ডিব্ৰুগড়বাসীৰ বাবে বিশেষ উপহাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ। উত্তৰ-পূৱৰ ঐতিহাসিক চিকিৎসা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়লৈ ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াব এশ খন বিছনাযুক্ত আই চি ইউ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ বাবে কাম কৰি অহা ‘যুৱৰাজ সিং ফাউণ্ডেচন’ নামৰ সংস্থাটোৱে আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এ এম চি পেডিয়েট্ৰিক বিভাগৰ সহকাৰী অধ্যাপিকা ডাঃ জলি ৰাভাই জানিবলৈ দিয়ামতে, যুৱৰাজ সিং ফাউণ্ডেচনৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ২০১৪ চনৰ পৰা এ এম চিৰ পেডিয়েট্ৰিক কেঞ্চাৰৰ সৈতে জড়িত ডাঃ ৰাভাই যোগাযোগ চলিছিল যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ সৈতে। অৱশেষত ডাঃ ৰাভাৰ প্ৰচেষ্টাতে ফাউণ্ডেচনে এই বৃহৎ প্ৰকল্পটো প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। ক’ভিডত আক্ৰান্ত পেডিয়েট্ৰিক ৰোগীসকলৰ বাবেহে এই বিছনা আগবঢ়োৱাৰ কথা জানিবলৈ দিছে ডাঃ ৰাভাই। তেওঁ লগতে জানিবলৈ দিয়ামতে, সমগ্ৰ ভাৰতবৰ্ষৰ ১২ খন চিকিৎসালয়ত যুৱৰাজ সিং ফাউণ্ডেচনে প্ৰদান কৰিবলগীয়া পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেন্টাৰৰ ভিতৰত উত্তৰ-পূৱৰ শ্বিলং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ত হ’ব পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেন্টাৰ। ইফালে যুৱৰাজ ফাউণ্ডেচনৰ কৰ্মকৰ্তাসকলে অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ সৈতে আজি এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তি অনুসৰি এশখন বিছনাযুক্ত বিছনাত থাকিব Philips EV 300 ICU Ventilator, BiPAP Machine, Patient Monitors, Badside Locker, Oxygent Cylinder 40 L with flow meters, Semi fowler ICU beds with mattress and Pillow, IV stands with wheels, suction machine portable, Infusion Syringe Pump, Crash Cart, ECG Machine with Display, Philips AED Machine, LED x-ray viewing box, Drug Refrigerator 350 L, Equipment Installation & Transportation আদি৷ এ এম চি কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে, যুৱৰাজ সিং ফাউণ্ডেশ্যনে এই প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰিব৷ ইয়াৰ লগে লগে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা পেডিয়েট্ৰিক ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে।
চতিয়াত ‘এপাৰ্ট’ৰ দ্বাৰা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ শুভাৰম্ভ
কৃষি বিভাগৰ উদ্যোগত আৰু এপাৰ্টৰ সহযোগত যোৱা ১২ জুলাইত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প খনৰ শুভাৰম্ভ কৰা হয়৷ অসমৰ প্ৰতিখন জিলাক সামৰি আৰম্ভ কৰা এই আঁচনি খনত এইবাৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ আত্মসহায়ক গোট সমূহক সামৰি লোৱা হৈছে৷ উল্লেখ্য যে চতিয়াৰ ঘাঁহি গাঁৱৰ জ্ঞানজ্যোতি আত্মসহায়ক গোটক এই আঁচনিৰ আওতালৈ আনি উক্ত দিনা কৃষি বিভাগ আৰু এপাৰ্টৰ দ্বাৰা ‘বাহাদুৰ চাব-১’ নামৰ এক উন্নত মানৰ ধানৰ কঠিয়া প্ৰদান কৰাৰ উপৰিও আত্মসহায়ক গোটটোৰ সদস্য সকলৰ সৈতে বিভাগীয় বিষয়া সকলে পথাৰত ভূঁই ৰোৱে৷ আঁচনি খনৰ শুভ উদ্বোধনৰ মূহূৰ্তত গোটৰ সভাপতি মনু হুছেইন, সম্পাদক ৰাছেল আহমেদ তথা সকলো সদস্য সহ চতিয়া কৃষি বিভাগৰ কৃষি সম্প্ৰসাৰণ সহায়ক জেহিৰুল ইছলাম, এপাৰ্টৰ গৱেষণা প্রযুক্তিবিদ পংকজ বৰুৱা আৰু সহকাৰী প্ৰযুক্তি ব্যৱস্থাপক মানস জ্যোতি ৰাজখোৱা উপস্থিত থাকে৷ উল্লেখ্য যে, আত্মসহায়ক গোটটোক এই আঁচনিৰ অধীনত ১৫ বিঘা কৃষিভূমিত কৃষিকৰ্মৰ বাবে সকলো ধৰণৰ খৰছ বিভাগে বহন কৰিব বুলি বিষয়া সকলে জানিবলৈ দিয়ে।
বন্ধন বেংকৰ লোণলৈ স্বাৱলম্বী খুটাবাৰীৰ পুষ্পলতা দাস
বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে ৷
চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে বিভিন্ন জনে বিভিন্ন ব্যৱসায় ৷কিছুমানে যদি গাহৰি পালনেৰে স্বাৱলম্বী হৈছে আন কোনোৱাই আকৌ গেলামালৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা দেখা গৈছে ৷ এনে সময়তে উল্লেখনীয় কথা এই যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্ধন বেংককে ধৰি মাইক্ৰফাইনেন্সৰ পৰা লোন লোৱা মহিলা সকলৰ ঋণ মাফ কৰাৰ বিষয়ে কিছু চৰ্ত বান্ধি দিছে ৷কিন্তু এই চৰ্ত মতে লোন মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰি শূণ্যৰ পৰা স্বাৱলম্বী হোৱা কিছু মহিলাৰ স্বাৱলম্বী হোৱাৰ আৰঁৰ কাহিনী লৈ আজি আমাৰ বিশেষ প্ৰতিবেদন
মহিলাগৰাকীৰ নাম পুষ্পলতা দাস ৷ঘৰ গোৱালপাৰা জিলাৰ খুটাবাৰীত ৷ এটি দৰিদ্ৰ পৰিয়ালত বিয়া হৈছিল মহিলাগৰাকীৰ ৷স্বামীয়ে দিন হাজিৰা কৰিছিল ৷তেওঁলোকৰ মাথো এটি জুপৰী ঘৰ আছিল ৷ কেচঁা শৌচালয় ৷এইদৰেই স্বামীৰ সৈতে দুখ কষ্টই অতিবাহিত কৰিছিল পুষ্পলতাই ৷ কিছুদিনৰ পিছত তেওঁলোকৰ মাজলৈ প্ৰথমতে লৰা আৰু পিছলৈ এজনী ছোৱালী সন্তান আহে ৷ ইফালে লৰা ছোৱালীৰ পঢ়া-শুনাৰ খৰচ আনফালে ঘৰখনৰ খৰচ ৷স্বামী দেবেন দাসে কেতিয়াবা হাজিৰা পায় কেতিয়াবা নাপায় ৷ঘৰত বয় বস্তু আনিব নোৱাৰি স্বামীয়ে চিন্তাত স মদ খাবলৈ আৰম্ভ কৰে ৷তেতিয়াৰ পৰা পুষ্পলতাৰ জীৱনলৈ অমানিশা নামি আহে ৷মদ খাই বাইকৰ পিছফালে উঠি যাওঁতে এদিন ট্ৰাকৰ লগত খুন্দা খাই দুৰ্ঘটনাত স্বামী দেবেন দাস নিহত হয় ৷পুষ্পলতাই দিক্ বিদিক্ হেৰুৱাই মানুহৰ ঘৰত কাম -কাজ কৰা আৰম্ভ কৰে ৷মাজে সময়ে কাৰোবাৰ শাল খালি পালে শালত কাপোৰ লগাই সেইবোৰ বজাৰত নি বিক্ৰী কৰি এবেলা খাই আনবেলা লঘোনে থাকি কিবাকৈ পৰিয়ালটো চলাই আছিল ৷প্ৰথমতে চৰকাৰী সাহায্য পিছলৈ বেংকৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিও কোনো ব্যবস্থা কৰিব নোৱাৰিলে৷ বেংকে তো পুষ্পলতাৰ দৰে দুখীয়া মানুহক লোন নিদিয়ে ৷কাৰণ লোন দিলে কিস্তি কৰ পৰা ঘুৰাব ৷ পুষ্পলতাৰ এই দুখৰ সময়ত দুখীয়াৰ বেংক বন্ধন বেংক পুষ্পলতাৰ কাষ চাপে ,আৰু ঘৰতে আহি ফৰ্ম পূৰণ কৰাই দহ হেজাৰ টকাৰ লোন দিয়ে ৷সেই লোনেৰে পুষ্পলতাই এখন তাতঁশাল আৰু এখন চিলাই মেচিন কিনে ৷ তাৰ পিছত আৰু পিছলৈ উভতি চাব লগা হোৱা নাই পুষ্পলতাৰ ৷পিছৰ বছৰ পোন্ধৰ হেজাৰ তাৰ পিছত বিশ হেজাৰ আৰু বৰ্তমান আশীহেজাৰ টকাৰ লোন চলি আছে পুষ্পলতাৰ ৷এই কেইবছৰ লোনৰ টকাৰে ব্যৱসায় কৰাৰ ওপৰিও নিয়মিত কিস্তি পৰিশোধ কৰি আছে পুষ্পলতাই ৷লোনৰ পৰা ব্যৱসায় কৰি লাভৰ টকাৰে ছোৱালী এতিয়া স্নাতক চতুৰ্থ বৰ্ষৰ আৰু লৰা স্নাতক প্ৰথম বৰ্ষত পঢ়ি আছে ৷ বৰ্তমান তেওঁলোকৰ এটি পকী ঘৰ ,পকী শৌচালয় আৰু খোৱা পানীৰ কাৰণেও মটৰৰ ব্যৱস্থা আছে ৷আজি পুষ্পলতা সম্পূৰ্ণ স্বাৱলম্বী ৷পুষ্পলতাই আমাৰ সাংবাদিকৰ আগত কয় যি স্বামীৰ ম্ ত্যুৰ পিছত যদি বন্ধন বেংক আগবাঢ়ি নাহিলহেঁতেন ,আমাৰ দৰে পৰিয়াল শেষ হৈ গলহেতেন ৷বন্ধন আমাৰ বাবে ভগবান ৷ পুষ্পলতাই সকলো মহিলাক উদ্দেশ্য কৰি কয় চৰকাৰৰ লোন মাফ ললে ভৱিষ্যতে বিপদৰ সময়ত লোন পোৱা নাযাব ৷সকলো চৰকাৰী আচঁনিৰ পৰাও আমি বঞ্চিত হব লাগিব ৷আমাৰ ভৱিষ্যত প্ৰজন্ময়ো নাপাব কোনো সা- সুবিধা ৷কাৰন লোন ৰেহাই ললে আমাৰ চিবিল স্ক’ৰ নিম্নগামী হব ৷গতিকে আমি লোন মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰো আহঁক ৷আৰু পৰৱৰ্তীত পুনৰাই লোন লৈ ব্যৱসায়ত খটুৱাই স্বাৱলম্বী হবলৈ আহ্বান জনায় পুষ্পলতাই ৷
বিশ্বনাথৰ ভানুপুৰৰ এটা সন্তানহীন দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়াল
দুৰ্ভগীয়া দৰিদ্ৰ দুই বৃদ্ধা পৰিয়ালৰ মূল উপাৰ্জনকাৰীৰ দুয়োজনেই জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া শয্যাসায়ী।পানীত হাঁহ নচৰা অৱস্থা দুৰ্ভগীয়া বৃদ্ধা পৰিয়ালটোৰ।এইখন সমাজৰে আৰ্থিক দৈনতাই নিঃশেষ কৰিব খোজা এটা দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালৰ মূল উপার্জনকাৰী দুয়োজনেই আক্ৰান্ত হৈ পৰিছে জটিল ৰোগত ৷ ইটাখোলাস্থিত বালিজুৰি ভানুপৰৰ এই পৰিয়ালটিলৈ আহি পৰিছে ভয়ংকৰ দুৰ্যোগ তথা কাল অমানিশা ৷ পৃথক পৃথক জটিল ৰোগত আক্ৰান্ত পৰিয়ালৰ দুয়োগৰাকী উপার্জনকাৰী । পেশাত ৬০ বছৰীয়া চোম বাহাদুৰ লিম্বু আছিল দিন হাজিৰা কৰা এগৰাকী বৃদ্ধা আৰু পত্নী কালিমায়া লিম্বু (৫৯) প্ৰেচাৰ ষ্টক হৈ এখন হাত আৰু ভৰিও বিকল হৈ পৰে ।
দিন হাজিৰা কৰি সন্তানহীন দৰিদ্ৰ পৰিয়াল পোহপাল দিয়া চোম বাহাদুৰ লিম্বুৰ বৰ্তমান জটিল ৰোগৰ বাবে কাল অমানিশা নামি অহা পৰিলক্ষিত হৈছে।অতি অসহায় ভাবে চিকিৎসাৰ অভাৱত শুৱলৈকো কষ্ট পোৱাত দুই বৃদ্ধাই নিশাও উজাগৰে কটাই ঘৰতেই জীৱন মৃত্যুৰে যুজঁ দিছে দুই বৃদ্ধাই । মৃত্যুৰ সৈতে যুঁজী যুঁজী অতি যন্ত্ৰণাত দিন পাৰ কৰিছে ইটাখোলাস্থিত বালিজুৰি ভানুপুৰত এই দুই বৃদ্ধাই ৷ যোৱা দুই / আঢ়ৈ মাহ ধৰি ৬০ বছৰীয়া বৃদ্ধ চোম বাহাদুৰ লিম্বুৰ জটিল ৰোগত আক্ৰান্ত হৈ এখন ভৰি গেলি যোৱাত সম্পূৰ্ণভাবে বিকল হৈ পৰে ভৰিখন লগতে পত্নী কালিমায়া লিম্বু কাম কৰি থকা অৱস্থাত প্ৰচাৰ ষ্টক হোৱাত paralysis ৰোগত আক্ৰান্ত হৈ এখন হাত-ভৰি বিকল হোৱাত শয্যাশায়ী হৈ আছে । দুই / আঢ়ৈ মাহ ধৰি শয্যাসায়ী অৱস্থাত থকাৰ মাজত জটিল ৰোগৰ বাবে অপাৰেচন কৰাবৰ বাবে অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰাব নোৱাৰাত এনেদৰেই গাঁওবাসীৰ লগতে নিজৰ ঘৰতে সাৰথি কৰি লৈ শয্যাসায়ী অৱস্থাত আছে দুই বৃদ্ধাই । দুই বৃদ্ধাই বৰ্তমান ভৰি-হাত বিকল হোৱাত এতিয়া অৰ্থৰ অভাৱত চিকিৎসা কৰাব নোৱাৰাত অচল হৈ পৰিছে ।এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে বিচাৰিছে সহায় ৷ঠিক সহায় বিচাৰিছে বুলি ক’লে ভুল হ’ব ৷ তেওঁলোকে যেন জীৱন ভিক্ষা মাগিছে ৷ যদি কোনো হৃদয়বান ব্যক্তিয়ে সহায়ৰ বাবে আগ বাঢ়ি আহে তেন্তে পৰিয়ালটিক 9101668640 / 961307811 / 8822011625এই ম’বাইল নম্বৰত যোগাযোগ কৰি ষ্টেট বেংকৰ একাউন্ট নম্বৰ 36315290414 ,আই এফ এছ চি-এচ বি আই এন 0009142 নম্বৰত সহায় কৰিবলৈ অনুৰোধ জনাইছে৷
স্বাৱলম্বনৰ জড়িয়তে পৰিৱৰ্তনৰ প্ৰচেষ্টা বি টি আৰ’ত
মহিলা তথা নিৱনুৱা যুৱক -যুৱতী সকলক স্বাৱলম্বনৰ জড়িয়তে বি টি আৰত পৰিৱৰ্তনৰ প্ৰচেষ্টা চলাব বি টি আৰ চৰকাৰে- ১৫জুলাইত ওদালগুৰিত পশুপালন বিভাগৰ মহিলা সৱলীকৰণ আঁঁচনিৰ অধীনত ২০ গৰাকী হিতাধিকাৰীলৈ হাঁঁহ আৰু ছাগলী বিতৰণ কৰি এই মন্তব্য কৰে বি টি আৰৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।হাঁঁহ ,ছাগলী বিতৰণ অনুষ্ঠানত উপস্হিত মহিলা তথা ৰাইজক চৰকাৰে গ্ৰহন কৰা পদক্ষেপৰ বিষয়ে সদৰি কৰি স্বাৱলম্বীতাৰ জড়িয়তে বি টি আৰক আগবঢ়াই নিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলা খনৰ ২০ জনী মহিলাক ১০ টাকৈ হাঁঁহ আৰু ১০ জনী মহিলাক ৫ টাকৈ ছাগলী বিতৰণ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে।অনুষ্ঠানত বি টি আৰৰ গোৰেশ্বৰ সমষ্টিৰ এম চি এল এ পৱিত্ৰ বড়োৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্হিত আছিল।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীৰ আৰ্থিক বৰঙণি
মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীয়ে আজি ৰাজ্য চৰকাৰৰ ক’ভিড টিকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙনি আগ বঢ়ায় । স্থানীয় গাঁওৰক্ষী বাহিনীয়ে পোৱা নামমাত্ৰ জলপানিৰপৰা মাখিবাহাস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি আগ বঢ়াই এই গাঁওৰক্ষী বাহিনীয়ে মহানুভৱতাৰ পৰিচয় দিয়া বিষয়টোৱে আঞ্চলিকভাৱে বাৰুকৈয়ে প্ৰশংসা লাভ কৰিছে । উল্লেখযোগ্য যে মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীয়ে মাখিবাহাস্থিত ষ্টেট বেংকৰ শাখা, ডাকঘৰ আৰু বজাৰৰ চাহ দোকানত চেনিটাইজ কৰি একাধিকবাৰ জনহিতকৰ কাৰ্য সম্পাদন কৰিছে । তদুপৰি মাখিবাহাত চলি থকা ক’ভিড টিকাকৰণ কেন্দ্ৰত মাখিবাহা ভোজকুছি গাঁওৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱকসকলে টিকাকৰণ প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাত আগ ভাগ লৈ অতিমাৰী ক’ভিড মহামাৰী প্ৰতিৰোধৰ বাবেও কাৰ্য সম্পাদন কৰি আহিছে । মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীৰ এনে কাৰ্যৰ নলবাৰীৰ জিলা উপায়ুক্ত দিতিমণি ফুকন, জিলা আৰক্ষী অধীক্ষক প্ৰবিন্দ্ৰ কুমাৰ নাথ, টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নকান্ত শৰ্মা, টিহু চক্ৰ গাঁওৰক্ষী বাহিনীৰ অধিনায়ক বিকাশ বুজৰ বৰুৱা প্ৰমুখ্যে বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ উপৰি মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে বাৰুকৈয়ে প্ৰশংসা কৰিছে ।
ছয়গাঁৱৰ গৰৈমাৰীত দিব্যাংগ লোকৰ মাজত এন ই এ আই ডি সংস্থাৰ খাদ্য সামগ্ৰী বিতৰণ
ক’ৰণাকালীন পৰিস্থিতিৰ বাবে সৰ্বসাধাৰণ লোকৰ জন জীৱন বিপৰ্যস্থ হৈ পৰা মূুহুৰ্তত আজি দক্ষিণ কামৰূপৰ গৰৈমাৰীত দিব্যাংগ লোকৰ কাষত সহায়ৰ হাতলৈ থিয় দিয়ে ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এটাই ৷ ক’ৰণা মহামাৰীৰ বাবে সমাজৰ আটাইতকৈ অৱহেলিত তথা বিশেষভাৱে সক্ষম লোক সকল বেচিকৈ জুৰুলা হৈ পৰাৰ প্ৰতি লক্ষ ৰাখি “নৰ্থইষ্ট চেন্টাৰ ফৰ ইকুইটি একশ্যন অন ইন্ট্ৰিগ্ৰেটেড ডেভেলপমেন্ট” চমুকৈ এন ই এ আই ডি নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে এই লোকসকলৰ মাজত খাদ্য সামগ্ৰীৰ টোপলা বিতৰণ কৰে ৷ ছয়গাঁৱৰ সমষ্টিৰ গৰৈমাৰীৰ টুক্ৰাপাৰাস্থিত “জিলা বিকলাংগ কল্যাণ পৰিষদৰ কাৰ্যাল”য় প্ৰাংগণত ক’ভিড প্ৰ’টকল মানি খাদ্য সামগ্ৰী বিতৰণ কৰে শিক্ষা সম্পৰ্কীয় বে-চৰকাৰী সংস্থাটোৱে । সংস্থাটোৱে জিলা বিকলাংগ কল্যাণ পৰিষদৰ সচিব আৰফান খানৰ সহযোগত ষাঠি গৰাকী বিশেষভাৱে সক্ষম লোকক সাময়িক সকাহ প্ৰদানৰ উদ্দেশ্যে প্ৰদান কৰে এই সাহাৰ্য ৷ উল্লেখ্য, কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া আৰু জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাৰ বিশেষ অৰিহনাত ৰূপায়ণ কৰা এই সাহাৰ্য বিতৰণ অভিযান জিলাখনৰ আন আন অঞ্চললৈয়ো অব্যাহত ৰাখিব বুলি এন ই এ আই ডিৰ সহযোগী সংগঠক মেৰাজ আহমেদে সাংবাদিকক জানিবলৈ দিয়ে ৷ এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত সেচ্ছাসেৱী সংস্থাটোৰ কামৰূপ জিলাৰ সমন্বয়ক খয়বৰ হুছেইনৰ লগতে সংস্থাটোৰ কৰ্মকৰ্তা আৰু জিলা বিকলাংগ কল্যাণ পৰিষদৰ কেবাগৰাকী বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে ৷
প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰিৰ মৃত্যু
ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী সুৰেখা চিক্ৰিৰ ৭৫ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু হৈছে। অভিনেত্ৰী গৰাকী দীৰ্ঘদিন ধৰি অসুস্থ আছিল আৰু ২০১৮ আৰু ২০২০ চনত দুটা মগজুৰ ষ্ট্ৰোকত ভুগিছিল। অভিনেত্ৰী গৰাকীৰ মেনেজাৰে বাতৰিটো নিশ্চিত কৰি কয় যে , “তিনিবাৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী সুৰেখা চিক্ৰিৰ আজি ৰাতিপুৱা ৭৫ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।অভিনেত্ৰী গৰাকী দ্বিতীয় ব্ৰেইন ষ্ট্ৰোকৰ পৰা উদ্ভৱ হোৱা জটিলতাত ভুগি আছিল।”
মৰিগাঁৱত জিলা গড়কাপ্তানি বিভাগৰ বৃক্ষ ৰোপণ অনুষ্ঠান
ভাৰতৰ স্বাধীনতা ৭৫ বছৰৰ উপলক্ষে সপ্তাহযোৰি চলাই স্বাধীনতা অমৃত মহোৎসৱ।ভাৰত চৰকাৰ নিৰ্দেশ মৰ্মে চলা এই মহোৎসৱ মৰিগাঁৱটো যোৱা ১৪ জুলাই পৰা ২১ জুলাইলৈকে আৰম্ভ কৰে।এই সময়চোৱাত মৰিগাঁও জিলাত চাৰিটা পথত দুয়োকাষে গছপুলি ৰোপণৰ ব্যবস্হা কৰে।সেই মৰ্মে শুক্ৰবাৰে মৰিগাঁও ভূৰবন্ধাত ভূৰবন্ধা খাটৰবৰি পৰা কালিকাজাৰি হৈ বৰচলালৈ যোৱা পথটিত প্ৰায় সোতৰ শ মিটাৰ পথত গছপুলি ৰোপনৰ ব্যবস্হা কৰে।উক্ত গছপুলি ৰোপন অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা গড়কপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰি,সহকাৰি কাৰ্যবাহী অভিযন্তা মৃনাল বৰা,কনিষ্ঠ অভিযন্তা প্ৰদিপ ৰাজখোৱা,শাখা সহায়ক কৃষ্ণ ডেকা, সাংবাদিক পুলিন কাকতি,তুলেন মেধি,ৱাচিম খান সহ বহু কেইজন লোক।অনুষ্ঠানত উপস্থিত থাকি কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰি লগতে সহকাৰী কাৰ্যবাহী অভিযন্তা মৃণাল বৰাই কয় যে এই আচনি জড়িয়তে অসমৰ ১৫৪ টা পথত গছপুলি ৰোপন কৰা ব্যবস্হা কৰিছে তাৰে ভিতৰত মৰিগাঁও জিলা চাৰিটা পথ ক্ৰমে ভূৰবন্ধা,বাৰপূজিয়া,শলমাৰি আৰু লাহৰিঘাটৰ এই কেইটা পথত গছপুলি ৰোপণ কৰে।লগতে এই গছপুলি ৰোপন কৰা অঞ্চলৰ সাধাৰণ ৰাইজকো এই কামত সহযোগ কৰায়।ইফালে সেই অনুষ্ঠানতে উপস্থিত থাকি জিলা সহকাৰি কাৰ্যবাহী অভিযন্তা মৃণাল বৰাই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰা লগতে এই গছপুলি সমুহৰ সুৰক্ষা দিব বাবে ৰাইজক অনুৰুধ জনায়।
নলবাৰীৰ পিপলিবাৰীত আঠদিনে সন্ধানহীন এজন ছাত্ৰ
নলবাৰী জিলাৰ এগৰাকী ছাত্ৰ আজি আঠদিনে সন্ধানহীন হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ATM ত পইছা উলিয়াবলৈ গৈ সন্ধানহীন চামতা ইডেন ভেলি একাডেমীৰ ছাত্ৰ কৰ্নব তালুকদাৰ। নলবাৰী জিলাৰ পিপলিবাৰী গাৱঁৰ সন্ধানহীন ছাত্ৰ জনৰ পৰিয়ালে ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে বেলশৰ থানাৰ অন্তৰ্গত পিপলিবাৰী গাৱঁৰ অনিল তালুকদাৰৰ ১৯ বছৰীয়া পুত্ৰ তথা চামতাৰ ইডেন ভেলি একাডেমীৰ দ্বাদশ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ কৰ্নব তালুকদাৰে যোৱা ৮ জুলাইৰ দিনৰ ১১ বজাত ঘৰৰ পৰা চামতাৰ ষ্টেট বেংকৰ ATM লৈ টকা উলিয়াবলৈ বুলি যোৱাৰে পিছৰে পৰা সন্ধানহীন হৈ পৰে।ক’লৈ গ’ল কৰ্নব তালুকদাৰ ? তাকে লৈ এতিয়া উৎকন্ঠাত আছে পৰিয়ালটো । পৰিয়ালৰ লোকে আত্মীয় কুটুম্ব, বন্ধু- বান্ধবৰ ঘৰ আদি সকলোতে বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাই কৰ্ণবৰ । পৰিয়ালৰ লোকে বেলশৰ থানা আৰু চামতা পহৰা চকীত ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও সম্ভেদ উলিয়াব পৰা নাই কৰ্নবৰ । কৰ্ণবক ঘৰলৈ উভতিবৰ বাবে কান্দি-কান্দি কাতৰ আহ্বান কৰ্নবৰ মাতৃৰ ।











