নিজ সমষ্টি শিৱসাগৰৰ উন্নয়নৰ সন্দৰ্ভতো অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। গগৈয়ে কয় যে, ‘কলাক্ষেত্ৰ স্থাপন, ৰংঘৰ-তলাতল ঘৰ আদিক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিম। শিৱসাগৰৰ নতুন ৰূপ চাবলৈ অসমবাসীক আহ্বান জনাইছো। পুঁজি লাভ কৰাৰ লগে লগে প্ৰতিটো পথ-উপপথ, ট্ৰেফিক চিগনেল আদি ঠিক কৰা হ’ব। যদি হিমন্ত বিশ্ব শৰ্মাই বাধা নিদিয়ে তেন্তে শিৱসাগৰৰ উন্নয়ন চাব পাৰিব।’
• প্ৰাকৃতিক দুৰ্যোগৰ ফলত একচনীয়া অথবা চৰকাৰী অবন্টন যোগ্য ভূমিত বসবাস কৰা খিলঞ্জীয়া লোক সকলক ঘৰ তথা আন চৰকাৰী সুবিধা লাভ কৰিব। অৱশ্যে বেদখলকাৰী তথা বনাঞ্চলৰ মাটিত বাস কৰা লোকে এই সুবিধাৰ পৰা বঞ্চিত হ’ব।