সাংবাদিকক জানিবলৈ দিয়া মতে এই ১০ টকীয়া দলিল খন ওদালগুৰি,ৰৌতাত ৮০ পৰা ১৫০ টকা, ওৰাঙত ৪০ টকা, মাজবাটত ৫০ টকা আৰু কলা বজাৰত ২০০ টকা বুলি জানিবলৈ দিছে । তথাপিও বহু ছাত্ৰ ছাত্ৰীয়ে দলিল পোৱা নাই বুলি জানিব পৰা গৈছে ।
কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত দক্ষিন পশ্চিম ৰঙিয়াত বিশ্ব শান্তি দিৱস উৎযাপন
বিশ্ব শান্তি দিৱসৰ লগত সংগতি ৰাখি কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত কাকুমণি বৈশ্য,সাগৰিকা বৈশ্য,প্ৰণৱ শৰ্মা,প্ৰতিভা কলিতা,প্ৰণামী কলিতাসহ বাঘবাৰী,ম’হখলী বৰমুৰা( খানাপাৰা)গাওঁবাসীৰ সহযোগত দক্ষিন পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ প্ৰাংগনত মঙ্গলবাৰে শিশু তথা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এলানি “কবিতা” লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কবিতা প্ৰতিযোগিতাৰ মুল বিষয় আছিল “বিশ্ব শান্তি”৷ প্ৰায় ৩০ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ ভিতৰত নিম্ন শাখাত প্ৰথম পুৰস্কাৰ শ্ৰী বিশাল দাস,২য় পুৰস্কাৰ- শ্ৰী চুমি কলিতা,৩য় পুৰস্কাৰ ক্ৰমে গৌৰৱ জ্যোতি কলিতা,শ্যামন্তিকা কলিতা আৰু অভিজ্ঞান কলিতাই লাভ কৰে, অন্যহাতে উচ্চশাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৌচুমী চুলতানাই ৷ বিজয়ী প্ৰতিযোগীসকলক একোখন গ্ৰন্থৰে পুৰস্কৃত কৰা হয়৷ ইয়াৰ উপৰিও উপস্থিত ছাত্ৰছাত্ৰী তথা শিশুসকলে বিশ্ব শান্তি সম্বন্ধে নিজাকৈ বক্তৃতাও দিয়ে৷
কবিতাৰ বিচাৰকৰ দায়িত্বত থাকে কবি অৰণ্যম কাশ্যপে৷ অনুষ্ঠানত প্ৰতিযোগীসকলৰ লগতে অভিভাৱকসকলৰ ফালৰ পৰা তপন কলিতা,হিতেন্দ্ৰ শৰ্মা, বিনন্দ কলিতাই বিশ্ব শান্তি সন্বন্ধে নিজাকৈ বক্তৃতা ৰাখে৷ কবি অৰণ্যম কাশ্যপে আগন্তুক সময়বোৰতো সমাজত শান্তিৰ বাতাবৰণ বিৰাজ কৰিবলৈ তথা শিশু আৰু ছাত্ৰ -ছাত্ৰীসকলকো এই ক্ষেত্ৰত উৎসাহী কৰিবলৈ এনেধৰণৰ কাৰ্য্যসূচী গ্ৰহণ যাব বুলি জনাই ৷ ৰঙিয়াৰ স্বনামধন্য যুৱকবি গৰাকীৰ এই পদক্ষেপৰ শলাগ লয়।
ভুৱা এনকাউন্টাৰৰ প্ৰতিবাদত ওদালগুৰিত ওদালগুৰিৰ ছাত্ৰ সমাজৰ ধৰ্ণা
সদৌ ওদালগুৰি জিলাৰ ছাত্ৰ-যুৱ সমাজৰ উদ্যোগত আজি নলবাৰী খেল পথাৰত অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰত জৌংছাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মক হত্যা কৰাৰ অভিযোগ তুলি ধৰ্ণা কাৰ্মসূচী ৰূপায়ণ। দিনৰ ১১ বজাত ছাত্ৰ -ছাত্ৰী সকল প্ৰতিবাদৰ বাবে হাতে হাতে বেনাৰ,ফেষ্টুন আদি লৈ সমবেত হয় যদিও আৰক্ষীৰ দলে সমদল কৰি প্ৰতিবাদ জনোৱাত বাধা আৰোপ কৰে।আৰক্ষীৰ এই বাধা নেওচি নলবাৰী খেলপথাৰতে সমবেত হৈ অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰত জৌংচাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ হত্যাৰ CBI তদন্ত বিচাৰ ,অসম চৰকাৰ হায় হায়,অসম পুলিচ গো বেক, জয় বড়ো হাৰিনী আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে।নেতৃবৃন্দই কয়-নিৰীহ বড়ো যুৱকক এনেদৰে ভুৱা এনকাউন্টাৰ দেখুৱাই অসম আৰক্ষীয়ে হত্যা কৰাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছো আৰু এই হত্যাকাণ্ডৰ এক ন্যায়িক তদন্ত হব লাগেবুলি দাবী জনায়।
নলবাৰীত সাংবাদিক সহ বহু কেইজন ভূ-মাফিয়া আটক, জেৰা অব্যাহত
মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰাজ উৎখাত কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই এতিয়া সস্তম হৈ পৰিল নলবাৰী আৰক্ষী । সোমবাৰে ওৰে নিশা ভূ-মাফিয়াৰ বিৰুদ্ধে চলোৱা হল অভিযান । নলবাৰী আৰক্ষীয়ে কেইবাটাও গোটত বিভক্ত হৈ জিলাখনত ভূ-মাফিয়াৰ বিৰুদ্ধে চলালে এই অভিযান । এই অভিযানতে নলবাৰীৰ এগৰাকী সাংবাদিক সহ নিশা দহ গৰাকীকৈ লোকক আটক কৰিলে আৰক্ষীয়ে । এতিয়ালৈ ইজনৰ পিছত সিজনক আৰক্ষীয়ে লৈ আনিছে থানালৈ । তথাকথিত সাংবাদিক গৰাকীৰ লগতে নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল চক্ৰ কলিতাক নলবাৰী আৰক্ষীয়ে আটক কৰিছে । লগতে আৰক্ষীয়ে কেইবাজনো অনা অসমীয়া মাটিৰ দালাকক আটক কৰি জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ এই অভিযান কালত নলবাৰীৰ ব্যৱসায়ী অজয় জৈন, মুকেশ আগৰৱালা, দাদুল আহমেদ, অনিল জৈন আৰু নলবাৰী চহৰৰ কৃষ্ণ ফাৰ্মাচীৰ স্বত্বাধিকাৰীকো নিশা আটক কৰা বুলি জানিব পৰা গৈছে । ঘটনা সম্পৰ্কত আৰক্ষীয়ে মুখ খোলা নাই যদিও শীঘ্ৰেই আৰু বহু কেইগৰাকী বাঘা বাঘা লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে আৰক্ষীয়ে ইতিমধ্যে এশজনীয়া এখন তালিকা প্ৰস্তুত কৰি আৰম্ভ কৰিছে এই অভিযান।











